নতুন আদৰ্শ ধাৰাপাত – দুলেন চমুৱা

(১)
পাণ-তামোল খোৱাৰ অভ্যাস নথকাৰ বাবে কিনা নহয়৷ সিদিনা আবেলি বজাৰলৈ ওলাওঁতে শ্ৰীমতীয়ে পাণ এগুচি আনিবলৈ ক’লে৷ পাণ দোকানী ভোলাৰ দোকানত উপস্থিত হৈ ভাল পাণ এগুচি দিবলৈ ক’লো৷ ভোলাই দিয়া পাণগুচি তেনেই সৰু দেখি হিচাপ কৰি চাই দেখিলোঁ পাণ ১৫ খিলাহে আছে৷
মই তালৈ চাই ক’লো- এগুচি পাণত ২০খিলা থাকে বুলি ধাৰাপাতত পঢ়িছিলোঁ৷ তুমি দেখোন ১৫ খিলাহে দিলা? সি তপৰাই উত্তৰ দিলে – আগৰ দিন নাই নহয়! আজিকালি ১৫খিলা পাণেই এগুচি হয়৷ কি কথাতনো আগৰ দিন আছে? সকলোতে ভেজাল৷
বজাৰৰ পৰা ওলাই কাগজ এদিস্তা লওঁ বুলি গগৈ ব্ৰাদাৰ্ছত সোমালোঁ৷ কাগজ কিনিয়েই থাকোঁ যদিও হিচাপ কৰা নহয়৷ কাগজ দিস্তা লৈ হিচাপ কৰি দেখিলোঁ ১৯ খিলাহে আছে৷ দোকানৰ চিনাকি ল’ৰাটোক সুধিলোঁ- এক দিস্তাত ২৪খিলা থাকে বুলিহে জানো৷ ইয়াত দেখোন ১৯ খিলাহে আছে!
সি স্বাভাৱিকভাৱে উত্তৰ দিলে- আজিকালি ক’ত এক দিস্তাত ২৪খিলা পাব? ১৮/১৯ খিলাই থাকে দিস্তাত৷
নেওঁতাখন সলনি হ’ল বুলি তাকে খুজি ’আদৰ্শ ধাৰাপাত’খন চালোঁ৷ তাত দেখোন এক দিস্তাত ২৪ খিলা, এক গুচিত ২০খিলা বুলিয়েই আছে৷
কথাটো আঙুলিয়াই দিয়াত ক’লে- সেইবোৰ কিতাপৰ হিচাপ, বাস্তৱৰ নহয়৷
ঘৰলৈ আহোঁতে মনে মনে ভাবি আহিলোঁ – বাস্তৱৰ লগত সংগতি ৰাখিবলৈকে ’নতুন আদৰ্শ ধাৰাপাত’ এখনৰ দৰকাৰ৷
(২)
সভা-সমিতিবোৰত সৰহসংখ্যক বক্তাই দীঘলীয়া আৰু একঘেয়ী ভাষণ দিয়ে বাবে সভাবোৰলৈ যাবলৈ মোৰ অনীহা৷ পিছে অলপতে এখন সভালৈ গৈ এটা নতুন কথা শিকিলোঁ৷ সভাখনত উপস্থিত হৈ দেখিলোঁ অঞ্চলটোৰ এজন লেখত ল’বলগীয়া ব্যক্তিয়ে ভাষণ দি আছে৷ ভাষণৰ নামত এজন ব্যক্তিৰ গুণানুকীৰ্তন৷ মাতত কৃত্ৰিমতা সানি ব্যক্তিজনে ক’লে- ’বিশিষ্ট সমাজসেৱক পানীৰাম হাজৰিকা এগৰাকী অসাধাৰণ ব্যক্তিত্বসম্পন্ন মানুহ৷ এনে ব্যক্তি অঞ্চলটোৰ গৌৰৱ৷ ’ তেওঁৰ ভাষণ শুনি মোৰ কাষতে বহি থকা নন্দ মাষ্টৰ চকীৰপৰা জাঁপ মাৰি উঠিল৷
নন্দ মাষ্টৰে মোলৈ চাই ক’লে – ’দাদা, এই পানীৰাম হাজৰিকা দেখোন এটা মস্ত দালাল৷ কাৰোবাক চাকৰি দিয়াৰ নামত, কাৰোবাক ঠিকা দিয়াৰ নামত, কাৰোবাক চাকৰি ইঠাইৰপৰা সিঠাইলৈ বদলি কৰি দিয়াৰ নামত কমিছন খোৱা এজেণ্ট তেওঁ৷ তদুপৰি অঞ্চলটোৰ সকলো অনুষ্ঠানতে মানুহ ফিটিং কৰি সভাপতি, সম্পাদকৰ পদ লোৱা, অনুষ্ঠান পাতিবৰ বাবে চান্দা সংগ্ৰহ কৰি সেই ধনৰ পৰাই মদে-মাংসৰে উদৰ পূৰ কৰা মানুহ৷ চান্দাৰ ধনৰ পৰাই আনক ধন দান কৰি ’দাতা কৰ্ণ’ৰ ভাও দিয়া মানুহ৷ অৰ্থাৎ মাছৰ তেলেৰে মাছ ভজা মানুহ এই ধুৰন্ধৰ পানীৰাম৷ তেওঁ দোকানৰ বাকী খাই পৰিশোধ নকৰা মানুহ৷ সেইজন কেনেকৈ বিশিষ্ট সমাজসেৱক হ’ল, অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী হ’ল?
নন্দৰ উষ্মাভৰা মুখখনলৈ চাই মই ক’লো, আজিকালি আগৰ দিন নাই৷ পানীৰামে মানুহক ঠগি খাব পাৰিছে৷ চলে-বলে-কৌশলে অঞ্চলটোৰ প্ৰতিটো অনুষ্ঠানৰ গুৰুত্বপূৰ্ণ পদ দখল কৰিব পাৰিছে৷ প্ৰশাসক, আৰক্ষীয়েও সমীহ কৰে৷ দুই নম্বৰী কৰি লাখ লাখ টকা উপাৰ্জন কৰিছে৷ বাকী খোৱা দোকানৰ মালিকে কোনো দিনেই বাকী খুজিবলৈ সাহস কৰিব নোৱাৰে৷ কাৰণ ওলোটাই দোকানীহে থানাত সোমাব লাগিব৷ গতিকে ইমান শক্তিশালী কায়দা-কিটিপ জনা মানুহক অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী বুলি কোৱাত আপত্তিৰ কাৰণ নাথাকে৷ অঞ্চলটোৰ প্ৰতিটো অনুষ্ঠানত বিষয়বাব লোৱা পানীৰামকতো দালাল অথবা কমিছনভোগী এজেণ্ট বুলি সভা এখনত ক’ব নোৱাৰি৷ গতিকে একেবাৰে সহজ বিশেষণটোৱেই হ’ল সমাজসেৱক৷ পুৰণি ধাৰাপাত সলনি হ’ল নন্দ৷
নন্দই মোৰ ফালে হাঁ কৰি মুখখন মেলি ৰ’ল৷
(৩)
লেখক -সাহিত্যিকসকলে বঁটা পোৱা দেখিলে অথবা সভা-সমিতিবোৰলৈ বিশিষ্ট অতিথি, নিৰ্দিষ্ট বক্তাৰ নাম দি ভাষণ দিবলৈ নিমন্ত্ৰণ কৰা দেখিলে নিজৰো কেতিয়াবা লেখক হ’বলৈ মন যায়৷ চেষ্টাও কৰোঁ৷ কাৰণ চেষ্টাৰ একো নাই৷ কেতিয়াবা স্থানীয় ৰূপালী জয়ন্তী, হীৰক জয়ন্তী, বিহু সন্মিলন আদিৰ বাবে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ আদিত জোৰা-টাপলি মাৰি লেখা একোটা দিবলৈ যত্ন কৰোঁ৷ আনে লিখা অ’ৰ এটুকুৰা, ত’ৰ এটুকুৰা মিলাই প্ৰবন্ধ সজাওঁ৷ প্ৰকাশো হয়৷ প্ৰকাশ পালে নিজকে সাহিত্যিক সাহিত্যিক যেন লাগে৷ দুই-এজনক চাহ-পানী, মিঠাইয়ো খুৱাও৷ কেতিয়াবা স্থানীয় স্মৃতিগ্ৰন্থ সম্পাদনাৰ দায়িত্ব পোৱা সম্পাদকে লেখা নাপালে মোলৈ ফোন কৰি লেখা এটা দিবলৈ কয়৷ তেতিয়া নিজকে প্ৰতিষ্ঠিত লেখক যেনেই লাগি যায়৷
সিদিনা হঠাতে বজাৰত লগ পাই স্থানীয় আলোচনী এখনৰ সম্পাদকে আলোচনী এখন দিলে৷ আলোচনীখনত মোৰো প্ৰবন্ধ এটা প্ৰকাশ পাইছে৷ আলোচনীখনৰ পাত দুটা লুটিয়াই চাওঁতে দেখিলোঁ – অঞ্চলটোৰ লেখক, সাহিত্যিক, সাংবাদিকসকলৰ ওপৰত লিখা প্ৰবন্ধ এটাত মোৰ নামটো দেখোন ’প্ৰতিষ্ঠিত লেখক’ বুলি উল্লেখ কৰিছে৷ আলোচনীখন মোনাত ভৰাই একেকোবে তৃপ্তি হোটেল পালোঁগৈ৷ ভাল চাই মিঠাই কেইটামান লৈ ঘৰলৈ তীব্ৰবেগে চাইকেল মাৰিলোঁ৷ ঘৰ পায়েই শ্ৰীমতীক ওচৰলৈ মাতি কথা কোৱাৰ সুযোগ নিদিয়াকৈ মিঠাই এটা খুৱাই দিলোঁ৷
শ্ৰীমতীয়ে আবতৰীয়া মৰম দেখি সুধিলে – আজি দেখোন বৰ স্ফূৰ্তি! হ’ল বা কি?
গৰ্বৰে আলোচনীখন মেলি পৃষ্ঠাটো আঙুলিয়াই দি ক’লো – দেখিলা, তুমিহে শলাগ নোলোৱা৷ অমুকাই মোক কেনেদৰে ’প্ৰতিষ্ঠিত লেখক’ বুলি স্বীকৃতি দিলে দেখিলা?
শ্ৰীমতীয়ে ঢেকঢেকাই হাঁহি ক’লে – তোমাক প্ৰতিষ্ঠিত লেখক বুলি কোৱাটো আৰু ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে জন্মদিনত উপহাৰ পোৱা শিল-বালি, ইটা, চিমেণ্টেৰে ঘৰ সজা বুলি কোৱা অথবা মাইকৰ লাউড স্পীকাৰত গোবৰ-মাটি সানি মাটিৰ গোন্ধ থকা গানৰ জন্ম দিবলৈ চেষ্টা কৰা বুলি লিখাটো একেই গাজাখুৰি কথা৷ হোমেন বৰগোহাঞি, নগেন শইকীয়া, লক্ষ্মীনন্দন বৰা ইত্যাদি লেখকসকলহে প্ৰতিষ্ঠিত লেখক বুলি ক’ব পাৰি৷ তোমাৰ দৰে বছৰেকত কোনোবা এখন স্মৃতিগ্ৰন্থত অ’ৰ-ত’ৰপৰা লেখা সংগ্ৰহ কৰি প্ৰবন্ধ এটা লিখিলেই প্ৰতিষ্ঠিত লেখক নহয়৷ ’প্ৰতিষ্ঠিত লেখক’তো নহয়েই, তোমাক লেখক বুলিও ক’ব নোৱাৰি৷
শ্ৰীমতীৰ কথাত মনটো সেমেকি গ’ল যদিও দমি নগ’লো৷ গহীনাই ক’লো- এতিয়ালৈকে মোৰ ভালেকেইটা প্ৰবন্ধ প্ৰকাশ হৈছে৷ ইয়াৰোপৰি বাতৰি কাকততো কেইবাখনো চিঠি প্ৰকাশ হৈছে৷ সাহিত্যৰ নামত ’স’টো নজনাটোৱেও যদি সাহিত্য সভাৰ বিষয়ববীয়া হ’ব পাৰে, ’ৰমনী’ নামৰ সূদ খোৰ কাবুলী আৰু দালালটো যদি শাখা সাহিত্য সভাৰ সম্পাদক হ’ব পাৰে, ১৫খিলা পাণে যদি এগুচি হ’ব পাৰে অথবা ১৯খিলা কাগজে যদি এক দিস্তা হ’ব পাৰে, তেন্তে মই ’প্ৰতিষ্ঠিত লেখক’ হ’ব নোৱাৰিম কিয়? সলনি হ’লে চব সলনি হ’ব৷ প্ৰত্যেকৰ নিজৰ নিজৰ পচন্দৰ ’নতুন আদৰ্শ ধাৰাপাত’ হোৱাত আপত্তি ক’ত?

দুলেন চমুৱা
ঢকুৱাখানা

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
1 year ago

[…] আদর্শ ধাৰাপাত […]

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক