নন্দিতাৰ কাহিনী -নয়নমণি হালৈ

কাহিনীটো তেনেই ‘চিম্পল’, কোনোধৰণৰ সাহিত্য অথবা বৰ্ণনা অবিহনে মই খাৰাংখাচকৈ আপোনালোকক কাহিনীটো ক’ব খুজিছোঁ৷

নন্দিতা আৰু প্ৰীতমৰ মাজত যে এটা প্ৰেমজনিত সম্পৰ্ক গঢ় লৈ উঠিছে সেই কথা কলেজখনৰ প্ৰায় সকলোৱে জানে৷ কলেজ মানে সেইখন এখন ব্যক্তিগত খণ্ডৰ জুনিয়ৰ কলেজ৷ মেট্ৰিকত এটা মনে বিচৰা ৰিজাল্ট পোৱাৰ পিছত নন্দিতা আহি এই কলেজখনত ভৰ্তি হৈছিলহি৷ একেটা শ্ৰেণীত পঢ়া ল’ৰা বুলিয়ে এদিন চা-চিনাকি হৈছিল প্ৰীতম বোলা ল’ৰাটোৰ লগত৷ বন্ধুত্বৰ ঢাপত ভৰি দিছিলহে মাত্ৰ, এদিন প্ৰীতমে জনালে তাইক, যে সি তাইক ভাল পায়৷ কি ভালপোৱা, কি প্ৰেম এইবোৰ নন্দিতাৰ একো জনা হোৱা নাছিল৷ জনা হোৱা নাছিল মানে টিভিত দেখিছিল, চিনেমাত দেখিছিল, আত্মীয়-স্বজন দুই-একৰ মুখত প্ৰেমৰ ঘটনা, ভালপোৱাৰ কথা দুই-এষাৰ শুনিছিল৷ সিমানখিনিয়েই৷ কিন্তু প্ৰীতমে ‘ভাল পাওঁ’ বোলা কথাষাৰ কোৱাৰ পিছত তাইৰ প্ৰথমে কি কৰোঁ, কি নকৰোঁ তেনে লাগিছিল৷ খুব ভয় খালে দুদিনমান৷ মাক-দেউতাকৰ ছবিখন মনলৈ আহি থাকিল৷ প্ৰীতমৰ সন্মুখত ওলাবলৈ ভয় লগা হ’ল৷ তাই গম পালে যে এই উত্‍কণ্ঠা লৈ তাই পঢ়া-পাতিত মন দিব পৰা নাই৷ গতিকে তাই শেষ সিদ্ধান্ত এটা লৈ প্ৰীতমক জনাই দিলে যে “প্ৰেম-চেম এইবোৰ মই কৰিব নোৱাৰিম৷ এতিয়া পঢ়াৰ বয়স৷ গতিকে তুমিও ভালকৈ পঢ়া, ময়ো পঢ়োঁ৷ পঢ়া-শুনা শেষ হোৱাৰ পিছত এইবোৰ কথা ভাবিবলৈ বহুত সময় পাম৷ তদুপৰি বন্ধু হিচাপে আমিতো সদায় লগ হৈয়েই থাকিম৷” তাইৰ শেষ বাক্যটোৱে তাইৰ ভুল হ’ল৷ বন্ধুত্বৰ আচিলা লৈয়ে প্ৰীতম তাৰপিছৰ পৰা তাইৰ আৰু কাষ চাপি আহিল৷ সি তাইৰ বাবে বহুসময় ৰৈ থাকে, ক্লাছৰ নুবুজা কথা কেতিয়াবা নন্দিতাৰ পৰাই বুজি লয় আৰু কেতিয়াবা ৰেষ্টুৰেণ্টত বহি চাহ-চাউমিনৰ সোৱাদ লয়৷ লাহে-লাহে নন্দিতাই অনুভৱ কৰিব ধৰিলে যে প্ৰীতম ল’ৰাটো বেয়া নহয়৷ দেখাতো ধুনীয়া, কথা-বাৰ্তাতো মৰম লগা৷ সেইখিনি সময়তে তাই এদিন দ্বিতীয়টো ভুল কৰি পেলালে৷ কোনো এক আবেগিক মুহূৰ্তত তাই প্ৰীতমলৈ লিখিলে পৃথিৱীৰ আটাইতকৈ সহজ মেচেজটো ‘আই লাভ ইউ’৷ মেচেজ পোৱাৰ পিছত প্ৰীতম আৰু কাষ চাপি আহিল৷ কিতাপৰ আদান-প্ৰদানতকৈ মেচেজৰ আদান-প্ৰদান ক্ৰমে বাঢ়ি আহিল৷ প্ৰীতম আৰু ওচৰ চাপি আহিল নন্দিতাৰ৷ সমানে পঢ়া-শুনাও চলি থাকিল৷ খুব স্বাভাৱিকভাৱে এহাল ল’ৰা-ছোৱালী প্ৰেমিক-প্ৰেমিকা হৈ পৰিল, যদিওবা ‘প্ৰেম’ৰ বৰ্ণিল জগতখন অথবা প্ৰেমৰ আঁৰৰ পংকিল পথ দুয়োটাই দুয়োজনৰ বাবে অচিনাকি আছিল৷ এতিয়া আহো মূল ঘটনালৈ৷
হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা শেষ হৈছে৷ অলপ মুকলিমুৰীয়া দিন৷ প্ৰীতমে মেচেজ দিছে, সি নন্দিতাক ক’ৰবাত অকলে লগ কৰিব খোজে৷ নন্দিতাই মন কৰিছে প্ৰীতমে এতিয়া প্ৰায়ে তাইক অকলশৰীয়াকৈ বিচৰা আৰম্ভ কৰিছে৷ তাই লগত এজনী বান্ধবী অথবা আন কোনোবা এজনক লৈ গ’লে সি অলপ অস্বস্তি বোধ কৰে৷ তাইৰো যে তাক নিবিড়ভাবে লগ পাবলৈ ইচ্ছা নাজাগে, তেনে নহয়৷ ‘কিন্তু এখন সৰু চহৰৰ বাসিন্দা সিহঁত৷ বাটে-পথে অঘোষিত অভিভাৱক সকলোতে থাকেই৷ দেখা পালে বৰ লাজ লগা ঘটনা হ’ব৷ কথাবোৰ মাক-দেউতাকৰ কাণত এতিয়াই পেলাবৰ সময় হোৱা নাই..৷’ – তাই কথাবোৰ তাক বুজায়৷ কিন্তু সি অভিমান কৰে, খং কৰে৷ কয় ‘কিমান ঠাই আছে অকলশৰীয়াকৈ লগ পাবৰ কাৰণে! কিন্তু তাই আচলতে তাক ভাল নাপায়, সেইবাবেহে তাই এনেদৰে আঁতৰি ফুৰে..৷’ সি অভিমানত ফাটি পৰে৷ কেতিয়াবা আকৌ সি নন্দিতাক সাহস দিয়ে ‘অমুকে অমুকে ক’ত ক’ত যে ফুৰিব যায় কিমান সময় একেলগে কটায়৷ তাইৰহে সাহস বোলা বস্তু নাই৷ তাইহে ভয়ত কুচিমুচি থাকে৷’..
অৱশেষত এদিন নন্দিতা সাহসী হ’ল৷ ঘৰত তাই মাকক ক’লে ‘বান্ধবীৰ জন্মদিন, গতিকে আহোঁতে অলপ পলম হ’ব।’ মাকক মিছা মাতি নন্দিতা বহুসময়লৈ ভিতৰি ছটফটাই থাকে৷ তাই জানে যে তাই ভুল কৰিছে৷ কিন্তু প্ৰীতমৰ কথা মনলৈ আহিলে তাই কি ভুল কি শুদ্ধ একো যেন নুবুজা হৈ যায়৷ হয়তো এয়াই প্ৰেম, যাৰ বাবে তাইৰ এই উদ্বিগ্নতা, এই উত্‍কণ্ঠা৷ নিৰ্দিষ্ট এঠাইত প্ৰীতম ৰৈ আছিল৷ সি এখন নতুন বাইক লৈছে৷ বাইকখন তাইৰ অলপো পচন্দ নহ’ল৷ পিছফালটো একেবাৰে ঘোঁৰাৰ পিঠিৰ নিচিনা ওখ৷ সি এইখন কি কিনিলে বুলি তাক গালি আষাৰচেৰেক দিলে৷ সি কেৱল হাঁহিলে৷ তাই পিছফালে বহিল৷ সি বতাহৰ গতিৰে বাইকৰ ধূলি উৰুৱাই দিলে৷ ক্ষন্তেক সময় পিছতে সি মূল চহৰ এৰি নৈপৰীয়া ৰাস্তা এটা ল’লে৷ তাই ভয় খালে অলপ৷ সুধিলে ‘ক’লৈ গৈ আছা?’ সি কেৱল ক’লে ‘বঢ়িয়া জাগা, গম পাবাই নহয়!’
কিছুমান ঠাইৰ পৰিবেশে মানুহৰ মনৰ জগতখন ক্ষন্তেকতে সলনি কৰি দিয়ে৷ নন্দিতাৰ ভাব হ’ল তাইৰ মনৰ জগতখনো সলনি হৈ পৰিছে হঠাত্‍৷ তাই য’ত বহি আছে সেইটো এটা নৈৰ থিয় গৰা৷ নাতিদূৰৈৰ মথাউৰিটোৰে আগতে মানুহৰ আহযাহ আছিল৷ কিন্তু কিছু দূৰেৰে পকী ৰাস্তা এটা নিৰ্মাণ হোৱাৰ ফলত মথাউৰিটোৰে মানুহৰ আহযাহ সম্পূৰ্ণকৈ বন্ধ হৈ পৰিল৷ ফলত মথাউৰিটো হৈ পৰিল বনৰীয়া গছ-লতা, সাপ-বেঙৰ আশ্ৰয়স্থল৷ সন্ধিয়া সময়ত মথাউৰিটোত প্ৰায়ে মদ খোৱা ল’ৰা কিছুমান দেখিবলৈ পোৱা যায়, বাকী দিনটো হৈ থাকে মৰিশালীৰ নিচিনা নিৰৱ, নিতাল মৰা৷ প্ৰীতমক কোনোবাই এই মথাউৰিটোৰ কথা কৈছিল, যাৰ বাবে সি উত্‍সাহিত হৈ তাৰ প্ৰেমিকাক আনি বহুৱাই লৈছে নৈৰ গৰা এটাত, একেবাৰে কাষত, গাতে গা লগাকৈ৷ এয়া নন্দিতাৰ পিঠিত তাৰ এখন হাত৷ তাৰ আনখন হাতো নন্দিতাৰ গাৰ যেনি-তেনি বগুৱা বাবলৈ আৰম্ভ কৰিছে৷ নন্দিতাই প্ৰথমে অস্বস্তি অনুভৱ কৰিছিল যদিও, পিছলৈ যেন তাই সন্মোহিত হৈ পৰিল৷ প্ৰীতমৰ হাতত যেন যাদু আছে৷ নন্দিতাৰ সাহস, স্পষ্টবাদীতা যেন বতাহৰ সৈতে মিলি পৰিল৷ নিৰ্জন, জনপ্ৰাণীহীন ঠাইটুকুৰাত যদিও তাইৰ ভয়ত অণ্ঠ-কণ্ঠ শুকাই যোৱাৰ নিচিনা হৈছে, তথাপিও প্ৰীতমৰ হাতোৰাৰ পৰা ওলাবলৈও তাইৰ শক্তি নোহোৱা হৈ আহিছে৷ প্ৰীতমে তাইক দুয়োখন হাতেৰে আগুৱাই আনি বুকুত চেপি ধৰিব খুজিছে, অজান আশংকা আৰু এক ধৰণৰ নাম নজনা শিঁহৰণত নন্দিতা কঁপি উঠিছে৷ এনেতে ঘটিল ঘটনাটো৷
কিহবাৰ খৰমৰনি শুনি নন্দিতাই পিছপিনে ঘূৰি চাই দেখে তিনিটা ল’ৰা হাবি ভাঙি সিহঁতৰ ফালে আগুৱাই আহিছে৷ এজনৰ হাতত মবাইল ফোন, বোধহয় সি ভিডিঅ’ ৰেকৰ্ডিং কৰি আছে৷ তিনিওৰে চকুত লুভীয়া ৰাংকুকুৰৰ চাৱনি তিৰবিৰাই উঠিছে৷ ইয়াৰ পিছৰখিনি বৰ্ণনা কৰিবলৈ আচলতে মোৰ কলমটো কঁপি উঠিছে৷ চমুকৈ কওঁ, মবাইলৰ ৰেকৰ্ডিং কৰা ল’ৰাটোৱে এখন হাতেৰে মবাইলটো চম্ভালি আছে যদিও আনখন হাত চিধাই নন্দিতাৰ বুকুত লগাই দিলে৷ নন্দিতাই চিঞৰি উঠিল ‘কি কৰিছে?’ আনজন ল’ৰাই তত্‍ক্ষণাত নন্দিতাক ঠেলা এটা মাৰি মাটিত পেলাই ল’লে, “সব ৰেকৰ্ডিং হৈ আছে৷ তাৰ লগত যি কৰিছ, আমাকো কৰিব দে৷ নহ’লে এই ভিডিঅ ইণ্টাৰনেটত এৰি দিম৷’ কথাৰ লগে-লগে জিংঘাসু কুকুৰনেচীয়াৰ দৰে ল’ৰা এটাই তাইক জপটিয়াই ধৰিলে৷ মাজতে প্ৰীতমে ‘প্লিজ দাদা, প্লিজ প্লিজ আমাক যাবলৈ দিয়ক!’ বুলি কোৱা তাই শুনিছিল, কিন্তু আন এটা ল’ৰাই তাক ‘চুপ চুপ মিডিয়া মাতি আনিমনে চুপ থাকিবি?’ বুলি কোৱাৰ পিছত প্ৰীতমৰ মাত বন্ধ হৈ গ’ল৷ নন্দিতাই বুজি পালে তাইৰ জীৱনৰ চৰম সংকট এয়া তাইৰ সন্মুখত৷ তিনি চাৰিখন হাত তাইৰ বুকু, বাহুৰ বিভিন্ন অংশত বিয়পি পৰিছে৷ প্ৰাণটাকি নন্দিতাই এবাৰ চিঞৰি দিব খুজিলে যদিও তাই বুজিলে যে তাইৰ চিঞৰ শুনিবলৈ এই ঠাইত আৰু কোনো নাই৷ তাই চকু দুটা মুদি দিলে৷ তাইৰ দেউতাকলৈ মনত পৰিল৷
দেউতাকে প্ৰায়ে নন্দিতাক এটা সাধু শুনায়৷ স্বামী বিবেকানন্দৰ সাধু৷ স্বামীজীয়ে হেনো এবাৰ জংঘলৰ মাজেৰে অকলে ক’ৰবালৈ গৈ থাকোঁতে এজাক বান্দৰে খেদি আহিছিল৷ প্ৰথমে ভয় খাই দৌৰিব খোজোতে বান্দৰজাক আৰু বেছি সাহসী হৈ দুগুণ জোৰেৰে স্বামীজীক খেদি আহিল৷ হঠাত্‍ স্বামীজীয়ে অন্তৰাত্মাৰ আহ্বান শুনিলে৷ তেওঁ ৰৈ গ’ল৷ কোনোবাই তেওঁক দৃঢ়কণ্ঠেৰে কোৱা শুনিলে ‘নপলাবা, সাহসী হোৱা, সিহঁতৰ মুখামুখি হোৱা।’ স্বামীজীয়ে তাকেই কৰিলে৷ বীৰৰ নিচিনা স্বামীজীয়ে এইবাৰ বান্দৰজাকলৈ চায় পঠিয়ালে আৰু নিৰ্ভয়ে গন্তবস্থললৈ ৰাওনা হ’ল৷ দেউতাকৰ কথা মনত পৰাৰ লগে-লগে নন্দিতাৰ স্বামীজীৰ সাধুটো মনত পৰি গ’ল৷ কোনোবাই যেন তাইক অন্ধকাৰ গহ্বৰ এটাৰ পৰা হঠাত্‍ পাৰলৈ দলিয়াই দিলে৷ নন্দিতাৰ পৰা দুইহাতমান দূৰত এটা মদৰ বটল পৰি থকা তাই দেখিবলৈ পালে৷ এক লহমাত তাই সেইটো তুলি আনি তাইৰ ব্ৰা আজুৰি থকা ল’ৰাটোৰ মূৰত বহুৱাই দিলে৷ ইমান অতৰ্কিতে কৰা এই আক্ৰমণৰ বাবে ল’ৰাজাক মুঠেই প্ৰস্তুত নাছিল৷ সিহঁতে প্ৰথমে ক’ৰ পৰা কি হ’ল ধৰিবই নোৱাৰিলে৷ কিন্তু যেতিয়া ধৰিব পাৰিলে তেতিয়ালৈ পলম হৈ গ’ল৷ নন্দিতাই দেহৰ সমস্ত শক্তিৰে এইবাৰ আন এটা ল’ৰাৰ নিৰ্দিষ্ট জাগালৈ লক্ষ্য কৰি প্ৰচণ্ড এটা গোৰ শোধাই দিলে৷ এটাৰ মূৰৰ পৰা অবিৰাম তেজ আৰু আনটো যন্ত্ৰনাত বহি পৰা দেখি কেমেৰা লৈ থকা ল’ৰাটোৱে ভিৰাই লৰ মাৰিলে৷ নন্দিতাই তাকো কিছুদূৰ খেদি গ’ল৷ নন্দিতাৰ গাত যেন এইবাৰ ভুতুনীহে লম্ভিল৷ বহি পৰা ল’ৰাটোৰ নিৰ্দিষ্ট ঠাইত পুনৰ তাই চাৰিটামান গোৰ শোধাই দিলে৷ তাৰপিছত তাই প্ৰীতমৰ মবাইলটো আজুৰি আনি পুলিচ থানালৈ ফোন লগালে: হেল্ল হেল্ল পুলিচ ষ্টেচন, হেল্ল মই অমুক অমুক ঠাইখিনিৰ পৰা কৈ আছোঁ৷ কেইজনমান ল’ৰাই মোক ধৰ্ষণৰ চেষ্টা চলাইছে৷ তাৰে দুজনক মই মাৰি বগৰাই থৈ দিছোঁ৷ এজন পলাল৷ কিন্তু তাকো ধৰিব পাৰিব৷ আপোনালোক ইমিডিয়েট আহক৷ হেল্ল শুনিছেনে ..
..হেল্ল হেল্ল আৰু এটা কথা, এজনক মই চিনি পাওঁ৷ তাৰ নাম.. তাৰ নাম প্ৰীতম৷ প্ৰীতমজিৎ কলিতা৷ দেউতাক অমুক কলিতা, ঘৰ অমুকত৷ তাকো গ্ৰেপ্তাৰ কৰিব৷ সিও ধৰ্ষণকাৰী৷”
মবাইলটো প্ৰীতমৰ গালৈ দলিয়াই দি নন্দিতা এইবাৰ অকলে আগবাঢ়ি গ’ল৷ এতিয়া জংঘল, সাপ-বেং একোলৈ তাইৰ ভয় নাই৷ তাই অকলে ঘৰ ওলাব পাৰিব৷
(কাহিনীটো আচলতে এইখিনিতে শেষ নহয়৷ ইয়াৰ পিছত আৰু কিছু লিখিব লগা আছিল৷ কিন্তু ভাব হ’ল পাঠকে এইখিনিলৈ জানিলেই হব৷ নন্দিতাৰ কথা পঢ়ি কোনোবা এজনী গাভৰুও যদি সাহসী হৈ উঠে, তেন্তে নন্দিতাৰ কষ্ট সাৰ্থক হ’ব৷ অপৰাধী যিমানেই শক্তিশালী নহওক কিয়, য়ুঁজ দিবলৈ সাহস গোটাবই লাগিব৷ যুঁজ দি অন্ততঃ এজন ধৰ্ষণকাৰীক হত্যা কৰিব পাৰিলেও যথেষ্ট৷ )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক