ধৰ্ম ক’ত? – জয়শ্ৰী মেছ গগৈ

বছৰত এবাৰ বা দুবাৰ আব্দুলে ফোন কৰে৷
: বৌ, চহৰলৈ অহা গাড়ী খনতে অলপ চাউল দি পঠিয়াবচোন৷

মই দহ কেজি মান চাউল, বাৰীৰ পাচলি অলপমান বেগত ভৰাই গাড়ীত তুলি দি পঠিয়াই দিওঁ৷
সন্ধিয়া সি আকৌ ফোন কৰে _

: বৌ চাউলটো পালোঁ৷ ই বাবু ভালে আছে না? ককাই? ককাই ক’ত?

মই তাক আমাৰ সৰু পৰিয়ালটোৰ যথাযথ উত্তৰ দি তাৰ খবৰ লওঁ৷
আব্দুলৰ ডাঙৰ ল’ৰা প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কলেজত নাম লগালে৷ সৰুটো পঞ্চম শ্ৰেণী পাইছে৷ বৰ সন্তোষ মনেৰে কৈ যায়৷
মোৰ শুনি ভাল লাগে তাৰ কথাবোৰ৷ সুখী হওঁ, যেন ঘৰৰ কাৰোবাৰ সৈতে হে ময়ো কথা পাতি আছোঁ৷ তেনে অনুভৱ এটাই মনত ক্ৰিয়া কৰি থাকে৷
তাৰ ঘৈনীয়েক ৰূপালী কলিতাৰ কথাবোৰ মই বুজি নাপাওঁ৷ তাই বৰপেটাৰ ছোৱালী, নামনিৰ কথিত ভাষা বুজা মোৰ পক্ষে অসম্ভৱ৷ সেয়ে মই আব্দুলৰ পৰাই তাইৰো খবৰ লওঁ৷
আব্দুলৰ আজোককাক অসমৰ কোনোবা এজন ৰজাৰ দিনত ৰাজ মিস্ত্ৰি আছিল৷ ৰজাই মৰমতে ধুবুৰি ফালে মাটি এশ বিঘা দিছিল৷ কিন্তু সেই একেই ইতিহাসৰ পুনৰাবৃত্তি৷ আব্দুলৰ ককাক, বাপেক সকলোৱে মাটি বিক্ৰী কৰি ভেঁটি উচন কৰিলে৷ সহজতে মাটি পাই কাম-বন এৰি তেওঁলোকে সম্পত্তিৰ অন্তিমখিনিকো শেষ কৰি পেলালে৷ দুটা প্ৰজন্মৰ পিছত আব্দুলে উপায়হীন হৈ পুনৰ আজোককাকৰ কামটোতে হাত দিলে৷
এনেকৈ মিস্ত্ৰি কাম কৰি ফুৰোঁতে সি ৰূপালীক লগ পালে৷ প্ৰেম হ’ল৷ কিন্তু ৰূপালীক কেতিয়াও তালৈ নিদিয়ে এইটো চিৰসত্য কথা৷ সেয়ে এদিন দুয়োটা পলাই উজনি পালেহি৷ হাতৰ বিদ্যাৰ মৰণ নাই সেয়ে সি চহৰৰ সৰু ভাৰা ঘৰ এটাত কোনো অসুবিধা নোহোৱাকৈ ৰূপালীক ভালদৰে ৰাখিছে৷
সংসাৰ বাঢ়িল৷ আব্দুলৰ সন্তান হ’ল৷ সি ৰূপালীক কথা দিয়াৰ দৰেই সন্তানক এতিয়া কলিতা উপাধি দিলে৷ আব্দুল, আব্দুলেই হৈ থাকিল৷ ভালপোৱাৰ বাবে সি এইকণ বুজাপৰা কৰি লৈছে৷

: বুজিছে বৌ, এজনী ছোৱালীয়ে যদি ঘৰৰ সকলো এৰি মোক ভালপোৱাৰ বাবে অন্ধ হৈ গুচি আহিব পাৰে৷ তেন্তে তাইৰ বাবে কি মই একো কৰিব নোৱাৰিম নেকি? মই যি পাৰিম তাইক সকলো দিম৷

নিজৰ নামটো লিখিব নজনা আব্দুলৰ মুখত সেইখিনি কথা শুনি মই বাকৰূদ্ধ হৈ পৰিছিলোঁ৷ এটা সন্মান অজানিতে তালৈ বুলি গঢ় লৈ উঠিল৷
সি আহিছিল মোৰ ঘৰ বান্ধিবলৈ৷ কিন্তু তাৰ সৰল স্বীকাৰোক্তিবোৰে মোৰ মনতো ঘৰ এটা বান্ধি থৈ গ’ল৷ হয়তো এইটো কাৰণতেই সি ফোন কৰিলেই মই যি পাৰোঁ হাঁহি হাঁহি গাড়ীত তুলি দি পঠিয়াওঁ৷ যদিও সি ইয়াৰ পৰা যোৱা আজি পাঁচ বছৰ হ’ল৷
এদিন তাৰ ভাৰা ঘৰ গৈছিলোঁ৷ সি নাছিল ৰূপালীক পালোঁ৷
তাই ফোনত আব্দুলক ক’লে “বৌ আহিছে”৷ সি লগে লগে তাইক কাঢ়া নিৰ্দেশ –
: বৌ হয়৷ বৌ গৈছে আমাৰ ঘৰ, চাবি যাতে সোধ পোচত অলপো কম নহয়৷ ভালদৰে যাঁচিবি, ভাল বৰ্তনত খাবলৈ দিবি৷
তাই মিচিকিয়াই হাঁহি হাঁহি ফোনটো লাউড কৰি মোক শুনাইছিল আব্দুলৰ কথাবোৰ৷
তাই বহুত খোৱা বস্তু ৰান্ধি মোক খাবলৈ দিছিল৷ আহিবৰ সময়ত সন্তান দুটালৈ কেইটামান টকা দি তাইক সাৱটি কৈ আহিছিলোঁ ভালদৰে থাকিবি ভণ্টি..! !

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
বুলবুল ভূঞা
3 years ago

অতি সুন্দৰ

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক