দৰমহা (নিলোৎপল শৰ্মা)

মুখ থাকিলে বুলিয়ে যেতিয়াই তেতিয়াই য’তে ত’তে যাকে তাকে যে কিছুমান কথা কৈ দিব নাপায় মই ভালকৈয়ে বুজি পাওঁ৷ বুজি পাওঁ মানে এতিয়াহে বুজি পোৱা হ’লোগৈ৷ আগতে কিন্তু বুজি পোৱা নাছিলোঁ৷ নহ’লেনো সেইদিনা কথা নাই বতৰা নাই হঠাতে তাইক কৈ দিওঁ নে- “হ’ব, এদিন ওলাবা, যি লাগে ল’বা!” এই যি লাগে ল’বা বুলি মই যাৰ আগত বীৰদৰ্পে ঘোষণাটো কৰিলোঁ, সেইগৰাকীয়ে হ’ল মোৰ হ’ব লগা অমুক৷ এহ্… অমুক তমুকনো কি আৰু, কথা হ’ল- কৰি থকা চাকৰিটো যদি এদিন ৰেগুলাৰ হয় গৈ, কল্পনা কৰা মতে যদি নোদোকা দৰমহা এটাৰ কেতিয়াবা মালিকীস্বত্ব পাওঁগৈ, পেহীয়েকৰ টেণ্ডাৰত অহা অইলৰ ইঞ্জিনীয়েৰটোৱে যদি পকামূৰীয়া ৰিটায়াৰ্ড কৰ্ণেলক জীয়েকৰ বাবে পতাব নোৱাৰেগৈ তেন্তে শইত শইত শইত তিনি ফেচবুকীয়ানৰ শইত এদিন যে তাইয়ে মোৰ শ্ৰীমতী হ’বগৈ এশ শতাংশ খাতাং৷ এতিয়া কথা হ’ল, এনেহেন ভৱিষ্যতনিধিৰ টকা কেইটাৰ দৰে আটোমটোকাৰিকৈ ৰখা মোৰ আলাসৰ লাড়ু যেন প্ৰেয়সীজনীক জীৱনৰ প্ৰথমটো দৰমহাৰে বাৰু কেনেকৈ কিবা এটা নিদিয়াকৈ থাকো৷ সেয়ে সেইদিনা সদম্ভে ঘোষণা কৰিলো যে- “হ’ব, এদিন ওলাবা, যি লাগে ল’বা৷”

অৱশেষত আহিল সেই দিনটো৷ সোতৰ দিন ৰ’দক সাক্ষী কৰি, পাঁচদিন জোনাকক সাক্ষী কৰি মই কৰা ঘোষণাটো মোকেই উপৰ্য্যুপৰি সোঁৱৰাই থকাৰ পিছত সেই দিনটো এদিন আহিল৷ বাইকৰ পিছত বহুৱাই লৈ গ’লোঁ বজাৰ কৰিবলৈ৷ কৈয়ে থৈছোঁ- “যি লাগে ল’বা”৷ গতিকে নিবতো লাগিবই৷ তাই মলত এফালৰ পৰা সোমাই গ’ল… পিছে পিছে মই৷ তাই কেৱল বাটহে দেখুৱাই গ’ল, মই মাথোঁ সেই বাটেৰে বাট বুলিলোঁ৷ হাতঘড়়ীৰ পৰা চেণ্ডেল, লিপষ্টিকৰ পৰা ছান গ্লাছ একোৱে বাদ পৰা নাই৷ এফালৰ পৰা যি পাইছে বুটলি গৈছে৷ যেন মলৰ মালিকে বেয়াহে পাব নল’লে! প্লাষ্টিকৰ বেগবোৰে এটা এটাকৈ মোৰ হাত শুৱনি কৰি গৈ আছে৷ ময়ো বিনাপ্ৰতিবাদে তাইৰ পিছে পিছে বাট বুলিছোঁ৷ প্ৰতিবাৰেই হাতত কিবা এটা উঠাই লৈ তাই কয়- “অই, চোৱা না…কালাৰটো কেনেকুৱা ধুনীয়া লাগিছে! এইটো লওঁনে?” প্ৰতিবাৰ লোৱা বুলি কোৱাৰ সময়ত মোৰ মনৰ মাজৰ অংক মাষ্টৰটো সাৰ পাই উঠে৷ তোমাৰ হাতত সাতটা কলম আছিল, তাৰে তুমি ৰাজুক দুটা দিলা, তোমাৰ হাতত কেইটা থাকিব? অংকটো কৰি মনে মনে তাইৰ পিছে পিছে আকৌ আগবাঢ়ো, উপায়ওতো নাই, নিজ মুখে বৰষিছিল- “যি লাগে ল’বা”! এতিয়া লোৱাজনেতো ল’বই, দিয়াজনে দিযাটোহে কথা! মহিলাৰ বাবে থোৱা কাপোৰৰ মাজে মাজে তাই আগবাঢ়িছে, পিছে পিছে মই…৷ যিফালে চাওঁ সেইফালেই কেৱল মহিলাৰে ভিৰ৷ অৱশ্যে কেৱল যে মইয়ে পুৰুষ তেনে নহয়, তাৰ মাজতে যি দুই এজন পুৰুষক দেখোঁ, মুখ ফুটাই একো নক’লেও বুজো- তেওঁলোকৰো দশা মোৰ দৰেই৷ কোনোবা জনৰ চকুৱে চকুৱে পৰিলে হয়তো অজানিতে সমবেদনা এটা জনাই পেলাওঁ, নিৰৱে দুখৰ সমভাগীও হওঁ৷ এইবাৰ যিহেতু পাল পৰিছিল কাপোৰৰ গতিকে এনে লাগিছিল তাই যেন সেয়া কাপোৰৰ বজাৰ নকৰি কাৰোবাক অপাৰেশ্বন থিয়েটাৰত সুমুৱাই অপাৰেশ্বনহে কৰিছিল৷ তাই এযোৰ কাপোৰ লৈ ট্ৰায়েল ৰুমত সোমাই, মই বাহিৰত উৎসুকতাৰে ৰৈ থাকো৷ তাই ওলাই আহিলেই অধিৰ আগ্ৰহেৰে তাইৰ মুখলৈ চাওঁ, তাই কয়- “এ নহ’ব বুইছা, এইযোৰ পিন্ধাৰ পিছত কিবা কালাৰটো ভাল লগা নাই…” এনে লাগে যেন ডাক্টৰে কৈ গ’ল- “নহ’ব বুইছা, ব্লাড গ্ৰুপটো মিলা নাই”৷ পিছৰযোৰ লৈ আকৌ ভিতৰ সোমাই, মই ৰৈ থাকো, ওলাই আহি কয়- “এহ্ লেফ্ট ছাইৰ এই ডিজাইনটো কিবা এটা মেটছ্ কৰা নাই…” এনে লাগিল যেন ডাক্টৰে ৰোগীৰ লেফ্ট কিডনীটোহে বেয়া বুলি কৈ গ’ল৷ অৱশেষত তিনিযোৰ কাপোৰেৰে এঘণ্টাযোৰা কাপোৰ অপাৰেশ্বনটো তাই শেষ কৰিলে৷ লগে লগে ফাইনেলিষ্ট কাপোৰ তিনিযোৰৰ প্ৰাইছ টেগবোৰ চাই মোৰ অংক মাষ্টৰ ব্যস্ত হৈ পৰিল৷ হ’ব… হৈ যাব, এইখিনিলৈ পৰা যাব… কিন্তুু আৰু বেছি সময় তেনেকৈ পাৰ কৰিব পৰা যে নাযাব মই লাহে লাহে বুজি আহিছোঁ৷ সেয়ে তাইক ক’লো- “অই, বৰ ভোক লাগিছে, কিবা এটা খাই লওঁ ব’লা৷ “ বজাৰ পিছতো হৈ থাকিব লাগে…৷ তাই ক’লে – “চেহ্… মোৰ যে দুটামান পাৰ্চনেল বস্তু ল’বলৈয়ে আছে! বাৰু হ’ব দিয়া, ব’লা নহ’লে খাইয়ে লওঁ আগতে৷”
পাৰ্চনেল বস্তু? ইমান সময়ে লৈ থকা বোৰনো কি আছিল? -মনে মনে ভাবিলোঁ, মুখ খুলি একো নক’লো৷ গতিকে দুয়ো কাপোৰৰ মাজৰ পৰা ওলাই আহিলোঁ৷ কাউণ্টাৰত আহি বিল পেইমেণ্ট কৰি চিধাই ৰেষ্টুৰেণ্ট এখনত খাবলৈ বুলি আহি দেখো ভণ্টি আৰু তাইৰ লগৰ ছোৱালী এজনীয়ে বহি লৈ আৰামত চিকেন চাওমিনৰ জুতি লৈ আছে৷ মই আৰু তাই আহি ভণ্টিৰ মুখৰ আগতে পৰিলোঁ৷ ইফালে আকৌ তাইৰ কথা ভণ্টিয়ে এক শতাংশও নাজানে৷ মই থৰহৈ ৰৈ গ’লোঁ৷ চাওঁকচোন কি যে অপূৰ্ব দৃশ্য৷ ভণ্টিয়ে মুখৰ পৰা আধা ওলমি থকা চাওমিন এডালৰ সৈতে ডাঙৰকৈ চকু দুটা মেলি থৰহৈ মোলৈ চাই আছে, মই হাতত দহটামান প্লাষ্টিকৰ বেগলৈ ভণ্টিলৈ চাই আছোঁ, ইফালে মই ৰৈ যোৱা দেখি মোৰ ভাবি শ্ৰীমতীয়ে মোক ৰৈ গ’লা কিয় বুলি হাতত ধৰি টানিব ধৰিছে৷
তাৰ পিছত আৰু কি! সকলোৱে নিজৰ মাজত চিনা পৰিচয় হ’ল, ভণ্টিয়ে দুটামান ইণ্ডাইৰেক্ট সংলাপো শুনালে৷ ইমান দিনে ফাইলতে গাপ খাই থকা কথা এটা ভণ্টি নামৰ মেডিয়া হাউছৰ হাতত পৰিলগৈ৷ ভাবি শ্ৰীমতীয়ে ভণ্টিক প্লাষ্টিকৰ বেগৰ পৰা বস্তুবোৰ এটা এটাকৈ দেখুৱাই গ’ল৷ ভণ্টিও উচপ খাই উঠিল- কোনে দিছে ? ? দাদায়ে? তাৰ পিছতে তাইৰো দাবী আৰম্ভ হৈ গ’ল৷ একেবাৰে মোৰ দাবী মানিবই লাগিব ধৰণৰ কথা এটা হৈ গ’ল মুহূৰ্ততে৷ শেষত বুদ্ধি এটা কৰি তাইক বুজালো- “চা, তোক কি লাগে পিছত ল’বি, এতিয়া মই বুকফেয়াৰলৈ যাব লাগিব৷ অফিচৰ পৰা সোণকালে ওলাইছো, আজি নগ’লে যোৱাই নহ’ব৷ মই ভালকৈ জানো ভণ্টি আৰু শ্ৰীমতী দুয়ো কিতাপ বুলিলে সদায় সাত যোজন আঁতৰত৷ কলেজৰ কেইখন নপঢ়িলে নহয় বাবেহে পঢ়ে৷ গতিকে বুকফেয়াৰ গ’লে মোৰ বৰ বিশেষ ক্ষতি নহ’ব৷ পিছে নাই, নামানিলে৷ ইমানকৈ বুজালোঁ, শ্ৰীমতীয়ে ধৰিব নোৱাৰাকৈ আকাৰে ইংগিতে টকাৰ অসুবিধাৰ কথাও বুজাব যত্ন কৰিলোঁ, কিন্তু নাই, এক্কেবাৰে বুজি নাপালে৷ গতিকে এইবাৰ আকৌ ভণ্টিকলৈ সোমালোগৈ মলৰ ভিতৰত৷ সম্পূৰ্ণ দুটা ঘণ্টা৷ থকা গান্ধীকেইটা সম্পূৰ্ণ উচন যোৱাৰ পিছত দুখে শোকে ঘৰমুৱা হ’লো৷ বগা শ্বাৰ্ট এটা ভাল লগাত দেউতাক দিম বুলিয়ে একেবাৰে শেষৰখন নোটেৰে সেইটোকো সামৰি আনিলো৷ মাহটো পাৰ হ’বলৈ তেতিয়াও বাৰটা দিন বাকী৷ তাকৰীয়া দৰমহাৰে দুইজনীৰে উদৰ পূৰাওতে পূৰাওতে নিজলৈতো একো নল’লোৱে বাকী থকা বাৰটা দিনৰ কথা ভাবিয়ে লাহে লাহে কঁপি উঠিছোঁ৷ ঘৰপাই ভণ্টিয়ে হুলস্থুল লগাই দিছে৷ “অ’.. মা… দাদাই মোক কি দিলে চোৱাহি৷ তাৰ ফাৰ্ষ্ট চেলাৰি…” পাকঘৰৰ পৰা মায়ো লৰা লৰিকৈ ওলাই আহিল তাইৰ চিঞৰ শুনি৷ দেউতাইও টিভিৰ ভলিউমটো কম কৰি ভিতৰত কিহৰ হুলস্থুল হৈছে গম লৈছে৷ মই সেইসময়তে হাতত শ্বাৰ্টটো লৈ দেউতালৈ আগবঢ়াই দিলো…শ্বাৰ্টটোলৈ দেউতাই এবাৰ চালে৷ তাৰ পিছতে লাহেকৈ মোৰ ফালে চাই সুধিলে- মাৰলৈ কি আনিলি? মই তেতিয়াহে সম্বিত ঘূৰাই পোৱা মানুহৰ দৰে কঁপি উঠিলোঁ৷ প্ৰেয়সী আৰু ভণ্টিক দিওঁতে দিওঁতে মালৈ যে কিবা এটা আনিব লাগে মোৰ মনলৈকে নাহিল৷ হয়তো চকুত নপৰা হ’লে শ্বাৰ্টটোও দেউতালৈ অনা নহ’লহেঁতেন! মই দেউতাৰ কথাৰ একো উত্তৰ নিদিয়াকৈ আঁতৰি আহিলোঁ৷ ইতিমধ্যে ভণ্টিয়ে এটা এটাকৈ বস্তুবোৰ মাক দেখুৱাই গৈ আছে৷ হয়তো মায়েও অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে পুতেকে প্ৰথম দৰমহাৰে মাকলৈ অনা উপহাৰটো চাবলৈ! ইফালে মোৰ প্ৰেয়সীয়েও চাগে বস্তুবোৰ লগৰবোৰৰ আগত দেখুৱাই হোষ্টেল তল ওপৰ কৰি আছে৷ কিন্তু মই… মই কেৱল মাৰ চকুলৈ চাই ৰৈছোঁ৷ ভঁৰালো নাই, আকালো নাই, তথাপিও উদগ্ৰীৱ এযোৰ চকু যেন বাৰে বাৰে সেমেকি উঠিছে৷ এখোজ দুখোজকৈ মই মাৰ ওচৰলৈ আগুৱাই গ’লো, মাৰ ওচৰলৈ গৈ থোকা-থোকি মাতেৰে আগবঢ়াই দিলোঁ মোৰ অসহায় স্বীকাৰোক্তি- “পইচাই শেষ হৈ গ’ল অ’ মা…একোৱে আনিব নোৱাৰিলো৷ “বস্তুবোৰ দেখুৱাই থকা ভণ্টিও হঠাৎ ৰৈ গ’ল৷ মায়ে মোৰ চকুলৈ চালে৷ “হ’ব দে একো নাই”- বুলি সামান্য হাঁহি এটা মাৰি মা আকৌ পাকঘৰলৈ সোমাই গ’ল৷ ভণ্টিয়েও একেঠাইতে বহি মোৰ ফালে চাই থাকিল৷ মই কিন্তু মুঠেও সহজ হ’ব পৰা নাই৷ বহু কথাই আহি মনটোক হেঁচা মাৰি ধৰিছেহি৷ এজন মানুহ কিমান সফল হ’লে বা কিমান মোটা অংকৰ দৰমহা পালে তেওঁ আচলতে মাতৃৰ অৱদান পৰিশোধ কৰিব পাৰে! প্ৰত্যাশাৰ পৰিধিনো কিমান ডাঙৰ হ’ব পাৰে এগৰাকী মাতৃৰ বাবে নিজ পুত্ৰৰ পৰা! নিজৰ কোঠালৈ আহি বিছনাখনতে পৰি কথাবোৰ ভাবি আছোঁ…সৰুৰ পৰা এতিয়ালৈকে মাৰ উমাল সান্নিধ্যৰ প্ৰতিটো মুহূৰ্তই মোৰ চকুৰ আগেৰে পাৰহৈ গ’ল৷ লাহে লাহে মোৰ চকু দুটা সেমেকি উঠিছে৷ কথাবোৰ ভাবি থাকোতেই খৰখেদাকৈ মা মোৰ কোঠালৈ সোমাই আহিল৷ পিছে পিছে ভণ্টি আৰু দেউতাও৷ মই বিছনাখনতে উঠি বহিলোঁ৷ মায়ে আহিয়ে ক’লে- “কি হ’ল, ৰূমতে সোমাই আছ যে? দে দে মোবাইলটো দে..জীৱনৰ প্ৰথমটো দৰমহা পাইছ, গোটেইকেইটাই আজি এখন ছেলফিকে উঠো দে…”
ছেলফি! ! – মই কিবা অবাক হৈ গ’লোঁ৷ ছেলফিৰ বিষয়ে মায়ে যে কিবা জানিবও পাৰে সেই ধাৰণাটোও যে মোৰ নাছিল৷ মাৰ মুখত ছেলফিৰ কথা এনেকৈ শুনিম বুলি মই কিন্তুু কেতিয়াও ভাবা নাছিলোঁ৷
– কি হ’ল? থৰ লাগিলি যে? দে আকৌ মোবাইলটো.. তোৰ মোবাইলটো ডাঙৰ কাৰণেহে কৈছোঁ!
তাৰ পিছতে তিনিও ছেলফি উঠিবলৈ যিহে ভয়ানক পজ দিব ধৰিলে, ময়ো বেলেগ চিন্তা বাদ দি নিজকে ছেলফিৰ বাবে সাজু কৰিলোঁ…
এক…দুই…তিনি… ক্লিক… আমাৰ সৰু পৰিয়ালটোৰ প্ৰথম আৰু একমাত্ৰ ছেলফিখন পলকতে সাজু হৈ উঠিল…
————–
মাৰ আইদিয়া মতেই এতিয়া সেইখন ছেলফিকে বন্ধাই ড্ৰয়িং ৰুমৰ এচুকত ওলমাই থৈ দিছোঁ৷ সৰু আৰু সুন্দৰ ছেলফিখনে বৰ ধুনীয়াকৈ ৰৈ আছে বেৰ শুৱনি কৰি৷ কিন্তুু নতুনকৈ কথা এটা হৈছে৷ বন্ধাই অনাৰ পিছৰ পৰা আটায়ে ছেলফিখনৰ ওচৰলৈ গৈ আক্ষেপ কৰে৷ দেউতাই কয়- “ধেই মোক মষ্ট পেটলা পেটলা লাগিছে”৷ ভণ্টিৰ আকৌ সদায় এটাই কথা, তাইক হেনো বেয়া লাগিছে কিবা এটা, কিন্তুু কি কথাতনো বেয়াতো লাগিছে সেইটো কিন্তুু এতিয়ালৈ তাই উলিয়াব পৰাগৈ নাই৷ ইফালে মাৰ আকৌ দুখটো অলপ বেলেগ, ঘৰত পিন্ধা চাদৰ খনদিয়ে হেনো ছেলফিখন উঠিব পাৰেনে! ! তাতেই প্ৰথমখন ছেলফি!
আৰু মই….! !
মোৰ বাবে সেইখনতো কেৱল ছেলফিয়ে নহয়, মোৰ অনুতপ্ত অনুভূতিবোৰৰ এখন জীয়া ছবি…
গতিকে…
মিছা কলে কিডাল হ’ব…মোক ভালেই লাগিছে…! ! !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক