ধেমাজিৰ কেঁচা ঘাঁ (অজয় লাল দত্ত)

প্ৰতিবছৰে ১৬ আগষ্টত ৰাজ্যবাসীয়ে উপভোগ কৰে অন্য এক বিশেষ দিন৷ ২০০৪ চনৰ স্বাধীনতা দিৱসত পতাকা  উন্মোচন স্থলী তথা আমি শিক্ষা লাভ কৰা মহাবিদ্যালয় ধেমাজি কলেজৰ খেলপথাৰত হোৱা বোমা বিস্ফোৰণত নিহত সকলৰ স্মৃতিত পালিত হৈছে এই ৰাজ্যজোৰা শোক দিৱস৷ কাৰোবাৰ বাবে এয়া স্বাধীনতা দিৱসৰ দিনৰ পাছ দিনা,  শনি-ৰবিৰ বন্ধ মিলাই পৰা এটা দীঘলীয়া অৱসৰ বিনোদনৰ সুযোগ মাত্ৰ৷ পিছে আমাৰ কথা সুকীয়া৷ সুকীয়া হবৰ কথাও৷ আমাৰ বাসগৃহৰ পৰা মাত্ৰ দুটা ঘৰৰ সিপাৰে সেইদিনা নিহত হোৱা শিশু মণ্টুগগৈৰ ঘৰ৷ প্ৰতি বছৰেই স্বাধীনতা দিৱসৰ কাষ চাপিলেই সেইখন ঘৰত সৃষ্টি হোৱা হিম-শীতল পৰিবেশ, মাতৃৰ কান্দোনৰ ৰোলে আমাক কেতিয়াও শান্তি অনুভৱ কৰিবলৈ নিদিয়ে৷ আঠ-দহঘৰৰ ব্যৱধানত বাকী কেইবাজনো নিহত শিশুৰ ঘৰ,  শিক্ষয়িত্ৰী  দেউৰী বাইদেউৰ ঘৰ৷ এজন নিহত শিশু আছিল আমাৰ মাতৃৰ ছাত্ৰ, ঘৰলৈ পঢ়িবলৈকো আহে৷ সেই মনজিতৰ মাকৰ কান্দোনে কেতিয়াও আমাৰ স্মৃতিৰ পৰিসীমা বাহিৰ হৈ যাবই নোৱাৰে৷ আমি পালন কৰো এটুকুৰা কেঁচা ঘাঁ,  কৰুণ  স্মৃতিৰ…..

 

সেইদিনটো ভালকৈয়ে মনত আছে, মুন বাইৰ ভিনদেউৰ ভায়েকৰ ঘৰলৈ যোৱা৷ নতুনকৈ বিয়া পাতি নকৈ এটা ভেটিত কেঁচাঘৰ সাজিছে তেওঁ৷ সেনাবাহিনীত কাম কৰে, সেই সৰু ভিনদেউ জনে৷ তেখেতৰ ঘৰত ঘৰলোৱা খাবলৈ গৈছো৷ পেগু উপাধিৰ ভিনিজনৰ পত্নীয়ে আমাক আথে-বেথে আপ্যায়ন কৰিছে৷ ছাই-মদ বাকি দিছে, গাহৰি আনি দিছে৷ আমিও পূৰ্ণ তৃপ্তিৰে আশীষ কৰিছে,  এই কেঁচা মাটিত পকা হৈ উঠক আপোনাসৱৰ যুগ্ম জীৱনৰ বান্ধোন৷ পেগুভিনি নিশ্চিন্তে অকলে পত্নীক এৰি এসপ্তাহ পাছতে গুচি গৈছে দেশ ৰক্ষাৰ বাবে সীমান্তলৈ৷ আৰু ইয়াত স্বাধীনতা দিৱসৰ স্থলীত ছিন্ন-চূড় হৈ উৰি গৈছে বৌ……উৰি গৈছে সকলোবোৰ আশা, কল্পনা, আশীষ….ধোঁৱা হৈ!

 

ভাবিলেই ভয় লগা পৰিবেশ, আমাৰ আপোন ঘৰৰ পৰা এক কিল’মিটাৰ মানহে দূৰ সেই স্থানলৈ৷ ঘৰৰ পৰাই মায়ে শুনিছিল সেই ভয় লগা শব্দ৷ আমাক স্কাউট-গাইডৰ দিনত সেৱাৰ প্ৰশিক্ষণ দিয়া শিক্ষক দীপেন দত্ত ছাৰৰ মুখেদি শুনিছিলো সেই তেজ-ধোৱা সময়ৰ গাঁথা৷ কিদৰে তেখেতে নেতৃত্ব দিছিল,  আহত সকলক চিকিৎসাললৈ নিয়াত৷ কি অৱস্থা সিদিনা,  ধোঁৱা আৰু বাৰুদৰ মাজত আপোন শিশু, পত্নী, মানুহৰ সন্ধানত ব্যাকুল হোৱা মোৰ ধেমাজিবাসীৰ৷ বৰ্ণনাই চুব নোৱাৰে সেই দিনৰ ইতিহাস…

 

তাৰ পাছৰ এমাহমান প্ৰতিবাদী,  শান্তি সমদল,  বন্ধ,  ৰাজহুৱা বিষোদগাৰ,  অভিযোগৰ আঙুলি,  তদন্ত,  ভেকোঁভাওনা…. অসমৰ নিয়মমাফিক পৰিঘটনাৰ সমদল৷ মমবাতি জ্বলাই শুভবুদ্ধি উদয়ৰ বাবে প্ৰাৰ্থনা, চিৰকালৰ বাবে পৃথিৱী এৰিবলৈ বাধ্য হোৱা সকলৰ বাবে প্ৰাৰ্থনা…….. ঘটনাবোৰ পাহৰণিৰ বুকুলৈ নিবলৈ, অনৰ্থক অনৰ্থক অনুভৱ হেন লগা কিছু ৰাজহুৱা নীতি-নিয়ম৷ দেৱেন তাৱৈদ’ৰ বোৱাৰীয়েকো তাতেই হেৰাল, পুতেকে মাজতে ক্ষতিপূৰণৰ ধনেৰে চিডিৰ দোকান খুলিছিল…এদিন সেইখনো বন্ধ হ’ল, তদন্তৰ ফাইলবোৰ বন্ধ হৈ যোৱাদি! স্থানীয় এজন মন্ত্ৰীলৈ জড়িত থকাৰ অভিযোগৰ আঙুলি উঠিছিল,  প্ৰতিবাদ হৈছিল…সময়ত আজি মাৰ গ’ল৷ বোমা বিস্ফোৰণৰ “নৈতিক দ্বায়িত্ব” স্বীকাৰ কৰা বীৰ-পুৰুষ হেন হত্যাকাৰীৰ দলৰ নেতাক ধেমাজিতে “জাতীয় মঞ্চ”ত গামোচা পিন্ধাই আদৰা হ’ল৷ তেওঁগৈ ঘৰে ঘৰে খুজিলেগৈ ক্ষমা প্ৰাৰ্থনাও৷ চৰকাৰে দিলে আৰ্থিক ক্ষতিপূৰণ, স্মূতি ৰক্ষাৰ্থে নিহত সকলৰ মূৰ্তি নিৰ্মাণ, সেই স্থানত এটা লাইব্ৰেৰী আৰু প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে কোটি-টকীয়া আবণ্টন৷ সদৌ অসম ছাত্ৰসন্থাই এটা শ্বহীদ বেদী নিৰ্মাণৰ বাবে প্ৰায় ৮বছৰ ধৰি নিৰ্মাণ চলাই থাকিল আৰু তাৰ নামত চলি থাকিল অৰ্থ সংগ্ৰহ৷ অৱশেষত এতিয়া সেইটো সম্পূৰ্ণ হ’ল নে নাই আজি খবৰ লবহে লাগিব৷

 

কিন্তু পৰিয়ালে নাপালে ন্যায় বিচাৰ আজিও,  দোষীয়ে নাপালে শাস্তি৷ এতিয়া প্ৰশ্ন হয় সঁচাই সময়ৰ সৈতে পাহৰণিয়েই হব পাৰেনে একমাত্ৰ মলম, এই কেঁচা ঘাঁ-শুকুৱাৰ বাবে৷ এই খিনিয়ে আজিৰ দিনৰ সত্য, যি মোৰ বুকুত থকা কেঁচা ঘাঁ-টুকুৰৰ বিষ সজীৱ কৰিছে পুনৰ বাৰ৷ সজল চকুত বাৰে ভাঁহি আহিছে মণ্টুহঁত, সিদাৰ্থহঁতৰ সতে কৰা ধেমালিৰ ক্ষণবোৰৰ কথা, সিহঁতৰ ঘৰৰ আগত দেউতাহঁতে পতা স্মৃতি সৌধবোৰৰ কথা… এতিয়া চাগৈ আমাৰ চুবুৰীত শুনা গৈছে প্ৰাৰ্থনা সভাৰ ধ্বনিৰ সতে মাতৃৰ কান্দোলৰ ৰোল….

অসমৰ তথা-কথিত স্বাধীনতাৰ যুঁজখনলৈ এই নিৰপৰাধ সকলৰ হত্যাই কি অৰিহণা যোগালে আজিও তাৰ উত্তৰ বিচাৰি ফুৰিছো৷ আৰু স্বাধীনতা দিৱস আহিলেই বিষ অহা এই নিদাৰুণ ঘাঁৰ পৰা কেতিয়ালৈ আমি মুক্তি পাম?  দুয়োটাৰ উত্তৰো হয়তো আমি কেতিয়াও নাপাম!!!!!!!!!!!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক