ধ্ৰুৱজ্যোতি বৰাৰ “আজাৰ“-ৰাজৰ্ষি নাথ

 

মোৱামৰীয়া বিদ্ৰোহৰ উকমুকনিৰ সময়ৰে পৰা ভাৰতবৰ্ষৰ স্বাধীনতালৈকে, চেগা-চোৰোকাকৈ এই বিস্তৃত সময়ছোৱা সামৰি লোৱা ডা° ধ্ৰুৱজ্যোতি বৰাৰ ’আজাৰ’ উপন্যাসখন সাম্প্ৰতিক সময়ৰ এক ধ্ৰুপদী সৃষ্টি৷ ছশ ছয়ষষ্ঠি পৃষ্ঠাৰ বৃহৎ কলেৱৰৰ উপন্যাসখন তিনিটা খণ্ডত বিভক্ত৷ প্ৰথম দুটা খণ্ডৰ প্ৰতিটো অধ্যায়কে বৰাদেৱে দিছে একো একোটা সাৰ্থক শিৰোনাম৷ অৱশ্যে প্ৰথম দুটা খণ্ডৰ তুলনাত তৃতীয় খণ্ডটো লৰালৰিকৈ সামৰা যেন বোধ হ’ল৷

 

ঊনবিংশ শতিকাৰ শেষৰফালে আৰু বিংশ শতিকাৰ আগছোৱাত অসমৰ বিভিন্ন অঞ্চল বনজুইৰ দৰে দহি নিয়া ক’লাজ্বৰ উপন্যাসখনৰ মূল বিষয়বস্তু৷ এহাতে এমা-ডিমা ল’ৰা-ছোৱালীকেইটা, আনহাতে ঘৰৰ লাম-লাকটু যি পাৰে বান্ধি-কুন্ধি লৈ নিঠৰুৱা ধৰফৰণি এটা বুকুত সামৰি ক’লাজ্বৰৰ ভয়ত বাপতিসাহোন ঘৰ-ভেঁটি এৰি ভাগি যোৱা মৌন সমদলৰত এজাক মানুহ৷ পথাৰৰ দাতিৰ গছৰ গুৰিত পৰি ৰোৱা, প্লীহা ফুলি যোৱা ক’লাজ্বৰ ৰোগীৰ কংকালসাৰ জীৱন্ত মৃতদেহ, দূৰৈত কোনোবাই দি যোৱা ভাতখিনিলৈ কোনো বুভুক্ষু ৰোগীয়ে বন্য জন্তুৰ দৰে চোঁচা মাৰি যোৱাৰ বীভৎস দৃশ্য৷ নিৰাকাশ এখন সমাজ৷ তাৰ মাজতে ধনশিৰিৰ বালিত ওমলি ডাঙৰ হোৱা এটি ল’ৰা গৈছে কলিকতালৈ ডাক্তৰী পঢ়িবৰ বাবে৷ মুকলি আকাশ এখনত সি চিলাৰ দৰে উৰিছে আৰু চিলাৰ সূতাডালৰ দৰে খুৱ সন্তৰ্পণে তাক নিয়ন্ত্ৰণ কৰিছে সি এৰি যোৱা বিধস্ত সমাজখনৰ প্ৰতি থকা তাৰ দায়বদ্ধতাই৷

 

উপন্যাসখনৰ পাতে পাতে চিত্ৰিত হৈছে ব্ৰিটিচ সাম্ৰাজ্যবাদৰ স্বাৰ্থান্বেষী তেজশোঁহা নীতি৷ চাহবাগান প্ৰতিষ্ঠাৰ বাবে আৰম্ভ হোৱা ব্যাপক নিৰ্বনানীকৰণ, ৰাজ্যৰ বাহিৰৰ পৰা বনুৱাৰ আগমন, সমান্তৰালভাৱে আগমন ক’লাজ্বৰৰ৷ ক’লাজ্বৰৰ ভয়ত কোনো কোনো বাগানত একো একোটা কুলী লাইন জ্বলাই দিয়াৰ দৃশ্য৷ কোনো মদগৰ্বী ব্ৰিটিছৰ ঘোঁৰাৰ খুৰাৰ ধূলিৰ লগত উৰি যায় অসমীয়াৰ শৌৰ্য আৰু বীৰ্য৷ অথচ তাৰ মাজতো সমাজত থাকে হাজাৰ ধুমুহাৰ পাচতো অটল হৈ ৰোৱা মহীৰুহৰ দৰে পৰাধীন হৈয়ো পৰাধীন নোহোৱা একোজন মানুহ৷ এহাতে চাহ-বাগানবোৰ হৈ পৰে ব্ৰিটিচ শাসন আৰু শোষণৰ প্ৰাণকেন্দ্ৰ আৰু আনহাতে ধনশিৰিৰ পাৰৰ গীৰ্জাঘৰটো যেন সঁচা অৰ্থত হৈ পৰে জীৱনৰ পৰিশ্ৰান্ত পথিকৰ জিৰণিৰ ঠাই, মনৰ গভীৰত সংগোপনে সোমাই থকা কামনাৰ বীজটিৰ বাবে এটি পোহৰৰ বাট আৰু সমাজৰ প্ৰান্তত দিগবিদিক হেৰুউৱা কাৰোবাৰ বাবে এটুকুৰা মৰুদ্যান৷

 

আজাৰ মানে যেন কেৱল ক’লাজ্বৰ নহয়৷ সময়ে সময়ে লুইতৰ দুয়োপাৰ দহি নিয়ে বনজুয়ে৷ বিদ্ৰোহ, মান, ইংৰাজ, ক’লাজ্বৰ; পো-নাতিৰে কথমপি টনকিয়াল হ’বলৈ ধৰা ঘৰ এখন মুহূৰ্তৰ ভিতৰতে মথাউৰি ভাগি সোমাই অহা বানৰ দৰে উটুৱাই লৈ যায় ৰজা-প্ৰজাৰ সংঘাতে, আধাপোৰা গুটিধানৰ ভঁৰালৰ পৰা ওলোৱা ক’লাধোঁৱাই চানি ধৰে আকাশ, এৰাপৰলীয়া গাঁৱত কুকুৰৰ ৰৌ-ৰৌৱনিত দিনতে আন্ধাৰ নামে৷ সন্ধ্যাৰ পোহৰত ধনশিৰিৰ বুকুৰে উজাই যোৱা ডকাইতৰ নাওখনৰ পৰা ভঁৰালঘৰৰ আন্ধাৰচুকত হাত-ভৰি বান্ধি পেটখহোৱা ছোৱালীজনৰ মৰণকাতৰ চিঞৰটোলৈকে বুলি এই সকলোবোৰে এশ-এবুৰি ৰোগেৰে ভাৰাক্ৰান্ত এক অশীতিপৰ বৃদ্ধৰ দৰে সমাজখন ডাঙি ধৰিছে৷

 

চোতালৰ তুলসীৰ তলৰ চাকিগচিৰ ঢিমিক ঢামাক পোহৰত কঁপি উঠা ধনশিৰিৰ পাৰৰ নিসংগ সন্ধ্যাবোৰৰ পৰা ইংৰাজ চাহাব-মেমৰ ব্যস্ত পদশব্দেৰে মুখৰিত কলিকতা চহৰৰ ব্যস্ত দুপৰীয়াবোৰলৈ, প্ৰজাই ৰজালৈ দা ডঙাৰ সময়ত নৈৰ পাৰৰ দুৰ্গম অৰণ্যৰ আন্ধাৰত লুকাই থকা নিষ্পাপ ভয়াৰ্ত চকুহালৰ পৰা দেশ স্বাধীন হোৱাৰ দিনা তিনিৰঙী পতাকাখন বুকুত আলফুলে সাৱটি মুদি দিয়া বুঢ়াদেউতাৰ প্ৰশান্তিময় চকুহাললৈকে এই সকলোবোৰ খুব সুনিপুণভাৱে অবিস্মৰণীয় ৰূপত এডাল সূতাত গাঁথি পেলাইছে কথাশিল্পীগৰাকীয়ে৷ কোনোবাখিনিত বৰ্ণনাৰ ক্ৰুৰতাই আমাক জোকাৰি পেলাইছে৷ গাঁৱৰ সহজ-সৰল কথোপকথনত আমি বিচাৰি পাইছোঁ জীৱন আৰু মানুহৰ কবোষ্ণ ষ্পৰ্শ৷ উপলব্ধি কৰিছোঁ, হাড়ে-হিমজুৱে, প্ৰেম আৰু চকুপানীয়েই জীৱনৰ শেষ সত্য৷

 

উপন্যাসখনৰ শেষত সন্নিৱিষ্ট এটি সাক্ষাৎকাৰত বৰাদেৱে কৈছে, “ধনশিৰি মোৰ নদী।” একেটা সুৰতে আমি ক’ব পাৰোঁ ’আজাৰ’খন আমাৰ উপন্যাস! ধনশিৰিপৰীয়াৰ উপন্যাস!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক