ধৰাৰ দিহিঙে-দিপাঙে: বিদেশত সময়ৰ টিকনি- ৰাণা গগৈ

সময়ৰ প্ৰতি আমি বাৰু কিমান সংবেদনশীল? সময়ৰ প্ৰতি আমাৰ মানসিকতা কেনেকুৱা? এই বিষয়ে বৰ বেছি ভবা-গুণা কৰিব নালাগে৷ দৈনন্দিন জীৱনত ঘটি থকা দুই-এটা কথা মনত পেলালেই ইয়াৰ সঠিক উত্তৰ সহজে পাব পাৰি৷ উদাহৰণ স্বৰূপে ইলেক্ট্ৰিছিয়ানজনক মই আগতীয়াকৈ বাৰে বাৰে ক’লোঁ তেওঁ যাতে পলম নকৰি দিনৰ এক বজাত মোৰ ঘৰত যোৱা দুদিন ধৰি বেয়া হৈ থকা চিলিং ফেনখন ঠিক কৰিবলৈ উপস্থিত হয়। দুপৰীয়াৰ এই সময়খিনিত মই অফিচৰ পৰা কিছু সময়ৰ বাবে ঘৰলৈ আহিব পাৰোঁ৷ সিদিনা এক বাজি পাৰ হৈ গ’ল, ইলেক্ট্ৰিছিয়ানজনৰ কোনো উম-ঘাম নাই৷ ফোনৰ ওপৰত ফোন আৰু তেওঁৰ উত্তৰ মাথোঁ এটাই- “আহি আছোঁ দাদা৷” অৱশেষত প্ৰায় দুইমান বজাতহে তেওঁ হাজিৰ হ’ল৷ অৰ্থাৎ বাৰম্বাৰ কোৱা স্বত্বেও এক বজা সময় হৈ গ’ল দুই৷

ই এটা তেনেই সৰু উদাহৰণহে মাথোঁ৷ আমাৰ দৈনন্দিন জীৱনত এনেবোৰ কথা খুবেই গতানুগতিক য’ত পুৱাৰ ৯.০০ বজা সময় গৈ দুপৰীয়াৰ ১২.০০ বাজি যায়, আজি হৈ যায় কালি অথবা এই সপ্তাহ গৈ অহা সপ্তাহ হৈ যায়৷ তাতোকৈ ডাঙৰ কথা, এনেবোৰ কথা আমি সহজে মানি লওঁ৷ সময় দি নিৰ্দিষ্ট সময়ত উপস্থিত নোহোৱা, যাত্ৰীসকল বহি থকা স্বত্বেও বাছখন সময়মতে নেৰা, ৰে’লখন ষ্টেচন পলমকৈ এৰা বা ষ্টেচন পলমকৈ আহি পোৱা, সময়মতে অফিচ গৈ নোপোৱা, অফিচত মিটিংখন সময়মতে আৰম্ভ নোহোৱা- নিত‍্যনৈমিত্তিক এনে সমস্ত কথাবোৰ আমাৰ বাবে কোনো ডাঙৰ কথা নহয়, ই তেনেই গতানুগতিক৷ ক্ৰিয়া-প্ৰতিক্ৰিয়া কৰিবলৈ এনেবোৰ কথাত আমাৰ একো নাই, কাৰণ ‘সময়’ৰ প্ৰতি আমাৰ চিন্তাধাৰা এনে ধৰণৰ যে, কথাবোৰ যেন আচলতে এনেকুৱাই, এনেদৰেই হয় বা হোৱা উচিত৷ ওপৰত উল্লেখ কৰা সৰু সৰু এই সময়ানুৱৰ্তিতাৰ কথাবোৰ আচলতে আমাৰ স্বভাৱত পৰিণত হৈ আমাৰ জাতীয় আচৰণ হৈ পৰিছে৷ ই আচলতে আমাৰ সংস্কৃতি৷

ইউৰোপ আৰু আমেৰিকাৰ দেশবোৰ আজি কিছু বছৰ ভ্ৰমি ফুৰি এটা কথা ভাল দৰে বুজি উঠিছোঁ যে, “সময়ানুৱৰ্তিতা“ এটা ডাঙৰ কথা এই দেশবোৰত৷ এই দেশবোৰত ‘সময়ক সন্মান কৰা’ মানসিকতাটো সুদূৰপ্ৰসাৰী৷ ই অনুকৰণীয়৷ সমস্ত কথাবোৰ সময়তে হ’ব লাগে- এই কথা কেৱল এজন বিশেষ ব‍্যক্তিৰ ক্ষেত্ৰত আবদ্ধ নাথাকি, এটা কাৰ্যালয়, এখন সমাজ, এখন দেশ আৰু সমস্ত ‘ছিষ্টেম’টো এই চিন্তাধাৰাৰে গঢ়ি তোলা হৈছে৷ একে এষাৰে ক’বলৈ হ’লে সময়ানুৱৰ্তিতা এই দেশবোৰৰ এক মজবুত সংস্কৃতি৷

যোৱা জুন মাহত, বেলজিয়াম দেশৰ ৰাজধানী ব্ৰাছেলচ্ (Brussels) চহৰৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মই উপস্থিত হ’লোঁ৷ এই চহৰৰ নিকটৱৰ্তী এণ্টৱাৰ্প (Antwerp) নামৰ আন এখন চহৰলৈ মই যাব লাগে৷ সেয়ে বিমানবন্দৰৰ পৰা স্থানীয় ৰে’লেৰে যোৱাটো সিদ্ধান্ত ল’লোঁ আৰু সেই অনুসৰি বিমানবন্দৰটোৰ মূল গৃহৰ তলৰ মহলাত (basement) থকা ৰে’ল ষ্টেচনত উপস্থিত হ’লোঁ৷

এই সুযোগতে এটা কথা কৈ থওঁ যে, এই উন্নত দেশসমূহৰ মুখ্য চহৰবোৰত অৱস্থিত বিমানবন্দৰৰ লগতে ৰে’ল ষ্টেচনবোৰ সংলগ্ন থকা প্ৰায়েই দেখিছোঁ আৰু বেছি ভাগেই ষ্টেচনবোৰ তলৰ মহলাত থাকে৷ অৰ্থাৎ ওপৰ মহলাত বিমানকোঠ আৰু তলৰ মহলাত ৰে’ল ষ্টেচন৷ যাতায়াতৰ এনে ব‍্যৱস্থা থকাৰ বাবে যাত্ৰীবোৰৰ যথেষ্ট সুবিধা হয়৷ যাত্ৰাত সাধাৰণতে একো একোজন যাত্ৰীৰ লগত এক বা একাধিক ডাঙৰ টোপোলা থাকেই৷ গতিকে এনে ডাঙৰ টোপোলাবোৰ লৈ প্ৰস্থানৰ বাবে, ৰে’ল ষ্টেচনৰ পৰা ওপৰ মহলালৈ গ’লেই হ’ল, ’চেক্-ইন কাউণ্টাৰ’ তুৰন্ত পোৱা যায়৷ ঠিক তেনেকৈ, আগমনৰ ক্ষেত্ৰত, বিমানৰ পৰা নামি টালি-টোপোলাবোৰ লৈ তলৰ মহলালৈ নামি গ’লে হ’ল, ‘লিফ্ট’ অথবা ’এস্কেলেটৰ’ৰ (চলন্ত চিৰি) সহায়েৰে৷ ইয়াৰ উপৰিও, নিশা যথেষ্ট পলমকৈ যাত্ৰা কৰা, ধাৰাসাৰ বৰষুণ অথবা বেয়া বতৰত যাত্ৰা কৰা আদি কথাবোৰত, ৰে’ল ষ্টেচনটো বিমানকোঠৰ লগত সংলগ্ন থকাৰ বাবে যথেষ্ট সহায় হয়৷ এনে উত্তম সুবিধা সঁচাকৈয়ে প্ৰশংসনীয়৷ যা হওক, সিদিনা মই ষ্টেচনলৈ বুলি এস্কেলেটৰৰে তললৈ নমাৰ আগতে টিকট কাউণ্টাৰত ৰে’লৰ টিকট এটা ল’লোঁ৷ লগতে টিকট দিয়া ৰে’লৱে কৰ্মচাৰীজনক সুধি জানিব বিচাৰিলোঁ পৰৱৰ্তী ৰে’লখন কিমান সময়ত৷ কৰ্মচাৰীজনৰ উত্তৰ- “ৰে’লখন দুই বাজি সোতৰ (২:১৭) মিনিটত পাবহি আৰু দুই বাজি ঊনৈশ (২:১৯) মিনিটত এৰিব, মুঠেই দুই মিনিটৰ বাবে ৰয়৷ আপুনি সোনকালে যাওক, ৰে’লখন বোধহয় তলত ৰৈ আছে৷” মই মোৰ হাতঘড়ীটোলৈ চাই দেখোঁ ২ বাজি ১৯ মিনিট হ’বৰ হ’ল৷ মোৰ বেগটো টানি টানি মই দৌৰ দিলোঁ আৰু চলন্ত চিৰিৰে তললৈ নামিলোঁ৷ আনকি চিৰিতো ৰৈ নাথাকি বেগটো দাঙি মই বেগেৰে খোজ দিলোঁ৷ মই সেই ঠাই পাওঁ মানে মোৰ চকুৰ আগতেই ৰ’লখন গুছি গ’ল, কাঁটাই কাঁটাই ২ বাজি ১৯ মিনিটত৷ মই সেই সময়ৰ ৰে’লখন ধৰিব নোৱাৰিলোঁ৷ মোৰ পৰৱৰ্তী ৰে’লখন আছিল আধা ঘণ্টাৰ পাছত৷

সেই আধা ঘণ্টা সময় ৰৈ থাকোঁতে এটা কথা লক্ষ্য কৰিছিলোঁ যে, সেই প্লেটফৰ্মত আহি ৰ’বলগীয়া পৰৱৰ্তী ৰেলসমূহৰ (আন আন গন্তব‍্যস্থানৰ বাবে) বিষয়ে যাত্ৰীৰ জ্ঞানাৰ্থে “ডিজিটেল ব’ৰ্ড”ত দেখুৱাই থাকে৷ দেখি মই মুগ্ধ হৈছিলোঁ যে ব’ৰ্ডখনত আগতীয়াকৈ দেখুৱাই থকা সময়ানুসৰিয়েই ৰে’লবোৰ আহি প্লেটফৰ্মত ৰৈছিলহি, সময়ৰ হেৰফেৰ অলপো হোৱা নাছিল৷ সময়ৰ এনে সঠিকতাই মোৰ মন মোহিত কৰিছিল, চিন্তাৰ খোৰাক যোগাইছিল৷

ইয়াৰ অৰ্থ এইটোও নহয় যে সেই দেশৰ লোকৰ কেতিয়াও পলম নহয়৷ পলম নিশ্চয় হয়৷ কিন্তু পলম হোৱাটো ‘ব‍্যতিক্ৰম’হে, নিয়ম নহয়৷ আমাৰ দেশত তাৰ ঠিক বিপৰীতটোহে হয়৷ পলম হোৱাটো ধুৰুপ, ই আমাৰ নিয়ম৷ সময় মতে উপস্থিত হোৱা অথবা কামটো নিৰ্ধাৰিত সময়তকৈ আগে সমাপ্ত হোৱা কথাটোহে এক ব‍্যতিক্ৰম৷ লগতে এই কথাও মন কৰিছোঁ যে, কেনেবাকৈ পলম হ’লে সেই দেশৰ লোকসকলে কথাটো নজনোৱাকৈ নাথাকে৷ উদাহৰণ স্বৰূপেআপোনাক এজনে নিৰ্দিষ্ট সময়ত লগ ধৰিবলগীয়া আছে। কিন্তু কিবা কাৰণত যদি পলম হয়, আপোনাক তেওঁ অনতিপলমে জনাব যাতে আপুনি তেওঁৰ বাবে ৰৈ থাকিবলগীয়া নহয়৷

যোৱা প্ৰায় তিনিটা দশক ধৰি ভাৰতীয় অৰ্থনীতিত আউটছ’ৰ্চিং’ (outsourcing) কোম্পানীবোৰে এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে৷ আউটছ’ৰ্চিং কামবোৰ সৰ্বপ্ৰথমে ভাৰতলৈ আহিছিল আমেৰিকাৰ পৰা৷ সেই সময়ত আমেৰিকাই ভাৰতবৰ্ষলৈ আউটছ’ৰ্চিং কৰাৰ ক্ষেত্ৰত যিসমূহ অসুবিধা বা প্ৰত‍্যাহ্বানৰ সন্মুখীন হৈছিল তাৰ ভিতৰত ডাঙৰ সমস্যাটো আছিল এই সময় অৰ্থাৎ ‘অসময়’ সম্বন্ধীয় আমাৰ মনোভাৱ অৰ্থাৎ সংস্কৃতিটো৷ একো একোটা ‘প্ৰজেক্ট’ৰ বাবে ভাৰতীয় কোম্পানীবোৰে নিৰ্দিষ্ট সময়সীমা (deadline) মানি লয়; কিন্তু দুখজনক কথা যে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত প্ৰজেক্টটো হৈ নুঠে আৰু বাৰম্বাৰ সময়সীমা সলনি কৰিব লগীয়াত পৰে৷ এনেবোৰ কথাৰ বাবে আউটছ’ৰ্চ কৰা আমেৰিকাৰ কোম্পানীবোৰ নিৰাশাত ভুগিছিল৷ তাতোকৈ বেছি হতাশাৰ কথা আছিল এই যে, প্ৰজেক্টটো পলম হ’ব, আঁচনি অনুযায়ী আগবঢ়া নাই, অথবা সময়সীমাৰ ভিতৰত সম্পূৰ্ণ হৈ উঠাটো অসম্ভৱ- এই কথা আমি আগতীয়াকৈ নজনাওঁ৷ ইয়াৰ কাৰণ হ’ল আমি সাধাৰণতে আনক দুঃসংবাদ দি মনোকষ্ট দিবলৈ বেয়া পাওঁ৷ সেয়ে আমি নজনাওঁ আৰু অৱশেষত উপায়বিহীন হৈ শেষ মুহূৰ্ততহে জনাবলৈ বাধ্য হওঁ৷ আনহাতে আমেৰিকা আৰু ইউৰোপৰ লোকসকলে কথাবোৰৰ লুক-ঢাক নথকা স্বচ্ছতা কামনা কৰে৷ সময়ে সময়ে প্ৰজেক্টটোৰ অগ্ৰগতিৰ কথা ’আপডেইট’ দি থাকিলে বেছি ভাল পায়৷ থোৰতে, সময় সম্পৰ্কীয় আমাৰ মনোভাৱ আৰু সংস্কৃতিৰ সেই দেশবোৰৰ সৈতে যথেষ্ট পাৰ্থক্য আছে৷

ওপৰত উল্লেখ কৰাৰ দৰে ইউৰোপ, আমেৰিকা অথবা অষ্ট্ৰেলিয়া মহাদেশৰ অন্তৰ্গত দেশবোৰত সময়ানুৱৰ্তিতা এটা বলিষ্ঠ সংস্কৃতি৷ ইউৰোপ মহাদেশৰ যিসমূহ দেশত এই সময়ানুৱৰ্তিতা বোলা কথাটোক বেছি গুৰুত্ব দিয়ে, সেই দেশসমূহৰ ভিতৰত জাৰ্মানী হ’ল ঊৰ্দ্ধত৷ সচৰাচৰ জাৰ্মানসকলে সময়ানুৱৰ্তিতাক এক প্ৰকাৰ আপোচবিহীনভাৱে মানি চলে। এই কথা মই নিজ চকুৰে দেখিছোঁ, পূৰ্বেও এই বিষয়ে মই অলপ-অচৰপ জানিছিলোঁ৷

কি কাৰণেনো এই সকল লোক সময়ৰ প্ৰতি ইমান সংবেদনশীল, এই কথা মই মোৰ জাৰ্মানীৰ বন্ধু ৰবাৰ্টক এবাৰ সুধিছিলোঁ৷ ৰবাৰ্টৰ উত্তৰ আছিল এনেধৰণৰ-“নিসন্দেহে ই এক যুগমীয়া সামাজিক ৰীতি-নীতি (culture)৷ মই সময়ত গৈ উপস্থিত হওঁ ইয়াৰ অৰ্থ এইটো নহয় যে মই সময়ানুৱৰ্তী (punctual)৷ হয়তো মই নহয়৷ মোৰ চিন্তাধাৰা হ’ল, মোৰ বাবে যাতে আনৰ সময় নষ্ট নহয় সেইটোহে জৰুৰী কথা৷ কোনে জানে, তেওঁৰ সময় কিজানি মোতকৈ বেছি মূল‍্যবান৷ আমি আন এজনৰ সময়ক সদায় সন্মান কৰিব লাগে।” আন এজনৰ সময়ক সন্মান কৰাৰ এই যি মানসিকতা, এই কথাই সিদিনা মোৰ মন চুই গৈছিল৷

সময়ানুৱৰ্তিতা লোকসকলৰ আচৰণ আৰু এনে আচৰণ বৰ্তাই ৰখাত উন্নত ‘ইনফ্ৰাষ্টাকচাৰ’ অৰ্থাৎ আহল-বহল আৰু উন্নত বাট-পথ, বাছ-ৰে’লগাড়ী আদি ৰাজহুৱা পৰিবহণৰ সু-ব‍্যৱস্থা কথাবোৰে যথেষ্ট সহায় কৰে৷ এই কথা এই বাবেই উল্লেখ কৰিলোঁ- দিল্লী, মুম্বাই, কলকাতা, বাংগালুৰু, চেন্নাই আদি চহৰবোৰত দেখিছোঁ যে নিৰ্দিষ্ট একেখিনি দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰয়োজনীয় সময় প্ৰত‍্যেক দিনাই সুকীয়া৷ নিৰ্দিষ্ট পাঁচ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ আজি যদি আধা ঘণ্টা সময় লৈছে, কালিলৈ ডেৰ ঘণ্টাও লাগিব পাৰে৷ সময়ৰ ইমান তাৰতম্য থকাৰ বাবে যাত্ৰা সময় মতে আৰম্ভ কৰিও যথাসময়ত উপস্থিত হোৱাটো কঠিন৷ বহুতে অৱশ্যে এই কথাৰ সুযোগ লৈ ‘ট্ৰেফিকত ফচি আছিলোঁ’ বুলি অজুহাত দেখুৱাই মিছা মাতে৷

ঘড়ীৰ কাঁটা অনুসৰি চলা সময়ানুৱৰ্তিতা কথাটো মোৰ দৰে অসমীয়া বা ভাৰতীয় মানুহৰ ক্ষেত্ৰত নিসন্দেহে বৰ সমস্যাজনক, যিহেতু এই কথা আমাৰ তেজত নাই, আমাৰ ডি.এন্.এত সম্পূৰ্ণ অনুপস্থিত৷ কোনো এখন মিটিঙৰ বাবে নিৰ্দিষ্ট সময়ৰ অলপ আগে উপস্থিত হ’বলৈ হ’লে, শৰীৰত যিমানেই ভাগৰ নাথাকক কিয়, চকুত যিমানেই টোপনি নাথাকক কিয় সময় মতে শোৱাৰ পৰা উঠিবই লাগিব, সময়ত তৈয়াৰ হ’বই লাগিব৷ নিজ দেশত হোৱা হ’লে “মিটিংখন আধা ঘণ্টা পলমকৈ আৰম্ভ হ’লে কিনো মহাভাৰতখন অশুদ্ধ হ’ব” মনোভাৱেৰে শুই থাকিলোঁহেতেন৷ জাৰ্মানীৰ নিচিনা দেশ য’ত সময়ৰ সৈতে কোনোও আপোচ নকৰে তেনে দেশত এনে টুলুঙা মন্তব্য একেবাৰেই নাখাটে৷

এই লেখাটোত দেশ-বিদেশত মই দেখি অহা সময়ানুৱৰ্তিতাৰ কথাহে লিখিছোঁ, সময়ৰ সদ্‌ব‍্যৱহাৰৰ কথা লিখা হোৱা নাই৷ নক’লেও হয় যে সময়ানুৱৰ্তিতাৰ লগে লগে পাৰ্যমানে সময়ৰ সদ্‌ব‍্যৱহাৰ হ’ব লাগে৷ বিজ্ঞসকলে কয়, জন্ম সূত্ৰে পোৱা এই পৃথিৱীৰ সমস্ত সম্ভাৰ অত‍্যন্ত‍ আপোন হ’লেও একান্ত নিজস্ব নহয়৷ এজন ব্যক্তিৰ বাবে এই পৃথিৱীত একান্ত নিজস্ব বস্তু দুটাহে৷ প্ৰথমটো নিজৰ শৰীৰটো আৰু দ্বিতীয়টো হ’লনিজস্ব সময়খিনি৷ এই দুয়োৰে সঠিক আদৰ-যত্ন হ’ব লাগে৷

সদৌ শেষত, আমাৰ সকলোৰে প্ৰিয় আৰু শ্ৰদ্ধাৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতৰ এটি কলিৰ উদ্ধৃতি দি এই লেখাটো সামৰণি মাৰিছোঁ।

কঁহুৱা বন, মোৰ অশান্ত মন
, আলফুল হাতেৰে লোৱা সাৱটি;

এটি এটি ক্ষণ, যেন মুকুতাৰে ধন,
এনেয়ে হেৰুৱালে নাহে উভতি।”

Leave a Reply

Your email address will not be published. Required fields are marked *