ধ্বজা (বুৰঞ্জীমূলক তথ্য ভিত্তিক গল্প) —- নিৰ্মালি নয়নতৰা

”আজিৰপৰা এই পুৰুষদেৱেই তোমাৰ সৰ্বদেৱতা হ’ল, এওঁক পূজিলেই তোমাৰ সৰ্বদেৱতাৰ পূজা কৰা কৰা হব। এওঁক চেৱাই তোমাৰ কোনো পূজা সেৱাই সিদ্ধ নহ’ব। এতেকে এওঁক তুমি সদায় সভক্তিৰে মৰম বেথা কৰিবা। এওঁ যি কয়, তাকেই মানিবা। অসূয়া অপ্ৰীতি নকৰিবা। আপোন শৰীৰতকৈও এওঁক অধিক আদৰ কৰিবা।”

কুঁৱৰীৰ দুচকুৰে ধাৰাসাৰ চকুলো বৈছিল। তেওঁৰ সোঁকাষে বিৰাজমান স্বৰ্গদেউ আজি কেৱল আহোমৰ ৰজা হৈ থকা নাই! তেওঁৰ শৰীৰ আৰু মনৰো ৰজা হৈ পৰিছে।
একেজন বৃদ্ধ জ্ঞাতিয়ে স্বৰ্গদেউকো বুজনি দিছিল, “আজি আপুনি দৰাদেৱে আই কুঁৱৰী কুৰংগনয়নীক অৰ্ধাংগিনী ভাৰ্যাৰূপে গ্ৰহণ কৰিছে, সুখৰ দুখৰ গৰাকী আপুনিয়ে হৈছে। এই কন্যাৰ মানত গুৰু গোঁসাই সকলো আপুনিয়েই, আপুনি প্ৰতিপাল নকৰিলে পাপে চুব। সকলো পাপ কষ্টৰ পৰা ৰক্ষা কৰাৰ গৰাকীও আপুনিয়েই হৈছে।”
কাণত কড়িৰ টোপোলা বজাই শুনোৱা এই বুজনি স্বৰ্গদেৱে শুনিছে! কিন্তু মানিবনে তেওঁ? পাৰিবনে সুদূৰ মণিপুৰৰ ৰাজকন্যা, ৰজা জয়সিংহ মহাৰাজৰ আদৰৰ জী স্বাভিমানী কুৰংগনয়নীক বুজি উঠিবলৈ?
কুঁৱৰীৰ সন্মুখৰ বেদীত এশ আঠগছি চাকি জ্বলি উঠিছে। চোমদেউ প্ৰমুখ্যে এশ আঠজন পূজনীয় দেৱতাৰ নামত জ্বলা সেই চাকিৰ পোহৰত জোঁৱাই বৰণৰ ৰজাঘৰীয়া বস্ত্ৰালংকাৰ আৰু বৰণমালা থোৱা সোণৰ শৰাই সঁফুৰাবোৰ চিকমিকাই উঠিছে।
ওৰণি আঁৰেৰে কুঁৱৰীয়ে স্বৰ্গদেউলৈ চাব পৰা নাই।
কুঁৱৰীৰ দৃষ্টি ধূসৰ। বুকুত হাজাৰ হাতীৰ খোজ।
আহোমৰ ৰাজসিংহাসনত উপৱিষ্ট স্বৰ্গদেৱে কুঁৱৰীৰ মনৰ উমান পাবনে?
নে তৃতীয় পাণ্ডৱ অৰ্জুনে এৰি থৈ যোৱা চিত্ৰাংগদাৰ দৰেই আমৰণ বিৰহ যন্ত্ৰণাৰ সৈতে সহবাস কৰিবৰ বাবে সাজু হোৱাৰ সময় সমাগত?
কুঁৱৰীৰ পিতাক মহাৰাজ জয়সিংহ বব্ৰুবাহনৰ বংশজাত। সেই বব্ৰুবাহন! যাৰ অপূৰ্ব সুন্দৰী মাক চিত্ৰাংগদাৰ কপালত কেৱল যন্ত্ৰণাৰ আখৰ লিখা আছিল।

লতাকটা ৰণৰ পাছত বৰসেনাপতি কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ অনুৰোধত কুৰংগনয়নী আৰু স্বৰ্গদেউৰ চকলঙৰ বাবে মহাৰাজ জয়সিংহই অতি আনন্দেৰে সন্মতি প্ৰদান কৰিছিল। নকৰিবইনো কিয়? ব্ৰহ্মদেশৰ সেনাপতি মানতৰাই আক্ৰমণ কৰা মণিপুৰ ৰাজ্য যে কেৱল আহোম স্বৰ্গদেউৰ বাবেই ৰক্ষা পৰিল!
সালংকৃতা নিজৰ ৰাজকন্যাক তেনে এজন স্বৰ্গদেউলৈ বিয়া দি কোন পিতৃ গৌৰৱান্বিত নোহোৱাকৈ থাকিব পাৰে?

কুৰংগনয়নী আগৰে পৰাই সাজু আছিল। ৰত্নখচিত আভৰণ, আলাসৰ শয্যা আৰু প্ৰজাৰ সম্ভ্ৰমেই এগৰাকী ৰাজকন্যাৰ বাবে সৰ্বস্ব। এয়ে স্বাভাৱিক। তাৰ বাদে নিজাকৈ কিছু অপূৰণ হেঁপাহ পূৰণৰ অযুত নিযুত সপোন দেখাটো ৰাজকন্যাৰ বাবে যেন নিয়মৰ বাহিৰৰ আকাংক্ষা! মনেমিলা সংগী নিৰ্বাচনৰ পূৰ্বেই পিতৃৰজাৰ সন্মানাৰ্থে বহু ৰাজকন্যাই নিজৰ সপোনবোৰ পেৰাত জপাই থয়। ৰাজ্য, ৰজা আৰু প্ৰজাৰ মংগলৰ বাবে বহু ৰাজকন্যাই কাহিনীও নেদেখা কোনো ৰজাৰ সৈতে বিবাহত বহিব লগা হয়। যুদ্ধবন্দী সৈনিক, হাতী, ঘোঁৰা আৰু ধন সোণৰ দৰেই পৰাজিত অথবা আশ্ৰিত ৰজাৰ ৰাজকন্যাকো বিজয়ী ৰজাই উপঢৌকন বা সম্পাদৰূপে লাভ কৰে। সেই কন্যাৰ প্ৰতি বিজয়ী ৰজাৰ প্ৰেম থাকেনে? নে কেৱল জড় সম্পদ এটিৰ দৰেই কাৰেঙৰ একোণত চকুলোৰ সৈতে গলি পমি ৰাজকন্যা এদিন পঞ্চভূতত বিলীন হয়?
কুৰংগনয়নীয়ে নেজানে, তেওঁৰ কপালত প্ৰেম আছেনে নাই!
কুৰংগনয়নীয়ে নেজানে স্বৰ্গদেউৰ হৃদয়ত প্ৰেমৰ সঁফুৰা আছেনে নাই।
তেওঁ মাথোঁ জানিলে, গৌৰীসাগৰৰ সোণাই নৈৰ পাৰত স্বৰ্গদেউৰ সৈতে তেওঁৰ চকলং সম্পন্ন হ’ল। য’ত কীৰ্তিচন্দ্ৰ বৰবৰুৱাই তেওঁৰ কন্যাদান কৰিলে।
আৰু জানিলে, স্বৰ্গদেউ প্ৰাজ্ঞ, বিজ্ঞ আৰু ৰাজনৈতিকভাৱে বিচক্ষণ পুৰুষ।

টেমী কটাৰী সলোৱাৰ প্ৰীতি খেলখনত, এদোন আৰৈ চাউলত লুকুৱাই খেলা আঙুঠিৰ খেলখনত কুঁৱৰী জয়ী হৈছিল।
বিজয়িনী কুঁৱৰীৰ লাজুক দৃষ্টিয়ে ধৰা পেলাইছিল, স্বৰ্গদেউ সঁচাই পৰাজিত হৈছে!
একৈশ শৰাই তামোল পাণেৰে সৈতে সাত সঁজুলি বস্ত্ৰ অলংকাৰ লৈ কুকুৰাচোৱা চাউডাং আৰু ফুকন বৰুৱাই যথাযোগ্য সন্মানেৰে আগবঢ়াই থৈ অহা জোৰোণত দিয়া পাটৰ জলমল ৰিহা মেখেলা চাদৰেৰে তৰা গজালি যেন কুৰংগনয়নী সৰগৰ অপ্সৰা হৈ যেন ধৰালৈ নামি আহিছে। শিৰৰ বাখৰুৱা চিতিপাতি, পাঁজিসেৰীয়া আঙুলিৰ ম’ৰানেজীয়া আঙুঠি, হাতৰ সোণৰ সঁচৰুৱা খাৰু আৰু শংখশুভ্ৰ ডিঙিৰ লটকণ দিয়া ৰত্নৰ সাতসৰীৰে ৰাজকন্যা কুৰংগনয়নী মানৱী হৈ থকা নাই!
তেওঁ! তেওঁ দেৱী জাছিংফা হৈ পৰিছে!

স্বৰ্গদেউৰ দৃষ্টিৰে যেন চন্দনৰ সুগন্ধি শীতলতা নিজৰি আহি কুৰংগনয়নীৰ জোনবাই মুখখনিত ৰ লাগি ৰ’ল।


স্বৰ্গী মহাৰাজ প্ৰমত্তসিংহ স্বৰ্গদেউৰ পাছত শিঙৰিঘৰত উঠি সাতখলপীয়া সোণৰ সিংহাসনত আৰোহণ কৰা ৰাজেশ্বৰসিংহ স্বৰ্গদেউৰ আহোম প্ৰথামতে নাম হ’ল চুৰেমফা। কুঞৈগঞা বুঢ়াগোঁহাঞি, মাদুৰিয়াল বৰগোহাঞি, লেচেংগিয়াল বৰপাত্ৰগোহাঞিৰ দৰে তিনিজনা বিচক্ষণ মন্ত্ৰীৰ বাদেও বকতিয়ালৰ গেন্ধেলাক তেওঁ বৰবৰুৱা পদবী দি গজগজীয়া হৈ বহিল। গেন্ধেলাৰ নাম হ’ল কীৰ্তিচন্দ্ৰ। যি জনে ৰাজ আজ্ঞাৰে সৈতে আহোম ডা-ডাঙৰীয়াৰ ঘৰৰ পৰা যাৰ ঘৰত যি বুৰঞ্জী আছিল অনাই লৈ সকলো পুথি জ্বলাই কাললৈ নিজৰ কুখ্যাতি ৰাখিলে।
অথচ, এই কীৰ্তিচন্দ্ৰৰ প্ৰয়াসেৰেই মণিপুৰৰ কুৰংগনয়নী আহি আহোম ৰাজপৰিয়ালৰ বৰজনা আইকুঁৱৰী হ’লহি।
স্বৰ্গদেৱে জীয়াই থাকে মানে কুঁৱৰীক অভিযোগৰ কোনো সুযোগেই নিদিলে। কেৱল তেওঁকেই মান সম্ভ্ৰমেৰে ৰখাই নহয়, যৌতুকীয়া মানুহবোৰৰ বাবে মনাইমাজি গাঁৱত খাত পতাই সিহঁতক তাতেই থাকিবলৈ দিলে।

লাহে লাহে আইকুঁৱৰীয়ে বুজিলে, স্বৰ্গদেউ ৰাজেশ্বৰসিংহ কেৱল প্ৰজাৰ বাবেই ৰজা নহয়, তেওঁ ৰাজনৈতিক কৌশলৰো ৰজা, তেওঁ সংস্কৃতিবান মন এটাৰো ৰজা। সকলোতকৈ ডাঙৰ কথা, কুৰংগনয়নীয়ে উপলব্ধি কৰিলে তেওঁৰ সমগ্ৰ সত্তা জুৰি মাথোঁ ৰজাদেউ বিয়পি পৰিছে।
নিশাৰ কাৰেঙত জলি থকা বন্তিৰ কঁপি উঠা শিখাত, জ্বলি থকা নাহৰৰ গুটিৰ সুগন্ধত, ফুলৰ শৰাইৰ গুলঞ্চ ফুলৰ কোমলতাকণত ৰজাদেউ থাকে, কুৰংগনয়নীৰ বুকুজুৰি তেওঁ থাকে।
স্বৰ্গদেৱে গড়গাঁৱৰ কাৰেংঘৰ, গুৱাহাটীৰ বশিষ্ঠাশ্ৰম মন্দিৰ, নবগ্ৰহ মন্দিৰ, মণিকৰ্ণেশ্বৰ মন্দিৰ, নেঘেৰিটিঙৰ দৌল, হৰগৌৰী দেৱালয়, ৰংপুৰৰ তলাতল ঘৰ আৰু অনেক আলি পদূলি সজায়। কেঁকোৰা দোলাৰ প্ৰমোদ ভ্ৰমণত বৰজাপিৰ আঁৰেৰে কুঁৱৰীয়ে সেই স্থাপত্য চাবলৈ যায়। কুঁৱৰী বিস্মিত, অভিভূত হয়।

তলাতল ঘৰৰ অলিন্দৰে আকাশ চাই ৰোৱা সোণবৰণীয়া কুঁৱৰীক ৰজাদেৱে কয়, “জানা কুঁৱৰী! ইয়াৰ সমতলত এতলা, ওপৰে তিনিতলা আৰু তললৈ তিনিতলা সাজিছোঁ। সমতলৰ তলাত সোমাই বাওঁ পাকে ঘূৰিলে সোঁ দুৱাৰেদি ওপৰ তিনি তলালৈ উঠা যায় আৰু সোঁ পাকে বাওঁ দুৱাৰেদি তলৰ তিনি তলালৈ নমা যায়। সোমাই গৈ, আকৌ নামিবৰ উঠিবৰো সুকীয়া দিহা আছে। দৈবাৎ দিহা হেৰালে সোমোৱা মানুহ ওলাবলৈ নেপাই পাকঘূৰণি খাই চক্ৰবেহুত ঘূৰাদি ঘূৰি থাকিব। তলৰ তৃতীয় তলাৰে গৈ গৈ দিখৌ নৈ পাবলৈও বাট সজা হৈছে।

কুঁৱৰীয়ে অবাক, বিস্ময়ত চকু হাল ডাঙৰকৈ মেলি ৰজাদেউলৈ চায়।
ৰজাদেৱে তেওঁক বুজনি দিয়ে, “তুমি বৰজনা আইকুঁৱৰী হৈছা। আহোম ৰাজত্বৰ তলানলা পাব লাগিব। মোৰ সকলো কথাৰেই তুমি ভেদ পাব লাগিব। তুমি মোৰ অৰ্ধাংগিনী। মই তোমাক নজনাই একো কৰিব নোখোজোঁ। গাৰ নোমো শত্ৰু হয় কুঁৱৰী। মনত ৰাখিবা। চক্ৰান্ত আৰু প্ৰতিহিংসাৰে আমাৰ পবিত্ৰ সিংহাসনক বহুবাৰ কলংকিত কৰিব খোজা হৈছে। কিন্তু আমি ধৰণী ধৰি আছোঁ। আমি লেংডনৰ বংশজাত সন্তান। আমি এই পবিত্ৰ সিংহাসনৰ মৰ্যাদা নেৰাখিলে কেনেকৈ হ’ব? লাহে লাহে সকলো বুজিবা কুঁৱৰী। মাথোঁ, বিপদত সাহস নেহেৰুৱাবা, মনোবল নকমাবা। তুমি মোৰ ভাৰ্যাই নহয়, এই বিশাল সাম্ৰাজ্যৰ মাতৃ হৈছা। মোৰ অবৰ্তমানত……

ৰজাদেউক একো ক’বলৈ নিদি কুঁৱৰীয়ে তেওঁৰ মুখত আঙুলিৰে হেঁচি ধৰে। টোপাটোপে সৰা চকুলোৰে মজিয়া তিতে।
ৰজাদেৱে কুঁৱৰীৰ থুঁতৰিত ধৰি মুখখন তুলি ধৰি কয়, “মগলুৰ ৰাজকন্যা, আহোমৰ আইকুঁৱৰী ইমান আলসুৱা হ’লে কেনেকৈ হয়? বজ্ৰৰ দৰে কঠিন, সাগৰৰ দৰে গম্ভীৰ আৰু পৰ্বতৰ দৰে স্থিৰ হোৱা কুঁৱৰী। বসুমতীৰ দৰে ধৈৰ্যতো তোমাৰ আছেই?”
: কেনেকৈ জানিলে স্বৰ্গদেউ?
: চকলঙৰ বেদীতে জানিছিলোঁ কুঁৱৰী। বুকুত হাজাৰ ধুমুহাৰ গৰ্জন লৈও পিতৃবাক্য পালি তুমি কাহিনীও নেদেখা ৰজা এজনৰ সৈতে বিবাহত বহিবলৈ আহিছিলা। তোমাৰ মোৰ বয়সৰ বৃহৎ তাৰতম্যৰ বাবে তুমি বাৰে বাৰে বিচলিত হৈও নিজক সৈমান কৰাইছিলা। মগলুৰ সাহসী ৰাজকন্যা, চিত্ৰাংগদাৰ দৰেই ধৈৰ্যশীলা তুমি কুঁৱৰী। সেয়েতো বয়সত বুঢ়া ৰজাদেউক দৰাৰূপত দেখিও মূৰ্ছিত নহ’লা।
কুঁৱৰীয়ে বক্ৰ দৃষ্টিৰে ৰজাদেউলৈ চালে।
তেওঁৰ দৃষ্টিত কৃত্ৰিম খং আছিল।
লাহে লাহে আগবাঢ়ি আহি কুঁৱৰীয়ে ৰজাদেউক সাবটি ধৰিলে।
সেই আলিংগনত প্ৰেম আছিল, স্বস্তি আছিল, আছিল আস্থা আৰু বিশ্বাস।
এটাও শব্দ উচ্চাৰণ নকৰাকৈয়ে কুঁৱৰীয়ে যেন ৰজাদেউক ক’লে, “মই আপোনাক ভাল পাওঁ স্বৰ্গদেউ। ভালপোৱাতকৈ মহত্তৰ আৰু একো নাই। আপোনাৰ বাদেও মোৰ আৰু কোনো নাই। আপোনাৰ অবৰ্তমানত নিজকে মই কল্পনাও কৰিব নোৱাৰোঁ। প্ৰেমৰ পাত্ৰ হবলৈ মানুহ ডেকা হ’ব নালাগে। আপোনাক মই হৃদয়ত ধাৰণ কৰিছোঁ স্বৰ্গদেউ।”

স্বৰ্গদেৱে আলফুলকৈ কুঁৱৰীক মেৰিয়াই ধৰে। কুঁৱৰী মাক হবলৈ ওলাইছে। আসন্ন মাতৃত্ব নে সেন্দূৰৰ ৰঙাকণে নে আবেলিৰ হেলনীয়া ৰ’দে কুঁৱৰীৰ গাল মুখ ৰঙা কৰি তোলে।
নিজৰ ডিঙিৰ ডালিমা বাখৰৰ দুগদুগীধাৰ খুলি ৰজাদেৱে কুঁৱৰীক পিন্ধাই দিয়ে।
”তুমি মোক বুকুত লৈ ফুৰিবানে কুঁৱৰী?”

কুঁৱৰীয়ে লাজ লাজকৈ মূৰ দুপিয়ায়।


পুৱতি নিশাতেই দুয়োজনী সাৰ পাইছিল। কাঠ দুডোখৰৰ দৰে দুয়োজনীয়ে দুফালে পিঠিয়া পিঠিকৈ পৰি কেতেকীৰ হিয়াভগা মাত শুনি নীৰৱে চকুলো টুকিছিল।
অহংকাৰ আৰু জয়ৰ পৈশাচিক উল্লাসত মত্ত ৰাঘ মৰাণৰ ঘৰত সিহঁতৰ বন্দী জীৱন অতিবাহিত হৈছে। বন্দী সিহঁত আগতেও আছিল! কিন্তু সিহঁতৰ সেই বন্দীত্বতো সন্মান আছিল। কাৰণ, স্বৰ্গদেউৰ বৰজনা কুঁৱৰীৰ আলধৰা লিগিৰী হৈ সিহঁতে বন্দীত্বৰ মাজতো এটা মুকলিমুৰীয়া জীৱন কটাইছিল। ধেনুচোঁচা বৰুৱা, মাজিউমেলৰ বৰুৱা আৰু এনাইঘৰীয়া বৰুৱাই আনি সিহঁত দুয়োজনীক আৰু ইলাচী, বিলাচিক বৰজনা আইকুঁৱৰীৰ হাতধৰা, আলধৰা লিগিৰী পাতিছিলহি।
ঘৰৰ মানুহে দিয়া নামবোৰ পাহৰি আলতী, মালতী, ইলাচী বিলাচি বুলি মাতিলেই সিহঁতে ততালিকে সঁহাৰি দিয়া হৈছিল।
বৰজনা আই কুঁৱৰীৰ লগতে আন বৰুৱা ফুকনৰ জী ভাৰ্যা সকলো এতিয়া ৰাঘ মৰাণৰ বন্দীনী।
ৰাঘ মৰাণে “মই এশ ভাৰ্যা আনিম” বুলি প্ৰতিজ্ঞা কৰি কীৰ্তিচন্দ্ৰক খেদাই তেওঁৰ গৃহতে আটাইসকল কুঁৱৰী আইদেউক ৰাখিছে।
আইকুঁৱৰীও নিৰূপায়। কুটিল ৰাজনীতি আৰু ষড়যন্ত্ৰৰ মেৰপেচত সোমাই তেওঁ উশাহ বন্ধ হবৰ উপক্ৰম হৈছে। তাৰ পিছতো তেওঁ জীয়াই আছে।
স্বৰ্গগামী ৰজাদেউক তেওঁ প্ৰতিজ্ঞা কৰি থৈছিল, “আপোনাৰ হেংদানৰ শক্তি, আপোনাৰ শৌৰ্য আৰু বীৰত্বৰ স্বাভিমান মই খহি পৰিবলৈ নিদিওঁ। শেষ বিন্দু তেজ থকালৈকে মই আহোম ৰাজবংশৰ বেলিমাৰ যাবলৈ নিদিওঁ।”

ইলাচীয়ে আইকুঁৱৰীক এদিন কৈছিল, “দিন বেয়ালৈ আহিছে বৰজনা আইকুঁৱৰী দেউতা! মৰাণে বিদ্ৰোহৰ লাগনি জুই ধৰিয়ে থৈছে। শুনিছোঁ, মোহনমালা কোঁৱৰে এতিয়া তাতে ফু চুঙাৰে ফুঁ মাৰিব ধৰিছে!”

বান্দী বেটীৰ আগত উৎসুকতা প্ৰদৰ্শন কৰিবৰ মন কৰিলে মৰ্যাদা হানি হোৱা ভয়ত আইকুঁৱৰীয়ে কোন মোহনমালা, কোন মৰাণ একো নুসুধিলে।
কিন্তু ইলাচীয়ে নিজে নিজেই কৈ গ’ল।
”জানে বৰজনা আইকুঁৱৰী দেউতা? মোহনমালা কোঁৱৰ আমাৰ স্বৰ্গদেউৰ আপোন ককায়েক। স্বৰ্গদেউ প্ৰমত্তসিংহৰ পাছত প্ৰকৃততে মোহনমালা কোঁৱৰহে ৰজা হব লাগিছিল। পিছে, কোঁৱৰৰ দেহা ঘূণীয়া যে! কেনেকৈনো ৰাজপাট খায়? সৰুতেই বসন্ত ৰোগত পৰি তেওঁ ঘূণীয়া হৈছিল। সেই দেখি কোঁৱৰৰ ভায়েক, আমাৰ স্বৰ্গদেউকে ৰজা পতা হ’ল। আমাৰ স্বৰ্গদেৱে ভাবিলে, ককায়েকে এদিন হলেও সিংহাসন দাবী কৰিব! সেয়ে তেওঁক নগৰৰ বাজ কৰি আঁতৰাই থ’লে। পিছে কথা হিতে বিপৰীত হে হ’ল। মোহনমালা কোঁৱৰে গৈ বিদ্ৰোহী মৰাণৰ দলত লগ লাগিলগৈ। কাৰেঙৰ তলা নলা এতিয়া তেঁৱেই মৰাণক যোগাই থাকিব। ইয়াকে কয় বোলে পানীৰ তলৰ কাঁইট!”

বৰজনা আইকুঁৱৰী নিশ্চুপ হৈ ৰ’ল।
ৰাজতন্ত্ৰ মানেই যেন ভঙা গঢ়া, উত্থান পতন আৰু তেজ চকুলোৰ এক ঘিণলগা খেল।
স্বৰ্গদেউ ৰাজেশ্বৰ সিংহদেউ স্বৰ্গী হোৱাৰ পাছত এতিয়া তেওঁৰ ভাতৃ কালশিলীয়া গোহাঞিদেৱ ওৰফে নামৰূপীয়া ৰজাই আহোম মতে চুন্যেউফা আৰু হিন্দুমতে লক্ষ্মীসিংহ নাম লৈ ৰাজপাটত বহিছে। তেওঁ নিজেও ৰাজেশ্বৰ সিংহ স্বৰ্গদেউৰ পদাংক অনুসৰণ কৰি মাজুজনা গোহাঞিদেৱ আৰু সৰুজনা গোহাঞিদেউ ভায়েক দুজনক নামৰূপলৈ খেদাই নি তাতে ঘূণীয়া কৰি থ’লে।
আহোমৰ ৰাজপাটত কোনো ঘূণীয়া কোঁৱৰ বহিব নোৱাৰে। তাৰ বাবেই এই ব্যবস্থা।
লক্ষ্মীসিংহ ৰাজপাটত বহাৰ লগে লগে পৰ্বতীয়া গোঁসাইৰ তাত শৰণ লৈছিল। পৰ্বতীয়া গোঁসাই ৰাজগুৰু হ’বলৈহে পালে, তেওঁৰো প্ৰতিপত্তি দিনক দিনে বাঢ়ি আহিল আৰু ন গোঁসাই নামেৰে তেওঁ পৰিচিত হ’বলৈ ধৰিলে।

গোঁসাই মহন্ত সকলৰ বৰ্ধিত প্ৰতিপত্তিয়ে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ মনত সন্দেহ আৰু অশান্তিৰ বীজ সিঁচিছিল। এই বৰ্ধমান প্ৰতিপত্তিয়ে এদিন আহোমৰ ৰজা আৰু ৰাজ্যলৈ যে বিপদ মাতি আনিব, তাৰ সম্ভেদ যেন তেওঁ আগতেই পাইছিল।
তেনেতে এদিন মোৱামৰীয়া গোঁসাই মহন্ত সকলে বৰবৰুৱাৰ পৰা কিবা কথাত অপমানিত হৈ মৰাণসকলক বিদ্ৰোহৰ বাবে উচতাই দিলে। মৰাণেও মোহনমালা গোহাঞিক সেনাপতি পাতি আহোমৰ সৈতে যুদ্ধত লিপ্ত হ’ল। পূৰ্বৰ শত্ৰুতা মনত ৰাখি মোহনমালাই কীৰ্তিচন্দ্ৰক হত্যা কৰিলে। ৰাঘ মৰাণ নিজে বৰবৰুৱা হ’ল। মৰাণে ৰণত জিকি মোহনমালাৰ পিনে পিঠি দিলে। ৰজা পতা দূৰৈৰ কথা, কোনো বিষয় বাবকে নিদিলে। ফলত তেওঁ বেজাৰমনেৰে গুৱাহাটীৰ পিনে ভটিয়াই গ’ল।
শৈশৱৰ ৰোগ, ভাতৃৰ নিষ্ঠুৰতা, মৰাণৰ বিশ্বাসঘাটকতা আৰু ভাগ্যৰ লিখনকে ধিয়াই ৰজাৰ এলাগী কোঁৱৰ মোহনমালা নিখোঁজ হোৱাদি হ’ল। ।

আহোম ৰাজপাটত যেন গ্ৰহণ লাগিছে।
কলীয়া ডাৱৰে আকাশ ছানি ধৰি যেন ৰজা প্ৰজা সকলোকে কিবা এক মহাপ্ৰলয়ৰ আগজাননী দিব লাগিছে।

কীৰ্তিচন্দ্ৰৰ এৰাপৰলীয়া ঘৰতে এতিয়া একালৰ বৰজনা আইকুঁৱৰী কুৰংগনয়নীয়ে ফুকন বৰুৱাৰ জী, পত্নীসকলৰ সহিতে অপমান আৰু গ্লানিৰ জীৱন এটা জী আছে। এই জীৱনৰ কোনো অৰ্থ নাই, আনন্দ নাই। নাই কোনো উদ্দেশ্যও।
একালৰ পাট মূগাৰ সাজৰ আঁৰৰ শৰীৰবোৰো এতিয়া যেন পোছাক পিন্ধিও নিৰাভৰণ!

কিন্তু ডা ডাঙৰীয়া সকল বহি থকা নাই। তেখেতলোকৰ তেজত স্বাধীনতা তগবগাই উঠিছে।
পাইছে, তাৰ সম্ভেদ বৰ আইকুঁৱৰীয়ে পাইছে।
যাদব তামূলীৰ পুতেক ৰামকৃষ্ণায়ে আইকুঁৱৰীৰ সৈতে আলচ কৰি সকলো সাজু কৰি তুলিছে।

ঈছৰে কৰিলে, দিন ভাললৈ আহিব।

বিছনাত পৰি চকুলো টুকি থকা আলতী আৰু মালতী উঠি বহিল। গা পা ধুই তেল টেঙা ঘঁহি সিহঁতে আইকুঁৱৰীকো সাজ পাৰ পিন্ধালে।
আইকুঁৱৰীৰ বুকুৰ মাজত ৰজাদেউৱে দিয়া ডালিমা বাখৰৰ দুগদুগীধাৰ।
তেওঁ চকুমুদি প্ৰাৰ্থনা কৰিলে, “আপোনাক কবচ কাপোৰ মইহে বৈ দিব লাগিছিল স্বৰ্গদেউ। আপোনাক মৃত্যুৰে যুঁজি মই হে ৰক্ষা কৰিব লাগিছিল বঙহৰদেউ। কিন্তু নিয়তিৰ কি পৰিহাস! আজি আপোনাৰ প্ৰীতি উপহাৰৰ কবচ পিন্ধি মই আজি যুঁজলৈ ওলাইছোঁ। সৰগৰ পৰাই যেন মোক আশীৰ্বাদ দিয়ে। সাহস দিয়ক ৰজাদেউ! এই নৰকৰ পৰা আমি উদ্ধাৰ হৈ হৃত সিংহাসন ঘূৰাই আনিব লাগে।”

আজি ১৬৯২ শক। বহাগৰ সংক্ৰান্তি।
ৰাঘ মৰাণ আনন্দত মতলীয়া। নহবনো কিয়?
পৰাক্ৰমী আহোমৰ ৰজাক খেদি নতুন বিষয়বাব লৈ, নতুন ধনীৰ অহংকাৰেৰে মদমত্ত হৈ আকৌ ৰজাৰ বৰকুঁৱৰীৰ গিৰিহঁত হবলৈ পোৱাতো অলপ ডাঙৰ কথানে?

তাতে আকৌ যাদব তামূলীৰ পুতেক ৰামকৃষ্ণায়ে বছা বছা মানুহ এখিনি লৈ বিহু বুলি হুচৰি গাবলৈ আহিছে।
এনে সন্মান আহোমৰ ডা ডাঙৰীয়াইহে পায়!

ৰাঘ মৰাণে এশৰাই তামোল পাণেৰে হুচৰি যোৰাক আদৰিবলৈ গ’ল।
পিছে পিছে কাপোৰৰ আঁৰত হেংদাং লৈ কুৰংগনয়নী আৰু আন আন আইদেউসকলো ওলাই আহিল।

ৰামকৃষ্ণাইৰ মাত কথা আৰু আকাৰ ইংগিতৰ ছেগ বুজি কুৰংগনয়নীয়ে একেঘাপে ৰাঘ মৰাণক বগৰাই পেলালে।

ৰামকৃষ্ণাই আৰু লগৰীয়ামখায়ো ৰাঘৰ ওপৰত জঁপিয়াই পৰিল।

আধামেলা চুলিৰে, মলঙিব ধৰা খোপাৰ ফুলেৰে, নিস্তেজ অনুজ্জল মূগাৰ সাজযোৰেৰে বৰজনা আইকুঁৱৰীয়ে তেজৰ ফাঁকুখেল চাই থাকিল।

কেৱল, যুঁজ যুঁজ আৰু যুঁজৰ বাদে যেন জীৱনত আৰু একোকেই নাছিল তেওঁৰ। থকাৰ ভিতৰত আছিল মাথোঁ ৰজাদেউৰ প্ৰেম।
সেই প্ৰেমৰো আয়ুস তেনেই ক্ষণস্থায়ী আছিল।

আইকুঁৱৰীৰ মূৰটো আচন্দ্ৰাই কৰিলে।
তেওঁ যেন ভীষণ নিসংগ, ভীষণ ক্লান্ত।
ঢিলা হাতৰ মুঠিৰ পৰা হেংদাং সুলকি এই যেন মাটিত পৰোঁ পৰোঁ।

বৰজনা আই কুঁৱৰীয়ে মুঠি টান কৰিলে।
তেওঁৰ দৃষ্টিৰ সন্মুখত সৌৱা চকলঙৰ বেদী।
জোনবাই মুখৰ কুৰংগনয়নীক তাত বৃদ্ধজ্ঞাতিয়ে বুজনি দিছে, “আপোনাৰ শৰীৰতকৈও স্বৰ্গদেউক অধিক আদৰ কৰিবা!”

কৰিব। সতী জয়মতীৰ নাতিবোৱাৰী কুৰংগনয়নীয়ে সেই বুজনি আখৰে আখৰে পালন কৰিব।

বৰ আইকুঁৱৰীয়ে দেহৰ সমস্ত শক্তিৰে হেংদাংখন তুলি ৰাঘৰ ৰক্তাক্ত শৰীৰটোৰ পিনে আগবাঢ়ি গ’ল।
দেওলগা হেংদাঙক আজি শতৰুৰ তেজ লাগে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক