ধৰ্ম-ঈশ্বৰ আৰু ৰাজনীতি (ৰক্তিম শৰ্মা)

ধৰ্ম কি? ই ঈশ্বৰ প্ৰদত্ত নে মানুহে নিজে সৃষ্টি কৰি লোৱা বিষয়? এই বিষয়ে মধ্যযুগত হয়তো মানুহৰ কৌতুহলৰ অন্ত নাছিল। কিন্তু আজিৰ তথ্য-প্ৰযুক্তিৰ যুগত এই বিষয়ে মানুহৰ কোনো সন্দেহ নাই যে আমি যাক ধৰ্ম বুলি ভাবোঁ বা মানো, যিবিলাক ধৰ্মীয় নীতি-নিয়ম-সংস্কাৰেৰে আমি সমাজত এক এৰাব নোৱাৰা বান্ধোনেৰে বান্ধ খাই আছোঁ সেইবিলাক প্ৰকৃততে আধুনিক বা প্ৰাক-আধুনিক মানুহৰ মগজুৰ সৃষ্টিৰ ফচলৰ বাহিৰে অন্য একো নহয়। এটা কথা কোনেও নুই কৰিব নোৱাৰে যে এইধৰ্মীয় আচাৰ নীতিৰ ৰক্ষনাবেক্ষণৰ বাবে এটা বা তাতকৈ অধিক ঈশ্বৰ নামৰ অদৃশ্য অতিকাল্পনিক ভয় এটা মানুহৰ মাজত অহৰহ ক্ৰিয়া কৰি থাকে যাৰ বাবে সেই ঈশ্বৰৰ কোপদৃষ্টিত নপৰিবলৈকে মানুহে সেই নিৰ্ধাৰিত ধৰ্মীয় আচাৰ-নীতি পালন কৰিবলৈ বাধ্য হৈ পৰে। সমাজ আৰু সভ্যতাৰ বিকাশৰ লগে লগে এই আচাৰ-নীতিত মানুহ অভ্যস্তহৈ পৰে আৰু ই এক জনসমাজৰ কৃষ্টিৰ অংগ হৈ পৰে। কৃষ্টি বুলি কলে মানুহৰ জীৱনধাৰণৰ প্ৰণালী, সামাজিক-লৌকিক নীতি নিয়ম, উত্পাদন প্ৰক্ৰিয়া-সম্পৰ্ক আৰুইয়াৰ সৈতে জড়িত মানুহৰ হাহি কান্দোন,উল্লাস-বিষাদ সকলো। এই সকলো বিষয়ৰ সৈতে ধৰ্মীয় আচাৰ-নীতিও অঙ্গাঙ্গীভাৱে জড়িত। সেয়ে বহু সময়ত সংস্কৃতিৰ পৰাধৰ্মীয় আচাৰ নীতিক পৃথক কৰিব পৰা কঠিন হৈ পৰে।

সংস্কৃতি আৰু ধৰ্মৰ বিৱৰ্তন বা ইয়াৰ উদ্ভৱ প্ৰায় সমসাময়িক বুলি বহুতে কয় যদিও প্ৰকৃততে ধৰ্মৰসৃষ্টি বহু পিছত, ঈশ্বৰৰ ধাৰণাহে আদিম মানৱৰ গুহাবাসী জীৱনৰ সমসাময়িক। আজিৰ এই সংগঠিত ধৰ্মৰ আৰাম্ভণি আজিৰ পৰা প্ৰায় ১০,০০০ বছৰ পুৰণি। আদিম গুহাবাসী মানৱে চিকাৰ কৰি উমৈহতীয়াভাৱে ভোগ কৰা, চিকাৰ প্ৰাপ্তিৰ উল্লাস, প্ৰাকৃতিক দুৰ্ঘটনাত মৃত্যুৰ বিষাদ, প্ৰকৃতিৰ সৈতে সহাৱস্থান বা সংঘাতেৰে পৰিপূৰ্ণ জীৱনত নিজে জীয়াই থকাৰ বাবে নিজে নিজে বা সামূহিকভাৱে তৈয়াৰ কৰি লোৱা কৌশল এই সকলো আদিম মানৱৰ সংস্কৃতি। আদিম অৱস্থাত বিভিন্ন প্ৰাকৃতিক পৰিঘটনাত শংকিত হৈ একধৰণৰ দেৱত্ব আৰোপ কৰাৰ প্ৰৱণতা আহিল, সেইবোৰক সন্তুষ্ট কৰিবলৈ আদিম মানৱৰ মগজুত সৃষ্ট নানা ঐন্দ্ৰজালিক কৰ্মকাণ্ডই অপদেৱতাৰ সৃষ্টিৰ সূত্ৰপাত বুলি কোৱা হয়। সেয়ে মানুহৰ ক্ষতি কৰা আদিম ঈশ্বৰ অতিকাল্পনিক অস্তিত্বৰ পিছলৈ মানুহক পালনকৰ্তা বা সৃষ্টিকৰ্তা ভগৱানলৈ কেনেদৰে ৰূপান্তৰ ঘটিল সেয়া সমাজ বিৱৰ্তনৰ এক কেঁকুৰি। সেই কেঁকুৰিৰ সিটো পাৰে আছে ঈশ্বৰৰ নানা প্ৰতীকবাদেৰে সমাজক স্থিতাৱস্থাত ৰখাৰ শোষকৰ ব্যৰ্থ প্ৰয়াসৰ অলিখিত ইতিহাস।

ধৰ্ম সম্পৰ্কত বা ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কত আমাৰ চিন্তাধাৰা বা দৃষ্টিভংগী কি সেয়ে নিৰূপণ কৰিব আমাৰ অধ্যয়নৰ পথ। ঐতিহাসিক দ্বন্দ্বাত্মক বস্তুবাদৰ সমাজ বিৱৰ্তনৰ আধাৰত ইয়াৰ বিশ্লেষণেহে একমাত্ৰ আমাক সঠিক পথৰ সন্ধান দিব পাৰে। ঐতিহাসিক বস্তুবাদে বিগত সমাজক চাৰিটা ভাগত বিভক্ত কৰিছে- আদিম সাম্যবাদী সমাজ, দাসতান্ত্ৰিক সমাজ, সামন্ততান্ত্ৰিক সমাজ আৰু পুঁজিবাদ। দাসব্যৱস্থাত দাসমালিকৰ অধিকাৰপ্ৰাপ্ত উত্পাদনৰ সকলো সমলে সৃষ্টি কৰা সংঘাত মোকাবিলা কৰিবলৈ দাসমালিকে নিজকে ঈশ্বৰৰ সন্তান বুলি প্ৰচাৰ কৰিবলৈ ল’লে, যাতে ঈশ্বৰভয়ে দাসশোষণৰ বিৰূদ্ধে দাসসকলক সংগঠিত কৰিব নোৱাৰে। কিন্তু সমাজ কেতিয়াও এটা অৱস্থাত ৰৈ নাথাকে। সংগঠিত কৃষিব্যৱস্থাৰ উদ্ভৱ হোৱাৰ লগে লগে দাসমালিকে উত্পাদনৰ উপাদান আৰু কিছু ভূমি কৃষকৰ হাতত দিবলৈ বাধ্য হৈ পৰে আৰু নিজে সামন্তলৈ পৰ্যবশিত হয়। সামন্ততান্ত্ৰিকব্যৱস্থাত উত্পাদনৰ ওপৰত নিজৰ অধিকাৰ প্ৰতিষ্ঠা কৰাৰ বাবে বা সেই সমাজখন স্থিতাৱস্থাত ৰাখিবলৈ একশ্ৰেণীৰ ধৰ্মগুৰুৰ সৃষ্টি কৰি লয় আৰু নিজকে ধৰ্মৰক্ষক হিচাপে প্ৰতিষ্ঠা কৰি লয়। অৰ্থাৎ শোষণ কৰাৰ প্ৰক্ৰিয়া সুগম কৰিবলৈকে সংগঠিত সমাজত সংগঠিত ধৰ্মৰ খুঁটা পোতা হয়। মানুহৰ মাজত বিকাশমান সভ্যতা-সংস্কৃতিয়ে এই সংগঠিত ধৰ্মৰ লগত সনা-পোটোকা খাই পৰে। সমাজ এখন যিমানেই সংগঠিত হ’ব উত্পাদনো সিমানেই বেছি হ’ব আৰু শোষণৰ পৰিমাণো অধিক হ’ব, অৰ্থাৎ সামন্তৰ ভঁৰাল সিমানেই ডাঙৰ হ’ব। সেয়ে কিজানি সমাজ বহল কৰাৰ উদ্দেশ্য বা সংগঠিত কৰাৰ উদ্দেশ্যে পোনপ্ৰথমে বিয়া-বাৰুৰ ক্ষেত্ৰত বাধাযুক্ত সম্পৰ্কৰ (prohibited relationship) ধাৰণা ধৰ্মীয় নীতি অৰ্থাৎ পাপৰ ধাৰণালৈ পৰ্যবশিত হয়। কালক্ৰমত সেয়া সমগোত্ৰৰ মাজত বাধাযুক্ত সম্পৰ্কলৈ ৰূপান্তৰ ঘটে। সামন্তবাদৰ য’ত প্ৰভাৱ কম সেইবোৰ ঠাইত বাধাযুক্ত সম্পৰ্কৰ ধাৰণা শিথিল। সভ্যতা-সংস্কৃতিৰ বিকাশে সেই ধাৰণা গ্ৰহণ কৰিছে আৰু ই সমাজৰ এক এৰাব নোৱাৰা বিষয়লৈ পৰিণত হৈছে (ভাৰতত সমগোত্ৰৰ মাজত বৈবাহিকসম্পৰ্ক এতিয়া আইন সংগত)। অৱশ্যে আদিম সাম্যবাদী সমাজৰ পিছৰ সময়ত তেজৰ সম্পৰ্ক নথকা ভিন্ন গোটৰ মাজত বিয়া বাৰুক অগ্ৰাধিকাৰ দিয়া হয়, কিয়নো কৃষিব্যৱস্থাৰ উদ্ভৱ ফলত প্ৰয়োজনীয় সংগঠিত শ্ৰম আৰু সচৰাচৰ হৈ থকা ভিন্ন গোটৰ মাজত যুঁজ বাগৰ মষিমূৰ কৰাৰ একমাত্ৰ উপায় হয়তো সেয়াই আছিল। সেয়ে পৰৱৰ্তী সময়ত ধৰ্মৰ সেই বৈবাহিক বাধাযুক্ত ধাৰণা মানুহে গ্ৰহণ কৰাত সহজ হৈ পৰিল বুলি অনুমান কৰিব পাৰি।

ঈশ্বৰ-ধৰ্ম আৰু ৰাজনীতি সেয়ে প্ৰতিখন সামন্তবাদী-অৰ্ধসামন্তবাদী বা পুঁজিবাদী সমাজৰো এটা মুদ্ৰাৰ ইপিঠি সিপিঠি।এসময়ত মানৱক অন্যায় কৰিবলৈ অহৰহ প্ৰস্তুত অপদেৱতা পিছলৈ মানুহৰ মংগলকৰ্তা ঈশ্বৰ বা দেৱতালৈ ৰূপান্তৰিত হোৱাৰ কাৰনো এই ৰাজনীতি। কাৰণ শাসনকৰ্তা সামন্ত প্ৰভূ ঈশ্বৰৰ এজেণ্ট বা কেতিয়াবা নিজেই ঈশ্বৰ। প্ৰজাকল্যাণৰ ধাৰণাৰে শোষণ কাৰ্য কৰি সমাজক সেই স্থিতাৱস্থাতে ৰাখি থোৱাৰ প্ৰয়াস কৰা সামন্ত প্ৰভূক অপদেৱতা কেনেকৈ কৰিব পাৰি? সেয়ে সামন্ত প্ৰভূ মহাৰাজ হ’লগৈ অপদেৱতা বিনাসৰ শক্তি। ঈশ্বৰ আৰাধনাৰ সৈতে ধৰ্মৰ সম্পৰ্ক দৃঢ় কৰিবলৈ বিভিন্ন প্ৰতীকৰ সৃষ্টি আদিও এইসমগ্ৰ ক্ৰিয়াকাণ্ডৰে অংগ।
মানুহে সমাজ বাদ দি জীয়াই থাকিব নোৱাৰে। সেয়ে মানুহৰ জিনীয় প্ৰৱণতাও সহযোগিতাৰ বুলি জিন বিশেষজ্ঞসকলে কয়। এই সহযোগিতাই মানৱ সমাজক জীয়াই ৰাখে বা সমাজৰ মাজত সৃষ্ট দ্বন্দ্বই সেই সমাজক বিকাশমান কৰে বা বিৱৰ্তন ঘটায়। মানুহৰ সংস্কৃতিয়ে সমাজ বিৱৰ্তনক ত্বৰান্বিত কৰাত উত্সাহ যোগায়, যিহেতু সংস্কৃতিও বিৱৰ্তনৰেই এক অংগ। কিন্তু ধৰ্মই সেই সমাজক স্থিতাৱস্থাত ৰাখি থবলৈ আপ্ৰাণ চেষ্টা কৰে। সমাজৰ বিকাশ আৰু বিৱৰ্তনৰ বাটত সদায় সংগঠিত ধৰ্মই বাধা হৈ দেখা দিয়ে। কিন্তু সমাজ বিকাশ এখন পাহাৰীয়া নৈৰ দৰে। ইয়াক কোনেও বাধা দি ৰাখিব নোৱাৰে। যিদৰে ব্ৰাহ্মণ্যবাদৰ বিৰূদ্ধে গণসমাজে কৃষ্ণ নামৰ এক প্ৰতীকৰ জন্ম দিছিল, যি প্ৰতীক সাধাৰণ অব্ৰাহ্মণ গৰখীয়াৰ লগত থাকে, সেই কৃষ্ণমাৰ্গক কোনেও বাধা দিব নোৱাৰিলে। কাৰণ সেই সময়ত সেয়া প্ৰগতিশীল আছিল। যিদৰে শ্ৰীমন্ত শংকৰদেৱ বা চৈতন্যদেৱ বা ইছলামৰ কঠোৰ মোল্লাতন্ত্ৰৰ বিৰূদ্ধে চুফীবাদ সদায় এক প্ৰগতিশীল ঢৌ হৈ সমাজত প্ৰগতিশীল ধাৰণাৰ বিকাশ সাধন কৰিছিল। কিন্তু তাৰ বিপৰীতে পুনৰুত্থানবাদৰো সৃষ্টি হৈছে। এই পুনৰুত্থানক কোনে সাৰ-পানী দিছে সেয়া বিশ্বৰাজনীতি পৰ্যবেক্ষণ কৰিলেই ওলাই পৰে। আফগানিস্তানত ছোভিয়েটৰ প্ৰভাৱ ৰোধ কৰিবলৈ আমেৰিকাই ইছলামিক মৌলবাদৰ জন্ম দিয়াৰ দৰে ভাৰততো ধৰ্মৰ নামত এক অস্থিৰতা সৃষ্টি কৰিবলৈ ‘চি আই এ’ বা ‘ৰ’ বা ‘আই এছ আই’ৰ কৌশল নাই বুলি কোনোবাই বিশ্বাস কৰিবনে? হিন্দুত্বৰ প্ৰবক্তা নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰীৰ পদত বিচৰা এচাম বহুজাতিক সংস্থাই মিডিয়াকে ধৰি বিভিন্ন মাধ্যমত উঠি পৰি লগা নাইনে? প্ৰশ্ন হয়, কংগ্ৰেছে নিজৰ মাজত থকা নানান সংঘাত, সীমাহীন দুৰ্নীতি আৰু সকলোকে টোপ দি সন্তুষ্ট কৰি ৰথাৰ প্ৰৱণতাই বহুজাতিকৰ শোষণ প্ৰক্ৰিয়াত কেনেবাকৈ কেনা লগাইছে নেকি? উদাহৰণস্বৰূপে, নৰেন্দ্ৰ মোদী আহিলে কিজানি অসমত নদী বান্ধ আন্দোলন প্ৰশমিত হয়, কাৰণ জাতীয়তাবাদীসকলক হয়তো বিজেপিয়ে মেনেজ কৰিব পৰাৰ আশা পুহি ৰাখিছে। ঠিক এনে ধৰণৰ কথা। এইদৰে ধৰ্মৰ নামত, ঈশ্বৰৰ নামত ৰাজনীতি কৰি সৰ্বসাধাৰণৰ অধিকাৰক ভূলুণ্ঠিত কৰি আহিছে শাসকগোষ্ঠী আৰু এওঁলোকৰ প্ৰবক্তাসকলে। কেতিয়াবা প্ৰশ্ন হয়, বাংলাদেশত হিন্দু নিধন আৰু ভাৰতত নৰেন্দ্ৰ মোদী, আমেৰিকাত বিনিয়োগ কৰিবলৈ উঠি পৰি লগা বিশ্ব, ডলাৰৰ শ্ৰীবৃদ্ধিৰ আঁতৰত চি আই এ…এইবোৰৰ মাজেৰে কিবা এডাল ৰেখা টানিব পাৰি নেকি?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments