‘নতুন’ ফুলিব সপোন হৈ আকৌ এবাৰ… : ৰক্তিম গোস্বামী

অনুভৱ

‎’নতুন’ ফুলিব সপোন হৈ আকৌ এবাৰ…
_____________________________

ৰক্তিম গোস্বামী

অপেৰা গায়িকাজনীৰ মাতটো এটা শিহুৰ দৰে মোৰ তেজত ডুব মাৰি নোহোৱা হ’ল। সুমেৰুৰ পৰা নামি আহিছে বৰফবোৰ এটা কেতিয়াও নুশুনা শব্দ কৰি মনে, মনে। বাকী মানুহবোৰ পৃথিৱীৰ পানীত নামি হেৰাই গ’ল পৃথিৱীৰ তলিত। মা-পিতাইৰ বিচনাখন খালী। ভাইটিৰ চোতালত পৰি থকা চোলাটোৰ লগত খেলি আছে মেকুৰীটোৱে। সি একো নাজানে। বিচাৰিলে অপেৰা গায়িকাজনী তাৰ তেজতো ওলাব চাগে..

চকুত চকু থ’লে প্রেম নহয়। কাৰোবাক দেখি মনটো কঁপি উঠিলে প্রেম হোৱা বুলি ভবাবোৰ তৰাবোৰৰ লগত লুকা-ভাকু খেলিবলৈ গ’ল। আকাশখন নামি আহিল। সিঁহতবোৰ নাহিল। মৰিব ময়ো পাৰিম, প্রেমত জীয়াই থাকি দেখুওৱা মোক ৰমিঅ’। ৰবীন্দ্র সংগীত শুনিবা নিশা দুপৰত অকলশৰে, মই কি কৈছোঁ বুজিবা। মৃত্যুশীতলতাৰ আবেগ বচা চাদৰ খনে যেতিয়া টোপনিৰ ৰূপ লয় সাৰ নাপাবা কাহানিও। নিবাচাৰিবা কাহানিও জানিব প্রেমৰ সংজ্ঞা। প্রেমৰ জগৰত যে গ্রহণ লাগে পৃথিৱীৰ..

পিতাইৰ কোলাত থাকোঁতে দেখা জুইৰ লানি নিচিগা সোঁতবোৰ কাৰোবাৰ বুকুৰ আজিও উদাত্ত ৰঙা অঙঠা। জুই জুই হৈয়ে থাকক। ভুলকৈ জ্বলা জুইৰ ভমক বেছি। চাৰিওফালে ভালকৈ চালে ধোঁৱাবোৰ দেখি। কিছু নতুন, কিছু পুৰণি আৰু কিছু কেচা তেজ মিহলি ধোঁৱা..চিনাকি…

বুকুৰ ভিতৰত ডুবি থকা ‘টাইটানিক’খন বিচাৰি উলিয়ালে মৰাশবোৰ পাম। লুণীয়া পানীৰ মাছ মই। বেলিৰ পোহৰে চুব নোৱাৰা সাগৰৰ গভীৰতাত মোৰ সপোনৰ ঘৰ। মকৰাৰ কংকালেদি সজোৱা মোৰ প্রমৰ কোঠালি। আহিবা,
কিন্তু হাতত লৈ আহিবলৈ নাপাহৰিবা মোৰ প্রিয় তেজাল বুঢ়াটোক ৰঙা বটলৰ মাজত। এদিনৰ বাবে আমি আদিম হম। আডাম আৰু ইভ হম। পৃথিৱীক প্রথমবাৰলৈ ‘মা’ বুলিম। আকৌ কামুৰিম অভিশপ্ত আপেল। আমি ‘পৃথিৱী’ হম পুনৰবাৰ…

‘নতুন’ ফুলিব সপোন হৈ আকৌ এবাৰ।

মেকুৰী, বৰ্তমান, প্রেম আৰু মানুহ
__________________________

মুখত পোৱালিকেইটা লৈ ঘৰ বিচাৰি ঘূৰি ফুৰা মেকুৰীজনীৰ লেখীয়াকৈ জীৱনটো চলাই নিম বুলি ভবা মানুহ বহু আছে। কোনো ‘প্রত্যুৎপন্নমতি’ কোনো ‘যত্ভৱিষ্য’ কোনো ‘অনাগতবিধাতা’। সকলোৰে নিজস্ব গতি আছে। শেষ আছে। আমি সকলো উপঙি আছোঁ, গৈ আছোঁ সময় সাগৰত। ক’লৈ? ক’ব পৰা জন ভগৱান (?)।

জীবনৰ সংজ্ঞা ব্যক্তিবিশেষে সদায় বেলেগ। পৰীক্ষাৰ কাৰণে মুখস্থ কৰাৰ দৰে জন্ম-মৃত্যুৰ মাজৰ সময়ছোৱা আনৰ জীৱন চাই মুখস্থ কৰিব নোৱাৰি। ‘বৰ্ত্তমান’- অতীত পাৰ কৰি ভৱিষ্যতলৈ যাব বিচৰা এক দূৰন্ত যৌৱন। বৰ্ত্তমান- এডাল সৰল ৰেখা। তিনিটা ষ্টপেজৰ এক সৰল ৰেখা- কালি,আজি আৰু কাইলৈ। বৰ্ত্তমান- জীৱন।

পৃথিবীখন এটি ধূলিকণাৰ দহ হাজাৰ অৰ্বুদ ভাগৰ এক বুলি ক’লে নিশ্চয় বিশাল বুলি কোৱা হব, যদি আমি মহাকাশৰ সংজ্ঞা বিচাৰোঁ। সেই পৃথিৱীৰ মাজত ‘আমি’। আমাৰ মাজত ‘মই’। মোৰ মাজত ‘অহংকাৰ’। অহংকাৰৰ মাজত ‘পতন’। কিমান সুস্পষ্ট নিয়ম। কিমান বিধিসন্মতভাৱে আমি শেষ কৰোঁ আমাক। নিশ্চিত ‘অন্ত’ৰ জ্ঞান থকাৰ পাছতো ‘জীৱন-বিজ্ঞান’ৰ ‘পতনৰ নিয়ম’ মানি চলা যেন এক আদিম নিচা। ‘জীৱন’ নিচাৰ লগত প্রায় হাৰে জীৱনৰ নিচা বুজি নোপোৱাজনৰ হাতত। বেয়াৰ পোহৰত ভালটো সেয়ে হয়তো আটাইটকৈ বেছি জিলিকে।

‘প্রেম’- মোৰ জীৱন তোমাৰ হাতত, তোমাৰ জীৱন মোৰ হাতত। ‘থিঅ’ৰি অফ পেৰেডক্স অফ লাইফ’। জীৱনৰ চফ্টৱেৰটো খেলিমেলি কৰি দিয়া এটা স্ববিৰোধী বাগ (?)। ব্যক্তি আৰু ঘটনাবিশেষে স্বাদ তিতা বা মিঠা। মানুহক জ্ঞানী কৰে বা সাজে জধামূৰ্খ। অভিজ্ঞতাৰ নিচাহীন সুৰাত এচুমুক নিশ্চিত সকলোৰে। আমি ডাঙৰ হওঁ তেনেকৈয়ে।

এখন পৃথিৱী। সকলো এক হ’ম। কথা পাতিম, গান গাম। যাত্রা কৰিম পৃথিবীৰ শেষলৈ একেলগে। প্রেমকো দেখুৱাই দিম প্রেমৰ তলি উদং হোৱাকৈ ইজনে সিজনক ভালপোৱাৰ হেঁপাহ আমাৰো আছে। মানুহৰ প্রতি মানুহৰ হেঁপাহ। মানুহৰ প্রতি মানুহৰ মৰম।

মেকুৰীৰ হেনো ৯টা জীৱন।

আমি মানুহ…

এটা জীৱনত ৯ টা জীৱন জীয়াব লাগিব…মানুহ হৈ।

এন্ধাৰত নাৰ্চিচাচে প্রতিবিম্ব নেদেখে…
__________________________

যীশুৰ তেজেধোৱা শৰীৰটোৰ পৰা বগা চাদৰখন আতৰাই ল’ৰা-ছোৱালীজাকে ৰুলে ভগৱানৰ দেহত খুঁচি খুঁচি এজুপি গোলাপ। সাৰ পাই উঠোঁ উঠোঁ ভগৱান। গৰ্ভ ৰুগ্ন মাটিৰ অসুখ ধূলিসাৎ কৰাৰ হেঁপাহ সিহতৰ হাঁহিত। সিহঁতবোৰে সৰুতেই বুজিছে- পৃথিৱীত থকা কেইদিন পৃথৱীৰ পৰা লুকাব নোৱাৰি। জীয়াই থকা কেইদিন কেৱল জীয়াই থকাৰ যুঁজ দি থাকিলে জীয়াই থকাৰ সংজ্ঞাত ঘূণে ধৰিব। পাৰ চৰাইৰ আঞ্জাৰ আমেজ নুবুজা মূৰ্খ শিশুৰ দল।

লুকুৱাই ৰাখিব লাগে নিজক। পোহৰ পৰিবলৈ দিব নালাগে মনৰ কোঠালীত। অস্পষ্ট মৎসকন্যাৰ নাঙঠ অবয়বৰ মায়াত সাগৰ তলিত মুকুটাৰ চিকমিকনি। বৰষুণ, বৰষুণ সপোন। দুৱাৰখন ভালকৈ লগাবা ন’হলে বৰষুণত নামি অহা অভিমানে বাহ ল’বহি তোমাৰ ৰাতিৰ নীলা চাঁদৰত। লুকুৱাই ৰাখিবা নিজক, এন্ধাৰত নাৰ্চিচাচে প্রতিবিম্ব নেদেখে। প্রেম আত্মঘাতী নহয়।

মোক তোমাক লাগে, তোমাক মোক লাগে। ভোকাতুৰক ভাত লাগে। আবেগ, প্রয়োজন ইত্যাদি ইত্যাদি। জীয়াই থাকিবলৈ লাগে কাৰোবাক মন ভৰাই, কাৰোবাক পেট ভৰাই সুখ। আকাশৰ প্রেম, মঙহৰ প্রেম, ডাষ্টবিনৰ প‍্রেম?? ‘ভালপোৱা তেজ’ শৰীৰৰ ভিতৰত বয়। ওলাই অহা তেজত দুখ বিৰিঙে।

খেলি থাকিবা, ভাগৰত পৰি নোযোৱালৈকে। গাই যাবা গান মনত তেজ নিবিৰিঙালৈকে। লিখি যাবা
কবিতা শব্দৰ অন্তলৈ। আঁকি যাবা সপোন মৃত্যুৰ চোতাললৈ। মুক্তিৰ আবেলিত হাঁহি বিৰিঙিব। ভগৱানক গৈ ক’বা- মই মানুহ। গাজা ষ্ট্রিপ, আমেৰিকা, আফগানিস্তানৰ বা আফ্রিকাৰ নহয়, পৃথিবীৰ “মানুহ”। মাডাৰ টেৰেজা, গান্ধী, মেণ্ডেলাক ভালপোৱা “মানুহ”।

ল’ৰা-ছোৱালী জাকৰ ফুল ভগৱানৰ দেহত ফুলিছে। যীশু সাৰ পালে। সুধিলে- “মোক কোনে জগালে? মোৰ তেজ কিয় শুকোৱা নাই?” সিহতে ক’লে- “এয়া আমাৰ আই-পিতাইৰ তেজ, সোনকালে শুকাব।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments