দৰঙৰ দেউল উৎসৱ: এক চমু অৱলোকন (কন্দৰ্প কুমাৰ নাথ)

 

সমগ্ৰ অসমবাসী ব’হাগ মাহত ৰঙালী বিহুৰ আনন্দত মতলীয়া হৈ থকাৰ সমান্তৰাল ভাৱে দৰঙৰ ৰাইজো ৰঙালীৰ ৰঙৰ লগতে আন এটি লোক-উৎসৱত মতলীয়া হৈ পৰে৷ একাদশ শতিকাৰ পৰাই মহা পয়োভৰেৰে পালন কৰি অহা এই লোক-উৎসৱটি হৈছে দেউল উৎসৱ৷ আচলতে এই সময়ছোৱাত শীতৰ হাড়-কপোৱা জাৰো নাথাকে আনহাতে গ্ৰীষ্মৰ প্ৰখৰতাও নাথাকে৷ নতুনকৈ বৃষ্টিপাতৰ সুত্ৰপাত হৈ পৃথিৱী জীপাল হৈ পৰে আৰু প্ৰকৃতিয়ে ন-সাজেৰে বিনন্দীয়া ৰূপ লয়৷ স্বাভাৱিকতেই কৃষিজীৱি মানুহৰ অন্তৰত অফুৰন্ত আনন্দ আৰু উৎসাহ-উদ্দীপনা জাগি উঠে যাৰ ফলশ্ৰুতিত সৃষ্টি হয় লোক-উৎসৱবোৰৰ৷ বসন্ত কালৰ বিহু উৎসৱক বসন্তোৎসৱ বুলি কোৱাৰ দৰে এই সময়ৰ দেউল উৎসৱকো বসন্তোৎসৱ বুলি কব পৰা যায়৷
দেউল উৎসৱ মূলতঃ বিষ্ণুপূজাৰ অনুষ্ঠান আৰু এই উৎসৱ খ্ৰীষ্টাব্দ একাদশ শতিকাৰ পৰাই সমগ্ৰ মঙ্গলদৈ অঞ্চলত নীৰৱচ্ছিন্ন ভাৱে পালন কৰি অহা হৈছে৷ পূৰ্বতে কোঁচ ৰজাসকলৰ ৰাজত্ব কালত সমগ্ৰ মঙ্গলদৈকে দৰং ৰাজ্য বোলা হৈছিল৷ পিছত বৃটিছসকলে শাসনৰ সুবিধাৰ্থে মঙ্গলদৈ আৰু তেজপুৰ মহকুমাক সামৰি দৰং জিলা নামকৰণ কৰিলে৷ বৰ্তমান তেজপুৰ শোণিতপুৰ জিলাত আৰু মঙ্গলদৈ দৰং জিলাত অন্তৰ্ভুক্ত৷ পিছলৈ দৰং জিলাখন দৰং আৰু ওদালগুৰি জিলাত বিভক্ত হয়৷ যি কি নহওক বৰ্তমানৰ দৰং আৰু ওদালগুৰি জিলাদুখনেই কোঁচ ৰাজত্বৰ দিনত দৰং ৰাজ্য নামেৰে জনাজাত আছিল৷
খৃষ্টাব্দ একাদশ শতিকাত প্ৰখ্যাত শিয়ালা বৈষ্ণৱৰ পিতৃ ধৰ্মদেৱ বিপ্ৰ ভূঞাঁই ছিপাঝাৰ অঞ্চলৰ বৰাবাৰী গাঁৱত সত্ৰ পাতি বসবাস কৰিছিল৷ তেখেত অতি শাস্ত্ৰজ্ঞ আৰু ধৰ্মপ্ৰাণ ব্যক্তি আছিল৷ তেখেতে ধৰ্মীয় চিন্তা-চৰ্চাৰ জৰিয়তে মানুহৰ মনত ধৰ্মীয় ভাৱ জগাই তুলিবলৈ চেষ্টা কৰিছিল৷ ‘শিয়ালা বৈষ্ণৱ চৰিত’ পুথিত উল্লেখ আছে-
“কামৰূপ অন্তৰ্গত দৰঙ্গ ৰাজ্যত
আছিলেক বৰভূঞাঁ বিপ্ৰৰ মধ্যত৷
বাঢ়য় ভূঞাঁৰ মধ্যে ভূঞাঁ শ্ৰেষ্ঠতৰ৷
নানা ধৰ্ম-কৰ্ম কাৰ্য্য কৰিছে বিস্তৰ৷ ৷
প্ৰথমে আছিলা ঘৰ ভাটি দৰঙত৷
বৰাবাৰী নামে গ্ৰাম প্ৰসিদ্ধ লোকত৷ ৷
তাতে এক দেৱগৃহ বান্ধিলা ডাঙৰ৷
পাতিলেক সত্ৰ তাত অতি মনোহৰ৷ ৷
ভকত সকলে কীৰ্তনীয়া নাম থৈলা৷
তিনিও প্ৰসঙ্গে বহি ভক্তি আচৰিলা৷ ৷
প্ৰভাত মধ্যাহ্ন আৰু সায়হ্ন সন্ধ্যাত
কীৰ্ত্তন কৰন্ত তাত ই তিনি সন্ধ্যাত৷
তাহাৰ ঈশানে এক দৌলক বান্ধিলা৷
বৰদৌল নাম হৈ অদ্যাপিও ৰৈলা৷
দৰঙ্গ মধ্যত যাত মহোৎসৱ অতি
অদ্যাপিও আছে যাৰ হেনয় কিৰিতি৷ ৷”
গতিকে এইটো সহজেই অনুমেয় যে ধৰ্মদেৱ বিপ্ৰ ভূঞাঁ নামৰ এইজন শাস্ত্ৰজ্ঞ পণ্ডিতেই প্ৰায় একাদশ শতিকাতে পোন প্ৰথম ছিপাঝাৰ অঞ্চলৰ বৰদৌলগুৰিত বিষ্ণু পূজাৰ জৰিয়তে দেউল উৎসৱৰ পাতনি মেলিছিল৷ তেওঁ দেউল উৎসৱ উপলক্ষে এটা বৃহদাকৃতিৰ দ’ল সজাইছিল যিটো ৯০০ বছৰ ধৰি এতিয়াও বৰদৌলগুৰি অঞ্চলত সগৌৰৱে থিয় হৈ ঐতিহ্য বহন কৰি আহিছে৷ সেই দ’ল সাজোতে সৃষ্টি হোৱা বৰপুখুৰী এতিয়াও সাক্ষী স্বৰূপে আছে৷ এই বৰদ’ল বা ‘বৰদেউল’ উৎসৱেই দৰঙৰ দেউল উৎসৱৰ আৰম্ভণি৷ পৰৱৰ্তী সময়ত এই উৎসৱ মঙ্গলদৈৰ চুকে-কোণে বিয়পি পৰে৷ বৰদৌলগুৰিত অনুষ্ঠিত প্ৰথম দেউলটো বছৰৰ প্ৰথম মাহ বহাগৰ পহিলা তাৰিখত উদযাপিত হয়৷ বৰ্তমান সমগ্ৰ ব’হাগ মাহৰ প্ৰত্যেক দিনতে মঙ্গলদৈৰ বিভিন্ন ঠাইত মহা পয়োভৰেৰে এই দেউল উৎসৱ পালন কৰা হয়৷
দেউলৰ ভেটি আৰু বিগ্ৰহ স্থাপন:
— এই দেউল উৎসৱত দেউলৰ ভেটি আৰু তাত বিগ্ৰহ স্থাপনৰ তাৎপৰ্যও মন কৰিবলগীয়া৷ ই মূলতঃ বিষ্ণু পূজা সেয়ে এই উদ্দেশ্যে দেউল খলাত মাটিৰে ওখ দ’ল বা দেউল সাজি সৰ্বোচ্চ শিখৰত বিষ্ণুৰ বিগ্ৰহ কৰা হয়৷ ইয়াৰ ওপৰত বাঁহ পুতি এখন শুধ বগা কাপোৰৰ চন্দ্ৰতাপ তৰি দিয়া হয়৷ লগতে বিগ্ৰহৰ দুয়োকাষে কলা-কৌশল যুক্ত মগৰ খোদিত দুচলা ফুলাম কাঠৰ দাণ্ডি চকুত লগাকৈ সজাই থোৱা হয়৷ ইয়াক কৰাৰ আগতে তেল সানি সেন্দূৰৰ ফোঁট দি আটকধুনীয়া কৰা হয়৷ উল্লেখযোগ্য যে বিষ্ণু-বিগ্ৰহ স্থাপন কৰা এই ওখ মাটিৰ দেউলটোৰ তলৰ পৰা ক্ৰমে ওপৰলৈ ঘূৰণীয়া ভাৱে সাতোটা ঠাক কৰি ধুনীয়াকৈ সজোৱা হয়৷ এইদৰে ওপৰলৈ ক্ৰমে সৰুকৈ নি ইয়াৰ সৰ্বোচ্চ শিখৰত বিগ্ৰহ কৰা হয়৷ এই সাতোটা ঠাকে সপ্তদ্বীপ বা সপ্তমহীক বুজায়৷
আনহাতে কাঠত খোদিত মগৰৰ ভাস্কৰ্যই সপ্ত সাগৰক সুচায়৷ কাৰণ মগৰেই সাগৰত থকা জীৱৰ ভিতৰত শ্ৰেষ্ঠ জীৱ৷ গতিকে মগৰৰ দ্বাৰা সপ্ত সাগৰৰ অৱস্থিতি সহজে মানুহৰ মনলৈ আনিব পাৰে৷ বিশেষকৈ সৃষ্টিৰ মূলাধাৰ বিষ্ণু তথা নাৰায়ণ প্ৰলয় জলত অনন্ত শয্যাত অৱস্থিত হোৱা কাৰণে বিষ্ণু বা নাৰায়ণৰ ধাৰণা মনলৈ সহজে আনিব পাৰে৷ গতিকে দেউলৰ ওপৰত মগৰৰ মাজত বিষ্ণুৰ বিগ্ৰহ কৰা হয়৷ উল্লেখযোগ্য যে এই দেউল উৎসৱত বিষ্ণু পূজা সদায় উত্তৰ মূখীয়াকৈ কৰা হয়৷ কিয়নো প্ৰলয় জলত বিষ্ণু অনন্ত শয্যাত উত্তৰ মুখীয়াকৈহে শুই আছিল বুলি শাস্ত্ৰত উল্লেখ আছে৷
প্ৰসঙ্গত: উল্লেখযোগ্য যে গীতাৰ দশম অধ্যায়ৰ বিভূতি যোগত শ্ৰীকৃষ্ণই অৰ্জুনক জগতৰ বিভূতিবোৰৰ কথা বুজাবলৈ গৈ কৈছিল
“পবনঃ পবতামাস্মি ৰামঃ শস্ত্ৰ ভূতামহম৷
ঝষাণাং মকৰশ্চাস্মি স্ৰোতসামস্মি জাহ্নবী৷ ৷” [৩১] (গীতা দশম অধ্যায়)
অৰ্থাৎ বেগগামীৰ ভিতৰত ‘বায়ু’’, অস্ত্ৰধাৰীৰ ভিতৰত ‘ৰাম’’, মাছৰ ভিতৰত ‘মকৰ’ বা ‘মগৰ’, নদীৰ ভিতৰত ‘গঙ্গা’ শ্ৰেষ্ঠ৷
আনহাতে মহাপুৰুষ শঙ্কৰদেৱ বিৰচিত কীৰ্ত্তন পুথিত পোৱা যায়
“মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত৷
উদ্ধাৰিলা চাৰিবেদ প্ৰলয় জলত৷ ৷
গতিকে মৎসৰূপী ভগৱান কৃষ্ণ তথা বিষ্ণুৰ মূৰ্ত্তি দেউল উৎসৱৰ দিনা দেউলৰ ওপৰত প্ৰতিকী সপ্তসাগৰত কৰি মানুহৰ মনত বিষ্ণু-ভক্তিৰ ধাৰণা অধিক গাঢ় কৰি তুলিবলৈ চেষ্টা কৰা হয়৷
দেউল উৎসৱৰ সাদৃশ্য:

দৰঙৰ দেউল উৎসৱৰ দৰে ইয়াৰ উদ্দেশ্য, অৰ্থ, আচৰণ আৰু সংযুতিৰ ফালৰ পৰা ভঠেলি, সুৱেৰি বা সুৰি, পাৱৰা আৰু বাঁশ-পূজাৰ লগত সাদৃশ্য দেখা যায়৷ ভঠেলি বহাগ মাহৰ বিভিন্ন দিনত অবিভক্ত কামৰূপ জিলাৰ আৰিকুছি, বৰনৰ্দী, বেলশৰ, জাগৰা, বালিলেচা, বালিকৰিয়া, পকোৱা, দালচিঙা, কুলহাটী, ক্ষুদ্ৰ কুলহাটী, আৰংমৌ, জয়পাল, বামুণ্দি, মুগকুছি, নলবাৰীৰ সমীপস্থ সন্ন্যাসীৰ থান, দেউল পুখুৰী, বৰখলা, মোমাইতোলা, লহকৰপাৰা, কমাৰকুছি খাতাবাৰী, গংগাপুখুৰী পাগলাদিয়াৰ গংগাৰঘাট, উলাবৰি, ভদ্ৰা, বদ্ৰকুছি আদি ঠাইত অনুষ্ঠিত হয়৷ মন কৰিবলগীয়া বিশেষত্ব এয়ে যে ভঠেলি কৃত্যত প্ৰজননৰ প্ৰতীক বাঁশ বা বাঁহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷ সেইফালৰ পৰা অবিভক্ত গোৱালপাৰা জিলাৰ উত্তৰ অঞ্চলত প্ৰচলিত বাঁশ পূজাৰ লগত ভঠেলিৰ সাদৃশ্য দেখা পোৱা যায়৷ বড়ো-কছাৰীসকলৰ সমাজত প্ৰচলিত ভৈঠেলীৰ লগতো ভঠেলিৰ মিল আছে৷ বজালী অঞ্চলত প্ৰচলিত পাৱৰা উৎসৱৰো প্ৰধান কৃত্য বাঁহ-পূজন৷ ৰামদিয়াত বহাগৰ সাত বিহুত অনুষ্ঠিত হোৱা ‘সুৱেৰী’ বা ‘সুৰী’ উৎসৱতো বাঁহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা দেখা যায়৷ এইক্ষেত্ৰত মহাপুৰুষ মাধৱদেৱ ৰামদিয়ালৈ অহা আৰু যোৱাৰ সোঁৱৰণিৰ লগত ভঠেলি উৎসৱ সংপৃক্ত হৈ ‘সুৱেৰী’ বা ‘সুৰী’ উৎসৱ ৰূপে আত্ম প্ৰকাশ কৰিছে৷ দৰং আৰু পূৱ কামৰূপ অৰ্থাৎ পাতিদৰঙৰ প্ৰসঙ্গত বাঁহ-পূজন কৃত্যৰ লগত নতুন অৰ্থ আৰোপিত হৈ বিষ্ণু-পূজন কৃত্যত পৰিণতি লাভ কৰিছে৷
দৰঙৰ বিভিন্ন দেউল উৎসৱ:

জনশ্ৰুতি মতে দৰঙী ৰজাসকলে বহাগ মাহৰ বিভিন্ন দিনত কোন কোন স্থানত দেউল অনুষ্ঠিত হ’ব তাক সুনিৰ্দিষ্ট কৰি দিছিল৷ বৰ্তমান অৱশ্যে নিৰ্দিষ্ট কৰি দিয়া দেউলৰ বাহিৰেও নতুন নতুন দেউলৰ সৃষ্টি হৈছে৷ সেইবাবে ব’হাগ মাহৰ কোনো কোনো দিনত ৩/৪ টা দেউল উদযাপিত হোৱা দেখা যায়৷ ইয়াৰ পৰা সহজে অনুমান কৰিব পাৰি দেউল উৎসৱৰ জনপ্ৰিয়তা কিমান৷ আনকি জিলাখনৰ খিলঞ্জীয়া মুছলমান আৰু খাৰুপেটীয়া, দলগাঁও, ধূলা আদি অঞ্চলৰ সংখ্যালঘু ইছলাম ধৰ্মাৱলম্বী লোকসকলেও দেউল উৎসৱৰ লগত সংপৃক্ত ধৰ্মীয় কৃত্য ভাগ পৰিহাৰ কৰি মেলাৰ সংযোগত এই উৎসৱ পালনৰ দ্বাৰা সমন্বয়ৰ এক তীৰ্থলৈ পৰিণত কৰিছে৷
ব’হাগ মাহৰ বিভিন্ন দিনত দৰঙৰ বিভিন্ন অঞ্চলত অনুষ্ঠিত দেউলৰ নাম তলত দিয়া হ’ল৷
১ম বিহু- বৰদেউল, বৰদৌলগুৰি৷
২য় বিহু- ৰঙা চন্দন আৰু মাহৰিপাৰাৰ দলৈৰ দেউল৷
৩য় বিহু- বলদেৱপাৰা আৰু পাতিদৰঙৰ দেউল৷
৪ৰ্থ বিহু- বেঙনৈ আৰু ভেৰুৱাৰ দেউল৷
৫ম বিহু- হাজৰিকা আৰু পিঠাখোৱাৰ দেউল৷
৬ষ্ঠ বিহু- বিহুভাঙাৰ দেউল, বলদেৱপাৰা আৰু বৰাঠেৰ দেউল৷
৭ম বিহু- চমতীয়াৰ গড়ভাঙাৰ দেউল, ঘোপা, কটেহী, পাথৰিঘাটৰ দেউল৷
৮ম বিহু- মাৰেই সুৱেৰীৰ দেউল
৯ম বিহু- খটৰা আৰু বামুণপাৰাৰ দেউল৷
১০ম বিহু- সন্ধি বৰাৰ দেউল৷
১১শ বিহু- ৰয়নাপিতৰ দেউল৷
১২শ বিহু- ঘোঁৰাবান্ধাৰ দেউল, বুঢ়ীনগৰ, শালমাছ উঠাৰ দেউল৷
১৩শ বিহু- ঘোঁৰাবান্ধাৰ দেউল লগতে ৰাজঘাটৰ দেউল৷
১৪শ বিহু- নগাঁও, বড়ীচৌকা, দুনী আৰু কামাখ্যাৰ দেউল৷
১৫শ বিহু- ধনখুন্দা, বড়ীচৌকা আৰু থেকেৰাবাৰীৰ দেউল৷
১৬শ বিহু- সিদ্ধিৰামৰ দেউল৷
১৭শ বিহু- নাপ্তাপাৰাৰ দেউল৷
১৮শ বিহু- হৰিপুৰৰ দেউল৷
১৯শ বিহু- নামখলা, কুঁৱৰীগাওঁ আৰু ৰজাবাৰীৰ দেউল৷
২০শ বিহু- বাবাজীৰ দেউল৷
২১শ বিহু- কামাখ্যাৰ দেউল৷
২২শ বিহু- শাহনশালীৰ দেউল৷
২৩শ বিহু- বাঁহজানী আৰু বিশ্বসত্ৰৰ দেউল৷
২৪শ বিহু- খামচাৰ দেউল৷
২৫শ বিহু- ৰাজঘাট আৰু বননগৰীৰ শশীৰ দেউল৷
২৬শ বিহু- আহোমপাৰাৰ দেউল৷
২৭শ বিহু- মাহৰিপাৰাৰ দেউল, বিশ্বসত্ৰৰ দেউল আৰু গাছবিয়াৰ দেউল৷
২৮শ বিহু- বৰবাকাৰাৰ দেউল৷
২৯শ বিহু- আঁহতগুৰিৰ দেউল৷
৩০শ বিহু- ১নং কামখ্যাৰ
দেউল আৰু জনাৰামচৌকাৰ দেউল৷
৩১শ বিহু- বাৰোৱাৰী আৰু মঙ্গলদৈ শিৱমন্দিৰৰ দেউল৷
বৰ্তমান ঠায়ে ঠায়ে বহুকেইটা নতুন দেউলৰ সৃষ্টি হৈছে৷ আনকি কোনো কোনো ঠাইত জেঠ মাহতো দেউল উৎসৱ পতা দেখা যায়৷ ইয়েই দেউল উৎসৱৰ ক্ৰমবৰ্দ্ধমান জনপ্ৰিয়তাৰ ইংগিত বহন কৰিছে৷
দেউল উৎসৱৰ তাৎপৰ্য:

দেউল উৎসৱৰ জৰিয়তে দৰঙী ৰজাসকলে জনসাধাৰণৰ মাজত ধৰ্মীয় ভাৱ-ধাৰাৰ লগতে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে একতা আৰু ভাতৃত্ববোধ জগাই তুলিবলৈ সক্ষম হৈছিল৷ এই উৎসৱত বিষ্ণু পূজাৰ উপৰিও বিৰাট মেলাৰ আয়োজন কৰা হয়৷ দৰঙৰ ডাঙৰ ডাঙৰ দেউল উৎসৱ যেনে- ঘোঁৰাবান্ধা, বুঢ়ীনগৰ আদি দেউলবোৰ অত্যাৱশ্যকীয় অথচ দূৰ্লভ স্থানীয় বয়-বস্তু যেনে- শিমলুৰ তুলা, পাটি, থেকেৰা টেঙাৰ শুঠি, তেতেলি, বাঙি, তৰমুজ আদিৰ লগতে সৰ্থেবাৰী, হাজো আদি ঠাইৰ কাঁহ-পিতলৰ বাচন-বৰ্তন, লোঁৰ সা-সৰঞ্জাম বেচা-কিনা কৰা বৃহৎ মেলালৈ পৰ্যবসিত হৈ এই উৎসৱৰ অৰ্থনৈতিক দিশটোও প্ৰকট হৈ পৰাটো পৰিলক্ষিত হৈছে৷ আনহাতে উৎসৱ থলিত বিহু, সুকনানি ওজাপালি, ব্যাহৰ ওজাপালি, দেওধনী নৃত্য, ঢেপা-ঢুলীয়া, বৰ-ঢুলীয়া, চেওচাপৰি নাম, খুলীয়া ভাউৰীয়া আদি বিভিন্ন কলা-কৃষ্টিৰ প্ৰদৰ্শনে এই উৎসৱ অধিক আকৰ্ষণীয় কৰি তোলাৰ লগতে সাংস্কৃতিক দিশত উৎসাহ যোগাই আহিছে৷ দেউল উৎসৱে ৰঙালী বিহুৰ লেখিয়াকৈ বিয়া-বাৰুৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ বহু ক্ষেত্ৰত বিবাহযোগ্য ডেকা-গাভৰুৱে দেউল উৎসৱ চাবলৈ অহাৰ গইনা লৈ নিজৰ প্ৰিয়জনক লগ ধৰাৰ সুবিধা পায়৷ কেতিয়াবা কেতিয়াবা আকৌ ডেকা-গাভৰু উভয়ে বাপেক-মাকৰ চকুত ধূলি দি দেউল চাবলৈ অহাৰ সুবিধা গ্ৰহণ কৰি পলাই গৈ ঘৰ-সংসাৰ কৰাৰ অনেক উদাহৰণ আছে৷ এইক্ষেত্ৰত বুঢ়ীনগৰ দেউলত হেনো ল’ৰাই ছোৱালী পলুৱাই নিয়াটো সাধাৰণ ঘটনা হিচাবেই মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে৷ দৰঙী ৰাইজে বিশ্বাস কৰে দেউলৰ ভেঁটিৰ চাৰিওফালে ঘূৰিলে পূৰ্বজন্মৰ পাপ মোচন হয়৷ দেউলত সেৱা কৰিলে বসন্ত, কলেৰা আদি মাৰি-মৰক, অপায়-অমঙ্গল দূৰ হয়৷ দেউলৰ ভেঁটিৰ মাটি হাঁহ উমনিত দিলে আটাইবোৰ কণীৰ পোৱালি জগে৷ দেউলত ভক্তি ভাৱে অংশগ্ৰহণ কৰিলে বিবাহযোগ্য ছোৱালীৰ বিয়া নামে৷ এনে ধৰণৰ বহুতো লোক-বিশ্বাস দেউল উৎসৱৰ লগত জড়িত হৈ আছে৷
অসমৰ বিভিন্ন উৎসৱ-অনুষ্ঠানৰ বুৰঞ্জীত দেউল উৎসৱে এখনি সুকীয়া আসন লাভ কৰিছে৷ এই অঞ্চলৰ লোকসকলে দেউল-পূজা কৰা আৰু দেউল দৰ্শন কৰা দুয়োটাই বৰ পৱিত্ৰ জ্ঞান কৰে আৰু যিজনে দেউল পূজা কৰে, তেওঁৰ বৰ পুণ্য অৰ্জন কৰে বুলিও বিশ্বাস কৰে৷ যুক্তিক দূৰৈত ৰাখি বিশ্বাসৰ মাজেৰে জীৱন যাপন কৰা সৰল দৰঙী লোকমনৰ এক অনন্য প্ৰকাশ এই দেউল উৎসৱসমূহ৷ ই অনস্বীকাৰ্য যে সামাজিক প্ৰকাৰ্য সাধনত দেউল উৎসৱৰ দৰে লোক-উৎসৱসমূহৰ সুদূৰপ্ৰসাৰী ভূমিকা আছে৷
সহায়ক পুথি:
১) অসমীয়া লোক-সংস্কৃতিৰ আভাস- (ড০নবীন চন্দ্ৰ শৰ্মা)

২)যোগ দৰ্পণ
(সম্পা: ভক্তি দেৱী চহৰীয়া
হেমন্ত কুমাৰ বৰা৷ )

৩) দৰঙৰ সাহিত্য সংস্কৃতিৰ ৰূপ-ৰেখা ( সম্পা: অক্ষয় কুমাৰ নাথ )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments