ধাইমা (নিৰ্মালি বৰঠাকুৰ)

বাহিৰত কিনকিনকৈ বৰষুণ দি আছিল । অলপ ঠাণ্ডা অনুভৱ কৰিলে মাকনে । “গা ধুই অহাৰ কাৰণে চাগৈ ঠাণ্ডা লাগিছে,বয়সে কিমান চুলে গমকে নাপাওঁ নহয় ! হাত দীঘল ব্লাউজটোকে পিন্ধি লওঁ ।” নিজৰ মনতে ভোৰভোৰাই আলমাৰিটো খুলি ব্লাউজটো পিন্ধি ল’লে । আইনাখনত মুখখন চাই লওঁ বুলি তাই আচৰিতেই হ’ল—-তাইৰ চুলিবোৰ পকিব ধৰিছে। চকুৰ তলত অলপ অলপ ক’লা পৰিছে, মুখতো বয়সৰ আঁচোৰ পৰিছে ,শৰীৰত যৌৱনৰ চিনেই নাই ।

-“ধাইমা, মই ওলালোঁ,কলেজলৈ যাওঁ ।”—প্ৰসেনৰ মাতত ঘূৰি চাই মাকনৰ ভাল লাগি গ’ল ।

-অ’ বোপাকণ ,ওলালা । বৰ ধুনীয়া লাগিছে চাৰ্টৰ ৰ্ংটোৱে । শুৱাই পৰিছা ।

-“তুমি কোৱা ৰংটো হয়নে ধাইমা ? -প্ৰসেনে মিচিকিয়াই হাঁহি ক’লে ।

-অ’, আহাচোন । -মাকনে তাইৰ কপালৰ ক’লা ফোঁটটোৰ পৰাই কাণৰ তলতে কোনেও নেদেখাকৈ ফোঁট এটা দি ক’লে-বিয়াৰ পিচত বাহিৰলৈ ওলাইছা নহয়, কাৰো চকু নালাগক ।

এনেতে বোৱাৰীও আহি মাকনৰ ভৰি চুই আশীৰ্বাদ ল’লে । মাকনেও হিয়া উজাৰি আশীৰ্বাদ দিলে ।ইমানবোৰ সুখ একেলগে পাই,মাকনৰ চকু চলচলীয়া হৈ পৰিল । তাইৰ অন্তহীন দুখেৰে ভৰা জীৱনৰ বহু কথাই মনলৈ জাউৰিয়ে জাউৰিয়ে আহিবলৈ ধৰিলে————
তাইৰ মনত নপৰে দেউতাকে কৈছিল,(মাকনৰ) তাইৰ জন্মৰ পিচতেই হেনো সূতিকা ৰোগত মাক ঢুকাইছিল । পানীকেঁচুৱা ছোৱালীজনীক ডাঙৰ কৰাটো দেউতাকৰ কাৰণে সহজ নাছিল,সেয়েহে ছোৱালীজনীক তুলিবলৈ দেউতাকে পুনৰ বিয়াত বহিছিল । বিয়াৰ পিছত মাহীমাকে মাকনক নিজৰ কেঁচুৱাৰ নিচিনাকৈ ডাঙৰ কৰিছিল । মৰমৰ প্ৰথমা পত্নীয়ে এৰি থৈ যোৱা কেঁচুৱাটি নিজৰ ছোৱালীৰ দৰে মাহীমাকে ডাঙৰ কৰা দেখি দেউতাকৰ আনন্দৰ সীমা নোহোৱা হৈছিল । দিনৰ দিনটো দোকানত থাকি ৰাতি ছোৱালীজনীৰ হাঁহি ভৰা মুখখন চাই দেউতাকৰ সমস্ত কষ্ট যেন নোহোৱা হৈ গৈছিল । এনেদৰে দুবছৰ পাৰ হ’ল । মাকনে খোজ কঢ়া আৰু কথা ক’ব পৰা হ’ল । মাকনৰ ফুটা-নুফুটা কথাবোৰ ঘৰখনত সিঁচৰতি হৈ পৰিল । সেই সময়তে মাকনৰ মাহীমাকৰো গা-ভাৰী হোৱা কথাটো পোহৰলৈ আহিল । দেউতাকৰ জীৱনটো যেন সুখেৰে নভৰা হ’ল । যথা সময়ত মাকনৰ ভায়েক সিঁহতৰ সৰু পৰিয়ালটোৰ সদস্য হৈ আহিল । লাহে লাহে মাহীমাকৰ তাইৰ প্ৰতিও আদৰ আপডাল কমি আহিল । দিনটো নিজৰ ল’ৰাটোৰ লগতেই লাগি থকা হ’ল ।
তেনেদৰেই মাকনৰ স্কুললৈ যোৱাৰ সময় আহিল । কিন্তু মাহীমাকে মাকনক স্কুললৈ পঠিওৱাৰ সলনি ল’ৰা ৰখাৰ দায়িত্বহে দিলে । দেউতাকে পুৱাই দোকানলৈ যায় আৰু ৰাতি ঘৰ সোমাই,দিনটোত কি ঘটে গমকে নাপায় । মাকনে দেউতাকক সকলো কথা ক’ব বিচাৰে কিন্তু মাহীমাকৰ চকুৰ ঠাৰত কঁপি উঠে ,বোবা হৈ যায় তাই !! দেউতাকে মৰমৰ ছোৱালীজনীক মৰম কৰিবলৈ সুবিধাই নোপোৱা হ’ল, কাৰণ ভায়েকক যে মৰম কৰিব লাগে !! মাহীমাকৰ মায়াৰ জালত দেউতাক লাহে লাহে বন্দী হ’বলৈ ধৰিলে । মাকন একাষৰীয়া হৈ পৰিল,গম নোপোৱাকৈ মাকন এদিন ডাঙৰ হ’ল । মাহীমাকৰ মনত কু বুদ্ধি খেলিবলৈ ধৰিলে —কেনেকৈ মাকনক বিয়া দি খেদিব পৰা যায় । গাভৰু হোৱাৰ দুবছৰৰ পিচতেই মাহীমাকে মাকনক দিন যোৱা বাটৰ এজন প্ৰথমা পত্নী ঢুকুৱা বয়সীয়াল লোকলৈ বিয়া দি নিচিন্ত হ’ল । অন্যায় দেখিও দেউতাকে কিন্তু একো মুখেৰে মাতিব নোৱাৰিলে ।
বিয়াৰ পিচত নতুন ঘৰখনত নিজকে খাপ খুৱাবলৈ মাকনক বেছি সময় নালাগিছিল । কাৰণ মাকনে দেউতাকৰ ঘৰখনত যিবিলাক কাম কৰিছিল, সেই সকলো বোৰ নতুন ঘৰখনতো কৰিব লগীয়া হৈছিল । মাকনে দুখক দুখ হিচাপে নলৈছিল । শাহু নোহোৱা ঘৰখনত দেওৰেকৰ ঘৈণীয়েক জোনালীয়েই মাকনৰ শাহু হৈ পৰিছিল । ৰাতি দুপৰলৈকে ঘৰৰ সকলো কাম শেষ কৰিহে মাকনে নিজৰ কোঠালৈ যাবলৈ সময় পাইছিল । সময়বোৰত জোনালীয়ে একো –একোটা কাম দি ব্যস্ত ৰাখিছিল । শোৱনী কোঠালৈ যোৱাৰ পিচত মাকন গিৰিয়েকৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ সন্মুখীন হ’ব লগা হৈছিল, দেৰি কৰাৰ কাৰণে !! সময়বোৰ যেন উৰি গৈছিল । এদিন মাকনে দুমাহে গা-নোধোৱাৰ কথা জোনালীৰ দৃষ্টিগোচৰ হ’ল । হঠাতে যেন সকলো সলনি হৈ গ’ল । জোনালীৰ তাইৰ প্ৰ্তি ব্যৱহাৰ ভাল হৈ আহিল । নিজে মাক হব নোৱাৰা জোনালীক মাকনৰ খবৰটোৱে খুবেই আনন্দিত কৰিছিল । বাৰু যিহওক মাকনে অলপ সকাহ পালে কামৰ পৰা । কিন্তু গিৰিয়েকৰ অত্যাচাৰ নকমিল । মাকনে এটা ল’ৰা সন্তান জন্ম দিছিল । পিচে সন্তান সুখ মাকনে নাপালে !! গাখীৰ খুউৱাৰ বাদে ল’ৰাটোৰ মুখ চোৱাৰ ভাগ্য নিমিলিছিল মাকনৰ । কাৰণ ল’ৰাটোৰ বাকী সকলো কাম জোনালীয়ে কৰিছিল নিজৰ সন্তানৰ দৰে । মাকনৰ গিৰিয়েকে দেখিও নেদেখে । সন্তান জন্মৰ পিচত মাকনৰ দেহত শক্তি আহিল কি নাহিল ,তাইৰ ওপৰত আকৌ আৰম্ভ হৈছিল গিৰিয়েকৰ অত্যাচাৰ । মাকনে গা ধুবলৈ নাপালেই, পুনৰ গৰ্ভ গধুৰ হ’ল । তাইৰ বিষয়ে চিন্তা কৰিবলৈ কোনোৱেই নাছিল । মাক-দেউতাকেও বিয়া দি উলিয়াই দিলে মানে, যমে নিয়া ,জোঁৱাইয়ে নিয়া একেই হ’ল ।
মাকনৰ দুখে যেন লগ নেৰা হ’ল । দুই তিনিমাহৰ ভিতৰতে মাকনৰ গিৰিয়েক সাধাৰণ জ্বৰতে ঢুকাই থাকিল । যথা-বিধিৰে দহা-কাজ শেষ কৰিলে হে মাত্ৰ , ভোজৰ দিনাই ৰাতি মাকনৰ ল’ৰাটোক লৈ জোনালী আৰু গিৰিয়েক অন্তৰ্ধান হ’ল । মাকনে যিমান পাৰে বিচাৰ-খোচাৰ কৰিলে কিন্তু জোনালীহঁতৰ কোনো শুংসুত্ৰ নাপালে । ইফালে মাকনে গম নোপোৱাকৈ বন্ধকত থোৱা ঘৰটোৰ টকা/ সুত ঘূৰাই দিবলৈ মানুহে দিগদাৰ দিবলৈ ধৰিলে । মাকনৰ নিজৰ বুলিবলৈ একো নাছিল । ঘৰৰ ইটো-সিটো বস্তু বিক্ৰী কৰি কিছুদিন চলিল । অৱশেষত হাতৰ সোণৰ খাৰুজোৰকে বিক্ৰী কৰি বাটৰ কাষতে এটা চাংঘৰ সাজি ,তাতে তামোল-পানৰ দোকান আৰু নিজে থাকিব পৰাকৈ সুবিধা কৰি,গিৰিয়েকৰ ঘৰটো এৰি দিলে । এফালে পেটত কেঁচুৱা ,তাতে বিধৱা মাকনৰ জীয়াই থকাটো অসম্ভৱ হৈ উঠিল । মাকনৰ দেহত তেতিয়াহে যেন যৌৱনে দেখা দিবলৈ পালে । দৈনিক তামোল-পানৰ দোকানত ডেকা-বুঢ়াৰ ভিৰ হ’বলৈ ধৰিলে । ৰাতি দুৱাৰত অচিনাকি টোকৰ । সকলোৱে তাইৰ ওপৰতে দোষ জাপি দিলে । এৰি দিলে সেই ঠাই, গুছি গ’ল বহুত দূৰলৈ । ঘৰ বিচাৰিবলৈ ধৰিলে কোনোবাই কাম কৰা মানুহ ৰাখিবনেকি ? চাদৰৰ আঁচলেৰে গা ধাকিব নোৱাৰা তাইৰ যৌৱন দেখি কোনেও তাইক ৰাখিবলৈ মান্তি নহ’ল । কোনোৱে দিনটো ৰাখিব পাৰিব কিন্তু ৰাতি নোৱাৰে । ইফালে মাকনক কেৱল ৰাতিৰ আশ্ৰয়ৰ প্ৰয়োজন ।
দিনৰ দিনটো বিচৰাৰ পিচত যেনিবা এঘৰ মানুহ পালে । মানুহজনী অসুখীয়া ,দুটা ল’ৰা-ছোৱালীৰে সৈতে মানুহজন । মাকনে ভগৱানক নথৈ ধন্যবাদ জনালে । ঘৰখনত পুৱাৰ পৰা গধূলিলৈকো সকলো কাম নিজৰ ঘৰৰ দৰে নিয়াৰিকৈ কৰি যায় মাকনে । মালিকনীও তাইৰ শুশ্ৰূষাত প্ৰায় সুষ্ঠ হৈ উঠিল । কিন্তু হৰিণাৰ মাংসই বৈৰী—লাহে লাহে মালিকৰ সুপ্ত চৰিত্ৰও প্ৰকাশ পাবলৈ ধৰিলে । ঘৰটোত ইফাল-সিফাল কৰোতে, অহা-যোৱা কৰোতে মাকনৰ গাত ঠেলা এটা নমৰাকৈ তেওঁৰ নোহোৱা হ’ল । সুবিধা উলিয়াই মাকনক দিগদাৰ দিবলৈ আৰম্ভ কৰিলে । মাকনে কি কৰিব কি নকৰিব একো চিন্তা নকৰাকৈয়ে সেইখন ঘৰো এৰি ওলাই আহিল । গোটেই ৰাতিটো খোজকাঢ়ি গৈ গৈ ৰাতিপুৱা নিজকে আৱিষ্কাৰ কৰিলে চৰকাৰী হস্পিটেলত !!!! সুধিলতহে জানিব পাৰিলে যে ৰাতি মূৰ্চ্ছা যোৱা অৱস্থাত পৰি থকা দেখি কোনোবাই হস্পিটেলত থৈ গৈছিল । হাতত চেলাইন লগাই থোৱা আছিল । তাইক সাৰ পোৱা দেখি ডাক্তৰে আহি সুধিলে -“ কেনে পাইছা এতিয়া ?” ডাক্তৰৰ মৰম সনা মাত শুনি মাকনে কান্দি পেলালে । থোকা-থোকি মাতেৰে তাইৰ সমস্ত ঘটনা বিৱৰি ক’লে আৰু সন্তানটো গুচাই দিবলৈ অনুৰোধ কৰিলে । কাৰণ তাইৰ নিজৰেই জীয়াই থকাৰ কোনো স্থিৰতা নাই, পেটৰ কেঁচুৱাটো কেনেকৈ ডাঙৰ কৰিব । কিন্তু তাইৰ যে সন্তানটো গুচুৱাটো সম্ভৱ নহয় ,কাৰণ তাই এতিয়া সাতমহীয়া অন্তঃসত্বা । তাইৰ কথাবোৰ বুজি ডাক্তৰে নাৰ্চৰ কোঠাতে থাকিবলৈ পৰামৰ্শ দিলে । আৰু তেওঁ ক’লে যে সন্তানটো জন্মৰ পিচত এহাল নিঃসন্তান ভদ্ৰ লোকক গতাই দিয়া হ’ব ,গতিকে সন্তানটো জন্মলৈকে মাকনক তাতে থাকিবলৈ ক’লে যিহেতু সকলো খৰচ পাতি তেওঁলোকে বহন কৰিব কোনেও কাকো নেদেখাকৈ । সেইমতেই যথাসময়ত মাকনে এটি পুত্ৰ সন্তান জন্ম দিলে । আৰু নিঃসন্তান দম্পতী হালে সন্তানটো তুলি ল’লে ।
মাকনৰ স্বাস্থ্য সুস্থিৰ হোৱালৈকে নাৰ্চৰ কোঠাতে তাইক থকাৰ ব্যৱস্থা কৰি দিলে । দুয়োটা সন্তানক হেৰুৱাই মাকন শাৰীৰিকতকৈ মানসিক ভাৱেহে দুৰ্বল হ’বলৈ ধৰিলে । সন্তানটো পাই দম্পতী হালে যেন নতুন জীৱন পালে । ইফালে নৱজাতকে মাকৰ গাখীৰ খাবলৈ নোপোৱাত স্বাস্থ্যৰ অৱনতি ঘটে । ডাক্তৰেও পৰামৰ্শ দিলে যে-“কেঁচুৱাটোলৈ মাকৰ গাখীৰ খুৱাব পৰা মহিলা এগৰাকী শীঘ্ৰেই বিচাৰিব লাগিব নহ’লে কেঁচুৱাটো বচোৱা সম্ভৱ নহ’ব ।” ভগৱানৰো কি মহিমা তেতিয়ালৈকে মাকন নাৰ্চৰ কোঠাতে আছিল । ডাক্তৰে মাকনক সকলো কথা কৈ দম্পতীহালৰ লগত যাবলৈ ক’লে আৰু লগতে এইটো কথা ল’লে যে মাকনে যাতে কোনো ক্ষেত্ৰতে নিজৰ পৰিচয় ল’ৰাটোৰ বা নতুন মাক-দেউতাকৰ আগত প্ৰকাশ নকৰে । মাকনেও যেন নতুন জনম ঘূৰাই পালে । হেৰুৱা পুত্ৰক পুনৰ ঘূৰাই পাই চুমাৰে উপচাই দিলে ।
নতুন মাক-দেউতাকে ল’ৰাটোৰ নাম থ’লে প্ৰসেনজীৎ বৰুৱা,ইঞ্জিনিয়াৰ ধ্ৰুৱজীৎ বৰুৱা আৰু শিক্ষয়িত্ৰী মলয়া বৰুৱাৰ একমাত্ৰ পুত্ৰ । আৰু মাকনো হৈ পৰিল সকলোৰে ‘ধাইমা’ । ধাইমা হৈয়েই মাকনে পুতেকৰ সকলো দায়িত্ব ল’বলৈ পাই ভগৱানক নথৈ ধন্যবাদ জনালে । প্ৰসেনজীতেও মাকতকৈ ধাইমাকৰহে প্ৰয়োজন বেছিকৈ অনুভৱ কৰা হ’ল । সকলোৱে মাকনক ঘৰখনৰ এজন মুখিয়াল হিচাপে গণ্য কৰা হ’ল । মাকনক নোসোধাকৈ কোনো সিদ্ধান্তই নহয় । মাকনৰ মনত আছে প্ৰসেনজীতে প্ৰথম বিদ্যাৰম্ভ কৰোঁতে মাকনৰ ভৰি চুই আশীৰ্বাদ ল’বলৈ কৈছিল মাকে । বিয়াৰ ক্ষেত্ৰটো ছোৱালী চাবলৈ মাকনক লৈ গৈছিল । আৰু আজি নতুন বোৱাৰীজনীয়ে মাকনৰ ভৰি চুই আশীৰ্বাদ লোৱা দেখি মাকনৰ হিয়া ভৰি আহিছিল । এনেদৰেই দিনবোৰ আনন্দ-স্ফূৰ্তিৰে মাজেৰে আগবাঢ়িছিল । লাহে লাহে মাকন অসুখীয়া হৈ আহিল আৰু এদিন বিচনা ল’লে । এবছৰ দিন মাকনক প্ৰসেনজীতে বহুত শুশ্ৰূষা কৰিলে ।এদিন সেই দিনটো আহিল যিদিনা প্ৰসেনজীতৰ ঘৈণীয়েকে এজনী সুন্দৰ ছোৱালী জন্ম দিলে কিন্তু মাকনৰ যেন এইটোয়েই শেষ ইচ্ছা আছিল । সেইদিনাই মাকনে দেহ ত্যাগ কৰিলে । যথাবিধিৰে প্ৰসেনজীতে পুতেকৰ দৰে সকলো দহাকৰ্ম কৰি মাকনৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰিলে । এনেদৰেই ধাইমাৰূপী মাকনৰ জীৱনৰ পৰিসমাপ্তি ঘটিল ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক