ন’বেল বঁটাৰ সাধু (ঈশান জ্যোতি বৰা)

‘ন’বেল বঁটা বিচাৰি যাওঁ’ নামৰ অল্পচৰ্চিত আন্দোলনটোৰ মুখ্য প্ৰচাৰ সম্পাদক অখিলেশ্বৰ পাটগিৰিৰ মুখত পোনপ্ৰথমবাৰৰ বাবে যেতিয়া অসমৰ ইতিহাসৰ সবাতোকৈ বিস্ময়কৰ, আশ্চৰ্যকৰ অথচ সন্দেহাতীতভাৱে আনন্দদায়ক খবৰটো শুনিলোঁ; একধৰণৰ বৌদ্ধিক ভূমিকম্পত মোৰ সৰ্বদেহ কম্পপান হৈ উঠিল৷ দুখ-ভাগৰত লেবেজান হৈ দীঘল দি পৰি থকা চকুহাল পৰিমাপহীন কৌতূহল আৰু প্ৰচণ্ড বিস্ময়ত সাৰ পাই উঠিল; বিগত দুটা মিনিটৰ পৰা এক নিৰ্দিষ্ট কক্ষপথত সোঁভৰিখন প্ৰদক্ষিণ কৰি থকা অত্যাচাৰী, পৰশ্ৰীকাতৰ মহটোক এটা নিৰ্মম কাণতলীয়া সোধাওঁ বুলি উদ্যত হোৱা ক্ৰোধিত সোঁহাতখন শূন্যতে ওলমি থাকিল; জন্মৰ মুহূৰ্তৰ পৰাই নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই থকা ক্লান্তহীন হৃদপিণ্ডটোৰ অনিৰুদ্ধ গতি হঠাৎ দ্ৰুততৰ হৈ উঠিল; বাঁও নাকৰ ছিদ্ৰইদি শব্দহীনভাৱে বৈ থকা খৰস্ৰোতা নৈখনৰ সোঁত মুহূৰ্ততে স্তিমিত হৈ পৰিল-মুঠতে.. মুঠতেসমস্ত শৰীৰতে এক দৈহিক অস্বাভাৱিকতাৰ নিৰ্ভেজাল প্ৰতিফলন ঘটিল৷
কেইটিমান অলৌকিক-অসাধাৰণ মুহূৰ্ত নিৰৱ-অনাড়ম্বৰভাৱে যাপন কৰি এসময়ত বাস্তৱলৈ ঘূৰি আহিলোঁ৷ বিদ্যুৎ-বেগেৰে গৈ হাজিৰ হ’লোঁ শোৱনি-কোঠাত; গহীন-গম্ভীৰ, স্বমহিমাৰে মহিমামণ্ডিত টেলিভিশ্যনটোৰ সন্মুখত৷ একান্ত বাধ্য অনুসৰণকাৰীৰ সাজ পিন্ধি পাটগিৰিও গৈ মোৰ পিছফালে উপস্থিত৷
‘অসমীয়া গৱেষকৰ বিশ্বজয়, ন’বেল পালে অসমীয়া গৱেষকে’
দুৰন্ত গতিৰে টিভিৰ পৰ্দাত ব্ৰেকিং নিউজ দৌৰিব লাগিছে৷ সোণৰ অসমত এক নাভ্ৰুত-নাশ্ৰুত কাণ্ড৷ ৰাইজৰ বাবে এক তপত খবৰ৷ কোনোবা এটা চেনেলত সচেতন মহলৰ কেইজনমানে মিলি পুৱাৰ চাহ-জলপানৰ সোৱাদ লৈ ন’বেল পুৰস্কাৰৰ ইতিহাসৰ লগত অসমীয়া মানুহৰ সম্বন্ধৰ বিষয়ে তথ্যগধুৰ ভাষণ ৰাখিছে৷ অনুষ্ঠানৰ পৰিৱেশকে নিয়মিতঅন্তৰালত কিছু বিতৰ্কৰ সূত্ৰপাত ঘটোৱাতো সফলতা লভিছে৷ এটা চেনেলত এজাক ডেকা-গাভৰুৱে লং-পেণ্ট, ডিজাইনাৰ ফ্ৰ’ক পিন্ধি বিহু নাচিছে, আবতৰীয়া আনন্দোৎসৱত মত্ত হৈছে৷ কোনোবাটো চেনেলে আকৌ মণিলাল ডেকাৰ ‘উপন্যাসোপম জীৱন-পৰিক্ৰমা’ ফটোসহ বৰ্ণাইছে৷ মুঠৰ ওপৰত, চাৰিওফালে এক উখল-মাখল পৰিৱেশ৷ সমূহ ৰাইজ এতিয়া আনন্দ আৰু উৎসাহৰ বলিয়া বানত উটি-ভাঁহি ফুৰিছে৷ ফূৰ্তি নিশ্চয় হ’ব লাগে৷ দস্তুৰমত হ’ব লাগে৷ অসমৰ ল’ৰাই ন’বেল পুৰস্কাৰ পাইছে৷ কম ডাঙৰ কথা নে! জাপান, আমেৰিকাৰ মানুহবোৰৰ এতিয়াহে যদি গালৈ জ্ঞান আহে৷ এতিয়াহে যদি তেওঁলোকে বুজে আমি অসমীয়া জাতিটোও কোনো উলা-মূলা বিধৰ জাতি নহয়৷ যোৱাবেলি কোনোবা এজন সচেতন ব্যক্তিয়ে ক’লে-“বোলে, অসম এতিয়াও পিছপৰি আছে৷ ইউনিভাৰ্চিটিবোৰত গৱেষণা-চৱেষণা একো নহয়েই চাগে৷ আজিলৈকে ন’বেল এটাই আনিব নোৱাৰিলে৷ ” মোৰতো তেখেতৰ কথা শুনি খঙেই উঠিল-“হাৰে ভাই, কথা কিছুমান ঘপহকৈ কৈ নিদিবাচোন! এনেকৈ ফুং-ফাং কথা কিছুমান কৈ থাকিলে আমাৰ চোলাৰ পিছফালে দীৰ্ঘকাল ধৰি ওলমি থকা “কথা-চহকী” ফলকখনৰ সন্মান হানি নহ’বনে! আচলতে তুমি নাজানাই, তলে-তলে আমি অসমীয়াবোৰ কিমান আগুৱাই গ’লোঁ৷ সৌ-সিদিনালৈকে অসমৰ মানুহে ডাক্টৰ আৰু ডক্টৰেটৰ মাজত তফাৎ কি, তাৰেই উমান পোৱা নাছিল৷ কিন্তুু, এতিয়া? এটা শব্দত প্ৰকাশ কৰিবলৈ গ’লে-অগণন৷ এতিয়া অসম আৰু সেই আগৰ দৰে মান্ধাতাকলীয়া অসম হৈ থকা নাই৷ বহুদূৰ আগুৱাই গ’ল৷ ”
মণিলাল ডেকা এই আগুৱাই যোৱা যুগান্তকাৰী আন্দোলনটোৰে উজ্জ্বলতম প্ৰতীক নহয় জানো? নিশ্চয় হয়৷ ডেকা, ধন্যবাদ তোমাক৷ তুমি আজি আমাৰ বহুদিনীয়া সপোনটো পূৰালা৷ আমাৰ নাকটো বচালা৷ কেলিফৰ্ণিয়া, হাৰ্ভাড অক্সফৰ্ডৰ শিক্ষাৰ্থীসকলৰ এতিয়া অসমলৈ আগমন ঘটিব, আমাৰ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবহি৷ কিমান যে আনন্দ-উল্লাসৰ ক্ষণ এইয়া! আমাৰ ইয়াতো উন্নতমানৰ বিশ্ববিদ্যালয় আছে! অৱশ্যে এইটো কথা সুকীয়া যে বিশ্ববিদ্যালয়ৰ দুজনমান অধ্যাপকক বিশ্ববিদ্যালয় চৌহদত চকামকাকৈ আৰু নিউজ চেনেলৰ আটকধুনীয়া ষ্টুডিঅ’ত সুস্পষ্টকৈ দেখা পোৱা যায়, কিন্তু তাৰ অৰ্থ হ’বলা এইটো যে-তেওঁলোকৰ দায়িত্ব-কৰ্তব্য-নিষ্ঠা এইবোৰ গুণৰ অভাৱ? নিৰ্ঘাট অশুদ্ধ কথা৷ এনেধৰণৰ অসৎ, অপৈণত চিন্তন জাতি-মাটি আৰু ভেটিৰ কাৰণে সৰ্বদাই ক্ষতিকাৰক৷ এইবোৰ তেওঁলোকৰ ‘হবি’হে৷ নিউজ চেনেলৰ আৰামী চকীত বিৰাজমান হৈ অসমৰ জাতি-মাটি-ভেটিৰ সূক্ষ্মাতিসূক্ষ্ম বিশ্লেষণ কৰাটো এওঁলোকৰ এটা ‘হবি’৷
মণিলাল ডেকা৷ তোমাৰ জয় হওক৷ তুমি দীৰ্ঘায়ু হোৱা৷ তুমি উলা-মূলা বিধৰ পুৰুষ নহয়৷ তুমি মহাপুৰুষ৷ আজি মই বৰ সুখী, বৰ আনন্দিত৷ দেশ-প্ৰেম, অসম-প্ৰেম, জাতি-প্ৰেমৰ সু-উচ্চ ঢৌৱে মোৰ কোমল হৃদয়ক বাৰুকৈয়ে আজি খুন্দিয়াইছে৷ বুকুখন গৰ্ব আৰু অহংকাৰত উথলি উঠিছে ৷
বিৰল সুখানুভূতিৰএই গভীৰ পৰশত মোৰ দুচকুৰ পৰা বাৰু আনন্দতে পানী ওলাই আহিছে নেকি! মই কান্দিছোঁ নেকি! উৱাদিহ ল’বলৈ চকুহাল স্পৰ্শ কৰিলোঁ৷ নাই দেখোন, ওলোৱা নাই৷ বুজিলোঁ, চকুপানী ওলাবলৈ আৰু কিছু আনন্দৰ প্ৰয়োজন৷ সুখানুভূতি দীৰ্ঘস্থায়ী কৰিবলৈ আৰু আনন্দৰ পৰিমাণ দুগুণ-তিনিগুণ পৰ্যন্ত বৃদ্ধি কৰিবলৈ ‘জিনিয়াচ’ মণিলাল ডেকাৰ ঘৰৰ পৰা এপাক মাৰি আহিলে কেনে হয়!
“ব’ল অখিল, এপাক গৈ আহোঁ৷ মণিলাল ডেকাৰ ঘৰ আমাৰ ইয়াৰ পৰা কিমাননো দূৰৈত! চাইকেল মাৰি গ’লে আধাঘণ্টাৰ বাট৷ টিভিত চাই থকাতকৈ নিৰ্ভেজাল পণ্ডিত মণিলাল ডেকাৰ পণ্ডিতালিৰ ৰসঅলপ পান কৰি আহোঁগৈ৷ নে কি কৱ? ”- মনৰ ভিতৰতে খুন্দিয়াই থকা প্ৰস্তাৱটো সাদৰেৰে অখিললৈ বুলি আগবঢ়াই দিলোঁ৷ মহাশয়ে কিছুপৰ মৌনতা অৱলম্বন কৰিলে৷ তাৰ পিছত ক’লে-“ঠিকেই কৈছ৷ ব’ল গৈ আহোঁ এপাক৷ ” তাৰ সন্মতি পাই ময়ো পলম নকৰিলোঁ৷ তৰিৎ গতিৰে পুৱাৰ চাহকণ পান কৰি অখিলৰসৈতে চাইকেল লৈ মণিলাল ডেকাৰ বাসগৃহ অভিমুখে ৰাওনা হ’লোঁ৷
পকী পথৰ মাজে-মাজে বুকু ফিন্দাই স্ব-অস্তিত্ব জাহিৰ কৰা পুখুৰী, বিল, জান-জুৰি অতিক্ৰমি মণিলাল ডেকাৰ ঘৰ পাওঁগৈ মানে দুপৰীয়াই হৈছিল৷ ডেকাৰ ঘৰৰ পদূলিৰ পৰা নাতিদূৰৈত আমাৰ বাহনকেইখন ৰাখিলোঁ৷ কিয়নো আগত চাইকেল থ’বলৈ ঠাইৰ অভাৱ৷ গোটেই গাঁওখন অসংখ্য যান-বাহন, চাইকেলেৰে ভৰি আছে৷ বিৰ দি বাট নোপোৱা অৱস্থা৷ অখিল আৰু মোৰ দুয়োজনৰেই শৰীৰৰ পৰিধি দুখলগাকৈ কম৷ গতিকে ভিৰ ঠেলি মণিলালৰ পদূলি পাবলৈ অধিক কষ্ট কৰিবলগীয়া নহ’ল৷ ক্ষীণ মানুহ হৈ জন্ম লভাৰ এইকণেই চাগে সুবিধা৷
“ছেহ! বৰ বেয়া কথা হ’ল৷ হাতত সোণ পাইয়ো এতিয়া হেৰুৱাম নেকি! ”-আমাৰ কাষেৰে পাৰ হৈ যোৱা মানুহজনে বিৰক্তিমিশ্ৰিত বিষাদেৰে কোৱা কথাষাৰ আমাৰ কৰ্ণগোচৰ হ’ল৷
“কি বা হ’ল আকৌ! ”-অখিলৰ চকুত আশ্চৰ্য৷ মানুহজনৰ কথা শুনি মইয়ো অলপ থতমত খালোঁ৷
“ককাইদেউ, হেৰি দাদা শুনকচোন এইফালে৷ মণিলালে ন’বেল পোৱাটো খাটাং ন? ”-মোৰ পৰা উচিত সঁহাৰি পোৱাৰ কোনো আশা নেদেখি অখিলে বৈদ্যুতিক খুঁটা এটাৰ কাষতে পূৰ্ণোদ্যমে চলি থকা এক আলোচনা-চক্ৰৰ এজনশকত-আৱত আলোচকৰ পিঠিতগৈ টুকুৰিয়ালে৷
“পোৱাটোতো খাটাঙেই! পিছে গছত কথাত ওঁঠত তেল নৌ খাওঁতেই চেলবেল৷ পিছে সেইজন হেনো ন’বেল ল’বলৈ নাযায়! ”-যুৱকৰ অভিব্যক্তিত হতাশাৰ ৰেখা৷
“উৱা! এনেহেন হীৰা হেন বস্তু এপদ হাততে পায়ো আমাৰ মণিলালে গ্ৰহণ কৰিব খোজা নাই৷ ই কেনে কথা! ”
“কেনে কথা, কি কথা সেইবোৰৰবিষয়ে মণিলালেহে ক’ব পাৰিব৷ ”-যুৱকজনে কথাষাৰ কৈ সিফালে মুখ ঘূৰালে৷ আমিও উৰহী গছৰ আচল ওৰটোজানিবলৈ আগুৱাই গ’লোঁ৷
চোতালৰ মাজতে মণিলালে চকী এখন পাৰি বহি আছে৷ তেওঁক বেৰি আন কেইবাজনো বয়োজ্যেষ্ঠ মানুহ৷ অসমৰ কেইবাটাও সংগঠনৰ নেতা, কৰ্মী সমবেত হৈছে৷ নিউজ চেনেলৰ সাংবাদিক, কেমেৰাধৰা মানুহ আটায়ে মিলি মণিলালৰ নীৰৱতা ভাঙিবলৈ নেৰানেপেৰা চেষ্টা চলাইছে৷
“কিয় আপুনি ন’বেল ল’বলৈ নাযায়? আপোনাৰ পেটৰ বিষ নেকি? ৰাতি কালি ভাতৰ লগত কি খাইছিল? মাংসত কোনটো মছলা দিছিল? এভৰিডেই নে এভাৰেষ্ট! ”-ইত্যাদি নানানটা তীক্ষ্ণ-জটিল প্ৰশ্নৰে মণিলালক থকা-সৰকা কৰিবলৈ আপ্ৰাণ চেষ্টা কৰা হৈছে৷ পিছে সকলো প্ৰচেষ্টা-কষ্ট অথলে গৈছে৷ মণিলালে কোনোপধ্যেই মুখ নোখোলে৷
“হেৰৌ! আমাৰ এইখন অসমলৈ এনে সুযোগ দুনাই আহে নে নাহে ক’ব নোৱাৰি৷ এতিয়া তই গৈ বঁটাফেৰি আনিলে তুলসীৰ লগতে কলপটুৱাৰো মুক্তি হয় আৰু…”-মণিলালক উদ্দেশ্যি দুটা গুৰু-গম্ভীৰ বাক্য ব্যয় কৰিলে একালৰ শিক্ষাগুৰুৱে৷
“তোমাৰ দেশ-ভক্তি আছেনে নাই? অসম-প্ৰেম আছে নে নাই? তুমি যদি ন’বেল ল’বলৈ নোযোৱা তেন্তে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম৷ ধৰ্ণা দিম৷ দৰকাৰ পৰিলে ইয়াতে পুত্তলিকা দাহ কৰি পেলাম৷ ”-দিছপুৰৰ লাষ্ট-গেটত বছৰৰ বাৰ মাহেই দপ্‌দপাই থকা সেইয়া এজন পেছাদাৰী প্ৰতিবাদীৰ হুংকাৰ৷
“আৰু আমিও নিউজ চেনেলত বহি কেইবাঘণ্টালৈকে তোমাক হিয়া উজাৰি গালি দিম৷ ”-নিৰ্ভীক-নিৰপেক্ষ-বিশ্বস্তনিউজ চেনেলৰ কৰ্মকৰ্তাৰ নিৰ্ভেজাল সকিয়নি৷
“আপোনালোকে কথাবোৰ নুবুজে কিয়? মই ন’বেল পোৱা নাই৷ গৱেষণা কৰিহে আছোঁ৷ শেষ হ’বলৈ আৰু চাৰিবছৰমান লাগিব৷ ”-সকলোৰে অগোচৰে মণিলালৰ মুখৰ পৰা বাক্যকেইটা ওলাই গ’ল৷ ৰক্ষা! মণিলালে মুখ খুলিলে৷ ৰাইজৰ সুতীব্ৰ বাক্যবাণ, তৎপৰতা, অপাৰ কোলাহলৰ মাজতে মণিলালে বন্ধ হৈ থকা মুখদ্বাৰ মোকলাই দিলে৷ সকলোৱে স্বস্তিসূচক নিশ্বাস একোটা এৰিলে৷
“গৱেষণা শেষ হ’বনো লাগিছে কেলৈ? ”-মণিলালৰ প্ৰশ্নৰ প্ৰত্যুত্তৰ দিবলৈ মোৰ কাষতে থকা অখিলে অদ্ভুত আত্মবিশ্বাসেৰে কৈ গ’ল- এতিয়া ইণ্টাৰনেটৰ যুগ৷ তোমাৰ ঈশ্বৰ-প্ৰদত্ত প্ৰতিভাৰ খবৰটো তেওঁলোকে চাগে অহুকাণে-পহুকাণে পাইছে আৰু এতিয়া তোমাৰ প্ৰতিভাক যথোচিত স্বীকৃতি দিব বিচাৰিছে৷ ”
“অ’ কথা সিমানেইহে৷ ”-দিনৰ দিনটো কম্পিউটাৰৰ সমুখত বহি ফে’চবুকত লগ-ইন, লগ-আউট খেলি, ‘কৰ্ম-সংস্কৃতি’ৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰা এজন চৰকাৰী কৰ্মচাৰীয়ে অখিলক সহযোগ কৰিলে৷
‘আপোনালোকে মোৰ কথা নুশুনে নহয়! ’-আৱেগিক মণিলালে এইবাৰ খঙাল হৈ সুধিলে৷
“নুশুনো৷ নুশুনো৷ ”-সমবেত ৰাইজেও সমস্বৰে কৈ উঠিল৷
“ৰ’ব তেন্তে৷ এতিয়াই আপোনালোকৰ ভুল ভাঙি আছোঁ৷ ”-কথাষাৰ কৈয়েই মণিলাল ভিতৰলৈ লৰি যোৱাদি গ’ল আৰু জৰাজীৰ্ণ প্লাষ্টিকৰ মোনা এটা লৈ উভতি আহিল৷ ৰাইজ আচৰিত হ’ল৷
“মোনাটোৰ পেটটো ডাঙৰ হৈ আছে৷ কিবা এটা আছে ভিতৰত৷ ”-ৰাইজৰ মাজত ভুনভুননি৷
“হে অসমৰ ৰাইজ, হে নিউজ চেনেল, মোক ক্ষমা কৰিব৷ আপোনালোকৰ মণিলালে ন’বেল পোৱা নাই৷ ”-সমবেত সকলোকেঅধিক আচৰিত, অধিক বিমোৰত পেলাই মণিলাল চকিখনত নবহি থিয় হৈ ৰ’ল আৰু পদূলিত খোপনি পোতা অন্তিম মানুহৰ শাৰীটোৰ কাণত পৰাকৈ ক’বলৈ ধৰিলে -“হে ৰাইজ৷ যি ক’ম সঁচা ক’ম৷ মই মণিলাল ডেকাই ন’বেল পোৱা নাই৷ অমুকা জিনিয়াছ নহয়৷ ”
“পেনপেনাব নালাগে৷ মোনাটোত কি আছে দেখুউৱা৷ ”-মোৰ পিছফালৰ পৰা এজনে আদেশামিশ্ৰিত শ্লেষাত্মকবাক্যবাণ এৰিলে৷
অতি ‘শ্লৌ-ম’ছন’ত মণিলালে মোনাটো বান্ধি থোৱা ৰছিডালৰ গাঁঠিটো ঢিলা কৰি দিলে৷ অনাগ্ৰহী হাতদুখনৰে মোনাটো তাৰপিছত লুটিয়াই দিলে৷ মোনাটোৰ পৰা কি ওলাই আহিল? কেইটামান সাতপুৰণি, পুষ্টিহীনতাত আক্ৰান্ত বিসদৃশ আকাৰৰ বেল৷ এটা..দুটা..তিনিটাকৈ মুঠতে নটা বেল৷
“বেল! ! ! ”-কেইবাটাও কণ্ঠ একেসময়তে একেস্বৰতে সক্ৰিয় হৈ উঠিল৷
“হয় ককাইদেউ৷ নটা বেল৷ ”
“হেৰৌ এইবোৰ কি কাণ্ড! নটা বেলৰ অৰ্থ কি? ”- এজন আদহীয়া মানুহে বেল এটা হাতলৈ তুলি সবিস্ময়েৰে সুধিলে৷ উত্তৰ জানিবলৈ কৌতূহলী ৰাইজো দুগুণে উৎকণ্ঠিত, উত্তেজিত হৈ উঠিল৷
“বহুতদিনৰ পৰা…” মণিলালে ‘নবেল (ন’বেল নহয়)উপাখ্যান’ আৰম্ভ কৰিলে.. “স্মৃতিশক্তিৰ দুৰ্বলতাত ভুগি আছিলোঁ৷ ইপিনে গৱেষণা কৰা মানুহৰ ইমান কম স্মৃতিশক্তি হ’লে কোনোপধ্যেই নচলে৷ কিমান ফৰ্মুলা, থিয়ৰি মুখস্থ কৰিব লাগে..মইহে জানো৷ কেতিয়াবা বৰ হতাশাত ভোগোঁ৷ বৰ কষ্ট হয়৷ হঠাৎ এদিন আচাৰ্য পংকিল পাঠকক লগ পাই গ’লোঁ৷ তেওঁৰ দৰে গুণী-জ্ঞানী পুৰুষ অসমত নায়েই৷ মানুহেও তেওঁক বৰকৈ মানে আজিকালি৷ তেওঁ মোক পৰামৰ্শ দিলে- ‘এটা কাম কৰিবা৷ পুৱা-গধূলি বেলৰ চৰবতৰ লগত বন্ধাকবিৰ পাত কুটি ল’বা আৰু নগ্ৰাম গৌ-মূত্ৰৰ লগত ভক্ষণ কৰিবা৷ দেখিবা চাৰিদিনতে তোমাৰ স্মৃতিশক্তি একেবাৰে সাংঘাতিক হৈ পৰিব৷ গৱেষণাপত্ৰখনো একবছৰতে ওলাই যাব৷ ”
“তাৰপিছত? ”-মণিলালৰ কথাত ৰাইজ বিস্ময়াভিভূত৷ কৌতূহলৰ মাত্ৰা বাঢ়িছে৷
“কালি সন্ধ্যা চম্পকৰ ঘৰলৈ গৈছিলোঁ বেল বিচাৰি… সি অ’ত-ত’ত বিচাৰি খোচাৰি এই নটা বেল উলিয়াই দিলে৷ কেইবা মাহ পুৰণি যদিও কাম চলি যাব বুলি ক’লে৷ ”
“সেইখিনিলৈকে বাৰু বুজিলোঁ৷ পিছে নটা বেলৰ লগত এই ন’বেল বঁটাৰ সম্পৰ্ক কিদৰে ঘটিল? ”-
“চম্পকৰ ককায়েকে যিটো নিউজ চেনেলত কাম কৰে, সেইটোৰ টিআৰপিৰ অৱস্থা একেবাৰে দুখলগা৷ নটা বেল সামৰি-সুতৰি সিহঁতৰ পদূলিৰ মুখ পাওঁতেই ককায়েক গজেনদা আহি ওলাল৷ মোৰ পৰা সৱিশেষ খবৰ ল’লে৷ স্মৃতিশক্তি..অংকজ পাঠক.. নটা বেল..সকলোবোৰ আদ্যোপান্ত বিৱৰি ক’লোঁ৷ তাৰপিছত পুৱাৰ পৰা যিবোৰ ঘটনা হ’ল আপোনালোকেতো দেখিছেই৷ নটা বেলক কেনেকৈ এওঁলোকে ন’বেল বঁটা বনাই পেলালে-সকলোতো দেখিলেই৷ ”
“ন বেল উপাখ্যান”
শ্বাসৰুদ্ধকাৰী-শিহৰণকাৰী নাটকখনৰ যৱনিকা পৰিল৷ মণিলালৰ ব্যাখ্যা শুনি ৰাইজ হতবাক-নিস্তব্ধ-নিৰ্বিকাৰ৷ কেইটামান যন্ত্ৰণাদায়ক নিৰৱ মুহূৰ্তৰ পিছত ৰাইজ ঘৰা-ঘৰি গ’লগৈ৷ টালি-টোপোলাৰ সৈতে এসোপামান টিআৰপি লৈ সাংবাদিকৰ দলবোৰেও মেলানি মাগিলে৷ আমিনো তাৰ পৰ দি কি কৰিম! ৰ’দৰ নিৰ্মম তাপত, কৌতূহলী ৰাইজৰ ঠেলা-হেঁচাত, মণিলালৰ নেতৃত্বত চলা নাটকখনৰ নিষ্ঠুৰ ক্লাইমেক্সত আমাৰ সমস্ত কাপোৰ-কানি ভিজি ভেজভেজীয়া হ’ল৷ নিৰাশ-হতাশ-বিমৰ্ষ মনেৰে গৃহাভিমুখেৰাওনা হ’লোঁ৷

*****

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments