নকল কৰাৰ প্ৰৱণতা, মুখস্থ জ্ঞানৰ পৰীক্ষা আৰু Open Book Test (মৃণাল কুমাৰ বৰা)

আকবৰৰ জন্ম কোন চনত হৈছিল ? লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু কোন চনৰ কিমান তাৰিখে হৈছিল? পৰীক্ষা এটাত এনেকুৱা প্ৰশ্নৰ প্ৰাসংগিকতা কিমান? (লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ নামটো উল্লেখ কৰাটো তেখেতৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰা নহয়। এটা উদাহৰণৰ বাবেহে কথাটো কোৱা হৈছে।) লক্ষ্মীনাথ বেজবৰুৱা বা আকবৰৰ প্ৰতি অলপমানো অসন্মান প্ৰদৰ্শন নকৰাকৈয়ো ক’বলৈ বিচাৰিম যে এই চনকেইটা মনত ৰখাটো পৰীক্ষা এটাৰ বাবে দৰকাৰী নহয়। কেপলাৰৰ সূত্ৰকেইটাৰ নিষ্পত্তিকৰণ(derivation) কৰিবলৈ পৰীক্ষাত দিয়াটোত কোনো নতুনত্ব দেখা পোৱা নাযায়।

ল’ৰা-ছোৱালীয়ে দুই তিনিবছৰৰ পুৰণি প্ৰশ্নকাকত চালেই গম পাই যায় যে পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে(কোনকেইটা প্ৰশ্ন আহি থাকে সলনা-সলনিকৈ)। আৰু তাৰ পাছতে আৰম্ভ হয় মুখস্থ প্ৰক্ৰিয়া। মুখস্থ কৰিবই লাগিব। “মই অসমীয়া” কবিতাটোৰ মূলভাৱ লিখিবলৈ আহি থাকে। এইটো দৰকাৰী প্ৰশ্ন। ভাল মানুহ এজনৰ হতুৱাই মূলভাৱটো লিখাই লৈ তাৰ পাছত মুখস্হ কৰা সেইটো যাতে পৰীক্ষাৰ বহীত সৰ্বাংগসুন্দৰ লেখা এটা লিখি থৈ আহিব পৰা যায়। গণিত আৰু বিজ্ঞানৰ বিষয়টো একে কথাই দেখা পোৱা যায়। অলপ বেলেগ ধৰণৰ প্ৰশ্ন আহিলেই ল’ৰা-ছোৱালীৰ মুখত শুনিবলৈ পোৱা যায় common নাহিল। বেয়া হ’ল পৰীক্ষা। বেলেগকৈ আহিল প্ৰশ্নখন। এনেকুৱা প্ৰশ্ন দিয়েনেকি ক’ৰবাত।

পৰীক্ষাৰ বতৰত কাকতে-পত্ৰই বহুতো বাতৰি দেখা পোৱা যায়। নকলৰ বিষয়ে। বহুতে ছাত্ৰ-ছাত্ৰীক দোষাৰোপ কৰাও দেখা যায়। প্ৰায় ১৫ বছৰৰ আগৰেপৰাই দেখি আহিছোঁ পৰীক্ষাহলত নকলৰ ভিৰ। স্কুলত পঢ়াৰ সময়তেই দেখা পাইছিলোঁ নকল কৰাৰ বেলেগ বেলেগ পদ্ধতি। প্ৰস্ৰাৱাগাৰকেইটালৈ যাব নোৱাৰি সেইকেইদিন। সৰু সৰু কাগজৰ টুকুৰা, বহী, কিতাপৰ ফালি অনা পাতেৰে ভৰি থাকে সেইটো। কেইজনমান ল’ৰা-ছোৱালীয়ে আকৌ হাতত ব্লেড লৈ আহে। ডেস্কত ব্লেডেৰে ৰুকি-ৰুকি চাফা কৰে আৰু তাত লিখে নকল। ল’ৰাহঁতৰ জেপত ওলায় নকলৰ জাপ। মই চৰকাৰী স্কুলত পঢ়ি অহা ছাত্ৰ। সকলোৱে এনেকুৱা পৰিস্হিতিৰ সন্মুখীন হৈছেনে নাই নাজানো। কিন্তু মই পঢ়া স্কুলখনত এইবিলাক দৃশ্য সুলভ আছিল। নকল কৰাৰ পদ্ধতি হয়তো বেলেগ হ’ল, কিন্তু আকৌ দেখা পালোঁ নকলৰ পয়োভৰ হায়াৰ ছেকেণ্ডাৰীত পঢ়ি থাকোঁতে আৰু কলেজত পঢ়ি থাকোঁতেও।

এই যে নকল কৰে ল’ৰা-ছোৱালীবোৰে তাৰ আঁৰত আমাৰ মুখস্হ বিদ্যাৰ ওপৰত নিৰ্ভৰশীল পৰীক্ষণ ব্যৱস্হাটোও দায়ী নহয়নে ? চমু পথ অৱলম্বন কৰিবলৈ গৈ ছাত্ৰ-ছাত্ৰীয়ে নকলৰ আশ্ৰয় লয়। তেওঁলোকে জানে কোনকেইটা প্ৰশ্ন আহিব পাৰে আৰু সেই সম্ভাৱিত প্ৰশ্নকেইটা লিখি লৈ যায়। কাৰণ সকলোৰে মুখস্হ কৰিব পৰা ক্ষমতা একে নহয়। অৱশ্যে এটা কথা স্বীকাৰ কৰাটো উচিত হ’ব যে শতকৰা ২৫ ৰ পৰা ৩০ শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে এই কামটো কৰে। কিন্তু যেতিয়া মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাটো বাঢ়ি যায় তেতিয়া এই নকলৰ সহায় লোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাটোও চিন্তিতভাৱে বাঢ়ি যাব। সেই ছাত্ৰ-ছাত্ৰীসকলেও পাছৰ জীৱনত বেলেগ বেলেগ ক্ষেত্ৰত সফল হয়গৈ। কিন্তু কিবা এটা কাৰণত তেওঁলোকে তথাকথিত শিক্ষা ব্যৱস্হাটোৰ লগত নিজকে তাল মিলাই লব পৰা নাই।

লিখনিটোত সৰু (মোৰ বোধেৰে গুৰুত্বপূৰ্ণ বিষয়) বিষয় এটাৰ ওপৰত আলোকপাত কৰিবলৈ চেষ্টা কৰিম।

Open book Test(খোলা কিতাপৰ সৈতে পৰীক্ষা) এটা বিকল্প হ’ব পাৰে। অৰ্থাৎ পৰীক্ষাৰ্থীসকলে পৰীক্ষকে নিৰ্ধাৰিত কৰি দিয়া কিতাপ বা আন কোনো সামগ্ৰীৰে সৈতে পৰীক্ষা দিবলৈ আহিব পাৰিব। হয়তো বহুতো ব্যক্তি এই বিষয়টোৰ লগত পৰিচিত, কিন্তু আমাৰ স্কুল-কলেজসমূহত এনেকুৱা পদ্ধতিৰ ব্যৱহাৰ হোৱা মই শুনা নাই। (হয়তো মোৰ অজ্ঞতাও এটা কাৰণ হ’ব পাৰে)। ছাত্ৰ এজনৰপৰা পৰীক্ষকে কি আশা কৰা উচিত ? পৰীক্ষক কিহৰ ওপৰত ভিত্তি কৰি ছাত্ৰ এজনৰ মূল্যাংকন কৰিবলৈ ভবাল পাব ? ছাত্ৰজনৰ মুখস্হ বিদ্যাৰ ওপৰত ভিত্তি কৰি নিশ্চয় নহয়। আমি Open Book Test ৰ কেইটামান সম্ভাৱ্য সুবিধাৰ কথা আলোচনা কৰিম।

১. ইয়াত যিহেতু ছাত্ৰজনৰ হাতত কিতাপখন থাকিবই গতিকে পৰীক্ষা দিয়া কাৰবাৰটো মুখস্হতকৈ ছাত্ৰজনৰ বিষয়টোৰ ওপৰত দখল কিমান তাৰ ওপৰত নিৰ্ভৰ কৰিব।
২. যিহেতু কিতাপ বা আন সামগ্ৰী পৰীক্ষকেই লৈ আনিবলৈ কৈছে গতিকে ছাত্ৰ-ছাত্ৰীসকলে নকলৰ সহায় লোৱাৰ সম্ভাৱনা কমি যাব। কাৰণ তেওঁলোক জ্ঞাত নহয় কি ধৰণৰ প্ৰশ্ন সোধা হ’ব। এইটো পৰীক্ষাত ভাৰতৰ মাটিকালি বা মধ্যাকৰ্ষণীয় ত্বৰণৰ মান নিশ্চয় সোধা নহয়।
৩. ইয়াত ছাত্ৰ-ছাত্ৰীৰ বিষয়বস্তুৰ ওপৰত যি জ্ঞান তাক নিজস্বমনেৰে প্ৰকাশ কৰাৰ সুযোগ পাব। কোনাবাই কিতাপত লিখি ৰখা কথাখিনিকে আকৌ পৰীক্ষাত লিখাতকৈ ছাত্ৰজনে সেই কথাখিনিৰপৰা প্ৰকৃততে কি বুজিলে সেয়া অনুধাৱন কৰাৰ সুযোগ আহি পৰিব বুলি আমাৰ বিশ্বাস।
৪. এনেধৰণৰ পৰীক্ষাই ছাত্ৰ-ছাত্ৰীৰ বিশ্লেষণক্ষমতা তথা যুক্তিৰে চালি-জাৰি চাব পৰা ক্ষমতা বৃদ্ধি কৰাৰো সম্ভাৱনা আছে। আজি দেখা যায় প্ৰায় সকলোবিলাক প্ৰতিযোগিতামূলক পৰীক্ষাতেই বিশ্লেষণ আৰু যুক্তি(Analysis and Reasoning) ৰ ওপৰত গুৰুত্ব দিয়া হয়। গতিকে সেই পৰীক্ষাসমূহো তেতিয়া ছাত্ৰ-ছাত্ৰীৰ বাবে অদ্ভুত কিবা এটা বা নতুন কিবা এটা হৈ নাথাকিব।
৫. এনেকুৱা পৰীক্ষাত ছাত্ৰজনৰ উত্তৰটোৱে অকল মাত্ৰ উত্তৰ এটাকে প্ৰতিফলিত নকৰি তাৰ লগতে তেওঁৰ গঠনমূলক ক্ষমতাও প্ৰকাশ কৰাৰ সুবিধা দিয়ে বুলি ক’ব পাৰি । এখন কিতাপৰপৰা বিষয় এটা বিচাৰি উলিয়াই সেই বিষয়টোৰ ওপৰত নিৰ্দিষ্ট সময়ৰ ভিতৰত, নিৰ্দিষ্ট শব্দৰ ভিতৰত লিখি উলিয়াব পৰাটোৱে ছাত্ৰজনৰ আত্মবিশ্বাস বঢ়োৱাটো সহায় কৰিব।
৬. এই পদ্ধতিয়ে ছাত্ৰসকলক মুখস্হ কৰাৰ বোজাৰপৰা ৰক্ষা কৰাৰ লগতে তেওঁলোকৰ মুখস্হ কৰাৰ সময়ত অপব্যৱহাৰ হোৱা সময়খিনি আন গঠনমূলক কাম তথা চিন্তাত ব্যৱহাৰ কৰাৰো সুযোগ পাব। মানসিক চাপো বোধহয় কমিব। অৱশ্যে সেই বিষয়ে মনোৰোগ বিশেষজ্ঞ এজনেহে ভালদৰে ক’ব পাৰিব।
৭. সাধাৰণতে দেখা যায় পৰীক্ষাৰ আগত আগতে পঢ়া বস্তু এটা আকৌ এবাৰ পঢ়া হয়। কিছুমানৰ বাবে দুবাৰ-তিনিবাৰো পঢ়িবলগীয়া হয়। নাপাহৰিবৰ বাবে। এই revision ৰ কষ্টৰপৰাও ৰেহাই পাব ল’ৰা-ছোৱালীয়ে। সেইখিনি সময় বেলেগ ভাল ভাল কামত নিয়োজিত হ’ব পাৰে। যেনে পৰীক্ষাৰ সময়তো সাত-আঠঘন্টা শোৱা, ফুলনিখনৰ যত্ন লোৱা, খেলা-ধুলা কৰা ইত্যাদি।
৮. এই যে পৰীক্ষাহলত এক নিৰ্দিষ্ট সময়ৰ ভিতৰত বিষয়বস্তু এটাৰ ওপৰত লিখিবলগীয়া হ’ব তাৰ কাৰণে ছাত্ৰজন হ’ব লাগিব এজন ভাল পঢ়ুৱৈ। পৰীক্ষা দিয়াৰ সময়ত কিতাপ সকলোৰে হাতত থাকিব। কিন্তু বিষয় এটা বিশ্লেষণ কৰিবলৈ, বুজি পাবলৈ বা অনুধাৱন কৰিবলৈ আৰু তাৰ ওপৰত ভালকৈ লিখিবলৈ হ’লে ভাল পঢ়ুৱৈ হ’বই লাগিব। বৰ্তমান আমাক ভাল পঢ়ুৱৈৰো যথেষ্ট প্ৰয়োজন। বোধহয় নিয়মানুৱৰ্তী আৰু সমস্যা সমাধানৰ ক্ষমতা(Problem Solving Capacity) বৃদ্ধিটো সহায় কৰিব।
৯. যিহেতু পৰীক্ষাহলত কিতাপ থাকিব আৰু নিজেই তাৰপৰা পঢ়ি উত্তৰ কৰিব লাগিব গতিকে
ছাত্ৰ-ছাত্ৰীক স্বনিৰ্ভৰশীল হ’বলৈ বা আত্মনিৰ্ভৰশীলতাৰ পাঠ পঢ়াবলৈও সহজ হ’ব। এইটোৱে ভৱিষ্যতে সিদ্ধান্তগ্ৰহণ(Decision Making) কৰোঁতেও সহায় কৰিব। কোনো পিতৃ-মাতৃয়েই ল’ৰা-ছোৱালীক হ’মৱৰ্ক কৰাৰ সময়ত সহায় কৰি দিয়াৰ দৰে জীৱনৰ প্ৰতিটো সময়ত সহায় কৰিব নোৱাৰে।
১০. পৰীক্ষকৰ কাৰণেও উৎসাহৰ কথা হ’ব পাৰে। প্ৰতি বছৰে প্ৰায় একেখিনি প্ৰশ্নকে সলনা-সলনিকৈ উত্থাপন কৰি কৰি তেওঁলোকেও বোধহয় আমনি পায়গৈ। প্ৰশ্নকাকত প্ৰস্তুত কৰোঁতে আৰু পৰীক্ষা কৰোঁতে থাকিবলগীয়া উত্তেজনাখিনিও তেতিয়া পুনৰ ঘুৰি আহিব। প্ৰশ্ন প্ৰস্তুত কৰা কামটো তেতিয়া কিতাপৰপৰা প্ৰশ্ন এটা তুলি দিয়াতে সীমাবদ্ধ হৈ নাথাকিব। প্ৰশ্ন এটাই পৰিচয় দিব প্ৰশ্নকৰ্তাৰ বুদ্ধিমত্তাৰ। ইয়াৰ উপৰিও একেটা প্ৰশ্নৰে বেলেগ বেলেগ ছাত্ৰই নিজস্ব বিচাৰ-বিবেচনাৰে উত্তৰ দিব।

 

কিবা-কিবি হোৱাই-নোহোৱাই এসোপা গালোঁ এই পদ্ধতিটোৰ সপক্ষে। দুটামান সম্ভাৱ্য অসুবিধাৰ কথাও উনুকিয়াই থোৱাটো ভাল হ’ব।

১. ধৰা হওক কোনোবাই গম পালে শিক্ষকজনে কি প্ৰশ্ন সুধিব। আজিকালিৰ ল’ৰা-ছোৱালী। ধৰা হওক শিক্ষকৰ কম্পিউটাৰৰপৰা বা তেওঁৰ টেবুলৰপৰা কেনেবাকৈ কোনোবাই প্ৰশ্নকেইটা পাই গ’ল। তেতিয়া এটা আশংকা থাকিব যে পৰীক্ষা দিবলৈ আহোঁতে অনা কিতাপখনত কাঠপেঞ্চিলেৰে বা আন কিবা পদ্ধতিৰে উত্তৰসমূহ লিখি লৈ আনিব। এইক্ষেত্ৰত পৰীক্ষকে সাৱধানতা অৱলম্বন কৰিব লাগিব।
২. এইটো নিশ্চিত কৰিব লাগিব যে কি কি সহায়ক সামগ্ৰী পৰীক্ষালৈ আনিবলৈ দিয়া হ’ব। সকলোৰে হাতত যাতে একে কিতাপ বা সামগ্ৰী থাকে তাৰ ওপৰতো চকু দিয়াৰ প্ৰয়োজন হ’ব। কোনোৱে যাতে বেছি সামগ্ৰী আনি সুবিধা আদায় কৰিব নোৱাৰে বা আন কোনো এজন যাতে প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱত অসুবিধাৰ সন্মুখীন হ’ব লগা নহয় তাৰ ওপৰত চকু দিব লাগিব।
৩. ঠাইৰ অসুবিধাৰ কথাও আহি পৰিব পাৰে। কিছুমান স্কুলৰ ডেস্ক-বেঞ্চবিলাক সৰু সৰু। তাতে একেখন বেঞ্চতে তিনি-চাৰিজনক বহুৱাই পৰীক্ষা অনুষ্ঠিত কৰা হয়।(এই কথাটো সকলো শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত নাখাটে)। কিন্তু সকলো ল’ৰা_ছোৱালীয়ে লিখাৰ সময়ত কাষত এখন বা দুখন কিতাপ মেলি লোৱাৰ সময়ত তেনেকৈ অনুষ্ঠিত কৰিব পৰা নাযাব পৰীক্ষাটো।

 

[বি. দ্ৰ: মই স্নাতকোত্তৰ পাঠ্যক্ৰম পঢ়িবলৈ আহি প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলোঁ Open book Test ৰ প্ৰাসংগিকতা। ভাল লাগিল পদ্ধতিটো। গতিকে ৰাইজৰ আগলৈ আগবঢ়াই দিলোঁ বিষয়টো। শিক্ষাৰ প্ৰণালী বা শিক্ষাৰ আন দিশসমূহত আমাৰ কোনো অভিজ্ঞতা নাই। এয়া এক ব্যক্তিগত অনুভৱহে। লিখনিটোৰ উদ্দেশ্য নতুন বিষয় এটা চৰ্চ্চাৰ মজিয়ালৈ অনা।]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments