নদাইৰ ডায়েৰিৰ পৰা — ধ্ৰুৱজ্যোতি শইকীয়া

নদাইৰ ডায়েৰিৰ পৰা….

— ধ্ৰুৱজ্যোতি শইকীয়া

ভাই,

নৈ বোৰে আজি সমস্বৰে কান্দিছে

আৰু সেই কান্দোনত
কাৰোবাৰ ঘৰ উটিছে,
কাৰোবাৰ ভঁৰাল, কেওৰ গোহালি৷

কিমানটা নামঘৰ গ’ল,
মছ্‌জিদ, গিৰ্জাৰ ভেটিও কোবাল সোঁতে ধুই গ’ল,

নদীৰ পানীবোৰ গেৰুৱা হ’ল,
বোকা পানীত মিলি ঢেলা হোৱা তেজ৷

কি মাজুলী কি মানাহ,
কাজিৰঙাৰ দশাও পানীত হাঁহ নচৰা হ’ল৷

বিশ্বাস এতিয়াও আছে,

বানে ভেটি উছন কৰিলেও,

সাজিম আকৌ ঘৰখন,

আগতকৈ আশা বাঢ়িছিল,
এইবাৰ ভাবিছিলো–
সকলো সুখেৰে যাব,
ভোগালীটো ভোগৰে হব,

জনা নাছিলো, জিয়া-ভৰালী জিয়া ঢলৰ ঢলত,
ভাইটোও মোৰ উটি যাব৷

যিদৰে ভোগালীলৈ বুলি পুহি থোৱা
হাঁহকেইটাও উটি গ’ল৷

পানীয়ে পানীয়ে, সোঁতে সোঁতে উটিছে খোজ,
ভৰিত পানীয়ে কটা ঘা,
বুকুত দুখৰ নেদেখা ছাঁ,

পেটলৈ দুবেলাৰ দুসাজ নোযোৱা কেবাদিনো হ’ল,

তোলৈ বৰকৈ মনত পৰিছে ভাই,

তই বাৰু খাব পাৰিছ নে আমাৰ দুখ চায়?

আমালৈ জানো তোৰ মনত পৰা নাই?

জানো, বুজি পাওঁ,
তই কিজানি আগৰ দৰেই নিশাবোৰ শুব পৰা নাই…৷

কালি বহুতদিনৰ মুৰত পেপাৰ পঢ়িলো,
পুৰণি পেপাৰ, তাৰিখটোত পানী পৰি সিও নেদেখা হ’ল,

দেখিলো, তই আকাশেৰে উৰি চাই গলি এবাৰ,

আয়ে কৈছিল, তই হেনো আনৰ দৰে নহয়,
সেয়ে ভাবিছিলো তিতি-বুৰি হ’লেও আহিবি,

সেই চাইকেল লৈ ফুৰা দিনবোৰৰ দৰেই,
বিস্কুট কেইটামানকে আনি, আইজনীক খোৱাবি…

মৰমীয়াল তোৰ হৃদয়,
তই আগৰ দৰেই আছনে ভাই?

তই চাইকেলেৰে অহা বাটটোৰ মাথো এবেগেট বাকী,

এইবাৰ কিজানি তোৰ বিস্কুট খোৱাৰ ভাগ,

আই-মোৰ কপালত নাই….৷
তই ভালে থাকিবি ভাই…৷

(নদাইৰ কথাখিনি শেষ কৰা নহ’ল৷ যোৱা ৰাতি বানে তাকো উটাই লৈ গ’ল৷ )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments