ধুনীয়া লাগিছে তোমাক: ময়ূৰী দত্ত

(কান্দি কান্দি ভাগৰি পৰিছিল দুয়ো, ক্ষন্তেকতে দুয়ো টোপনিত লালকাল হ’ল। দীঘলকৈ উশাহ ল’লে তাই। ইমান সময়ে যেন বুকুৰ মাজত আবদ্ধ হৈ অছিল উশাহটো । দুয়োৰে ঘুমন্ত মুখ দুখনলৈ চাই চাই ইমান সময়ৰ বিৰক্তিৰে ভৰি উঠা মনটো গভীৰ মমতাৰে ভৰি পৰিল। সিহঁতৰ ওপৰত জগা বিৰক্তিবোধৰ বাবে অলপ অনুশোচনাও হ’ল। )

(১)

গুলপীয়া ফ্ৰকটো পিন্ধি তাই গৈ আছিল । হাতত ট্ৰফী, শ্বিল্ডখিনি। হাজৰিকা ছাৰে বাতৰি কাকতত দিয়াৰ বাবে ফটো তুলিবলৈ মাতি পঠিয়াইছে ষ্টুডিঅ’লৈ। এইখিনিত ৰিক্সা পোৱা নেযায় । তিনিআলিটোতে তাই তাৰ মুখামুখি হ’ল। ওচৰৰ পিংকুদাৰ মামাকৰ ল’ৰা বুলি জানে মাত্ৰ। এইকেইদিন ৰাস্তাত দেখাদেখি হোৱাৰ বাহিৰে নাম কি, ক’ত পঢ়ে, ঘৰ ক’ত, আনকি তাৰ মাতো অচিনাকি তাইৰ বাবে । ট্ৰফী, শ্বিল্ডখিনি তাইৰ বেছি গধুৰ যেন লাগিল। অজানিতে তাইৰ খোজৰ গতি কিছু মন্থৰ হ’ল ।
‘ক’ত পালা এইবোৰ ?’— ৰাস্তাত দুয়োৰে বাহিৰে অইন কোনো নাই। গতিকে সিয়েই সুধিব লাগিব। ‘মই পোৱা’ বুলি তলমুৱাকৈ কৈ উঠিল তাই।
‘ইমানবোৰ তুমি অকলে পাইছা নে?’—তাৰ মাতত কিছু আশ্চৰ্য । ‘অ’, স্কুলৰ পৰা জইন কৰিছিলো। আবৃত্তি, তৰ্ক, বক্তৃতা প্ৰতিযোগিতাত পাইছো’ একো উত্তৰ নেপাই তাই ক্ষণিকৰ বাবে তালৈ চালে, এইকেইদিন তাৰ দৃষ্টিত পৰিস্ফূত চিনাকি মুগ্ধতাখিনি যেন অধিক উজ্বল হৈ পৰিছে। দশমমানলৈ সদ্যোত্তীৰ্ণ তাইৰ শুনা-নুশুনাকৈ কাণত পৰিল তাৰ ন-চিনাকি মাত—‘ধুনীয়া লাগিছে তোমাক।’

(২)

সিহঁতৰ স্কুলত ‘ইউনিফৰ্ম’ হিচাপে চাদৰ-মেখেলা নাছিল । কলেজতো এই পাঁচ বছৰ চেলোৱাৰ-কামিজকেই ইউনিফৰ্ম বুলি পিন্ধি আহিছে । সৰস্বতী পূজা আৰু কলেজৰ ফাংচনৰ বাহিৰে শাড়ী-চাদৰ-মেখেলা পিন্ধা নহয় । তাইতকৈ তিনি-চাৰি বছৰৰ ডাঙৰ ওচৰৰ ছোৱালীকেইজনীয়ে জোৰ দিছে পিংকুদাৰ বিয়াৰ দিনা তায়ো চাদৰ-মেখেলা পিন্ধিব লাগিব। মাকে ভালেই পাইছে, বি এ পাছ হ’বৰেই  হ’ল, ভালদৰে পিন্ধিবও নেজানে। দুবছৰৰ আগতে বিয়া হোৱা মাহীয়েকে সৰু মোমায়েকৰ হাতত দি পঠিয়াইছিল পাট-মুগাৰ কাপোৰযোৰ। একেবাৰেই নতুন হৈ আছে, এবাৰ নে দুবাৰ পিন্ধিছে মাত্ৰ । বৰমা মানে পিংকুদাৰ মাকে তাইক ৰভাতলীত চফ বিলোৱাৰ দায়িত্ব দিছে । বঁটাত থকা চফ শেষ হোৱাত তাই আনিবলৈ ভিতৰলৈ গ’ল। ষ্ট’ৰ ৰূমৰ দায়িত্বত আছিল সি । এই পাঁচ বছৰত তাই তাৰ নাম গম পাইছে , তাইতকৈ প্ৰায় ৬ বছৰ ডাঙৰ। চাকৰি কৰিব নোখোজা ল’ৰাটোৱে আজিকালি গুৱাহাটীত ব্যৱসায় আৰম্ভ কৰাৰ কথাও জানে । চফখিনি দিওতেও সি তাইক ধৰিব পৰা নাছিল, আচলতে সেই সাজত তাইক সি কেতিয়াও দেখা নাছিল। তাই চফ ৰখা সৰু বটলটোও লৈ যাব খুজিলে, বাৰে বাৰে নিবলৈ আহি থকাতকৈ। তাইৰ মাত শুনিহে সি ভালকৈ চালে তাইলৈ । স্বতঃস্ফুৰ্তভাৱে কৈ উঠিল সি—‘ইমান ডাঙৰ হ’লা তুমি! ধুনীয়া লাগিছে তোমাক।’

(৩)

বহু চেষ্টা কৰিও অনামিকাই আঙুলিৰে কপালত সেন্দূৰৰ ফোঁটটো ঘূৰণীয়াকৈ ল’ব নোৱাৰিলে, তাই বেলা ৰুটিখনৰ দৰেহে হ’ল। গলধনত পৰা চুলিখিনি যেনেতেনে খোপাৰ দৰে বান্ধি ওৰণীখন ক্লিপ আৰু চেফ্‌টি পিনেৰে যথাস্থানত ৰাখিছে। নতুন ঘৰখনত প্ৰথম দিন। মাকে শিকাই পঠিওৱাৰ দৰে পুৱাৰ চাহকাপ নিজ হাতেৰে বাকি সকলোকে দিছে। বিয়ালৈ বুলি অহা আলহী-অতিথিৰে ভৰি আছে ঘৰখন। পৰিয়ালৰ সকলোৱে পাৰ্যমানে সহায় কৰিছে তাইক। চাদৰ-মেখেলা পিন্ধি ঘৰুৱা কাম কৰাৰ অভ্যাস নাই।
তোমাৰ চাহ ক’ত?
অন্তিম কাপ চাহ তাক দিয়াৰ পিছত তাইলৈ নেথাকিল। তাই নিজলৈ একাপ বাকিবলৈ পাকঘৰলৈ উভতিল। সিওঁ তাইৰ লগতে খাব বুলি কোৱাৰ লগে লগে দেৱৰ-ননদৰ দলটোৱে কিৰিলিয়াই উঠিল। জানুৱাৰী মাহৰ ঠান্ডাতো ঘামি উঠিল তাই, ফোঁটটোৰ কথা পাহৰি তাই কপালত বিৰিঙি উঠা ঘামখিনি মোহাৰি দিলে । তাইৰ পিছে পিছে পাকঘৰলৈ অহা সি তাইক ইংগিতেৰে বেছিনৰ আইনাখন দেখুৱালে । আইনাত চাইহে গম পালে তাইৰ কপালখন সেন্দূৰ বিয়পি ৰঙা হৈ পৰিছিল । আঁচলেৰে তাই সেইখিনি ঠিক কৰিবলৈ লওঁতেই বাধা দিলে সি— ‘নেলাগে দিয়া, ধুনীয়া লাগিছে তোমাক।’

(৪)

চিকিৎসক বৰজনাই ধাৰ্য কৰি দিয়া নিৰ্দিষ্ট দিনটোৰ দুদিন আগতেই তাই নাৰ্ছিং হ’মখনত ভৰ্তি হ’লগৈ । বিভিন্ন শাৰীৰিক সমস্যাই এই গোটেই সময়ছোৱাত তাইক কাহিল কৰি তুলিছে । উপৰুৱা ঔষধ, বেজীৰ খোঁচৰ লগতে দুবাৰ হাস্পতালত থাকিব লগাও হৈছে । ‘মা’ হোৱাৰ আনন্দই সকলো সহ্য কৰিবলৈ শিকাইছে , মুখৰ হাঁহিও মাৰ যোৱা নাই । অস্বাভাৱিক ওজন বৃদ্ধি, ভৰি ফুলা, চকুৰ তলত ক’লা ডাঠ দাগ। মুখখনো ফুলি উঠিছে। অথচ তেতিয়াও তাইৰ ফটো তুলিবলৈ এৰা নাই সি।
‘নুতুলিবা ফটো, মই কেনেকুৱা হৈছো দেখা নাইনে তুমি’— তাই তাক বাৰণ কৰিবলৈ চেষ্টা কৰিছে। ‘ঠিকেইতো আছা।’ তাৰ কথাত টিঙিচকৈ খংটো উঠি আহিছিলেই তাইৰ । এপলক তালৈ চাই অলপ কঠোৰকৈ ‘ঠাট্টা কৰিছা নেকি?’ বুলি ক’বলৈ গৈও ৰৈ গ’ল তাই । তাৰ দুচকুত পিতৃ হ’ব খোজা গৌৰৱৰ আভা চিকমিকাই উঠিছে। প্ৰিয় নাৰীৰ আসন্ন মাতৃৰূপে তাক যেন কিছু অহংকাৰী কৰি তুলিছে, তাৰ দুচকুৰ মুগ্ধতাই যেন বাংময় ৰূপ লৈ কৈ আছে—‘ধুনীয়া লাগিছে তোমাক।’

(৫)

আজিকালি তাই চুলি আঁচুৰিবলৈ সময় নেপায় । চৌপাশৰ পৃথিৱীখনত কি হৈ আছে সেইবিষয়ে অজ্ঞ তাই । কেতিয়া ৰাতি পুৱাই, গধূলি হয় নে নাই, একোকে গমেই নাপায়। কি বাৰ, কি তাৰিখ মনতেই নেথাকে । এসোপা নেপকিন, সৰু সৰু চোলা পেণ্ট, ছাৰ্ফ, বেবী শ্বপৰ গোন্ধ, বাচন বইল কৰা উতলা পানী, চুজি, খিচিৰি, জু’চ -এইবোৰতে ডুবি থাকে সকলো সময়তে । একে সময়তে কান্দি উঠে কেতিয়াবা ৬ মহীয়া সৰু আৰু ৩ বছৰ ৩ মহীয়া ডাঙৰ পুত্ৰই । সি এইবোৰ কামত তাইক সহায় কৰিবলৈ সময়ো নেপায়, পালেও একো কৰিব নাজানে । তাইৰ খং উঠে, খুব খং উঠে। সি কিবা ক’লেই হুটা মাতেৰে উত্তৰ দিয়ে। আজিও তেনে হ’ল। দুপৰ নিশা সৰুটোৱে বমি কৰি দিলে, ডাঙৰটোৱে পেণ্ট তিয়ালে । বকি বকি তাই চাফা কৰাত লাগিল । তাইৰ বকনি, দুই পুত্ৰৰ কান্দোন আৰু সি ৰৈ আছে থৰ লাগি । ১৫ মিনিটমানৰ পিছত সকলো ঠিক হ’ল । বিচনাতে লেপেতা কাঢ়ি বহি লৈ ডাঙৰটোৰ মূৰটো কোলাৰ এফালে লৈ সৰুটোক আনফালে সৰুটোক ল’লে । কান্দি কান্দি ভাগৰি পৰিছিল দুয়ো, ক্ষন্তেকতে দুয়ো টোপনিত লালকাল হ’ল। দীঘলকৈ উশাহ ল’লে তাই। ইমান সময়ে যেন বুকুৰ মাজত আবদ্ধ হৈ অছিল উশাহটো । দুয়োৰে ঘুমন্ত মুখ দুখনলৈ চাই চাই ইমান সময়ৰ বিৰক্তিৰে ভৰি উঠা মনটো গভীৰ মমতাৰে ভৰি পৰিল। সিহঁতৰ ওপৰত জগা বিৰক্তিবোধৰ বাবে অলপ অনুশোচনাও হ’ল।
‘শুভ জন্মদিন’— ইমান সময়ে সিও যে সাৰ পাই আছে কথাতো মন কৰাই নাছিল তাই। তাৰ হাতত সৰু টোপোলা এটা ৰংচঙীয়া কাগজেৰে ভৰা—কিমান তাৰিখ নো আজি!’ মুখৰ পৰা ওলাই গ’ল তাইৰ, একোৱেই মনত নেথাকে। ‘তোমাৰ জন্মদিনটো আৰম্ভ হৈছে’— সি ক’লে । তাই চুলিখিনি ঠিক কৰি ল’ব খোজোতে গম পালে তাইৰ চুলিত সৰু পুত্ৰৰ ৰাতিৰ জলপানৰ কিছু অংশ লাগি কৰাল বান্ধিছে। হাঁহি উঠি গ’ল তাইৰ। তাই ধৰিব পাৰিলে তাইৰ হাঁহিৰ কাৰণ সি যে বুজা নাই । প্ৰিয় নাৰীৰ মমতাময়ী ৰূপে সদায়েই পুৰুষক অভিভূত কৰি আহিছে । ক’ৰবাত তাইৰ মমতাই দুই পুত্ৰৰ লগতে তাকো স্পৰ্শ কৰিলে, তাৰ প্ৰতিও মমতাৰ এক অজানা অনুভৱে মূহূৰ্তৰ বাবে হ’লেও চুই গ’ল তাইক । এতিয়ালৈকে নক’লেও তাই বুজি পাইছে সি ক’ব খুজিছে— ‘ধুনীয়া লাগিছে তোমাক।’
(মিনতিয়ে সেই দৃষ্টি সহিব নোৱাৰিলে। পুতুক বুকুৰ মাজলৈ টানি আনি থোকাথুকি মাতেৰে ক’লে-পুতু, মোৰ সোণটো, আমাৰ বাবে বিহু নাহে নহয়, দুখীয়াৰ বাবে কোনো দিনে বিহু নাহে অ’…)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments