দৰঙী লোককৃষ্টিৰ অন্যতম – দেওধনী নৃত্য জ্যোতিমণি দেৱী

দৌৰঙ্গ বা দ্যোৰঙ্গ— প্ৰাচীন ভাৰতৰ উত্তৰ-পূৱ প্ৰান্তৰ প্ৰবাহমান লৌহিত্যৰ উত্তৰফালে থকা প্ৰাকৃতিক সীমাৰ ভিতৰৰ ভূ-ভাগ, য’ত দেৱতাই ৰঙ্গ কৰিছিল বুলি নানা মতত প্ৰকাশ ঘটিছিল, সেই ভূ-ভাগেই কালক্ৰমত দৰঙ্গ বা দৰং নামেৰে পৰিচিতি লাভ কৰিছিল৷ অতীজৰে পৰা এই দৰং নামৰ ভূ-ভাগটি কৃষ্টি-সংস্কৃতিৰ দিশত আগবঢ়া৷ দৰঙৰ কৃষ্টি-সংস্কৃতি ওজাপালি, বৰঢুলীয়া, ঢেপাঢুলীয়া, আইনাম, বিয়ানাম, থিয়ানাম, দেওধনী নৃত্য, মহৌখুন্দা অনুষ্ঠান, নাঙেলী গীত, চেৰাঢেক, কালীয়া, চিয়াগীত আদিৰে সমৃদ্ধ৷ বাৰেৰহনীয়া এই কৃষ্টিসমূহৰ ভিতৰত আজিৰ আলোচ্য বিষয় হৈছে- দেওধনী নৃত্য৷
ড° মহেশ্বৰ নেওগৰ মতে ‘দেওধনী’ শব্দৰ উৎপত্তি ‘দেৱ’ আৰু ‘ধ্বনি’ শব্দ দুটিৰ পৰা, যাৰ অৰ্থ যথাক্ৰমে ‘ভগৱান’ আৰু ‘নাৰী’৷ আনহাতে সংস্কৃতত ‘দেৱ’ শব্দই ‘ভগৱান’ আৰু ‘ধ্বনি’ শব্দই ‘শব্দ’ বুজোৱা হেতুকে সেইফালৰ পৰা চিধা-চিধি দেওধনী শব্দৰ অৰ্থ দেৱতাৰ শব্দ বা কথা বুলিও ভবাৰ থল আছে৷
কিম্বদন্তিমতে মনসা সাপৰ দেৱী৷ কিন্তু চান্দ সদাগৰে মনসাদেৱীক অঞ্জলি নিদিয়াৰ বাবে দেৱী ৰুষ্ট হৈ সদাগৰৰ ছজন পুত্ৰক সৰ্প-দংশন কৰাই মৃত্যু ঘটায়৷ সপ্তম পুত্ৰ লখিন্দৰৰ বেউলা নামৰ কন্যা এগৰাকীৰ সৈতে বিয়া হ’বৰ দিনাই মনসাৰ দিহামতে কালনাগে প্ৰাণ লোৱাত বেউলাই ভূৰত লখিন্দৰৰ শৱটো উঠাই স্বৰ্গলৈ লৈ গৈ নিজৰ নৃত্যৰে দেৱতাক মুগ্ধ কৰি স্বামীক জীয়াই তোলে৷ শেষত বেউলাৰ দৃঢ়তাৰ ওচৰত পৰাজিত হৈ সদাগৰে মনসাক পূজা কৰিবলৈ বাধ্য হয়৷ এনে কিম্বদন্তিৰ আলমতে মাৰৈ বা মনসা পূজাৰ কালত দৰঙৰ সুকনান্নী ওজাসকলে দেওধনী নচুওৱা পৰম্পৰা প্ৰচলন কৰিছিল৷ এইদিশৰ পৰা দেওধনী নৃত্য ধৰ্মৰ লগত জড়িত কৃষ্টি৷ ধৰ্মীয় আচাৰ অনুষ্ঠানৰ মাজেৰে প্ৰচলন কৰা বাবে প্ৰথমাৱস্থাত দেওধনী নৃত্যৰ কলাত্মক দিশত গুৰুত্ব দিয়া হোৱা নাছিল আৰু এই নাচ নচা নটীসকলকো সমাজে ভাল চকুৰে নাচাইছিল৷ কিন্তু ১৯৭৪ চনত দৰঙী সংস্কৃতি উদ্ধাৰ আৰু সংৰক্ষণৰ বাবে ‘দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘ’ই ব্যৱস্থা গ্ৰহণ কৰে আৰু ইয়াৰ ফলশ্ৰুতিতেই পৰৱৰ্তী সময়ত পূজাথলীৰ পৰা মঞ্চলৈ এক লোককলা হিচাপে দেওধনী নৃত্যই প্ৰসাৰ লাভ কৰাৰ লগতে সৰ্বভাৰতীয় স্বীকৃতিও লাভ কৰিবলৈ সক্ষম হয়৷
দেওধনী নৃত্যৰ সাজপাৰ হিচাপে পূৰ্বতে দেওধনীগৰাকীয়ে বগা কপাহী মেখেলা বুকুত পিন্ধা নিয়ম আছিল যদিও দৰঙৰ সুকনান্নী গোৱা ওজা ললিত চন্দ্ৰ নাথ ওজাদেৱে তেখেতৰ পৰিবেশন কালচোৱাৰ ভিতৰত বিজ্ঞ ব্যক্তি আনন্দ মোহন ভাগৱতী, ৰুদ্ৰ বৰুৱা আদিৰ পৰামৰ্শক্ৰমে কঁকালত কপাহী বা মুগাৰ বা বগা মেখেলা, গাত চুটি হাতৰ ৰঙা ব্লাউজ আদি পিন্ধাই প্ৰথমবাৰৰ বাবে মঞ্চত দেওধনী নচুওৱা প্ৰচলন কৰে আৰু এতিয়াও দেওধনীসকলে এই সাজেই পৰিধান কৰে৷ ইয়াৰ উপৰি বাওঁকান্ধৰ পৰা ভৰিৰ খাৰ গাঁঠিৰ ওপৰলৈকে ফুটফুটীয়া বা বুটা বচা ফুলাম চাদৰ ওলোমাই লয়৷ বুকুত প্ৰায় ১৮০ চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ আৰু ৩০ চেণ্টিমিটাৰ প্ৰস্থৰ ৰঙীন চাদৰ বুকু বান্ধনী আৰু কঁকালতো একে জোখৰ ৰঙীন কঁকাল বান্ধনী থাকে৷ সাধাৰণতে বুকুৰ বান্ধনীখন নীলা ৰঙৰ আৰু কঁকাল বান্ধনীখন হালধীয়া ৰঙৰ হয়৷ বুকু বন্ধনীৰ পিচফালে ওলমি থকা মূৰত দুটা আৰু কঁকালবন্ধনীৰ আগফালৰ মূৰত এটাকৈ মুঠ তিনিটা গাঁঠি ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ প্ৰতীকৰূপে ওজাপালিসকলে বিশ্বাস কৰে৷
আ-অলংকাৰ হিচাপে ডিঙিত চন্দ্ৰহাৰ, গলপতা, বিড়িমাদলি বা ঢোলমাদলি, কাণত জাংফাই ফুটি বা কাণফুল; হাতত গামখাৰু, মুঠিখাৰু, বাজু; নাকত এখনীয়া বা এঘাৰখনীয়া নাকফুল, আঙুলিত ৰূপৰ ছাব বা আঙুঠি, কপালত ডাঙৰকৈ ৰঙা সেন্দূৰৰ ফোঁট, চুলিটাৰি মূৰৰ ওপৰলৈ তুলি কলডিলীয়া বা কছাৰীখোপা বান্ধি নৰ্তকীসকলে নিজকে সজাই লয়৷ অবশ্যে মঞ্চাদিত খোপা নবন্ধাকৈ পিচফালে চুলি মেলি ৰাখিব পাৰে৷ চুলি দীঘল হোৱা বাঞ্ছনীয়৷
ওজাপালিয়ে নৃত্যগীত কৰি থকা অৱস্থাত নিৰ্দিষ্ট বেশভূষাৰে সজ্জিত হৈ হাতত ধানৰ দুনৰীৰ ওপৰত চাকি এগছি জ্বলাই সোঁহাতেৰে এপাক ঘূৰি দুনৰীটো থৈ পূজাথলীত হ’লে কলপাতত আৰু মঞ্চত হ’লে আসন নোহোৱাকৈয়ে বহি দেৱ-দেৱীক স্মৰণ কৰি ধ্যানস্থ হয়৷ আগতে দেওধনীবোৰে পূজাথলীলৈ আহিলে গাত বগা কাপোৰ উৰি আহিছিল আৰু খোপা বন্ধা আছিল যদিও বৰ্তমান সকলো স্থানতে বগা কাপোৰ উৰা আৰু খোপা বন্ধা প্ৰথা প্ৰায় লোপ পাইছে৷ ওজাপালিৰ দেৱ-দেৱী বন্দনা গীতৰ লগে লগে দেওধনীয়ে বহা অৱস্থাতে মূৰটো ঘূৰাই ঘূৰাই সমগ্ৰ শৰীৰ ছন্দোময়তাৰে লৰাই লৰাই নৃত্য আৰম্ভ কৰে৷ পূজাথলীত এনেকৈ নৃত্য কৰি থকা অৱস্থাতে দেওধনীয়ে ভূত-ভৱিষ্যত ক’ব পৰা দ্ৰষ্টা হৈ পৰে আৰু ভৱিষ্যত সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰ দিয়ে৷ এনে অৱস্থাত দেওধনীক দেৱীয়ে লম্ভা বুলি বিশ্বাস কৰা হয় আৰু এই অৱস্থাটোক দকত পৰা বুলি কোৱা হয়৷ ভৰ দক দিলে নাচনী ঢলি পৰে৷ তেতিয়া ওজাপালিয়ে লখিন্দৰৰ সৰ্প দংশন, দেৱপুৰীত পুনৰ্জীৱন লাভ, পদ্মাপুৰাণৰ ভটিয়লী খণ্ডৰ পদ গাই নাচনীৰ চেতনা ঘূৰাই আনে৷
দেওধনী নৃত্যৰ বাবে ব্যৱহাৰ হোৱা বাদ্যসমূহৰ ভিতৰত খুটিতাল, ভোৰতাল, জয়ঢোল আদি প্ৰধান৷ আকৌ ঢোলৰ বাদিসমূহো ইয়াত ভিন্ন ধৰণৰ হয়৷ এই ভিন্ন বাদি অনুসাৰে নাচনীয়ে নৃত্য পৰিবেশন কৰে৷ দেওবাদি, খৰাবাদি, গোৰবাদি, যোগান বাদি, চাৰিকুৰীয়া বাদি, চলনি বাদি, হনুমন্তীয়া বাদি, ৰণচণ্ডী বাদি, ধনতোলা বাদি আদি দেওধনী নৃত্যত সংগত কৰা বিশেষ বাদিসমূহৰ ভিতৰত উল্লেখযোগ্য৷ এই নৃত্যত মুদ্ৰা বা ভংগীসমূহকো নানান ভাগত ভাগ কৰা হৈছে৷ তাৰে ভিতৰত ধ্যানমগ্ন মুদ্ৰা, স্বস্তিক মুদ্ৰা, মূৰ ধুলিয়া, মূৰৰ চুলি ঘূৰোৱা, ত্ৰিভংগ যোগ, দেহভংগী যোগ, কঁকাল ভঙা, অংকুশ মুদ্ৰা, কলিমুদ্ৰা, অৰ্দ্ধপুষ্প মুদ্ৰা, আৱাহন পুষ্প দিয়া মুদ্ৰা, খোলা মুদ্ৰা, প্ৰণাম মুদ্ৰা আদি আৰু এইসমূহ দেওধনীৰ বিভিন্ন নৃত্যৰ লগত জড়িত৷
দেওধনী নৃত্যৰ বৈশিষ্ট্য অনুসৰি বিভিন্ন ভাগ আছে৷ তাৰে ভিতৰত হাড়ি নাচ, কপিলি নাচ, শিৱ নাচ, চণ্ডী নাচ, লক্ষ্মী নাচ, ধনতোলা কুবেৰ নাচ, কাৰ্তিক নাচ, ধৰ্ম নাচ, সুৰভি নাচ, ভবানী নাচ, কেঁচাইখাইতী নাচ, মেচা-মেচনীৰ নাচ, শলিতা খোৱা নাচ আদি৷ তেনেকৈ বিভিন্ন নৃত্যত ব্যৱহাৰ হোৱা কিছুমান বস্তু হৈছে হাড়ি নাচত বাঢ়নী আৰু কলঠৰুৱাৰ কোৰ; শিৱনাচত কলঠৰুৱাৰ ডম্বৰু, চণ্ডীনাচত দা বা তৰোৱাল, লক্ষ্মীনাচত ধানৰ দোন, কাৰ্তিক নাচত জ্বলন্ত জোৰ, ধন তোলা কুবেৰ নাচত নগদ টকাৰ বাতি এটা ইত্যাদি৷
এসময়ত কেৱল পূজাথলী আৰু নিৰ্দিষ্ট ভূ-ভাগত সীমাবদ্ধ থকা এইবিধ পৰিবেশ্য কলাই পূৰ্বতে থকা নৰ্তকীসকলৰ প্ৰতি বিৰূপ মনোভাৱ আৰু অৱহেলাৰ বিপৰীতে বৰ্তমান সমগ্ৰ ভাৰতৰ লগতে বিদেশতো সমাদৰ বুটলিবলৈ সক্ষম হৈছে আৰু এয়া নিসন্দেহে অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰখনত এক শুভ লক্ষণ৷


সহায়ক তথ্য সংগ্ৰহঃ
“দৰঙী কৃষ্টিৰ পৰিবেশন শৈলী”ৰ শশীধৰ নাথৰ প্ৰৱন্ধ – ” দেওধনী নৃত্য”৷
অসমৰ সংস্কৃতি কোষ
অসমীয়া উইকিপিডিয়া (ইণ্টাৰনেট)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক