ধুবুৰীৰ কুঁহিলা শিল্প আৰু ইয়াৰ সৈতে জড়িত সাংস্কৃতিক পৰম্পৰা – দিবাকৰ ৰেণু

অসমৰ সাংস্কৃতিক জগতখনত ধুবুৰীৰ নামটো বিশেষভাৱে উল্লেখনীয়৷ এই ধুবুৰীৰ বুকুত আজিও অনেক ঐতিহাসিক মঠ, মন্দিৰ, কীৰ্তি চিহ্ন, মচজিদ, গুৰুদ্বাৰ, ৰজাদিনীয়া দৌল, দেৱালয় সত্ৰ আদি দণ্ডায়মান হৈ আছে৷ অসমৰ অনেক কৃষ্টি, সংস্কৃতিৰো উদ্ভৱস্থলী এই ধুবুৰীয়েই৷ সংস্কৃতিৰ উদ্ভৱ আৰু বিকাশৰ লগে লগে সেই সংস্কৃতিক থলুৱা কিছুমান সম্পদে আগুৱাই নিয়ে৷ আনহাতে বহু সম্পদৰ এই সংস্কৃতিৰ প্ৰয়োজনত জন্মও হয়৷ ধুবুৰীৰ স্থানীয় শিল্প সমূহৰ ভিতৰত মৃণ্ময় শিল্প ( teracotta) ৰ বিষয়ে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্বতো জনপ্ৰিয়৷ কিন্তু মৃৎ শিল্পতকৈও অতি প্ৰাচীন আৰু পৰাম্পৰগত ভাৱে প্ৰচলিত এবিধ শিল্প হ’ল কুঁ‌হিলা শিল্প৷ কুঁ‌হিলা শিল্পৰ প্ৰসাৰ অসমতেই নহয়, ভাৰতবৰ্ষৰ পশ্চিম অংশৰ বহু ৰাজ্যত এই শিল্পৰ প্ৰচলন আছে৷ কিন্তু কিছু কিছু অঞ্চলত পৰিমাণগতভাৱে তাৰতম্য আছে৷

কুঁ‌হিলাক ধুবুৰীৰ স্থানীয় ভাষাত শোলা বোলা হয়৷ এই বিধ উদ্ভিদ মৰাপাটৰ দৰেই৷ কিন্তু মৰাপাটৰ চালৰ আঁ‌হৰ ব্যৱহাৰ হোৱাৰ বিপৰীতে কুঁ‌হিলাৰ গা-গছ ডালেই ব্যৱহাৰ কৰা হয়৷ কুঁ‌হিলা দ’ মাটিত হোৱা এবিধ উদ্ভিদ৷ ই দুই প্ৰকাৰৰ— বনৰীয়া কুঁ‌হিলা আৰু জাতি কুঁ‌হিলা বা ঘৰুৱা কুঁ‌হিলা৷ দুয়োবিধ কুঁ‌হিলাৰে বৈজ্ঞানিক নাম হ’ল —– (Fabaceae — Pea, or legume family) Aeschynomene Indica৷ বাঙালী ভাষাত ইয়াক কাঠ শোলা বোলাৰ বিপৰীতে হিন্দীত শোলা বোলা হয়৷ কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ’ল—- কুঁ‌হিলাক ধুবুৰী, গোৱালপাৰা আদি অঞ্চলৰ স্থানীয় লোক সকলেও শোলা বুলিয়েই জানে৷

ফাগুন মাহত ইয়াৰ বীজ সিঁ‌চা হয়৷ উল্লেখযোগ্য যে বীজ বিলাক গজি ওলোৱালৈ, সেই ঠাইত পানী লাহে লাহে বাঢ়ি এক কঁকাল পৰ্যন্ত হ’ব লাগে৷ অৰ্থাৎ গছ বিলাকৰ বৰ্ধণৰ লগে লগে বৰ্ষাৰ পানীৰ পৰিমাণ প্ৰণিধানযোগ্য৷ চ’ত, ব’হাগ, আহাৰ, ভাদ পৰ্যন্ত পানীত থকাৰ পিছত এই উদ্ভিদ সমূহ সম্পূৰ্ণ পুৰঠ আৰু কামৰ উপযোগী হয়৷ ভাদ মাহত কুঁ‌হিলা কাটি আনি ৰ’দত ১০ ৰ পৰা ১৫ দিন পৰ্যন্ত শুকাই আটি আটি বান্ধি বাঁ‌হৰ চাঙত তুলি থোৱা হয়৷ এগৰাকী কুঁ‌হিলা শিল্পীক বছৰটোৰ বাবে বিভিন্ন কাৰিকৰী কৰাৰ বাবে প্ৰায় ৩ / ৪ ঠেলা কুঁ‌হিলাৰ প্ৰয়োজন হয়৷ সেই কুঁ‌হিলা সমূহৰো বিভিন্ন কৰ্ম অনুযায়ী শিল্পীজনে ভাগ কৰে৷ তেনে ভাগ সমূহক তলত দিয়াৰ দৰে ভাগ কৰা হয়—-

১৷ কাপুহাঃ- বহল পাট উঠাব পাৰি৷

২৷ ভবলাঃ- কাপুহাৰ দৰেই, কিন্তু গা-গছত সৰু হয়৷

৩৷ বাতাঃ- পাট উঠাব পাৰি, কিন্তু ইয়াক ফুলত ব্যৱহাৰ কৰা হয়৷

৪৷ মাঞ্জাঃ-বাতাৰ দৰেই৷ ইয়াক বেছিভাগ ফুল তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়৷

এই প্ৰতিবেদন প্ৰস্তুত কৰোঁতে আমি ধুবুৰীৰ পৰা প্ৰায় ২৩ কিঃ মি আতৰত অৱস্থিত উত্তৰ দেৱত্তৰ হাজদহ (দেৱদেৱী) নামৰ এখন গাঁ‌ওলৈ গৈছিলোঁ‌৷ মোৰ সহযোগী আছিল উক্ত অঞ্চলৰেই এগৰাকী শিক্ষক হৰি দাস৷ আমি লগ পাইছিলো সেই গাঁৱৰে কুঁ‌হিলা শিল্পী ক্ষিতীশ মালাকাৰক৷ তেখেতে কুঁ‌হিলাৰ বৈশিষ্ট্য অনুসৰি যিসমূহ প্ৰকাৰ কৈছিল, সেইয়া তেখেত সকলৰ কাৰিকৰী বা ব্যৱহাৰিক নাম বুলিহে আমাৰ অনুভৱ হৈছিল৷ আমি প্ৰায় বহু কেইঘৰ লোকৰ ঘৰলৈ গৈ কুঁ‌হিলা শিল্পৰ বিষয়ে জানিব চেষ্টা কৰিছিলোঁ৷ আমি জিতীশ মালাকাৰ, গন্ধেশ্বৰ মালাকাৰ, আৰু দুলাল মালাকাৰ নামৰ শিল্পী সকলৰ পৰা আমাৰ কুঁ‌হিলা বিষয়ক অনেক অনুসন্ধিৎসাৰ সমাধান বিচাৰিছিলোঁ‌৷ শিল্পী সকলে কুঁ‌হিলাৰে প্ৰস্তুত কৰা অনেক কাৰিকৰীৰ ভিতৰত, তেখেত সকলৰ শিল্পকৰ্মৰ উদ্দেশ্যলৈ তলত দিয়া ভাগ সমূহ কৰিলোঁ—-

১৷ ধৰ্মীয় উদ্দেশ্যঃ– হিন্দু বা আন মূৰ্তি পূজক সকলৰ উদ্দেশ্য আগত ৰাখি এই শিল্পৰ সৃষ্টি কৰা হয়৷ যেনেঃ– মনসা বা মংগলা পূজাৰ বাবে সৰ্বমুঠ ১০৮টা পুতলা লাগে৷ উক্ত পুতলাৰে সমস্ত পদ্মাপুৰাণ খনক উপস্থাপন কৰা হয়৷ কিন্তু মিতব্যয়ীতাৰ বাবে বৰ্তমান সময়ত — মনসা, গোধা, নেতা, ঢাকুৱা, লক্ষ্মী, সৰস্বতী, কাৰ্তিক, গণেশ, গড়ূৰ, কালী নাগ, অষ্ট নাগ আদিৰেই মাৰাই পূজা বা মনসা পূজা অনুষ্ঠিত কৰি, সেই মূৰ্তিত পূজা কৰা হয়৷

ইয়াৰ উপৰিও কালী পূজাৰ বাবে কাউৱা (কাউৰী), মাশান, হাতচিনী, ডাইনী, যুগিনী, পাখী, শগুন, ভেড়া আদি প্ৰস্তুত কৰা হয়৷ উল্লেখ্য যে প্ৰবন্ধটোত কোনো ধৰণৰ কৃত্ৰিমতা নপৰক বুলিয়ে আমি যিমান পাৰো, ইয়াৰ স্থানীয় ভাষাতেই এই শব্দ সমূহ দিবলৈ চেষ্টা কৰিছো, পাঠকে নিশ্চয় বুজি পাব৷

লক্ষ্মী পূজা আৰু দুৰ্গা পূজাৰ সময়ত গোৱলপৰীয়া সকলো প্ৰকাৰৰ কোচ, কিৰাট, ৰাজবংশী বা আন সম্প্ৰদায়ৰ লোকেও কুঁ‌হিলাৰ কদম ফুল ঘৰৰ দুৱাৰ মুখত ওলোমাই ৰাখে৷ এইয়াও এক ধৰ্মীয় পৰম্পৰা৷

আগমণি, গোলকগঞ্জ, গোৱালপাৰাৰ কিছুমান ইচলাম ধৰ্মী লোকে মাৰাই পূজাত মাৰাই বা পদ্মাৰ মূৰ্তিটো মজু আৰু ভঁহাই দিয়া সৰু নৌকাখন কুঁ‌হিলাৰেই প্ৰস্তুত কৰে৷

২৷ তন্ত্ৰ -মন্ত্ৰ লোক বিশ্বাস সম্পৰ্কীয়ঃ–

অতীজত মায়ং আদি অঞ্চলত পুতলা পূজাৰে কিছুমান অলৌকিক আৰু আসুৰিক কৰ্ম কৰাৰ কথা শুনা যায়৷ এনে কাৰ্য ভাৰতবৰ্ষৰ বহু ঠাইত আজিও প্ৰচলিত৷ অন্ধবিশ্বাস বা লোকাচাৰেৰে ঘেৰি থকা এই অনুষ্ঠান সমূহত ব্যৱহাৰৰ বাবে কুঁ‌হিলাৰে প্ৰস্তুত কৰা বিভিন্ন পুতলাৰ প্ৰয়োজন হয় বুলি জনা যায়৷

সন্মোহনী বিদ্যাৰ বাবে এটা আঙুলিৰ সমান পুতলা প্ৰস্তুত কৰি বিপৰীত জনৰ ওপৰত যাদু প্ৰয়োগ কৰি নিজৰ মনোকামনা পূৰ্ণ কৰা হয়৷ সেই পুতলাক আঙুলি পুতুল বোলা হয়৷ এনে বহু পুতলা আগৰ তন্ত্ৰসাধকসকলক তেখেতসকলৰ প্ৰয়োজন অনুসৰি শিল্পীসকলে প্ৰস্তুত কৰি দিছিল৷

৩৷ শিশুৰ খেলনাঃ–শিশুৰ খেলনাৰ বাবে বহু পুতলা প্ৰস্তুত কৰা হয়৷ তাৰ ভিতৰত বিভিন্ন জীৱ জন্তু বা চৰাই আদিকে ধৰিব পাৰি৷

৪৷ মনোৰঞ্জনধৰ্মীঃ–পুতলা নাচৰ বাবে বিভিন্ন পুতলাৰ উপৰিও, মুকুট, আ-অলংকাৰ আদি কুঁ‌হিলাৰে প্ৰস্তুত কৰা হয়৷

ইয়াৰ উপৰিও কুশান গান, বা আন স্থানীয় লোক নৃত্য আদিত মুখা ব্যৱহাৰ কৰা হয়, যিসমূহ কুঁ‌হিলাৰে প্ৰস্তুত কৰা হয়৷

কালী নৃত্য, গড়ূৰ নৃত্য আদিত এই মুখা ব্যৱহাৰ কৰা হয়৷

৫৷ সাজ-সজ্জাঃ– কুঁ‌হিলাৰ পৰা গৃহ সজ্জাৰ বাবে বিভিন্ন ফুল মালা, দৰা -কইনাৰ মুকুট, মালা আদি প্ৰস্তুত কৰা হয়৷

পৰম্পৰাগত অনেক কাৰ্যত কুঁ‌হিলা ব্যৱহাৰ কৰা হয়৷ কুঁ‌হিলাৰ পৰা বিভিন্ন সা-সামগ্ৰী প্ৰস্তুত কৰোঁতে একমাত্ৰ “কাইট“ নামৰ তীক্ষ্ণ ধাৰ থকা ডাঙৰ চুৰিৰ দৰে অস্ত্ৰ ব্যৱহাৰ কৰা হয়৷ আগতে আঠাৰ বাবে তেঁ‌তেলিৰ গুটি গুড়ি কৰি জুইৰ তাপত জাল দি বীজল ঘণ্টা সিজাই পিহিলৈ ঢেঁ‌কীয়া শাকৰ কোমল ঠাৰি সিজাই একেলগে পিহি ব্যৱহাৰ কৰা হৈছিল৷ কিন্তু কুঁ‌হিলা শিল্পত সামান্য অত্যাধুনিক বস্তুৰ প্ৰয়োজনৰ তাগিদাত ব্যৱহাৰ হৈছে৷ কিন্তু ইমানখিনি নিজত্ব ঐতিহ্য থকাৰ পিছতো কুঁ‌হিলা শিল্পক চীনা খেলনা সামগ্ৰী, প্লাষ্টিক জাতীয় সামগ্ৰীয়ে প্ৰত্যাহ্বান জনাই আহিছে৷ আমি লগ পোৱা কোনো এজন শিল্পৰে নাই এটি স্বচ্ছন্দ অৱস্থা৷ বহুতে মাথোন বোপাই ককাৰ পৰম্পৰাটো ধৰি ৰখাৰ বাবে এই শিল্পবিধক জীয়াই ৰখাৰ অহৰ্নিশে প্ৰচেষ্টা কৰিছে৷

ইয়াৰ মাজতো কিছু ভাল খৱৰ হ’ল —অসমৰ বাহিৰত ইয়াৰ এক সন্মানীয় নিজস্ব স্থান আছে৷ দিল্লী, হায়দৰাবাদ, গোৱালিয়ৰ, হিমালয়, মৌচুৰি আদি ঠাইত অসম–পশ্চিমবংগ ৰ কুঁ‌হিলা শিল্পই এখন বজাৰ ধৰি ৰাখিবলৈ সক্ষম হৈছে৷

সংস্কৃতিৰ কেন্দ্ৰ ভূমি ধুবুৰীৰ এই কুঁ‌হিলা শিল্পই, এনেদৰে সময় আৰু সংস্কৃতি –লোক পৰম্পৰাৰ দাবীত নিজক নিৰালস্য ভাৱে জীয়াই ৰাখিবলৈ সক্ষম হৈছে৷

কুঁ‌হিলা শিল্পীসকলক ৰাজ সাহায্য প্ৰদান কৰি চৰকাৰেও, তেখেতসকলৰ এই ঐতিহ্যক উত্তৰ পুৰুষৰ বাবে জীয়াই ৰখাৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল’ব পাৰে৷
★ ★

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
dhiren saikia
11 months ago

ভাল লাগিল প্ৰবন্ধটো,ভালেখিনি নজনা কথা জানিলো