ধুম ধুম ধুমুহা (উজ্জল ফুকন)

আকাৰটো চাই বুঢ়া আঙুলিৰ মূৰটো ভৰিৰ নে হাতৰ ধৰিবলৈ টান। হাতৰ তলুৱাখনত সিঁচৰিত হৈ থকা আঁক-বাঁকবোৰে আচল ৰেখাকেইডালৰ অস্তিত্ব কেতিয়াবাই নোহোৱা কৰিছে। তাৰ মাজতে এজাক ধপাতৰ টুকুৰাই বুঢ়া আঙুলিটোৰ বিৰুদ্ধে অস্তিত্বৰ সংকটত প্ৰাণপণে যুদ্ধ কৰিছে।
“মোকো অলপ দিবি” হাতত থকা দা খনেৰে একান্ত মনেৰে ভৰিৰ আঙুলিৰ নখ কাটি থকা ধৰণীয়ে ৰজনীক ক’লে।
“ৰাতিপুৱাই…, বেয়া মাতটো নামাতো আৰু। আজিলৈকে তোক নিদিয়াকৈ… চেধা খাইছোঁ নেকি?” ৰজনীয়ে গম নোপোৱাকৈ দুটা বেয়া মাত ওলাই আহিল তাৰ মুখৰপৰা।
ডাঙৰটো কৰিবলৈ যাওঁতে অলপ যেনেকৈ সৰুপানী মুক্ত হয় তেনেকৈ ৰজনীৰ কথাৰ মাজত বেয়া মাত দুটামানে তেনেকৈ মুক্তি পায়।
“….দে দে। আজি কোনো নাহিবই নেকি নিবলৈ। একো এটা নাই ঘৰত খাবলৈ।” ধৰণীয়ে আঙুলিৰ টিপাত ধপাত অলপ মুখৰ নিৰ্দিষ্ট কোণত ভৰাই অলপ চিন্তাৰে ক’লে।
“হৌৰা যাবা নেকি?” অলপ আদহীয়া মানুহ এজনে মাৰুতিৰ খিৰিকীৰপৰাই সুধিলে।
“যাম চাৰ। কেইজন লাগে?” ৰজনীয়ে মাত লগালে।
“দুজন হ’লে ভাল হয়। অলপ বাৰীৰ কাম আছিল।” মানুহজনে উত্তৰ দিলে।
এইবাৰ ধৰণী উঠি গৈ মানুহজনৰ লগত দাম-দৰ ঠিক কৰি আহিল।
“আহ ঐ, চাৰে গাড়ীত লৈ যাব হেনো” ধৰণীয়ে ৰজনীক চিঞৰি ক’লে।
ৰজনীয়ে দা খনেৰে ভৰিৰ বোকাখিনি চুঁচি গাড়ীত উঠিল।
“কাম বুলিবলৈ বাৰীখন অলপ চাফ-চিকুণ কৰিব লাগে। বাৰীৰ বাঁহ দুডালমান কাটি চালি এখন সাজিব লাগে আৰু মাটি অলপ চহাই দিব লাগে। আগতে এইবোৰ মই নিজেই কৰিছিলোঁ। আজিকালি পিছে বয়সে নমনা হ’ল।” ঘৰ অভিমুখে গাড়ীখন চলাই মানুহজনে কৈ গ’ল।
ধৰণীয়ে মাজে মাজে ‘হয় চাৰ’, ‘হয় চাৰ’ কৰি আছে আৰু ৰজনীয়ে লাহেকৈ গাটো ছীটটোত পেলাই দি মটৰ গাড়ীৰ আমেজ লৈ আছে। “সৰুতে সেই ঢকুৱাতে উঠা আৰু” সি মনে মনে ভাবিলে।
“বৰুৱা, ৰাতিপুৱাইনো ক’ত ওলাই গৈছিলি। মই তোলৈকে ৰৈ আছোঁ।” গাড়ীখন ঘৰৰ চৌহদত সোমোৱাৰ লগে লগে চিঞৰ এটা ভাঁহি আহিল। সেয়া বিজন বৰুৱাৰ বাল্যবন্ধু মাধৱ বৰাৰ মাত।
“বাৰীখন ঠিক কৰিব লাগে। এই দুজনক লৈ আহিছোঁ। তই কেতিয়া আহিলি?” গাড়ীখন ৰখাই বৰুৱাই মাত লগালে।
“মোৰ অহা বেছি দেৰি হোৱা নাই।” এইবাৰ বৰা আগবাঢ়ি বৰুৱাৰ কাষ পালেগৈ।
“তোমালোকে এই বাৰীখন সম্পূৰ্ণ চাফা কৰিব লাগিব আৰু খাল কেইটা খান্দি পানী ওলাই যোৱা কৰি দিব লাগিব। আৰু মাটিখিনি অলপ ঠিক কৰি ইয়াত এখন চালি সাজি দিব লাগিব। হ’বগৈনে আজি?” বৰুৱাই সুধিলে।
ৰজনীয়ে তামোল এখন মুখত ভৰাই জিভাত অলপ চূণ সানি ক’লে “আৰম্ভ কৰিলে শেষ হ’বগৈ চাৰ”
“ঠিক আছে। লাগি যোৱা তেন্তে। কিবা লাগিলে মোক ক’বা” বৰুৱাই ক’লে।
“সদ্যহতে তামোল চাৰিখনমান আৰু পানী এজাৰ এইখিনিতে থৈ দিব। মাজে মাজে আমাক তামোল এখন লাগে।” ধৰণীয়ে ক’লে।
ৰজনীৰ ৰঙচুৱা দাঁতকেইটাই ধৰণীক সমৰ্থন জনালে।
বৰুৱা আৰু বৰাই চোতালতে চকী দুখনত বহি আড্ডা মৰাত লাগিল।
“মানুহকেইটা ক’ত পালি? তজবজীয়া দুয়োটা। কামত ভাল হ’ব যেন পাইছোঁ।” বৰাই ক’লে।
“চাওঁচোন কি কৰে। আজিকালি কামতকৈ এইগালৰ খোৱাৰ কোবটো বেছি। মাজে মাজে সময় সুধি থাকে। তাৰপিছত পিটিকি পিটিকি ভাত খাই অলপ ইফাল সিফাল কৰি যাবৰ হ’বই। কিন্তু বেয়াকৈও ক’ব নোৱাৰ। নাহিবই সিহঁত। আৰু নিজেও নোৱাৰাঁ হলো এইবোৰ কৰিবলৈ আজিকালি।” বৰুৱাই ক’লে।
“এইবোৰৰ লগত কি লাগি ল’বি। ঠিকেই কৈছ।” বৰাই হয়ভৰ দিলে।
এনেতে চাহ আৰু জলপান লৈ বৰুৱানীৰ আগমন ঘটিল। “চাহ খাব। ভালনে আপোনাৰ?” বৰুৱানীয়ে বৰাক সুধিলে।
“ভাল ভাল। আপোনাৰ কি খবৰ?” বৰাই সুধিলে।
“এহ নক’ব আৰু। আমাৰ এওঁক ক’লো ছাগলী,হাঁহ,কুকুৰা, গাহৰি যি পাই কিবা মঙহ অলপ আনিবলৈ। দেওবাৰে ল’ৰাটোৱে খাব বিছাৰে। ওলাইছেহি তেখেত মোটোহা-মোটোহ দুটা মানুহ লৈ। বাৰী সাজিব হেনো। এনে মুলাইটো ওলাইছে।”
বৰুৱানীয়ে বৰুৱালৈ চাই কথাখিনি কৈ গুছি গ’ল।
বৰুৱাৰ তেতিয়াহে মনত পৰিল মঙহ আনিবলৈ কোৱাৰ কথাটো।
“তোক খং উঠিলে মুলাই বুলি কয় নেকি?” বৰাই সুধিলে।
“নহয় অ’ যাদৱ পায়েঙৰ কথা কৈছে। সাধাৰণ জ্ঞান বৃদ্ধি পাইছে এই কেইদিনত। কৌন বনেগা কড়ৌৰপটি আহি আছে ন।” বৰুৱাই ক’লে।
দুই বন্ধুৰ ইটো-সিটো কথাৰ অন্ত নপৰা হ’ল। ইপিনে বৰুৱানীয়ে ভাত হৈ যোৱাৰ কথা আহি কৈ কৈ গ’লহি।
বৰাৰ একমাত্ৰ পুতেক বিদেশত থকাৰ পৰা বৰুৱাৰ ঘৰত ঘৰত দেওবৰীয়া সাজটো একেলগে খোৱা এক নিয়মৰ দৰে হৈ পৰিল। বৰাৰ সহধৰ্মীনিৰ ইহসংসাৰ ত্যাগ কৰা চাৰি বছৰ মানেই হ’ল।
অকলশৰীয়া মানুহটোক ভাত এসাঁজ খোৱাই বৰুৱানীয়েও আত্মসন্তুষ্টি পাই।
“এইকেইটাকো ভাত দি দিবা।” বৰুৱাই চিঞৰি বৰুৱানীক ক’লে।
ডাইনীং টেবুলত বৰুৱা, বৰা আৰু বৰুৱাৰ সৰুটো পুতেক শংকু বহিল। কাষতে সৰু টেবুল এখনত ধৰণী আৰু ৰজনীও বহিল।
“খুড়া ফুটবল বিশ্বকাপ চালে নহয়। মই কিন্তু এতিয়াও মাজে মাজে চাই থাকোঁ ৰিপিটবোৰ। ব্ৰাজিল আৰু জাৰ্মানীৰ খেলখন দি আছে। ভাত খাই খাই আকৌ এবাৰ চাওঁ আহক।” শংকুৱে বৰাক ক’লে।
বৰুৱাৰ ঘৰৰ গোটেইকেইটা ফুটবল পাগল। ভাতৰ গৰাহবোৰ অলপ সময়ৰ মূৰে মূৰে মুখত যিদৰে সুমাই আছিল ব্ৰাজিলৰ নেটতো বল ঠিক তেনেকৈ সুমাই আছিল।
ধৰণী আৰু ৰজনীয়েও একান্তমনে খেল চাই আছিল। মাজে মাজে বৰুৱানীয়ে সিহঁতৰ খালি হৈ থকা থাল দুখন ভৰ্তি কৰি যায়।
“এই খেলখন দেখিলে বৰ দুখ লাগে। ব্ৰাজিল হৰাৰ কাৰণে নহয়। পুৰণা খেল এখন মনত পৰে। তোৰ মনত আছেনে বৰা?” বৰুৱাই সুধিলে।
“সেই ডিষ্ট্ৰিক্ট ফুটবল ফাইনেলখনৰ কথা কৈছ নেকি? আমি যে কান্দি যোৱাকৈ হাৰিছিলোঁ।” বৰাই ক’লে।
“মিলনজ্যোতি ক্লাৱ, আমাৰ ক্লাৱৰ নাম সেইদিনা ধূলিত মিলি গৈছিল। ক’ৰ পৰা যে আহিছিল সেই দলটো। ‘নাহৰবাৰী ফুটবল ক্লাৱ’ নামটো মনত পৰিছে।” বৰুৱা যেন পুৰণি পৃথিৱীখনলৈ সোমাই গ’ল।
“আমি তেতিয়া গোটেই জিলাখনৰ ভিতৰত অদ্বিতীয় আছিলোঁ। কিন্তু সেইবাৰ প্ৰথম এই দলটোৱে যোগ দিছিল জিলা পৰ্য্যায়ৰ খেলত। ছেমি ফাইনেলত সিহঁতে মিৰি গাঁওৰ দলটোক অতি সাধাৰণভাৱে হৰুৱাই সকলোকে স্তব্ধ কৰি দিছিল। আমিও সঁচা কথা ক’বলৈ গ’লে তেতিয়াহে অলপ সাৱধান হৈছিলোঁ। কিন্তু ইতিমধ্যে বহু দেৰি হৈ গৈছিল। ফাইনেলৰ দিনা লোকে লোকাৰণ্য। আমি নগৰৰ বাবে গোটেই নগৰৰ ৰাইজে আমাকে সমৰ্থন কৰিছিল। সিহঁতৰ গাঁৱৰো অলপ ডেকা ল’ৰা আহিছিল সমৰ্থন কৰিবলৈ। বলটো যিফালে যাই সেইফাললৈ লক্ষ্য কৰি সিহঁতে চিঞৰ মাৰে। কি বুলি চিঞৰিছিল একেবাৰে পাহৰি গ’লোঁ। বৰা তোৰ মনত আছেনে?” বৰুৱাই সুধিলে
শংকুৱে সাধুকথা শুনি থকাৰ দৰে বৰাৰ মুখলৈ চালে।
“নাই অ’ মোৰো মনলৈ অহা নাই। কিন্তু সেই বাক্যদুটা বহু দিনলৈ মই সপোনত শুনিছিলোঁ।” বৰাই ক’লে।
“সিহঁতৰ দলটোত দুটা ল’ৰাই বিৰাট ভাল খেলিছিল। এটাই আগত খেলে আৰু গ’ল দিয়াৰ সম্পূৰ্ণ দায়িত্ব তাৰ ওপৰত থাকে। আনটোৱে পিছপিনে খেলে আৰু গ’ল প্ৰতিহত কৰে। আমি কোনোপধ্যেই সিহঁতৰ গ’লপষ্টৰ ওচৰ চাপিব পৰা নাছিলোঁ। আৰু সিহঁতে ইটোৰ পিছত সিটো গ’ল দি গৈছিল। নাহৰবাৰীৰ সেই আচৰিত দলটোৱে আমাক ৭-০ ত হৰুৱাইছিল। কিন্তু নাজানো সিহঁতক কিয় জিলা দলটোত বাছনি নকৰিলে। জিলা দলটোত আমি আকৌ সেই পুৰণা মুখকেইখনৰ লগত খেলিলোঁ আৰু সেই একেই দশা। আমি ভাল খেলিলোঁ, যুঁজিলোঁ কিন্তু হাৰিলোঁ। হয়তো সিহঁত থকা হ’লে …..” বৰুৱাই বৰাৰ ফালে চাই ৰৈ গ’ল।
শংকুৱেও একেথৰে বৰাৰ মুখলৈ চাই থকা দেখি বৰাই কথা সলনি কৰি ধৰণী আৰু ৰজনীলৈ চাই ক’লে “হৌৰা, বাহিৰত ধুমুহা আহিব যেন পাইছোঁ। সৌ চোতালখনত মাটিবোৰ বৰ পাতল হৈ আছে। অলপ ধুৰ্মুছটো মাৰি যাবাচোন।”
ধৰণী আৰু ৰজনীয়ে ইটোৱে সিটোৰ মুখলৈ অলপ সময় চাই বৰাক ক’লে “ঠিক আছে।”
“অ’ই বৰা, সেইকেইটাই শব্দ। ধুমুহা আৰু ধুৰ্মুছ। হয়তো সিহঁতৰ খেলপথাৰৰ নাম আছিল।” বৰুৱাই আনন্দত বৰালৈ চাই চিঞৰি উঠিল।
“বলটো আমাৰ গ’লৰ ফালে আহিলেই সিহঁতৰ সমৰ্থকবোৰে চিঞৰিছিল ‘ধুম ধুম ধুমুহা'” বৰাই অলপ সময় ভাবি ক’লে।
“আৰু আমি বল লৈ গ’লে চিঞৰে ‘ধৰ ধৰ … ধুৰ্মুছ'” বৰুৱাই ক’লে।
“কি দুৰ্বাৰ গতি দুয়োটা ল’ৰাৰ আৰু কি কৌশল। মই সেই ল’ৰাকেইটাৰ দৰে ফুটবল খেলা আৰু ক’তো দেখা নাই। ক’ত বা আছে এতিয়া সিহঁত। কিয় বা নেখেলা হ’ল। অসমীয়া মানুহৰ লক্ষ্য নাই বুজিছ।” বৰাই ক’লে।
“ধুমুহা ৰাতিপুৱাৰ পৰা আপোনাৰ ঘৰতে আছে” ৰজনীয়ে ধৰণীলৈ দেখুৱাই ক’লে।
“আৰু ধুমুছে এইয়া ধুৰ্মুছ মাৰি আছে।” ধৰণীয়ে ৰজনীক দেখুৱাই ক’লে।
এইবাৰ বৰুৱা, বৰা আৰু শংকু তিনিওটাৰে মুখৰ মাত হৰিল।
“আমি ফুটবলক সৰুৰে পৰাই ভাল পাইছিলোঁ। আজিও ভাল পাওঁ। কিন্তু ফুটবলে আমাক এই দেহাটো আৰু যৌৱনৰ কেইটামান ভাল লগা মুহূৰ্তৰ বাদে একো নিদিলে। আৰু আজি সেই মুহূৰ্তবোৰৰ বাবে আমি পইচা নাপাওঁ। আমাৰ পেটৰ ভোক নুগুছে। আমি পঢ়াত বেয়া আছিলোঁ। আমাৰ মগজুটো হয়তো কেৱল ফুটবলতহে ভালকৈ ব্যৱহাৰ হৈছিল। কিন্তু আমাৰ অসমত পঢ়াত বেয়া হ’লে আমাৰ দৰে হ’ব লগা হয়। খেলত আগবাঢ়িবলৈ খেলুৱৈ বাছনি কৰা সদস্য কোনোবা এজনৰ লগত ভাল হ’ব লাগিব। কাৰোবাক তোষামোদ কৰি সুযোগ লোৱা স্বভাৱ আমাক ভগৱানে নিদিলে। আৰু হয়তো ভালেই হ’ল। আজি আপোনাৰ দৰে প্ৰকাণ্ড ঘৰ নাই কিন্তু সুখতে আছো। আজিও গাঁৱত সৰুবোৰৰ লগত খেলোঁ। আগৰ দৰে দৌৰিব নোৱাৰোঁ কিন্তু ইমানো বেয়া নেখেলোঁ। আজি এটাই দুখ লাগে পঢ়া আৰু খেলক যদি সমান চকুৰে চালে হয় আমিও আপোনালোকৰ দৰে থাকিব পাৰিলোঁ হয়। কিন্তু খেলত মগজু খটুৱাই এই খন অসমত …. লাভ নাই।” ধৰণীৰ বেয়া মাত এটা ওলাই আহিল শেষৰ বাক্যটোত।
“যাওঁ দিয়ক চাৰ। আমি যিমান পাৰোঁ বাৰীখন পৰিষ্কাৰ কৰি দিলোঁ। বাইদেউৰ হাতৰ ভাতকেইটা খাইও ভাল লাগিল। হাজিৰাটো দি বিদায় দিয়ক। কিবা কৰিবলৈ বাকি আছে যদি কৈ দিয়ক” ৰজনীয়ে ক’লে।
বৰুৱা আৰু বৰাই বাৰীখন চাবলৈ গৈ হতবাক হ’ল। বাৰীৰ নক্সাই সলনি হ’ল। বৰুৱাই দুয়োজনকে হাজিৰাতকৈ অলপ বেছি দিব খুজিলে। কিন্তু সিহঁতে নল’লে।
তাৰ বিপৰীতে প্ৰয়োজন হ’লে আকৌ মাতিবলৈ ক’লে।
বৰুৱা আৰু বৰাই দুয়োটা যোৱাৰ পিনে চাই থাকিল। সমবয়সীয়া মানুহ দুটাৰ জীৱন দেখি দুয়ো কি ক’ব ভাবি নাপালে। সঁচাকৈ আজি মেছি বা নেইমাৰে অঙ্কত কিমান নম্বৰ লৈ পাছ কৰিছিল সেইটো একেবাৰে গৌণ। কিন্তু তেওঁলোকৰ দু-ভৰিয়ে যি ফুটবল শৈলী দি আছে পৃথিৱীয়ে তাকহে সন্মান কৰে। আমাৰ অসমত কেতিয়া সেই পৰিৱেশ আহিব ভগৱানেহে জানে। খেলকো শিক্ষাত অন্তৰ্ভুক্ত কৰিব লাগে। তেতিয়া এটা ল’ৰা কেমেষ্ট্ৰিত ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট আৰু আন এটা বোলে ফুটবলত মাষ্টাৰ্চ। আৰু দুয়োটাই বোলে পৰৱৰ্তী পৰ্য্যায়ত সমান সুযোগ পাইছে। এনে হাজাৰটা প্ৰশ্ন আৰু আশাই বৰুৱা আৰু বৰাৰ মূৰত খুন্দিয়াবলৈ ধৰিলে। সিহঁতৰ চিন্তাবোৰ সাৱটি দূৰত হেঙুলীয়া ফুটবলটো লাহে লাহে দিগন্তৰ জালত সোমাই পৰিল। হয়তো হেঙুলীয়া ফুটবলটোৱে ভালদৰে জানে এইখন অসমত এই প্ৰশ্নবোৰৰ উত্তৰ মাথোঁ এন্ধাৰ।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক