দৰা ধৰা (প্ৰতিভূ দত্ত)

জাগীৰোডত W/L অৰ্থ জনাৰ পাছত মোৰ মন তৃপ্তিৰে ভৰি পৰিল৷ বাহিৰলৈ চাই চাই আপোন পাহৰা হৈ গৈ আছো৷ পাছে বৰ বেছি পৰ বাহিৰলৈ চাই থাকিব নোৱাৰিলোঁ৷ বাছৰ ভিতৰত আৰম্ভ হ’ল চিৰতন-হৰতনৰ যুঁজ৷ নগাঁওৰ পৰা নো শিৱসাগৰ কেতিয়া পালো গৈ গমেই নাপালোঁ৷ বাছৰ পৰা নামি জেপৰ ধনকেইটা হিচাপ কৰিহে গ’ম পালো নগাঁওৰ পৰা শিৱসাগৰলৈ ১২০০ টকামান ভৰিব লগাত পৰিলোঁ৷ মনতে ভাবিলোঁ ৰাতিলৈ সেই কেইটা মোকলাব লাগিব৷

কইনাৰ ঘৰ নাজিৰালৈ যোৱাৰ বাটত পোৱা চূণপোৰা তিনি আলিত৷ শিৱসাগৰত বাহৰ পতা হৈছিল বৰপুখুৰীৰ পাৰত থকা অসম চৰকাৰৰ কোনে এক ক’লনিত৷ ৰাতি মেহফিল ভালেই জমি উঠিল৷ দৰা আকৌ এক বিশেষ ধৰণৰ নৃত্যত বিশাৰদ৷ তেওঁ সেইদিনা বহু ৰাতিলৈ নাচিলে৷

পাছদিনা ৰাতিপুৱা ৭ মান বজাতে গা-পা ধুই মই চুট-বুট পিন্ধি তৈয়াৰ৷ দৰাৰ মাকে মোৰ ফালে চাই সুধিলে,‘জোৰণ পিন্ধাবলৈ তয়ো যাবি নেকি ? ৰাতিপুৱাই ইমান সময় বাথৰুমটো বন্ধ কৰি ৰাখিছ কেলৈ ?’

মই সেমেনাসেমেনি কৰি ক’লো,‘নাই খুড়ী মই আকৌ জোৰণ পিন্ধাবলৈ কিয় যাম ? মই মেলাচকৰৰ ফালে চক্কৰ এটা মাৰিবলৈ যাম৷’

সেই সময়ত মোৰ বিয়া হোৱা নাছিল আৰু মোৰ ভাবী পত্নীৰ ঘৰ মেলাচকৰত৷

এফালে গগুৰ জোৰণ ওলাল আনফালে মই গৈ মেলাচকৰ পালো গৈ৷

জোৰণত কি হ’ল নাজানো , মই পাছে লুচি আৰু কণী তৰকাৰিৰে এপেট খাই ১০মান বজাত আহি বাহৰ পালোহি৷

দৰা আৰু বাকী লগৰ বন্ধু সকল টোপনিত লালকাল৷

মই চিন্তা কৰি দেখিলো বিয়া কাইলৈ৷ দুলীয়াজানৰ পৰা এপাক মাৰি আহিব পৰা যায় দেখোন৷ দৰাক কথাটো জনাই দুলীয়াজানলৈ বুলি ওলালোঁ৷ দৰাই চকু দুটা নেমেলাকৈয়ে ক’লে,‘কাইলৈ কিন্তু সময়ত আহি যাবি৷’

সেই সময়ত দুলীয়াজান গ’লে অইল ক’লনিৰ ডি.এক্স-১১৮ত মোৰ স্থায়ী বাহৰ৷ মই যোৱা বুলি খবৰ পায় অইলত কৰ্মৰত মোৰ কলেজীয়া দিনৰ দুটা ৰুমমেট অনি আৰু পদুম আহি ওলাল৷ আকৌ আৰম্ভ হ’ল স্মৃতি ৰোমন্থন৷ যথাৰীতি মোৰ ভাগতেই পৰিল আমাৰ কলেজীয়া দিনৰ ওলোটা-ওভতা কাণ্ডবোৰৰ কথা আকৌ এবাৰ কৈ যোৱাৰ৷

পাছ দিনা দুইমান বজাত আমি শিৱসাগৰলৈ বুলি ৰাওনা হ’লো৷ ৫মান বজাত শিৱসাগৰ পাব পাৰিলে ভাল হ’ব৷ অকণমান সময় দৰাটোৰ সৈতে ফূৰ্তি কৰিব পাৰিম৷ সুযোগ পালে ৰুমমেট কেইটাৰ সৈতে মেলাচকৰতো চক্কৰ এটা মাৰি আহিব পাৰিম৷

চেপনলৈ ঠিকেই আহি পালো৷ সোমাই দিলোঁ খাৰঘৰীয়াৰ ধাবাত৷ তাতেই অলপ পলম হৈ গ’ল৷ বন্ধুৰ বিয়া বুলি অলপ ৰঙীন মেজাজৰ হৈ ল’লো৷ শিৱসাগৰ পাওঁতে ৬মান বাজিল৷ দৰাৰ বাহৰ পায় গম পালো বৰযাত্ৰী কেতিয়াবাতে গ’ল হেনো৷ কইনা ঘৰৰ ঠিকনা ভালকৈ বুজি লৈ ৰাওনা হ’লো চূণপোৰা অভিমুখে৷ আক-তাক সুধি উলিয়ালোঁ গৈ কইনাঘৰ৷

কইনাঘৰত সোমাই দৃশ্য দেখি চকু কপালত উঠিল৷ চকী-মেজ সকলো ওলট পালট৷ বৰযাত্ৰীৰ ফালৰ মানুহটো বাদেই কুকুৰ দুটামানৰ বাহিৰে আৰু বেলেগ কোনোৱে নাই ৰভাতলীত৷ অকণমান আগুৱাই গৈ দেখিলো এজন বয়সীয়াল ভদ্ৰলোক বহি আছে আৰু তেখেতৰ সন্মুখত এটা বিলাতী সুৰাৰ বটল৷ আমি নিজৰ মাজতে কথা পাতিলোঁ,‘বিয়া কিবা কাৰনে নহ’ল গৈ চাগৈ আৰু তেখেতে এটা ট্ৰেজেডী ফালি আছে৷ ব’ল ব’ল ইয়াৰ পৰা যোৱাই ভাল হ’ব৷’

সিদ্ধুৱে মাত লগালে,‘মই গৈ সুধি আহোঁ৷ তহঁত গাড়ীত বহগৈ যা৷’

সিদ্ধু আগুৱালে বয়সীয়াল ভদ্ৰলোকজন ফালে আৰু আমি উলটিলো গাড়ীলৈ৷

বহু পৰ অপেক্ষা কৰাৰ পাছতো সিদ্ধু উলটি নহাত আমি বিবুদ্ধিত পৰিলোঁ৷

‘তাক কেনেবাকৈ বান্ধি থৈ দিলে নেকি ?’

আমি আটাইকেইটা চুচুক-চামাক কৈ আকৌ ৰভাতলী পালো গৈ৷

আমাক দেখি বয়সীয়াল ভদ্ৰলোকজনে মাত লগালে,‘দৰাৰ বন্ধু হৈ ক’ত ৰৈ আছা ? আহা আহা অলপ চেলিব্ৰেট কৰো৷’

কথাখিনি শুনিহে আমাৰ মুখলৈ পানী আহিল৷

ইতিমধ্যে ঘৰৰ ভিতৰৰ গিলাচ আৰু পানীও আহিল৷

কথা পাতি বুজিলোঁ লগ্ন আবেলি চাৰি বজাতে আছিল আৰু সাতমান বজাত আমাৰ দৰাই কইনালৈ ওভতি গ’ল৷

আমি ব্যস্ত হ’লো আমাৰ চেলিব্ৰেচেনত !

সামৰণি :

নাই কাহিনী শেষ হোৱা নাই৷

আপুনি হয়তো ভাবিছে এই লেখাটোৰ নাম দৰা-ধৰা কিয় ?

আমাৰ চেলিব্ৰেচেন চলি আছে৷ তাৰ মাজতে মোৰ ফোনটো বাজিল৷ ০৩৬১-২৭…. জাতীয় নম্বৰ এটা৷ কোনোবাই গুৱাহাটীৰ পৰা কৰিছে৷ কোনে ধৰিব এই চেলিব্ৰেচেনৰ মাজত অচিনাকি ফোন ?

কিন্তু তিনি চাৰিবাৰমান বজাৰ পাছত মই ফোন ধৰিবলৈ বাধ্য হ’লো৷

‘প্ৰতিভূ ক’ত আছা হে ? সকলো ৰৈ আছে তোমাৰ কাৰণে৷ দৰা ধৰা হৈ ইমান দেৰি কৰিলে কেনেকৈ হ’ব ? আৰু দৰাৰ সাজটো তোমাৰ তাত আছে নহয়৷ আহোঁতে লৈ আহিবা৷’

মনত পৰিল গুৱাহাটীত সুবুৰ আজি বিয়া আৰু মই দৰা ধৰা !!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক