ধৰ্ষিতা – ধ্ৰুবজ্যোতি ৰাজ দাস

 

কেশব মাষ্টৰৰ প্ৰথমা কন্যা নীভা, তাইৰ তলত তিনিজনী ভনীয়েক তাৰ পিছত ভায়েকটো৷ ভয়েকৰ জন্ম চৰকাৰী চিকিৎসালয়ত আৰু তেতিয়াই মাকে ডাক্তৰক কৈ বন্ধ্যাকৰণ কৰাইছিল৷ নহ’লে কিজানি আৰু এগালমান হ’লহেতেন তাইৰ ভায়েক, ভনীয়েক৷ কাৰণ টিভি মোবাইল নোহোৱা সেই দিনৰ মানুহৰ বাবে একমাত্ৰ মনোৰঞ্জন আছিল তিৰোতাগৰাকীয়েই৷

তলৰ কেইজনীতকৈ নীভা দেখিবলৈ অশুৱনি আছিল, হ’লেও ঘৰৰ কাম কাজত তাই বৰ পাৰ্গত৷ তাই দশম পাছ কৰাৰে পৰা দৰা বিচৰা আৰম্ভ কৰিছিল মাক বাপেকে, বাপেকৰ চাকৰি বেছিদিন নাছিল আৰু তলৰ তিনিজনীলে বাট মোকলাব লাগে৷ তাইৰ ৰূপটোলৈ চাই সময় নষ্ট নকৰি ওচৰৰে গাঁৱৰ যদু দোকানীলৈ তাইক যেতিয়া উলিয়াই দিয়ে তেতিয়া তাইৰ বয়স ওঠৰ ভৰা নাছিল৷ মাকে তাইক বহু কথাই শিকাই পঠাইছিল যিবোৰে তাইক এজনী ভাল বোৱাৰী আৰু ভাল পত্নী কৰি তুলিছিল৷
শাহু, দেওৰ আৰু স্বামীৰে ঘৰখন তাইৰ ভালেই লাগিছিল৷ আঘোণৰ ৰাতিবোৰ তপ্ত নিশ্বাসে চুটি কৰি আনিছিল৷ ওৰেটো ৰাতি যেন যদুৱে তাইক উতুৱাই ৰাখিছিল সুখৰ সমুদ্ৰত৷
সুখবোৰ অসুখহৈ বাহ লৈছিল তাইৰ দেহত৷ তাইৰ চকুপানী হেচি ৰাখি আনন্দৰ বা বলিছিল দুখন ঘৰত৷ খোৱা বস্তু দেখিলেই ওকালি আহিব খোজা নীভাই নিজে নাখালেও বাকীবোৰলৈ যোগাৰ কৰিব লাগিছিল খোৱাৰ৷
যদুৰ লাজ লাগে বাবে তাই আশা বাইদেউৰ লগত অকলেই খোজকাঢ়ি গৈছিল ওচৰৰে স্বাস্থ্যকেন্দ্ৰটোলৈ৷ স্বাস্থ্যকেন্দ্ৰলৈ যোৱাৰ দিনা তাইৰ কষ্ট বেছি হয়৷ খোজকাঢ়ি অহা যোৱা আৰু আহিয়েই তাইলৈ ৰৈ থকা ঘৰৰ কামবোৰ৷ ৰাতিলৈ যদুৰ আব্দাৰ৷ মাকে শিকাই পঠোৱাৰ দৰে চলি চলি কেতিয়াবা তাইৰ খং উঠি যায়, যেন বিদ্ৰোহ কৰি উঠিব, কিন্তুু সেই বিদ্ৰোহ কৰিব খোজা দিন এতিয়া অতীত হ’ল৷
বিয়াৰ পোন্ধৰ মাহ পাছত ফাগুনৰ শুকান আবেলি এটাত তাইৰ কোলালৈ আহিছিল জুমন৷ এমাহো জিৰণি নাপালে নীভাই জুমন জন্মাৰ পিছত৷ গামোচা এখন পকাই ৰচীৰ দৰে কৰি পেটটোত বান্ধি লৈ কাম কৰি থাকে তাই৷ জুমনক গাখীৰ দিয়া সময়কণেই তাইৰ জিৰণি বুলিব পাৰি৷ তাতো শাহুৱেকৰ চকু পৰে আৰু তাকে লৈ বকি থাকে৷ তাই নিজে এডাল শুকান জেওৰা যেন হৈছে কিন্তুু কাৰো নজৰ নপৰে তাইৰ চেহেৰাটোৰ ওপৰত৷ মাত্ৰ নিজৰ নিজৰ কাম হ’ব লাগে৷
জুমনৰ জন্মৰ পিছৰে পৰা যদুৱে কাষৰ ৰুমটোত আলহিৰ বাবে থকা বিছনাখনতে শোৱে৷ কেঁচুৱাৰ আমনি সহিব নোৱাৰে সি৷
লাহে লাহে জুমন ডাঙৰ হৈ আহিল, মাকৰ গাখীৰৰ উপৰিও কিবা কিবি দিব লাগে তাক৷ কিন্তুু চেৰেলেক এটা আনি দিব ক’লেও যদু দাং খাই উঠে, “যোৱামাহত আনি দিলোহে শেষেই হ’লনে?“ কি কৰিব তাই, দালিৰ পানীত আলু খচি তেনেকেই খুৱাই থয়৷ ওচৰত থাকিব নোৱাৰিলে কুহুমীয়া পানীত অলপ চেনি গুলি বটলত ভৰাই দি থয় তাৰ হাতত আৰু তাইৰ ব্লাউজ তিতি যায় নিজৰ গাখীৰেৰে৷
সন্ধিয়াতে দালি আলু খচি খুৱাই আঠুৱা তৰি শুৱাই থোৱা জুমন তাই আজৰি হৈ আহে মানে ভোকত সাৰ পায়, ইপিনে পেচাবত তিতা কাপোৰ৷ সকলো কৰি তাক পিয়াহ খাব দি তাইৰ কেতিয়া টোপনি আহিছিল গমেই নাই৷ হঠাতে দিঙিত গৰম নিশ্বাস আৰু বুকুত এখন খহতা হাতৰ পৰশ পাই তাই সাৰ পাই উঠিল৷ যদু আহিছে প্ৰয়োজন পুৰাবলৈ৷ হঠাতে তাইৰ হাতৰ পেশীবোৰ টান হৈ আহিছিল যেন বগৰাই দিব তাক তাইৰ কাষৰ পৰা৷ কিন্তুু নোৱাৰিলে, মাকে শিকাই পঠাইছিল, মতাৰ প্ৰয়োজন পুৰাবি সদায়৷ নহলে তাৰ মনটো আনলৈ ঢাল খালে তোৰেই বিপদ হব৷
বাওঁহাতৰ পৰা আলফুলে জুমনক নমাই তাই চিতহৈ শুই ললে৷ আঁঠুদুটা কোচাই মেখেলাখন উজাই আনিলে৷ বাওঁহাতখন জুমনৰ জাপখাই থকা চকুদুটাৰ ওপৰত ৰাখি সহি গ’ল যদুৰ অত্যাচাৰ৷ দুচকু সেমেকি আহিছিল নীভাৰ, নাকেৰেও প‍ানী আহিছিল যাৰ বাবে বাৰে বাৰে নাকটো উজাই আছিল তাই৷ অলপপৰ পাছত গুৰি কটা গছৰ দৰেই বাগৰি পৰিছিল যদু তাইৰ শুকান দেহাটোৰ ওপৰত৷ সি তাইক সুধিছিল, “নাকটো উজাই আছাযে পানী লাগিছে নেকি?“ তাইৰ উত্তৰলৈ নৰৈ সি ক’লা অজগৰ এপাতৰ দৰেই নামি গৈছিল বিছনাখনৰ পৰা৷
ভৰিদুখন মেলি চাদৰৰ আঁচলটো দুয়ো হাতেৰে মুখত হেচি ধৰি ওলাই অহা কান্দোনটো বন্ধ কৰিবলৈ গৈ তাই ধৰফৰাই ৰৈছিল কচায়ে ডিঙি কটা ছাগলীটোৰ দৰে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক