ধেৎতেৰি –  ছায়েদ হান্নান আহমেদ

তীব্ৰ বেগত পালচাৰ ডবাই দিছো৷ পিছত নীহা৷ কিমান দিন যে যুঁজিব লগা তাইৰ নামত৷ পাত্তাই দিব খোজা নাছিল বুজিছে৷ লক্ষ্যপ্ৰাপ্তিৰ সুখত আজি বুকু ফিন্দাই আহি আছো মদন কামদেৱলৈ৷ মানুহ বিলাকে জুমি জুমি আমাৰ ফালে চাইছে৷ চাবই, চোৱাৰে কথা৷ সাইলাখ অপেশ্বৰী এজনী মোৰ পিচফালে৷ ময়োতো কম নহয়৷ নিজৰ কথা নিজে নকওঁ দিয়কচোন৷ দেখাই দেখিছেই নহয়৷ দুই এজনে মোক মাত দিয়াৰ দৰে কৰিছে৷ মই হ’লে পাত্তা দিয়া নাই৷ বাদ দিয়াহে৷ আজি ময়ে মই৷ আচলতে মোৰ আজি লেবেলে বেলেগ হৈ গৈছে৷ বাইকত নীহা এনেকৈ বহিছে যেন পিছ ফালে ঠায়ে নাই! একেবাৰে পঞ্চাশ পইচাটোৰ দৰে চেপেটা হৈ গৈছে৷ এইবোৰ আনক কোৱা কথা নহয় দিয়কচোন৷ নিজৰ বুলিহে কৈছো আৰু দেই!

মদন কামদেৱৰ মায়াবী শিলবোৰে বিশাল বুকু মেলি যেন আমাৰ বাবেই ৰৈ আছে৷ এটা শিলৰ আঁৰ লৈ আমি বহিলো৷ নীহাৰ হাত এখন মোৰ হাতত তুলি ল’লো৷ আস্! কাৰেণ্টে শ্বক কৰা দিছে৷ পাতৰ আঁৰেৰে বেলিৰ পোহৰ আহি তাইৰ গাল দুখনি টিকটিকিয়া ৰঙা কৰি তুলিছে৷ মোৰ ওঁঠ দুটা টিকটিকিয়া খিনিৰ ফালে আগবাঢ়ি গ’ল৷ বুকুখন ঢপঢপাই উঠিল৷ যেন ৰাজধানী এক্সপ্ৰেছহে চলিছে বুকুত৷ ক্ষন্তেক ৰৈ ভগৱানক প্ৰাৰ্থনা কৰি পুনৰ সাহস বান্ধিলো৷ লক্ষ্যস্থানৰ ফালে ওঁঠ দুটা আগবাঢ়িল৷ এনেতে কোনোবাই মাতা যেন পালো৷ একেবাৰে কাণ্ডজ্ঞান নাই মানুহবোৰৰ৷ বাদ দিয়াহে ভাবি নিজৰ কামত পুনৰ মন দিলো৷ পুনৰ মোক কোনোবাই মাতিলে৷ চাল্লা কাক কেতিয়া মাতিব লাগে সেইখিনি বুজি নাপায়৷ কিবা খং উঠিব দিম নাক চেপেটা কৰি৷ পুনৰ আগবাঢ়িলো টিকটিকিয়া খিনিৰ ফালে৷ এইবাৰ আহি একেবাৰে চুলিকোছাতে ধৰিলে নহয় থাপ মাৰি৷

“কোন বে, হিম্মৎ আছে যদি আগলৈ নাহ কিয়? দাঁত সৰাই দিম চিনি পোৱা নাই৷ “
“মই আগতে আছো৷ সৰোৱা দাঁত৷ চালা বেটা শুই থাকিবি ন বজালৈ আৰু দাঁত সৰাবি মোৰেই হা“–সাৰ পাই দেখো দেউতা৷ দীঘলকৈ হামি এটি কাঢ়ি এনে দেখুৱালো যেন মই একো গমেই পোৱা নাই৷ দেউতাটোও যে আৰু! হৈছেইতো দেৰি৷ হ’ব দিয়া আৰু অলপ৷ অন্তত টিকটিকিয়া খিনি……..
দিঠকতো তাই আনৰ লগতে ঘূৰি থাকে৷ সপোনত যি এটা চান্স পালো তাতো দিষ্টাৰ্ব৷
ধেৎতেৰি, যাৰ সুখ নাই নায়েই৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments