ধৰ্ম (দেৱ প্ৰতীম হাজৰিকা)

ৰাজুৰ মাক -“ৰাজু কি বুলি ক’বা, ফেন্সী ড্ৰেচ কম্পিটিছনত?”

ৰাজু – “I am a beggar, please feed me. I beg because I….”

ৰাজুৰ মাক – “এনেকৈ পাহৰিলে কেনেকৈ হ’ব?”

ৰাজু – “কিন্তু ভিক্ষাৰীয়ে জানো ইংৰাজীত কয়?”

ৰাজুৰ মাক – “তুমি অলপ বেলেগ ধৰণৰ ভিক্ষাৰী আকৌ।”

ৰাজু – “I am a beggar, please feed me. I beg because I am poor.”

ৰাজুৰ মাক – “বঢ়িয়া হৈছে। আজি প্ৰথম তুমিয়েই হ’বা।”

 

* * * * * * * * * * * * * * * * *

আজি ৰমেনৰ প্ৰথম দিন। ট্ৰেফিক পুলিচৰ চাকৰীৰ বাবে অশেষ কষ্টেৰে পৰীক্ষা দি যেনেতেনে চাকৰিটো পাইছে। সেইকাৰণে ৰাতিপুৱাই মন্দিৰলৈ আহিছে। চাকৰিলৈ যোৱাৰ আগেয়ে অলপ পূজা কৰি যাওঁ বুলি। পূজা-পাতল শেষ কৰি দানপাত্ৰত দান কৰিবলৈ লওঁতেই এটা ভিক্ষাৰী আহি ওলালহি। দানপাত্ৰত পইচা দিয়াৰ সলনি ভিক্ষাৰীটোকে ৰমেনে সেই পইচাখিনি দি গুচি আহিল।
* * * * * * * * * * * * * * * * *

সময়মতেই ৰমেন চাকৰিস্থলীত গৈ উপস্থিত হ’লগৈ। তাত তেওঁৰ ওপৰৰ বিষয়া আগতেই আহি পাইছিলহি।
“কি হে ডেকা ল’ৰা, প্ৰথম দিন নেকি?”

“হয় ছাৰ। প্ৰথম দিন।”

“কি কি কৰিব লাগে জানানে শিকাব লাগিব?”

“ট্ৰেইনিঙত যি শিকাইছিল সেয়াই আৰু। শিকিম আৰু লাহে লাহে।”

“সকলো শিকি যাবা মোৰ লগত থাকিলে।”

“ব’লা অলপ টহল দি আহোঁ।”

অলপ দূৰ যোৱাৰ পাছত ৰমেনক তেওঁৰ ওপৰৰ বিষয়াই ক’লে “যোৱা সেই শাক-পাচলি বেচি থকা দোকানীজনৰ পৰা আমাৰ পাবলগীয়াখিনি লৈ আহাগৈ।”

ৰমেন- “মানে? মই বুজি নাপালোঁ!”

বিষয়া- “তুমি একো ক’ব নালাগে, মাত্ৰ গৈ হাতখন আগবঢ়াই দিলেই হ’ল। যোৱা যোৱা একো নহয়।”

ৰমেনে গৈ দোকানীজনৰ আগত গৈ বিষয়াজনে কোৱাৰ দৰেই কৰিলে। দোকানীজনে তেতিয়া ৰমেনৰ ফালে ৫০ টকীয়া নোট এখন আগবঢ়াই দিলে।

ৰমেনে একো বুজি নাপাই বিষয়াজনৰ ফালে চালে। তেওঁ ইংগিতেৰে পইচা ল’বলৈ ক’লে। ৰমেনে বিষয়াজনৰ ওচৰলৈ আহি কলে “এইবিলাক ভাল কাম নহয়।”

বিষয়া -“কি ভাল কাম নহয়! এইবিলাক নকৰিলে চলিবা কেনেকৈ?”
* * * * * * * * * * * * * * * * * *

ৰাজু গাড়ীত অকলে বহি আছে। মাক-বাপেকে গাড়ীখন ৰখাই দোকানলৈ গৈছে কিবা এটা আনিবলৈ। ৰাজু সাজত এটা ফটা গেঞ্জী আৰু মলিয়ন পেণ্ট। ফেন্সী ড্ৰেছ কম্পিটিছন আছে আজি তাৰ স্কুলত। তাৰ হাতত এটা খালী বাচন। মানে সম্পূৰ্ণ এটা ভিক্ষাৰী হৈ পৰিছিল।

তেনেতে এটা ভিক্ষাৰী আহি গাড়ীৰ খিৰিকীত টোকৰ মাৰিলে। ৰাজুৱে গাড়ীৰ গ্লাচখন তললৈ নমালে। বৃদ্ধ ভিক্ষাৰীটোৱে ৰাজুক তেনে সাজত দেখি তাক তাৰ কাৰণ সুধিলে। ৰাজুৱেও কাৰণ ক’লে। ভিক্ষাৰীটোৱে তাৰ কথা শুনি হাঁহিবলৈ ধৰিলে।

ভিক্ষাৰী-“মই হৈছোঁ এটা বুঢ়া। বয়স বহুত হ’ল মোৰ। কাম কৰিব নোৱাৰা হ’লোঁ। এই কাম কৰাৰ আগেয়ে কাম কৰিয়ে নিজৰ পেটৰ ভোক নিবাৰণ কৰি আছিলোঁ। এতিয়া এই বুঢ়া হাড়কেইডালত ইমান শক্তি নাই। এই কাম কৰিবলৈ মন নাযায়। মৃত্যুলৈ ভয় লাগে, পেটৰ তাড়নাত কৰিছোঁ এই কাম। ওপৰৱালাই সকলো চাই আছে। যদি মোৰ নিচিনা মানুহৰ পেটৰ ভোক দূৰ কৰিব নোৱাৰে তেন্তে সকলোতকৈ ডাঙৰ ভিক্ষাৰী সেই ওপৰত থকাজন।”

ৰাজুৰ কুমলীয়া মনটোৱে ইমানখিনি কথা বুজি পোৱা নাছিল। সি তেতিয়া মাকৰ পাৰ্চটো ওচৰতে দেখি তাৰপৰা ১০০ টকীয়া নোট এখন ভিক্ষাৰীটোৰ ফালে আগবঢ়াই দিলে। কিন্তু ভিক্ষাৰীটোৱে সেই পইচা নলওঁ বুলি ক’লে। কাৰণ ৰাজুৱে মাকৰ পাৰ্চৰপৰা পইচা  বিনা অনুমতিত লৈছিল। গতিকে ই চুৰিৰ সমতুল্য। গতিকে এই পইচা তেঁও লব নোৱাৰে। কিন্তু ৰাজুৱে একো নহয় বুলি জোৰকৈ পইচা লবলৈ ক’লে।

তেনেতে ৰাজুৰ মাক-বাপেকো আহি তাত উপস্থিত হৈছিল। বাপেকে ভিক্ষাৰীটো তাত তেনেকে দেখি খঙতে গতা মাৰি দিলে। ভিক্ষাৰীটো মাটিত বাগৰি পৰিল আৰু দুখ পাই কেঁকাবলৈ ধৰিলে।
* * * * * * * * * * * * * * * * * * *

ৰমেনে দিউটি দি থকা ঠাইত অকস্মাত হোৱা চিঞৰ বাখৰত তেওঁৰ ওপৰৱালাজনে কিনো হৈছে বুলি চাই দেখিলে অলপ দূৰত এজন গাড়ীৱালা আৰু এটা ভিক্ষাৰীৰ মাজত কিবা লাগিছে। বিষয়াজন আৰু ৰমেন তাত উপস্থিত হ’ল।

বিষয়া-“কি হৈছে এইবিলাক হাঁ? কি ৰাস্তাৰ মাজত এনেকৈ কাজিয়া কৰিব আহিছে? দুয়োকে থানাত ভৰাই থ’মগৈ।”

গাড়ীৱালা- “ছাৰ, এই ভিক্ষাৰীটো নাজানো ক’ৰপৰা আহি মোৰ ল’ৰাৰ লগত কথা পাতি আছিল। মই সময়ত নহাহেঁতেন কি হ’লহেঁতেন ভাবিবলৈও ভয় লাগিছে।”

বিষয়া- “নাই কথা এনেকৈ শেষ নহয়। কিবা এটা হ’ব লাগিব। তেহে কথা ইয়াত শেষ হব। এনেকে ৰাস্তাৰ মাজত আপুনি কাকো মাৰিব নোৱাৰে।”

গাড়ীৱালাজনে তেওঁৰ কথা বুজি পাই টকা দুশ বিষায়জনৰ হাতত গুজি দি তাৰপৰা আঁতৰ হ’ল।

ৰমেনে মনে মনে বিষয়াজনৰ কাণ্ডবোৰ চাই আছিল।

ভিক্ষাৰী- “হাঃ হাঃ, এইটোহে আচল ভিক্ষাৰী। ইয়াকহে আচলতে ভিক্ষাৰ দৰকাৰ।”

এই কথা শুনি বিষয়াজনে খঙতে ভিক্ষাৰীটোক মাৰিবলৈ ধৰিলে।

“চাল্লা সৰু ল’ৰা বুলি তাৰপৰা পইচা সৰকাব আহিছ। চিনি পোৱা নাই মোক। চাওঁ কিমান সৰকালি…?” বুলি ভিক্ষাৰীটোৰ হাতৰপৰা টকাশ লৈ তেঁওৰ পকেটত ভৰালে।

ৰমেনে সকলোবোৰ চাই আছিল। কিন্তু একো কোৱা নাছিল। একপ্ৰকাৰ আচৰিত হৈছিল, চাকৰিৰ প্ৰথম দিনত পোৱা অভিজ্ঞতাৰ পৰা।
* * * * * * * * * * * * * * * * * * * *

যথাসময়ত ফেন্সী ড্ৰেছ কম্পিটিছন আৰম্ভ হ’ল। ৰাজুৰ পাল পৰিল। ৰাজুৰ কোৱাৰ পাল এতিয়া। মাক-বাপেকে তালৈ চাই আছে দৰ্শকৰ শাৰীৰ পৰা। ৰাজুৱে তেতিয়া কবলৈ ধৰিলে “মই এটা বুঢ়া। বয়স বহুত হ’ল মোৰ। কাম কৰিব নোৱাৰা হ’লোঁ। এই কাম কৰাৰ আগেয়ে কাম কৰিয়ে নিজৰ পেটৰ ভোক নিবাৰণ কৰি আছিলোঁ। এতিয়া এই বুঢ়া হাড়ত ইমান শক্তি নাই। এই কাম কৰিবলৈ মন নাযায়। মৃত্যুলৈ ভয় লাগে, পেটৰ তাড়নাত কৰিছোঁ এই কাম। ওপৰৱালাই সকলো চাই আছে। যদি মোৰ নিচিনা মানুহৰ পেটৰ ভোক দূৰ কৰিব নোৱাৰে তেন্তে সকলোতকৈ ডাঙৰ ভিক্ষাৰী সেই ওপৰত থকাজন।”

ৰাজুৰ এই কথা শুনি সকলোৱে হাতচাপৰি বজাব ধৰিলে। কিন্তু এই কথা কোৱাৰ লগে লগে ৰাজুৰ চকুৰ পৰা নিগৰিত হোৱা চকুপানী কোনেও মন কৰা নাছিল, আনকি তাৰ মাক-বাপেকও।
* * * * * * * * * * * * * * * * * * * *

আবেলি পাঁচ বাজিছে। ৰমেনে অথনিৰেপৰা ভাবি থকা কামটো কৰিম বুলি থিক কৰিলে। সি বিষয়াজনৰ ওচৰলৈ গৈ ক’লে “ছাৰ টকা এশ দিয়কচোন। অলপ জৰুৰী আছিল।”

বিষয়াজনে ৰমেনক টকা এশ দিলে। লগে লগে ৰমেন তাত নৰৈ ভিক্ষাৰীটোৰ ওচৰ পালেগৈ। সি সেই এশ টকাৰ লগত আৰু টকা এশ যোগ দি টকা দুশ ভিক্ষাৰীটোৰ ফালে আগবঢ়াই দি ক’লে “বাবা, আপোনাৰ প্ৰাপ্যখিনি সূতে-মূলে দিয়াটো উচিত বুলি ভাবিলোঁ। চাকৰিৰ প্ৰথম দিনা অনেক ভুল কৰিলোঁ। কিন্তু দিনটো শেষ হোৱাৰ আগেয়ে এটা পুণ্যৰ কাম কৰি যাওঁ বুলি ভাবিলোঁ। আশীৰ্বাদ কৰিব যাতে আগলৈ ভুল কাম নকৰোঁ।”

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments