ধুনীয়া মানুহজনী (দেৱাংগ পল্লৱ শইকীয়া)

ধুনীয়া মানুহজনী

মানুহজনী ধুনীয়া। মানুহজনীৰ চকুযুৰি ধুনীয়া, কান্ধলৈকে পৰা চুলিখিনি ধুনীয়া, মুখ আৰু গাৰ ৰং ৰঙা বগা। ইয়াৰ ওপৰিও আছে মানুহজনীৰ এটা অতি মিঠা কণ্ঠস্বৰ। সৌন্দৰ্যত কোনোফালেই পেলাব নোৱাৰা মানুহজনীয়ে নিজেও প্ৰায়েই ভাবে আইনাৰ মুখত ৰৈ – ধুনীয়া!
পঞ্চলিশ বছৰীয়া মানুহজনীক নতুনকৈ চিনাকী হোৱা অনুৰাগীয়ে কয় – আপুনি দেখুন ত্ৰিশ বছৰীয়া!
মিছা নহয়। মানুহজনীয়ে বয়স ধৰি ৰখাৰ কিটিপ জানে। সামাজিক কামত অতিমাত্ৰা ব্যস্ত হৈ থকাৰ পাছতো নিজকে ধুনীয়া কৰি ৰাখিবলৈ মানুহজনীয়ে সময় আৰু ধনৰ ব্যৱহাৰ কৰিবলৈ এলাহ নকৰে। ধুনীয়া বাবেই মানুহজনীৰ অসংখ্য অনুৰাগী।
গৃহস্থক মানুহজনীয়ে প্ৰায়েই কয় – সামাজিক কামত লাগি থাকিলে অলপ লুকটো লাগে বুইছা! গৃহস্থই উত্তৰ দিয়ে – লুক নথকাকৈও কোনে কি কি সামাজিক কাম কৰি আছে লিষ্টখন লাগেনে তোমাক? আমাৰ বীণা বাইদেউৰ কি লুক আছে কোৱাচোন! অথচ দুখনকৈ লেবাৰৰ ল’ৰাছোৱালীক পঢ়ুওৱা স্কুল চলাই আছে। ধৰিত্ৰীৰ কি লুক আছে? অথচ মদপী মানুহবোৰক ৰিহাবিলিটেশ্যনৰ ব্যৱস্থা কৰি তাইতো যোৱাবাৰ কিবা ডাঙৰ বঁটাই লৈ আহিল! বীণা বাইদেউ বা ধৰিত্ৰীহঁতো কম ধুনীয়া নহয়!! মানে মুখৰ ধুনীয়া নহয় দিয়াচোন। বাট দি ইনাৰ বিউটি!! আচলতে তুমি এই ৰূপৰ দ্বাৰা মানুহক ব্লেকমেইলিং কৰাৰ দৰে নহয়নে? যিকেইজনে তোমালোকক লাখৰ ঘৰত ডনেশ্যন দিয়ে তুমি নগ’লে বা নক’লে দিবনে?
মানুহজনীয়ে মুখৰ ভিতৰতে ভোৰভোৰাই ওলাই যায়।

জেউতিয়ে দাদা আৰু বাইদেউৰ এই নিত্ত নৈমিত্তিক কথাবোৰ শুনি হাঁহি থাকে মুখ টিপি টিপি। কিছুমান কথা নুবুজে। জেউতি কামকৰা তিৰোতা। নামত জেউতিৰ মুখৰ বৰণ ছাঁই বৰণীয়া ক’লা, চুলি আধা ৰঙা আধা ক’লা, নাকটো ফেঁচা, মুখৰ গঢ় আপচু। মুঠৰ ওপৰত তাইৰ নামটো কোনে জেউতি ৰাখিলে সেইটো আচল কথা। ধুনীয়া মানুহজনীৰ বিপৰীত এই জেউতি।
ধুনীয়া মানুহজনীৰ ঘৰখন জেউতিৰ ওপৰত নিৰ্ভৰশীল। ৰাতিপুৱা জলপানৰ পৰা গধূলিৰ সাজৰ বাবে কুটি বাছি যোৱালৈকে জেউতী। তাৰ মাজতে ল’ৰাক স্কুললৈ পঠোৱা আৰু অনা, গৃহস্থক অফিচলৈ পঠোৱা আৰু ঘৰৰ অন্যান্য কাম জেউতীৰ। জেউতি পুৱা সোনকালে আহে সন্ধিয়া দেৰিকৈ যায়।
ধুনীয়া মানুহজনীয়ে জেউতিক কামৰ নিৰ্দেশ দিয়াৰ বাহিৰে বেলেগকৈ বিশেষ কথা নাপাতে। কথা পাতে গৃহস্থ দাদাইহে।- জেউতি তোৰ মানুহটো কামৰ পৰা কেতিয়া আহে? – জেউতি, ছোৱালী স্কুললৈ পঠিয়াইছনে?
ধুনীয়া মানুজনীয়ে জেউতিৰ লগত বিশেষ কথা নাপাতে যদিও তাই কাম কৰি থাকিলে আলেঙে আলেঙে কেতিয়াবা তাইক চাই ৰয়। জেউতি ক’লা হ’লেও তাইৰ মুখখনত কিবা এটা আছে যিটো দিনটোৰ কোনো সময়তেই ম্লান নপৰে। কিবা এটা উজ্বল আভাই তাইৰ ফেঁচা নাকটো বা আপচু মুখখন লুকুৱাই ৰাখে। ধুনীয়া মানুহজনীয়ে ৰাতি মেকআপ ধুই আইনাত নিজকে চায়! আঙুলি এটাৰে গাল দুখন, চকুৰ গুৰি কেইটা কোমলকৈ চুই চায় – ক’লা জেউতিৰ মুখৰ আভাটো তেওঁৰ মুখত আছেনে!!! ওঁঠখন বেঁকা কৰি হাঁহি এটা মাৰি চায়- ফটা ক’লা ওঁঠেৰে অনবৰতে জেউতিয়ে লৈ ফুৰা হাঁহিটোৰ দৰে হয়নে…!

উফ!! কি যে মোৰ মন!! পিছ মূহুৰ্ততে ধুনীয়া মানুহজনীয়ে ভাবি উঠে। জেউতি কাম কৰা তিৰোতা। তাইৰ টেনশ্যন নাই, এমবিশ্যন নাই, গতিকে তাই হাঁহিব অনবৰতে, মুখখন উজলাই ৰাখিব। মোৰ আইডেনটিটি জেউতিৰ লগত তুলনা কৰোৱেই বা কিয়!!
তথাপি …! তথাপি ক’লী জেউতিৰ মুখৰ সেই আভা ধুনীয়া মানুহজনীয়ে প্ৰায়েই চাই ৰয়।
জেউতিয়ে কিবা এটা গানো গুনগুনাই থাকে কেতিয়াবা ঘৰ সাৰোতে। মানুহজনীয়ে কাণ উনাই ৰয়।

আজি বহুত দিনৰ মূৰত মানুহজনী দিনৰ ভাগত ঘৰত আছে। জেউতিক কামত লগোৱা আজি দুমাহ হ’ল অথচ তাইৰ লগত এদিনো কথা পাতিব পৰা নাই। মানুহজনীয়ে দুপৰীয়া সামান্য ভাত, দাইল এবাতি আৰু ছালাড এবাতি খাই উঠি পকাত বহি ভোকত একাঁহি ভাত খাই থকা জেউতিক সুধিলে –
: জেউতি! কোন কোন আছে তোমাৰ ঘৰত?
জেউতিয়ে কাঁহিখন হাতত দাঙি লৈ ভাতৰ ডাঙৰ গৰাহ এটা মুখন সোমোৱাই কৈ গ’ল:
মোৰ মানুহটো আৰু ছোৱালী এজনী।
: মানুহটোৱে কি কৰে?
: একো নকৰে বাইদেউ! গাঁৱত কাৰোবাৰ ঘৰত নাৰিকল গছ চাফা কৰি থাকোঁতে পৰি যোৱা এমাহে বিচনাত। ভাল হ’লে আকৌ কামত যাব।
নিজৰ মানুহটো বিচনাত এৰি থৈ লোকৰ ঘৰত কাম কৰিবলৈ অহা জেউতিয়ে মুখত এটা হাঁহি লৈ দিনটো কাম কৰি ফুৰে!!! ধুনীয়া মানুহজনীয়ে তবধ মানিলে!
: তোমাৰ চিন্তা নহয়?? বেয়া নালাগে?
: চিন্তা হয় বাইদেউ। বেয়াও লাগে। পিছে মানুহটোৱে মই চিন্তা কৰি থকা দেখিলে বৰ বেয়া পায়। মুখ উফন্দাই ৰাতি ভাত নোখোৱা হয়। আকৌ মই জোৰ কৰি খুৱাই দিব লাগে। ইপিনে ছোৱালী আছেই! গতিকে চিন্তা কৰিলেও মানুহটোৱে যাতে ৰাতি মই ঘৰলৈ গ’লে ধৰিব নোৱাৰে সেইকাৰণেই দিনটো মই মনটো আপোনালোকৰ দৰেই ফূৰ্তিত ৰাখোঁ! মানুহটোৱে মোৰ মুখখন চিনি পায় বাইদেউ! ফাঁকি দিব নোৱাৰোঁ! ৰাতি ভাত খুৱাই দিব লাগে!!

ধুনীয়া মানুহজনীয়ে জেউতিৰ কথাবোৰ শুনি গ’ল! কুৰূপা এই মানুহজনীয়ে বিচনাত পৰি থকা বেমাৰী মানুহটোৰ অভিমান ভাগিবলৈ ভাত খুৱাই দিয়েগৈ!! মানুহটোৱে কিমান ধুনীয়া দেখে জেউতিক যাৰ বাবে জেউতিয়ে মন মাৰি থাকিলে মানুহটোৰ অভিমান হয়!! মানুহটোৰ বাবেই জেউতিয়ে দিনৰে দিনটো ইমান কামৰ মাজতো মুখত এক পোহৰ কঢ়িয়াই লৈ ফুৰে!! মানুহটোৱে জেউতিৰ মুখখন চিনি পায়! জেউতিৰ ধুনীয়া মুখখন!! জেউতিৰ ফেঁচা নাক, ক’লা ৰঙেৰে পোহৰ হৈ থকা মুখখন!!
ধুনীয়া মানুহজনীয়ে এক মূহুৰ্তৰ বাবে ভাবি উঠিল- আচলতে জেউতি সঁচাই ধুনীয়া!
কিজানি তেওঁতকৈও!!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments