নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ , ঔপন্যাসিক ডঃ খৰ্গেশ্বৰ ভূঞাৰ সাক্ষাৎকাৰ

ঃ দুৰ্য্যোধন কেনেকুৱা?
ঃ বেয়া, একদম দেখিব মন নাযায়৷ অন্যায় কৰি পাণ্ডৱৰ ৰাজপাট গ্ৰহণ কৰিব বিচাৰে!
ঃ ৰাৱণ কেনেকুৱা?
ঃ ইমান বদমাচ, নাৰী হৰণ কৰে৷

সৰুৰে পৰাই আমি ৰাৱণ আৰু দুৰ্য্যোধন ঋণাত্মক হিচাপে আৰু পাণ্ডৱ তথা ৰামক ধনাত্মক হিচাপে পাই আহিছোঁ৷
কিন্তু এইবোৰ চৰিত্ৰকো বিশ্লেষণ কৰি, অধ্যয়ন কৰিহে চাব লাগে সেইয়া আমি ডঃ খৰ্গেশ্বৰ ভূঞা ছাৰৰ লিখনিত পঢ়িব পাওঁ৷ ’ যুৱৰাজ’, ’ যথা দৈৱ তথা জয় ’, ’ৰঘুপতি’, ’কৃষ্ণবিষ্ণুবাসুদেৱ’ আদি উপাখ্যান ভিত্তিক উপন্যাস লিখি পাঠক সমাজৰ মাজত এক সুকীয়া স্থান লাভ কৰিছে ভূঞা ছাৰে৷ বিশেষকৈ প্ৰান্তিকৰ পাঠক সকলৰ মাজত যোৱা প্ৰায় ২০ বছৰে ’খৰ্গেশ্বৰ ভূঞা’ এটি জনপ্ৰিয় নাম৷

২০১১ চনত তেওঁ ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ পৰা অৱসৰ লয়৷ অৱসৰৰ আগত প্ৰায় ৭ বছৰ তেওঁ অধ্যক্ষ হিচাপে থাকে৷ যোৱা ১২ নৱেম্বৰত ভূঞা ছাৰৰ সাক্ষাৎকাৰ গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছিলোঁ মই৷ সাহিত্য ডট্ অৰ্গ আলোচনীৰ হৈ কেইটামান প্ৰশ্ন লৈ তেওঁৰ ওচৰলৈ গৈছিলোঁ৷ নগাঁৱৰ হয়বৰগাঁৱত থকা তেখেতৰ বাসগৃহত উপস্থিত হৈ ছাৰৰ লগত কিছু কথা হৈছিলোঁ৷ তাৰে বিৱৰণ তলত দাঙি ধৰিলোঁ৷

সাহিত্য ডট্ অৰ্গঃ প্ৰথমতেই কওঁকচোন, আপোনাৰ শৈশৱৰ বিষয়ে৷ আপুনি জন্ম ক’ত হৈছিল? ডাঙৰ দীঘল ক’ত হৈছিল৷

ডঃ খৰ্গেশ্বৰ ভূঞা ঃ মই নগাঁৱৰ পৰা ২৫ কিঃমিঃ পশ্চিমে ৰহাৰ পৰা আৰু ৫ কিঃ মি ঃ দূৰত ঐতিহ্যমন্দিত জোঙাল-বলহু গঁড়ৰ ওচৰৰ দীঘলীআতিত জন্ম হৈছিলোঁ৷ মোৰ জন্ম ১৯৫১ চনৰ ২৬ আগষ্টত৷
শৈশৱ মোৰ যথেষ্ট কষ্টেৰে পাৰ হৈছিল, দেউতা সৰুতেই ঢুকাইছিল৷ মই সপ্তম শ্ৰেণীৰ পৰাই টিউচন কৰি পঢ়িছিলোঁ৷ খেতি-বাতি কৰা পৰিয়ালৰ হিচাপে যথেষ্ট কষ্টেৰেই আমাৰ দিনবোৰ পাৰ হৈছিল৷

সাহিত্য ডট্ অৰ্গঃ আপোনাৰ শিক্ষা জীৱনৰ বিষয়ে কওকচোন৷

ডঃ খৰ্গেশ্বৰ ভূঞা ঃ প্ৰথমতে মই ওচৰৰে মুছলমান গাঁৱৰ এল . পি স্কুল খনত পঢ়িলোঁ, তাৰ পিছত জোঙাল-বলহু এম.ই স্কুলত পঢ়িলোঁ৷ তাৰ পিছত আহিলোঁ ৰহা হায়াৰ-চেকেণ্ডেৰীলৈ, হায়াৰ-চেকেণ্ডেৰী পঢ়িবলৈ৷ তাৰ পৰা পাছ কৰি নগাঁও কলেজত B.Sc পঢ়িবলৈ আহিলোঁ৷ ৰসায়ন বিজ্ঞানত মেজৰ লৈ B.Sc পাছ কৰাৰ পিছত মই M.Sc কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহিলোঁ৷
কিন্তু মোৰ ঘৰুৱা অৱস্থা বেয়া হোৱা বাবে এবছৰ পঢ়াৰ পিছত সিমানতে বাদ দিলোঁ৷ ঠিক তেনেকুৱাতে ১৯৭২ চনত অসম চৰকাৰৰ পৰা এটা বৃত্তি পালোঁ, Paper Technology পঢ়িবলৈ৷ দুবছৰ Paper Technology পঢ়ি শেষ কৰাৰ পিছত মই পুনৰ ঘূৰি আহি M.Sc পৰীক্ষা দিলোঁ৷ ইতিমধ্যে মই জাগীৰোডৰ অশোক পেপাৰ মিলত চাকৰি পালোঁ৷
কিন্তু জাগীৰোড পেপাৰ মিলৰ অৱস্থা সেই সময়ত যথেষ্ট বেয়া হৈ পৰাত মই সেই চাকৰি বাদ দি ৰহা হায়াৰ-চেকেণ্ডেৰী, কটন কলেজিয়েট, নগাঁও গভৰ্নমেণ্ট বয়জ আদিত অলপ অলপ সময় চাকৰি কৰি শেষত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ গলোঁ৷ তাত কিছুদিন শিক্ষকতা কৰাৰ পিছত অৰুণাচলৰ পাছিঘাটত থকা জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰিলোঁ৷ তাতেই প্ৰায় ২৭ বছৰ চাকৰি কৰাৰ পিছত ২০০৪ চনত নগাঁও কলেজৰ অধ্যক্ষ হিচাপে নিযুক্তি পালোঁ৷ অধ্যক্ষ হিচাপে প্ৰায় ৭ বছৰ চাকৰি কৰাৰ পিছত ২০১১ চনৰ অৱসৰ ললোঁ৷

সাহিত্য ডট্ অৰ্গঃ আপোনাৰ সাহিত্য চৰ্চাৰ কামবোৰ কেতিয়াৰ পৰা আৰম্ভ হৈছিল?

ডঃ খৰ্গেশ্বৰ ভূঞা ঃ আচলতে মই অৰুণাচলত থকা সময়চোৱাত মোৰ ভনী দুজনীয়ে M.A পৰীক্ষা দিব বিচাৰিছিল৷ তেতিয়া মই সিহঁতক কিছুমান অসমীয়াৰ notes লিখি দিছিলোঁ৷ পাছিঘাটৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অসমীয়া বিভাগটো যথেষ্ট চহকী আছিল৷ মই তাৰে লাইব্ৰেৰীৰ কিতাপবোৰ অধ্যয়ন কৰি সিহঁতক notes লিখি দিছিলোঁ৷ তেতিয়া মোৰ মনলৈ ধাৰণা আহিল যে, “ এইবোৰ দেখোঁন ময়ো লিখিব পাৰোঁ৷ “ আৰু তেতিয়াৰ পৰাই মই অলপ অলপকৈ লিখিব আৰম্ভ কৰিলোঁ৷

সাহিত্য ডট্ অৰ্গঃ বিশেষকৈ উপাখ্যানভিত্তিক উপন্যাসৰ বাবে আপুনি জনপ্ৰিয়৷ তাৰ আগতে আপোনাৰ সাহিত্য চৰ্চা কেনেকুৱা আছিল?
ডঃ খৰ্গেশ্বৰ ভূঞা ঃ ’আজিৰ বাতৰি’ বুলি এখন পেপাৰ আছিল, তাতে নিয়মীয়াকৈ প্ৰবন্ধ লিখিছিলোঁ৷ ৰাজনৈতিক, বিদেশী নাগৰিক আদি বিষয়ৰ ওপৰতে কিছু লিখিছিলোঁ৷ তাৰ লগতে হোমেন বৰগোহাঞিৰ ’নীলাচল’, প্ৰান্তিক, তিনিদিনীয়া অগ্ৰদূত আদিত কিছু কিছু প্ৰবন্ধ লিখিছিলোঁ৷

সাহিত্য ডট্ অৰ্গঃ আপোনাৰ চৰ্চাৰ বিষয়লৈ চালে আমি দেখা পাওঁ যে এক অগতানুগতিক বিষয় আধ্যাত্মিকতাক লৈ আপুনি গ্ৰন্থচৰ্চা কৰিছে৷ ক’ৰ পৰা, কেতিয়া, কেনেকৈ আপুনি আধ্যাত্মিকতাৰ প্ৰতি চৰ্চা কৰিবলৈ আকৃষ্ট হ’ল?

ডঃ খৰ্গেশ্বৰ ভূঞা ঃ আচলতে এই ধাৰণাটো আহিছিল এজন জাৰ্মান পণ্ডিতৰ লিখনিৰ পৰা৷ এৰিক ভন ডেনিকেন নামৰ এজন পণ্ডিতে এটা তত্ত্ব দিছিল যে বৰ্হিবিশ্বৰ পৰা প্ৰাণী আহি পৃথিৱীত জীৱনৰ সৃষ্টি কৰিছিল৷ এই তত্ত্বটো তেতিয়া যথেষ্ট জনপ্ৰিয় হৈছিল৷ সেই তত্ত্বৰ লগত জড়িত কেইবাখনো কিতাপ পঢ়াৰ পিছত তেতিয়া মোৰ বিশ্বাস হৈছিল তত্ত্বটোৰ ওপৰত৷ অৱশ্যে বৰ্তমান এই তত্ত্বটোৰ ওপৰত মোৰ বিশ্বাসটো কম৷
সেই সময়ত বঙালী লিখক বীৰেন্দ্ৰ মিত্ৰকে আদি কৰি দুজনমানে এই তত্ত্বটোক আমাৰ হিন্দু শাস্ত্ৰৰ লগতো সাঙুৰিব বিচাৰিছিল৷ তেতিয়া মই তেওঁলোকৰ লিখনি সমূহ পঢ়ি আকৃষ্ট হৈ নিজাকে এই বিষয়ত অধ্যয়ন কৰাৰ সিদ্ধান্ত ললোঁ৷ ১৯৯৪ চন মানৰ পৰা মই আমাৰ হিন্দু শাস্ত্ৰসমূহ অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছিলোঁ৷

সাহিত্য ডট্ অৰ্গঃ এই বিষয়ৰ সাহিত্যচৰ্চা আপোনাৰ কেতিয়াৰ পৰা আৰম্ভ হৈছিল৷

ডঃ খৰ্গেশ্বৰ ভূঞা ঃ হিন্দু শাস্ত্ৰসমূহ অধ্যয়ন কৰি থকা সময়ত মই প্ৰান্তিকত এটা লিখনি পঠিয়াইছিলোঁ৷ ’ পৃথিৱীৰ আচৰিত বস্তুৰ ব্যাখ্যা ’ নামৰ মোৰ সেই লিখনিটো প্ৰান্তিকত লগেলগে প্ৰকাশ হৈছিল৷ তেতিয়াই মই উৎসাহিত হৈ পৰিলোঁ৷
তাৰ পিছত সেই তত্ত্বৰ ওপৰত ভিত্তি কৰি দুৰ্য্যধনৰ চৰিত্ৰ অধ্যয়ন কৰোঁতে মোৰ মনলৈ ধাৰণা আহিল যে দুৰ্যোধনক দেখোঁন বেলেগ ধৰণেও উপস্থাপন কৰিব পাৰি! কথাটো মনলৈ আহোঁতেই ’যুৱৰাজ’ উপন্যাসখন লিখি পেলালোঁ৷
দুজনমান প্ৰকাশক কাষ চাপিছিলোঁ যদিও তেওঁলোকে এইখন প্ৰকাশ কৰিব বিচৰা নাছিল৷ তাৰ পিছত বনলতাৰ প্ৰকাশকে এইখন পঢ়ি যথেষ্ট আকৰ্ষিত হয়, আৰু প্ৰকাশ কৰাৰ সিদ্ধান্ত লয়৷ এইদৰেই মোৰ উপাখ্যানভিত্তিক উপন্যাস লিখাৰ ধাৰা আৰম্ভ হয়৷

সাহিত্য ডট্ অৰ্গঃ পৌৰাণিক কাহিনীবোৰৰ দেৱতাসকলক মানৱীয় চৰিত্ৰ কিয় দিলে?
ডঃ খৰ্গেশ্বৰ ভূঞা ঃ মানৱীয় চৰিত্ৰটো মই দিয়া নহয়, আচলতে এই ধাৰা পৌৰাণিক সময়ৰ পৰাই চলি আহিছে৷ মানুহক দেৱতাৰ ৰূপত উপস্থাপন কৰাক কোৱা হয় ’দেৱতায়ন’, আৰু দেৱতাক মানুহৰ ৰূপত প্ৰকাশ কৰাক কোৱা ’মানৱায়ন ’৷
যেনে বেদত দেৱতাসকল আছিল কাল্পনিক শক্তিৰ প্ৰতিভূ৷ এই বোলে বৰষুণ দিছে – গতিকে এয়া বৰুণ দেৱতাই কৰিছে, এই বোলে গাজনি মাৰিছে- এয়া ইন্দ্ৰ দেৱতাই কৰিছে৷ অৰ্থাৎ তেওঁলোকে ভাবি লৈছিল যে এইধৰণৰ কাৰ্য্যৰ বাবে কাৰণ লাগিবই, গতিকে একোজন দেৱতা থাকিবই লাগিব৷ আৰু এই দেৱতাসকলকে তেওঁলোকে পূজা কৰিছিল৷
তৰা পিছত যেতিয়া মানুহে দেখিলে যে এই দেৱতাসকলক পূজা-পাতল কৰি কৰি একো লাভ হোৱা নাই, তেতিয়াই আহিল উপনিষদ৷ উপনিষদত দেৱতাসকলক একাষৰীয়াকৈ ৰাখি পৰম ব্ৰহ্মৰ ধাৰণা আহিল৷
তাৰ পিছত আহিল পুৰাণ৷ পুৰাণ সৃষ্টিৰ সময়ত পণ্ডিতসকলে লক্ষ কৰিলে যে, সাধাৰণ মানুহে এই পৰম ব্ৰহ্মৰ ধাৰণাটো ভালকৈ বুজি নাপায়৷ গতিকে আকৌ এজন তেজ-মঙহৰ দেৱতাৰ ৰূপ দিয়া যাওক৷ আকৌ ঘূৰি আহিল মানুহৰ ’দেৱতায়ন’৷
এইদৰেই আচলতে মানৱায়ন আৰু দেৱতায়ন চলি আছে৷

সাহিত্য ডট্ অৰ্গঃ দেৱতাসকলক উচ্চজাতৰ প্ৰাণী বুলি ভাবিব পাৰি নেকি? বা এলিয়েন বুলি?
ডঃ খৰ্গেশ্বৰ ভূঞা ঃ এলিয়েন বুলি ভাবিব পাৰি নে নোৱাৰি সেই বিষয়ে চিধা-চিধি একো কব নোৱাৰি৷ এইটো ডেনিকেনৰ ধাৰণা৷ এই ধাৰণাৰো ভিত্তি আছে৷ পৃথিৱীত কিছুমান জেগা আছে যেনে ষ্টাৰ দ্বীপত থকা মূৰ্তি সমূহ, পিস্কো উপসাগৰত থকা ত্ৰিশূল, নাজগা উপত্যকাত বিমান অৱতৰণৰ তথ্য, কুটুবমিনাৰৰ ওচৰত থকা লোহাৰ খুটিটো আদি কথাবোৰেই আচলতে চিন্তাৰ খোৰাক যোগায়৷ সেই সময়ৰ মানৱ সভ্যতাত এইবোৰ কেনেকৈ সম্ভৱ? সেইবাবেই আচলতে এলিয়েনৰ ধাৰণা আহে৷ কিন্তু এইটো এটা ধাৰণাহে!
প্ৰথমতে ডেনিকেনৰ কিতাপ সমূহৰ পৰা এই ধাৰণাৰ ওপৰত মোৰ বিশ্বাস হৈছিল৷ কিন্তু পিছলৈ এইবোৰ মানুহৰে এক উচ্চজাতৰ ( শিক্ষিত ) বুলি বিশ্বাস হয়৷ সেইসময়ত সেই মানুহৰে উচ্চজাতক ’দেৱতা’ ৰ আসন দিয়া হৈছিল৷

সাহিত্য ডট্ অৰ্গঃ সম্প্ৰতি ৰাৱণ যাক আমি ভিলেইন বুলি জানো তেওঁক ৰামতকৈ মহান বুলি প্ৰতিষ্ঠাপিত কৰাৰ এক প্ৰয়াস দেখা গৈছে এচামৰ মাজত৷ এয়া শুদ্ধ বুলি ভাবেনে?
ডঃ খৰ্গেশ্বৰ ভূঞা ঃ মই শুদ্ধ বুলিয়ে ভাবোঁ৷ সাধাৰণতে ভাল বেয়া কথাবোৰ আচলতে তুলনাৰ লগত জড়িত৷
এতিয়া ’স্বৰ্ণলংকা’, অৰ্থাৎ ৰাৱণে লংকাখন ইমানেই ধুনীয়াকৈ কৰি গঢ়ি তুলিছিল যে সৰ্বসাধাৰণ মানুহে যথেষ্ট উন্নত জীৱন-যাপন কৰাৰ সুযোগ পাইছিল৷ সকলো প্ৰজাই ৰাৱণক অন্তৰেৰে ভাল পাইছিল৷

দ্বিতীয়তে নিজৰ ভনীয়েকৰ অপমান হৈ যোৱাৰ পিছত কোন ককায়েকেনো চাই থাকিব পাৰিব? নিশ্চয় নোৱাৰে৷ গতিকে ৰামক এসেকা দিবলৈ সীতাক হৰণ কৰি অনা কাৰ্যটোক একেবাৰে পেলাই দিবও নোৱাৰি৷ যিহেতু তেওঁ এজন বীৰ, গতিকে তেওঁৰ এই কাৰ্য্যক মানি লব পাৰি৷

তৃতীয়তে বিভীষণৰ লগতে দুই-তিনিজনক বাদ দি বাকী সকলোৱে কিন্তু ৰাৱণৰ লগত একেমুখে থিয় দিছিল৷ ৰাৱণে কিন্তু কেতিয়াও কাকো তেওঁৰ হৈ যুদ্ধ কৰিবলৈ বাধ্য কৰোৱা নাছিল৷

সাহিত্য ডট্ অৰ্গঃ দুৰ্য্যোধনৰ চৰিত্ৰ বিশ্লেষণ কৰিলে দেখা যায় যে দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰি তেওঁৰ চৰিত্ৰত এটা ডাঙৰ দাগ লগাই থৈছে৷ এই সম্পৰ্কে আপুনি কি কয়?
ডঃ খৰ্গেশ্বৰ ভূঞা ঃ আচলতে দ্ৰৌপদীৰ বস্ত্ৰহৰণ হোৱাই নাছিল৷ আচল মহাভাৰতৰ মতে দ্ৰৌপদীৰ বস্ত্ৰ হৰণ হোৱাই নাছিল৷ কিন্তু দ্ৰৌপদীক ৰাজসভালৈ মাতি অনাটো সঁচা৷ দুৰ্য্যোধনে দ্ৰৌপদীক অপমান কৰাটোও সঁচা৷ মই দুৰ্য্যোধনক ভাল বুলি ক’ব নাযাওঁ৷ কিন্তু বস্ত্ৰহৰণ কৰাৰ কাহিনীটো আচলতে মহাভাৰতত পিছত হে প্ৰক্ষেপ কৰিছিল৷ প্ৰকৃততে দ্ৰৌপদীৰ বস্ত্ৰহৰণ হোৱাই নাছিল৷

সাহিত্য ডট্ অৰ্গঃ ঋণাত্মক চৰিত্ৰ দুৰ্য্যোধন, ঋণাত্মক চৰিত্ৰ ৰাৱণ আদিক লৈ কৰা আপোনাৰ সাহিত্য চৰ্চাৰ বাবে আপুনি কেতিয়াবা সমালোচনাৰ সন্মুখীন হৈছেনে?
ডঃ খৰ্গেশ্বৰ ভূঞা ঃ খুব বেছি সমালোচনাৰ সন্মুখীন তেনেকৈ হোৱা নাই৷ আচলতে ব্যক্তিগত ভাবে কিছুমানে কেতিয়াবা মোক বৰ্জনেই কৰি থৈ দিয়ে৷ যেনে ভাগৱত পাঠ আদিত মোক কেতিয়াবা বৰ্জন কৰি থয়৷ মই অৱশ্যে এইবোৰত ইমান গৈ ভালো নাপাওঁ৷
আজি দুদিনমানৰ আগতে মোৰ বন্ধু এজনে ভাগৱত পাঠ অনুষ্ঠানলৈ মতাৰ কথা ভাবিছিল, কিন্তু পিছত নামাতিলে৷ মোক তেওঁ ফোন কৰি ক’লে – “ বুইছা, তোমাৰ বিষয়ে বহুত অভিযোগ আছে, তুমি হেনো গুৰু গোহাঁই নামানা৷ “
অৱশ্যে আজি কিছুদিনৰ পৰা এনেকুৱা ধৰ্মীয় অনুষ্ঠানলৈ মানুহে মোক মাতিব আৰম্ভ কৰিছে৷ হয়তো মোৰ লিখনি সমূহৰ পৰা কিছু চিন্তাৰ খোৰাক পাইছে৷

সাহিত্য ডট্ অৰ্গঃ ছাৰ, আপোনাৰ জীৱনৰ উল্লেখযোগ্য ঘটনা এটাৰ বিষয়ে কব নেকি?
ডঃ খৰ্গেশ্বৰ ভূঞা ঃ হেঃ হেঃ, উল্লেখযোগ্য মানে মোৰ বিয়াখনেই আৰু৷
এওঁ আছিল বামুণৰ ছোৱালী, মই আছিলোঁ কলিতাৰ ল’ৰা৷ গতিকে ভালপোৱা হ’ল, বিয়াৰ আগ্ৰহ হ’ল৷

ডাঙৰ কথাটো হ’ল আমাৰ ঘৰখনে জাত-পাত আদিক লৈ কেতিয়াও চিন্তা কৰা নাছিল৷ ইফালে এওঁৰ ঘৰখনো জাত-পাত আদিক লৈ একেবাৰে উদাৰ৷ গতিকে কোনো ধৰণৰ বেমেজালি নোহোৱাকৈ আমাৰ বিয়াখন হৈ গ’ল৷
এইটোৱেই মোৰ জীৱনৰ এটা উল্লেখযোগ্য ঘটনা৷

সাহিত্য ডট্ অৰ্গঃ ছাৰ, মোৰ প্ৰশ্নখিনি প্ৰায় শেষ হৈছে৷ ইমানখিনি সময় দিয়া বাবে ভাল লাগিল৷ এতিয়া পিছে উঠোঁ বুলি ভাবিছোঁ৷
ডঃ খৰ্গেশ্বৰ ভূঞা ঃ ঠিক আছে, ঠিক আছে৷ কিবা থাকিলে ফোন কৰিবা মোক দেই৷
সাহিত্য ডট্ অৰ্গঃ বাৰু ছাৰ, ফোন কৰিম৷ এতিয়া আহোঁ!
ডঃ খৰ্গেশ্বৰ ভূঞা ঃ বাৰু যোৱা৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments