দৰিদ্ৰতাৰ নিৰ্দয় শিকলি ছিঙি — মীনাক্ষী বৰুৱা

কঠোৰ পৰিশ্ৰম, দৃঢ়তা আৰু অধ্যৱসায়ে মানুহক সপোনৰ শীৰ্ষ বিন্দুত উপনীত কৰাব পাৰে। এই তিনিৰ সুসমন্বয়ে মানুহক যিকোনো প্ৰতিকূল পৰিস্থিতিৰ বিপক্ষে যুঁজ কৰি বাঞ্চিত লক্ষ্য প্ৰাপ্তিত সহায় কৰে। ড০ ৰুবুল মাউতৰ আত্মজীৱনীমূলক গ্ৰন্থ “মোৰো এটা সপোন আছে” এই তিনিওৰে সুন্দৰ সংমিশ্ৰণ। গ্ৰন্থখনি আত্মজীৱনীমূলক গ্ৰন্থ হ’লেও ই সমাজৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰেৰণাৰ অমল উৎস। অসম-অৰুণাচল সীমান্তৰ কৈলাসপুৰৰ টঙনা ন-গাওঁ( আন এটা নাম বেতনি গাওঁ) নামৰ এখন পিছপৰা গাঁৱত ড০ ৰুবুল মাউতৰ জন্ম। দৰিদ্ৰতাৰ গ্ৰাসত কাঙাল গাঁওখনত আধুনিক জ্ঞান-বিজ্ঞান-সভ্যতাৰ শিক্ষা লোৱাৰ সপোন দেখাতো আছিল যেন অবাস্তৱ। গ্ৰন্থখনিত লেখকে দৰিদ্ৰতাৰ সীমা অতিক্ৰমি আমেৰিকাৰ মাচাছ্যুচেটচ বিশ্ববিদ্যালয়লৈ যোৱা কঠোৰ সংগ্ৰামৰ কাহিনী অতি সাৱলীল ভাষাৰে বৰ্ণনা কৰিছে। গাঁও‍খনৰ অৱস্থিতি সম্পৰ্কে লেখকে কৈছে, “এই খণ্ডৰ পৃথিৱীলৈ যাতায়তৰ ব্যৱস্থা তেনেকৈ নাছিলেই। দূৰণিবটীয়া আলহী আহিলে ডুমডুমাৰপৰা বেতনিলৈ কমেও আধাদিন খোজ কাঢ়িব লাগিছিল। .. ৰাস্তা-ঘাটৰ আকাৰ-আকৃতি আছিল অতি শোচনীয়, বাৰিষাৰ দিনত ফেনে-ফোটোকাৰে বৈ থকা নৈ-জান পাৰ হৈ দূৰণিবটীয়া মানুহবোৰ আমাৰ ঘৰলৈ অহাটো আছিল কল্পনাৰো অগোচৰ।” তেনে এখন গাঁৱৰে এটি অভাৱগ্ৰস্ত পৰিয়ালৰ তৃতীয় সন্তান ড০ ৰুবুল মাউত। ঘৰখনত পিতৃ-মাতৃ, আইতাক, পেহীয়েক আৰু পাঁচটি সন্তানৰ সৈতে মুঠ মানুহৰ সংখ্যা ন জন। উপাৰ্জনৰ আহিলা মাথোঁ ঘৰৰ সমুখৰ কেইডৰামান খেতিমাটি। তাৰো গোটেইখিনি মাটিতে খেতি নহৈছিল। কেইবিঘামান মাটি বৰ দ আছিল আৰু কেইবিঘামান আছিল বেছি বাম। হালোৱা ৰাখিলে ফচল ভাগ কৰিব লগা হয়। বছৰটো খাবলৈ নোজোৰে। সেয়ে ন-দহ বছৰ বয়সতে লেখকে পিতৃৰ সহযোগী হৈ পালন কৰিব লগা হৈছিল ঘৰুৱা দায়িত্ব। ভোকৰ যন্ত্ৰণা সহিব লগা নহ’লে মানুহে হৃদয়ংগম কৰিব নোৱাৰে এনে দায়িত্বৰ প্ৰয়োজনীয়তা কিমান। কেৱল এয়াই নহয়; গৰু চৰোৱা, বজাৰত শাক-পাচলি বিক্ৰী কৰিবলৈ যোৱা আদি কামবোৰৰ দায়িত্বও তেওঁ ছাত্ৰাৱস্থাতে পালন কৰিব লগা হৈছিল। ভোকৰ তাড়নাত দুবাৰমান ৰাস্তাত বনুৱাৰ কাম কৰিবলৈও বাধ্য হৈছিল। এই কথাবোৰে পৰৱৰ্তী পৰ্যায়ত লেখকক দায়িত্ববোধৰ শিক্ষা দিয়া বুলি স্থানান্তৰত তেওঁ স্বীকাৰ কৰিছে। অৱশ্যে উৎসাহজনক কথা এয়ে যে, ইয়াৰ মাজতো তেওঁ বুকুত কঢ়িয়াই ফুৰা সপোনটো বৰ সযতনে পালন কৰিছিল। কৃচ্ছ্ৰসাধনা আৰু ভাগ্য‌ক অৱলম্বন কৰি জীৱনৰ জটিল পথবোৰ অতিক্ৰম কৰিছিল। এই নিৰ্মম পৃথিৱীখনত মূল্যবোধৰ জীৱন এটা যাপন কৰিবলৈ অহৰহ চেষ্টা কৰিছিল। উচ্চৰপৰা উচ্চতৰ পৰ্য্যায়লৈ আৰোহণ কৰোঁতে অতিক্ৰমি অহা পথটিৰ স্মৃতিও মনৰপৰা মচি পেলোৱা নাছিল।
প্ৰচেষ্টা আৰু প্ৰস্তুতি অবিহনে সৌভাগ্য‌ই যে দেখা নিদিয়ে, এই কথা লেখকে প্ৰতি মূহুৰ্ততে অনুভৱ কৰিছে। সেইবাবে হাজাৰ প্ৰতিবন্ধকতা স্বত্বেও তেওঁ লক্ষ্যৰ দিশে ধাৱমান হোৱাৰ ন ন বাট নিজেই বিচাৰি উলিয়াইছে। কঠিন জীৱন সংগ্ৰামে মানুহৰ অন্তৰ্দৃষ্টি মুকলি কৰে। বিলাসী জীৱনে জীৱনৰ বহু কথাই নেদেখে। ড০ ৰুবুল মাউতৰ শৈশৱে প্ৰথিতযশা সাহিত্যিক ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ শৈশৱৰ কথা মনত পেলায়। এটা সাক্ষাৎকাৰত শ‌ইকীয়া ছাৰে কৈছিল, “মই যদি আঢ্যৱন্ত মানুহৰ পকীঘৰত জন্মিলোহেঁতেন তেনেহলে বহু কথাত মই আজি দুখীয়া হৈ থাকিলোহেঁতেন।” ড০ ৰুবুল মাউতকো তেওঁৰ নিঃকিন শৈশৱে সমৃদ্ধ কৰিছে। দীনতাক অতিক্ৰমি যিমানে স্বচ্ছলতাৰ দিশে গতি কৰিছে সিমানেই কটকটীয়া হৈ উঠিছে ওপজা মাটিৰ প্ৰতি থকা টান। ঘৰখন, গাঁওখন আৰু অভাৱগ্ৰস্ততাৰ প্ৰতি ফুটি উঠা কৃতজ্ঞতাতে লেখকৰ সুস্হ জীৱন দৰ্শনৰ মহত্ত্ব প্ৰকাশ পাইছে।
বাঁহৰ চাং এখনেই আছিল তেওঁলোকৰ পঢ়া টেবুল। চাকি জ্বলাই পঢ়িব পৰা সামৰ্থকণো নথকা ঘৰখনৰ ল’ৰা-ছোৱালীকেইটাই পঢ়া-শুনা কৰিবৰ বাবে পুৱা পোহৰ হোৱাৰ লগে লগেই শয্যা ত্যাগ কৰিব লগা হৈছিল। আনকি ঠাণ্ডাৰ দিনতো! পুৱাতে পঢ়া-শুনাৰ কাম শেষ কৰি স্কুললৈ যোৱাৰ আগতে দেউতাকক খেতি পথাৰত সহায় কৰাটো আছিল এৰাব নোৱৰা দায়িত্ব। বাম খেতিৰ তলীত বনৰীয়া কচু বচা, মৈত উঠা আদি কামবোৰ দেউতাকৰ সৈতে সিহঁতে নকৰিলেই নহয়। ইমান কষ্ট কৰিও এসাঁজ ভাল ভাতৰ বাবে হাহাঁকাৰ কৰিব লগা হৈছিল।তেল, দালিৰ অভাৱত ভাতৰ সৈতে খাব লগা হৈছিল আলু, কঠালগুটি অথবা ৰঙলাও পিটিকা। কেতিয়াবা স্কুললৈ যোৱাৰ আগতে গৰম পানীৰ সৈতে কেৱল কল-গুৰ আৰু কঁঠালৰ গুটি খোৱাৰ কথাও তেওঁ উল্লেখ কৰিছে।

শৈক্ষিক পৰিৱেশ গাঁৱত মুঠেই নাছিল। তেনে এক পৰিবেশত সম্পূৰ্ণ নিজৰ চেষ্টাত কিতাপৰ পাঠ আয়ত্ব কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈ তেওঁ বংশৰ লগতে অঞ্চলটোৰ নাম উজলাবলৈ সক্ষম হ’ল। এই সফলতাৰ বুকুতে এটা নতুন সপোনে পোখা মেলিলে। লগতে আৰম্ভ হ’ল আন এখন অৰ্থনৈতিক সংগ্ৰাম। মাটি বন্ধকত ৰাখি ৰাখি দেউতাকে স্নাতকোত্তৰ পৰ্যায়লৈকে পঢ়াই থাকোঁতে ঘৰখনৰ আৰ্থিক অৱস্থা নিম্নৰ পৰা নিম্নতৰ পৰ্যায়লৈ গতি কৰিলে। ককায়েকে ইতিমধ্যেই ছিকিউৰিটি গাৰ্ডৰ কষ্টকৰ জীৱন এটা আকোঁৱালি ল’লে। ভায়েকৰ সপোন পূৰণ নোহোৱা পৰ্যন্ত তেওঁ এই কামটো কৰিয়েই থাকিল। অভাৱ আৰু প্ৰয়োজনৰ দ্বন্দ্ব‌ই মানুহক কেনেকৈ অনৈতিক কাৰ্য্য কৰিবলৈ প্ৰৰোচিত কৰে, সেই কথা উপলব্ধি কৰিবৰ বাবেও লেখকে দুটামান বৰ স্পৰ্শকাতৰ ঘটনা নিভাঁজ সাধুতাৰে বৰ্ণনা কৰিছে। অভাৱগ্ৰস্ততাৰ জটিল পৰিসীমা অতিক্ৰমি লেখকক সপোনৰ শীৰ্ষ বিন্দুত আৰোহণ কৰোৱাৰ ক্ষেত্ৰত তিনিচুকীয়া কলেজৰ লাইব্ৰেৰীটোৰ অৰিহণাই আছিল প্ৰধান। ধূলিৰ মাজত পোত গৈ থকা এফ্ এ কটন আৰু জেফ্ ৰি উইলকিনচনৰ প্ৰিন্সিপ’ল অৱ ইনৰগেনিক কেমেষ্ট্ৰী, আই এল ফিনাৰৰ অৰগেনিক কেমেষ্ট্ৰী, জেৰি মাৰ্চৰ ৰিয়েকচন মেকানিজম আদি কিতাপ কেইখনে লেখকক সংগ্ৰামৰ পৃথিৱীৰ পৰা আঁতৰাই অণু-পৰমাণুৰ এখন ৰহস্যময় পৃথিৱীলৈ লৈ গৈছিল। এই কিতাপকেইখনৰ বুকুতে লিপিবদ্ধ হৈ আছিল “মানুহৰ জীৱনৰ কাহিনীৰ দৰে অজস্ৰ অণু-পৰমাণুৰ উত্তেজনাপূৰ্ণ অথচ নিতান্তই সৰল কাহিনী।” কিতাপকেইখনৰ তাত্ত্বিক আৰু নতুন ধাৰণাৰ কথাবোৰ আছিল অত্যন্ত জটিল। টিউচন লোৱাৰ সামৰ্থ্য নথকাৰ বাবে তেওঁ একেখিনি কথাকে বুজিবৰ বাবে বহুবাৰ পঢ়িব লগা হৈছিল। এই স্ব-পঠনৰ ফলত কথাবোৰ চিৰদিনৰ বাবে মনত ৰৈ যোৱা বুলি তেওঁ প্ৰকাশ কৰিছে। এটা সপোনৰ বোকোচাত উঠিয়েই অবিচ্ছিন্নভাৱে উত্তৰণৰ দিশে গতি কৰোঁতে কেনেকৈ নতুন নতুন উচ্চতৰ সপোনে পোখা মেলিছে সেই অভিজ্ঞতাও এটাৰ পিছত এটাকৈ তেওঁ বৰ্ণনা কৰিছে। সাফল্য আকস্মিক ভাৱে লাভ কৰিব নোৱাৰি। ইয়াৰ বাবে প্ৰয়োজন হৈছিল কঠোৰ শ্ৰম আৰু দীৰ্ঘম্যাদী সাধনা। যিখন বিদ্যালয়ত বিজ্ঞান পঢ়োৱা এজন শিক্ষক নাছিল, সেইখন বিদ্যালয়ৰপৰা ওলাই গৈ বিজ্ঞানৰ ৰহস্যময় আৱিষ্কাৰ আৰু উদ্ভাৱনৰ জগত এখনত খোজ দিবলৈ সক্ষম হোৱা এই লেখকজন সঁচাকৈয়ে আমাৰ সকলোৰে প্ৰেৰণাৰ উৎস।
ইমান কম বয়সতে আত্মজীৱনী এখন লিখাৰ কথা তেওঁৰ কেনেকৈ মনলৈ আহিল! এই বিষয়ে ক’বলৈ তেওঁ এটা মৰ্মস্পৰ্শী কাহিনীৰ অবতাৰণা কৰিছে। বিয়েট্ৰিছ বিৰাৰ কাহিনী। আফ্ৰিকাৰ পশ্চিম উগাণ্ডাৰ পাৰ্বত্য অঞ্চলৰ এটি অতি দৰিদ্ৰ পৰিয়ালত জন্ম হোৱা এজনী ছোৱালী বিয়েট্ৰিছ বিৰা। স্কুললৈ যোৱাৰ দুৰ্বাৰ হেঁপাহ থকা স্বত্বেও আৰ্থিক দীনতাৰ বাবে সেয়া সম্ভব হৈ উঠা নাছিল। কিন্তু ইচ্ছা যেতিয়া দুৰ্নিবাৰ হয়, পূৰণৰ পথো নিজে নিজেই মুকলি হয়। নিয়ান্তিক নামৰ জনগোষ্ঠীয় সংস্থা এটাৰ পৰা খ্ৰীষ্টমাছ উপলক্ষে বিয়েট্ৰিছে ছাগলী এজনী উপহাৰ পালে। ছাগলী জনী লালন-পালন কৰি আৰু পোৱালী বিক্ৰী কৰি বিয়েট্ৰিছে পলমকৈ হ’লেও স্কুললৈ যোৱাৰ সুযোগ উলিয়ালে। পৰীক্ষাবোৰত বিয়েট্ৰিছে তীক্ষ্ণ মেধাৰ পৰিচয় দিবলৈ সক্ষম হ’ল। পিছলৈ জলপানিৰ সহায়ত তেওঁ আমেৰিকাৰ কানেকটিকাত কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিলে। লাহে লাহে বিয়েট্ৰিছৰ জীৱন-কাহিনী সকলোৰে মুখে মুখে প্ৰচাৰ হ’বলৈ ধৰিলে আৰু অৱশেষত ই এটা তত্ত্বৰ ৰূপ ল’লে। কম ব্যয় কৰি অধিক উপাৰ্জন কৰা এই তত্ত্বটোক কলম্বিয়া বিশ্ববিদ্যালয়ৰ বিখ্যাত অৰ্থনীতিবিদ জেফৰি চেকচে “বিয়েট্ৰিছৰ তত্ত্ব” হিচাপে আখ্যা দিলে। মানৱতাৰ গভীৰ চাপ থকা এনেকুৱা কেইবাটাও কাহিনীয়ে লেখক মাউতক নিজৰ কাহিনী লিখিবলৈ উদ্গনি দিলে। অৰ্থনৈতিক স্বাবলম্বীতাৰ অভাৱত পৃথিৱীৰ কোটি কোটি শিশু এতিয়াও শিক্ষা আৰু সভ্যতাৰ পোহৰৰ পৰা বঞ্চিত হৈ আছে। ব্যতিক্ৰমী দুই এক শিশুহে এনেকৈ আগবাঢ়ি গৈছে। সমাজৰপৰা দৰিদ্ৰতা নিৰ্মূল কৰিব পৰা হলে এনেকুৱা কত’ শিশুৱে নিজৰ লগতে দেশৰ নাম উজলাবলৈ সক্ষম হ’লহেঁতেন কোনে জানে!
“মোৰো এটা সপোন আছে” গ্ৰন্থখন কেৱল ব্যক্তিগত জীৱন-সোঁৱৰণ নহয়, ই সমস্ত দৰিদ্ৰতাৰ বিপক্ষে মুক্তিৰ সপোন। ব্যক্তিগত অভিজ্ঞতাৰ যিবোৰ কথা তেওঁ পোহৰলৈ আনিছে, সেই বৰ্ণনাৰ ভিত্তিতে দেশৰ পিছপৰা আৰু অৱহেলিত অঞ্চলৰ দৰিদ্ৰ জনসাধাৰণৰ জীৱন-যন্ত্ৰণাৰ ছৱিখন স্পষ্ট ৰূপত জিলিকি উঠিছে। দৰিদ্ৰতাৰ বোকাৰে লুতুৰি-পুতুৰি হৈ থকাৰ মাজতো মনঃচক্ষুৰে তেওঁ আত্মীয়ৰ চিন্তা-অনুভূতিক অনুধাৱন কৰাৰ প্ৰয়াস কৰিছে। গ্ৰন্থখনিত আত্মবিশ্লেষণৰ দ্বাৰা নিজৰ সীমাবদ্ধতাক হৃদয়ংগম কৰিও লেখকে এক মূহুৰ্তৰ বাবেও সপোনৰ পথটিৰপৰা বিচ্যুত হোৱা নাই। এই কথাই উঠি অহা ছাত্ৰ-ছাত্ৰীসকলক নিঃসন্দেহে মানসিক বল অনাত সহায় কৰিব। উল্লেখযোগ্য যে, গ্ৰন্থখনিত লেখকে সাহিত্যৰ কোনো চমক দিবলৈ চেষ্টা কৰা নাই। সৰল প্ৰকাশ আৰু অনুভূতিসম্পন্ন ব্যাখ্যাই প্ৰতি গৰাকী পঢ়ুৱৈকে পৰিস্থিতিৰ গভীৰলৈ সোমাই যোৱাৰ বাট সুচল কৰি দিছে। গ্ৰন্থখনিত বৰ্ণিত কোনো ঘটনাৰ সৈতে চন বা সময়ৰ উল্লেখ নাই। লেখকৰ জন্ম, আমেৰিকা যাত্ৰা অথবা বিবাহৰ দৰে উল্লেখযোগ্য ঘটনাসমূহকো তেওঁ পঢ়ুৱৈৰ সমুখত তথ্য আকাৰে দাঙি ধৰিব বিচৰা নাই। অৱশ্যে কৌতূহলী পাঠকৰ বাবে ই এক অভাৱ হিচাপে চিহ্নিত হোৱাৰ থল আছে।
গ্ৰন্থখনিৰ আন এক উল্লেখযোগ্য দিশ হৈছে লেখকৰ ইতিবাচক দৃষ্টিভংগী। দৰিদ্ৰতাক কোনো মূহুৰ্ততে অভিশাপ হিচাপে তেওঁ অভিহিত কৰা নাই, বৰং জীৱনৰ আশীৰ্বাদ স্বৰূপে গ্ৰহণ কৰিছে। তেওঁ কৈছে, “এই জীৱনটো মই এবাৰ নহয় হাজাৰবাৰ জীৱলৈ বিচাৰিম, প্ৰত্যাহ্বানৰ জীৱনটো।” এই কথাটোৱেই তেওঁৰ অন্তৰাত্মাত প্ৰচুৰ ইতিবাচক দৃষ্টিভংগী থকাৰ কথা প্ৰমাণ কৰে। অভাৱগ্ৰস্ততাই কোঙা কৰি তোলা দেউতাকৰ জীৱনৰ দোষ-ত্ৰুটিবোৰ দেখা পাইও তেখেতৰ কষ্ট আৰু ত্যাগৰ প্ৰতি লেখক শ্ৰদ্ধাশীল। মাতৃৰ মনৰ দৃঢ়তা, বিশ্বাস আৰু কঠোৰ সংগ্ৰামৰ ছৱিখনে আৰম্ভণিৰপৰা শেষলৈকে পাঠকক শ্ৰদ্ধানত কৰি তোলে। যি সন্তানে পিতৃ-মাতৃৰ কঠোৰ সংগ্ৰামৰ ছৱিখন হৃদয়ঙ্গম কৰিব পাৰে সেই সন্তান বেয়া হ’ব কেনেকৈ? ইমান কষ্টকৰ জীৱন এটা কটাই অহাৰ পিছতো যিজন ব্যক্তিয়ে ক’ব পাৰে, “জীৱনৰ সুন্দৰতাখিনি মই ভোগ কৰিছোঁ নোপোৱাৰ পাছতো পোৱাৰ আনন্দৰ যোগেদি’, সেইজন ব্যক্তি আমাৰ সমাজৰ সম্পদ নহয়নে?
গ্ৰন্থখনিত চাৰিটা খণ্ড সন্নিবিষ্ট হৈছে। তাৰে শেষৰ খণ্ডটো “দেউতাৰ অসুখ” নামেৰে নামকৰণ কৰা হৈছে। এই খণ্ডত লেখকে দেউতাকৰ অসুখৰ লগতে তেখেতৰ জীৱন-যুদ্ধৰ ছৱিখন আৰু পিতা-পুত্ৰৰ আন্তৰিক সম্পৰ্ক বৰ মৰ্মস্পৰ্শী ৰূপত ফুটাই তোলাৰ প্ৰয়াস কৰিছে। আমেৰিকাৰ বিজ্ঞানাগাৰত ‘IPSC’ আৰু ‘জিন এডিটিং’ প্ৰযুক্তিৰ আলমত দেউতাকৰ ৰোগটো কেনেকৈ অধ্যয়ন কৰিব পাৰি সেই বিষয়ে তেওঁ চিন্তা কৰিছে। অৰ্থাৎ প্ৰতি মূহুৰ্ততে নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ কথা তেওঁ মনত পেলাইছে। কেৱল ঘৰখনেই নহয়, সামাজিক দায়বদ্ধতাও তেওঁৰ বৰ্ণনাত ফুটি উঠিছে। গৱেষণাৰ সময়ত মানুহৰ জীৱনৰ ‘শত্ৰু ৰোগ’বোৰ পৃথিৱীৰ পৰা নিৰ্মূল কৰি দিয়াৰ বাসনা জাগিছে।
ড০ ৰুবুল মাউত নিঃসন্দেহে এজন সংবেদনশীল আৰু অনুভূতিপ্ৰৱণ ব্যক্তি। এই সংবেদনশীলতাই বিদেশৰ মাটিত আপোন ঠাইৰ মানুহ খিনিৰ দুখৰ চকুলো মচি দিয়াৰ কথা অহৰহ তেওঁক সোঁৱৰাই থাকে। পুতেকৰ সপোনৰ বাট মুকলি কৰি দিয়াৰ ক্ষেত্ৰত দেউতাকৰ সীমিত সামৰ্থৰ কথা গভীৰ কৃতজ্ঞতাৰে তেওঁ স্মৰণ কৰিছে। দৰিদ্ৰতাৰ সকলো গণ্ডী ওফৰাই নিজৰ পুত্ৰক বিশ্বৰ আগশাৰীৰ এখন বিশ্ববিদ্যালয়ত গৱেষণাৰ বাবে উপযুক্ত কৰি তোলা এইজন পিতৃয়ে প্ৰমাণ কৰি দেখুৱালে ‘পৃথিৱীখন কেৱল এচাম সুবিধা থকা মানুহৰ বাবেই নহয়।’
“মোৰো এটা সপোন আছে” গ্ৰন্থখন অতি সুখপাঠ্য, উৎকৃষ্ট আৰু মননশীল গ্ৰন্থ। আত্মজীৱনী যদিও গ্ৰন্থখনৰ যি আবেদন সেয়া নিশ্চিতভাৱে সাৰ্বজনীন। নিতান্তই ব্যক্তিগত অনুভৱৰ কোনো কথাই অপ্ৰয়োজনীয়ভাৱে প্ৰকাশ কৰি পঢ়ুৱৈক বিৰক্ত কৰাৰপৰা সচেতন ভাৱে তেওঁ বিৰত আছে। ১৬০ টকা মূল্যৰ এই মূল্যবান গ্ৰন্থখনিৰ প্ৰকাশক পূৰ্বায়ণ প্ৰকাশন, গুৱাহাটী। গ্ৰন্থখনি পঢ়ি শেষ কৰাৰ পিছত আমিও গভীৰভাৱে অনুভৱ কৰিছোঁ, হয়, “জীৱন এবাৰেই আহে। জীৱনত যি সপোন দেখিবলৈ নিশিকে, তেওঁলোকে সপোনহীনভাৱেই এদিন জীৱন ত্যাগ কৰিবলৈ বাধ্য।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক