ধৰ্ষণকাৰী সন্ত্ৰাসবাদীতকৈও ভয়ানক

ধৰ্ষণকাৰী সন্ত্ৰাসবাদীতকৈও ভয়ানক

প্ৰতিম প্ৰতাপ বৰুৱা: যোৱা বছৰৰ ১৬ ডিচেম্বৰৰ দিল্লীৰ ভয়াবহ ঘটনাটোৰ স্মৃতি মনৰ পৰা নাঁতৰোতেই গুৱাহাটীত প্ৰায় একে ধৰণৰ ঘটনা এটা সংঘটিত হ’ল। দুগৰাকী যুৱতীক ধৰ্ষণ কৰি হত্যা কৰি পেলোৱা হ’ল। এই দুয়োটা ঘটনাৰ মাজৰ সময়খিনিত অসমকে ধৰি সমগ্ৰ ভাৰতত ধৰ্ষণ আৰু নাৰীৰ ওপৰত অত্যাচাৰ সম্পৰ্কীয় কিমান অপৰাধ সংঘটিত হ’ল সেই সংখ্যা অবিশ্বাসভাৱে বৃহৎ। ভাৰতত প্ৰতি ১৫ মিনিটত একোটাকৈ নাৰী উৎপীড়ন সম্বন্ধীয় অপৰাধ হয় আৰু প্ৰতি ৩০ মিনিটত একোগৰাকী নাৰীক ধৰ্ষণ কৰা হয়। এই পৰিসংখ্যাই যদি আপোনাৰ বুকু কঁপাই তোলা নাই, তেন্তে নিজকে প্ৰশ্ন কৰক আপোনাৰ চকুত নাৰীৰ স্থান কি?

গুৱাহাটীৰ এই ঘটনাটোৰ পিছত বা এনেধৰণৰ ঘটনাবোৰ সংঘটিত হোৱাৰ পিছত দুদিনমান আলোচনা, প্ৰতিবাদ, গৰিহনা, গ্ৰেপ্তাৰ, মম জ্বলোৱা, অপৰাধীৰ ফাঁচীৰ দাবী কৰা আদি হ’ব বা হয়। হয়তো ফাষ্ট ট্ৰেক কৰ্ট গঠন কৰি অপৰাধীক সোনকালে বিচাৰো কৰা হব, ৰায়দানো সোনকালে দিয়া হ’ব। কিন্তু তাৰ পিছত কি? ভাৰতত বৰ্তমান সংশোধিত আইনী ব্যৱস্থা মতে নাৰী উৎপীড়ন তথা ধৰ্ষণৰ অপৰাধৰ শাস্তি অতি কঠোৰ। (দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ অপৰাধীকেইটাৰ ইতিমধ্যে ফাঁচীৰ হুকুম হৈছে।) কিন্তু সেই শাস্তি প্ৰদানৰ ব্যৱস্থাটো এতিয়াও বহুত লেহেমীয়া। (দিল্লীৰ নিৰ্ভয়া কাণ্ড সংঘটিত হোৱা আজি ১০ মাহ হ’লহি, কিন্তু আদালতে প্ৰদান কৰা শাস্তি কাৰ্যকৰী হ’বলৈ এতিয়াও বহুদূৰ বাট বাকী।) আৰু হয়তো সেইবাবেই এই ব্যৱস্থাটোলৈ অথবা পুলিচী ব্যৱস্থাটোলৈ এতিয়াও অপৰাধীয়ে, বিশেষকৈ নাৰী-উৎপীড়নকাৰীয়ে ভয় নকৰে আৰু হয়তো সেইবাবেই সাধাৰণ মানুহৰ এই ব্যৱস্থাটোৰ ওপৰত থাকিবলগীয়া ভৰসা নাই। পুলিচ আৰু আইন – এই দুয়োটা ব্যৱস্থাতে সংশোধন আৰু সংস্কাৰৰ প্ৰচুৰ অৱকাশ আছে।

ভাৰতত প্ৰায় প্ৰতিগৰাকী নাৰীয়েই জীৱনত বহুবাৰ শাৰীৰিক নহ’লেও মানসিক উৎপীড়নৰ সন্মুখীন হয়েই। ৰেলে-বাচে অথবা আন ভীৰ হোৱা ঠাইত সুবিধা পালেই নাৰীক শাৰীৰিকভাৱে দুৰ্ব্যৱহাৰ কৰিবলৈ অনবৰতে সাজু থকা এচাম পুৰুষৰূপী নপুংসক সৰ্বত্ৰ থাকেই। এনে এচাম নপুংসকৰ বাবেই একোগৰাকী নাৰী আজিৰ দিনতো এনে ঠাইবোৰত সুৰক্ষিত নহয়।

ভাৰতৰ সমাজব্যৱস্থা আৰু বৰ্তমান আমাৰ জীৱন যাত্ৰাৰ প্ৰতি আমি পুনৰায় চকু দিবৰ হ’ল। যিমানেই নাৰী-স্বাধীনতা, নাৰী-মুক্তিৰ কথা কোৱা নহওক লাগে, এটা কথা সত্য যে ভাৰতীয় সমাজ-ব্যৱস্থাত এতিয়াও নাৰীৰ স্থান দুখ লগাকৈ নিম্ন। প্ৰকৃতাৰ্থত বেছিভাগ ভাৰতীয় মানুহৰ নাৰীৰ প্ৰতি দৃষ্টিভঙ্গী অথবা মানসিকতাৰ একো সলনি হোৱা নাই। ভাৰতৰ বাহিৰত বহুতেই বিশ্বাস নকৰিব যে ভাৰতত নাৰী-ধৰ্ষণক এতিয়াও নাৰীক সামাজিকভাৱে দমাই থবলৈ এক অস্ত্ৰ হিচাপেও ব্যৱহাৰ কৰা হয়। তাতোকৈও ভয়ানক কথা যে বহুসময়ত আনকি নাৰীয়েও পুৰুষক আন এগৰাকী নাৰীক ধৰ্ষণ কৰাত সহায় কৰে।

আমাৰ জীৱন-যাত্ৰা তথা প্ৰযুক্তিৰ উন্নতিয়েও সমাজত নাৰীজনিত অপৰাধ বঢ়োৱাত সহায় কৰিছে নেকি? এই প্ৰশ্নটোৰ উত্তৰো আমি বিচাৰিব লাগিব। এটা কথা অস্বীকাৰ কৰি লাভ নাই যে ইণ্টাৰনেট, স্মাৰ্টফোন আদিয়ে যেনেকৈ আমাৰ জীৱন-যাত্ৰা তথা জ্ঞানাৰ্জন সহজ কৰিছে তেনেকৈ এইবোৰে সমাজলৈ অভিশাপো বিয়পাইছে। ইণ্টাৰনেটত আজি পৰ্ণ ছাইটবোৰ অতি সহজে উপলব্ধ। ম’বাইল ফোনত চাব পৰা পৰ্ণ ভিডিঅ’ৰ এক ৰম্‌ৰমীয়া ব্যৱসায় ভাৰতৰ কেইবাখনো প্ৰদেশত চলি আছে।

নাৰী-উৎপীড়নৰ ঘটনাবোৰ ৰোধিবলৈ যাওঁতে আমি এইবোৰ কথাও চিন্তা কৰিব লাগিব।

নিপুল মেধি: “ইণ্টাৰনেট, স্মাৰ্টফোন আদিয়ে যেনেকৈ আমাৰ জীৱন-যাত্ৰা তথা জ্ঞানাৰ্জন সহজ কৰিছে তেনেকৈ এইবোৰে সমাজলৈ অভিশাপো বিয়পাইছে।” -একমত ।

সীমান্ত কুমাৰ বৰা: “ভাৰতত প্ৰতি ১৫ মিনিটত একোটাকৈ নাৰী উৎপীড়ন সম্বন্ধীয় অপৰাধ হয় আৰু প্ৰতি ৩০ মিনিটত একোগৰাকী নাৰীক ধৰ্ষণ কৰা হয়।”, “নাৰীয়েও পুৰুষক আন এগৰাকী নাৰীক ধৰ্ষণ কৰাত সহায় কৰে।” …. বৰ দুখ লগা এটা অধ্যায়৷ এনেধৰণৰ হিংসা আঁতৰাবলৈ হ’লে চৰকাৰৰ লগতে প্ৰত্যেক অঞ্চলৰ নাৰী-পুৰুষসকলো সমানে সজাগ হ’ব লাগিব৷ এনেবোৰ পুৰুষৰূপী নৰপিশাচক ৰাজহুৱা স্থানত শিৰচ্ছেদ কৰিব লাগে ৷ তেতিয়াহে যদি এনেধৰণৰ হৃদয় বিদাৰক ঘটনাবোৰ ঘটিবলৈ নাপায়৷

দেৱব্ৰত বৰা: চিটিবাছত সততে নাৰীৰ গাত গা ঘঁহাবলৈ বিছাৰি ফুৰা জ্যেষ্ঠ নাগৰিক কেইজনক দেখি বিচিত্ৰ ভাৱ উদয় হয়।

নীৰেন বৰা: এটা কথা লক্ষ্য কৰিবচোন আমি মানুহবোৰ যিমানেই আধুনিক (তথাকথিত) হৈছোঁ সিমানেই অপৰাধ বাঢ়ি যোৱা নাইনে?

অঞ্জল বৰা: মই ভাবোঁ ইণ্টাৰনেট, তথ্য-প্ৰযুক্তি, স্মাৰ্টফোন, আধুনিকতা এইবোৰ ইয়াৰ কাৰক নহয়, কাৰক হৈছে শিক্ষা (শিক্ষা মানে ‘পুথিগত শিক্ষা/ডিগ্ৰী’ নহয়৷) আৰু সংস্কাৰৰ অভাৱ৷ ঘৰুৱা সংস্কাৰ ঠিকে থাকিলে এই সকলো অপৰাধৰ পৰা মানুহে নিজকে আঁতৰাই ৰাখিব পাৰিব৷

ধীৰাজ কলিতা: যিসকলে সৰুতেই ভাল সংস্কাৰ শিকা নাই, নিসন্দেহে সিহঁতৰ মাজৰে কোনোবা এজনে এই বেয়া কামবোৰ কৰে। ইণ্টাৰনেট, স্মাৰ্টফোন/মোবাইল ফোন আদিয়ে এইক্ষেত্ৰত অনুঘটকৰ কাম কৰে। দিল্লীৰ ঘটনাটো পিছে অলপ বেলেগ। আজিৰ পৰা ৮-১০ বছৰ আগৰ দৰে যদি সাধাৰণ মানুহৰ হাতত মোবাইল নাথাকিলেহেঁতেন, ফোনাফোনি কৰি কৰি লগ হৈ অসৎ কাম কৰাটো আজিৰ দৰে সহজ নহ’লহেঁতেন সেয়া নিশ্চিত। ক’ৰবাত থিয় হৈ ত্ৰিশ মিনিট ধৰি কাৰোবালৈ আপুনি বাট চাই আছে, ওচৰৰ স্থানীয় দোকানীকেইজনে আপোনাক অলপ লক্ষ্য কৰিলে, আপোনাৰ ভংগীমা দেখিলেই অনুমান কৰিব পাৰিব যে আপুনি কাৰোবালৈ বাট চাই আছে। যিটো অসুবিধা হাতত মোবাইল এটা থাকিলে নহয়। সৰু হ’লেও খুব দৰকাৰী কথা বুলি মই ভাৱোঁ।

বিচিত্ৰ বৰদলৈ: ব্যক্তিগতভাৱে মই ইয়াৰ কাৰক হিচাপে শিক্ষাৰ অভাৱতকৈ সংস্কাৰৰ অভাৱকহে বেছি গুৰুত্ব দিম। কিমান অশিক্ষত মানুহ লগ পাইছোঁ ,ক’তা তেওঁলোকেতো মহিলাৰ বিষয়ে ইমান বেয়াকৈ নাভাবে, কিন্তু আমি শিক্ষিতবোৰে কি কৰিছোঁ? আই.চি.উ.ৰ ভিতৰতেই চিকিৎসকে ৰোগীক ধৰ্ষণ কৰিছে। শিক্ষাৰ অভাৱ বুলি কেনেকৈ কওঁ? আচল কথা আমাৰ সমাজখনত সংস্কাৰ বুলি একো নোহোৱা হৈছে, সন্মান নোহোৱা হৈছে। নিজকেই মানুহে সন্মান কৰিব বাদ দিছে, আনক কি কৰিব! আধুনিক হ’বলৈ গৈ আমি কি কৰি আছোঁ, কাক অনুসৰণ কৰিছোঁ, সেইবোৰো ভাবিব লাগিব। কিমান আৰু আধুনিকৰ অভিনয় কৰিব, ইমান ভাল অভিনেতা কোনো নহয়, ধৰা পৰি যাবই। নিজৰ সুবিধামতে আধুনিকতাৰ সংজ্ঞা দি লোৱা আৰু আনকো সেই সংজ্ঞা মানি চলিবলৈ বাধ্য কৰাসকলক চিনি লোৱাৰ সময় আহি পৰিছে।

‘মেই হু বলাতকাৰী’ গোৱা গায়ক এতিয়া ভাৰত বিখ্যাত, পৰ্ণষ্টাৰ এতিয়া ভাৰতীয় ছবিৰ তাৰকা, ‘গ্ৰেন মষ্টি’ৰ দৰে চিনেমা এতিয়া জনপ্ৰিয়তাৰ শিখৰত, কাক কি দেখুৱাই এতিয়া সংস্কাৰ বুজাব!! ব্যক্তিগতভাৱে মই সম্পুৰ্ণ হতাশ।

আবু এম পি হুছেইন: এটা খুব সুন্দৰ বিশ্লেষণ আগবঢ়াইছে। লগতে বহুতেই ভাল ভাল মন্তব্য দিছে, মই এইবোৰৰ সৈতে কম-বেছি সহমত প্ৰকাশ কৰিও ক’ব খুজিম যে মোৰ মতে এইবোৰ নতুন কাৰক। চিনেমা-টিভিত দেহ প্ৰদৰ্শন, সহজলভ্য যৌনগন্ধী ভিডিঅ’ (মবাইল আৰু ইন্টাৰনেটত) [শাৰীৰিক সুখেই যেন সব], নৈতিকতাহীন সমাজ ব্যৱস্থা, ঘৰ-সংসাৰ, শিক্ষা ব্যৱস্থাত সেই মান্ধাতাযুগীয় চিন্তাধাৰা, ৰাজনৈতিক অস্থিৰতা, আৰক্ষী-প্ৰশাসনৰ নপুংসতা তথা ৰাজনৈতিকৰণ আৰু ক্ষমতাৰ খোৱা-কামোৰাত সৃষ্টি হোৱা প্ৰশাসনিক নৈৰাজ্যতা। কিন্তু এইবোৰতকৈ পুৰণি কাৰক এটা আছে, সেয়া আমাৰ পুৰুষতান্ত্ৰিক সমাজ য’ত এফালে নাৰীক দেবীৰ ৰূপত পুজা কৰা হয় আৰু আনফালে ভোগৰ পণ্য ৰূপে ব্যৱহাৰ কৰা হয়। ইয়াৰ বিপৰীতে মাতৃপ্ৰধান সমাজত এনেধৰণৰ অপৰাধ যথেষ্ট কম, প্ৰায় নাই।

আধুনিক হোৱাৰ মানে নাৰীক অপমান কৰা বা বেয়া দৃষ্টি দিয়া নুবুজায়, প্ৰকৃততে যিবোৰ (অ)মানুহে নাৰীৰ প্ৰতি তেনে চিন্তাধাৰা ৰাখে সেইবোৰ এতিয়াও মধ্যযুগীয় মন এটাহে লৈ ফুৰিছে। সাজ-পোছাকত আধুনিকতা থাকিলেই মানুহ এজনক আধুনিক বুলি কোৱাটো ঠিক বিশ্ববিদ্যালয়ৰ ডিগ্ৰী থাকিলেই শিক্ষিত বুলি কোৱাৰ দৰে।

সামাজিক অভিভাৱক বুলি এটা কথা মই বিশ্বাস কৰোঁ, কথাটো এনে। আজিও গৃহচহৰত চিগাৰেট এটা জ্বলাবলৈ ভীষণ কষ্টকৰ, কাৰণ সামাজিক অভিভাৱক, সম্বন্ধত একো নহয়, কিন্তু চিনাকী আৰু বয়োজ্যেষ্ঠ। খুব প্ৰয়োজন এনেধৰণৰ অভিভাৱকৰ, কিন্তু সময় এনে হৈছে যে আপুনি-মই আমাৰ ওচৰ-চুবুৰীয়া সৰু ল’ৰাবোৰক বেয়া কাম কৰা দেখিলে একো ক’ব নোৱাৰে-নোৱাৰোঁ, দুটা কাৰণত, নিজৰ নৈতিকতাহীনতা (আনক শাসন কৰিবলৈ দৰকাৰ হোৱা নিজৰ চাৰিত্ৰিক শক্তিহীনতা) আৰু সেই ল’ৰাবোৰৰ অভিভাৱকৰ মানসিকতা (মোৰ ল’ৰা ভাল, সি বেয়া কাম কৰিবই নোৱাৰে ধৰণৰ মনোভাৱ)।

সুব্ৰত গগৈ: হাতত কোটি টকাৰ বেগ এটা লৈ নিশ্চয় কোনো ব্যক্তি অকলশৰে বাহিৰলৈ ওলাবলৈ দহবাৰ চিন্তা কৰি ল’ব। সাৱধানীৰ মৰণ নাই। এইখিনি মোৰ টকা, ৰাতি-বিয়লি হ’ল বুলিয়েই কিয় এইখিনি লৈ বাহিৰলৈ যাব নোৱাৰিম বুলি জেদ ধৰাতকৈ লগত দুজনমানক লৈ ল’লে অন্ততঃ অঘটন ঘটিলে মোকাবিলা কৰিব পাৰিব।

সমাজত দুষ্কৃতিকাৰী আছে। চৰকাৰখনে মহিলাসকলক সুৰক্ষা দিয়াত ব্যর্থ হৈছে। গতিকে নিজৰ কথা নিজেও অলপ চিন্তা কৰিব লাগে। খোলা-মেলা বস্ত্র পৰিধান কৰিলে এনেও মানুহৰ চকু যায়। ইয়াৰ অর্থ এইটো নহয় যে নাৰীয়ে খোলা-মেলা বস্ত্র পৰিধান কৰিব নালাগে। কৰক, কিন্তু দেশ চাইহে ভেশ। সুৰক্ষিত স্থানত মিনি স্কার্ট পিন্ধি যাওক, কিন্তু অসুৰক্ষিত স্থানত তেনে সাজ পৰিধান কৰি গ’লে ডেকাৰ চকু যাবই। তাৰ মাজতে যি কেইটাৰ চৰিত্র বেয়া, সেইকেইটাই যদি সুবিধা গ্রহণ কৰিব বিচাৰে, তেন্তে তেনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ নিজে সাজু থাকিব লাগে। হাবি এখনত বাঘ আছে বুলি গম পালে বনৰ হৰিণাইও চকু-কাণ থিয় কৰি ৰাখে। নাৰীসকলো সজাগ হৈ থাকিব লাগে। আপুনি যদি কুং-ফু ব্লেকবেল্ট বা হাতত যদি কিবা অস্ত্র আছে, তেন্তে মাজনিশা ঘূৰি-ফুৰিলেও ক’ব লগীয়া একো নাই।

তাহানি আহোম ৰজাৰ দিনত হোৱাহেঁতেন এইকেইটাক নচঁচা শূলত দিলেহেঁতেন। সমাজত এনে কিছু দুষ্কৃতিকাৰী আছে, থাকিবও। গতিকে গা বছাই ফুৰাটোও কাম্য হোৱা উচিত। যিকোনো পৰিস্থিতিতে ধৰ্ষণকাৰীকেইটাই দোষী, কিন্তু অলপ সাৱধানতা গ্রহণ কৰাহ’লে হয়তো নাৰীগৰাকীও সুখী হৈ থাকিব পাৰিলেহেঁতেন। সকলো ঘটনাৰ ক্ষেত্রত এই কথা প্রযোজ্য নহ’বও পাৰে। ঘৰৰ ভিতৰতো বহু ধৰ্ষণৰ ঘটনা ঘটিছে। বাপেকৰ হাতত জীয়েক অন্তঃসত্তা হৈছে। কিন্তু কিছুসংখ্যক যুৱতীৰ আঁকোৰগোজ মনোভাবো কিছু পৰিমাণে দায়ী।

নয়ন জ্যোতি নাথ: মানুহৰ দৰে চলা-ফুৰা কৰিলেই মানুহ নহয়, দিয়কছোন…! আজিৰ মানুহৰ নৈতিকতাৰ অভাব। ল’ৰাৰ পৰা বুঢ়ালৈকে, যেতিয়া, যৌন অনুভুতিবোৰে লিক-লিকাই, তেতিয়াই অনিয়ন্ত্রিতভাবে সেই মানুহবোৰে সুৰুঙা বিচাৰে আৰু যিসকলে নিজক নিয়ন্ত্রণ কৰিব পাৰে তেওঁলোক এনে অপৰাধত জড়িত নহয়। আমাৰ সমাজ ব্যৱস্থাত ল’ৰা-ছোৱালীৰ মাজত থকা ব্যৱধানেই মূল।

আবু এম পি হুছেইন: ওপৰৰ কথাখিনিত আপত্তি কৰিছোঁ। এগৰাকী নাৰী ৰাতি-বিয়লি অকলে ওলাব নোৱাৰিব, এয়া মধ্যযুগীয় চিন্তা। বহুতৰে প্ৰয়োজন থাকে আৰু আমি হাবিত বাস কৰা নাই যে বাঘ আৰু হৰিণাৰ উদাহৰণেৰে মহিলাক ঘৰত আৱদ্ধ কৰি ৰাখিম। আমি দেখোন কথাই কথাই নিজকে বৰ আধুনিক বুলি পৰিচয় দিওঁ, সভ্য হৈছোঁ বুলি আস্ফালন কৰোঁ, ধৰ্ম মানি হেনো আমি সভ্যতাৰ উচ্চতম শিখৰত আৰোহণ কৰিছোঁ।

তেনেহলে এইধৰণৰ মধ্যযুগীয় চিন্তা কিয়, কিয় নাৰীক ঘৰত বন্দী কৰি ৰখাৰ গোপন ফন্দী। কাৰণ আছে, এয়া পুৰুষতান্ত্ৰিক সমাজৰ অহংকাৰী পুৰুষ মনটোৰ গৰ্ব খৰ্ব হোৱাৰ সময়। প্ৰতিটো ক্ষেত্ৰত নাৰীয়ে পুৰুষক চেৰ পেলাই যাবলৈ ধৰিছে, ঈৰ্ষান্বিত অৱচেতন মন এটা লৈ ফুৰিছে এই প্ৰজন্মৰ বহু যুৱক, শ্ৰেণীত ছোৱালী এজনীৰ লগত প্ৰতিযোগিতাত হাৰি যোৱাৰ পৰা আৰম্ভ কৰি চাকৰি পোৱালৈকে জন্ম হোৱা ঈৰ্ষা। নাৰীক আজিৰ সময়ত মাত্ৰ পাশবিক শাৰীৰিক শক্তি বাদে আন ক্ষেত্ৰত পুৰুষে প্ৰত্যাহ্বান জনাব নোৱাৰা অবস্থা পাইছে। ই আমাৰ মাজৰ বহুতৰ ভিতৰত লুকাই থকা সামন্তযুগীয় পুৰুষতান্ত্ৰিক মনটোক বিদ্ৰোহী কৰি তুলিছে, ভোগৰ পণ্য বুলি গণ্য কৰা মহিলাক আগুৱাই যোৱাটোক মানিব খোজা নাই আধুনিক সাজ-পাৰৰ ভিতৰত লুকাই থকা সেই মান্ধাতা যুগৰ মনটোৱে। তাত ইন্ধন যোগাইছে সহজলভ্য যৌনগন্ধী চিনেমা তথা ভিডিঅ’ যত নাৰী এতিয়াও ভোগৰ সামগ্ৰী, অৰিহণা যোগাইছে অনুশাসনহীন নৈৰাজ্যিক দেশ তথা সমাজ ব্যৱস্থা।

সুব্ৰত গগৈ: “সাৱধানীৰ মৰণ নাই”ৰ প্রসঙ্গত নাৰীক গা বচাই ফুৰিবলৈ ক’লে এনেধৰণৰ প্রতিবাদৰ ধল আহেই। ধৰ্ষণকাৰীকেইটাৰ যেনিবা ফাঁচী হ’লেই, কিন্তু মহিলাগৰাকীৰ জীৱনৰ পাছৰছোৱা এনেই সংঘাতেৰে ভৰি পৰাৰ সম্ভাৱনা প্রৱল। নাৰীসকল ওলাওক… ৰাতি-বিয়লিও অকলেও ওলাওক… কিন্তু যিহেতু সমাজখন ভাল নহয়, গতিকে অৱলা হৈ ওলোৱাতকৈ সাৱধান হৈ ওলাওক। সাৱধানতা অৱলম্বন কৰিলে দুর্ঘটনাৰ পৰা হাত সাৰিব পাৰি; যদিও দুর্ঘটনা নির্মূল কৰিব নোৱাৰি। সেয়াহে আমাৰ বক্তব্য আছিল।

পবিত্ৰ বৰা: দোষ মানুহৰহে৷ পুৰুষ-নাৰী উভয়ৰে৷ আধুনিকতাৰ নামত নাৰীয়ে দেহৰ আৱৰণ কমাই দিয়াৰ পাছতেই এনেবোৰ কাম বেছিকৈ হ’বলৈ ধৰিলে আৰু কিছুমান পুৰুষে এইটোৱেই জীৱনৰ একমাত্ৰ উদ্দেশ্য বুলি ধৰি ল’লে৷

আবু এম পি হুছেইন: বিৰোধৰ ধল বুলি নাভাবিব, মই কাৰকবোৰ পৰিষ্কাৰ কৈ প্ৰকাশ কৰিবলৈহে আপত্তি কৰিছোঁ। ৰোগ মুখে ঔষধৰ কাৰণে ৰোগৰ কাৰণ নিৰ্ভুল চিনাক্তকৰণ খুবেই প্ৰয়োজনীয়। গুৰুত্বপূৰ্ণ কথাটো হ’ল, এই সমাজিক ব্যাধিবোৰৰ কাৰকবোৰ চিনাক্ত কৰাটোৱেই শেষ কথা নহয়। আমি ব্যক্তিগত স্তৰত তথা সামূহিকভাবে কি কৰিব পাৰোঁ সেইটোহে চিন্তা কৰাৰ সময়। যদি আপোনাৰ-মোৰ প্ৰচেষ্টাত এজন লোকও ভুল বাট-ভুল চিন্তা বাদ দিয়ে, সেয়াও প্ৰাপ্তি। হয়তো ওপৰত কোৱাৰ দৰেই এইকেইজন অপৰাধীৰ ফাঁচী হ’ব, কিন্ত সেয়া জানো মহিলা সকলোক বিপদমুক্ত কৰিব?? তাৰ কাৰণে সমাজৰ প্ৰকৃত শিক্ষিত, সজাগ, সমাজ সচেতন ব্যক্তিসকলে চিন্তা কৰি হাতে-কামে লাগিব লাগে।

প্ৰতিম প্ৰতাপ বৰুৱা: প্ৰকৃতাৰ্থত বেছিভাগ ভাৰতীয় মানুহৰ নাৰীৰ প্ৰতি দৃষ্টিভঙ্গী অথবা মানসিকতাৰ একো সলনি হোৱা নাই। এই মানসিকতাৰ লগত নাৰীৰ সাজ-পোছাকৰ সম্বন্ধ আছে যেন নালাগে।

কৰ্মসূত্ৰে যোৱা দুবছৰমান পুলিচী ব্যৱস্থা, অপৰাধ, অপৰাধী আদি ওচৰৰ পৰা দেখিছোঁ। দিল্লীৰ বহুতকেইটা ধৰ্ষণকাৰীক (নিৰ্ভয়াৰ ধৰ্ষণকাৰীকেইটা, সেই ৫বছৰীয়া ছোৱালীজনীৰ ধৰ্ষণকাৰী দুটা, অনাৰ কিলিংৰ নামত নিজৰ পুত্ৰক হত্যা কৰি বোৱাৰীক চকুৰ সন্মুখতে ধৰ্ষণ কৰি হত্যা কৰিবলৈ আদেশ দিয়া অপৰাধী ইত্যাদি) ওচৰৰ পৰা দেখাৰ লগতে সিহঁতৰ বিষয়ে জানিছোঁও। এই অপৰাধীবিলাকৰ মানসিক স্তৰটো আৰু নাৰীৰ প্ৰতি সাধাৰণ দৃষ্টিভঙ্গী কেনেকুৱা সেইবিষয়ে আমাৰ বহুতে কল্পনাও কৰিব নোৱাৰে। এই অপৰাধীসকলে এগৰাকী নাৰীক ধৰ্ষণ কৰি হত্যা কৰি আহিও আৰামত ঘৰত ভাত-পানী খাই বিচনাত পৰি পুনৰ নিজৰ ম’বাইল ফোনত পৰ্ণ ভিডিঅ’ চাই থাকিব পাৰে। এইবোৰ বিষয়ে লিখিবলৈও হাত কোচ খায়।

ধীৰাজ কলিতা: “মানুষ যখন বড় ধরনের কোন অন্যায় করে তখন সে বুঝতে পারেনা

যে সে অন্যায় করছে। বুঝতে পারলে অন্যায়টা সে করতে পারত না।

তখন তার কাছে অন্যায়টা ন্যায় মনে হয়। যখন সে অন্যায়টাকে অন্যায়

বলে মনে করে ততক্ষণে অনেক দেরি হয়ে গেছে।” -রুমালী; হুমায়ুন আহমেদ

ৰক্তিম শৰ্মা: পুৰুষতান্ত্ৰিক সমাজত নাৰী সম্পৰ্কে দৃষ্টিভংগীৰ সলনি হোৱা-নোহোৱাৰ সৈতে নাৰী নিৰ্যাতন বঢ়া-কমাৰ কিবা বিশেষ সম্পৰ্ক আছে বুলি মনে নধৰে। কাৰণ পুৰুষতান্ত্ৰিক সমাজ এখন কেতিয়াও মাতৃপ্ৰধান সমাজলৈ গতি কৰা ইতিহাসৰ পাতত নাই কিজানি। ব্যৱস্থা এটাৰ আমূল পৰিবৰ্তন অবিহনে মানুহৰ শ্ৰেণী দৃষ্টিভংগীৰ কেতিয়াও সলনি নহয়। এইবোৰ অপৰাধ একপ্ৰকাৰ মানুহৰ মনস্তত্বৰ সৈতে সম্পৰ্কিত। মানুহৰ মনস্তত্বত প্ৰভাৱ পৰা আৰ্থ-সামাজিক পৰিস্থিতি-ব্যৱস্থা ,ভোগবাদী সমাজৰ ঔৰসত জন্মা চূড়ান্ত হতাশাই নাৰী ধৰ্ষণ-নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ আদি সমস্যাৰ সৃষ্টি কৰে। সমাজৰ সকলোতকৈ অধিক বৈষম্যৰ চিকাৰ হোৱা অৱহেলিত আৰ্থ-সামাজিক নিৰাপত্তাহীন শ্ৰেণীটোৰ মাজত অপৰাধ প্ৰৱণতা বাঢ়ে। যিকাৰণে আমেৰিকাত কৃষ্ণাংগসকলৰ মাজত অপৰাধী বেছি। সমাজবাদী আদৰ্শৰ দেশবোৰত এইবোৰৰ প্ৰভাৱ কম কাৰণ তাত ভোগবাদৰ প্ৰতি জনসমাজ আকৰ্ষিত নহয়। ভোগবাদী ব্যৱস্থাত সৃষ্ট হতাশাই যিদৰে অপৰাধ বঢ়ায় ঠিক তেনেদৰে মানুহৰ ধৰ্ম বিশ্বাসো বঢ়ায়। দুয়োটাই সমাজৰ কাৰণে অত্যন্ত ক্ষতিকৰ। সেয়ে ধৰ্ম যিহাৰে বাঢ়িছে সেই অনুপাতে পাপ কমাতকৈ বাঢ়িছেহে। তাৰ কাৰণটোৱেই হ’ল পুঁজিবাদী ব্যৱস্থাই মানুহৰ মাজত সৃষ্টি কৰা ভোগ (ধন-নাৰী-নিচা)ৰ প্ৰতি অত্যাধিক আসক্তি। উল্লেখযোগ্য যে পুঁজিবাদী সমাজত নাৰীও পণ্য।

ঋতুৰাজ: যেতিয়ালৈকে অপৰাধীয়ে আইনলৈ ভয় নকৰে তেতিয়ালৈকে নাৰীৰ ওপৰত এনে উৎপীড়ন চলিয়েই থাকিব৷ এই ক্ষেত্ৰত আইন কঠোৰ হ’লেহে অপৰাধীয়ে এনে অপৰাধ কৰিবলৈ ভয় কৰিব৷ কিন্তু এনে আইন ভাৰতত সুদূৰ পৰাহত৷ য’ত প্ৰাপ্তবয়স্ক হ’বলৈ কেইমাহ মান থাকিলেও এনে জঘন্য অপৰাধ কৰি জুৱেনাইল বুলি সাৰি যাব পাৰে, তেনে দেশত কঠোৰ আইনলৈ বহুত দূৰ……….

ধ্ৰুৱজ্যোতি: শ্ৰেণী বিভাজনৰ ৰেখাডাল যিমানেই স্পষ্ট ৰূপত জিলিকি উঠিব এনেবোৰ ঘটনা সিমানেই বাঢ়ি যাব। চূড়ান্ত শাস্তিৰ ভয় দেখুৱাই এনে ঘটনা নিয়ন্ত্ৰণ কৰা সম্ভৱ নহয়। কেৱল সন্মানহানিৰ ভয়েহে এগৰাকী ব্যক্তিক এনে কাৰ্যৰ পৰা বিৰত কৰাব পাৰে। এতিয়া আটাইকৈ ডাঙৰ কথা হ’ল মানসিক ভাবে বিকশিত এগৰাকী ব্যক্তিহে নিজৰ সামাজিক মৰ্যদাৰ প্ৰতি সচেতন হয়। সেয়েহে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ সমবিকাশত গুৰুত্ব দিলে এনেবোৰ ঘটনা লাহে-লাহে কমি আহিব যেন ভাব হয়…

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক