ধূসৰতাৰ সংগীত -(বাস্তৱ মৰাণ)

??????????????????????????????????????????????????????????কথাবোৰ এতিয়া সকলো বাটৰুৱাই জানে
পথাৰখন মেৰিয়াই ধোঁৱাবোৰ ঢৌৱাই থাকে কিয় সন্ধ্যা
সৰি পৰে বাৰীৰ সুমথিৰা টেঙাবোৰ কিয়
কিয় কাহ কিছুমান চিঞৰি ফুৰে ৰাতিৰ নিজানত
কথাবোৰে একো নোকোৱাকৈয়ে বাহৰ পাতে বুকুত
আবেলিৰ বোলেৰে জাল গুঁঠে নজনাকৈয়ে
স্বপ্ন-স্মৃতিৰ আকাশীলতা নষ্ট হয় এক বিষাদীয় পৰিক্ৰমাত
নাজানে-নুবুজে বুকুৱে শেষ নিশ্বাসত বেলিয়ে কিয় উৰুৱাই লাল পতাকা
কাম চৰায়ে কিহৰ তাড়নাত বুলাই ৰঙা ৰঙে নিজৰ ঠোঁট
খিলখিল হাঁহিৰে কৃষ্ণচূড়াই সকলোবোৰ কথা পানী কৰি
বোৱাই দিয়ে সহবাস কৰিব পৰাকৈ এখন নদী
আমি চাই ৰওঁ নিমাতি কইনাৰ দৰে ৰাজকাৰেঙৰ হুলস্থূল
টুঁটি আহে উশাহৰ আয়ুস
নিজাৰ পৰে দুওঁঠ-উপত্যকা
কি থাকে বুকুত জ্বলি
কি থাকে বুকুত বাকী
সকলো হেৰুওৱাৰ পাছতো বুকুত থাকেনো কি, ৰিক্ততা !
তাতকৈ অকনমান ফালৰি কাটি থাকে যদি
কিবা এটা বিচাৰি ফুৰাৰ ৰঙীণ হাবিয়াস ৷
এই যে সময়, কিদৰে তুলি লওঁ বোকাত পদুম ফুলাৰ কথা ভাবি
থৰ-কাচুতি হেৰুৱাই আপোন ৰাগবোৰো বেসুৰা হৈ আহিছে
থমকি ৰৈছে চৰাইজাকৰ কোলাহল, সোণালি পথাৰৰ টলবল উলাহ
অশ্লীল শব্দ কিছুমানৰ ফুচফুচনি শুনি
আমি দৌৰ মাৰোঁ হাবিয়নি ফালি, সৰিয়হনী এৰি
উদযাপন বুলি একো নাই বিষণ্ণতাৰ বাহিৰে
সাতোৰঙী ব’হাগ আজোককাদিনীয়া এটা সাঁথৰ অথবা
সমাধিস্থ উৎসৱৰ বিৱৰ্ণ এপিটাফ
হাঁহিব নোৱাৰি য’ত কলিজা খুলি
সপোন দেখিব নোৱাৰি যেতিয়া কালসন্ধ্যা পাহৰি
জীৱনৰ চিলা উৰুৱাওঁৱেবা কেনেকৈ খুপি-খুপি
জানো বা নাজানো এনেকৈয়ে আমাৰ জী থকাৰ পাল—
কঁপি-কঁপি শীতাৰ্ত সময়ক যাপন কৰাৰ বাহিৰে
সকলো আত্মীয় আৱেগ আৰু হেঁপাহৰ বৰষুণ
নিপাত যায় বিচ্ছিন্নতা আৰু ধূসৰতাৰ সৰল বুলনিত ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments