দৰঙৰ লোক পৰিবেশ্য কলা ঢেপা-ঢুলীয়াৰ এটি আলোকপাত — কলচুম বিবি

অতীতৰে পৰা দৰঙত বিভিন্ন ধৰণৰ কৃষ্টি-সংস্কৃতি প্ৰচলিত হৈ আহিছে৷ দৰঙী ৰজাৰ পৃষ্ঠপোষকতাত ৰাজধানী হাউলী মোহনপুৰ সাহিত্যৰ লগতে নৃত্য, গীত আদিৰ চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছিল৷ কোচ, কছাৰী, ভূটীয়া, ভূঞা আদি বিভিন্ন ৰজা-মহাৰাজসকলে দৰঙক বিভিন্ন সময়ত শাসন কৰিছিল৷ দৰঙত প্ৰচলিত বিভিন্ন ধৰণৰ কৃষ্টি-সংস্কৃতিয়ে সেই কথা আজিও প্ৰমাণ কৰে৷ দৰঙৰ লোকসাহিত্য আৰু সংস্কৃতিৰ কথা ওলালেই আমি ওজাপালিৰ কথা আগতে ক’ব লাগিব৷ বিয়াহৰ ওজাপালি দৰঙৰ আপুৰুগীয়া সম্পদ৷ ঠিক সেইদৰে ঢেপা-ঢুলীয়া, কালিয়া, বৰঢুলীয়া, চেও চাপৰি নাম, থিয় নাম, নাঙেলী গীত, চিঁয়া গীত, চেৰা ঢেক, মথেনি, পচেতি, দেউল আদি দৰঙৰ অমূল্য সম্পদ৷
দৰঙৰ বিভিন্ন অঞ্চলত ঢুলীয়া অনুষ্ঠান দেখা যায়৷ এই ঢুলীয়া অনুষ্ঠানবোৰ নাটকীয় সমলবিশিষ্ট৷ তিনিপ্ৰকাৰ ঢুলীয়াৰ ভিতৰত ঢেপা-ঢুলীয়া দৰঙৰ বাহিৰে আন ঠাইত দেখিবলৈ পোৱা নাযায়৷ কালৰ সোঁতত এইবিধ কৃষ্টি বৰ্তমান বিলুপ্তিৰ পথত৷ ঢেপা-ঢুলীয়া অনুষ্ঠান বিবাহ, উপনয়ণ, চুড়াকৰণ, দেউল-উৎসৱ আদিত পৰিবেশন কৰা হয়৷ ঢেপা-ঢুলীয়া নামটোৰ তাৎপৰ্য মনকৰিবলগীয়া৷ দুতৰপীয়া চালেৰে চিওৱা ঢোলৰ ভিতৰত পানী ভৰাই দিয়া হয়, ফলত তাৰ পৰা ঢেপ্ ঢেপ্ শব্দ ওলায়৷ শব্দটো ঢেপ্ ঢেপ্ হোৱা বাবেই এই ঢোলক ঢেপা-ঢোল আৰু এই ঢোল বজোৱা ঢুলীয়াক ঢেপা-ঢুলীয়া বোলা হয়৷
ঢেপা-ঢুলীয়া ধেমেলীয়া গীত-মাত আৰু বিভিন্ন খেলা-ধূলাৰ মাধ্যমেৰে কলা-কৌশল প্ৰদৰ্শন কৰা অনুষ্ঠান৷ ধেমেলীয়া গীত-পদেৰে দৰ্শকৰ মনোৰঞ্জন কৰাই ইয়াৰ উদ্দেশ্য৷ হাঁহি সৃষ্টিৰ বাবে হাস্যৰসাত্মক শব্দ আৰু আচহুৱা বিষয়বস্তু ইয়াৰ উপজীৱ্য৷ দুটা দলৰ মাজত হোৱা প্ৰতিযোগিতাসমূহে ৰাইজক হাঁহিৰ খোৰাক যোগায়৷
ঢেপা-ঢুলীয়াত ব্যৱহাৰ কৰা ঢোলবোৰ দুই-তিনি ফুট হ’ব পাৰে৷ এটা মূৰ সৰু আৰু আনটো মূৰ ডাঙৰ– দুহাত মেলি বজাব পাৰি৷ ঢোলৰ এটা মূৰত হাতেৰে বাদি মাৰে আৰু আনটো মূৰত মাৰিৰে বাদি মাৰে৷ হাতৰ বাদিৰ লগত মাৰিৰে কোবোৱা বাদিৰ মিল থাকিব লাগে৷ নাচন, গান বা গাহন আৰু বাদি– এই তিনিবিধ ঢুলীয়া পৰিবেশন কাৰ্যৰ অপৰিহাৰ্য অংগ৷
ঢেপা-ঢুলীয়াৰ অনুষ্ঠানবোৰত ঢুলীয়াৰ নাচন বিশেষত্বপূৰ্ণ৷ অনুষ্ঠান পৰিবেশন কৰাৰ আগতেই তেওঁলোকে ৰং-বিৰঙৰ আকৰ্ষণীয় সাজ-পাৰ বিশেষকৈ ভৰিৰ আঁঠুৰ তললৈ যোৱা জামা আৰু গাত তেনে বিধৰ ৰঙীন কাপোৰেৰে প্ৰস্তুত কৰা চোলা পিন্ধি লয়৷ ঢেপা-ঢোলত সৃষ্টি কৰা বিভিন্ন বাদিৰ লগত সংগতি ৰাখি তেওঁলোকে নৃত্য-ভংগী প্ৰদৰ্শন কৰে৷ ঢেপা-ঢুলীয়াই খুটি নাচন, সৰকি নাচন, গড়িয়া নাচন আদি নাচন ঢোল-তাল বজাই পৰিবেশন কৰে৷ ইয়াত বজোৱা বাদিসমূহৰ ভিতৰত দেৱবাদি, গোৰবাদি, পাতালবাদি, খৰবাদি, খেদাবাদি, খুন্দাবাদি, গলমোচৰা বাদি, নাক কটা বাদি, কাণ কটা বাদি, ঝুমুৰি বাদি আদি উল্লেখযোগ্য৷
সাধাৰণতে ঢেপা-ঢুলীয়া অনুষ্ঠানত দুটা দল থকা দেখা যায়৷ দুয়ো দলৰ মাজত যুঁজ বা প্ৰতিযোগিতা হয়৷ এই যুঁজ নাটকীয় গুণবিশিষ্ট হোৱা বাবে ই বৰ আকৰ্ষণীয় আৰু জনপ্ৰিয়৷ এটা দলে আনটো দলক বাদিৰে, নাচোনেৰে আৰু গীত-পদেৰে আক্ৰমণ কৰে৷ ঢেপা-ঢুলীয়াৰ বাদিসমূহক আশ্ৰয় কৰিয়ে নাচনৰ সৃষ্টি হৈছে৷ উল্লিখিত তিনিওবিধ নাচনৰ উপৰি কিছুমান গৌণ নাচোনো দেখা যায়৷ যেনে– তমাল মোচৰা, উঘা ঘূৰেণি, ভেকুলী জাপ, শিয়াল ভূমুকি, নেউল ভূমুকি বা নেউল বুলনি, বহি নাচন, বোৱনী নাচন, ৰোৱনী নাচন, চকোৱা নাচন, বোন্দা পাক আদি উল্লেখযোগ্য৷
ঢেপা-ঢুলীয়া দলত ৬ ৰ পৰা ১০/১২ জনলৈকে ঢুলীয়া আৰু তালীয়া থাকে৷ এইবিধ অনুষ্ঠানত পৰিবেশন কৰা গীতবোৰত লোকজীৱনৰ কথা, লোকবিশ্বাস, হাঁহি-ধেমালি, বেশভূষা, উৎসৱ-পাৰ্বন, পৰম্পৰা, উপহাস আদিৰ কথাই বেছি প্ৰাধান্য পায়৷ তলত গীতবোৰৰ কিছু আভাস দিয়া হ’ল৷
অনুষ্ঠান পৰিবেশনৰ সময়ত ঢুলীয়াই নিন্দা পদৰ সময়ত মুখবাদি বেছিকৈ মাৰে৷ বাদিসমূহত ব্যৱহাৰ কৰা ভাষাটো মনকৰিবলগীয়া৷ গীত-পদসমূহত দৰঙৰ থলুৱা ভাষাৰ ব্যৱহাৰ কৰা হয়৷ যেনে-
“আৰে
আমি আইছো ঢোল কুবাবা
ৰাইজ আইচি চাবা
অমুক ঢুলীয়া আইচি
পিলিং পালাং কৰবা৷ ৷ “
ইয়াত ব্যৱহাৰ হোৱা ঝুমুৰি বাদিও বৰ চিত্তৰঞ্জক–
“ আৰে
ঘিতেই গিনি ঘিতেই গিনি
গিনতেই ঘিতিতেই তেই
গিনি গিনি
খিতেই এগিন খিতেই তেই ঘিট
তেই তেই তিতেই
আনিতেই তেই৷ ৷ “
এইবিধ পৰিবেশ্য কলাত ঢুলীয়াসকলে সামাজিক ব্যংগ প্ৰধান গীত-পদো পৰিবেশন কৰে৷ যেনে—
দিহা: “দোকান সজাই ল
সজা দোকানদাৰী৷ ৷
পদ: এক পইচাৰ তাংখু কিনলু
দুই পইচাৰ লালী৷
তাৰ লগত মিহল কল্লু
ব্ৰহ্মপুত্ৰৰ বালি৷৷ ….“
ঢুলীয়াই ঢোল-তালেৰে বাদি এটা মাৰি পিছত গোৱা আন এটি গীত হ’ল —
“ৰি- ৰি- ৰি- ৰিয়া ঐ
ৰি- ৰি- ৰিয়া
শিক্ষাগুৰুই দিলা এনে কৰিয়া ঐ
এনে কৰিয়া৷ “
সমসাময়িক সমাজখনত সংঘটিত হোৱা ঘটনা-পৰিঘটনাসমূহক লৈয়ো ৰচনা কৰা গীত-পদ পোৱা যায়—
“অ ভাইহাঁত এনে কথা
ক’তো শুনা নাই
অ ভাইহাঁত এনে কথা
ক’তো দেখা নাই৷ ৷ “
এজন ঢুলীয়াৰ প্ৰশ্ন: “কি কথা? “
বাকীবিলাকৰ উত্তৰ: “ অ শেপোন্দৰত দেখি আহিলু ভাইহাঁত
অ মুনিহ কাটা তিৰী
ভাইহাঁত মুনিহ কাটা তিৰী৷ ৷ “
ওপৰত উল্লিখিত গীতসমূহত দৰঙীয়া ভাষাৰ ব্যৱহাৰে এটা কথা স্পষ্ট কৰে যে ঢেপা-ঢুলীয়া বিশেষকৈ লোকসমাজৰ সম্পদ৷ ই কৃষিৰ লগত জড়িত সমাজখনৰ লোকমনক প্ৰতিফলিত কৰে৷ লোকসমাজত প্ৰচলিত ভাষাৰ ব্যৱহাৰ হোৱা বাবে হেৰাই যাব ধৰা কথিত ভাষাসমূহৰ সংৰক্ষণ কৰাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷
ছিপাঝাৰৰ নিকটৱৰ্তী ধোকাপাৰা গাঁৱৰ বাসিন্দা বিপিন চন্দ্ৰ ডেকাক ঢেপা-ঢোলৰ ৰজা বুলি কোৱা হয়৷ তেখেত ঢেপা-ঢুলীয়া আৰু ওজাপালিৰ দাইনাপালিৰূপে খ্যাত৷ তেখেতৰ পিতৃ শান্তাৰাম ডেকা এগৰাকী পাকৈত ঢেপা-ঢুলীয়া আছিল৷ বিপিন চন্দ্ৰ ডেকাৰ ঢেপা-ঢুলীয়া দলটো অসমৰ বিভিন্ন ঠাইৰ লগতে অৰুণাচল, মেঘালয় আদি ৰাজ্যলৈ মাজে-সময়ে নিমন্ত্ৰিত হৈ আহিছে৷ তেখেতে জীৱনজোৰা সাধনা বঁটা পোৱাৰ লগতে লুইট গৌৰৱ বঁটাও লাভ কৰে৷
মাজতে এইবিধ অনুষ্ঠানৰ পৰিবেশন সীমিত হৈ অহা দেখা গৈছিল যদিও ২০১৮ বৰ্ষৰ জেংৰাই নাট্যগোষ্ঠীৰ সৌজন্যত অনুষ্ঠিত ঢেপা-ঢুলীয়া কৰ্মশালাৰ আয়োজনে এক আশাৰ বতৰা কঢ়িয়াই আনিছে৷ ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধি কৰি জনসাধাৰণৰ মাজত পুনৰ জনপ্ৰিয় কৰি তোলাটো আমাৰ সকলোৰে দায়িত্ব৷ ওজাপালিৰ দৰেই ঢেপা-ঢুলীয়া দৰঙৰ লগতে সমগ্ৰ অসমৰ আপুৰুগীয়া সম্পদ৷ ইয়াক জীয়াই ৰখাটো আমাৰ সকলোৰে কৰ্তব্য৷


তথ্য সংগ্ৰহ:
১৷ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ্য কলা — ড৹ নবীন চন্দ্ৰ শৰ্মা
২৷ অসমীয়া লোকসাহিত্য আৰু লোককলা– জয়া সেনাপতি (সম্পাদনা)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক