ধেমালি কিন্তু সঁচা (অনামিকা বৰুৱা)

এদিন সৰু নিচাদেউ আৰু কোষেশ্বৰ মামাই কিবা কথাত কথা কটা-কটি কৰি আছে| কোষেশ্বৰ মামা খাই ফিটিং| সৰু নিচাদেৱে বুজাইছেহে বুজাইছে নাই কোষেশ্বৰমামাই নামানে| মুঠৰ ওপৰত হুলস্থুল বাঢ়ি গৈ আছে| কণমামাৰ ছোৱালী উৰ্মিলাইওচৰতে দুয়োজনকে চাই থাকি বাৰে বাৰে কৈ আছে এটা খাই পগলা এটা নেখাই পগলা| এপাকত সৰু নিচাদেৱে তাইৰ কথা শুনি কিনো কৈ আছ বুলি দিলে তাইক চৰ এটা লগাই| চৰ খাই তাই গালত হাত দি থমক খাই ৰ’ল| পাছপাকতে তাই চব খাই পগলা অ’ বুলিচিঞৰি দৌৰ দিলে |
****************
ডাঙৰ নিচাদেৱে খুব চাধা খায়| এদিন তেওঁ চাধা টেমাটোৰ ঢাকনিখন হেৰাল| গোটেই ঘৰ বিচাৰি তালফাল| ভয়তেসকলোৱে কাম-বন বাদ দি ঢাকনি বিচৰাত লাগিল| নবৌৱে ঢাকনি এখন পাই সেইখনকে হয়নেকি বুলি নিচাদেউক দিলে| বেলেগ যদিও ঢাকনিখন টেমাটোত খাপ খাই পৰিল| নবৌৱেক’লে-ইয়ে মোৰ মুখখনে দেউতাৰ টিকাটোৱে খাপ খাই পৰিল পায়!!
*****************
সপ্তম নে অষ্টম শ্ৰেণীত পঢ়ি থকাৰ কথা| চেত্ৰী মামা বুলি আমাৰ এজন হ’মগাৰ্ডমামা আছিল| মামাৰ এটাই নিচা সদায় আবেলি আমাৰ লগত লুডু খেলা| ডিউটিনাথাকিলেই আহি আমাৰ লগত লুডু খেলে| আমিও মামাৰ এই দুৰ্বলতাৰ পূৰ্ণ সুযোগলওঁ| বাজী লগাওঁ| যিয়ে হাৰিব সি পাঁচ টকাৰ চানা নহ’লে পকৰি খুৱাব লাগিব| বাজীত মামাই প্ৰায়ে হাৰে| তথাপি খেলিবলৈ নেৰে| শীতকালৰ দিন আছিল| সেইদিনাওমামাই খেলত হাৰিলে, হাৰি কিন্তু গৰম গৰম চিংৰা আনিলেগৈ| দৰমহা পাইছিল হেনো| মায়ে কৰি দিয়া চাহৰ লগত গৰম চিংৰাৰ জুতি লৈ খাই ইটো সিটো কথা পাতি আছিলো| এনেতে মামাই ক’লে- মই বহুত দিনৰ পৰা কথা এটা সুধিম সুধিম বুলি ভাবি আছিলো| আমি বোলো কি? মামাই সুধিলে –গৰু, ছাগলী, কুকুৰ চব পোৱালীয়েটো মাকৰ গাখীৰখায়, কিন্তু এই কুকুৰা পোৱালীয়ে কেনেকৈ মাকৰ গাখীৰ খা্য়? একেলগে চব পোৱালীযে মাকৰ পাখিৰ তলত সোমাই থাকে?
******************
মোৰ মা-দেউতা অশিক্ষিত আছিল মানে দুয়োৰে স্কুলীয়া শিক্ষা নাছিল| তথাপিদুয়োৰে নিজা আগ্ৰহৰ ফলতে অসমীয়াত ভালকৈ লিখা পঢ়া কৰিব পাৰিছিল| দেউতাই অলপঅচৰপ ইংৰাজীও জানিছিল| আমি পঢ়া গল্প-উপন্যাস কোনোবা এখন মন গ’লে দেউতাইকেতিয়াবা পঢ়ি ভাল পাইছিল| মায়ে এতিয়াও নাতিহঁতৰ পৰা হিন্দী শিকে| পুনেতসোণমণিৰ তাত থাকি অহাৰ পৰা মায়ে গম পাইছে যে বাহিৰত ফুৰিবলৈ গ’লে হিন্দীনাজানিলে অসুবিধা হয়| আমি সৰুতে লেম-চাকিৰ পোহৰতে পঢ়া-শুনা কৰিছিলো| গৰমৰদিনত বাহিৰত পাটি পাৰি কিতাপ পঢ়োঁ মাজে মাজে| সেইদিনাও পঢ়া-শুনা শেষ কৰিআমি ল’ৰা-ছোৱালী চাৰিটা আৰু মা-দেউতাই বিভিন্ন কথা পাতি আছোঁ| কিবা কথাতমঙ্গল গ্ৰহৰ কথা ওলাল| দেউতাৰ কি জানো মনত খেলালে অকস্মাত কৈ উঠিল-এইপৃথিৱীত যিমান চোৰ-ডকাইত আছে গোটেইসোপাকে মঙল গ্ৰহলৈ লৈ যাব লাগে আৰু তাৰপৰা পেলাই দিব লাগে| তেতিয়া আৰু ক’তো কোনো গণ্ডগোল নহব| দেউতা পুলিচৰ মানুহআছিল ৷
*******************
দেউতাৰ লগৰে কলিতা উপাধিৰ এজনে থানাৰ বেৰেকতে কুকুৰা পুহিছিল| এবাৰ তেওঁকিবা ঘৰুৱা লেঠাত দীঘলীয়া ছুটি লৈ ঘৰলৈ যাব লগা হ’ল| গতিকে তেওঁৰ কুকুৰাকেইজনী আমাৰ ঘৰতে থৈ গ’ল চোৱা-মেলা কৰিবলৈ| তেওঁ যোৱাৰ দুদিনমানৰ পাছতেইএজনী কুকুৰাই কণী পাৰিলে| কণীটো আমাৰ কুকুৰাকেইজনীয়ে পৰাতকৈ ডাঙৰ আছিল| তাকে দেখি বাইদেউ আৰু ককাইদেৱে চিঞৰ বাখৰ কৰিছে-কলিতাৰ কণী মই খাম কলিতাৰকণী মই খাম বুলি| দেউতাই শুনি ধমকি লগালে-মনে মনে থাকিলি নে তহঁত? কাৰ কণীখাবলৈ আহিছ? সেইফালে হাঁহি হাঁহি মাৰ অৱস্থা নাই ৷
********************
এইবাৰ এটা মিছা ধেমালি ৷
এজনী ছোৱালীয়ে ভালকৈ পাছ কৰি গুৱাহাটী ইউনিভাৰ্চিটিত নাম ভৰ্তি কৰিলে| ছোৱালীজনী অলপ আগৰণুৱা মানে অলপ লিখা-মেলাৰ অভ্যাসো আছে| তাতে অসমীয়াত মেজৰআছে| গতিকে অসমীয়া ভাষাটোক লৈ নিজে নিজেই গৰ্ববোধ কৰে| ইউনিভাৰ্চিটিত নামভৰ্তিৰ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি হোষ্টেলত চিট যোগাৰ কৰি শেষত এদিন বয়বস্তুৰে সৈতে আই.এচ.বি.টি.ত নামিল| অ’ট চালকক ক’লে গুৱাহাটীবিশ্ববিদ্যালয়লৈ যাম| অ’ট চালকে হ’ব বহক বুলি বয়বস্তুৰে সৈতে তাইক উঠাই লৈঅ’ট চলাই দিলে| দুঘণ্টামান ঘূৰাৰ পাছতো যেতিয়া বিশ্ববিদ্যালয় নাপালেগৈ ছোৱালীজনীয়ে অ’ট চালকক সুধিলে-দাদা আপুনি গুৱাহাটীত নতুন নেকি বিশ্ববিদ্যালয়লৈ যাবলৈ ইমান দেৰি নালাগে দেখোন? আপুনি বাট চিনি নেপায় নেকি? অ’ট চালকে বোলে- নতুন নহয় ৰবা কিন্তু বিশ্ববিদ্যালয়খন ক’ত আছিল সেইটোহে পাহৰিলো| ছোৱালীজনীয়ে বোলে কিয় গুৱাহাটী ইউনিভাৰ্চিটি বুলি ক’লে নিচিনাজনেও চিনি পায় দেখোন? অ’ট চালকে ক’লে-তাকে ভালকে’ ক’ব লাগে, তেতিয়াৰ পৰা ইমানপৰ এনেই ঘূৰি ফুৰিলো| মই কোনোবা নতুন ল’জ বুলিহে ভাবিছিলো!!!!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments