ধেমেলীয়া কবিতা ( জাহিৰুল ইছলাম )

dhemeliya kobita_jahirul islam.

বিহু বুলি
বেল্ট খুলি,
খালোঁ পিঠা
লাগিল লেঠা।
পিঠা আছিল ঘিলা
লেট্ৰিন হ’ল ঢিলা।
কুৰুক-ভুৰুক পেটৰ মাত
ঘনাই ধৰোঁ লেট্ৰিনৰ বাট।
বহি দিলেই হয়
নিজে নিজে বয়।
হাগি হাগি হ’লোঁ লেহুকা
চেনীমাইক দিয়া নহ’ল জেতুকা।
আবেলিলৈ অলপ আৰাম পাই
জেতুকা চিঙিলোঁ ভাল চাই।
পাহাৰ বগাই কপৌফুল অনা নাই
প্লাষ্টিকৰ কপৌফুল দোকানতে পায়।
প্ৰাণৰ পুতলী মোৰ চেনীমাই
মোলৈ আছিল বাট চায়।
কাষতে তাইক বহুৱাই
টোপোলাটো দিলোঁ আগুৱায়।
তাই মৰতীয়ে সুযোগ পাই
চুমাৰে দিলে মোক ওপচায়।
কুৰুক-ভুৰুককৈ দিলে মোৰ পেটে মাত
সন্দেহতে দি চালোঁ জেগাত হাত।
উহ! ৰক্ষা জিকা নাই
গোন্ধত নাক আমোলমোলাই।
সান্দহ পিঠা, চিৰা দৈ
চেনীমাই আহিল এথালি লৈ।
ভয়তে বোলোঁ হে ৰাম
এইদম মই কেনেকৈ খাম?
তায়ো আকৌ জেদ ধৰি
মোক ক’লে খা শেষ কৰি।
তাই গ’ল পানী আনিবলৈ বুলি
সেই সুযোগতে মই ধূতি খুলি,
আধাখিনি মই খাবলৈ এৰি
বান্ধি পেলালোঁ বাকীখিনি একেলগ কৰি।
ভৰি চপাই চকু জপাই
খাই পেলালোঁ বাকী সোপাই।
খাই দিলোঁ পানী
পেটত ধৰিলে টানি।
কুৰুক-ভুৰুক পেটৰ মাত
জিকি উঠিল তলৰ বাট।
ফুচ্-ফাচ্ ধুচ্-ধাচ্
গোন্ধাই উঠিল আচ-পাচ্।
মৰতী তাই চেনীমাই
দেৰিকৈ উঠিল বুজি পায়।
নাকত তাই সোপাদি
মোক প্ৰায় খেদাদি,
আগতে নক’লি কিয় কেৰপাই
আছযে লাজতে ধৰফৰাই।
যা যা জল্ডি হাগি আহ
টিপি টিপি মোৰ উহ আহ!
যাওঁতে অলপ মই দৌৰি
পৰি গ’ল অকণ অকণ উফৰি।
পিৰালিৰ কুকুৰে ফেনেকি
দিলেহি জিভাৰে চেলেকি।
লেট্ৰিনত বহি ভৰি মেলি
গেঁথাই গেঁথাই দিলো ঠেলি।
এইবাৰ মোক কোনে পাই
এৰি দিলোঁ ধাই-ধাই।
হাগি হাগি লেটিনত বজাই ঢোল
কাণত ধৰিলোঁ পিঠা খাই নকৰো এনে ভুল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments