দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰত ভাদ মাহত পালনীয় তিথি আৰু উৎসৱ-অজয় বৰুৱা

৪৫০ বছৰ(খ্ৰীষ্টীয়১৫৬৮ চনত) পূৰ্বে নৱ -বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ-প্ৰসাৰৰ মহীয়ান উদ্দেশ্যত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰিয়শিষ্য লেচাকোণীয়া গোবিন্দ আতা দেৱে প্ৰতিষ্ঠা কৰা দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰত জাতি-ধৰ্ম-বৰ্ণ-সম্প্ৰদায় নিৰ্বিশেষে ধৰ্মীয় আৰু সাংস্কৃতিক পৰিৱেশত অত্যন্ত গাম্ভীৰ্যপূৰ্ণভাৱে ভাদ মাহত কেইটামান তিথি আৰু উৎসৱ পালন কৰা হয়। তাৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি, মহাপুৰুষ মাধৱদেৱৰ তিথি, জন্মাষ্টমী, নন্দোৎসৱ আৰু পাচেতি উৎসৱ। অৱশ্য ইয়াৰে পাচেতি উৎসৱটো ভাদ মাহৰ সংক্ৰান্তিৰ পৰা আহিন মাহৰ প্ৰথম দিনালৈ পালন কৰা হয়। মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা প্ৰৱৰ্তিত নিকা সংহতিৰ সত্ৰসমূহৰ অন্যতম এই খটৰা সত্ৰত পৰম্পৰাগতভাৱে পালনীয় আচাৰ, ৰীতি-নীতি আৰু উৎসৱসমূহৰ এক সুকীয়া আসন আছে। এই উৎসৱ- পাৰ্বণ, আচাৰ-নীতি আৰু সত্ৰত চৰ্চিত কলা-সংস্কৃতি আদিৰ ভূমিকাই জনসাধাৰণক ধৰ্মৰ মূল লক্ষ্যৰ প্ৰতি ধাৱিত কৰাই ধৰ্মীয় পৰিবেশ গঢ়ি দিয়াৰ উপৰিও আধ্যাত্মিক, নৈতিক আৰু সামাজিক দিশত আগবঢ়াই লৈ যায়। ইয়াত মাথোঁ ভাদ মাহত পালন কৰা তিথি আৰু উৎসৱ কেইটিৰ সামান্য আভাস দাঙি ধৰিব বিচৰা হৈছে। 

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি–

    অৱতাৰী পুৰুষ জাতি-সংস্কৃতিৰ-সাহিত্যৰ নিৰ্মাতা, ধৰ্মপ্ৰচাৰক, সমাজ সংগঠক, জগতৰ গুৰু, অসমীয়া জাতিৰ প্ৰাণস্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে খ্ৰীষ্টীয় ১৫৬৮ চনত কোচবিহাৰৰ মধুপুৰত ছকুৰি বছৰ বয়সত বৈকুণ্ঠগামী হয়। ভাদ মাহৰ শুক্লা দ্বিতীয় তিথিত গুৰুজনাৰ এই তিৰোভাৱ তিথি সমগ্ৰ অসমবাসীয়ে পালন কৰে। খটৰা সত্ৰটো এই তিৰোভাৱ তিথিটো উক্তদিনাই পালন কৰা হয়। ভৰ বাৰিষা কৃষিকাৰ্যত সম্পূৰ্ণকৈ লাগি থাকিলেও সত্ৰৰ ভকত বৈষ্ণৱ, আঞ্চলিক ৰাইজে উক্তদিনা আনুষ্ঠানিক নাম-প্ৰসংগৰে গুৰুজনালৈ ভক্তিভৰা শ্ৰদ্ধা নিবেদন কৰে। প্ৰসংগৰ লগত গুৰুচৰিত, গায়ন-বায়নে খোল প্ৰসংগ আৰু পৰিবেশনুসৰি গুৰুজনাই ৰচিত অংকীয়া নাট-ভাওনাও প্ৰদৰ্শন কৰে সত্ৰত। 

শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি পালন–

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰপন্ন শিষ্য  বঢ়াৰপো মহাপুৰুষ মাধৱদেৱ খ্ৰীষ্টীয় ১৫৯৬ চনৰ ভাদ মাহৰ কৃষ্ণা পঞ্চমী তিথিত কোচবিহাৰত বৈকুণ্ঠগামী হৈছিল। এই তিথিটো সমগ্ৰ ৰাজ্যৰ লগতে খটৰা সত্ৰটো পালন কৰা হয়। মাধৱদেৱ গুৰুজনাৰ এই তিথিটো সত্ৰৰ ভকত বৈষ্ণৱ, আঞ্চলিক ৰাইজ মিলি বৰ উলাহ-মালহেৰে পালন কৰে। উক্ত দিনা নাম-প্ৰসংগ, সত্ৰীয়া সংস্কৃতি আদি অনুষ্ঠানৰো আয়োজন কৰে । মহাপুৰুষ মাধৱদেৱৰ গুৰুৰ আজ্ঞা শিৰোধাৰ্য কৰি শ্ৰীশ্ৰী গোবিন্দ আতাই দৰঙত নামধৰ্ম প্ৰচাৰ কৰিবলৈ আহি ঠায়ে ঠায়ে সত্ৰ প্ৰতিষ্ঠা কৰিছিল। ১৫৫৮ চনত খটৰাত গোবিন্দ আতাই বহু বাধা-বিঘিঙিৰ মাজেৰে খটৰা সত্ৰখন স্থাপন কৰে। সেয়ে এই তিথিটো খটৰা সত্ৰত বৰ উৎসৱ মুখৰ পৰিবেশেৰে, উলাহ মালহৰে পালন কৰা হয়। 

জন্মাষ্টমী পালন–

কৃষ্ণ পৰম ব্ৰহ্ম, নিৰ্গুণ হৈয়ো সগুণ। সৃষ্টি, স্থিতি, প্ৰলয়ৰ কাৰণ “ত্ৰিভুবন বন্দন দৈৱকী নন্দন কৃষ্ণ।” পৃথিৱীত যেতিয়া অৰ্ধমৰ প্ৰাদুৰ্ভাৱ হয়, দুষ্টৰ প্ৰভাৱত সন্তৰ জীৱন দুৰ্বিষহ হৈ পৰে তেতিয়া অধৰ্ম নাশি ধৰ্ম প্ৰতিষ্ঠা কৰি দুষ্টৰ কবলৰ পৰা সন্তক উদ্ধাৰ কৰিবলৈ ভগৱানে পৃথিৱীত অৱতাৰ গ্ৰহণ কৰে। শ্ৰীকৃষ্ণ‌ই এই উদ্দেশ্য‌ই কংসৰ কাৰাগাৰত দৈৱকী বসুদেৱ আবদ্ধ হৈ থাকোঁতে দৈৱকীৰ অষ্টম পুত্ৰ হিচাপে জন্ম গ্ৰহণ কৰিছিল। জ্যোতিষ তত্ত্ব মতে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল সৌৰ ভাদ্ৰৰ জয়ন্তী যোগত আৰু ধৰ্মীয় বিশ্বাস মতে জয়ন্তী যোগৰ তিথি পালন কৰিলে মানুহ পুণ্য হয়। এনে বিশ্বাস মনত লৈ শ্ৰীকৃষ্ণৰ জন্মজয়ন্তী জন্মাষ্টমী হিচাপে সমগ্ৰ দেশতে ভাদ মাহৰ কৃষ্ণা অষ্টমীত পালন কৰা হয়। জন্মাষ্টমী হ’ল হিন্দুধৰ্মৰ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ বাৰ্ষিক জন্মোৎসৱ। ইয়াক কৃষ্ণ জন্মোষ্টমী, কৃষ্ণষ্টমী, গকুলাষ্টমী, অষ্টমী ৰোহিনী, শ্ৰীকৃষ্ণ জয়ন্তী আদি নামেৰে জনা যায়। খটৰা সত্ৰটো সত্ৰৰ সুকীয়া ৰীতি-নীতিৰে এই উৎসৱ পালন কৰা হয়। এই উৎসৱ বিশ্বাসৰ ওপৰত পালিত। উৎসৱ উপলক্ষ্যে জন্মাষ্টমীৰ নিশা সত্ৰত নাম-কীৰ্তন কৰাৰ উপৰিও শ্ৰীকৃষ্ণৰ জন্মলীলা বিষয়ক নাট-ভাওনা আৰু বৰ নাগাৰা নাম গোৱাৰ ব্যৱস্থা আছে। 

নন্দোৎসৱ–

ভগৱান শ্ৰীকৃষ্ণ জন্মৰ আনন্দত নন্দ ৰজাই ঘৰত যি আনন্দ, উৎসাহ, উলহ-মাহল কৰিছিল তাৰেই প্ৰতীক হিচাপ জন্মাষ্টমীৰ পিছদিনা খটৰা সত্ৰত নন্দোৎসৱ পালন কৰা হয়। এই উৎসৱ খটৰা সত্ৰত এক সুকীয়া বৈশিষ্ট্য আছে।” বোকা ভাওনা” হ’ল এই উৎসৱৰ অন্যতম আয়োজন। বোকা ভাওনা হ’ল ধমীয় বিশ্বাস আৰু উল্লাসৰ সংমিশ্ৰণ। ইয়াত আয়োজন কৰা বোকা ভাওনাৰ বাবে পৱিত্ৰ স্থানৰ পৰা মাটি আনি কীৰ্তন ঘৰৰ মজিয়াত ৰখা হয় আৰু সত্ৰৰ বৰ পুখুৰীৰ পৰা জল আনি সেই মাটিত ছটিয়াই বোকাৰ সৃষ্টি কৰি লগত ঘি -মৌ মিহলি কৰি ভকত-বৈষ্ণৱ আৰু ভাওনাস্থলীত সমবেত কিছুসংখ্যক লোকে নাম কীৰ্তন কৰি সেই বোকাত বাগৰি, ইজনে-সিজনক বোকা সানি আনন্দ কৰে, ৰং -ৰহ‌ইচ কৰে। এনেদৰে বোকাৰে লুতুৰি-পুতুৰি ভক্তবৃন্দ‌ই নাম কীৰ্তন গাই গাই সত্ৰৰ নীতিনুসৰি কীৰ্তন ঘৰ প্ৰদক্ষিণৰ অন্তত সত্ৰৰ বৰপুখুৰীত গা-ধোৱে। সত্ৰত উদযাপিত নন্দোৎসৱ বোকা ভাওনাত ভাগ লবলৈ ল’লে বা দৰ্শন কৰিলে পুণ্য সাধিত হয়। এয়া অতীজৰ পৰা চলি অহা বিশ্বাস। আনহাতে বোকা ভাওনা বোকা-পানীৰ ফোঁট ল’লে ব্যাধি-মাৰি মৰক দুৰ হয় বুলিও পুৰাতন বিশ্বাস। সেয়ে বোকা ভাওনাৰ বোকা-পানীৰ ফোঁট লোৱা পৰম্পৰা দেখা যায়। 

পাচেতি উৎসৱ–

ভাদ মাহৰ সংক্ৰান্তিৰ পৰা আহিন মাহৰ প্ৰথম দিনালৈ খটৰা সত্ৰত প্ৰসিদ্ধ পাচেতি উৎসৱ আয়োজন কৰা হয়। সত্ৰত পালনীয় উৎসৱসমূহৰ ভিতৰত ইয়াৰ এক সুকীয়া বৈশিষ্ট্য আছে। এই উৎসৱ মূলত কৃষ্ণকেন্দ্ৰিক। সন্তান জন্ম হোৱাৰ পাঁচদিনৰ দিনা মাকে সাধৰণতে পাঁচদিনীয়া গা ধোৱে। সন্তানকো হালধি পানীৰে গা মচি আন আন তিৰোতাসকলৰ কোলাত সন্তানক তুলি দিয়ে। সেই দিনাই গৃহস্থ‌ই প্ৰতিবেশী তথা ইষ্ট-কুটুম্বক জালাবটা বা জলাগুৰি ভগাই দিয়ে। ই হ’ল দৈহিক মানসিক মংগল সাধন কামনা।” পচতি” শব্দৰ সাধাৰণ অৰ্থ হৈছে ল’ৰা-ছোৱালী জন্মৰ পাঁচদিনত ঘৰত কৰা এটি জন্মকৃত্য। সেই পৰম্পৰা আঁত ধৰি শ্ৰীকৃষ্ণৰ জন্মৰ পঞ্চমদিনা পাচেতি উৎসৱ উদযাপন কৰা ৰীতি অসমৰ কোনো কোনো সত্ৰত পৰম্পৰাগত -ভাৱে চলি আহিছে। খটৰা সত্ৰটো ইয়াক প্ৰতি বছৰে পালন কৰা হয়। খটৰাত পাচেতিয়ে মেলামুখী বৈশিষ্ট্য অটুট ৰখাৰ লগতে সত্ৰত প্ৰচলিত কৃষ্ণ ভক্তি কেন্দ্ৰিক ধৰ্মীয় আচাৰ-নীতি সংপৃক্ত। প্ৰচলিত ৰীতি অনুসৰি এই উৎসৱৰ আগদিনা থলুৱা লোকৰ ভাষাত গোন্ধ ( অধিবাস) বোলে। গোন্ধৰ দিনা উৎসৱৰ লগত ৰজিতা খুৱাই কিছু আনুষংগিক ধৰ্মীয় ৰীতি-নীতিৰে উৎসৱৰ শুভাৰম্ভ কৰা হয়। গোন্ধৰ দিনা সন্ধিয়া উৎসৱৰ মূল ক্ৰিয়া আৰম্ভ হোৱাৰ আগতে সত্ৰত থকা বৰ হাৱৈ, গাঠিয়া ঘিমৰু আৰু হিন্দস্তানী হিলৈ ফুটাই পাচেতি উৎসৱৰ আৰম্ভণিৰ আগজাননী দিয়া হৈছিল যদিও বৰ্তমান ইয়াক পৰিহাৰ কৰা হৈছে। ইয়াৰ পিছতে পাচেতিৰ আন্যতম অনুষ্ঠান “দধিমথন” আৰম্ভ হয়। ই হ’ল সত্ৰৰ এক পুৰণিকলীয়া কৃষ্টি। পাচেতি খলাৰ এক নিদিষ্ট স্থানত মথনিশাল স্থাপন কৰা হয়। কীৰ্তনঘৰৰ পৰা শিশুলীলাৰ দধিমথনৰ গীত গাই গাই গায়ন-বায়নে কৃষ্ণ, যশোদা আৰু গোপীসকলে সেই মথনিশাল স্থাপিত স্থানলৈ লয়লাসে যাত্ৰা কৰে আৰু পূৰ্বতে বৰপুখুৰীৰ পৰা অনা পানীৰ ঘটটি স্থাপন কৰা হয়। গীতৰ লগে লগে খোল-তালৰ মাজত ছেঁৱে-ছেঁৱে মথনিশালৰ জৰীত ধৰি যশোদা আৰু গোপীসকলে নাচি নাচি দধি মথে। সূত্ৰধাৰৰ গীতৰ আঁত ধৰি গায়ন-বায়ন আৰু অন্য ভকতসকলে খোল-তাল বজাই চাপৰি মাৰি গীত গাই গাই মথনিশালৰ চাৰিওফালে প্ৰদক্ষিণ কৰে আৰু লগতে শিশু কৃষ্ণ‌ ভাওঁ দিয়া শিশুজনে দধি মথনৰ সময়ত মাক যশোদা আৰু অন্য গোপীসকলক আমনি কৰা দৃশ্য অতি মনোৰম। খটৰা সত্ৰত দধিমথন ধৰ্মীয় ভাব সংপৃক্ত। লোকবিশ্বাস মতে দধিমথন দ‍ৰ্শন কৰিলে পূণ্য হয় আৰু কৃষ্ণ ভক্তিৰ ভাব উদ্ৰেক হোৱাৰ লগতে বাৎসল্য প্ৰেমত আপ্লুত হৈ ক্ষণিকৰ বাবে হ’লেও শোক-তাপ আঁতৰি অন্তৰত বিমল প্ৰশান্তি পোৱা যায়। খটৰা সত্ৰত এই পাচেতি উৎসৱৰ লগতে পালনীয় অন্যান্য তিথি-উৎসৱ পাৰ্বণসমূহে সত্ৰৰ সাংস্কৃতিক জীৱনধাৰাৰ স্পষ্ট পৰিচয় দিয়াৰ লগতে আধ্যাত্মিক আৰু নৈতিক প্ৰমূল্যৰ আভাস আৰু সম্প্ৰতিৰ অনুশীলন তথা নিদৰ্শন দাঙি ধৰে। 

সহায়ক গ্ৰন্থ: স্মৃতিগ্ৰন্থ- গোবিন্দ সুৰভি। 

বাৰ্ষিক পত্ৰিকা- পাচেতি (২০১৭, ২০১৮, ২০১৯)

খটৰা সত্ৰৰ সাংস্কৃতিক ঐতিহ্য

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক