ধেমাজি, তোৰ বুকুৰে বাগৰে বাৰিষাৰ ঢল (শ্ৰীমন্ত বৰদলৈ)

শ্ৰীমন্ত বৰদলৈ
 
ধেমাজি তোৰ বুকুৰে বাগৰে বাৰিষাৰ ঢল 
গাই নদী, তাই ইচাটি বিচাটি কৰি উঠে
তাইৰ যৌৱনত উখল-মাখল লাগে – এজাক বৰষুণ আহে
বৰ্ষোন্মুখৰ গধুলিবোৰত ধুমুহাৰ উন্মাদ নৃত্য
বাঁহৰ দলং আৰু কিমান বান্ধিবি?
আৰু কিমান ভাঙিবি?
তোৰ আজিকালি প্রেম যেন তুলুং ভুটুং নাৱৰ স’তে
বাটৰ কংক্রিটত পথৰুৱা কেঁকোৰা বোকাৰ গোন্ধ
কলমৌ আৰু মেটেকাৰে ভৰি উঠে সেন্দুৰীয়া আলি
উভালি পৰে এজোপা-দুজোপা তামোলৰ গছ
টোকোৰা চৰাইবোৰ অঘৰী হয় – লঠং ঠং কৈ পৰি থাকে খেৰে-ঘাঁহে গুঠা ঘৰ
এডিঙীয়া পানীত ককবকাই সেউজীয়া ধানৰ ভৰুন দেহ
গৰৈ খলিহনাই কিৰিলি পাৰে – খেলাধুলা কৰা, ডুবমৰা পানী শুকোৱাৰ সময় দীঘলীয়া হ’ব।
গেৰেক গেৰেক কৈ মৰা মেঘৰ গাজণিত
ধেমাজী তোৰ পথাৰে পথাৰে টোৰ টোৰ ভেকুলিৰ সমবেত সঙ্গীত
পাহাৰেদি নামি আহে পানীৰ প্রবল সোঁত
গোহালিৰ কেছুমটাবোৰ পানীত উটি যায়
বেবাই-হেম্বেলিয়াই ককবকাই থাকে গৰু-ছাগলীৰ নোদোকা এজাক।
ধেমাজি, তই কিমান ভেটিবি বান?
কিহেৰে ভেটিবি পানীৰ গৰ্বিত গতি?
তই স্বাসৰুদ্ধ হৱ, তোৰ বাৰীৰ চোতাল উচন যায় প্রতিবাৰ
ঘৰৰ পিৰালিৰে বাগৰে বাঢ়নি পানী
তোৰ শেতেলীত হয় অসহায় ৰাতিৰ আইতাৰ টোপনি।
ধেমাজি, তোৰ বুকুৰে বাৰিষাৰ ঢল আহিলে
আমি খবৰ পাঁও – উচন যোৱা জীৱনৰ খবৰ
তোৰ খবৰ বিক্রি হয় অধিক দামত
আমি হুমুনিয়াহ কাঢ়ো, দুখ কৰো
তাতে সীমাবদ্ধ থাকে আমাৰ মন
ধেমাজি, তোৰ বুকুৰে বাগৰে উন্মাদ বাৰিষাৰ ঢল………
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments