ধুমপান নিষেধ [মূল: ষ্টিফেন কিং], (ভাৱানুবাদ: ধ্ৰুৱ কাশ্যপ)

এটা সুন্দৰ ৰাতিপুৱা৷ সূৰ্য উদয় হোৱা বেছি সময় হোৱা নাই৷ সূৰ্য উদয় হোৱাৰ বহু আগতে মই উঠিছো৷ হঠাতে মই অতি স্বাস্থ্য সচেতন হৈ উঠিছো৷ তাৰ বাহিৰে মোৰ হাতত আৰু কোনো উপায়ো নাছিল৷ অৱশ্যে এতিয়া মোৰ উচ্চতা অনুপাতে ওজন ঠিকেই আছে৷ তথাপিও অভ্যাসটো এৰি দিব নিবিচাৰোঁ৷ কিজানি ……

বাই দ্য ৱে৷ মই অভিজিত৷ অভিজিত কাশ্যপ৷ যোৱা কেইবাদিনো ধৰি মই এটা আচহুৱা পৰিস্থিতিৰ লগত মোকাবিলা কৰি আছো৷ যিটো অভিজ্ঞতা ভুক্তভোগীসকলৰ বাদে সকলোৱে বুজি নাপাব৷ সমৰে বুজি পাব৷ সিয়েই মোক ইয়াৰ মাজলৈ আনিছিল৷

আজিৰপৰা কেইদিনমান আগতে মই তাক আমাৰ পৰিচিত পানশালাখনত লগ পাইছিলো৷ সিদিনা আচৰিতভাৱে তাৰ ওঁঠত সদায় লাগি থকা চিগাৰেটটো নাছিল৷ বাৰ বছৰ বয়সত আমি দুয়োটাই জীৱনৰ প্ৰথম চিগাৰেটটো খাইছিলো৷ সেয়াই আছিল আৰম্ভণি৷ তাৰ পিছত আমি দুয়ো চেইন স্ম’কাৰ হৈ পৰিছিলো৷ সেইদিনা তাক বহু দিৰ মূৰত লগ পাইছিলো৷ তাৰ ওঁঠত চিগাৰেটটো নেদেখি মই তাক কৌতুহলবশত: সুধিয়েই পেলালো৷

“তই সঁচাকৈয়েই চিগাৰেট এৰিলি নেকি বে?”
“অ’”, তাৰ নিৰুত্তাপ উত্তৰ৷
“আজি ৰাতিটোৰ কাৰণেনে?” কথাটো কৈয়েই নিজৰ ৰসিকতাত নিজেই হাঁহিত ফাটি পৰিলোঁ৷ মোৰ বোধহয় নিচা হৈছিল৷ সি কিন্তু হঁহা নাছিল৷ তাৰ মুখখন দেখি সি ধেমালি কৰি থকা যেন নালাগিল৷

অলপ সময় মনে মনে থকাৰ পিছত সি পকেটৰ পৰা পকেটবুকখন উলিয়াই কলমেৰে ঠিকনা এটা লিখি কাগজখন ফালি ফটা কাগজখন মোৰফালে আগুৱাই দি ক’লে —

“দয়ানন্দ বাবাৰ আশ্ৰমলৈ যোৱাৰ পিছত তয়ো এৰিব পাৰিবি৷ তেওঁ মোৰ জীৱন সলনি কৰি দিলে৷ জীৱনৰপৰা ধোঁৱাবোৰ আঁতৰাৰ পিছত এতিয়া মই নিজকে বেছি সুস্থ অনুভৱ কৰোঁ৷ ঠিকনাটো ৰাখ৷” এইবুলি কৈ সি কাগজখন মোৰ চোলাৰ জেপত প্ৰায় সুমুৱাই দিয়াৰ দৰেই কৰিলে৷

“কোন দয়ানন্দ বাবা? আগতে এওঁৰ নামেই শুনা নাইচোন৷ পেপাৰতো তেওঁৰ নাম পোৱা নাই৷”, মই আচৰিত সুৰ এটাৰে ক’লো৷

“বহুত মানুহক তেওঁ চিগাৰেট এৰুৱাইছে৷ আৰু সুস্থ হোৱাৰ পিছত মানুহবোৰে তেওঁৰ ৰেফাৰেন্স দিয়ে৷ এনেকৈয়ে চলি আহিছে৷ আজি মই তোক যিদৰে তেওঁৰ ৰেফাৰেন্স দিলোঁ৷ তই ভাল হোৱাৰ পিছত তই আন কাৰোবাক দিবি৷ দয়ানন্দ বাবাৰ অখ্যাত ধুম্ৰ মুক্তি কেন্দ্ৰৰ চাকচেছ ৰেট নাইণ্টি এইট পাৰচেণ্ট৷ মই যাওঁ৷ তই ভাবি চাবি৷”, সি গুচি গ’ল৷

অলপ সময় পাছত ময়ো তাৰপৰা ঘৰমূৱা হ’লো৷ ৰাতি যেতিয়া বহুসময়লৈ টোপনি অহা নাছিল তেতিয়াই পিছদিনাখনেই দয়ানন্দ বাবাৰ আশ্ৰমলৈ যোৱাটো মনস্থ কৰিলোঁ৷ চিগাৰেটে মোৰ টোপনিও কাঢ়ি নিলে৷

পিছদিনা সমৰে দিয়া ঠিকনামতেই আশ্ৰম অভিমুখী হ’লো৷ মূল পথৰপৰা দুঘণ্টামান গৈ এখন আশ্ৰমজাতীয় ঠাই পালোগৈ৷ বহুকেইটা জুপুৰী ঘৰ৷ তাৰ ভিতৰত এটা ঘৰ কাঠেৰে মজবুতকৈ বনোৱা৷ ঘৰটো জুপুৰীকেইটাৰ ঠিক সোঁমাজত অৱস্থিত৷ ঘৰটোৰ ওপৰত ধূলিৰে পোত গৈ থকা চাইন বৰ্ড এখনত অঁকোৱা পকোৱা আখৰেৰে লিখা আছে “দয়ানন্দ ধুম্ৰ মুক্তি আশ্ৰম”৷ জুপুৰীকেইটাৰ আগফালৰ খালি ঠাইখিনিতে মোৰ গাড়ীখন পাৰ্ক কৰিলোঁ৷ গাড়ীখন পাৰ্ক কৰি উঠাৰ প্ৰায় লগে লগেই এটা জুপুৰীৰপৰা কোনোবা এজন ওলাই আহিল৷ পিন্ধনত ধুতি পাঞ্জাবী৷ মুখমণ্ডল আবৃত৷

“স্বামীজীক লগ পাবলৈ আহিছে?” তেওঁ সুধিলে৷ মই হয় বুলি ক’লো৷

“চিগাৰেট এৰিব?” তেওঁ পুনৰাই সুধিলে৷ মই মূৰ দুপিয়ালো৷

“তেন্তে আহক”; এনেকৈ কৈয়ে মানুহজনে মোক জুপুৰী এটাৰ ভিতৰলৈ লৈ গ’ল আৰু মোৰ সমুখৰ চকী এখনত বহিলে৷ কোঠাটোত আচবাব হিচাপে সেই চকী দুখন আৰু টেবুল এখনেই আছিল৷ কোঠাটোৰ বেৰত চাৰিওফালে চূণেৰে “ধুমপান নিষেধ“ বুলি লিখি থোৱা আছে৷

“স্বামীজী অলপ ব্যস্ত আছে, আপুনি নিজৰ নাম ঠিকনা এইখন কাগজতে লিখক৷ স্বামীজীয়ে আজি দেখা নকৰে৷ আপুনি কাইলৈ ঠিক বাৰ বজাত আহিব৷” কাগজ, মানে এপ্লিকেচন ফৰ্ম জাতীয় ’কাগজ’ এখন মোৰ ফালে আগবঢ়াই দি মানুহজনে ক’লে৷ কাগজখনত মোৰ নাম লিখি হয় মানে মুখমণ্ডল আবৃত গাভৰু এজনীয়ে ট্ৰে এখনত ফল-মূল আৰু চৰ্বত এগিলাছ দি থৈ গ’ল৷ মই সেইখিনি গ্ৰহণ কৰি অলপ পিছতে ঘৰমুখী হ’লো৷

গোটেই কাৰবাৰটো অলপ আচহুৱা যেন লাগিছিল যদিও কৌতুহল দমাব নোৱাৰি পিছদিনাখন দয়ানন্দ বাবাৰ আশ্ৰমলৈ যাবলৈ বাধ্য হ’লো৷ গাড়ীখন পাৰ্ক কৰাৰ প্ৰায় লগেলগেই ঠিক আগদিনাখনৰ দৰে মুখমণ্ডল আবৃত মানুহ এজন জুপুৰী এটাৰপৰা ওলাই আহিল৷ এটাও শব্দ ব্যয় নকৰাকৈ মোক তেওঁ কাঠৰ ঘৰটোলৈ লৈ গ’ল আৰু দুৱাৰখন খুলি দি ক’লে,–

“যাওক, স্বামীজী ভিতৰতে আছে“৷

মই কোঠাটোৰ ভিতৰত সোমোৱাৰ লগে লগেই ভাব হ’ল যেন কোনোবাই দুৱাৰখনত বাহিৰৰপৰা তলা মাৰি দিলে৷ কিন্তু সেই মুহূৰ্তত সেই ভাবটো মোৰ মনলৈ নাহিল৷ কাৰণ ইতিমধ্যে মোৰ কৌতুহলৰ মাত্ৰা সহ্যাতীত হৈ পৰিছিল৷ মই সমুখলৈ চালো৷ ওখ পাখ হৃষ্টপুষ্ট মানুহ এজন৷ এইজনেই বোধকৰোঁ স্বামী দয়ানন্দ বাবা৷

“আহক মিষ্টাৰ অভিজিত কাশ্যপ, আপোনাৰেই অপেক্ষাতেই আছিলো৷ আপুনি দহ মিনিট সোনকালে আহি পালে৷ ভাল লাগিল৷” সংস্কৃত ভাষাৰ কিতাপ এখন জপাই সমুখৰ টেবুলখনত থৈ থৈয়েই তেওঁ ক’লে৷ গুৰুগম্ভীৰ কণ্ঠস্বৰ৷

“মোৰ কথা সমৰে কৈছেই নিশ্চয়৷ মোক এই আশ্ৰমৰ সকলোৱে স্বামীজী বুলিয়েই মাতে৷ বহক৷” সমুখৰ চকীখনলৈ ইংগিত কৰি তেওঁ মোক বহিবলৈ নিৰ্দেশ দিলে৷ মই অলপ ইত: স্তত কৰি বহিলো৷

“মই জানো, আপোনাৰ মনত বহুতো প্ৰশ্ন আছে৷ সেইবোৰ প্ৰশ্ন আপুনি মোক কৰাৰ আগতে মোৰ প্ৰশ্ন কেইটামানৰ উত্তৰ দি লওক৷ ঠিক আছে?” মই মূৰ দুপিয়ালো৷

“আপুনি চিগাৰেট এৰিব বিচাৰেনে?”,তেওঁৰ প্ৰশ্ন৷

“হয় বিচাৰো৷”, মই চমুকৈ উত্তৰ দিলো৷

“আপোনাৰ পত্নী কাবেৰী আৰু আপোনাৰ মাজত এইকেইদিনতে কিবা মতানৈক্য হৈছিল নেকি?”

হৈছিল৷ বহুত কিবা কিবি হৈ গৈছিল দুদিনমান আগতে৷ মোৰ এই চিগাৰেট খোৱা স্বভাৱটো তাই পছন্দ নকৰে৷ তাৰ বাহিৰেও মোৰ এফেয়াৰটোৰ কথাও তাই অলপ অচৰপ জানিছিল৷ তাই বাৰু এইটোও জানে যে মোৰ প্ৰথম পছন্দ এতিয়াও তায়েই৷ কিন্তু এই বাবায়ে এইবোৰ কথা কেনেকৈ জানিলে, আৰু এইবোৰৰ লগত মোৰ চিগাৰেট এৰাৰ সম্পৰ্কয়েই বা কি?

“কিন্তু বাবা, এইটোৰ লগত মোৰ চিগাৰেট এৰাৰ সম্পৰ্ক কি? আৰু আপুনি এইবোৰ…..”, মই অলপ কঠিন সুৰতে ক’লো৷

“হয়নে নহয় সেইটো উত্তৰ দিয়ক৷ “ মোৰ কথাটো আধাতে কাটি স্বামীয়ে অলপ কঠোৰভাৱেই ক’লে৷

“হয়৷ “ কথা নবঢ়াই মই নম্ৰভাৱেই ক’লো৷

“প্ৰশ্নোত্তৰ শিতানটো এতিয়াও শেষ হোৱা নাই৷ তথাপিও আপোনাৰ সমুখত এখন কনট্ৰেক্ট পেপাৰ আছে৷ আপুনি যদি বিচাৰে এতিয়াই চহী কৰক৷ এতিয়ালৈকে আপোনাৰ লগত কথা পাতি, আপোনাৰ বিষয়ে জানি যি বুজিছোঁ, চিগাৰেট এৰি দিয়াটো আপোনাৰ বাবে অতি প্ৰয়োজনীয়৷ কেইদিনমান আগতে আপোনাৰ ফেমিলী ডক্টৰ, ডক্টৰ বিশ্বাসেও আপোনাক অতি সোনকালে চিগাৰেট এৰি দিবলৈ কৈছিল৷ ই আপোনাৰ যৌনজীৱনৰ ওপৰতো প্ৰভাৱ পেলাইছে বুলিও মই জানো৷”

স্বামীয়ে ঠিকেই কৈছে৷ চিগাৰেট এৰিবই লাগিব৷ যি কৰিব লগা হয় সকলো কৰিম৷ একো নভবাকৈয়ে, একো পঢ়ি নোচোৱাকৈয়ে মই কন্ট্ৰেক্ট পেপাৰখনত চহী কৰিলোঁ৷ চহী কৰাৰ পিছতেই স্বামীজীয়ে মোৰ হাতৰপৰা কন্ট্ৰেক্টখন প্ৰায় টান মাৰি লৈ গৈ তেওঁ টেবুলখনৰ ড্ৰয়াৰটোত থ’লে৷

“এতিয়া আপোনাৰ প্ৰশ্নবোৰ সুধিব পাৰে কাশ্যপ ডাঙৰীয়া৷”, স্বামীজীয়ে ক’লে৷

“মানে সকলোখিনি বুজাই কওঁক৷ কিধৰণৰ উপচাৰ? যোগবিদ্যা নে ঔষধ? আৰু আপুনি মোৰ ব্যক্তিগত কথা ইমানকৈ কেনেকৈ জানিলে৷” , মই একে উশাহতে সুধিলো৷

“পানী এগিলাচ খাই লওক৷ (পানী গিলাচটো তেওঁ আগবঢ়াই দিলে)৷ সকলোবোৰ উত্তৰ আপোনাক অলপ সময়ৰ পিছত দি আছোঁ৷ তাৰ আগতে আপোনাক কিবা এটা দেখুৱাব বিচাৰো৷ ভিতৰৰ কোঠাটোলৈ আহক৷”, তেওঁ ক’লে৷

ভিতৰৰ কোঠাটো দিনতে অন্ধকাৰ আছিল৷ স্বামীজীয়ে কোঠাটোৰ লাইটটো জ্বলাই দিলে৷ কোঠাটোৰ এটা চুকত সঁজা এটাত এটা গিনিপিগ আছিল৷ তাৰ গাত ইলেক্ট্ৰিক ৱায়াৰ এডাল সংযুক্ত কৰি থোৱা হৈছে৷ স্বামীজীয়ে সঁজাটোৰ ভিতৰলৈ ৰচী এডালৰ জৰিয়তে খাদ্যৰ টুকুৰা এটা সুমুৱাই দিলে৷ গিনিপিগটোৱে খাদ্য খাবলৈ ল’লেই তেওঁ বিদ্যুতৰ চুইচটো অন কৰি দিয়ে৷ গিনিপিগটোৰ শৰীৰৰ মাজেৰে বিদ্যুত পৰিবাহিত হয়৷ এনেকৈ তিনি চাৰিবাৰমান কৰাৰ পিছত ৰচীৰে খাদ্য সঁজাটোত সুমুৱাই দিয়াৰ পিছতো গিনিপিগটোৱে নুখুৱা হ’ল৷

“এটা সময়ত গিনিপিগটোৱে বুজি যায় যে খাদ্যগ্ৰহণ আনন্দদায়ক নহয় বৰং যন্ত্ৰণাদায়ক৷” স্বামী দয়ানন্দই মোৰ ফালে নোচোৱাকৈয়ে ক’লে৷

মই ক্ষোভত ফাটি পৰিলো৷ ভয়ো অলপ লাগিল৷ কি কুক্ষণত ইয়ালৈ আহিছিলো! ইতিমধ্যে স্বামীজী আকৌ আগৰ কোঠাটোৰ চকীখনত বহি পৰিল৷ মই আৰু তাত এক মিনিটো থাকিব নোৱাৰো গতিকে মই বাহিৰৰ দুৱাৰখনৰ ফালে আগুৱাই গ’লো৷ কিন্তু দুৱাৰখন বাহিৰৰপৰা বন্ধ আছিল৷ আতংকত মই সেই ঠাইতে ৰৈ গ’লো৷

তাৰ পিছত খঙেৰে ক’লো “দুৱাৰ খোলক, মই চিগাৰেট এৰিব নিবিচাৰো৷ আপোনাৰ কথা কাকো নকওঁ, প্ৰমিজ৷”

“ৰ’ব মোৰ কথা এতিয়াও শেষ হোৱা নাই৷ অলপ বহক৷ চিগাৰেটে আপোনাক খঙাল কৰি তুলিছে৷ মোৰ কথাখিনি শুনি যাওক৷”, তেওঁ ভয়ানকভাৱে শান্ত স্বৰ এটাৰে ক’লে৷

“হ’ব তেন্তে, মই পুলিচলৈ ফোন কৰো৷ “ এইবুলি কৈ মই খপজপকৈ পকেটত হাত ভৰালোঁ৷

“এটা কথা জানেনে মিষ্টাৰ কাশ্যপ৷ এই গতিত আপুনি চিগাৰেট সেৱন কৰি গ’লে আপুনি বেছি বছৰ জীয়াই নাথাকিব৷ আপোনাৰ পত্নীৰ কি হ’ব৷ আৰু অভিষেকৰ কি হ’ব৷ বহক৷”

মোৰ কথালৈ একো গুৰুত্ব নিদি স্বামী দয়ানন্দয়ে আদেশৰ সুৰত ক’লে৷ অভিষেকৰ কথা এওঁ কেনেকৈ জানিলে! মই বুজিলোঁ এওঁ মোৰ জীৱনৰ সকলো দিশৰ বিষয়ে জ্ঞাত৷ অভিষেক মোৰ মানসিক বিকাৰগ্ৰস্থ ভাতৃ৷ মই বুজিলোঁ, এইখন জালৰপৰা মুক্তি পোৱাৰ মোৰ একো উপায় নাই৷ মই আকৌ চকীখনত বহিলো৷ সমুখৰ গিলাচটোত থকা পানীগিলাচ শেষ কৰিলোঁ৷ তাৰ পিছত কঁপা কঁপা কণ্ঠৰে সুধিলোঁ –

“মা-নে শ্ব’ক ট্ৰিটমেণ্ট?”
“শ্ব’ক আপোনাক দিয়া নহয়৷ অন্ত: ত এটাতকৈ বেছি চিগাৰেট নোখোৱালৈকে৷”, তেওঁ ক’লে৷

তাৰপিছত তেওঁ মোক যিখিনি কথা ক’লে সেইখিনি সাৰমৰ্ম এইধৰণৰ; এই ধুম্ৰ মুক্তি কেন্দ্ৰৰ প্ৰতিষ্ঠা কৰিছিল প্ৰবাসী অসমীয়া এজনে৷ তেওঁৰ নামটো স্বামীয়ে নক’লে যদিও এইটো ক’লে যে মানুহজন বিশ্বযুদ্ধৰ সময়ত কেনেবাকৈ জাৰ্মানী পাইছিলগৈ৷ যুদ্ধৰ সময়তে জাৰ্মানীতে ব্যৱসায় কৰি বহুত সম্পত্তি কৰিলে৷ এটা সময়ত তেওঁ অসমলৈ ঘূৰি আহিল৷ কিন্তু তেওঁৰ এটাই বেয়া অভ্যাস আছিল৷ ধুম্ৰপান৷ কোৱা বাহুল্য যে ধুম্ৰপানেই তেখেতৰ কাল হ’ল৷ মৃত্যুৰ সময়ত তেওঁ তেওঁৰ ভাল বন্ধু তথা দয়ানন্দৰ পিতৃ স্বামী ৰামানন্দক তেওঁৰ সকলো সম্পত্তি উইল কৰি দি থৈ গ’ল আৰু কেইখনমান চিঠিও লিখি থৈ গ’ল৷ চিঠিকেইখন আছিল নিচা মুক্তি কেন্দ্ৰৰ প্ৰকৃতি সম্পৰ্কীয়৷ জাৰ্মানীত মানুহজন নাজী অফিচাৰ কেইজনমানৰ পৰা বিশেষভাৱে প্ৰভাৱিত হৈছিল৷ মানুহজন নাজীবাদৰ সমৰ্থক আছিল৷

ধুম্ৰ মুক্তি কেন্দ্ৰৰ নিয়ম অতি সাধাৰণ৷ কনট্ৰেক্ট চাইন কৰাৰ পিছত যদি মানুহজনে প্ৰথমটো চিগাৰেট সেৱন কৰে তেন্তে মানুহজনৰ নিকটাত্মীয়ক কেন্দ্ৰলৈ লৈ আনি ইলেক্ট্ৰিক শ্ব’ক দিয়া হ’ব৷ কাশ্যপৰ ক্ষেত্ৰত সেইগৰাকী হৈছে তেওঁৰ পত্নী কাবেৰী৷

সেইটো হ’ল “প্ৰথম অপৰাধ”৷ “চল্লিছ শতাংশ মানুহে প্ৰথম অপৰাধটোৰ পিছত দ্বিতীয় অপৰাধ নকৰেই৷” স্বামী দয়ানন্দয়ে কৈছিল৷ দ্বিতীয় অপৰাধত ক্লায়েণ্ট আৰু তেওঁৰ নিকটাত্মীয় দুয়োজনকে ইলেক্ট্ৰিক শ্ব’ক দিয়া হ’ব৷ তৃতীয় অপৰাধত ক্লায়েণ্টৰ গোটেই পৰিয়ালকে ইলেক্ট্ৰিক শ্ব’ক দিয়া হ’ব, এইবাৰ মাত্ৰা আৰু সময় বাঢ়িব৷ চতুৰ্থ অপৰাধত ক্লায়েণ্টৰ নিকটাত্মীয়গৰাকীৰ সোঁহাতৰ কেঞা আঙুলিটো কাটি দিয়া হ’ব৷ সেইদৰে পঞ্চম, ষষ্ঠ, সপ্তম ……. ইত্যাদি সকলোৰে শাস্তি ভিন্ন ভিন্ন আৰু বেছি ভয়ানক৷

“দশম অপৰাধৰ পিছত আমি ধৰি লওঁ যে ক্লায়েণ্টক আৰু সুস্থ কৰি তুলিব নোৱাৰি৷”, তেওঁ কৈছিল৷

“মানে তেওঁক এৰি দিয়া হয়?”

“এটা অৰ্থত, তেওঁ মুক্তি লাভ কৰে”, তেওঁ ড্ৰয়াৰৰ পৰা ৰিভলভাৰটো উলিয়াই লৈ কৈছিল৷

“তেওঁলোক সুস্থ নোহোৱা সেই দুই শতাংশৰ ভিতৰুৱা৷ কিন্তু তেওঁলোকেও ইয়াৰপৰা ওলোৱাৰ পিছে কেতিয়াও চিগাৰেট সেৱন নকৰে৷” নিজৰ ৰসিকতাত স্বামীয়ে নিজেই হাঁহিছিল৷

“আজিৰপৰা আপুনি আৰু চিগাৰেট নাখাব৷ “ স্বামীয়ে ক’লে৷

“আই মিন আপোনাৰ নিজৰেই ভাল নালাগিব৷ নিজৰ এটা ভুল পদক্ষেপৰ কাৰণে নিজৰ পৰিয়ালৰ বিপদ হোৱাটো কোনেনো বিচাৰিব৷ মোৰ হাত ক’লৈকে বিস্তাৰিত আপুনি হয়তো বুজি পাইছে৷ মোৰ শিষ্যবোৰ গোটেই চহৰখনত সম্প্ৰসাৰিত হৈ আছে৷ কেতিয়াবা আপুনি ভাবিব পাৰে নিৰ্জন এলেকা, ইয়াত চিগাৰেট খালে মোক কোনে দেখিব নতুবা দুবছৰৰ পিছত চিগাৰেট খাইছো এতিয়া মোক কোনে দেখিব৷ কিন্তু আপুনি ক’ব নোৱাৰে মোৰ শিষ্যবোৰ কেতিয়া, ক’ত থাকে৷ আপুনি অহা যোৱা কৰা ৰাস্তাৰ সেই ভিক্ষাৰীজন, আপোনাৰ দয়াময়ী এপাৰ্টমেণ্টৰ সেই ৱাটছমেনজন, নতুবা আপুনি যোৱা পানশালাখনৰ সেই নিয়মীয়া গ্ৰাহকজন; যিকোনো এজন মোৰ মানুহ হ’ব পাৰে৷ ইতিমধ্যে আপুনি গম পাইছে চাগে মোৰ নেটৱৰ্ক কিমান বিশাল৷ গতিকে পুলিচৰ ওচৰ চপাৰ ভুলটো যেন নকৰিবই৷ মনত ৰাখিব ইয়াৰ পিছতো চিগাৰেট সেৱন কৰিলে আপোনাৰ বা আপোনাৰ পৰিয়ালৰ লগত কিবা বেয়া হ’লে জগৰীয়া আপুনিয়েই হ’ব৷ আৰু মোৰ ফিজ এতিয়া দিব নালাগে৷ সময়ত আপোনাৰ ঘৰত পঠাই দিম৷ হেভ এ স্মকলেচ লাইফ মিষ্টাৰ কাশ্যপ৷ গুড বাই৷”

ওভটাৰ পথত মই নিজকে চিকুটি চালোঁ৷ নাই সপোন নহয় এয়া বাস্তৱ৷ ইয়াৰ পিছৰ তিনিদিন চিগাৰেট সেৱন নকৰাকৈ কটালো৷ ঘৰৰ ভিতৰত, আনকি টয়লেটতো চিগাৰেট সেৱন কৰিবলৈ মোৰ ভয় হ’ল৷ কোনে জানে কাম কৰা বাইজনী কিজানি দয়ানন্দৰ শিষ্য৷ যদি কিবা উমান পায়! !

এইকেইদিন কাবেৰী বহুত সুখী৷ তাই আচলতে নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাই৷ এনেকুৱা নহয় যে মোৰ চিগাৰেট খাবলৈ মন নাযায়৷ কিন্তু মই নিজক আৰু নিজৰ পৰিয়ালক বহুত ভাল পাওঁ৷

তৃতীয় দিনা অফিচলৈ গৈ থাকোঁতে গাড়ীতে এটা চিগাৰেটৰ পেকেট আৱিষ্কাৰ কৰিলোঁ৷ পেকেটটোত মাত্ৰ এটা চিগাৰেট আছিল৷ দিয়াশলাইটো গাড়ীত আছিলেই৷ তাতে মোৰ অফিচলৈ যোৱা পথটো অলপ নিৰ্জন, মানুহ-দুনুহ বহুত কম অহা যোৱা কৰে৷ গাড়ী ৰখালো৷ মন আৰু মগজুৰ মাজত হোৱা কেইমাইক্ৰছেকেণ্ডৰ যুদ্ধত মনেই জয়ী হ’লগৈ৷ মই চিগাৰেটটো জ্বলালো৷ কিন্তু চিগাৰেটোত প্ৰথমটো শোহা মাৰোতেই মোৰ বিবেক দংশন হ’বলৈ আৰম্ভ কৰিলে৷ আৰু দুই টানৰ পিছত চিগাৰেটটো পেলাই দিলো৷ সেয়া দুইটান ধঁপাত আছিল নে কাবেৰীৰ দুটোপাল কেঁচা তেজ! আশা কৰিলো দয়ানন্দৰ এজেণ্টে যাতে সেই দৃশ্যটো দেখা নাপাওঁক৷

কিন্তু বৃথা আশা আছিল, কাৰণ দহ মিনিটমানৰ পিছতেই মোলৈ দয়ানন্দৰ ফোন আহিল৷ মই ঘটনা বুজি পালো৷ দয়ানন্দৰ আশ্ৰমলৈ গাড়ী দৌৰালো৷ স্বামীজীক বহুত কাকুতি মিনতি কৰিলো৷ ক’লো যে এই ভুল দুনাই নহয়, আৰু কাবেৰীৰ ঠাইত মোক ইলেক্ট্ৰিক শ্ব’ক দিবলৈ৷ কিন্তু দয়ানন্দই নামানিলে৷ কম মাত্ৰাত কাবেৰীৰ শৰীৰেদি বিদ্যুত প্ৰবাহ পাৰ হৈ গ’ল৷ কাবেৰীকো সঁচা কথাটো কৈ দিলো৷ কিন্তু কাবেৰীৰ কথাইহে মোক আচৰিত কৰিলে৷ “এওঁলোক ভাল মানুহ৷ তোমাক সুস্থ কৰি তুলিবলৈহে এইবোৰ কৰিছে৷ তোমাৰ ভালৰ বাবে মই এবাৰ কিয় আৰু বহুবাৰ ইলেক্ট্ৰিক শ্ব’ক সহ্য কৰিবলৈ সাজু৷ “ মোৰ চকুপানী ওলাই গৈছিল৷

সেইদিনাৰপৰা আৰু মই চিগাৰেট খোৱা নাই৷ উক্ত ঘটনাটোৰ কেইসপ্তাহমানৰ পিছত আকৌ এটা ফোন আহিল৷ পৰিচিত কণ্ঠস্বৰ৷
“আপোনাৰ শিষ্য নে এজেণ্টবোৰে ভুল কৰিছে৷ মই চিগাৰেট খোৱা নাই৷”, মই উষ্মাৰে ক’লো৷
“মই জানো৷ আপুনি আজি আশ্ৰমলৈ আহি যাওক৷ বেলেগ কথা এটা আছে৷”

দুপৰীয়া আশ্ৰমলৈ গ’লো৷
“আপোনাৰ ওজন বাঢ়িছে৷ ধুম্ৰ মুক্তি কেন্দ্ৰলৈ অহা আশী শতাংশ মানুহৰেই এইটো হয়৷ এইখন লওক উচ্চতা অনুপাতে ওজনৰ তালিকা৷”, এইবুলি তেওঁ কাগজ এখন আগবঢ়াই দিলে৷

“শিষ্য এজনে আপোনাৰ গাড়ীত পেকেট এটাত এটা ওজন জোখা যন্ত্ৰ এটা আৰু অলপ আয়ুৰ্বেদিক ঔষধ ইতিমধ্যে থৈ দিছে৷ এমাহৰ কৰ্চ৷ এমাহৰ পিছত আপোনাৰ ওজন নকমিলে আপোনাৰ বাওঁহাতৰ মধ্যমা আঙুলিটো দুটুকুৰা হ’ব৷ আশা কৰোঁ এমাহৰ পিছত যেন আপোনাক ইয়াত আৰু দেখা নাপাওঁ৷ গুড বাই মিষ্টাৰ কাশ্যপ৷”

প্ৰায় বিছ দিন মানতেই মই লক্ষ্য ওজনত উপনীত হ’লো৷ এমাহ পাৰ হৈ যোৱাৰ পাছতো দয়ানন্দ বাবাৰ ফোন কল অহা নাই৷ মানে বিপদ আঁতৰিল হয়তো৷ কিন্তু শৰীৰৰ প্ৰতি লৈ থকা যত্নবোৰ মই কেতিয়াওঁ কমাব নোৱাৰিম৷ ভয় এটা থাকিবই, আজীৱন৷

ৰাতি ভালদৰেই পুৱাইছে৷ কাবেৰি হয়তো এতিয়ালৈকে উঠাই নাই৷ বাৰাণ্ডাতে কাগজ এখন আছিল৷ কাগজ মানে বিল এখন৷ ওজন জোখা যন্ত্ৰ, ঔষধ আৰু ইলেক্টিচিটি বিল মিলি মুঠ দহ হাজাৰ এশ এঘাৰ টকা বিল হৈছে৷ টকাখিনি কাইলৈপুৱা চাৰি বজাত ঘৰৰ ওচৰৰ ডাষ্টবিন এটাত পেলাই থ’বলৈ নিৰ্দেশ দিয়া আছে৷

অ’হ, এটা কথা ক’বলৈ পাহৰিছিলো৷ কালি সমৰ আৰু তাৰ পত্নী শিখাক লগ পাইছিলো৷ শিখাক প্ৰথমবাৰ লগ পোৱা বাবে তাইৰ লগত কৰমৰ্দন কৰিলো৷ তাইৰ সোঁহাতৰ কেঞা আঙুলিটো নাছিল৷

☆☆

উপসংহাৰ:
“কাবেৰী বা, তুমি কিন্তু মানুহজনক ইমান টেনচন দিব নালাগিছিল৷”, কফিত চুমুক মাৰি শিখাই ক’লে৷
“উপায় নাই৷ তেওঁ লাহে লাহে মোৰপৰা, আমাৰপৰা আঁতৰি গৈছিল৷”, কাবেৰীয়ে ক’লে৷
“কিন্তু সমৰে গ্ৰহণ কৰা চিকিৎসাৰেও তেওঁক ভাল কৰিব পৰা গ’লহেঁতেন৷”, শিখাই মন্তব্য কৰিলে৷

কাবেৰীয়ে কোনো উত্তৰ নিদিলে৷ হয়তো তাই ভাবে এইখিনি তেওঁৰ প্ৰাপ্য আছিল৷ শিক্ষয়িত্ৰী হিচাপে কাবেৰীয়ে সদায় বিশ্বাস কৰে যে ভুলৰ শাস্তি থকা উচিত, কিন্তু এই শাস্তিয়ে ছাত্ৰ/ছাত্ৰীজনৰ জীৱনলৈ যদি ধনাত্মক পৰিবৰ্তন আনিব পাৰে সেইটো বহুত ভাল৷ এতিয়া কাবেৰীৰ জীৱনত সকলো ঠিক চলি আছে৷ অভিজিতে আনকি এফেয়াৰটোও বাদ দিলে৷ সেইজনীও তাৰ জীৱনত চিগাৰেটতকৈ কম নাছিল!

“তোমালোক দুয়োৰ সহায়ৰ অবিহনে এইখিনি সম্ভৱ নাছিল শিখা৷ আৰু তোমাৰ সৰুতে দুৰ্ঘটনাত কাটি পেলাব লগা আঙুলিটোৱে আৰু অভিজিতৰ মনত কোনো সন্দেহৰ অৱকাশেই নাৰাখিলে৷”, কাবেৰিয়ে মন্তব্য কৰিলে৷

“পিছে দুটামান কথা বুজি নাপালো বা৷ তেওঁ সেই নকল আশ্ৰমত নকল কনট্ৰেক্ট চাইন কৰি অহাৰ পিছত প্ৰথম চিগাৰেটতো সেৱন কৰাৰ কথা আপুনি কেনেকৈ জানিলে আৰু তেওঁ যে দয়ানন্দ বাবাৰ কথাটো আন কাকো নক’ব সেইবিষয়ে আপুনি ইমান নিশ্চিত কেনেকৈ?”, শিখাই সুধিলে৷

“প্ৰথম প্ৰশ্নটোৰ তোমাৰ মনত উদয় হোৱাটোৱেই আচৰিত৷ এই তথ্য প্ৰযুক্তিৰ যুগত স্পাইকেম বহুত সাধাৰণ বস্তু৷ আৰু দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ হিচাবে কম যে, ভাল কাম এটা কৰিবলৈ ল’লে সিমানখিনিতো ৰিস্ক ল’বই লাগিব৷ নে কি কোৱা শিখা?”, কফিখিনি শেষ কৰি কাবেৰীয়ে বিল দিবলৈ কাউণ্টাৰৰ ফালে গ’ল৷
★★

(1947 চনত জন্মলাভ কৰা আমেৰিকান লিখক ষ্টিফেন কিং ভৌতিক, থ্ৰিলাৰ গল্প/উপন্যাসৰ ক্ষেত্ৰত এক জনপ্ৰিয় আৰু পৰিচিত নাম৷ তেওঁৰ বহুকেইটা গল্প, বহুকেইখন উপন্যাসৰ ভিত্তিত বহুকেইখন চলচ্চিত্ৰ নিৰ্মান কৰা হৈছে৷ এই গল্পটো তেওঁৰ quitters.inc গল্পটোৰ ভাৱানুবাদ৷ শেষৰখিনি পিছে এই লেখকৰ নিজা৷ – অনুবাদক )
☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক