ধৰাৰ দিহিঙে-দিপাঙে; হলেণ্ডত এটা ভোকেৰে সেমেকা ৰাতি – ৰাণা গগৈ

ইউৰোপ আৰু আমেৰিকা মহাদেশৰ অন্তৰ্গত ভালেসংখ্যক দেশৰ সৈতে, চেন্নাইত অৱস্থিত আৰু মই বৰ্তমান কৰ্মৰত বহুজাতিক প্ৰতিষ্ঠানটোৱে, এক বুজন সংখ্যক ধনৰ বেপাৰ-বাণিজ্য কৰে৷ প্ৰতিষ্ঠানটোৰ অধিকাংশ ’ক্লায়েণ্ট’ আমেৰিকা আৰু ইউৰোপত আছে যদিও, আৰু কিছু সংখ্যক ক্লায়েণ্ট আছে অষ্ট্ৰেলিয়া, জাপান আৰু চিঙ্গাপুৰতো৷ কোম্পানীৰ কেতবোৰ কামৰ বাবে মই সঘনাই এই ক্লায়েণ্টৰ কাৰ্য‍্যালয়বোৰলৈ যাবলগীয়া হয়, বিশেষকৈ ইউৰোপলৈ৷ এনে একো একোটা ’অফিচিয়েল’ ভ্ৰমণ সাধাৰণতে দহ দিনৰ পৰা তিনি সপ্তাহ পৰ্যন্ত‍ হয়৷

তেনে এক জৰুৰী কামৰ বাবে মই এবাৰ হঠাৎ জাৰ্মানীলৈ যাবৰ বাবে নিৰ্দেশ আহিল৷ পিছে আগৰ কেইবাৰৰ তুলনাত, এইবাৰৰ মোৰ ’অফিচিয়েল’ ভ্ৰমণটো চমু, মুঠেই পাঁচ দিনৰহে৷ তাৰে প্ৰথম তিনি দিন জাৰ্মানীৰ কলৌন (Cologne) নামৰ চহৰখনত আৰু পৰবৰ্তী দুদিন নেদাৰলেণ্ড দেশ, যিখিনি দেশক কওঁতে ’হলেণ্ড’ বুলি কোৱা হয়, সেই দেশৰ ’গ্ৰনিংগেন’ (Groningen) নামৰ চহৰত অৱস্থিত ক্লায়েণ্টৰ কাৰ্য‍্যালয়লৈ যাব লাগিব৷

এই কাৰ্য‍্যসুচী অনুসৰি চেন্নাই বিমানবন্দৰ পৰা গৈ, সংযুক্ত বিমান (connecting flight) ধৰিবলৈ ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হলোঁ৷

পৃথিৱীৰ যিমান কেইটা ব‍্যস্ততম বিমানবন্দৰ আছে, তাৰে ভিতৰত এই ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰো এটা৷ এই বিমানবন্দৰ প্ৰতি দিনে প্ৰায় আঢ়ৈ লাখ যাত্ৰীৰ সমাবেশ হয়৷ এক তথ্য অনুসৰি যোৱা বছৰ, ২০১৭ চনত, দুয়ো প্ৰস্থান আৰু আগমন মিলাই প্ৰায় ৯ কোটি যাত্ৰীৰ এই বিমানবন্দৰত সমাবেশ হৈছিল৷ ঠিক তেনেকৈ, বিমানৰ আগমন আৰু প্ৰস্থানৰ সংখ্যাও সাংঘাতিক৷ গঢ় হিচাপে প্ৰতি পাঁচ মিনিটত ছয়খনকৈ বিমানৰ অবতৰণ অথবা প্ৰস্থান হয়, যিটো নেকি সমগ্ৰ বিশ্বৰ কেইটামান বিমানবন্দৰতহে এই দৃশ্য দেখিবলৈ পোৱা যায়৷ উল্লেখযোগ‍্য যে ডুবাইৰ এই বিমানবন্দৰে প্ৰত‍্যক্ষভাবে প্ৰায় ৯০,০০০ কৰ্মচাৰীক সংস্থাপন দিছে আৰু পৰোক্ষভাৱে কেবা লক্ষ৷ এই বিমানবন্দৰৰ দৈনিক উপাৰ্জনে ডুবাইৰ আৰ্থিক GDP-ত এক বৃহৎ অৰিহণা যোগাই আহিছে৷

সি যি কি নহওক, এই ডুবাই বিমানবন্দৰত জাৰ্মানীৰ অভিমুখে যাবলগীয়া বিমানত উঠি মই জাৰ্মানীৰ ফ্ৰেঙ্কফুট (Frankfurt) আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হাজিৰ হলোঁ৷ ইয়াৰ পৰা পুনৰ ৰেল ষ্টেচনলৈ গৈ, স্থানীয় ৰেল ধৰি অৱশেষত দেওবাৰ এটাত মোৰ গন্তব‍্য স্থান কলৌন চহৰত উপস্থিত হলোঁ৷

জাৰ্মানী দেশত যি কেইখন ডাঙৰ আৰু মুখ্য চহৰ আছে তাৰে ভিতৰত এই কলৌন চহৰো এখন৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মিত্ৰশক্তিৰ আক্ৰমণত, জাৰ্মানীৰ আন কেইখনমান চহৰৰ উপৰিও, এই কলৌন চহৰখনো বৰ বেয়াকৈ বিধ্বস্ত হৈছিল৷ সেই মহাযুদ্ধৰ ধংসযজ্ঞত ধৰাশয়ী হোৱা চহৰখনৰ এতিয়া কিন্তু সেই ঘটনাৰ কোনো চিনচাবেই নাই৷ বৰঞ্চ ধৰাত শুই পৰা তেনে একো একোটা অট্টালিকা পুনৰ লহপহকৈ থিয় হৈ, আধুনিকতাৰ সাজপাৰ পিন্ধি, এতিয়া পৰিষ্কাৰ-পৰিচ্ছন্ন, আটকধুনীয়া এখন মনোৰম চহৰ৷ মোৰ এই ভ্ৰমণ নিচেই চমু হোৱাৰ বাবে দুৰ্ভাগ্যবশতঃ চহৰখন ভালদৰে দৰ্শন কৰিব নোৱাৰিলোঁ৷ তথাপিও এই দেওবাৰে দুপৰীয়াৰ পৰা নিশালৈকে যিমানখিনি পাৰোঁ চহৰখন চোৱাৰ মোৰ অকণমান সৌভাগ্য হ’ল৷ মাজতে কিছু সময় চহৰখন কাষেদি বৈ যোৱা ৰাইন নদীৰ (Rhine river) পাৰত জিৰণি ললোঁ, দুই-এখন ফটো তুলিলোঁ৷ উল্লেখযোগ্য যে, এই চহৰৰ লগতে লাগি থকা কলৌন বিশ্ববিদ্যালয় সমগ্ৰ ইউৰোপত এক সুকীয়া নাম আৰু সন্মান আছে৷

অৱশেষত তিনিদিনীয়া অফিচিয়েল কামবোৰ সমাপ্ত কৰি বুধবাৰে, অফিচৰ পৰা পোনেপোনে ৰেল ষ্টেচনত উপস্থিত হ’লোঁ, হলেণ্ড দেশলৈ বুলি আন্তঃৰাষ্ট্ৰীয় ৰেল ধৰিবলৈ৷ ৰেলৰ টিকট আগতীয়াকৈ লৈ থোৱা আছিল৷ টিকটতত উল্লিখিত সময় অনুসৰি ৰেলখন ষ্টেচন এৰিব লাগে সন্ধিয়া ৫.৩০ বজাত৷ কলৌন পৰা হলেণ্ড দেশৰ গ্ৰনিংগেন চহৰলৈ যাবলৈ উচ্চ গতিৰ ৰেলে (high speed train) মোটামুটি চাৰি ঘণ্টা সময় লয়৷ এই হিচাপে মই নিশা ৯ বাজি ৩০ মিনিটত গ্ৰনিংগেন ষ্টেচন পাবগৈ লাগে৷

ইউৰোপৰ ৰেল সম্বন্ধীয় কথাবোৰ আমাৰ দেশৰ তুলনাত সম্পূৰ্ণ সুকীয়া৷ মই যিমানখিনি জানো আৰু বুজোঁ, পৰিষ্কাৰ-পৰিচ্ছন্ন, দেখাত শুৱনি, প্ৰযুক্তিবিদ্যাৰে উন্নত এনে বিলাসী ৰেলবোৰ একো একোটা ’মাল্টি বিলিয়ন ইউৰ’ৰ ব‍্যক্তিগত প্ৰতিষ্ঠানৰ দ্বাৰা পৰিচালিত হয়৷ সাধাৰণতে আমাৰ মনোভাৱ এনে যে ৰেল মানেই এখন দেশৰ চৰকাৰেহে নিয়ন্ত্ৰণ কৰিব পাৰে, আনে নোৱাৰে৷ এনে মনোভাৱৰ কাৰণ হ’ল — ভাৰতীয় ৰেলৰ এটা সুকীয়া ৰেল মন্ত্ৰালয় আছে৷ কেতিয়াবা কৰবাত কেনেবাকৈ ৰেল বাগৰিলে, ৰেল মন্ত্ৰীয়ে কৈফিয়ৎ দিয়ে৷ আগৰ দিনত মন্ত্ৰী-পদৰ পৰা পদত‍্যাগো কৰিছিল৷ সৌ সিদিনালৈকে ৰেল মন্ত্ৰীয়ে পৃথককৈ ৰেলৰ বাজেট ঘোষণা কৰিছিল৷ এনে সমস্ত কথাবোৰে আমাৰ মন আৰু মগজুত এনে এটা ভাৱমূৰ্তি গঢ়ি তুলিছে যে ৰেল মানেই যেনে এখন চৰকাৰৰ অধীনৰহে কথা৷ যিহেতু যুগ যুগ ধৰি আমি এনেদৰেই দেখি আহিছোঁ, এনেবোৰ কথাৰে ডাঙৰ-দীঘল হৈছোঁ, সেয়ে মন আৰু মগজুত তেনে এখন প্ৰতিচ্ছবি গঢ়ি উঠাটো তেনেই স্বাভাৱিক৷

অকণমান কল্পনা কৰকচোন — এই ’চৰকাৰী’ ৰেলবোৰ থকাতটো আছেই কিন্তু ইয়াৰ উপৰিও ’ৰিলায়েঞ্চ’ (Reliance) কোম্পানীৰো ভালে কেইখনমান ৰেল ভাৰতবৰ্ষৰ ৰেলপথত জোৰদাৰে চলি আছে৷ ৰিলায়েঞ্চ কোম্পানীৰ এই ৰেলবোৰৰ এক নিজস্ব ৰং আছে, এক সুকীয়া ধৰণ-কৰন আছে৷ ঠিক তেনেকৈ, টাটা (Tata) কোম্পানীয়েও নিজস্ব ৰং আৰু শৈলীৰে ভৰা বহুতো ৰেল, ৰেলপথত নিৰন্তৰ চলাই আছে৷ স্থানীয় কোম্পানী ’মাৰুটি’ আৰু জাপানৰ কোম্পানী ’চুজুকি’, দুয়ো কোম্পানীৰ যৌথ সহযোগিতাত, সিহঁতেও কেইখনমান ৰেল ৰেলপথত দৌৰাই আছে৷

ইমানেই নহয়, কল্পনা কৰকচোন যে, এই চৰকাৰী আৰু বে-চৰকাৰী বৰ্ণিল ৰেলবোৰ ভাৰতবৰ্ষৰ চহৰে-নগৰে গাঁৱে-গাঁৱে চলেটো চলেই আনকি আমাৰ ওচৰ-চুবুৰীয়া দেশ যেনে ভূটান, ম‍্যানমাৰ, নেপাল আদি দেশবোৰলৈও যোৱাৰ অনুমতি আছে আৰু যায়ও৷ এখোপ আগুৱাই গৈ কল্পনা কৰকচোন যে, আমাৰ দেশৰ পৰা যেনেকৈ ওচৰ-চুবুৰীয়া দেশলৈ ৰেলবোৰ যায় ঠিক তেনেকৈ সেই দেশবোৰৰ পৰাও আমাৰ দেশলৈ সিহঁতৰ ৰেলবোৰ কোনো অসুবিধা নোহোৱাকৈ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ অহা-যোৱা কৰে৷ অৰ্থাৎ, একেষাৰে ক’বলৈ গ’লে — ভাৰতীয় ৰেল, ৰিলায়েঞ্চ ৰেল, টাটা ৰেল, মাৰুটি-চুজুকি ৰেল, ভূটান ৰেল, নেপাল ৰেল আদি বিভিন্ন ধৰণে ধুন-পেচ কৰা, নানা ৰঙ-বিৰঙে ভৰা বহুতো ৰেল ভাৰতবৰ্ষৰ চৌদিশে ৰেলপথবোৰত দপদপাই দৌৰি ফুৰিছে৷

এনে কল্পনাৰ বাস্তৱিকতা সঁচাকৈয়ে অসম্ভৱ নেকি? হয়তো কিছু প্ৰত‍্যাহ্বান থাকিব পাৰে কিন্তু অসম্ভৱ নিশ্চয় হ’ব নোৱাৰে৷ কিয়, বিমান যাত্ৰাৰ কথাবোৰ তেনেকুৱাই নহয় জানো? এয়াৰ ইণ্ডিয়া, ইণ্ডিয়ান এয়াৰলাইনচ্ থকাৰ সত্বেও জেট্ এয়াৰওৱেজ (Jet Airways), স্পাইচ্ জেট্ (SpiceJet), ইণ্ডিগো (IndiGo) আদি ব‍্যক্তিগত খণ্ডৰ উৰাজাহাজবোৰ নাই জানো? এই বিমানবোৰ নিজ দেশত উৰি থকাৰ উপৰিও নেপাল বা ভূটানৰ আকাশত বিচৰণ কৰি সেই দেশৰ ভূপৃষ্ঠত অবতৰণ নকৰে জানো? ভূটান দেশৰ চৰকাৰী আৰু বে-চৰকাৰী এয়াৰলাইনচৰ বিমানবোৰ ভাৰতৰ ধৰাতল নুচুমে জানো?

ৰেলৰ উক্ত কাল্পনিক পৰিস্থিতিটো মই এইবাবেই উনুকিয়ালোঁ যে, ইউৰোপ মহাদেশত ৰেলৰ যাতায়তৰ কথাবোৰ মই ওপৰত বিৱৰণ দিয়াৰ দৰেই হয়; অৰ্থাৎ এখন দেশৰ ৰেল নিজ দেশত চলাৰ উপৰিও ওচৰ-চুবুৰীয়া আন আন দেশলৈও যায়৷ তেনেকৈ, আন আন দেশৰ নানান ৰেল নিজ দেশতো চলি থাকে৷ জাৰ্মানীৰ ৰেলবোৰ হলেণ্ডলৈ যায়, বেলজিয়ামলৈও যায়৷ অথচ একেখন জাৰ্মানীৰে ৰেল ষ্টেচনবোৰত ইটালীৰ ’আন্তঃৰাষ্ট্ৰীয়’ ৰেলবোৰো আহি ৰয় হি, স্পেইনৰ আন্তঃৰাষ্ট্ৰীয় ৰেলবোৰো আহি ৰয় হি৷ পিছে ই কেনেকৈ সম্ভৱ? ৰেলেৰে এখন দেশৰ পৰা আন এখন দেশলৈ যাওঁতে যাত্ৰীসকলৰ পাছপোৰ্ট-ভিচা আদিৰ পয়মাল নহয়নে বাৰু?

ইউৰোপ মহাদেশ বুলি ক’লে, মোটামুটি প্ৰায় ৫০ খনমান দেশ আছে৷ এই ৫০খনৰ, ২৬খন দেশে মিলিজুলি সমিলমিলেৰে এটা সিদ্ধান্ত ললে যে — এই ২৬খন দেশত বসবাস কৰা লোকসকল এখন দেশৰ পৰা আন এখন দেশলৈ মুক্তভাবে বিচৰণ কৰিব পাৰিব (free movement of people)৷ অৰ্থাৎ এখন দেশৰ পৰা আন এখন দেশলৈ যাবলৈ কোনো ধৰণৰ পাছপোৰ্ট বা ভিচাৰ (Visa) প্ৰয়োজন নাই৷ এই ২৬খন দেশক একেলগে “ছেঙ্গেন ক্ষেত্ৰ“ (Schengen Area) বুলি কোৱা হয়৷ এই ছেঙ্গেন ক্ষেত্ৰৰ, যিকোনো লোক নিজ দেশৰ পৰা গৈ ওচৰ-চুবুৰীয়া দেশত শিক্ষা গ্ৰহণ, চাকৰি, বসবাস, বেপাৰ বাণিজ্য বা বাণিজ্যত বিনিয়োগ আদি কৰিব পাৰে৷ ইয়াৰ বাবে গোটেই দেশকেইখনে মিলিজুলি আন্তঃৰাষ্ট্ৰীয় নিয়ম-নীতিবোৰক যথেষ্ট শিথিল কৰি লৈছে৷ আনকি এই দেশ কেইখনে পৰস্পৰৰ মাজত বেপাৰ-বাণিজ্য সুগম কৰি তুলিবলৈ লাগতিয়াল আন্তঃৰাষ্ট্ৰীয় নিয়ম-নীতিবোৰক যথেষ্ট সালসলনি কৰি লৈছে৷ এনেদৰে এই ছেঙ্গেন ক্ষেত্ৰ হৈ পৰিছে এখন একক আৰু বৃহৎ বজাৰ৷ কোনো এক তথ্যত দেখিছিলোঁ যে, এই একক বজাৰখনে প্ৰতি বছৰে প্ৰায় তিনি ত্ৰিলিয়ন ইউৰোৰ (Euro) ব‍্যৱসায় কৰে যি নেকি চকু গৈ কপালত উঠা এক বৃহত্তৰ সংখ্যা৷

যি সকল লোক এই ছেঙ্গেন ক্ষেত্ৰৰ বাসিন্দা নহয় বা বিদেশৰ হয়, যেনে আপুনি মই, এই অঞ্চলত প্ৰৱেশ কৰিবলৈ হ’লে, ২৬খন দেশৰ কোনোবা এখন দেশৰ ভিচা প্ৰাপ্তিৰ বাবে আবেদন কৰিব লাগিব৷ উদাহৰণ স্বৰূপে, আপুনি জাৰ্মানীলৈ যাব লগীয়া হ’ল; সেয়ে আপুনি জাৰ্মানীৰ বাবে ভিচা আবেদন কৰিলেই হ’ল৷ ভিচাৰ যাৱতীয় কামবোৰ সমাপন হোৱাৰ পাছত আপুনি যি ভিচা পাব, সেইখনেই হ’ব ’ছেঙ্গেন ভিচা’; অৰ্থাৎ সেইখন কেৱল জাৰ্মানীৰ ভিচা নহয় বৰং সমস্ত ২৬খন দেশ ভ্ৰমণৰ উপযোগী এখন ভিচা৷ ইয়াৰ কাৰণ হ’ল জাৰ্মানী দেশখনো ছেঙ্গেন ক্ষেত্ৰৰ সেই ২৬খন দেশৰ অন্তৰ্গত এখন দেশ৷ সময়ত আকাশ-মাৰ্গে গৈ যেতিয়া আপুনি জাৰ্মানীৰ কোনোবা এটা বিমানবন্দৰত উপস্থিত হ’ব, সেই বিমানবন্দৰত ’ইম্মিগ্ৰেচন’ (immigration) বিষয়াই আপোনাৰ ভিচা নিৰীক্ষণ কৰিব, পাছপোৰ্টত এটা মোহৰ লগাব৷ মোহৰ লগা মানেই আপুনি জাৰ্মানী দেশখনত প্ৰৱেশ কৰাৰ অনুমতি পালে; আৰু ইয়াৰ লগে লগেই হৈ পৰিলে ছেঙ্গেন ক্ষেত্ৰত আপুনি এটা মুক্ত পখী৷ যেতিয়াই মন যায়, সময় আৰু সুবিধা অনুযায়ী, এই ছেঙ্গেন ক্ষেত্ৰৰ যিকোনো দেশ ভ্ৰমণ আপুনি কৰিব পাৰে৷ সেই যে বিমানবন্দৰত ভিচাৰ নিৰীক্ষণ হৈছিল, মোহৰ লাগিছিল, সেয়াই শেষ; ইয়াৰ পাছত আৰু কোনো দেশেই আপোনাৰ ভিচা নিৰীক্ষণ নকৰিব৷ ঠিক এনেদৰেই এদিন মই জাৰ্মানীৰ পৰা পেৰিছ মহানগৰীত উপস্থিত হৈছিলোগৈ আৰু উপস্থিত হৈ আইফেল টাৱাৰৰ (Eiffel Tower) তুঙ্গত উঠিছিলোঁ৷

ইউৰোপৰ দেশবোৰৰ মাজত চলাচল কৰা আন্তঃৰাষ্ট্ৰীয় ৰেলবোৰ সাধাৰণতে ’উচ্চ গতিৰ ৰেল’ (high speed train) হয়৷ এনে একোখন ৰেলে প্ৰয়োজন হ’লে বা সুবিধা পালে প্ৰতি ঘণ্টাত তিনিশ (৩০০) কি.মি. পৰ্য্যন্ত গতিত চলিব পাৰে৷ সচৰাচৰ একোখন উচ্চ গতিৰ ৰেলৰ ’গতিৰ গড়’ প্ৰতি ঘণ্টাত ২০০ কি.মি. হয়৷ অৰ্থাৎ, ৬০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰায় তিনি ঘণ্টামান সময় লাগে; য’ত নেকি আমাৰ দেশত অতি কমেও ৮ ঘণ্টামান সময় লাগে৷

এই ৰেলবোৰৰ অন্তৰ্বিলাসিতাৰ কথা কৈ শেষ কৰিব নোৱাৰি৷ এই ক্ষেত্ৰত, আমাৰ দেশৰ অন্তৰ্দেশীয় (domestic) বিমানবোৰৰ লগত হয়তো এই ৰেলবোৰ তুলনা কৰিব পাৰি৷ আনকি কোনো কোনো ৰেলৰ অভ‍্যন্তৰীণ ৰূপাঙ্কণ (interior design) এই বিমানবোৰৰ নিচিনাই৷ এনে বিমান বোৰৰ যি সা-সুবিধা আছে সেই প্ৰায়বোৰ সা-সুবিধা এই ৰেলবোৰতো পোৱা যায়৷ যেনে, আপুনি বুটাম টিপিলে আৰু লগে লগে ৰেল পৰিচাৰক আপোনাৰ ওচৰত হাজিৰ হ’ল; আপুনি আপোনাৰ অসুবিধাৰ কথা জনালে অথবা মুখৰোচক কিবা এটা খাদ্যবস্তুৰ ফৰমান দিলে৷ উল্লেখ কৰিব বিচাৰোঁ যে — ৰেলৰ পৰিচাৰকবোৰ কোট-টাই পিন্ধা, বুকুৰ বাওঁফালে এখন নামৰ ফলক লগোৱা একো একোজন ’শিক্ষিত পেশাদাৰী’ অৰ্থাৎ ’স্মাৰ্ট প্ৰফেছনেল’ হয়৷

এই চলন্ত ৰেলবোৰত এখন বৰ ধুনীয়া ৰেষ্টুৰাঁ থাকে৷ ৰেষ্টুৰাঁৰ কাউণ্টাৰটো সচৰাচৰ কুন্দতকটা কাঠেৰে নিৰ্মিত আটকধুনীয়া, চকুত লগা৷ কাউণ্টাৰৰ সন্মুখত, হোটেল-ৰেষ্টুৰাঁৰ দৰেই, সুসজ্জিত টেবুল আৰু আসন থাকে যাতে যাত্ৰীসকলে ইচ্ছা কৰিলে ইয়াতে বহি খাদ্য সেৱন কৰিব পাৰে৷ এই ৰেষ্টুৰাঁখনত সকলো ধৰণৰ আহাৰ পোৱা যায় — চাহ-কফি-বিস্কুট বা বাৰ্গাৰ-চেন্দুইছৰ বাদেও প্ৰয়োজন হ’লে এসাজ পেট ভৰাই দিনৰ বা ৰাতিৰ সাজ খাব পাৰি৷ আপুনি যদি ’বিয়েৰ’ (beer) খাই ভাল পায় (যেনেদৰে মই বিয়েৰ ভাল পাওঁ), ইউৰোপৰ প্ৰায়বোৰ দেশৰ বিয়েৰ এই ৰেষ্টুৰাঁত পোৱা যায়৷ কোনোবাই যদি সুৰা বা আন মদালস্ পানীয় (alcoholic beverages) খাবলৈ ইচ্ছা কৰে, বিভিন্ন ’ব্ৰেণ্ডৰ’ পানীয় এই চলন্ত ৰেলৰ ৰেষ্টুৰাঁখনত ন‍্যায়গত ভাৱে পৰিৱেশন কৰা হয়৷ ৰেলৰ দীঘলীয়া যাত্ৰাত সময় সদায় অপৰ্য‍্যাপ্ত গতিকে এনে ’অনুসংগিক’ খাদ্য-সম্ভাৰে যাত্ৰাটো আৰু মধুময় কৰি তুলে৷

নিৰ্ধাৰিত সময়ত মই ৰেলত উঠি মই মোৰ নিৰ্দিষ্ট আসনত বহিলোঁ৷ ৰেলখনো কাঁটাই কাঁটাই ৫.৩০ বজাত কলৌন ষ্টেচন এৰিলে৷ দীঘলীয়া ৰেল যাত্ৰাত হাতত সময় অপৰ্য‍্যাপ্ত হোৱাৰ বাবে কোনো কোনো সময়ত আমনিদায়কো হয়, বিশেষকৈ আপোনাৰ লগত যদি চিনাকি কোনোবা এজন নাথাকে৷ চলন্ত ৰেলখনত কিছু সময় নিজৰ আসনত নীৰৱে বহি থাকি অবশেষত, একো একোটা ডবা ভিতৰি ভিতৰি পাৰ হৈ বিলাসী ৰেষ্টুৰাঁত উপস্থিত হ’লোঁ৷ ইউৰোপত এতিয়ালৈকে মই যিমানবাৰ ৰেলেৰে দীঘলীয়া যাত্ৰা কৰিছোঁ, অধিকাংশ সময় মই ৰেষ্টুৰাঁত বহিয়েই যাত্ৰা কৰিছোঁ বুলি ক’লে ভুল কোৱা নহ’ব চাগে৷ সৰহভাগ সময় ৰেষ্টুৰাঁত বহি মই যাত্ৰা কৰি ভাল পোৱাৰ কাৰণটো হ’ল — ৰেষ্টুৰাঁখনত মই নিজাববীয়াকৈ আসন এখন লৈ বাহিৰৰ মনোৰম প্ৰাকৃতিক দৃশ্য চাই যাব পাৰোঁ, ফটো তুলিব পাৰোঁ আৰু লগতে ভিডিঅ কৰাতো সুবিধা হয়৷ তদুপৰি মন গ’লে চাহ, কফি, বিস্কুট, ’টিন বিয়েৰ’ (tin beer) আদি মুখৰোচক লঘু আহাৰৰ আনন্দ ল’ব পাৰোঁ৷ অৰ্থাৎ, এক কথাত, চলি থকা ৰেলখনত বাহ‍্যিক প্ৰকৃতিৰ মনোৰম দৃশ্যই মনৰ আনন্দ আৰু আভ্যন্তৰীণ লঘু আহাৰেৰে মুখৰ আনন্দ সমান্তৰাল ভাৱে চলাই ৰাখিব পাৰি; আৰু এনেদৰেই সুখবহ হৈ উঠে একো একোটা দীঘলীয়া যাত্ৰা৷ সেয়েহে মই সেৱন কৰিবৰ বাবে কিনিলোঁ এটা টিন বিয়েৰ৷ মোৰ হাতত শীতল বিয়েৰৰ টিন আছিল যদিও, বাহিৰৰ প্ৰাকৃতিক দৃশ্যৰ কথাটো প্ৰযোজ্য নহৈছিল; কাৰণ ৰেলৰ বাহিৰত কৃষ্ণ পক্ষৰ ঘোপমৰা আন্ধাৰে আৱৰি ধৰিছিল৷ ৰেষ্টুৰাঁখনৰ চুক এটাত কিছু বাতৰি কাকত আৰু আলোচনী গ্ৰাহক সকলে বিনামূলীয়াকৈ পঢ়িব পৰাকৈ সজাই ৰখা হৈছে৷ লক্ষ্য কৰিলোঁ এইবোৰ ফঁৰাচী, জাৰ্মান, ইটালী আদি বিভিন্ন ভাষাৰ কাকত-আলোচনী৷ তাৰে ভিতৰত এখন ইংৰাজী ভাষাৰ বাতৰি কাকত মোৰ চকুত পৰাত মই পঢ়িবৰ বাবে হাতত তুলি ললোঁ৷ এই যাত্ৰাৰ বাবে যিদিনা মই ভাৰত এৰিছিলোঁ, সেই দিনাৰ পৰাই বাতৰিবোৰৰ পৰা সম্পূৰ্ণভাবে মই আঁতৰি আছোঁ৷ ভ্ৰমণত সাধাৰণতে তেনেকুৱাই হয়, দেশ-দুনিয়াত কি হৈছে গম ল’বলৈ আহৰি পোৱা নাযায়৷ মই শেষবাৰৰ বাবে বাতৰি চাইছিলোঁ চেন্নাই বিমানবন্দৰত, যেতিয়া এই যাত্ৰাৰ বাবে বিমানত উঠিবলৈ অপেক্ষা-কক্ষত ৰৈ আছিলোঁ৷ অৱশ্যে বাতৰি নহয়, টিভিত শচীন তেণ্ডুলকৰৰ ওপৰত যুগুতোৱা এটা কাৰ্য্যক্ৰম আছিল৷ মন দি চাইছিলোঁ, দেখিছিলোঁ ভাৰতবৰ্ষত যেনেকৈ শত-কোটি শচীনৰ অনুৰাগী আছে ঠিক তেনেকৈ কেবা লক্ষ অনুৰাগী আছে পাকিস্তানত; আৰু আছে বাংলাদেশত, শ্ৰীলংকাতো৷ শচীনক ’ক্ৰিকেটৰ ভগৱান’ বুলি কোৱা হয়৷ যিজন মানুহে ভাষা-জাতি-ধৰ্ম আৰু দেশীয় সীমাবোৰ নেওচি হাজাৰ হাজাৰ মানুহৰ হিঁয়াৰ মৰম জয় কৰিব পাৰে, সেইজন ’ভগৱান’ নহয় কি হ’ব পাৰে? খিতাপ দিয়াজনে ঠিকেই দিছে৷ ’মেনেজমেণ্ট’ সম্বন্ধীয় জ্ঞান এটা মনত পৰিল — কি কাম কৰা হয় সেইটো জৰুৰী নহয়, কেনেকৈ কৰা হয় সেইটোহে জৰুৰী৷ শচীন তেণ্ডুলকৰে বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছে ক্ৰিকেটৰ এখন বেট (bat) লৈ; বেটনো কি এচটা কাঠৰ টুকুৰাহে৷ মানুহৰ ইচ্ছা শক্তি প্ৰবল হ’লে, সততা, কৰ্ম-নিষ্ঠা আৰ একাগ্ৰতাৰে এচটা কাঠেৰেও জগত জিনিব পাৰি৷ মুকলি আকাশৰ তলত, ৰ’দ-বৰষুণত ঘণ্টা ঘণ্টা ধৰি থিয় হৈ, এচটা কাঠেৰে গোলাকাৰ সৰু বল এটা টুকুৰিয়াই টুকুৰিয়াই কাহানিও আমনি নোপোৱা, দিনকদিনে নিপুণকৈ এই কাৰ্য্য একাগ্ৰতাৰে কৰি যোৱা, আৰু বছৰে বছৰে এই কাৰ্য্যৰ (খেল) প্ৰতি অনুৰাগ বঢ়াই দুৰ্বাৰ অত‍্যুৎসাহী হৈ পৰাটো কম কথা নহয় কিন্তু৷ আমি শীতাতপ নিয়ন্ত্ৰিত কোঠাত থাকিও কাম কৰি আমনি পাওঁ, হতাশ হওঁ আৰু চাকৰি ত‍্যাগ কৰাৰ কথা মাজে সময়ে পৰিকল্পনা কৰোঁ৷

বাতৰি কাকতখনত চকু ফুৰালোঁ৷ কাকতখন ইউৰোপৰ বিভিন্ন দেশৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু কিছু আমোদ-প্ৰমোদজনক বাৰ্তাৰে ভৰি আছে৷ এনেতে চতুৰ্থ পৃষ্ঠাত বাতৰি এটা দেখি মোৰ চকু থিতাতে ৰ’ল৷ বাতৰিটো আছিল ভাৰতবৰ্ষৰ৷ হাজাৰ কিলোমিটাৰ দূৰৈত স্থানীয় কাকত নিজ দেশৰ এটা বাতৰি দেখিবলৈ পায় মনটো ভাল লাগিল৷ পিছে মনটো সিমানেই বেয়া লাগিল বাতৰিটো পঢ়ি উঠি, যিহেতু বাতৰিটো আছিল ভাৰত-পাক সীমান্তৰ বিষয়ে৷ সীমান্তত ’চিজফায়াৰ’ (ceasefire) থকাৰ স্বত্বেও ’দুয়োখন দেশত’ কত জোৱানৰ মৃত্যু হ’ল তেনে এক হিচাব-নিকাচ কোনো এজন সাংবাদিকে যুগুতাই কাকতখনত প্ৰকাশ কৰিছে; আৰু লগতে আছে কিছু আনুষংগিক কথা৷ হয়, বাতৰিটো সম্পূৰ্ণ সঁচা৷ এই সীমান্তত কত যে সুঠাম জোৱানৰ অহৰ্নিশে মৃত্যু হৈয়ে আছে৷ টিভিৰ বাতৰিবোৰলৈ মনত পৰিল; — কোনো এক বাতৰিত দেখিছিলোঁ যে সদ‍্যবিবাহিত গাভৰু এগৰাকীয়ে বুকু ঢকিয়াই কান্দিছিল তিনি বৰণীয়া জাতীয় পতাকাৰে আবৃত তেওঁ পতিৰ মৃতদেহটোক সাৱটি ধৰি৷ আন এক বাতৰিত দেখিছিলোঁ, কেনেকৈ পিতৃহাৰা হৈ দুটি কণ কণ শিশু উচুপি উঠিছিল৷ কতনা বৃদ্ধ মাতৃয়ে হিঁয়া উজাৰি কন্দা দেখিছোঁ নিজ পুত্ৰক হঠাতে হেৰুৱাই৷ কথাবোৰ পলকতে মনলৈ অহাত মোৰ সেমেকা কবি-মনটোৱে উকমুকনি দিছিল৷ যেন সীমান্তত কৰ্মৰত জোৱানৰ মনৰ বতৰা লৈ ক’ব বিচাৰিছিল — “বুকু পাতি পাতি, প্ৰিয়জনৰ পৰা আঁতৰি আৰু কিমান ৰাতি?“ এপলক চকু মুদি ভাবিলোঁ, এই সমস্যাৰ যিমান সোনকালে পাৰি এটা নিগাজী সমাধান হ’লে ভাল হয়৷

গ্ৰনিংগেন মুখ্য ৰেল ষ্টেচন অৰ্থাৎ মোৰ গন্তব‍্য স্থান পাবলৈ আৰু প্ৰায় ১৫ – ২০ মিনিটমান সময় আছিল৷ তেনেতে ৰেলৰ কাঁচেৰে দেখি বুজিলোঁ যে বাহিৰত বৰষুণ৷ শীতাতপ নিয়ন্ত্ৰিত ৰেল হেতুকে কিমান ডাঙৰ বৰষুণ তাৰ উমান পোৱা নাছিলোঁ৷

আনুমানিক সময়তকৈ প্ৰায় ১০ মিনিটমান আগতেই ৰেলখন ষ্টেচনৰ প্লেটফৰ্মত ৰ’লহি৷ ৰেলখন ৰখাৰ পাছত ’গুজুং’ কৈ শব্দ এটা কৰি স্বয়ংক্ৰিয়ভাবে ৰেলখনৰ সকলোবোৰ দুৱাৰ একেসময়তে খোল খালে৷ দুৱাৰবোৰ খোল খোৱাতহে বুজি পালোঁ যে বৰষুণজাক মই ভবাতকৈ বেছি ডাঙৰ, এজাক আচলতে ডবাপিটা বৰষুণ৷

হলেণ্ডৰ ৰাজধানী এমষ্টাৰ্ডম (Amsterdam) মহানগৰীলৈ মই আগতে এবাৰ গৈছিলোঁ৷ কিন্তু এই গ্ৰনিংগেন চহৰলৈ মই আগতে অহা নাই, এয়াই প্ৰথম৷ মোৰ বাবে এয়া এখন নতুন ঠাই তাতে আকৌ নিশা আৰু মুষলধাৰে বৰষুণ৷ হঠাৎ মই উদ্বিগ্ন হৈ পৰিলোঁ — এই বৰষুণৰ ৰাতি টেক্সি পাম নে নেপাম, নাপালে কি হ’ব, হোটেললৈ কেনেকৈ যাম আদি আকস্মিক চিন্তাত৷ সেই উদ্বিগ্নতাত ততাতৈয়াকৈ ষ্টেচনৰ প্ৰস্থানদ্বাৰখনৰ ফালে ঢাপলি মেলিলোঁ৷ বাহিৰ আহি ষ্টেচনৰ সন্মুখত, এখন নহয় দুখন নহয় কেবাখনো টেক্সি দেখি স্বস্তিৰ নিশ্বাস পেলালোঁ৷

ৰেল ষ্টেচনৰ পৰা টেক্সি এখন লৈ, আগতীয়াকৈ আৰক্ষণ কৰি থোৱা মোৰ হোটেল পাওঁ মানে নিশা প্ৰায় দহ বাজিবৰ হ’ল৷ অন্ধকাৰ আকাশখনে তেতিয়াও কলহৰ কানে ঢলা দি পানী ঢালিয়েই আছে৷ একেসময়তে মোৰ উকা পেটটোৱে ভোকত আমনি কৰিব ধৰিলে৷ হোটেল কাউণ্টাৰত মোৰ ’ছেকিন’ (check-in) সম্বন্ধীয় কামখিনি সমাপ্ত কৰি, কাউণ্টাৰত থকা শ্বেতাঙ্গ যুৱকজনক সুধি জানিব খুজিলোঁ যে এই হোটেলৰ ৰেষ্টুৰাঁখনলৈ কোন ফালে যায়৷ যুৱকজনৰ উত্তৰত মই বেছি চিন্তিত হ’লোঁ৷ দিনটোলৈ বুলি ৰেষ্টুৰাঁখন হেনো কেতিয়াবাই বন্ধ হৈছিল৷ এতিয়া খোলা আছে হোটেলৰ ’বাৰ’ (bar) খনহে৷ যুৱকজনৰ মতে, বাৰখনো আৰু এক-ডেৰ ঘণ্টামানহে খোলা থাকিব৷ অনুতপ্ত হলোঁ, ৰেলৰ ভিতৰত সুসজ্জিত ৰেষ্টুৰাঁখনত খাদ্য বস্তুবোৰৰ অতিশয় দাম হোৱাৰ বাবে ৰাতিৰ সাজ খোৱা নহ’ল৷ গ্ৰনিংগেন ৰেল ষ্টেচনত ভাল ভাল ৰেষ্টুৰাঁ দেখিছিলোঁ যদিও মোৰ উদ্বিগ্নতাৰ বাবে সেই কথা চিন্তা কৰা নহ’ল৷

মই মোৰ কোঠালৈ গৈ, বেগবোৰ থৈ, ততাতৈয়াকৈ অলপ ’ফ্ৰেচ’ হৈ, বাৰখনত সোনকালে উপস্থিত হলোঁ৷

পেটৰ ভোক এনে এটা কথা যে আপুনি কিহবাত ব‍্যস্ত থাকিলে কথাটো তেনেকৈয়ে চলি যায়৷ কিন্তু আপুনি ব‍্যস্ততাৰ পৰা অলপ মুকলি হ’লে আৰু ভোকটোৰ কথা মনত পৰিলে, ভোকৰ মাত্ৰা অধিক বাঢ়ি যায় আৰু কিবা এটা খাবলৈ তৎ নোহোৱা হয়৷

বাৰবোৰত সাধাৰণতে সুৰাযুক্ত পানীয়ৰ লগতে আমিষ বা নিৰামিষ কিবা এটা আঞ্জাৰ ফৰমান দিব পাৰি৷ মই তেনে এটা আশা লৈ বাৰখনত সোমালোঁ যিহেতু এই সময়ত মোৰ উদৰ জুলীয়া দ্ৰব্যতকৈ কোনো কঠিন পদাৰ্থৰহে অধীৰ অপেক্ষাত আছে৷

সীমিত পোহৰ আৰু নানান সুৰাৰ বটলে সুসজ্জিত বাৰখন৷ বাৰ-কাউণ্টাৰৰ সন্মুখত থকা ওখ ওখ টুলত বহি দুজন শ্বেতাঙ্গ পুৰুষ কথোপকথনত সম্পূৰ্ণ বিভোৰ, সন্মুখত দুটা ৰঙীন সুৰাৰ গিলাচ৷ আন এজন ভদ্ৰলোক নিৰলে নীৰৱে বহি সুৰাৰ আমেজ লৈ নিজে নিজতেই নিমগ্ন৷ তিনিওজন সুৰাপ্ৰেমী মানে গ্ৰাহকক পৰিচাৰ্য‍্য কৰিবৰ বাবে আছে এজন বাৰখনৰ কৰ্মচাৰী৷ পাতল গেৰুৱা ৰঙৰ আমোলা-পোছাক পৰিহিত লগতে বুকুৰ বাওঁফালে নিজ নামৰ ফলক লগোৱা কৰ্মচাৰী অৰ্থাৎ পৰিচাৰকজন কাউণ্টাৰৰ ভিতৰত কিছু ব‍্যস্ত৷ ময়ো গৈ কাউণ্টাৰ সন্মুখৰ তেনে এখন ওখ টুলত বহিলোঁ৷

এইখন এখন বাৰ হয়, গতিকে পোনে পোনে আমিষ বা নিৰামিষ খাদ্যৰ ’অৰ্ডাৰ’ দিলে ভুল হ’ব বুলি ভাবি প্ৰথমে এগিলাচ বিয়েৰ অৰ্ডাৰ দিয়াৰ কথা থিৰাং কৰিলোঁ৷ পিছে পৰিচাৰকজনে মোলৈ চাবলৈ অৱকাশ পোৱা নাই৷ এপলক পাছত মূৰ তুলি মোলৈ চাই ইঙ্গিত দি সুধিলে মোক কি লাগে বুলি৷ মই এগিলাচ বিয়েৰ বুলি ক’লো৷ মানুহজন পুনৰ ব‍্যস্ত হ’ল৷ তেনেতে মই লক্ষ্য কৰিলোঁ যে বাৰ-কাউণ্টাৰত থকা এই কৰ্মচাৰীজন দেখাত ভাৰতীয় যেন লাগিছে৷ আমাৰ দেশত শ্বেতাঙ্গ বিদেশী যেনেকৈ সহজতে চকুত পৰে, ঠিক তেনেকৈ বিদেশত আকৌ ভাৰতীয় বা এচিয়া মূলৰ মানুহখিনি সহজে চিনিব পাৰি৷ বুকুৰ বাওঁফালে লাগি থকা নাম ফলকখনত মানুহজনৰ নামটো পঢ়িবলৈ বৰ চেষ্টা কৰিলোঁ৷ কোনো এটা সময়ত মানুহজনৰ উপাধিটো, যিহেতু চুটি, পঢ়িবলৈ সক্ষম হ’লোঁ৷ ইংৰাজীত উপাধিটো Khan বুলি লিখা আছিল৷ মই এশ শতাংশ নিশ্চিত হলোঁ যে এই ’খান’ ডাঙৰীয়া ভাৰতৰ হয়, আৰু মোৰ মনটোৱে উৎসাহ পালে৷ সেয়েহে মই অলপ চিঞৰি সুধিলোঁ তেখেত ভাৰতৰ কোন ঠাইৰ৷ কৰ্মচাৰীজন অকণমান সময় নীৰৱে থাকি উত্তৰ দিলে যে তেখেত ভাৰতৰ নহয়, পাকিস্তানৰহে৷ মই সম্বিৎ ঘূৰাই পালোঁ — ঠিকেই, খান লোক ভাৰতৰ বাদে পাকিস্তানতো থাকে৷ ইতিমধ্যে তেখেতে মই যে ভাৰতবৰ্ষৰ সেই কথা বুজি পাইছিল আৰু পোনছাতেই হিন্দী ভাষাত কথা পাতিবলৈ আৰম্ভ কৰিলে৷ পৰৰ দেশত হিন্দী বা নিজ ভাষাত কথা পাতি এক সুকীয়া আমেজ আছে, এই কথা বুজাজনেহে বুজে৷ মানুহজনে বিয়েৰৰ গিলাচটো মোৰ সন্মুখত থলে৷ মই আন খাদ্যৰ কথা সুধিলোঁ৷ খানে দুখৰে জনালে যে এই সময়ত তেখেতে কোনো খাদ্যৰ অৰ্ডাৰ ল’ব নোৱাৰে যিহেতু ৰেষ্টুৰাঁ কেতিয়াবাই বন্ধ হ’ল আৰু ৰেষ্টুৰাঁৰ মেনেজাৰ, আন কৰ্মচাৰী লগতে ৰান্ধনী কাহানিবাই ঘৰলৈ গ’ল৷ মই কথাটো শুনি হতাশ হ’লোঁ৷ খানে হয়তো মোৰ হতাশাৰ মুখখন পঢ়িব পাৰিছিল আৰু সেয়েহে মোক উৎকণ্ঠাৰে সুধিছিল মই এতিয়া কি কৰিম৷ মই ক’লোঁ “আৰু নো কি কৰিব পাৰোঁ, এই গিলাচ বিয়েৰ যে আছে, ইয়াকে খাই শুই থাকিম৷ এটা ৰাতিৰ কথাহে, তাতে আকৌ কিছু ঘণ্টা ইতিমধ্যে পাৰে হ’লেই৷“ মোৰ এই উত্তটো শুনি খান সুখী নহ’ল যেন পালোঁ৷ মোক সুধি জানিব বিচাৰিলে কি মই এই চহৰখন চিনি পাওঁ নে৷ মই বোলোঁ কোনো পধ্যেই চিনি নাপাওঁ যিহেতু এই চহৰত এইয়া মোৰ প্ৰথম পদাৰ্পণ৷ খানে মোক জনালে যে বৰষুণ বুলিয়েই নহয় বৰং বৰষুণ নথকা সাধাৰণ দিনতো এই চহৰখন, বিশেষকৈ এই অঞ্চলটো, নিশা ৯.৩০ বজাৰ পৰা ১০.০০ বজাৰ ভিতৰত বন্ধ হয়৷ নিশা ১০.০০ বজাৰ পাছত খুব কম দোকান-পোহাৰ খোলা থাকে৷ হয়তো দুই এখন কে’ফেৰ (Café) খোলা থাকিব পাৰে৷ এনে কথোপকথনৰ পাছত খানে মোক সুধিলে কি মোক আৰু এগিলাচ বিয়েৰ লাগিব নেকি; মই নালাগে বুলি ক’লোঁ৷

ইতিমধ্যে আন তিনিজন গ্ৰাহক প্ৰস্থান কৰিছিল৷ মোৰ গিলাচটোত আধা পানীয় এতিয়াও আছে যিহেতু শীতল সুৰাৰ আমেজ লৈ মই লাহে লাহে সেৱন কৰিছোঁ৷ তদুপৰি লগত আনুষংগিক সম্ভাৰ একো নাই৷ এনেদৰে কিছু সময় পাৰ হৈ গ’ল, মোৰ গিলাচৰ পানীয়ৰ পৰিমাণ যথেষ্ট কমি গ’ল৷ মই হঠাৎ অনুভৱ কৰিলোঁ যে মই বাৰখনত সম্পূৰ্ণ অকলে আছোঁ, এক বিৰাট নিস্তব্ধতা; তাতে আকৌ কোঠাটোত তেনেই সীমিত পোহৰ৷ মই এক অচিন অনুভূতি অনুভৱ কৰিব ধৰিলোঁ৷ ভাবিলোঁ, পৰিচাৰক খানে নিশ্চয় এই বাৰখন দিনটোৰ বাবে সামৰিবলৈ তৈয়াৰ কৰিছে আৰু সেয়ে আঁতৰি গৈছে, শীঘ্ৰে আহিব চাগে৷

খান কিছু সময়ৰ পাছত আহি ওলালহি সঁচা, কিন্তু খানৰ ৰূপ দেখি মই হতভম্ব হ’লোঁ৷ তেখেতে পিন্ধি থকা পাতল গেৰুৱা ৰঙৰ কাপোৰযোৰ পানীত প্ৰায় তিতি গৈছিল, আৰু তেখেতৰ হাতত আছে কাগজৰে মেৰিওয়া কিবা এটা টোপোলা৷ মই বুজিবলৈ বাকী নাথাকিল যে খান বাহিৰলৈ ওলাই গৈ, বৰষুণত ভিজি, খাবৰ বাবে মোলৈ কিবা এটা আনিছে৷ কাগজৰ টোপোলাটো আগবঢ়াই দি খানে মোক কৈ গ’ল –“এই ফ্ৰেন্স ব্ৰেডৰ (এবিধ গোটা আৰু দীঘল ব্ৰেড) বাদে একো নাপালোঁ৷ এইয়া খায়েই আপুনি নিশাটো কটাব লাগিব৷ যিহেতু আপুনি এইখন হোটেলত আছে সেয়ে আপুনি আমাৰ আলহী৷ তদুপৰি আপুনি যিহেতু ওচৰ-চুবুৰীয়া দেশৰ সেয়ে আপুনি মোৰ বাবে ঘৰৰ আলহীৰ দৰে৷ কোনো আলহীয়েই নিশা সুদা পেটে থকাটো নিবিচাৰোঁ৷ ঘৰৰ আলহীয়ে যে একেবাৰে নিবিচাৰোঁ৷ সেয়েহে ছাতিটো লৈ কিবা পাওঁ নেকি বিচাৰি গ’লোঁ৷ ভাগ‍্যক্ৰমে ব্ৰেডৰ দোকানখন বন্ধ কৰিবলৈ লওঁতেই মই গৈ পালোঁ৷ পিছে এই ফ্ৰেন্স ব্ৰেডৰ বাদে আৰু আন একো নাপালোঁ, মই বৰ দুখিত৷“ মোৰ মুখৰ মাত সম্পূৰ্ণৰূপে হেৰাল, মই নিৰ্বাক হৈ ৰ’লোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ মই কোনো ভাষায়েই বিচাৰি নাপালোঁ৷

ভোকত যিকোনো খাদ্য সুস্বাদু হয়৷ ফ্ৰেন্স ব্ৰেডটো মোৰ হোটেল ৰূমত বৰ তৃপ্তিৰে খালোঁ৷ বাহিৰত বৰষুণ কিছু কমা যেন লাগিল৷

প্ৰায় মাজ নিশা হ’বৰ হ’ল; ভাগৰুৱা দেহ বিছনাত বাগৰিব বিচাৰিলে৷ ভাবিছিলোঁ শয়ন-পাটীত বাগৰ দিয়াৰ লগে লগে টোপনিত ঢলি পৰিম৷ তাতে আকৌ বতৰটোও সেমেকা৷ কিন্তু বহু সময় ধৰি টোপনি নাহিল৷ খানলৈ মনত পৰিল৷ মোৰ পেটৰ ভোকৰ জুইয়ে কেনেকৈ খানৰ মন জ্বলিছিল, উদ্বিগ্ন হৈ উঠিছিল আৰু তৎপৰ হৈ উঠিছিল সহায়ৰ এখন হাত বঢ়াবলৈ৷ পাকিস্তানত থকা শচীনৰ বহু লক্ষ অনুৰাগীৰ কথাটোও মনলৈ আহিল৷ মনলৈ আহিল সেই বাতৰি কাকতখনৰ খবৰটোও৷ ভাবিলোঁ, আচলতে ভুলটোনো ক’ত? কিহৰ বাবে সীমান্তত এই গুলীয়াগুলী? এনে গুলীয়াগুলীত কত যে জোৱানৰ মৃত্যু! এফালে যদি কোনো ’খান্না’ মৰিছে আনফালে মৰিছে কোনো ’খান’৷ সিফালে যদি কোনো ’মেমন’ মৰিছে এইফালে মৰিছে কোনো ’মেনন’৷ এফালে যদি কোনো ’হেন্দীক’ (সন্দিকৈ) মৰিছে আনফালে মৰিছে কোনো ’চিদ্দক’৷ ভুলটোনো ক’ত?

’মেনেজমেণ্ট’ সম্বন্ধীয় আৰু এটা জ্ঞান মনলৈ আহিল৷ আমাৰ নিচিনা একোটা কোম্পানীৰ যেতিয়া বহু কোটি টকীয়া প্ৰজেক্ট ফেইল হয়, ক্লায়েণ্টে একোটা বৃহৎ প্ৰজেক্ট উঠাই লয়, তেতিয়া ’ভুলটোনো ক’ত হ’ল’ তাৰ আঁত বিচাৰি বিতং বিশ্লেষণ হয়৷ এনে বিশ্লেষণৰ অন্তত পোৱা অধিকাংশ উত্তৰ এনে হয় যে — ওপৰ মহলত থকা মুষ্টিমেয় কেইজনমানৰ কেতবোৰ ভুলৰ বাবেই, যেনে — সিদ্ধান্ত ভুলকৈ লোৱা, সঠিক সময়ত সঠিক সিদ্ধান্ত নোলোৱা, গাফিলতি কৰা, আকোঁৰগোজ মনোভাৱ আদি কিছুমান কাৰণৰ বাবেই একো একোটা বৃহৎ আৰু কোটি টকীয়া প্ৰজেক্ট হেৰুৱাবলগীয়া হয়৷ তলৰ মহলত অৰ্থাৎ ’গ্ৰাউণ্ড-লেভেল’ত থকা কৰ্মচাৰী সকলৰ সাধাৰণতে ভুল নাথাকে৷ তলৰ মহলৰ লোকসকল সচৰাচৰ নিৰ্জু হয়, নিৰীহ হয় আৰু এই সকল লোকক যেনেদৰেই পৰিচালনা কৰা হয় ঠিক তেনেদৰেই পৰিচালিত হয়৷ কিন্তু ওপৰ মহলত থকা সকল, যিসকলে প্ৰজেক্টোৰ ৰূপায়ণৰ আঁচনি প্ৰস্তুত কৰে লগতে ৰূপায়ণ কৰে, সেই মুষ্টিমেয় লোকসকল ভুলবোৰৰ কাৰক হৈ পৰে৷

আচলতে ভুলটোনো ক’ত৷

কথাবোৰ ভাবি থাকোঁতে ক্লান্ত শৰীৰ অজানিতে টোপনিত ঢলি পৰিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments