দ্ৰৌপদী (- শান্তনু চাংমাই)

কোমল হাতৰ
পাঁচোটি আঙুলি
পাঁচো দিশে যায়
দুনয়ন থমকি ৰয়
প্ৰতিজনৰ চকুতে
সান্ত্বনা বিচাৰি

ক্ষণবধূৰ দৰে
ক্ষয় যায় আকাংক্ষা
ঋতু সলনি হোৱাৰ দৰে
সলনি হয়
কঠিন নিশাবোৰ
চিত্ৰপটৰ ৰং মোলান পৰে
ভগন্দৰৰ দৰে
বাঢ়ে বুকুৰ ঘাঁ
সাঁথৰবোৰ পাক খায়
আলেঙে আলেঙে
কুৰুক্ষেত্ৰ কাষ চাপে
জুইৰ পিঠিত জাহ যায় চগা
অভিমান শুকুৱাই
থিয় হয় তেওঁ
মনত পৰে পাশাৰ চাতুৰী
চতুৰংগ কৌৰৱ
তেওঁৰ কমাৰশালত গঢ় লয়
পাঁচোটি তীখাৰে গঢ়া যোদ্ধা
———–***—————
“কবিতাৰ সোৱাদ সেই সকলেহে জানে, যিসকলে নিজৰ নিচিনাকৈ আনৰো আত্ম-অনুভূতিৰ ছবি আঁকিব পাৰে বা বুজিবলৈ বিশ্বাসত মগ্ন হয়।” – মৃত্যুঞ্জয়।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক