নপুংসকৰ জীৱন আৰু কইনা-প্ৰীতি ( ৰঞ্জিত গোবিন্দ বৰা)

নপুংসক—সম্পূৰ্ণ পুৰুষো নহয়, নাৰীও নহয়। যেন প্ৰকৃতিৰ বিস্ময় আৰু নিয়তিৰ নিৰ্মম উপহাস। তেওঁলোকে বুকুৰ মাজত অহৰহ কঢ়িয়াই ফুৰে অতৃপ্তি, অৱহেলা, উপেক্ষাৰ যন্ত্ৰণা। অলপ মন কৰিলেই দেখিব, নপুংসক, কিন্নৰ বা হিজৰা ৰূপে পৰিচিত তেওঁলোকে নিজকে নাৰীৰ ৰূপত সজাই ৰাখে। নাৰীয়ে ব্যৱহাৰ কৰা পোছাক, লিপষ্টিক, গহনা আদি পিন্ধি থাকে। নিজকে কইনাৰ দৰে সজাই ৰাখিবলৈ ভাল পায় সেইসকল অৰ্ধনাৰী-অৰ্ধপুৰুষে। কিন্তু কিয়?

নপুংসকসকলেৰে সমগ্ৰ জীৱনজুৰি মাথোঁ এটাই আশাই পুহি ৰাখে—পতি হিচাপে যেন আৰৱানক পোৱা যায়। আৰৱানৰ সৈতে বিয়াত বহাৰ হেঁপাহ পুহি ৰখা নপুংসকসকলৰ বিবাহৰ স্থায়ীত্ব কিন্তু মাথোঁ ২৪ ঘণ্টা। তাৰ পিচতে তেওঁলোকে বৈধৱ্যৰ সাজ পিন্ধিব লগা হয়। নিসন্দেহে এয়া পৌৰাণিক কাহিনী। নপুংসকৰ জীৱন যে কিম্বদন্তি আৰু বাস্তৱৰ এক কৰুণ মিশ্ৰণ।

এনিশাতে ভাঙি চূৰমাৰ হোৱা বিয়াৰ বিষয়ে লিখাৰ পূৰ্বে এপাক তামিলনাডুলৈ যাব লাগিব। দক্ষিণৰ প্ৰাচূৰ্যময় ৰাজ্যখনত বিজুপ্পুৰম নামেৰে ঠাই এখন আছে। সেই চহৰখনৰ পৰা মাথোঁ দহ কিলোমিটাৰ বাট বুলিলে আমি কুভাগাম সৰু গাঁওখনত উপস্থিত হ’ম। গাঁওখনৰ অভ্যন্তৰত প্ৰৱেশ কৰাৰ পূৰ্বে আৰু এটা তথ্য উল্লেখ কৰা সমীচিন হ’ব। ‘চিঠিৰাই’—আমাৰ ব’হাগৰ দৰে উছৱৰ মাহ। প্ৰায় একেসময়তে তামিল কেলেণ্ডাৰত জিলিকি উঠে চিঠিৰাই মাহ। চিঠিৰাই মাহৰ এটা পবিত্ৰ দিনক উপলক্ষ্য কৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কুভাগামলৈ হেজাৰ হেজাৰ নপুংসকৰ আগমন ঘটে। সৰু গাঁওখনৰ বাট-পথ নপুংসকৰ ভিৰেৰে মুখৰিত হৈ পৰে। লক্ষ্য—কুথানদৱা মন্দিৰ আৰু আৰৱানৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা। তাকে লৈ চৰকাৰ, পৰ্যটক সংবাদ মাধ্যম সকলোৰে উছাহৰ শেষ নোহোৱা হয়। বিভিন্ন বেচৰকাৰী সংগঠনে নপুংসকসকলৰ মাজত বিৰাজমান মানসিক দূৰত্ব হ্ৰাস কৰি তেওঁলোকো যে মানৱ সমাজৰ অংগ তাকে বুজাবলৈ বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰে। সৌন্দৰ্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। নৃত্য-গীতৰ আয়োজন হয়। প্ৰতিযোগিতা, নৃত্য আদি অনুষ্ঠানৰ পিছত মন্দিৰত নপুংসকৰ লানি লাগে। ন-কইনাৰ দৰে নিজকে সজাই তেওঁলোকে বৈদিক প্ৰথাৰে আৰৱানক স্বামীবৰণ কৰে। এনিশাৰ বাবে সধৱা হৈ জীৱনৰ পৰম সুখৰ সন্ধান কৰে নপুংসকসকলে। পুৱাৰ পৰা আৰম্ভ হয় বিধৱা হোৱাৰ পৰম্পৰা। নিশাতো শাঁখা-সেন্দূৰ-আকৰ্ষণীয় পোছাক সাজি-কাচি থকা নপুংসকসকলে পুৱাৰ পৰা হাতৰ খাৰু ভাঙি, ডিঙিৰ মংগলসূত্ৰ চিঙি বগা পোছাক পৰিধান কৰিবলৈ লয়। তাৰ পিচত আৰাৱনক সুঁৱৰি সকলোৱে হিয়া ঢাকুৰি কান্দিবলৈ ধৰে। হৃদয়বিদাৰক দৃশ্য সেয়া। সংবেদনশীল লোকৰ বাবে অসহনীয় দৃশ্য। আৰৱানক সুঁৱৰি কান্দিলেও নপুংসকৰ সেই কান্দোনত যেন প্ৰতিফলিত হয় অসম্পূৰ্ণ জীৱনৰ মৰ্মবেদনা।

 

কোন এই আৰৱান?

নপুংসকৰ কথা ওলালে পাণ্ডৱ বীৰ, শ্ৰীকৃষ্ণৰ সখা অৰ্জুনৰ কথা মনলৈ আহে। অজ্ঞাতবাসৰ কালত অৰ্জুনেও কীন্নৰৰ ৰূপত এবছৰ কটাইছিল। সব্যসাচীৰেই এজন পুত্ৰৰ নাম আৰৱান। কথিত আছে যে সেই সময়ত পৃথিৱীত মাথোঁ তিনিজন শ্ৰেষ্ঠ আৰু দক্ষ পুৰুষ আছিল। শ্ৰীকৃষ্ণ, অৰ্জুন আৰু আৰৱান। কুৰুক্ষেত্ৰৰ যুদ্ধৰ প্ৰস্তুতিকালীন সময়ত এজন শ্ৰেষ্ঠ পুৰুষৰ বলি দিব লগা হৈছিল। পাণ্ডৱৰ বিজয়ৰ স্বাৰ্থত আৰৱানে বলিশালত থিয় হ’বলৈ ৰাজী হৈছিল। কিন্তু এটা চৰ্ত আছিল—‘পুত্ৰ সন্তানপ্ৰাপ্তিৰ বাবে বিয়াত বহিব।’ কিন্তু পিছদিনাই বলিশালত  উঠিব লগা আৰৱানৰ সৈতে মাথোঁ এদিনৰ বাবে কোনো ছোৱালীয়ে বিয়াত বহিবলৈ ৰাজী নহ’ল। উপায় নেদেখি শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি আৰৱানৰ স’তে বিয়াত বহিল। বিবাহপাশত আবদ্ধ হ’ব পৰাকৈ সম্পূৰ্ণ শৰীৰ এটা নথকা নপুংসকসকলে নিজৰ মাজতে যেন ভগৱান শ্ৰীকৃষ্ণক বিচাৰি পায়, যিয়ে পুৰুষ হৈয়ো এনিশাৰ বাবে আৰৱানৰ পত্নী হৈছিল। তেওঁলোকৰ বাবে আৰৱান হৈ পৰিল শ্ৰেষ্ঠতম পুৰুষজন।

সেয়ে হেনো নপুংসকসকলে আৰৱানক পতি হিচাপে পোৱাৰ ব্যাকুলতাৰে নিজকে নাৰীৰ ৰূপত সজাই ৰাখে। কইনাৰ সাজেৰে থাকিবলৈ ভাল পায়। আৰৱানৰ জৰিয়তে মনত মাজত পুহি ৰখা কামনা-বাসনাৰ অতৃপ্তি পূৰ্ণ কৰাৰ প্ৰয়াস কৰি এনিশাৰ কাল্পনিক বিবাহত বহে হিজৰাসকলে।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
6 years ago

thanku for ur post