নতুন কিতাপ, নতুনৰ কিতাপ (- প্ৰাণজ্যোতি নাথ)

খুউব ধীৰ-স্থিৰ বাবে সদায় সমীহ কৰা মোৰ খুউব আপোন মানুহ এজনক এদিন সুধিছিলোঁ… “আপোনাক সদায় সুখী দেখোঁ। কিয়?” হাঁহি হাঁহি কৈছিল; “মই মানুহৰ জীৱন পালোঁ যে, সেইবাবে।” এষাৰ নিতান্তই সাধাৰণ যেন লগা গভীৰ অৰ্থবহনকাৰী কথা। মানুহৰ জীৱনে আমাক আচলতে সুখী কৰি ৰাখিব লাগে, ৰাখিব পাৰিব লাগে। কেৱল মানুহ বাবেই আমি চিঞৰি চিঞৰি আমাৰ ভাষাত দুখবোধ প্ৰকাশ কৰিব পাৰোঁ… সুখবোধো প্ৰকাশ কৰিব পাৰোঁ। হৰ্ষ-আনন্দ-বিষাদৰ কথা লিখিব পাৰোঁ… ক’ব পাৰোঁ বিচৰা বস্তুটোৰ কথা। আগ্ৰহ আৰু হেঁপাহৰ কথা। কামনা-বাসনাৰ কথা। ভোক আৰু লঘোণৰ কথা। প্ৰাপ্তি আৰু প্ৰাচুৰ্যৰ কথা। সেয়ে আমি সুখী হোৱা উচিত। কাৰণ আমি বিবেক পালোঁ… লগতে পালোঁ ভাৱ প্ৰকাশৰ মাধ্যম হিচাপে আমাৰ মুখৰ মাত আৰু তাতোকৈও অধিক পালোঁ লিখি জনোৱাৰ শক্তি। তেন্তে সুখে-দুখে সৰ্বক্ষণ এই পৰম প্ৰাপ্তিৰ বাবে আমি জীৱনৰ ওচৰত কৃতজ্ঞ হোৱাই উচিত। জীৱন, তুমি আমাক মানুহৰূপে গঢ়িলা, আমি ধন্য।

notun-kitap_pranjyoti-dpknath
মানুহ। এটা পখিলা, এটা হৰিণা বা কেৱল এটা শিয়াল নহয়। আমি মানুহ। জীৱনৰ মাজত জীৱন বিচাৰি আমাৰ চিৰকালৰ অনুসন্ধিৎসু যাত্ৰা। জীৱনক আমি আৰু বেছি দিব খোজোঁ। জীৱনৰপৰা আমি আৰু বেছি ল’ব খোজোঁ। এই দিয়া আৰু লোৱাৰ আগ্ৰহতে নগৰীয়া জীৱনৰ লালসা আৰু প্ৰাচুৰ্যক একাষৰীয়া কৰি থৈ অভিজিৎ কলিতা নামৰ এজন মানুহ, মানৱীয় গুণেৰে ভৰপূৰ এজন ব্যক্তি ওলাইছিল নগৰৰ হাই-উৰুমি এৰি থৈ সুশোভিত প্ৰকৃতিৰ নিভৃত কোলাত হেঁপাহ পলুৱাই জীৱনক জী চাবলৈ; মানৱীয় গুণসমূহৰ পৰিচৰ্যা-লালন আৰু বিকাশৰ তাড়নাতে যেন আছিল এই প্ৰকৃতিমুখী যাত্ৰা। মায়াময় কৃত্ৰিম পোহৰৰ একঘেয়ামী খেলা আৰু সুউচ্চ অট্টালিকাৰ ভিৰৰ মাজত সৰস জীৱন শুকাই যোৱাৰ উপক্ৰম হওঁতেই তেখেতে ভাবিছিল নিভাঁজ প্ৰকৃতিৰ মাজত কিছুদিন কটাই জীৱনক বাংময় কৰাৰ কথা। ভবাৰ লগে লগে নিখুঁত পৰিকল্পনা আৰম্ভ হৈছিল আৰু এদিন পৰিয়াল তথা মনে মিলা বন্ধু-বান্ধৱীসহ অভিজিৎ কলিতাই ফুৰি আহিছিল ঝুকু উপত্যকা আৰু ডং ভেলী। খাদ্য আৰু সুচল বাসস্থান বিচৰা পৰিভ্ৰমী পখীৰ দৰে কেৱল ঘূৰি-ফুৰি অথবা প্ৰতিকূল বতৰকো নেওচি প্ৰকৃতিৰ ৰূপ-সুষমা পান কৰিয়েই ক্ষান্ত নাথাকি অভিজিৎ কলিতাই লিখি উলিয়ালে তেখেতৰ এই ভ্ৰমণ অভিজ্ঞতাৰ ৰোমাঞ্চকৰ কাহিনী__ ‘বেলি আৰু ফুলৰ দেশত।’ মাতৃ পুষ্পলতা কলিতাই ডবিয়াইছিল কলিতাক। কৈছিল; কৈ থাকি কি লাভ! পাৰ যদি লিখি পেলা। অন্য বহুজন উপকৃত হ’ব। আমি আশাবাদী যে ‘বেলি আৰু ফুলৰ দেশত’ পঠনে দহজন আশাহত মানুহক উৎসাহিত কৰিব, কিতাপখনৰ পঠন অভিজ্ঞতাই পঢ়ুৱৈক সুৰ্যোদয়ৰ দেশ ডং আৰু ফুলৰ উপত্যকা ঝুকুলৈ লৈ যাব, ফুল আৰু ৰ’দ মনৰ চকুৰে দৰ্শন কৰি পঢ়ুৱৈ উজ্জীৱিত হৈ পৰিব। এই সমলকে সামৰি কোনোজনে হয়তো প্ৰফুল্লচিত্তে ডং অথবা ঝুক’ বিহাৰ কৰি আহিব। লেখক-পাঠক উভয়ে সুখী হ’ব। সুখী জীৱন জী থকাৰ পৰিশীলন চলি থাকিব এনেদৰে, চক্ৰাকাৰে। ‘বেলি আৰু ফুলৰ দেশত’ সঞ্জীৱন প্ৰকাশনৰ প্ৰথম নিৱেদন।
নতুন লেখকক উৎসাহিত কৰাৰ মানসেৰে অসমৰ বৌদ্ধিক মহলত চিনাকী নাম প্ৰীতিমা কৌশিক বৰুৱাই আৰম্ভ কৰিছে ‘সঞ্জীৱন প্ৰকাশন’ নামেৰে এক নতুন প্ৰকাশনৰ কাম। এই প্ৰকাশনৰ বেনাৰত, প্ৰীতিমা কৌশিক বৰুৱা আৰু শান্তনু কৌশিক বৰুৱাৰ উদ্যোগত এইবছৰ গ্ৰন্থমেলাৰ বতৰতে প্ৰকাশ হৈ ওলাব আৰু চাৰিখন নতুন কিতাপ। শান্তনু কৌশিক বৰুৱা আৰু শাংকৱ কৌশিক বৰুৱাৰ ‘লেখক-সাংবাদিকৰ গাইড’, বুলন কুমাৰ শইকীয়াৰ ‘আমাৰ জুতি-বুধি’, দিগন্ত কুমাৰ ভট্টাচাৰ্য, জ্যোতিৰূপম দত্ত আৰু দেবাংগ পল্লৱ শইকীয়াৰ ‘অনুভৱৰ আলাপ’ তথা উৎপল জোনাক হাজৰিকাৰ ‘১০০ অণুগল্প’…… নিশ্চয়কৈ ই হ’ব অসমীয়া সাহিত্যত নতুন সংযোজন । লেখক-প্ৰকাশকলৈ অভিনন্দন।
উল্লিখিত লেখক অভিজিৎ কলিতাৰ দৰে ফেচবুকৰ পৰা ছপা মাধ্যমলৈ ওলাই আহিছে আন এজন শক্তিশালী, অনুভৱী লেখক__ জয়ন্ত আকাশ বৰ্মন।
ঃ তাৰপিছত আমাৰ সাধু শেষ হ’ল। বেলিটোৰ দৰে ডা-ঙ-ৰ সাধুটো। আচলতে বেলিটোৱেই সাধুটো। সদায় ডুবি নতুনকৈ ওলায় পুৱা।
ঃ চোৱা, চোৱা! বেলিটো নদীত বাগৰি পৰিছে… চোৱা, চোৱা, প্ৰতিটো টোপালত ছিটিকি ভাগি পৰিছে__ চোৱা চোৱা, আমাৰ হাতত ৰঙা-নীলা টোপাল টোপাল বুদ্ বুদ্ সাধুবোৰ__
(স্নেহা অলংকৃতা)
ৰঙৰ আপাহতে সোমাই পৰিছিলোঁ জয়ন্ত আকাশ বৰ্মনৰ মাইক্ৰ’কাহিনী ‘একাৱন্ন’ত। প্ৰথমে কিতাপখনৰ আকাৰ আৰু প্ৰচ্ছদ দেখি পুলকিত হৈছিলোঁ। যদিও কিতাপক ভ্ৰমণসংগী বুলি অভিধা এটা দি থোৱা হয়__ ভ্ৰমণৰ সময়ত পকাবন্ধা কিতাপ একোখন আলফুলকৈ নিবলগীয়া হোৱাটো অলপ অসুবিধাজনক। নিজলৈ চাবনে কিতাপকে চাব। তেনেক্ষেত্ৰত মুঠিতে লুকোৱা( আচলতে আমাৰ বেগৰ ভিতৰত খাপখাই পৰা) কিতাপখন দেখিয়েই মিচিককৈ হাঁহি এটা ওলোৱাটো স্বাভাৱিক কথা। ‘একাৱন্ন’ত সন্নিৱিষ্ট হৈছে বৰ্মনৰ একাৱন্নটা মাইক্ৰ’কাহিনী। তাতোকৈ শলাগিবলগীয়া কথাটো হ’ল যে কিতাপখনত সেই একাৱন্নটা মাইক্ৰ’কাহিনীৰ ইংৰাজীলৈ কৰা অনুবাদো লিপিবদ্ধ হৈছে ‘fiftyone ‘ ৰূপত। প্ৰকাশকৰ চিন্তাৰ এই অভিনৱত্বক শলাগিলোঁ। ‘একাৱন্ন’ প্ৰকাশ কৰিছে ‘ইমেজ গ্ৰাফিক, গুৱাহাটী’য়ে। প্ৰতিটো কাহিনীয়ে পাঠকক চিন্তাৰ খোৰাক যোগাব আৰু পাত লুটিয়াই আনটো কাহিনী পঢ়িবলৈ পাঠকৰ আগ্ৰহ জন্মিব কাৰণ প্ৰতিটো কাহিনীতে এজন পৰিপক্ক, ক্ষূক্ষ্মদৃষ্টিসম্পন্ন লেখকৰ চিন্তা-চেতনাৰ অনুশীলন বাৰুকৈয়ে প্ৰতিফলিত হৈছে।
“এমুখ পকা দাঢ়িৰে মানুহজন চাৰিআলিত ৰৈ আছিল। এজনে ক’লে__ এওঁ হিন্দু, আনজনে ক’লে__ নহয়, এওঁ মুছলমান।
মানুহজনে ক’লে__না। মই সৰ্বহাৰা। মোক কিবা খাবলৈ দিয়ক।” (বুভুক্ষ ঈশ্বৰ__ জয়ন্ত আকাশ বৰ্মন)
“প’ট্ৰেইটখন আন্তঃৰাষ্ট্ৰীয় মঞ্চত পুৰস্কৃত হ’ল।
ফটোৰ মডেলজনে সিদিনাও ৰাতি লঘোণে কটালে।” (কোটিপতি মডেল__ জয়ন্ত আকাশ বৰ্মন)
“আশৈশৱ সপোন আছিল মডেলিং কৰাৰ। অপ্ৰত্যাশিত ভাবেই অফাৰটো পাই গ’ল। মাল্টিবিলিয়ন ৱাটাৰ পিউৰিফায়াৰ কোম্পানীটোৰ ব্ৰাণ্ড এম্বেচাদৰ।
তাই ৰিজেক্ট কৰিলে। ৰাজস্থানত তাইৰ জন্মগাঁও। শুকান মানুহবোৰে তাত চকুপানী টুপিও খৰচ নকৰে।” (জলজ__ জয়ন্ত আকাশ বৰ্মন)
আমি নিজে বাৰে-বাৰে পঢ়িলোঁ ‘সৰগৰ দুৱাৰত’ গল্পটো। যিদিনা সৰগৰ দুৱাৰদলিত থিয় হ’ম; কি ক’ম দেৱদূতক!! সৰগখন কেনেকুৱা আছিল!! আহক, সৰু-সৰু কথা-কাণ্ডৰ মাজতে সুখৰ সন্ধান কৰোঁ। আপুনি মই মিলি এই মৰততে এখন সুখী সৰগ গঢ়োঁ… ভালপাবলৈ শিকোঁ, সহনশীল হ’বলৈ শিকোঁ, দিবলৈ শিকোঁ, বিলাবলৈ শিকোঁ। কাৰণ ভালপোৱাত, সহনশীলতাত, দিয়াত-বিলোৱাতে হয়তো লুকাই আছে প্ৰকৃত সুখ। কৃত্ৰিমতা এৰি পান কৰোঁ এজাক নিৰ্ভেজাল বতাহ __ মফচলীয় চহৰত এদিন, এটা গছপুলি ৰোওঁ। এখন কিতাপ আৰু সেউজীয়া গছপুলিটো সেইজন বন্ধু, যি দিয়াখিনিৰ বাবে কোনোদিন প্ৰতিদান নিবিচাৰে। এই বন্ধুত্বৰে সমৃদ্ধ হওঁ, সমৃদ্ধ হওক, সমৃদ্ধ হ’বলৈ শিকাওঁক।
***

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments