নতুন প্ৰজন্ম — প্ৰাঞ্জলি ভট্ট

বিয়াখন ঠিক হোৱাৰে পৰা চলিহা, মানুহজন ক্ষীণাই গৈছে। সঁচা কথা ক’বলৈ হলে শুকাই গৈছে। তথাপিও শুকান মুখখনত বৰ কষ্টেৰে উলিওৱা আধামৰা হাঁহিটো ওলমাই পিছপিনে হাত দুখন বান্ধি ঘৰটোতে ঘূৰি ফুৰিছে তেওঁ। কেতিয়াবা দীঘল বাৰাণ্ডাখনত ঘৈণীয়েকে বিয়াত অনা পুৰণা চোফাখনত বহি চকু দুটা বন্ধ কৰি ঘণ্টাৰ পিছত ঘণ্টা পাৰ কৰিছে।
চাৰিজনী ছোৱালীৰ বাপেক তেওঁ। কম দায়িত্ব নে! তাতে আকৌ যোৱা বছৰ তেওঁ অৱসৰ লৈছে। কোনোমতে অৱসৰ লোৱাৰ আগতে দুজনীক বিয়া দি আজৰি হৈছিল বুলিহে। ন’হ’লে দেখোন কথা বিষমেই আছিল।
এতিয়া তিনি নম্বৰজনীৰ বিয়া। বিয়াখনত হবলগীয়া খৰচৰ অংক কোনোপিনেই মিলাব পৰা নাই তেওঁ। মুখত আধামৰা হাঁহিটো লৈ মানুহজনে নিতৌ বেংকলৈ গৈছে পেঞ্চনৰ ওপৰত কিবা লোন লব পৰা যায় নেকি সুধিবলৈ।
অৱসৰৰ পিছত মোটা টকা অলপ পাইছিল যদিও সেইখিনি দেখোন আধা হৈ থকা ঘৰটো সম্পূৰ্ণ কৰোঁতেই শেষ হল। ঘৈণীয়েকৰ লগতে ছোৱালী কেইজনীৰো বৰ চখ। ঘৰৰ ভিতৰত মাৰ্বল দিব লাগিব, চিলিং লাগিব, বাথৰূম লেট্ৰিন এযোৰ ইণ্ডিয়ান আৰু এযোৰ ৱেষ্টাৰ্ণ হব লাগিব, ৰংটোও বেষ্ট কোৱালিটিৰ হ’ব লাগিব ইত্যাদি ইত্যাদি।
যিমানখিনি টানিব পাৰে সিমানখিনিয়েই কৰিছে তেওঁ। যদিওবা কাকো সন্তুষ্ট কৰিব পৰা নাই। আচলতে এই সন্তুষ্ট কৰাটোৰ দৰে টান কাম একোৱেই নাই চাগে। এটা প্ৰয়োজন শেষ নহয় নতুন এটা আৰম্ভ হয়।
অৱশেষত লোন এটা হৈছে তেওঁৰ নামত। বেছি টকাৰ নহয়। তথাপিও কিছু সকাহ পাব। মুখৰ হাঁহিটো এইকেইদিন অলপ উজলি উঠিছে তেওঁৰ। মাজে মাজে তেওঁ ভাবে কথাবোৰ ঘৈণীয়েকৰ লগত আলোচনা কৰিব পাৰিলে ভাল আছিল। কিন্তু মানুহজনীৰ বাহ্যিকতাত সুখ বিচাৰি উৰি ফুৰা স্বভাৱটোৰ কাৰণে কোঁচ খাই যায় চলিহা।
“দেউতা মোক এযোৰ গুণাত মিনা কৰা কাপোৰ দিবা দেই ভণ্টিৰ বিয়া বুলি। তেতিয়াহে শাহুহঁতক দেখুৱাই গৌৰৱ কৰিব পাৰিম।“
“দেউতা মোকো দিবা দেই।“
“হেৰি শুনিছে, মোক কাপোৰ এযোৰৰ লগত মিলাকৈ এটা অসমীয়া গহনা ছেটও লাগিব দেই।“
ডিঙিটো সোপা মাৰি ধৰে চলিহাৰ। নিমিলে অংকটো। গণনাত কেঁচা নাছিল তেওঁ অথচ এতিয়া কোনোপিনৰ পৰাই মিলাব পৰা নাই দেখোন। বিবাহ ভৱন, কইনাৰ কাপোৰ, গহনা, ফাৰ্নিচাৰ ইত্যাদি ইত্যাদি বোৰ আছেই।
আজিকালি বহি আৰু কলম এটা লৈ চলিহাই অনবৰতে অংক কৰি থাকে। এবাৰ যদি লিখে এবাৰ আকৌ কাটে। হাতত চাহৰ কাপটো লৈ হবলগীয়া কইনা জুমি কেতিয়ানো আহি তেওঁৰ ওচৰত থিয় হৈ আছিল তেওঁ দেখোন গমকেই নেপালে।
“দেউতা মই জানো নহয় তুমি কিয় ইমান চিন্তাত আছা। মই সকলো বুজোঁ। তুমি চিন্তা নকৰিবা চোন দেউতা। মই কিবা এটা কৰিম ৰবা।’’
“নাই, নাই মোৰ একো চিন্তা হোৱা নাই মাজনী। তুমি একো কৰিব নালাগে। মই দেউতাৰজন কি কৰিবলৈ আছোঁ৷’’
মিছা আশ্বাস দি মুখখন ওপৰ কৰি হাঁহি থাকে তেওঁ।
বাৰে বাৰে নিজৰ মানুহজনীৰ আশ্ৰয় লবলৈ মন যায় চলিহাৰ। তেওঁ যদি কিছু সকাহ দিলেহেঁতেন। টকা পইচাৰে নহলেও মনেৰে। মনৰ সহযোগিতাও বহুত প্ৰয়োজন কিছুমান ক্ষেত্ৰত।
চাওঁতে চাওঁতে আৰু মাথোঁ এমাহ আছে বিয়ালৈ। যোগাৰ-পাতিবোৰ কিছু হৈছে যদিও বাকী আছে বহুখিনি। চলিহাই আশা কৰিছিল জোঁৱাই দুজনেও যদি কিবা সহায় কৰিলেহেঁতেন! কিন্তু তেওঁলোকৰ নিজৰে হেনো বহুত অভাৱ। প্ৰায়ে শুনাই থাকে জীয়েক দুজনী আহিলে।
ৰাতিপুৱাই চলিহা স্কুটাৰখন লৈ ফাৰ্নিচাৰৰ দোকানত এপাক গৈ আহো বুলি ওলাই গল। আধা টকা দি নাহিলে তেওঁলোকে হেনো কামখিনি আৰম্ভ নকৰে। আৰম্ভ নকৰিলে শেষ হব কেনেকৈ।
পুৰণি স্কুটাৰখন লৈ গৈ থাকোঁতে ৰাস্তাত চকামকাকৈ জুমিক দেখিলে তেওঁ। কাৰোবাৰ লগত গাড়ী এখনত গৈ আছে। কথাটো তেওঁ ভাবি থাকিল। ক’ত গল, কি সকামত গ’ল ইত্যাদি।
ঘৰলৈ আহি জুমিক নেদেখি আচৰিত হল চলিহা। ইমান দেৰিলৈ উভতি অহাই নাই। তেওঁৰ চিন্তা হল। বিয়া ঠিক হোৱা ছোৱালীজনী ঘৰখনৰ পৰা অকলে অকলে ক’ত যাব পাৰে!
ঘৈণীয়েকক সুধিও একো উত্তৰ নাপালে। ওলোটাই ঘৈণীয়েকৰ নতুন নতুন কিছুমান বস্তুৰ তালিকা শুনি আঁতৰি গ’ল চলিহা।
বাৰাণ্ডাত বহি ৰৈ থাকিল তেওঁ।
গেটৰ মুখত এখন গাড়ী ৰখাত আগুৱাই গ’ল চলিহা। এয়া দেখোন হবলগীয়া জোঁৱাই লগত জুমি। দুয়োৰে ডিঙিত বান্ধ খাই আছে দুডাল হালধীয়া ৰঙৰ উজ্জ্বল নাৰ্জী ফুলৰ মালা। মুখত মিচিকিয়া হাঁহিৰে ভিতৰলৈ সোমাই আহিল দুয়ো।
ঠাইতে থৰ লাগিল চলিহা।
আগবাঢ়িব খোজা ভৰি দুখন ৰৈ থাকিল একে জেগাতে।
বুকুখন গধুৰ হৈ পৰিল নিমিষতে।
“দেউতা আমি কোৰ্টত বিয়া পাতিলোঁ। তাৰ পিছত মন্দিৰত সোমাই ভগৱানৰ আশীৰ্বাদ ললোঁ। তোমালোকক নক’লো। ক’লে জানো যাব দিলাহেঁতেন? “
“কিয়, কিয় তহঁতে এনে কৰিলি?“-কোনোমতে মাতটো উলিয়াই সুধিলে তেওঁ।
“দেউতা, তোমাৰ চিন্তাৰ কাৰণ হ’ব নিবিচাৰোঁ মই। নোৱাৰো মই তোমাৰ শুকাই যোৱা মুখখন চাই ৰঙীন হবলৈ।“
“বৰ দুখ পালো আই। তই তেনে সিদ্ধান্ত লব নালাগিছিল। জোঁৱাইৰ ঘৰ খনে কি ভাবিব মোক? ক’ত থাকিব মোৰ সন্মান? “
মুখত মিচিকিয়া হাঁহিৰে দেউতাকৰ ভৰিখন চুই নতুন জোঁৱাই কৃতাৰ্থই কলে-“আপুনি অলপো চিন্তা নকৰিব দেউতা। মই ঘৰত কৈছোঁ। আচলতে মই এইবোৰ ওপৰুৱা ৰং একেবাৰে ভাল নাপাওঁ। মনৰ মিলটোহে ডাঙৰ কথা। তাকে দেখাবলৈ ইমানবোৰ বাহ্যিকতাৰ কি প্ৰয়োজন। তাতে আকৌ যদি সেই বাহ্যিকতাই ভিতৰখন খালী কৰি পেলায়। আপুনি আশীৰ্বাদ দিলেই মই ভাবি ল’ম সমাজখনে মোক আশীৰ্বাদ দিছে।“
“হয় দেউতা, এইবোৰ আমিয়েই সলাব লাগিব। নতুন প্ৰজন্ম বুলি মুখেৰে কৈ থকাতকৈ নিজৰ কামেৰে দেখুৱাব খুজিছোঁ আমি। তুমি বেয়া নাপাবা।“
চলিহাৰ আধা মৰা মনটো যেন প্ৰাণ পাই উঠিল। শুকান মুখখনত শুকান হাঁহিটো জীপাল হৈ উঠিল কথাৰ বৰষুণত।
হয়তো, কথাবোৰ ইমান সৰল বুলি ভবাই নাছিল দেখোন তেওঁ। একো ভুল বুলিও ক’ব নোৱাৰে কোনেও। হওক তেওঁ, ঘৰখনত কোনোবা যে আছে তেওঁৰ কষ্ট বুজিবলৈ। মনৰ শান্তিত সুখৰ পঁজা গঢ়ক দুয়ো।
জোনাকী বাটেৰে সুৰুযমুখী সপোন লৈ গৈ থাকিল দুগৰাকী নতুন প্ৰজন্মৰ শিল্পী।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
sumin
5 months ago

সচাকৈ বহু ভাল লাগিল।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক