ধৰাৰ দিহিঙে-দিপাঙে : ছুইডেনত চালকবিহীন যান- ৰাণা গগৈ

ছুইডেনত চালকবিহীন যান – এক অনন্য অভিজ্ঞতা 

ছুইডেনৰ ৰাজধানী ’ষ্টকহম’ (Stockholm) চহৰ৷ প্ৰায় দুবছৰমান আগতে, ২০১৬ চনৰ শেষৰফালে, এসপ্তাহমানৰ বাবে এই চহৰত উপস্থিত আছিলোঁ৷ এই চহৰত এয়া আছিল মোৰ তৃতীয়বাৰৰ বাবে উপস্থিতি৷ ইয়াৰ আগতে মই দুবাৰ আহিছিলোঁ যদিও, তৃতীয়বাৰৰ মোৰ এই উপস্থিতিত এটা বৰ আচৰিত কথাৰ সন্মুখীন হওঁ৷ এই আচৰিত কথাটোকে ক’বলৈ ওলাইছোঁ৷ লগতে দুই-এটা আনুষংগিক কথাও৷

নিৰাবেগ নিৰাসক্ত মন লৈ হ’লেও এই কথা স্বীকাৰ কৰিবই লাগিব যে সমগ্ৰ ইউৰোপৰ প্ৰাকৃতিক দৃশ্যৰাজিৰ অবিমিশ্ৰ সুন্দৰ৷ চতুৰ্দিশ-বিস্তৃত বিশাল প্ৰকৃতিৰ প্ৰত‍্যেক কোণত নিৰ্মল সৌন্দৰ্য্যৰ অমল মধু আৰু অমিয়া সুখ চিৰকাল বিৰাজমান৷ কোনো মুহূৰ্তত এনে লাগে যেন নেদেখাজনে নিজ হাতে যেতিয়া এই ইউৰোপখন গঢ় দিছিল, হাতত ঢেৰ সময় লৈ মনঃপূতভাৱে আৰু একান্তমনে, স্বয়ং নিজৰ বাসস্থান হিচাপে গঢ়ি তোলিছিল চাগে৷ সেয়ে অদৃষ্ট-পূৰ্ব প্ৰকৃতিৰ ৰহস্যময় ৰূপত মই এক ’ঐশ্বৰিক উপস্থিতি’ মুহুৰ্মুহুঃ অনুভৱ কৰোঁ৷ একান্ত ব‍্যক্তিগত এনে অনুভৱ-অভিজ্ঞতাই কৰি তোলে জীৱন মহীয়ান৷ জীৱন মহীয়ান কৰি তোলা এনেবোৰ অনুভৱৰ বাবেই চাগে মানুহে ভ্ৰমণ কৰে, ভ্ৰমণ কৰা উচিত৷ নহ’লে জীৱনটোত আছেনো কি? ডঃ ছেমুৱেল জনছনৰ কথাৰে ক’বলৈ হলে — “Human life is a condition in which there is little to be enjoyed and much to be endured“; (“মানৱী জীৱন এনে এক পৰিস্থিতি য’ত অলপহে উপভোগ্য আৰু অধিকাংশই সহনীয়“)৷

ইউৰোপৰ এই অঞ্চলৰ যিমানেই ওপৰলৈ অৰ্থাৎ উত্তৰ মেৰুৰ (north pole) ফালে গৈ থকা যায় সিমানেই প্ৰকৃতিৰ ’কুমাৰীসত্ত্বা’ অৰ্থাৎ ’ভাৰ্জিনিতি’ দৃষ্টি গোচৰ হয়৷ এনে নয়নাভিৰাম প্ৰকৃতিৰ মুখামুখি হৈ যি অনুভৱ কৰা হয় ই ইমানেই গভীৰ, নিৰ্মল আৰু মধুময় যে এবাৰ ইয়াৰ সোৱাদ পালে মনৰ মাজত ইয়াৰ নিৰ্যাস আজীৱন সঞ্চিত হৈ ৰয়৷ বহু দিনৰ পাছতো, অত‍্যন্ত কৰ্ম ব‍্যস্ততাৰ মাজতো যদি কথাটো মনত পৰে বা প্ৰাকৃতিক দৃশ্যৰাজি মনলৈ আহে, সেই মিঠা অনুভৱৰ মধুৰ নিৰ্যাসে দেহ-মন পুলকিত কৰি তোলে৷ জীয়াই থকাৰ বাসনা জগাই তুলে৷ আচলতে এনে অভিজ্ঞতা শব্দৰে প্ৰকাশ কৰাটো বৰ দুৰূহ কাম৷

এই উত্তৰ মেৰুৰ প্ৰায় ওচৰত অৱস্থিত এখন দেশ হ’ল ছুইডেন৷ ইউৰোপৰ মহাদেশৰ এতিয়ালৈকে যিকেইখন দেশ মোৰ চোৱাৰ সৌভাগ্য হৈছে তাৰে ভিতৰত মোৰ বেছি ভাল লগা দেশ হৈছে ছুইডেন৷ এই ছুইডেন দেশখনক মই বাৰে বাৰে চাব বিচাৰোঁ, বাৰে বাৰে চোৱাৰ অজুহাত বিচাৰি ফুৰোঁ৷

মোৰ ছুইডেন ভাল লগাৰ কাৰণ এটাই আৰু সেইটো হ’ল, ওপৰত উল্লেখ কৰাৰ দৰে, চৌদিশে কেৱল মনোৰম প্ৰাকৃতিক দৃশ্য, জনবসতি নাই বুলিয়েই ক’ব পাৰি৷ ঠিক সেই কবিতাত কোৱাৰ দৰে ’চাই যোৱা বাটৰুৱা, পৰাণ জুৰাই যোৱা’; সঁচা অৰ্থত চাই চাই পৰাণ জুৰ নপৰা এখন দেশ য’ত প্ৰকৃতিৰ মাদকতাই দিনক দিনে মাতাল কৰি তুলে, এনে ৰাগিত ডুব গৈ থকাটোহে পৰাণে বিচাৰে৷

এইখন দেশত জনবসতি একেবাৰে যে পাতল বা নাই বুলিয়েই ক’ব পাৰি, এই কথা বুজি উঠিবলৈ সৰু তথ্য এটা দিব বিচাৰোঁ৷ ভাৰতবৰ্ষত প্ৰতি বৰ্গকিলোমিটাৰৰ জনবসতি প্ৰায় ৩৮০ জন৷ ৰাজ‍্য হিচাপে অসমত ইয়াতকৈও বেছি — প্ৰায় ৪০০ জন৷ আনহাতে ছুইডেন দেশত প্ৰতি বৰ্গকিলোমিটাৰৰ জনবসতি মুঠেই ২০ জন৷ অৰ্থাৎ অসমৰ তুলনাত দুগুণ তিনিগুণ নহয় বৰং ২০ গুণ কম৷ সেয়ে কেইবা কিলোমিটাৰ পাৰ হৈ গ’লেও মানুহেই দেখা পোৱা নাযায়, পোৱা যায় কেৱল প্ৰকৃতিৰ বিনন্দীয়া ৰূপহে৷ চহৰবোৰৰ কথা অৱশ্যে সুকীয়া৷

প্ৰকৃতিৰ এনে বিনন্দীয়া ৰূপৰ মাজতেই যাতায়াতৰ বাবে নিৰ্মাণ কৰা হৈছে আহল-বহল পৰিষ্কাৰ-পৰিচ্চন্ন একো একোটা ৰাস্তা৷ উন্নত এনে ৰাস্তাবোৰ দেখি মনলৈ ভাব আহে কাৰ বাবেনো বনোৱা হৈছে এই ৰাস্তাবোৰ, মানুহ দেখোন নায়েই৷ ঘোপমৰা অন্ধকাৰ ৰাতি অথবা ফৰিংফুটা জোনাক ৰাতি ইয়াৰ পৰিবেশ সুকীয়া হয়৷ অন্ধকাৰ ৰাতি ভয় একেবাৰে নালাগে যিহেতু চহৰ অঞ্চলেই হওক নাইবা গ্ৰাম্য অঞ্চলেই হওক ৰাস্তাবোৰত ’ষ্ট্ৰীট’ লাইটৰ পূৰাপূৰি ব‍্যৱস্থা থাকে৷ এটাও শব্দৰ আশ্ৰয় নোলোৱাকৈ সুন্দৰ ছবি এখনে যেনেকৈ বহু কথা কৈ যায় ঠিক তেনেকৈ ঘোপমৰা আন্ধাৰ ৰাতি নতুবা ফৰিংফুটা জোনাক নিশা, হেল’জেন লাইটৰ তলত ফুৰি ফুৰিলে, শব্দহীন নিস্তব্ধতাৰ মাজেৰে প্ৰকৃতিয়ে কাণে কাণে হেজাৰ কথা কৈ যায়৷ চিৰদিন মনত থাকি যোৱা এনে অভিজ্ঞতাৰো এক সুকীয়া আমেজ আছে, এক গভীৰ তৃপ্তি আছে৷

এতিয়া আহোঁ মূল কথাটোলৈ, অৰ্থাৎ সেই কথাটো যিটো দেখি মই আচৰিত হৈছিলোঁ৷

আকাশী যানেৰে যথাসময়ত ষ্টকহমৰ আৰ্লান্দা (Arlanda) আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হ’লোঁ৷ এয়াৰপ’ৰ্টৰ যাৱতীয় কাম-কাজ যেনে ’ইম্মিগ্ৰেচন’ বিষয়াজনৰ সন্মুখীন হোৱা, তেওঁ সোধা প্ৰশ্নবোৰৰ উত্তৰ দিয়া লগত ভিচা আৰু জৰুৰী কাগজ-প্ৰত্ৰবোৰ দেখুওৱা আদি কামবোৰ সমাপন কৰিলোঁ৷ একেবাৰে শেষত চলন্ত বেল্টৰ পৰা মোৰ বেগটো সংগ্ৰহ কৰি এয়াৰপ’ৰ্টৰ মূল গৃহটোৰ সন্মুখত থকা টেক্সি ষ্টেণ্ডত উপস্থিত হ’লোঁ৷ আগতীয়াকৈ আৰক্ষণ কৰি থোৱা হোটেললৈ যাবলৈ মোক এখন টেক্সি লাগে৷ সেই অনুসৰি টেক্সি এখনত বহিলোঁ আৰু বহিয়েই মোৰ হোটেলৰ ঠিকনাটো টেক্সি চালকজনক দেখুৱালোঁ৷ চালকজনে ঠিকনাটো চাই চাই জি.পি.এচ্ (GPS)ত টাইপ কৰি সুমুৱাই দিলে৷ জি.পি.এচৰ স্ক্ৰীনখনত নানান একা-বেঁকা ৰাস্তাৰ মানচিত্ৰ এখন উজলি উঠিল; আৰু তাৰ লগে লগেই গাড়ীখনে গতি ল’লে৷ আৰ্লান্দা বিমানবন্দৰৰ পৰা ষ্টকহম চহৰৰ মাজমজিয়ালৈ দূৰত্ব প্ৰায় ৪০ কিলোমিটাৰ৷ বিমানবন্দৰ এৰিয়েই টেক্সিখনে একা-বেঁকা পথৰ কেঁকুৰি কেইটামান অতিক্ৰম কৰি অৱশেষত ঘাইপথত উপস্থিত হৈ, দ্ৰুত গতিত চলিবলৈ ধৰিলে৷ ইফালে মোৰ চকুহাল বাহিৰৰ বিনন্দীয়া প্ৰাকৃতিক সৌন্দৰ্য্যত নিবিষ্ট, সম্পূৰ্ণ নিমগ্ন৷ এই ঠাইলৈ মই আগতেও দুবাৰ আহিছোঁ যদিও, ছুইডেনৰ ৰাজপথত যেতিয়া বাহনখন দ্ৰুত গতিত চলিব ধৰে, মোৰ দৰে সৌন্দৰ্য্যৰ পিপাসু পৰ্য‍্যটকৰ মন থৌকিবাথৌ হৈ পৰে৷ চৌদিশে কেৱল প্ৰকৃতিৰ মায়াময় ৰূপ৷ প্ৰকৃতিৰ এনে মায়াময় কোলাত হঠাতে সোমাই পৰি দিঠক নহয় সপোনহেন লাগে৷ নিজকে নিজেই ধন‍্য মনা হয়৷ মই মোৰ কবিতা এটাৰ কোনোবাখিনিত লিখিছিলোঁ যে মাতৃৰ পিছতেই মই যদি প্ৰেমত পৰিছোঁ সেয়া হৈছে প্ৰকৃতিৰ৷ মই প্ৰকৃতিৰ প্ৰেমত শৈশৱৰ হয়তো সেই সময়ত পৰিছিলোঁ যি সময়ত মোৰ সম্বিৎ আহিছিল বা নাহিছিল, প্ৰজ্ঞাই চুইছিল বা নুচুইছিল৷ সেই সময়ৰ পৰাই যথাসময়ত গৈ প্ৰকৃতিৰ ৰং-ৰূপ-শব্দ মোৰ তেজত মিহলি হৈ, গলি গলি পমি গ’ল৷ এতিয়া মই এজন সফল প্ৰেমিক — প্ৰকৃতিৰ৷ ছুইডেনৰ দৰে এনে মনোৰম ঠাইত উপস্থিত হৈ মই মোৰ প্ৰেমৰ উন্মাদনাত প্ৰবল উত্তেজনা অনুভৱ কৰোঁ৷ শৈশৱৰ মোৰ প্ৰেয়সীক মই আকৌ নতুন ৰূপত লগ পাওঁ৷ শব্দবিহীন হেজাৰ হেজাৰ শব্দৰে নানান কথা পাতোঁ৷ মোৰ হিয়াৰ নিচেই আপোনা প্ৰেয়সীৰূপী প্ৰকৃতিৰ সৈতে, শব্দহীন নিস্তব্ধতাৰে অলেখ কথা পাতি পাতি কাহানিও ভাগৰি নপৰোঁ৷
ঠিক অক্টোবৰ আৰু নৱেম্বৰ মাহৰ সময়ছোৱাত, অৰ্থাৎ ডিছেম্বৰ মাহত বৰফ পৰাৰ আগে আগে, ছুুুইডেনৰ প্ৰাকৃতিক ৰূপ বেলেগ ধৰণৰ হয়৷ গছৰ সেউজীয়া পাতবোৰ ক্ৰমান্বয়ে ৰঙচুৱা হ’ব ধৰে৷ বিশেষকৈ ওখ ওখ মেপল গছবোৰ (maple tree)৷ এখিলা দুখিলাকৈ পাতবোৰ সৰিব ধৰে৷ তলসৰা এনে ৰঙচুৱা পাতবোৰে সেউজীয়া ঘাঁহনিডৰা ৰঙৰ বোলেৰে বোলাই দিয়ে৷ আদিগন্ত-বিস্তৃত সমস্ত পৰিৱেশটোত ৰঙা ৰঙটোয়ে সেউজীয়াৰ ওপৰত আধিপত্য বিস্তাৰ কৰি, মিশ্ৰিত এক নতুন ৰূপৰ সূচনা কৰে; যি ৰূপ চাইনো চাই থাকিলেও হেঁপাহ নপলায়৷

টেক্সি এখনত বহি লৈ সাধাৰণতে নিজ মস্তক প্ৰায় ১৮০ ডিগ্ৰীত সোঁৱে-বাঁৱে ঘূৰিব ধৰে৷ সোঁফালে চাই থাকিলে এনে লাগে যেন বাওঁফালৰ মাধুৰ্য‍্য‍খিনি হেৰুৱাম৷ বাওঁফালে চাই থাকিলে আকৌ এনে লাগে যেন সোঁফালৰ মাধুৰ্য‍্যখিনি হেৰুৱাম! উস্ এই প্ৰেয়সীক কেনেবাকৈ পলুৱাই লৈ যাব পৰা হ’লে! প্ৰেয়সীৰ এই ৰূপ চাই চাই আজীৱন গেবাৰি খাটিলোঁ হেতেন!

প্ৰকৃতিৰ সৌন্দৰ্য্য পিপাসু মই যি সময়ত সৌন্দৰ্য্যৰ মদিৰা পান কৰি মাতাল হৈ আছিলোঁ ঠিক সেই সময়তেই মোৰ নজৰ টেক্সি চালকজনৰ ওপৰত পৰাত, মোৰ বুকুৰ হৃৎস্পন্দন ঢিপিংকৈ মাৰিলে৷ মোৰ মদিৰাৰ নিচা তুৰন্ত্ ছুটি গ’ল৷ ই কি চালকজনৰ হাত দুখন গাড়ীৰ ষ্টেইৰিঙৰ ওপৰত নাই দেখোন! চালকজনে আগলৈ চোৱাৰ পৰিৱৰ্তে তলমূৰ কৰিহে আছে দেখোন! অথচ টেক্সিখন দ্ৰুত গতিত ঠিকেই চলি আছে! পথটোৰ নিৰ্দিষ্ট ’লেন’ত ঠিক দিশেই গৈ আছে! চালকজন তলমূৰ মানে শুই গ’ল নেকি? হে প্ৰভু, সৌৱা প্ৰায় দুশ মিটাৰমান দূৰত্বত মালবাহী এখন দীঘল ট্ৰাক! দ্ৰুত গতিত চলি থকা এই টেক্সিখন গৈ ট্ৰাকখনৰ পিছফালে খুন্দা মৰাটো নিশ্চিত৷ আমাৰ এই টেক্সিখন দুৰ্ঘটনাগ্ৰস্ত হোৱাটো শ শতাংশই নিশ্চিত৷ এয়া মই কি দেখিছোঁ? টেক্সিখনৰ গতি নিজে নিজেই কমি গ’ল দেখোন৷ সন্মুখৰ ট্ৰাকখন আৰু এই টেক্সিখনৰ দূৰত্ব নিজে নিজেই বাঢ়ি গ’ল দেখোন৷ এয়া মই ঠিকেই দেখিছোঁ নে? ই অলৌকিক নে ভৌতিক শক্তি? মোৰ দেহ সম্পূৰ্ণ আগলৈ হাওলাই চালকজনৰ কিছু ওচৰ চাপি আৰু চালকজনক দেখি মই বিচুৰ্তি খালোঁ৷ ই কি, চালকজনে দেখোন নিজৰ মোবাইলত ফে’চবুক চাই আছে৷ ফে’চবুকত কিবা এটা পঢ়ি মিচিকা-মিচিকি হাঁহি আছে! ইফালে মোৰ হাহাকাৰ অৱস্থা, মই কান্দিবলৈহে বাকী৷ মোৰ মুখমণ্ডল যেতিয়া তেওঁৰ কাষ চাপিছিল, সোঁফালে মোলৈ চাই চালকজনৰ বুজিবলৈ বাকী নাছিল যে মই আচলতে অত্যন্ত আতংকিত, ভীতিগ্ৰস্ত আৰু চিন্তাত বিহ্বল এজন পেপুৱা লগা যাত্ৰী৷ মোক স্বস্তিৰ নিশ্বাস পেলাবলৈ আৰু প্ৰত‍্যয় নিয়াবলৈ ’ড্ৰাইভাৰ’জনে প্ৰগলভ কণ্ঠেৰে কৈ উঠিছিল –“… Don’t worry man, this is actually a ’Driverless’ car …৷“ তাৰ পিছত তেওঁৰ মোবাইলটো একাষৰীয়াকৈ থৈ মোক যিখিনি কথা কৈছিল, সেই কথা মোৰ কল্পনাৰো অতীত আছিল৷ কথাখিনি কিবা সপোন সপোন যেন লাগিছিল৷

মই বহি যাত্ৰা কৰি থকা চলন্ত গাড়ীখন আচলতে এখন “চালকবিহীন“ গাড়ী (Driverless Car); অৰ্থাৎ চালকৰ কোনো প্ৰয়োজন নাই৷ চালক নোহোৱাকৈ গাড়ীখনে মোক মোৰ গন্তব‍্যস্থানলৈ লৈ যাব পাৰে৷ এখন সম্পূৰ্ণ স্বয়ংচালিত কাৰ্৷ ছুইডেন দেশৰ চৰকাৰে এটা গাড়ী কোম্পানীৰ লগ লাগি [মোৰ যিমান দূৰ মনত পৰে, ’ভল্ভো’ (Volvo) কোম্পানী] আৰু লগতে গুগোল (Google) কোম্পানীৰ সহায় লৈ, সেই সময়ত (২০১৬ চনত), মুষ্টিমেয় কেইখনমান এনে চালকবিহীন কাৰ্ ঘাইপথলৈ উলিয়াই আনে৷ সৰ্বপ্ৰথমে মুঠেই কেইখনমান গাড়ী ছুইডেনৰ ৰাজপথত চলোৱাৰ উদ্দেশ্য হ’ল — পৰীক্ষা-নিৰীক্ষা অৰ্থাৎ ’ট্ৰাইল ৰাণ্’ (trial run)৷ সেই পৰীক্ষা-নিৰীক্ষাৰ কাৰ্ কেইখনৰ ভিতৰত এইখনো এখন যিখনত সৌভাগ্য ক্ৰমে মই বহি যাত্ৰা কৰি আছোঁ৷ ২০১৬ চনত যিহেতু গোটেই ’প্ৰজেক্টো’ ট্ৰাইল ৰাণ্ সেয়ে চৰকাৰে তেনে গাড়ীত এজন চালক উপস্থিত থকাটো বাধ্যতামূলক কৰিছে৷ চালকজনৰ মতে, গাড়ীখনত ’মেমৰি ছীপ’ (Memory Chip) আৰু কোনো কোনো ঠাইত সৰু সৰু কেমেৰা লগাই থোৱা আছে আৰু চলন্ত গাড়ীখনৰ সমস্ত কথাবোৰ বাণীবদ্ধ (ৰেকৰ্ডিং) কৰি থকা হৈছে৷ সময়ে সময়ে এই ৰেকৰ্ডিং কৰা ডাটা (data) প্ৰজেক্টোৰ দ্বায়িত্বত থকা কৰ্তৃপক্ষক জমা দিব লাগে৷ সেই অনুসৰি, কৰ্তৃপক্ষই ডাটাবোৰ বিশ্লেষণ কৰি আৰু প্ৰয়োজন অনুযায়ী ’চফ্টৱেৰ’ সংশোধন কৰি পৰৱৰ্তী বছৰত অৰ্থাৎ ২০১৭ চনত এনেকুৱা চালকবিহীন গাড়ীৰ সংখ্যা বঢ়াই দিব (ট্ৰাইল ৰাণ্ হিচাপে)৷ কেৱল সিমানেই নহয়, ২০১৭ চনত ৰাজহুৱা যাত্ৰীবাহী গাড়ী কিছুমান যেনে ’ভেন’ বা ’মিনিবাছ’, এনে পৰীক্ষা-নিৰীক্ষাৰ বাবে অন্তৰ্ভুক্ত কৰিব৷ কিন্তু এই ধৰণৰ ট্ৰাইল ৰাণ্ সময়ছোৱাত সকলোবোৰ চালকবিহীন গাড়ীতেই একো একোজন চালক উপস্থিত থাকিব৷ অৱশেষত এই পৰীক্ষা-নিৰীক্ষাৰ কাম সমাপ্ত হ’ব ২০১৮ চনত৷ চালকজনে কোৱা মতে, এই প্ৰজেক্টো আঁচনি অনুসৰি চলিলে, ২০১৮ চনৰ শেষৰ ফাললৈ বা খুবেই বেছি ২০১৯ চনৰ আৰম্ভণিত এজনো চালক নোহোৱাকৈ, চালকবিহীন বহুতো কাৰ্, বাছ, মিনিবাছ চহৰখনত দৌৰি ফুুৰিব যিটো ৰাজতন্ত্ৰ চৰকাৰখনৰ এটা সপোন আৰু যিটো বাস্তৱত ৰূপান্তৰিত হ’বলৈ গৈ আছে৷

চালকজনে গাড়ীখনৰ সন্মুখলৈ চোৱাৰ পৰিৱৰ্তে, সম্পূৰ্ণ মোৰ ফালে মুখ কৰি এই কথাখিনি যেতিয়া কৈ গৈ আছিল তেতিয়া আমাৰ এই টেক্সিখন দ্ৰুত গতিত চলি আছিল; কোনো সময়ত প্ৰয়োজন অনুসৰি গতি কমিছিল বা বাঢ়িছিল৷ ঠিক তেনেকৈ, প্ৰয়োজন অনুসৰি সোঁৱে নতুবা বাওঁৱে আপোনা-আপুনি আলি-কেঁকুৰি লৈছিল৷

পৃথিৱীৰ বিভিন্ন দেশ বিভিন্ন চহৰ ফুৰি মই কিছু অভিজ্ঞতা ল’লোঁ, কিন্তু এইবাৰৰ মোৰ এই অভিজ্ঞতা আছিল সম্পূৰ্ণ অনন্য৷ চিৰযুগমীয়া প্ৰকৃতিৰ নান্দনিক আৱেষ্টনীৰ পৰা হঠাতে ওলাই আহি অলৌকিক কিবা এটাত সোমাই পৰিছিলোঁ৷ অপ্ৰত‍্যাষিতভাৱে আৰু কম সময়ৰ ভিতৰতে ঘটি যোৱা সমস্ত কথাবোৰ কিবা ইংৰাজী ’ছাই-ফাই’ (Sci-Fi) চিনেমা এখন চাই থকা যেন লাগিছিল৷ এই অভিজ্ঞতা নিসন্দেহে চিৰস্মৰণীয় হৈ ৰ’ব৷

মই ২০১৬ চনৰ পিছত, প্ৰায় দুবছৰ হ’বৰ হ’ল, ছুইডেনলৈ যোৱা নাই৷ বৰ্তমান এই আঁচনি কিমান দূৰ আগ বাঢ়িছে মই বৰ অৱগত নহয়৷ মোৰ সম্পূৰ্ণ বিশ্বাস, চৰকাৰৰ পৰিকল্পনা অনুসৰি প্ৰজেক্টৰ কাম কাৰ্য্যকৰী হৈ উঠিছে চাগে৷ হয়তো এই বছৰৰ শেষৰফালে বা অহা বছৰৰ আৰম্ভণিত শ শতাংশই চালকবিহীন যান চহৰখনত দৌৰি ফুৰিব৷ মই দুনাই তালৈ যোৱাৰ সুযোগ পালে এনে কাৰ্ আৰু বাছত নিশ্চয় উঠিম আৰু সেই অভিজ্ঞতা পঢ়ুৱৈসকলক আহি সবিশেষ কম বাৰু৷  ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক