দ্য ক’নফেচন ( দিপাংকৰ মল্ল বৰুৱা )

the confession_Dipankar Malla Barua

“পৰী, কেনে আছা”?

মোৰ মাতত পৰী উচপ খাই উঠিল৷ বহুদিনৰ মূৰত তাইক দেখা পাইছোঁ৷ তথাপিও তাইক চিনি পাবলৈ মোৰ অসুবিধা হোৱা নাই৷ আগতকৈ তাই কিছু ক্ষীণাইছে৷

হয়তো আজি বহুদিনৰ মূৰত তাইক কোনোবাই পৰী বুলি মাতিছে৷

তাই মোলৈ চালে৷ মই আচৰিত হ’লোঁ৷ ক’ত গ’ল তাইৰ সেই মাদকতা ভৰা তীব্ৰ চাৱনি? এতিয়া যেন তাইৰ চাৱনি নিস্তেজ, চকুৰ ওচৰত ক’লা দাগ পৰিছে৷ বহুদিন হয়তো তাই ভালকৈ খোৱা বোৱা কৰা নাই, শোৱা নাই৷

তাই মোক চিনি পালে৷ লগে লগে তাইৰ চকু দুটাৰ ৰং সলনি হৈ যেন জুই ওলাবলৈ ধৰিলে৷

“তুমি ইয়াত কি কৰিবলৈ আহিছা”? তাই চিঞৰি উঠিল৷

“তোমাক চাবলৈকে আহিছোঁ পৰী৷ কিমান দিন হ’ল, তোমাক দেখা নাই৷ মোৰ এতিয়াও বিশ্বাস হোৱা নাই পৰী, তুমি আমাৰ ছোৱালীজনীক….” মোৰ মাতটো থোকা থুকি হৈ গ’ল৷

পৰীয়ে অন্য পিনে মুখ ঘূৰালে৷ ওচৰত থিয় হৈ থকা আৰক্ষী বিষয়াজনে মোলৈ আঙুলিয়াই তাইক সুধিলে, “আপুনি এই মানুহজনক চিনি পায়নে”?

পৰীয়ে পৰম বিতৃষ্ণাৰে ক’লে, “কোন হয় এখেত? এখেতক মই চিনি নাপাওঁ৷ এখেতৰ লগত মোৰ কোনো সম্পৰ্ক নাই৷ কোনে এখেতক ইয়ালৈ লৈ আহিছে”?

মোৰ চকু দুটা সেমেকি উঠিল৷ আজি ইমান বছৰৰ মূৰত দেখিও তাই মোক চিনি নাপাওঁ বুলি মিছা মাতিছে৷ অসম্ভৱ, তাই মোক জীৱনত কেতিয়াও চিনি নোপোৱাকৈ থাকিব নোৱাৰে৷

আৰক্ষী বিষয়াজনে মোৰ ওচৰলৈ আহি অনুচ্চ স্বৰত ক’লে, “এই কেছটোত আপোনাৰ ভাষ্য বৰ দৰকাৰী৷ আপুনি সকলো সঁচা কথা কৈ দিয়ক মিষ্টাৰ দাস৷ আপুনি এখেতক কেতিয়া, কেনেকৈ লগ পাইছিল, আপোনালোকে কেনেদৰে যুগ্ম জীৱন কটাইছিল, আপোনাৰ দুটি ল’ৰাছোৱালীৰ জন্মৰ কথা সকলো কথাই খোলাখুলিকৈ কৈ দিয়ক৷ এখেতে এতিয়ালৈ confess কৰা নাই৷ আপোনাৰ পৰা তথ্যখিনি পালে এখেতৰ confession পাবলৈ সহজ হ’ব”৷

কি ক’ম মই? সেয়া যে বহুদিনৰ পুৰণি কথা৷ যৌৱনৰ দোকমোকালিৰ সেই মাদকতা ভৰা দিনবোৰৰ কথা৷

সেই দিনবোৰতে মোৰ জীৱনলৈ এজনী বৰ ধুনীয়া ছোৱালী আহিছিল৷ তাইৰ নাম আছিল পৰী৷

সঁচাকৈয়ে যেন কোনোবা এখন বেলেগ জগতৰ পৰা যেন উৰি আহিছিল তাই৷ তাইৰ তিৰবিৰ কৰা হৰিণী দুচকুত আছিল বহুতো সপোন৷ ডেউকা মেলি উৰি গৈ আকাশ চুই চোৱাৰ দুৰ্বাৰ আকাংক্ষা৷

মই তাইৰ প্ৰেমত পৰিছিলোঁ৷ তাইৰ মাদকতা ভৰা তীব্ৰ চাৱনিয়ে মোক মুগ্ধ কৰিছিল৷ শ্বিলঙৰ ৱাৰ্ড লেকৰ পাৰত বহি তাই আৰু মই বহুত কথা পাতিছিলোঁ৷ আমি দুয়োটা বহুত কাষ চাপি গৈছিলোঁ৷ এসময়ত আমি আৰম্ভ কৰিছিলোঁ যুগ্ম জীৱন৷ সামাজিক স্বীকৃতি নোহোৱাকৈয়ে আমি হৈ পৰিছিলোঁ পতি পত্নী৷ মই আচৰিত হৈছিলোঁ, কেনেদৰে ইমান ধুনীয়া, ইমান উচ্চাকাংক্ষী ছোৱালী এজনীয়ে মোৰ দৰে সৰু সুৰা বিজনেছ কৰা ল’ৰা এজনক ইমানকৈ ভাল পাই পেলাব পাৰে৷

মই ভাবিছিলোঁ, এই সৰু সংসাৰ খনৰ মাজতে মই পৰীক চিৰদিন আৱদ্ধ কৰি ৰাখিব পাৰিম৷ আমাৰ সৰু সংসাৰ খনলৈ আমাৰ মৰমৰ চিন স্বৰূপে আহিছিল বৰ মৰমলগা পুতলাৰ দৰে ছোৱালী এজনী৷ তাইৰ নাম দিছিলোঁ ছীনু৷ আমি দুয়ো আনন্দত আত্মহাৰা হৈছিলোঁ৷

ছীনুৰ জন্মৰ পিছত পৰী ব্যস্ত হৈ পৰিবলগীয়া হৈছিল৷ ছীনুৱে তাইক বন্দী কৰি পেলাইছিল এটা সৰু ঘৰৰ এখন সৰু সংসাৰত৷ কিন্তু তাই যেন পঁজাত আৱদ্ধ চৰাইৰ দৰে তাই ছটফটাবলৈ আৰম্ভ কৰিছিল৷ তাই মোক বাৰে বাৰে কৈছিল এখন ডাঙৰ চহৰলৈ গুচি যোৱাৰ কথা৷ কৈছিল মোৰ পিতৃগৃহ কলিকতালৈ যোৱাৰ কথা৷

কলিকতালৈ যোৱাৰ ইচ্ছা আছিল যদিও মোৰ কোনোমতে আৰম্ভ হোৱা ব্যৱসায় এৰি গুচি যোৱাটো সম্ভৱ নাছিল৷ মই ভাবিছিলোঁ সময়ৰ লগে লগে সকলো সলনি হ’ব৷ সংসাৰত ব্যস্ত হৈ পৰীয়ে এসময়ত তাইৰ দুৰ্বাৰ আকাংক্ষা পাহৰি যাব৷ তাই বুজি উঠিব সংসাৰৰ মায়া মোহ৷

পৰীৰ বাবেই মই আন এটা সন্তানৰ কামনা কৰিছিলোঁ৷ দুটা সন্তানে পৰীক বান্ধিব পাৰিব বুলি ভাবিছিলোঁ৷ মোৰ পৰিকল্পনা মতেই ছীনুৰ জন্মৰ দুবছৰ পিছতেই আমাৰ মাজলৈ আহিছিল এটা মৰমলগা ল’ৰা৷ তাৰ নাম ৰাখিছিলোঁ মিকু৷ ছীনু আৰু মিকুক লৈ মই পৰীৰ লগত এখন সুখৰ সংসাৰৰ সপোন দেখিছিলোঁ৷

কিন্তু ক’ৰবাত যেন কিবা আউল লাগিল৷ মোৰ অনুভৱ হ’ল, ঘৰ সংসাৰৰ মাজত যেন পৰীক আৱদ্ধ কৰি ৰাখিব বিচাৰি মই ক’ৰবাত ভুল কৰিলোঁ৷ তাই জীৱনটোক এটা সৰু ঘৰ, এখন সৰু সংসাৰৰ মাজত সীমাবদ্ধ কৰি ৰাখিব নিবিচাৰে৷ তাই আকাশৰ বহু ওপৰেৰে উৰিব বিচাৰে৷ মোৰ দৰে উৰিবলৈ হেপাহ নথকা মানুহে যেন তাইক সুখী কৰিব নোৱাৰে৷ মই তাইক জীৱনত বহুতো আনন্দ দিবলৈ সক্ষম নহয়৷

তাই মোক পোন পেটীয়াকৈয়ে এদিন কৈ পেলালে, “মই তোমাৰ লগত একেবাৰে সুখী নহয়৷ মোক যাবলৈ দিয়া৷ মোক মুক্তি দিয়া”৷

মই চিঞৰি উঠিছিলোঁ, “মুক্তি লাগে তোমাক? কিয় মুক্তি লাগে? ছীনু আৰু মিকুৰ কি হ’ব”?

তাই উত্তৰ দিছিল, “তুমি ছীনু আৰু মিকুৰ চিন্তা কৰিব নালাগে৷ মই তোমাক সিহঁতৰ দায়িত্বৰ পৰা মুক্ত কৰিছোঁ৷ কেৱল তুমি মোক এৰি দিয়া৷ শপত খোৱা আৰু কেতিয়াও মোক বিচাৰি নাহিবা”৷

মোৰ মুখৰ মাত হেৰাই গৈছিল৷ মনত হাহাকাৰ লাগিছিল৷ মোৰ চিনাকী পৰী জনী যেন ক’ৰবাত হেৰাই গৈছিল৷ মোৰ গঢ়িবলৈ লোৱা সংসাৰখন মোৰ চকুৰ আগতে যেন গিৰগিৰকৈ খহি পৰিছিল৷

মোৰ উপায় নাছিল৷ পৰীয়ে কণমানি ছীনু আৰু মিকুক ডাঙৰ কৰাৰ দায়িত্ব আইনীভাৱে নিজৰ মাক দেউতাকৰ হাতত অৰ্পন কৰিছিল৷ তাই মোৰ লগত বিচ্ছেদ ঘোষণা কৰিছিল৷ ছীনু আৰু মিকুকো কেতিয়াও বিচাৰি নাহিবলৈ তাই মোক সঁকীয়াই দিছিল৷

মই আঁতৰি আহিবলৈ বাধ্য হৈছিলোঁ৷ পৰীৰ মাক দেউতাকে মই ল’ছালী হালক মাজে সময়ে চাবলৈ যোৱাটো ভাল পোৱা নাছিল৷ ছীনুলৈ বৰকৈ মনত পৰিছিল৷ তাই মোক বৰ ভাল পাইছিল৷ মোক দেখিলেই তাই দেউতা বুলি দৌৰি আহি মোৰ ডিঙিত সাৱটি ধৰিছিল৷ তাই মোক বাৰে বাৰে কৈছিল, “দেউতা, মাক বিচাৰি আনা না৷ আমি আকৌ একেলগে থাকোঁ ব’লানা”৷

তাইক সাৱটি চকুলো টোকাৰ বাহিৰে মই একোকে কৰিব পৰা নাছিলোঁ৷ তাইক বাৰে বাৰে বুজাইছিলোঁ, “মা, তুমি ভালদৰে পঢ়া শুনা কৰি ডাঙৰ মানুহ হ’ব লাগিব৷ তোমাৰ দেউতাই তোমাৰ পৰা ইয়াকেই বিচাৰে”৷

তাই ফেঁকুৰি ফেঁকুৰি কৈছিল, “দেউতা, মাৰ দৰে তুমি মোক কেতিয়াও এৰি থৈ নাযাবা”৷

তাইক ককাক আইতাকৰ হাতত এৰি আহিবৰ সময়ত মোৰ বুকুখন বৰকৈ বিষাইছিল৷ মিকু সৰু আছিল৷ সি কথাবোৰ ভালদৰে বুজিব পৰা হোৱা নাছিল৷ কিন্তু ছীনুৱে সকলো বুজিছিল৷ তাই সকলো উপলব্ধি কৰিছিল৷

ছীনু আৰু মিকু লাহে লাহে ডাঙৰ হৈ আহিছিল৷ ককাক আইতাকে দুয়োকে ভালদৰেই ৰাখিছিল৷ দুয়ো ভাল স্কুলত পঢ়িছিল৷ মই শুনিবলৈ পাইছিলোঁ পৰীয়ে কলিকতাত কোনোবা এজন ধনী ব্যৱসায়ীৰ লগত বিয়াত বহিছিল৷ তাই মাজে মাজে গুৱাহাটীলৈ আহি ছীনু হঁতৰ খবৰ লোৱাৰ কথাও কাণত পৰিছিল৷

মই গুৱাহাটীলৈ যোৱাটো কমি আহিছিল৷ মই ব্যৱসায়ৰ কামত শ্বিলং, শিলচৰ, কলিকতাৰ মাজত আৱদ্ধ হৈ পৰিছিলোঁ৷ ছীনুৱে চিঠি লিখিব পৰা হৈছিল৷ মই তাইলৈ মাজে মাজে দুই এখন চিঠি লিখিছিলোঁ৷ তায়ো মোৰ ঠিকনালৈ চিঠি লিখিছিল৷ তাই প্ৰতিখন চিঠিতে জনাইছিল, তাই মোক নহুত ভাল পায়৷ মই গুৱাহাটীলৈ গৈ তাইৰ আৰু মিকুৰ লগত থকাটো তাই বিচাৰে৷ মিকুও ডাঙৰ হৈ আহিছে৷ তাক তায়েই চম্ভালিব লগীয়া হৈছে৷ গতিকে তাইক দেউতাকৰ সহায় লাগে৷

তাইৰ প্ৰতিখন চিঠিয়েই মোৰ হিয়া ভাঙি পেলাইছিল৷ মই হিয়া ঢাকুৰি কান্দিছিলোঁ৷ মই তাইক আৰু মিকুক মোৰ ওচৰলৈ লৈ আনিব বিচাৰিছিলোঁ৷ কিন্তু সেয়া সম্ভৱ নাছিল৷ পৰীয়ে আইনী নথিৰে মোৰ লগত সিঁহতৰ সম্পৰ্ক ছেদ কৰি থৈছিল৷ সিঁহতক আইনী ভাৱে তুলি লৈছিক ককাক আইতাকে৷

ককাক আইতাক হৈ পৰিছিল সিহঁতৰ মাক দেউতাক৷ গতিকে আইনী যুদ্ধ নকৰাকৈ সিঁহতক মোৰ ওচৰলৈ লৈ আনিবলৈ মোৰ কোনো উপায় নাছিল৷

ছীনু আৰু মিকুক বুকুত লৈয়েই বহুদিন জীয়াই আছিলোঁ৷ কিন্তু মোৰ ঘৰত মোৰ বিবাহৰ প্ৰস্তুতি আৰম্ভ হ’ল৷ মোৰ দৰে ডেকা ল’ৰা এজনে অকলে জীৱনটো পাৰ কৰা উচিত নহয় বুলি কৈ কৈ মানুহে মোৰ কান ঘোলা কৰিলে৷ পৰী ইতিমধ্যে মোৰ পৰা বহুদূৰ আঁতৰি গৈছিল৷ ঘুনুক ঘানাককৈ শুনিবলৈ পাইছিলোঁ তাই তাইৰ নতুন স্বামীৰ সন্তানৰ মাতৃ হৈছিল৷ এক তীব্ৰ ক্ষোভে মোৰ হিয়া মন দহি নিছিল৷

সেই সময়তে মই সিদ্ধান্ত লৈছিলোঁ যে পৰীৰ কথা সুৱঁৰি সমগ্ৰ জীৱন মই অতিবাহিত নকৰোঁ৷ ছীনু আৰু মিকুৰ ওপৰতো মোৰ কোনো প্ৰকাশ্য দায়িত্ব নাই৷ মই মোৰ পূৰ্বৰ সেই জীৱনৰ পৰা মুক্ত হ’ম৷ মই মাৰ কথাত সন্মতি দিলোঁ আৰু বিয়াত বহিলোঁ৷

মই বিয়া পতাৰ খবৰ ছীনুক চিঠিৰে জনালোঁ৷ তাই কথাটো সহজভাৱে ল’ব নোৱাৰিলে৷ তাই মোলৈ অভিযোগ ভৰা চিঠি লিখিলে৷ “মায়েতো আমাক সৰুতেই এৰি থৈ গ’ল৷ আৰু এতিয়া তুমিও দেউতা….? ”

তাইৰ চিঠিৰ উত্তৰ মই দিব পৰা নাছিলোঁ৷ মই তাইৰ ওচৰত ভীষণ অপৰাধবোধত ভূগিছিলোঁ৷ তাইলৈ আৰু চিঠি লিখিবলৈ মোৰ সাহসৰ অভাৱ হৈছিল৷

তাই গাভৰু হৈছিল৷ তাইৰ মনৰ হাহাকাৰৰ কথা মই অনুভৱ কৰিব পাৰিছিলোঁ৷ বহুদিনৰ মূৰত তাইলৈ লিখিছিলোঁ, “মা, তুমি আন সকলো বাদ দি পঢ়া শুনাত মনপুতি লাগা৷ তুমি ভাল হোৱা৷ তুমি খুব সফল হোৱা”৷

তাইৰ অশ্ৰুসিক্ত উত্তৰ পাইছিলোঁ, “দেউতা, তুমি মোলৈ কিয় চিঠি নিলিখা হ’লা৷ তুমিও মোক পাহৰি পেলালা নেকি? আমাৰ মা এজনী ডাইনী, তেওঁ আমাক পাহৰিলে৷ তুমিও যদি পাহৰি যোৱা মই কাৰ লগত মনৰ কথা পাতিম”৷

প্ৰচণ্ড মানসিক অশান্তিয়ে মোক কোঙা কৰি পেলাইছিল৷ মই নৱ বিবাহিতা পত্নীক ক’ব পৰা নাছিলোঁ পৰী, ছীনু, মিকু হঁতৰ কথা৷ মোৰ ভয় হৈছিল, মোৰ অতীত জীৱনটোত কথা জানিলে মোৰ নতুন পত্নীয়েও মোক এৰি যাবগৈ, পৰীয়ে এৰি যোৱাৰ দৰে৷

ইতিমধ্যে আমাৰ এটা ল’ৰা সন্তানৰ জন্ম হৈছিল৷ পৰিয়ালক মই যথেষ্ট সময় দিবলগীয়াত পৰিলোঁ৷ ব্যৱসায়ো মোৰ ভাল চলা নাছিল৷ খৰচো যথেষ্ট বাঢ়িছিল৷ মই চাৰিওপিনে চম্ভালিব নোৰৱা অৱস্থা পাইছিলো৷

সেই সময়তে বাতৰি কাকত এখনত পৰীৰ ফটো দেখিছিলোঁ এজন বিখ্যাত মানুহৰ সৈতে৷ খবৰ পালোঁ যে, এতিয়া তাই সেই বিখ্যাত কোটিপতি মানুহজনৰ পত্নী৷ তাই এতিয়া আন এটা নামেৰেহে জনাজাত৷ ব্যৱসায় আৰু গ্লেমাৰ জগততো তাইৰ জয়জয় ময়ময় অৱস্থা৷ মই খবৰ পাইছিলোঁ ছীনু আৰু মিকুৰ বাবে মাকে প্ৰতিমাহে বহুত টকা পঠিয়াই দিয়ে৷ সিহঁতৰ কোনো সমস্যা হোৱা নাই৷ দুয়োটা ল’ৰা ছোৱালী ভালকৈ আছে, ডাঙৰ স্কুলত পঢ়িছে৷ সিহঁত হালক দেখিলে কোনেও ক’ব নোৱাৰে মাক দেউতাক নোহোৱা ল’ৰা ছোৱালী বুলি৷

ছীনুৰ মেট্ৰিক পৰীক্ষাৰ সময়ত তাইৰ লগত ফোনত কথা পাতিছিলোঁ৷ তায়েই মোক চিঠি লিখি ফোন এটা কৰিবলৈ অনুৰোধ কৰিছিল৷ তাইৰ মাত শুনি সেইদিনা মই হুকহুকাই কান্দিছিলোঁ৷ তায়ো কান্দিছিল৷ তাইক এবাৰ চকুৰে চাবলৈ বৰ মন গৈছিল৷ তাই বিচাৰিছিল, পৰীক্ষাৰ দিন কেইটা মই তাইৰ ওচৰত থাকোঁ৷ কিন্তু মোৰ বাবে সেয়াও সম্ভৱ নাছিল৷ শেষত তাই কান্দি কান্দি কৈছিল, “মোক পাহৰি নাযাবা দেউতা৷ এদিন তুমি মোক বিচাৰি আহিবা বুলি কথা দিয়া”৷

মোৰ অসহায় অৱস্থাই মোক ইতিকিং কৰিছিল৷ মই ভাঙি পৰিছিলোঁ৷

লাহে লাহে মই ছীনু আৰু মিকুৰ ওচৰত ভীষণ অপৰাধবোধ আৰু অনুশোচনাত ভূগিবলৈ ল’লোঁ৷ সিহঁতক মই দেউতাক হিচাপে একোকে দিব পৰা নাছিলোঁ৷ অথচ পৰীয়ে সিহঁতৰ সকলো প্ৰয়োজন দুৰৰ পৰাই পূৰণ কৰিছিল৷ ছীনুৰ কথা ভাবি মনত বেয়া লাগিছিল৷ কিন্তু মোৰ এনে লাগিছিল মোৰ লগত থকা সম্পৰ্ক খিনিয়ে তাইক দুখহে দিছিল, কাৰণ দেউতাকৰ দায়িত্ব পালন কৰিবলৈ মই আছিলোঁ অপাৰগ৷ মই বিচাৰিছিলোঁ, তাই মোৰ অবিহনে জীয়াই থাকিবলৈ শিকক৷

তৰ পিছত মোৰ কক্ষপথ সলনি হৈছিল৷ মই মোৰ অতীতটোক পাহৰিবলৈ চেষ্টা কৰিছিলোঁ৷ ছীনুৰ লগত সকলো যোগাযোগ মোৰ বন্ধ হৈ গৈছিল৷ মই সদায় ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ ছীনু আৰু মিকু যেন ভালদৰে থাকে৷ সিহঁত দুয়োটা যেন জীৱনত সফল হয়৷

দিনবোৰ পাৰ হৈ বছৰ হৈছিল, বছৰবোৰ পাৰ হৈ দশক হৈছিল৷ মই মোৰ সংসাৰত ব্যস্ত হৈ পৰিছিলোঁ৷ মোৰ ওচৰত ছীনু আৰু মিকুৰ কোনো খবৰ নাছিল৷ আশা কৰিছিলোঁ পৰীয়ে সিহঁত হালক হয়তো ভালদৰেই ৰাখিছে৷

কিন্তু মোৰ কাণত অনবৰতে বাজি আছিল ছীনুৰ সেই কথাষাৰ, “মোক পাহৰি নাযাবা দেউতা৷ এদিন তুমি মোক বিচাৰি আহিবা বুলি কথা দিয়া”৷ তাইৰ খবৰ পাবলৈ মই মনে মনে ব্যাকুল হৈ ৰৈ আছিলোঁ৷

সেইদিনা হঠাতে, মই আশা নকৰা ধৰণে ছীনুৰ খবৰ পাই গ’লোঁ৷ টেলিভিচনত, বাতৰি কাকতৰ শিৰোনামত ডাঙৰ ডাঙৰকৈ তাইৰ নাম, তাইৰ ফটো প্ৰচাৰ হ’ল৷ সকলোৱে যেন চিঞৰি চিঞৰি মোক ছীনুৰ খবৰটো দিলে, “ছীনু আৰু নাই৷ তাইক নৃশংস ভাৱে হত্যা কৰা হ’ল৷ আৰু হত্যা কৰিলে তাইৰ মাতৃয়ে….”৷

মাতৃয়ে হত্যা কৰিলে? পৰীয়ে? মোৰ হাত ভৰি কঁপি উঠিল৷ কেনেকৈ হত্যা কৰিব পাৰে এজনী মাতৃয়ে নিজৰ কন্যাক? পৰীয়ে হেনো নিজ কন্যাক পৰিচয় দিছিল নিজৰ ভনী হিচাপে৷ মই যেন বিশ্বাস কৰিবই নোৱাৰোঁ৷ ছীনুক বুকুৰ গাখীৰ খুৱাই থকা পৰীজনীৰ ছবি মোৰ চকুত ভাঁহি উঠিল৷ সেইজনী পৰী, ইমান মৰমিয়াল, ইমান মৰমকৈ ছীনুক কোলাত লৈ আছে, তাই কেনেকৈ হত্যা কৰিব ছীনুক?

বহুদিন মই নিজৰ পৰাই পলাই ফুৰিলোঁ৷ কোনোবাই যেন মোক কৈ দিয়ক, এয়া সকলো মিছা৷ ছীনু জীয়াই আছে৷ হাবিৰ মাজত পোৱা সেই হাড় কেইডাল ছীনুৰ নহয়৷ তাই আন কোনোবা দেশত আছে, কুশলে আছে৷

কিন্তু সকলোৱে যেন চৌদিশৰ পৰা একেলগে চিঞৰি উঠিল৷ “ছীনুক তাইৰ মাকেই হত্যা কৰিছে”৷ “ছীনুৰ মাক ব্যভিচাৰিণী”৷ “ছীনুৰ মাকৰ বহু পুৰুষৰ লগত সম্পৰ্ক”৷ “ছীনুৰ দেউতাকৰ পৰিচয় নাই”৷ “তাই কাৰ সন্তান সেই বিষয়ে কোনো নিশ্চিত নহয়”৷

মই আৰু সহ্য কৰি থাকিব নোৱাৰিলোঁ৷ কিমান আৰু পলাই ফুৰিম মানুহৰ পৰা, মোৰ পৰিয়ালৰ পৰা৷ মোৰ সকলোকে চিঞৰি চিঞৰি কৈ দিবলৈ মন গ’ল, কোনে কৈছে ছীনুৰ দেউতাকৰ পৰিচয় নাই৷ ছীনু জাৰজ সন্তান নহয়৷ তাইৰ দেউতাক মই এতিয়াও জীয়াই আছোঁ৷ তাই মোৰ সন্তান৷ ছীনুৰ কথা মোৰ কাণত বাজিবলৈ ধৰিলে, “মোক পাহৰি নাযাবা দেউতা৷ এদিন তুমি মোক বিচাৰি আহিবা বুলি কথা দিয়া”৷ মোৰ অন্তৰাত্মাই চিঞৰি উঠিল, মই ছীনুক বিচাৰি যাবই লাগিব৷

আৰক্ষীয়ে মোক লৈ আহিছে সকলো কথা ক’বলৈ৷ মই ক’ম সকলো কথা৷ ছীনুৰ বিষয়ে সকলো কথা মই ক’বই লাগিব৷ মই তাইক বিচাৰি উলিয়াবই লাগিব৷

পৰীক আকৌ লগ পাই যাম বুলি কেতিয়াও ভবা নাছিলোঁ৷ দূৰৰ পৰাই তাইক দেখি চিনি পালোঁ৷ তাই এতিয়াও বহুত ধুনীয়া হৈয়েই আছে৷ কিন্তু আৰক্ষীৰ নেৰা নেপেৰা জেৰাই তাইক যেন কিছু পৰিমাণে বিদ্ধস্ত কৰি পেলাইছে৷

মই ভাবিছিলোঁ মোক দেখি হয়তো তাই সকাহ পাব৷ তাই মোৰ ওচৰত অভিযোগ কৰিব, “চোৱানা, মোক এওঁলোকে মিছাকৈয়ে সন্দেহ কৰিছে৷ তুমিয়েই কোৱাঁচোন, আমাৰ ছীনুক মই মাৰি পেলাব পাৰোঁনে? তাই ভালে আছে, তাই আমেৰিকাত আছে”৷ মই হয়তো আৰক্ষীক ক’ম, “এয়া ছীনুৰ মাক আৰু মই ছীনুৰ দেউতাক৷ মই জানো মাকে ছীনুক কিমান মৰম কৰে৷ এয়া মিছা কথা৷ ছীনু মৰা নাই৷ তাই জীয়াই আছে”৷

কিন্তু তাই তেনে নকৰিলে৷ মোৰ প্ৰতি সামান্য অনুকম্পাও তাই প্ৰদৰ্শন নকৰিলে৷ তাইৰ বুকুখন যেন শিল হৈ গৈছে৷ তাত অনুভূতিৰ কোনো স্থান নাই৷ মোৰ অন্তৰখনে হাহাকাৰ কৰি উঠিল৷ মানুহে কোৱাৰ দৰে সঁচাকৈয়ে পৰীয়েই….? মই আৰু একো যেন ভাবিব নোৱৰা হ’লোঁ৷ ছীনুক বিচাৰি পোৱাৰ সকলো আশা যেন শেষ হৈ আহিছে৷

আৰক্ষী বিষয়াজনে মোৰ ভাষ্য ল’বলৈ সাজু হৈছে৷ “আপোনাৰ কি মত? ছীনুক কোনে হত্যা কৰিলে”? গুৰু গম্ভীৰ মাতেৰে তেওঁ মোৰ পিনে চাই ক’লে৷ মোৰ দুচকুৰে সৰসৰাই পানী ওলাই আহিল৷ তাৰমানে ছীনু সঁচাকৈয়ে আৰু নাই! ! তাইক আৰু কেতিয়াও বিচাৰি পোৱা নাযাব! !

মই হঠাতে চিঞৰি উঠিলোঁ, “ছীনুক অকল মাকেই হত্যা কৰা নাই৷ তাইক ময়ো হত্যা কৰিছোঁ৷ আমি সকলোৱে মিলি তাইক হত্যা কৰিছোঁ”৷

“কি ক’লে? ছীনুক আপুনিও হত্যা কৰিছে? এয়া আপোনাৰ confession নেকি”? আৰক্ষী বিষয়াজন উচপ খাই উঠিল৷

মোৰ বুকুভগা কান্দোন ওলাই আহিল৷ ছীনুৰ কৰুণ মুখখন বাৰে বাৰে মোৰ চকুত ভাঁহি উঠিল৷

বুকু চপৰিয়াই চপৰিয়াই মই ক’লোঁ, “হয়, এয়া মোৰ confession৷ তাইক আমি সকলোৱে হত্যা কৰিছোঁ৷ কিন্তু তাইৰ হত্যা এতিয়া হোৱা নাই৷ বহুত বছৰ আগৰে পৰাই তাইক তিলতিলকৈ হত্যা কৰা হৈছে৷ যেতিয়া তাই চাৰি বছৰীয়া আছিল, তেতিয়াই তাইৰ মাকে তাইক অকলে এৰি থৈ আহি তাইক হত্যা কৰিছিল৷ খুব কষ্টেৰে দেউতাকক সাৰথি কৰিয়েই তাই যেতিয়া ডাঙৰ হৈছিল৷ ডাঙৰ হৈ তাই দেউতাকক ওচৰত বিচাৰিছিল, তেতিয়া তাইক দেউতাকেও তাইৰ লগত সংযোগ বিচ্ছিন্ন কৰি তাইক হত্যা কৰিছিল৷ পিতৃ মাতৃয়ে এৰি যোৱা সন্তান বুলি ইতিকিং কৰি সমাজখনে তাইক বাৰে বাৰে হত্যা কৰিছিল৷ তাই মাকৰ ওচৰলৈ আহোঁতে মাকে যেতিয়া তাইক সন্তান বুলি চিনাকী দিবলৈ অস্বীকাৰ কৰিছিল, তেতিয়া তাইক আকৌ এবাৰ হত্যা কৰা হৈছিল৷ তাই বাৰে বাৰে ওচৰলৈ মতা সত্বেও মই দেউতাক হৈয়ো তাইৰ ওচৰলৈ নগৈ তাইক হত্যা কৰিছিলোঁ৷ এতিয়া আৰু তাইৰ হত্যা হ’বলৈ একো বাকী থকা নাই ছাৰ৷ তাইক আমি সকলোৱে মিলি হত্যা কৰিলোঁ”৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments