দ-জোক, ফছং, জানমণী আৰু শাওণৰ এটা দিন (-মাধুৰিমা ঘৰফলীয়া)

ঠাই সলনি হ’লেও সলনি হ’ব নুখুজে চাগৈ মোৰ ঘৰৰ পদুলি গৰকি যোৱা বাটটোৰ নাম!! আমি থকা দিল্লীৰ গলিটোৰ জনপ্ৰিয় নাম যেনেকৈ কুত্তে কী গলী। তেনেকৈ আমাৰ লগৰবোৰে আমাৰ শিৱসাগৰৰ গাঁওৰ ঘৰৰ চুকটোৰ জনপ্ৰিয় নাম এটা দিছিল কুকুৰ চুক। তাৰ একমাত্ৰ কাৰণ মোৰ আৰু আমাৰ পৰিয়ালৰ জীৱ-জন্তু প্ৰতি থকা অগাধ মৰম। আমাৰ ঘৰত অতি কমেও ১২ টা কুকুৰ থাকেই। তাৰ লগতে বিভিন্ন সময়ত সংগ্ৰহ কৰা মোৰ চিৰিয়াখানাৰখনৰ আনবোৰ জীৱ-জন্তু যেনে— নেউল, শহা, মেকুৰী এইবোৰ আছেই। কোনোবাটোৱে ক’ৰবাত কিবা ঘমঘণ্ট লগালে সকলোৱে আহি মোক গালি পাৰেহি কাৰণ মই সকলো জীৱ-জন্তুৰে ধাই মাক। অৱশ্যে মোৰ সন্তান বোৰক গাঁওৰ মানুহে খুব মৰমো কৰে। বিশেষ কৈ মেকুৰী দুটিক। সিহঁতৰ বাবেই ওচৰ–চুবুৰীয়া সকলোৰে ঘৰত নিগনি, এন্দুৰৰ পৰা পঁইতাচোৰা, জেঠি লৈ কে শেষ হৈছে। মেকুৰী দুটিক লৈ মই বিৰাট গৌৰৱ কৰোঁ। মেকুৰী দুটি হ’ল- এজনী মাক, তাইৰ নাম ফছং আৰু আনটো পুতেক, নামটো জানমণী। ফছং আৰু জানমণী দোষ এটাই কাৰোবাৰ ঘৰৰ জুহালত পাতত দিয়া মাছ ফুটছাইত ভৰাই থৈছে-সিহঁতি আৰামেৰে সেই টোপোলাটো এফালে কামুৰি ঘৰলৈ লৈ আহিব। ডাঙৰ এন্দুৰ এটা ধৰিলে, সেইটো মোলৈ বুলি আনি মোৰ পঢ়া টেবুলৰ তলত থৈ দিব! মই সেইটোলৈ নাচালে মোৰ ভৰি কাষত দাঙি লৈ ঘূৰি ফুৰিব !
এতিয়া আহোঁ আচল কথালৈ। শাওণ মাহ। দদাইদেউৰ সৰু লৰাটোৰ চুলিবোৰ মাজে মাজে গোল গোল কৰি নোহোৱা হ’বলৈ ধৰিলে। টকৌৱে খোৱা বুলি কয় হেনো। বেচেৰাই কলেজলৈ সদায় টুপি পিন্ধি যাব লগা হ’ল। তাক আগতেও তেনেকৈ টকৌ খাই তপা কৰি থৈছে। ডাক্তৰৰ পৰা আৰম্ভ কৰি গাৱলীয়া ঔষধো লগালে। অলপ দিন ভাল হয় পাছত আকৌ হয়। সেইবাৰ হৈ থাকোঁতে আমাৰ মামা এজন আহিছিল তেওঁ সেইবোৰ দেখি খুৰীদেউক পৰামৰ্শ দিলে বোলে দ-জোক পুৰি তাৰ ছাইখিনি নাৰিকল তেলৰ লগত মিহলাই টকৌৱে খোৱা ঠাইত লগালে টকৌৱে খোৱা ভাল হ’ব। মামাৰ কথা আমিবোৰে বৰ গুৰুত্ব সহকাৰে ল’লো। খেতিৰ দিন দ জোকৰো নো কি আকাল হ’ব ।
সেইদিনা আমাৰ ন-ভূঁই আছিল। তাতে নতুনকৈ কিনা খেতিৰ মাটি। ৰোৱনী মতা দায়িত্বটো মই নিজেই গাত পাতি লৈছিলোঁ। (ৰাইজক এইখিনিতে জনাই থওঁ যে ন-ভূঁইৰ দিনটো আমাৰ সেইফালে কেতিয়াও হাজিৰা ৰোৱনী লগোৱা নহয়। গাওঁৰ প্ৰতিঘৰে ঘৰে তামোল এখন দি ৰোৱনী, হালোৱা আৰু আচকুৰীয়া মতা হয়।) মই ৰোৱনী মাতিবলৈ যাওঁ বোলাত মায়ে মোক সকীয়নি দি ক’লে- আমুক আমুক বৌয়েৰক কৈ দিবি সেইখিনি মাটিত জোক ওলাই বুলি।নহ’লে কোনোবাজনী জোক দেখি অচেতন হ’ব আৰু আমি সিহঁতক সেই সময়ত ডাক্তৰৰ ওচৰলৈ নিব নোৱাৰোঁ। মই মাৰ কথাত হ’ব হ’ব বুলি মূৰ জোকাৰিলোঁ যদিও এজনী নবৌকো জোকৰ কথা নক’লো। নবৌহত পথাৰত নাথাকিলে চোন পথাৰলৈ গৈয়ে ভাল নালাগে। সময়ত ৰোৱনী হিচাপে বৌ দুজনী ওলালহি। সিদিনা ময়ো মা বৰমাহতৰ লগত ৰুৱলৈ বুলি পথাৰত নামিলোঁ। আধা বিঘা মান মাটি ৰোৱা হৈছে হে বৌ এজনীয়ে গগণ ফলা চিঞৰ দুটামান মাৰি আশে পাশে থকা কেঁচা আলিবোৰ মহটিয়াবলৈ ধৰিলে। বৰমাই লৰালৰিকৈ গৈ তাইক সাবট মাৰি ধৰিলে। তাই বৰমাক হেঁচা মাৰি মাৰো যেনেই কৰিলেই। বৰমাই ভালকৈ গালি দুটামান দি তাইৰ কলাফুলৰ পৰা মস্ত ডাঙৰ জোক এডাল এৰুৱাই আনিলে। নবৌ আৰু নৰ’ল। দৌৰি দৌৰি গৈ কঠীয়ানি এখন উঠি মাক ক’লে- মই হ’লে যাওঁ দেই। মাই মোলৈ পোন্দোৱাকৈ চালে। তাৰ অৰ্থ এনে-তোক মই নকৈছিলোঁ নে৷… ইফালে জোক দেখি মই আৰু খুৰীদেউও পুখুৰী এটা পাৰত উঠিছিলোহি। যিমান হ’লেও দ জোক। ভয় নালাগিবনে। তেনেতে মোৰ মামাৰ কথাষাৰ মনত পৰিল  মাক ক’লোঁ মামাই যে কৈছিল গুডলাৰ(দদাইদেউ লৰাজনৰ নাম) টকৌৱে খোৱাৰ বাবে দ জোক লগাবলৈ ইয়াতে ধৰিব পাৰিচোন! কথা মতেই কাম, মই পাৰত বহি পলিথিন এটা লৈ আছো মাহঁতে বাচি বাচি ডাঙৰ ডাঙৰ চাই জোক তিনিটা মোক দিলেহি। মই সেইকেইটা লৈয়ে ঘৰমুৱা হ’লো। বাটত নবৌ দুজনীমানক সেই কেইটা জোককে দেখাই অলপ ভয় খুৱালোঁ। ঘৰ পাই নিজেই খৰিকা এডাল লৈ অলপ সময় জোক কেইটা শিঙিবলৈ চেষ্টা কৰিলোঁ। পিছে জোক কেইটাই যেনেকৈহে মুখখন মেলে ভয়ে লাগি গ’ল। নিজে একো কৰিব নোৱাৰি সেইকেইটা দদাইদেউৰ ঘৰত দি আহিলো গৈ। আবেলি তিনিমান বাজিছিল, পথাৰৰ পৰা ৰোৱনীবোৰে আহি আজৰি হ’ল। ন-ভূঁইৰ কাম-কাজ শেষ কৰি সকলো পাছফালে চোঁতালত বহি আছো তেনেতে দেখিলো ফছঙে ক’ৰবাৰ পৰা খৰিকা এডাল কামুৰি লৈ আহিছে। পাছে পাছে মেও মেও কৰি জানমণী। দেতাই খেদা এটা মাৰি ফছঙৰ মুখৰ পৰা খৰিকাডাল কাঢি আনি মোৰ ফালে চাই কলে- উৱা আজি দেখোন এই খৰিকাত দিয়া বটিয়া মাছ আনিলে! কাৰ ঘৰৰ পৰা আনিলে বা… মাইনা তই গালি খাবলৈ সাজু দেই। দেতাৰ কথা শুনি মই খৰিকাডাল লৈ চালোঁ হয় তিনিটা বটিয়া মাছ। হঠাতে খুৰীদেউ ওলালহি আৰু খৰিকাডালৰ ফালে চাই ক’লে- হে হৰি নাখালে যে! নহ’লে দদায়েৰে আজি তোৰ ফছঙক দুটুকুৰা কৰিলেহেঁতেন। যিমান হে কষ্ট হৈছিল এই কেইটাক শিঙি খৰিকাত দিবলৈ ।

খুৰীদেউৰ কথা শুনি আমি আচৰিত হৈ তেওঁলৈ চালোঁ। কাৰণ দদাইদেৱে যিমান যি হ’লেও কেতিয়াও জানমণী আৰু ফছঙৰ ওপৰত খঙ নকৰে। আজি তাতে বটিয়া মাছ তিনিটাহে চুৰ কৰিছে। তাকে কোৱাত খুৰীদেৱে এইবাৰ হাঁহি হাঁহি ক’লে– হেৰৌ এইকেইটা বটিয়া মাছ নহয় তই আনি দিয়া জোক কেইটা হে!!
ফছং আৰু জানমণী এতিয়াও আমাৰ ঘৰৰ দুটি এৰিব নোৱাৰা সদস্য। আজিও ক’ৰবাত মাছ চুৰ হ’লে ফোনতে মোক ঘৰৰ মানুহে গোচৰ দিয়ে। আৰু দদাইদেউৰ ল’ৰাটো… তাৰ চুলিবোৰ দ জোক লগোৱাৰ পাছতে গজিল। দ জোক লগোৱাৰ বাবেই নে আন কিবা দৰৱৰ বাবে নাজানোঁ পিচে তাৰ পাছৰে পৰা তাৰ চুলি কেতিয়াও টকৌৱে খোৱা নাই ।
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments