ধৰ্ম আৰু ধৰ্মাচাৰ – আজিৰ যুগৰ এক প্ৰহসন তথা ব্যৱসায় (- অৰুণজ্যোতি দাস )

 

অতি প্ৰাচীন কালৰে পৰা পৃথি‌ৱীত এচাম ধূৰ্ত আৰু চতুৰ মানুহৰ জন্ম হৈ আহিছে ,যিয়ে কে‌ৱল ঠগ-প্ৰৱঞ্চনা আৰু কৌশলেৰে নিজৰ লাভালাভৰ হিচাপ কৰিবলৈ শিকিছে । পৃথি‌ৱীৰ প্ৰতিখন সমাজতে এনে ধুৰন্ধৰ মানুহ বৰ্তমান । এওঁলোকৰ মগজুৰ তিক্ষ্ণতা আন বহুজনতকৈ বেছি বুলিব লাগিব, কাৰণ চলে-বলে-কৌশলে আন এজনক লুটি ল’ব পৰাৰ হাজাৰটা উপায় এওঁলোকৰ হাতৰ মুঠিত । এনে প্ৰৱঞ্চকসকলৰ পাৰ্গতালিৰ প্ৰয়োগক্ষেত্ৰ ঠাইবিশেষে বেলেগ বেলেগ হয় । যদি জাপানত কোনো এজনে অন্য এজনৰ ৰবট এটাক কু-কৰ্ম শিকাইছে তেন্তে আমেৰিকাত আন এজনে হয়তো আন্তৰ্জালৰ তথ্য ‘হেক্’ কৰি টকা লুটি লৈছে ।শতাধিক কোটি জনসংখ্যাৰে ভাৰতবৰ্ষ এখন এনে অনুন্নত অশিক্ষিত দেশ,য’ত এই প্ৰবঞ্চকৰ সংখ্যাটোও তুলনামূলক ভা‌ৱে বহুতেই বেছি।

আজিৰ সমাজত নিবনু‌ৱাৰ সংখ্যা বাঢ়ি গৈছে । অশিক্ষিত আৰু বুদ্ধিহীনসকলৰ বাবে দৈনিক জী‌ৱন-ধাৰণ একোটা বোজাস্বৰূপ হৈছে । শিক্ষিত সকলৰো নিজৰ ওপৰত আস্থা নাইকীয়া হৈছে । কাৰণ এইটো গুপ্ত সত্য যে টকা অবিহনে এটা চৰকাৰী চাকৰি পো‌ৱাটো আজিৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত প্ৰায় অসম্ভ‌ৱ হৈ পৰিছে । এলেহু‌ৱা অসমীয়াৰ চিন্তাধাৰাৰ মতে হেনো চৰকাৰী চাকৰী নহ’লে জীয়াই থকাই বৃথা । আৰু আমাৰ তথাকথিত শিক্ষিত সকলে কেন্দ্ৰীয় চৰকাৰৰ ঘোঁচবিহীন চাকৰিৰ বিষয়ে সঁচা অৰ্থত গমেই নাপায় ।গতিকে তাৰবাবে আবেদন কৰা আৰু প্ৰস্তুত হো‌ৱাৰ প্ৰশ্নই উত্থাপিত নহয় । সেয়েহে হ’বলা আমাৰ ন‌-প্ৰজন্ম অথবা বৰ্তমান প্ৰজন্মৰ ‘সহজতে আৰ্জিবপৰা ধন’ৰ প্ৰতি মোহ বেছি । ই নিতান্তই স্বাভা‌ৱিক কথা যেন হৈ পৰিছে । তাৰে ফলস্বৰূপে আমাৰ সৰহসংখ্যকেই সংগঠন খুলি,ঠিকা লৈ,দাবী-ধমকিৰে সৰকাই,প্ৰলোভন দি ইত্যাদি নানানটা ৰাষ্টা সহজেই পছন্দ কৰিবলৈ লৈছে আৰু বিনা দ্বিধাৰে তেনে পথত বহু যু‌ৱক-যু‌ৱতীয়ে ইতিমধ্যেই বাট লৈছে । কাৰণ এনে পন্থাৰে প্ৰকৃতাৰ্থত অতি কম সময়তে চাকৰিতকৈ বহু বেছি ধন অৰ্জন কৰিব পাৰি । অসমৰ নৈতিক জলবায়ুৰ এনে প্ৰদুষণ ঘটিছে যে, বিয়াৰ বজাৰত এনেকৈ সেইজন চাকৰিয়ালকহে উচ্চ স্থান দিয়া হয়, যাৰ ‘বাহিৰা টকা’ উপাৰ্জন কৰাৰ সুৰুঙা আছে ।এয়া হৈছে আমাৰ মূল্যাঙ্কনৰ মাপকাঠি ।

গতিকে সৰু-সুৰা মানুহবোৰ ,যাৰ শিক্ষা-দিক্ষা কম অথবা একেবাৰে নাই আৰু যিসকলক তথাকথিত উচ্চ সমাজৰ মাজত নিজকে মূৰ দাঙি থিয় হ’বলৈ সুযোগেই দিয়া নহয় , তেঁওলোকে চুৰি-ডকাইটি কৰিবলৈ বাধ্য হৈছে । আজিৰ সমাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ জ্ঞান,কৰ্মতকৈ টকাৰহে প্ৰয়োজন বেছি ।গতিকে নিজকে প্ৰতিষ্ঠা কৰা আৰু বৰ্তি থকাৰ এই যুঁজত এইসকলে নিজৰ মগজুৰ অব্যৱহৃত স্থিতিশক্তিৰ উচিত প্ৰয়োগ কৰিবৰ বাবে বিভিন্ন ক্ষেত্ৰ আৰু ৰাষ্টা বিচাৰি উলিয়াইছে ।তেনে টকা ঘটাৰ ভিন্ন পথ অন্বেষণৰ ফলতে কিছুমান বুধিয়ক মানুহে বিচাৰি পাইছে এটা সহজতম উপায় । সি হৈছে-‘ধৰ্মৰ নামত ব্যৱসায়’,য’ত আপোনাক মূলধনৰো প্ৰয়োজন নহয়, আৰু নালাগে কোনো অৰ্হতাৰো !মাথো লাগে এটা চতুৰ মগজু আৰু উচিত কাৰ্যপন্থা ।

আপুনি সদায় চাৰিআলিৰ তামোলখো‌ৱা দোকানখনৰ কাষত অথবা ওখ বটজো‌পাৰ তলতে সৰুকৈ এখন শি‌ৱৰ আলোকচিত্ৰৰে আপোনাৰ ব্যৱসায়ৰ আধাৰশিলা স্থাপন কৰক । এলেকাটো পু‌ৱা গধূলি ধুপ-ধুনা-চাকিৰে শুশোভিত কৰি কিছু প্ৰাৰ্থনা বা আৰতি জাতীয় কাৰ্যা‌ৱলীৰে মাংগলিক পৰি‌ৱেশ এটা গঢ়ি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰক । আপোনাক নিৰাশ নকৰি ভক্তগণে লাহে লাহে আপোনাৰ মন্দিৰত দৰ্শন দিবলৈ ল’ব । দুটিমান টিলিঙা আৰু ৰঙা পতাকা আঁৰি দিয়ক । হয়তো কোনো এজন ভক্তৰ আশীৰ্বাদত আপোনাৰ সপোনৰ মন্দিৰটোত এদিন টিনৰ চালি আৰু বেৰাও হৈ উঠিব । এখন দুখনকৈ ৰাষ্টাৰে পাৰহৈ যো‌ৱা বিলাসী গাড়ীৰ আৰোহীসকলৰ আগমণে (আৰু তেৰাসকলৰ বৰঙণিয়ে) আপোনাৰ বুকুখন লাহে লাহে ওখ কৰি তুলিব । ভগ‌ৱানৰ সে‌ৱাত নিজকে উচৰ্গিত কৰিবলৈ পাই আপুনি নিজকে ধন্য মানিব । আৰু ভগ‌ৱানেও আপোনাৰ সে‌ৱাতপৰম সন্তোষ লভি আপোনাক লাহে লাহে ধনী-মানী কৰি তুলিব !

সিদিনা পৰীক্ষা এটা দিবৰ বাবে ঘৰৰপৰা ওলাই যাবলৈ লৈছো । পদূলিমুখতে দুজন সাধুৰ ‌আৱিৰ্ভা‌ৱ হ’ল । পিতবস্ত্ৰ পৰিহিত আৰু চুলি-দাৰিৰ ভাঁজে ভাঁজে সন্যাসিত্বৰ চিন মূৰ্তমান । মই ক’লো, “ঘৰ মে অভি আদমী নহি হেঁ,আপলৌগ কৃপয়া বাদ মে আয়িয়ে ।” তেওঁলোকে ক’লে –‘চাধু কৌ এইছে বিনা হাথছে যানে মদ দিজিয়ে । ঈশ্বৰ আপকৌ ভলাঈ কৰেগা ’। এনে এটা বাক্যবাণে যিকোনো ধৰ্মপ্ৰাণ মানুহৰে অন্তৰ গলাব পাৰিব । তাৰমানে তেওঁলোকে কিবা এটা দক্ষিণা বা দানবিচাৰিছে । (ঈশ্বৰে মোক সহায় কৰিব, আৰু বিনিময়ত মই তেওঁলোকক সহায় কৰিব লাগে !)  তেওঁলোকে হয়তো যদি নিজৰ দুখ দুৰ্দশা বৰ্ণাই আপোনাক কিছু সহায়ৰ বাবে ‌আৱেদন কৰিলেহেঁতেন তেন্তে নিশ্চয় আপুনি ফুটাকড়ি এটাও নিদিলেহেঁতেন! কিন্তু যিহেতু ইয়াত আপোনাৰ ঈশ্বৰ ভক্তিৰ কথা আহি পৰিছে, গতিকে আপুনি চকু মুদি পাচঁ টকা হ’লেও দিবই । এইটো‌ৱেই এই ব্যৱসায়ৰ আধাৰ সূত্ৰ । ধনী মানুহ এজনক আন মানুহৰ দুৰ্দশাৰ বিলাপ আপুনি কাহিনী হিচাপেই কওঁক অথবা চকুৰে দেখুওৱাই পতিয়ন নিয়াবলৈ চাওক , অথবা জী‌ৱনত হঠাতে আপুনি সম্মুখীন হো‌ৱা প্ৰাকৃতিক/অপ্ৰাকৃতিক দুৰ্যোগৰ কথাকে কওঁক , তেওঁ কাহানিও আপোনাক কিছু টকাৰে সহায় কৰিবলৈ আগবাঢ়ি নাহে ,কিন্তু আপুনি ধৰ্মীয় অনুষ্ঠানৰ বাবে আহিছোঁ বুলি এবাৰ কৈ চাওঁক –তেওঁ তৎমূহুৰ্ততে হাজাৰ টকা দান হিচাপে দিবলৈ ৰাজী ।

‘ধৰ্মৰ বাবে’ বুলি কিবা এটা যেতিয়া এজন মানুহৰ মনত সোমাই যায়,তেতিয়া তেওঁ লাখটকাৰ দান দিবলৈও কুন্ঠাবোধ নকৰে ,কাৰণ সেই দানে তেওঁক স্বৰ্গগামী কৰিব বুলি তেওঁ দৃঢ়ভা‌ৱে বিশ্বাস কৰে । অথচ একেজন মানুহেই খাবলৈ নোপো‌ৱা ৰাষ্টাৰ ভিক্ষাৰীজনক ১টকা এটাৰে সহায় কৰিবলৈ,তেওঁৰ প্ৰতিবেশী দুখীয়া ছাত্ৰজনক কিতাপ এখন কিনি দিবলৈ ইচ্ছাবোধ নকৰে ,কাৰণ তেওঁৰ মতে ঈশ্বৰ মন্দিৰ/মছজিদ/গীৰ্জাত হে থাকে । আৰু আমাৰ সকলো‌ৰে মনত ধৰ্মৰ প্ৰতি থকা এই আস্থাৰ সুযোগ লৈছে ধুৰন্ধৰ বেজ/পণ্ডিত আৰু আন বহুতে ।

আজিকালি দেখা যায়, ৰেল‌-আস্থানৰ সমীপতে হওঁক অথবা বজাৰৰ ভিৰতে হওঁক,হঠাতে আপোনাৰ ইচ্ছা-অনিচ্ছালৈ কেৰেপ নকৰি মূহুৰ্তৰ বাবে ভক্তিভা‌ৱেৰে মন-প্ৰাণ উচপচপ্ কৰাই তুলিব পাৰে প্ৰসাদ আৰু ৰঙা ফোঁটৰ অলংকৰণকাৰী দুই একোজন ভক্ত পূজাৰীয়ে । আপোনাৰ মংগলাৰ্থে সে‌ৱা আগবঢ়ো‌ৱা এনে চলমান ক্ষুদ্ৰ মন্দিৰত তাৎক্ষণিক ঈশ্বৰ-সে‌ৱাৰ বাবে আপোনাৰ ব্যস্ততাপূৰ্ণ জী‌ৱনৰ অতিৰিক্ত কোনো সময়ৰ প্ৰয়োজন নহয় , সকলো সম্মুখতে হাজিৰ ; আপুনি মাথোঁ অৰিহণা হিচাপে কিছু টকা দান কৰিলেই হ’ল !

কোনোবা এখন বাতৰি-কাকতত পঢ়িবলৈ পালো যে দুদিনমান আগতে এজন মানুহে ত্ৰিশূল আৰু দম্বৰু লৈ হঠাৎ আহি গাড়ীৰ আগতে হওঁক বা মানুহৰ ঘৰৰ আগতে হওঁক ৰৈ দিয়ে আৰু নাচিবলৈ লয় । তেওঁৰ ভাষ্য হ’ল এয়ে যে তেওঁৰ গাত সদাশি‌ৱই দেখা দিছে আৰু মানুহৰ মংগলৰ অৰ্থে পঠাইছে । কোনো কোনোজনক তেওঁ বিধানো দিলে মংগলাৰ্থে কি কি নীতি-নিয়ম পালিব লাগিব । আমাৰ বিশ্বাস , কিছুমান চতুৰ মানুহৰ ধৰ্মৰ গইনা লৈ টকা ঘটাৰ বিভিন্ন পথ অন্বেষণৰ বাবে কৰা গ‌ৱেষণাৰে এয়া এক পৰীক্ষা-নিৰীক্ষা !

বিহু,পূজা,জন্মোৎস‌ৱ আদিৰ আগে আগে গাঁৱে-চহৰে সকলোতে চান্দা তোলাৰ ধূম উঠে । পুলিছে ‌ট্ৰাক-মটৰৰপৰা কৰ সংগ্ৰহ কৰা আৰু পূজা সমিতিয়ে এনে চান্দা তোলাৰ মাজত আজিকালি একো পাৰ্থক্য নাই যেনেই লাগে ।আপুনি যদি পাঁচটকা এটা অৰিহণা হিচাপে আগবঢ়ায়, তেনেহ’লে তেওঁলোকৰ তীৰ্যক বাক্যবাণ তথা হুমকিৰে আপোনাৰ অৱলস্থা তথৈবচ হৈ পৰিব । ধৰ্মীয় অনুষ্ঠানৰ বাবে আগবঢ়ো‌ৱা দান-বৰঙণিত দেখোন কোনো নিন্ম-সীমা থাকিব নালাগিছিল ,যাৰ যি ইচ্ছা বা যিমান পাৰে ;সিমানেই দিব পাৰিব লাগিছিল ! আৰু এই যে পূজাৰ মণ্ডপ গলিয়ে প্ৰতি একোটাকৈ হয় ,তাৰ কিবা ধৰা-বন্ধা নিয়ম আছে নেকি ? যে আমাৰ চুবুৰীত নাপাতিলে আমাক পাপে চুব ! কিয় আমি এখন চহৰৰ বা গাঁৱৰ আটাইখিনি মানুহে গোট খাই সম্প্ৰীতিৰে মাত্ৰ এঠাইতে পূজা পাতিব নো‌ৱাৰো ? কিয় ? কাৰণ সকলোৰে সেই একেই ইচ্ছা, নিজৰ পকেট গৰম কৰা ! চান্দা-অৰিহণাৰ টকা আৰু খৰছৰ হিচাপবোৰ কিমান ৰাজহু‌ৱা হয় সেয়া সকলো‌ৱে জানে । ধৰ্মীয়া অনুষ্ঠান,উৎস‌ৱে হেনো একতাৰ দোলেৰে সমাজখন বান্ধে । আজিৰ সমাজত এনে ভাগে ভাগে হো‌ৱা এই উৎস‌ৱবোৰে আমাক চোন বিচ্ছিন্ন হে কৰিছে ।

আজিকালিৰ মন্দিৰবোৰত আধুনিকতাৰ ইমানেই পৰশ পৰিছে যে এটা মন্দিৰ বনাবলৈ কোটি টকালৈকে খৰছ কৰা হয় ,যি সময়ত হাজাৰ হাজাৰ গৃহহীন নৰ-নাৰীয়ে তাৰ কাষতে মুকলি আকাশৰ তলত বাস কৰে । মাৰ্বল-পাথৰ, ‘টাইলছ’ৰে নিৰ্মিত গৃহটিৰ চৌপাশে আকৌ সন্ধ্যা বেলা চকু চাঁট মাৰি ধৰা উজ্জ্বল ৰঙীন পোহৰৰ খেলা ! ঈশ্বৰ আৰাধনাৰ বাবেতো ইমান ৰাজকীয় পৰি‌ৱেশৰ প্ৰয়োজন নাছিল ! কিয় লাগে এইবোৰ ? এইবোৰ আচলতে একো একোটা বিজ্ঞাপন । সেই ধৰ্মানুষ্ঠানটোৰ অৱ স্থিতি আৰু উপস্থিতিৰ বিষয়ে যাতে অধিক মানুহ জ্ঞাত হয় । অধিক মানুহ আকৰ্ষিত হওঁক । অধিক দান বৰঙণি উঠক । আৰু দানকৰ্তাৰ মাজত প্ৰতিযোগিতাৰ সৃষ্টি কৰা হওঁক-যাতে মন্দিৰ সমিতি(তথা বিষয়ববীয়াসকল) তাৰপৰা উপকৃত হ’ব পাৰে । আমি শংকা কৰো কিছুদিন পিছত চাগৈ দুখীয়া মানুহৰ প্ৰ‌ৱেশ এইবোৰত নিষিদ্ধ কৰা হ’ব ।

এটকীয়া পইচা দলি মাৰি দিয়া হনুমান মন্দিৰৰ দৈনিক শ শ টকাবোৰ ক’লৈ যায় ? ভগ‌ৱানে কাহানিও দৈনিক হিচাপত ইমান টকাৰ বৰঙণি গ্ৰহণ নকৰে । শুদ্ধ মনোকামনাৰে দিয়া যৎসামান্য অৰিহণাতে হেনো তেৰা সন্তোষিত হয় । যেনেদৰে দে‌ৱীলৈ আগবঢ়াই দিয়া বলিৰ পাথা ছাগলী বা হাঁহ-কুকুৰাবোৰ প্ৰসাদস্বৰূপে ভক্তস‌ৱেই গ্ৰহণ কৰে । সেইদৰেই এই হাজাৰ হাজাৰ দানৰ মুদ্ৰাবোৰো নিশ্চয় কাৰোবাৰ পকেটস্থ হয় ।

নতুনকৈ গঢ় লো‌ৱা সৰু সৰু মন্দিৰ/মঠবোৰ ৰাষ্টাৰ কাষতে যে হ’বলৈ পায় ,কি কাৰণে ? অলপ ভিতৰতো হ’ব পাৰিছিল । কাৰণ , তেওঁলোকৰ ‘টাৰ্গেত’ হ’ল এইসকল ‘ফ্লাইং কাষ্টমাৰ’ । অৰ্থাৎ এখন গাওঁ,চহৰ বা এটা এলেকাৰ সীমিত জনসংখ্যাৰে উপাৰ্জন বা লাভালাভৰ অংকটো সদায় সৰু হৈয়েই থাকিব, গতিকে কিছুমান যদি ‘উৰণীয়া গ্ৰাহকে’ দৈনিক ভূমুকি মাৰেহি তেওঁলোকৰ চোতালত,তেন্তে সেই লাভালাভৰ অংকটো‌ৱেও মোটা পৰিমাণলৈ ৰূপান্তৰিত হ’ব । এইবোৰ হৈছে ব্যৱসায়ৰ সৰলতম সূত্ৰ ।

শনি মন্দিৰবোৰ দেখা যায় বজাৰৰ চুকত বা গলিৰ কাষত । মহানগৰত এহাত মানৰ আঁতৰে আঁতৰে শনি মন্দিৰ ।‘তোমাৰ শণি বেয়া ।শণি লাগিছে ।গতিকে শনি মন্দিৰত গৈ ইমান টকা আৰু এনে বিধানেৰে তেওঁক সন্তোষিত কৰিব লাগিব ।’-এইবোৰ কথাত আমাৰ মানুহ ভোল যায় আৰু নিজৰ ভাগ্যক দোষ দি নেদেখাজনক সন্তুষ্ট কৰিবলৈ উঠিপৰি লাগি যায় । আচলতে কোনো মানুহৰে শনি নালাগে (বা শনি বেয়া নহয়) । তেওঁলোকক আপাতত বিশ্বাস কৰো‌ৱা হয় এইবোৰৰ সপক্ষে , যাৰ আঁৰত কিছু সুবিধাবাদী চতুৰ মানুহৰ অভিসন্ধি লুকাই থাকে ! নিজৰ হাত দুখনক বিশ্বাস কৰা আৰু বিবেকক প্ৰাধান্য দিয়া যিকোনো মানুহে তথাকথিত শনিৰ উপদ্ৰ‌ৱৰ পৰা নিজকে সকলো সময়তে বচাই ৰাখিব পাৰে !

আপুনি নিশ্চয় ‘মোবাইল ফোন’ত ‘এচ.এম.এচ.’ পায় –“আপুনি ব্যৱসায়ত কিয় সফল হো‌ৱা নাই /আপোনাৰ পঢ়া-শুনা তথা কেৰিয়াৰত ক’ত বাধা আছে/চাকৰি কিয় পো‌ৱা নাই” –এইবোৰৰ উত্তৰ পাবলৈ অমুক নম্বৰত ডায়েল কৰক । যেন তেওঁলোক সাজু হৈ আছে আপোনাৰ সহস্ৰ সমস্যাৰ সমাধান এক মিনিটতে দি আপোনাক সুখী কৰি তুলিবলৈ । ধন-মান-ঐশ্বৰ্যৰে আপোনাক সমৃদ্ধিবান কৰিবলৈ । দূৰদৰ্শনৰ পৰ্দাতো হাজাৰটা বিজ্ঞাপন –‘আমাৰ অমুক অমুক ৰক্ষাকবচ লওক আৰু নানান অশুভ শক্তিৰ পৰা নিজকে দূৰত ৰাখক ।এই মালা পৰিধান কৰক –কোনোধৰণৰ কোপদৃষ্টিয়ে আপোনাক আৰু আপোনাৰ পৰিয়ালক চুব নো‌ৱাৰে ।’ ইত্যাদি । আটাইতকৈ আমোদজনক কথা এয়ে যে এনে বিজ্ঞাপনত কেতিয়াবা সন্যাসী একোজনেও ভাগ লয় ;যাৰ কথা কো‌ৱাৰ ধৰণতে কোনো কোনো ধৰ্মভীৰুয়ে সেই মালা বা ৰক্ষাকবচ কিনিবলৈ মন মেলে । ধৰ্মৰ বাণিজ্যিকিকৰণৰ এনে প্ৰভা‌ৱ যে এনে ধৰ্মীয় সা-সৰঞ্জামৰ লগতো আকৌ ‘বিনামূলীয়া সামগ্ৰী’ বা উপধৌকন উপলব্ধ হয় ।

শংকৰী সমাজ বা অন্য ব্ৰাহ্মণ সমাজতো কিছুমান বিধি-বিধান মানি চলা দেখা যায় । তেনে দুই এটা হ’ল–গাহৰি বা কুকুৰা চৰাই ঘৰত পোহা নিষিদ্ধ , সম্বন্ধীয় মানুহৰ লগত আৰু অন্য জাত-কুল-ধৰ্মৰ মানুহৰ লগত বিয়া হো‌ৱাটো নিষিদ্ধ । ঠিক তেনেদৰে সমাজে এৰি থো‌ৱা অথবা অন্য ধৰ্মা‌ৱলম্বী বা অন্যপন্থাৰ মানুহৰ লগত খা‌ৱন-শো‌ৱনো নিষিদ্ধ বা ছো‌ৱালী পলু‌ৱাই নিয়াও পাপ । এনে বিধানবোৰৰ যুক্তিগত বা বিজ্ঞানসন্মত দিশ সদ্যহতে আলোচনা নকৰি একে সময়তে আমি যদি লক্ষ্য কৰোঁ,এনে নীতি-নিয়ম ভংগ কৰাসকলক, পুণৰ একে সমাজতে সসন্মানে থকাৰ অধিকাৰ দিয়া হৈছে ‘প্ৰায়শ্চিত্ত’ৰ জৰিয়তে ।প্ৰায়শ্চিত্তৰ বাবে দোষীয়ে কৰিবলগীয়া কাজ হ’ল মাথো নিৰ্ধাৰিত পৰিমাণৰ শুল্ক(Penalty Fine)ৰে সৈতে ৰাইজৰ ওচৰত আঁঠু লো‌ৱা আৰু নাম-কীৰ্তনসহ ভকতসকলক ভোজন কৰো‌ৱা (সমাজভেদে কিছু বেলেগ হ’ব পাৰে)। সঁচা ধৰ্মানুভ‌ৱেৰে এই প্ৰায়শ্চিত্ত যথাৰ্থ । কিন্তু আজিৰ সমাজৰ ৰেহ-ৰূপলৈ লক্ষ্য কৰিলে এনে লাগে এই প্ৰায়শ্চিত্ত যেন এটা তেনেই টুলুঙা ভেলেকীবাজী !কাৰণ প্ৰায়শ্চিত্ত আছে বুলি জানিয়েই বহুতো সাহসী ডেকাই উপৰোক্ত বিধি-বিধানবোৰ হেলাৰঙে উলংঘণ কৰি আহিছে । তেওঁলোকৰ মতে ‘বুঢ়াভকত কেইটাক ফিটিং কৰিলেই হ’ল!’। এয়া একপ্ৰকাৰৰ অধৰ্ম নহয়নে ? বহু সমাজত দেখা যায়, নামঘৰৰ মুখীয়াল বুঢ়া ভকত কেইজন,যিয়ে সমাজখন সুধৰ্ম সুসংস্কৃতিৰে আগু‌ৱাই নিয়াত আগভাগ ল’ব লাগিছিল ,তেওঁলোকেই নানান বেমেজালিত লিপ্ত হৈছে । গাভৰু ছো‌ৱালীয়ে ৰন্ধা ভাত তেৰা সকলে নাখায়, বিবাহিত আৰু দিক্ষা লো‌ৱা ভক্ত বৈষ্ণ‌ৱে ৰান্ধিলেহে খাব । কিন্তু দেখা পাব, তেনে দুজনমানেচোন চহৰৰ হোটেলত আপোনমনে উদৰ পূৰাই খো‌ৱা বোৱা কৰে, য’ত ৰান্ধনীৰ জাত-পাত আৰু চাফ-চিকুণতাৰ অলপো প্ৰশ্ন কৰা নহয় ! ভাঁওনাৰ ৰাতি কোনোবাজনে হয়তো সেই পনীয়াবিধেৰেই আত্মশুদ্ধি কৰিছে ।

অৱশ্যে এই ধৰ্মস্খলন অকল হিন্দু সমাজতে নহয়, ইছলাম বা খ্ৰীষ্ট ধৰ্মও নৈতিক প্ৰদূষণৰ বলি হৈছে । পৃথি‌ৱীৰ বহু মছজিদ জেহাদি সকলৰ শিবিৰ হৈ পৰিছে । বহু ঠাইত ‘ফাদাৰ/চিষ্টাৰ’সকলৰ অনৈতিক কাণ্ড-কাৰখানাৰ কথাও শুনা যায় । ধৰ্মৰ প্ৰতি সাধাৰণ মানুহৰ আস্থা থকাতো নিতান্তই অপৰিহায্য । কিয়নো ধৰ্ম হৈছে এনে এক অস্ত্ৰ যাক সকলো মানুহেই একপ্ৰকাৰৰ ভয় আৰু ভৰসা কৰে । ধৰ্ম অবিহনে আজিৰ পৃথি‌ৱীত মানুহ বৰ্তি থকাই অসম্ভ‌ৱ হ’লহেঁতেন । নিজৰ মাজতে কটা-চিঙা আৰু মাৰ-ধৰ,কাজিয়া কৰি ‘মানুহ’ নামৰ জী‌ৱবিধ ডাইনোছৰৰ দৰে বিলুপ্ত হৈ পৰিলহেঁতেন । কাৰণ, ‘পাপ লাগিব’ বা ‘নাপায়’ বোলা কথাষাৰে মানুহৰ আদিম চেতনা আৰু বহুক্ষেত্ৰত কাম-ক্ৰোধ-লোভ-মোহ আদিকো দমন কৰি ৰাখিবলৈ সক্ষম হৈছে ।ই অতিকেই জৰুৰী ।

আমি আশা কৰোঁ, সাধাৰণ মানুহে যাতে ধৰ্মৰ নামত চলি থকা ব্যভিচাৰ তথা প্ৰহসনবোৰ চিনি পায় আৰু যেন সেইবোৰলৈ সহযোগিতা আগ নবঢ়ায় । সমাজত ধৰ্মই একতা বঢ়াওক । মানুহক নম্ৰ ,বিনয়ী, পৰো‌পকাৰী হ’বলৈ শিকাওক । মান‌ৱতাৰ জয়গান গাওঁক ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments