নমামী ব্ৰহ্মপুত্ৰ আৰু চীনা আৰতিঃ এক অন্বেষণ -ধ্ৰুৱজ্যোতি শৰ্মা

চীন ভাৰতৰ যুদ্ধ সীমাৰ বাবেই হৈছিলনে? বহু অঞ্চলতকৈও পিছপৰা বৰফাবৃত আৰু দুৰ্গম, সুউচ্চ পৰ্বতাঞ্চল চীনে নিজৰ কৱলত আনিবলৈ লাগিছিল কিয়? ভাৰতেই বা তীব্বতক সমৰ্থন কৰিছিল কেলেই৷

হয়৷ সকলোখিনি পানীৰ বাবেই৷ এয়াই আন্তৰাষ্ট্ৰীয় জল বিবাদ৷ আৰু এই বিবাদত আটাইতকৈ অধিক ভুক্তভোগী ভাৰত৷ উত্তৰ পূৰ্বাঞ্চল, উত্তৰ ভাৰত, মধ্য ভাৰতৰ কিছুখিনি এই তীব্বতৰে দান৷ আৰু সেই আটাইবোৰত চীনে সজাই ৰাখিছে প্ৰকাণ্ড কিছুমান বান্ধ৷ আনকি লুইতৰ প্ৰধান জলধাৰ দিহাঙেও বহন কৰিব লগা হৈ আছে এনেকুৱা বহুকেইটা বান্ধ৷ আনকি ম্যানমাৰৰ নিকটবৰ্তী অঞ্চলতো চীনাৰ অগ্ৰাসন চলি আছে একমাত্ৰ জল সাম্ৰাজ্যবাদৰ খাটিৰতে৷ কাশ্মীৰত পাক অধীকৃত এলেকাৰ কিছু অংশও আনকি চীনে নিজৰ কব্জাত ৰাখিছে তাৰ বাবেই৷
৬১ ত চীনৰ চেয়াৰমেনৰ লগত ভাৰতৰ কি বৈঠক হৈছিল, সেয়া আজিও সম্পূৰ্ণ মুকলি নহয়৷ আৰু তাৰ ঠিক পিছতেই চীন ভাৰতৰ যুদ্ধ৷ চীনে ভালকৈয়ে জানে যে দক্ষিণ পূৱ এছিয়াৰ সম্ভাৱনাপূৰ্ণ দেশসমূহক বশ কৰিব লাগিলে জল প্ৰতিপত্তিয়েই প্ৰধান অস্ত্ৰ হব পাৰে৷ কিয়নো চীনত এতিয়াও কিছুমান নদী ব্যৱহৃত হয় কেৱল দৈনন্দিন ব্যৱহাৰৰ বাবেহে, অৰ্থাৎ কোনো বান্ধ নথকাকৈ আৰু উল্লেখনীয়ভাৱে সেই নদীসমূহৰ অস্তাচল চীনেই, মানে তীব্বতক বাদ দি অন্য দেশক বাদ দি নিজেই৷
অলপ দিনৰ ভিতৰত যদি ভাৰতে এই জল সমস্যাৰ কূটনৈতিক সমাধান উলিয়াব নোৱাৰে, অদূৰ ভৱিষ্যতে আমি যে চীনা পানী, শস্য আদি কিনি খাব লাগিব সেয়া ধূৰুপ৷
এইখিনি আজিৰ দিনটোৰ গুগল খুৰাৰ উক্তিহে মাথোঁ৷ সত্যাসত্য থিৰাং কৰিবলৈ এতিয়াও বহু দূৰত৷ বিষয়টো আকৰ্ষনীয় বাবেহে ৰাইজলৈ আগবঢ়ালোঁ৷ পাৰে যদি নমামী ব্ৰহ্মপুত্ৰ উৎসৱৰ বৱকু খন্দাতকৈ লুইতৰ বুকুকেই খান্দক৷

আছে, আৰু আছে৷ যিমানে খন্দা যাব, সিমানেই হয়তো ওলাব৷ আন্তৰ্জাতিক জল ৰাজনীতিক লৈ আমি কালি এক অন্বেষণত নামিছিলোঁ৷ নমামি ব্ৰহ্মপুত্ৰৰ বিতৰ্কবোৰৰ পৰা নিজকে মুক্ত কৰিবলৈ গুগল খুৰাক সুধিছিলোঁ লুইতৰ উৎসৰ তথ্য৷ তাৰ পিছত খুৰাই মেলি ধৰিছিল এক নেমেলা কিতাপ, যাৰ মই বেটুপাতটোৱেই দেখা নাছিলোঁ৷ কালি কিতাপখনৰ দুটামান পৃষ্ঠা পঢ়ি আজি আকৌ নামি পৰিলোঁ পানীৰ অন্বেষণত৷ কালিতকৈ অলপ বহলভাৱে৷
সদায়ে প্ৰশ্ন হৈছিল গাঁৱৰ মানুহৰ মাজত হোৱা সীমাৰ কাজিয়াৰ নিচিনা দুখন দেশৰ মাজতো সীমাৰ বাবেই কাজিয়া হব পাৰেনে৷ কিন্তু তথ্যই কৈছিল, পাৰে৷ পাৰে, যেনেকৈ হৈছিল সীন-ভাৰতৰ যুদ্ধ, পাক-ভাৰতৰ যুদ্ধ৷ কিন্তু কালিৰ কিতাপখনে মেলি ধৰিলে অন্য এক ছবি৷ আৰু ছবিৰ কথাৰে আজি কম, নোৱাৰে৷ সীমাই একমাত্ৰ কাজিয়াৰ মূল নহয়৷ তেন্তে? তেন্তে মূল কাৰণনো কি?
কালি অলপ পাইছিলোঁ, পানী ভাগ বতৰাই হৈছে আমি দেখা কিছুমান গতানুগতিক কাজিয়াৰ অগতানুগতিক কাৰণ৷ আজি আকৌ যেতিয়া মেলি লৈছোঁ ভিতৰৰ পাতবোৰ, পানীয়ে কঢ়িয়াই ফুৰিছে অন্য এক ছৱি৷
আমি চীনৰ জল অগ্ৰাসনৰ কথা কৈছিলোঁ৷ কিন্তু তাৰ আগে আগে চীন আৰু ভাৰতৰ অলপ ভৌগোলিক ব্যাখ্যাও প্ৰয়োজন হব পাৰে৷ দিশ নধৰাকৈ চিধাচিধিকৈ কৈছোঁ ( দিশে বহুতৰে খেলিমেলি লগায়), চীনা ভূখণ্ডৰ লগত আছে চীনা সাগৰ৷ মাত্ৰ এফালে৷ আৰু ভাৰতৰ লগত আছে দুখন৷ আৰৱ সাগৰ আৰু ভাৰত মহাসাগৰ৷ সম্ভাৱনাৰ ফালৰ পৰা সাগৰে চীনতকৈ ভাৰতলৈ বেছি সুবিধা দিছে৷ সাগৰৰ মুকুতা আৰৱ সাগৰে ভাৰতক আৰৱীয় দেশলৈ বাণিজ্যৰ সুবিধা দিছে, যিদৰে দিছে পাকিস্তানকো৷ কিন্তু চীনে সেই সুবিধাকণ পোৱা নাই৷ অন্যহাতে চীনা সাগৰৰ পৰা ভাৰত মহাসাগৰ হৈ আৰৱ সাগৰ পাবলৈও বহু দূৰ৷ সেইবাবে ইউৰোপৰ লগত বাণিজ্যৰ সূত্ৰে যাতে ভাৰতে চীনক পাৰ হৈ যাব নোৱাৰে, তাৰ বাবে দক্ষিণ চীন সাগৰত আনৰ প্ৰৱেশত বাধা দিছে চীনে৷ ফলস্বৰূপে ভিয়েটনাম ৰুষ্ট হৈছে৷ এই বাধাৰ অন্য এক কাৰণ হ’ল ৰাছিয়া আৰু ভাৰতৰ মৈত্ৰী ভাৱ, যাতে ভাৰতে অনায়াসে সাছিয়াৰ পৰা সহায় লব নোৱাৰে৷ সেই ৰুষ্টতাৰ সুযোগ ভাৰতে লৈছে আৰু আৰু চীনৰ ওপৰত চাপ দিছে৷ ইপিনে জাপান আৰু কোৰিয়াৰ লগৰ ফেৰ পাতিব নোৱাৰি উত্তৰ ফালে সাগৰত ইমান বাধা বিঘিণি ৰখা নাই৷
সেয়েহে চীনে অৱশেষত আঙুলি বেকাঁ কৰিহে এৰিলে৷ চীনে ল’লে পাঁচবছৰীয়া কূটনৈতিক পৰিকল্পনা৷ “বেল্ট এণ্ড ৰোড“ তাৰ নাম৷ এই প্ৰকল্পৰ অধীনত দুটা অংশ সামৰি লোৱা হ’ল৷ তাৰে প্ৰথম অংশত চীনে বাচি ল’লে পাকিস্তানক৷ পাক অধীকৃত কাশ্মীৰত চীনে সাজিব ল’লে এক বান্ধ৷ সেই বান্ধ বন্ধাৰ উদ্দেশ্য হ’ল পাকিস্তানক বৈদ্যুতিকভাৱে সহায় কৰা৷ এয়া নিত্যান্তই হাস্যকৰ যেন লাগে যদিও প্ৰকৃততে কিন্তু আচল কথা বেলেগহে৷ এই বান্ধৰ যোগেদি চীনে পাকিস্তানৰ জৰিয়তে আৰৱ সাগৰলৈ আন্তৰাষ্ট্ৰীয় পথ নিৰ্মাণ কৰিব৷ আৰু তাৰ যোগেদি ইউৰোপ আৰু মধ্য এছিয়াত প্ৰাধান্য বিস্তাৰ কৰিব৷ সেই বান্ধৰ প্ৰভাৱ ভাৰতৰ কেবাখন প্ৰদেশৰ ওপৰত পৰিব, ভাৰতে এই কামত বাধা দিলে৷ ভাৰতক সমৰ্থন কৰিলে নেপাল বাংলাদেশে৷ কিন্তু সেইবোৰ দেশক কোনে পাট্টা দিয়ে? গতিকে চীন অটল থাকিল৷ সেই বাবেই ভাৰতেও সিন্ধুক ভেটা দিয়াৰ পৰিকল্পনা কৰিলে৷ সেই পৰিকল্পনাত সেও মানি পাকিস্তানে সদ্যহতে চীনক বান্ধ সজোৱাত সেউজ সংকেত দিও থমকি ৰৈছে৷
অন্যফালে ভাৰত মহাসাগৰ হৈ দক্ষিণ পূৱ এছিয়াত সোমাব পাৰিলে চীন হৈ পৰে এছিয়াৰ সম্ৰাট৷ সেই বাবে পৰিকল্পনা কৰিলে যুটীয়া অৰ্থনৈতিক বুজাপৰাৰে তৈয়াৰ কৰিব অন্য এক বেল্ট৷ কিন্তু ভাৰতে এইবাৰো না কৰিলে৷ এই বেল্টৰ প্ৰায় অৰ্ধাংশই ভাৰতৰ মাজেদি যাব, ভাৰতৰ সহায় অবিহনে এয়া কোনোপধ্যেই সম্ভৱ নহয় বুলি জানি চীনে পৰিকল্পনা কৰিলে উত্তৰ পূৰ্বাঞ্চলীয় ৰাজ্যসমূহৰ নদীসমূহক ভেটা পৰিকল্পনা৷ যিসমূহ ভেটিলে উত্তৰ পূৰ্বাঞ্চল হয়তো নিঃশেষ হৈ যাব আৰু চীনে সীমাৰ আচিলাৰে এই ৰাজ্যসমূহত কব্জা কৰিব পাৰিব৷ কিন্তু এইবাৰো ভাৰত বহি নাথাকিল৷ দক্ষিণ চীনা সাগৰত ভিয়েটনামৰ সহযোগত প্ৰায় প্ৰথম বিশ্বৰ সকলো দেশৰেই সমৰ্থন গোটাই ভাৰতে আৰম্ভ কৰিলে বিদ্ৰোহ৷ ৰাছিয়াই সমৰ্থন কৰা এই বিদ্ৰোহত চীনা এইবাৰো পিছ হুহকিবলৈ বাধ্য হ’ল৷
ব্ৰহ্মপুত্ৰ৷ লুইত৷ খান্দি খান্দি বহুকেইখন মহাসাগৰ খূৰিলোঁ৷ প্ৰায় ৪০ বছৰমানৰ পুৰণি কূটনীতিৰ ফাইলসমূহ৷ হয়৷ লুইতক বচাবলৈ, ভাৰতক বচাবলৈ ভাৰতে এইবাৰ আৰম্ভ কৰিলে “পূৰ্ব সংযোগী“ আঁচনি৷ হয়তো চৰকাৰভেদে এই আঁচনিৰ নাম বেলেগ হব পাৰে, কূটনৈতিক এই যুদ্ধখনৰ সামৰণি কিন্তু এতিয়াও হোৱাই নাই৷ ইতিমধ্যে ভাৰতে এক্সপ্ৰেছ হাইৱেৰ জৰিয়তে এই আঁচনিৰ উদ্ঘাটন আৰু ৰূপায়নত গুৰুত্ব দিছেই৷ যদিহে এই আঁচনি সম্পূৰ্ণভাৱে সফল কৰিব পাৰে, চীনে যে নমনীয় স্থিতি গ্ৰহণ কৰিব, সেয়া ধূৰুপ৷
কিন্তু এই সাগৰীয়, জলসাম্ৰাজ্যবাদৰ প্ৰধান কাৰণনো কি? কিহৰ বাবেনো সাগৰে আন্তৰ্জাতিক ৰাজনীতিত ইমান গুৰুত্ব দিব লগা হৈছে? আছে৷ আৰু বহু অন্বেষণ বাকী আছে৷ লাহে লাহেআব্যাহত থাকিব লুইতৰ বুকুৱেদি এই জ্বালামুখী যাত্ৰা, নমামি ব্ৰহ্মপুত্ৰৰ বিতৰ্কৰ পিছপিনে৷
যদিও নমামি ব্ৰহ্মপুত্ৰ শেষ হ’ল আৰু লগে লগে লাহে লাহে বিতৰ্কসমূহো, আমাৰ অন্বেষণ এতিয়াও শেষ কৰিব পৰা নাই৷ এদিন নৈয়ে নৈয়ে উটি ভাঁহি আমি খবৰ পাইছিলোঁ সাগৰৰ৷ সাগৰৰ বুকুত ডিঙা মাৰি এটা পুৰা দিন ঘূৰি ফুৰিলোঁ প্ৰান্তই প্ৰান্তই৷ আৰু পালোঁ বহুত কিবাকিবি৷ আজি পুনৰ উঠি আহিছোঁ পাহাৰলৈ; এছিয়াৰ বৃহত্তম নৈবোৰৰ উৎস বিচাৰি৷
পাইছোঁ৷ বিচাৰি পাইছোঁ বহু নতুন কথা৷ বুজি পোৱা, নোপোৱা বহু ৰহস্যৰ সম্ভেদ৷ আমি আজি পুনৰ ডিঙা উজাইছিলোঁ, লুইতৰ পৰা দিহাং, চাংপো, ঝাংবো হৈ মান্সৰোবৰ (বা মানস সৰোবৰ)লৈ আৰু মানস সৰোৱৰৰ পাৰত ৰৈ গৈছিলোঁ কিছু তথ্যৰ সমল লৈ৷ আচলতে তথ্য বুলি কবলৈ অলপ টান, সেয়া কেৱল গুগল খুৰাই দেখুৱাই দিয়া কিছুমান পাঠহে যিবোৰ সজাই মেলি আপোনালোককো অলপ ভাগ দিব খুজিছোঁ৷ হয়, আমি ৰৈ গৈছিলোঁ মানস সৰোৱৰৰ পাৰত৷ কৈলাস পৰ্বতৰ যুৱলিত মানস সৰোৱৰৰ পৰাই নামি আহিছে ভাৰতৰ বহুকেইটা প্ৰধান নদী৷ ব্ৰহ্মপুত্ৰ, চুটলেজ, সিন্ধুকে ধৰি ভালেকেইখন বোৱতী নদী৷ সুউচ্চ হিমালয়ৰ গ্লেচিয়াৰে বোৱাই নিয়া প্ৰৱহমান নদী৷ কিন্তু সেয়া কিমান দিনৰ প্ৰৱহমান হৈ থাকে সেয়া হয়তো সময়েহে কব৷
আমি ইতিমধ্যে কথা পাতিছোঁ চীনৰ বিভিন্ন কূটনৈতিক কৌশলেৰে সমুদ্ৰ দিশলৈ সাম্ৰাজ্যবাদ বঢ়োৱাৰ অভিসন্ধিৰ কথাৰে৷ কথা পাতিছিলোঁ সাগৰক ভিত্তি কৰি গঢ়ি উঠা আন্তৰ্জাতিক “ভাল পোৱা“, “বেয়া পোৱা“ বোৰৰ কথা৷ তথাপি খু-দুৱনি আছিল তীব্বতক লৈ৷ কিহৰ বাবে চীনে তীব্বতৰ প্ৰেমত পৰিছিল আৰু নিজে হৈ আছিলহি তিব্বতৰ ঘৰজোঁৱাই! সেই অন্বেষণত নামিয়েই আমি গৈ পাইছিলোঁ মানস সৰোৱৰৰ ওচৰত৷
তীব্বত এছিয়াৰ আটাইতকৈ পিছপৰা আৰু আগ বাঢ়িব নোৱাৰা অঞ্চল আছিল৷ কিন্তু তীব্বতৰ ওপৰত নজৰ আছিল প্ৰথম বিশ্বৰ দেশসমূহৰ বহুতৰে৷ চীনৰ অধীনলৈ যোৱাৰ আগে আগে তোওব্বতলৈ মন মেলিছিল বৃটিছসকলে৷ ভাৰত উপ মহাদেশৰ সোৱাদ লৈ বৃটিছসকলে মনে মনে চলাথ কৰিছিল তীব্বতৰ গৰ্ভস্থল৷ কিন্তু তেওঁলোকৰ দিশ ভুল আছিল৷ তীব্বতৰ আটাইতকৈ কঠিন আৰু দুৰ্গম সীমান্তৰে তেওঁলোকে বিচাৰিছিল তীব্বতৰ ভিতৰলৈ সোমোৱা সহজ বাট৷ কিন্তু নোৱাৰিলে৷ যদিও সেই সময়ত আভ্যন্তৰীণ কন্দলত চীন আছিল নিশকটীয়া, তীব্বত প্লেটৰ আনটো ফালে ৰৈ আছিল শক্তিশালী ৰাছিয়া৷ ৰাছিয়াৰ বৰ্ধিত সাম্ৰাজ্যবাদ আৰু ক্ৰমে উত্থান হৈ থকা জাপানৰ শক্তিক পাৰ হব নোৱাৰি বৃটিছ থমকি ৰৈছিল৷ কিন্তু এইবাৰ মন মেলিছিল ৰাছিয়াই৷ ৰাছিয়াই ইতিমধ্যে পোখা মেলি আগুৱাই আহিছিল কম্বদিয়ালৈকে৷ হয়তো তাৰ পিছত লক্ষ্য হ’লহেতেন তীব্বত৷ কিন্তু চীনাসকলে আপোচ কৰি লৈছিল৷ গৃহকন্দলৰ সামৰণি মাৰি চীনে ইয়াৰ আভ্যন্তৰীণ সুস্থিৰতাত মন মেলিছিল৷ তথাপি তীব্বতলৈ মন নাছিল চীনৰ৷ কিন্তু ৰাছিয়াৰ তীব্বতৰ প্ৰতি থকা আগ্ৰহে চীনাসকলকো তীব্বতৰ প্ৰতি কৌতূহল আনিল আৰু চীনে বিচাৰি পালে এক নতুন তথ্য৷
হয়৷ সেই কথাকেই কবলৈ বিচাৰিছোঁ৷ কিহৰ বাবে তীব্বত সকলোৰে ইমান প্ৰিয়ভাজন হ’ল, সেই কথা৷ তেতিয়া তীব্বত আছিল মাথোঁ আধ্যাত্মিক আৰু সাংস্কৃতিক ক্ষেত্ৰ৷ উন্নয়ন, বিজ্ঞান আদিয়ে তীব্বতক চুব পৰা নাছিল৷ কিন্তু চীনাই কেনেবাকৈ গম পালে তীব্বতত লুকাই থকা গুপ্ত ভাণ্ডাৰৰ কথা৷ গ্লেচিয়াৰ৷ পানী৷ নৈ আৰু তাৰ পিছত চীনে দেখিলে শক্তিৰ উমান৷ লগে লগে আৰম্ভ হ’ল তীব্বত প্ৰীতি৷ সেই তীব্বত প্ৰীতিয়ে পুনৰ মুকলি কৰিলে অন্য কিছুমান ভাণ্ডাৰ৷ তীব্বতৰ গৰ্ভত লুকাই থকা পৃথিৱীৰ আটাইতকৈ মুল্যৱান ধাতু, মাণিক আৰু খনিজাত সামগ্ৰীৰ খবৰ চীনে পাই গ’ল৷ আৰু তাৰ পিছত? ১৯৫০ চনত নিজৰ কৰি ল’লে তীব্বতক৷ তীব্বতক নিজৰ কৰি লোৱাৰ লগে লগে সকলোবোৰ যেন নিজৰেই হৈ গ’ল৷ গ্লেচিয়াৰ, পানী, নৈ, ধাতু, মুকুতা, খনিজাত সামগ্ৰী, সকলো৷ কিন্তু তীব্বতীসকলো লাহে লাহে আলোকিত হৈ উঠিছিল৷ শিক্ষাৰে বুজি উঠিব আৰম্ভ কৰিছিল, ইয়াত ভূপৃষ্ঠৰ মূল্যৰ কথা আৰু লগে লগে অনুধাৱন কৰিব পাৰিছিল চীনৰ তীব্বত দখলৰ কথা৷
এইবাৰ কিন্তু চীনে বেলেগ পন্থা ল’লে৷ নৈপাৰৰ পৰাই কম খৰচতেই আহৰণ কৰি গ’ল সামগ্ৰীসমূহ, নৈৰ উন্নতিৰ দোহাই দি৷ চীনে পানীৰ শক্তিক ব্যৱহাৰ কৰিলে খনিজাত সামগ্ৰীসমূহ আহৰণৰ বাবে৷ বৃহৎ বৃহৎ বান্ধেৰে পানী জমা ৰাখি তাৰ তলেৰে আহৰণ কৰি গ’ল সামগ্ৰীসমূহ আৰু অন্যক দেখুৱাই উৎপাদন কৰিলে নদীবান্ধ৷ কিন্তু কিমান দিনলৈ? তীব্বতীয়ানসকল এইবাৰো সজাগ হ’ল৷ গোটেই বিশ্বতে শান্তিসুলভ ভংগীমাৰে তীব্বতে জনমত গঠন কৰিলে৷ কিন্তু চীন জানো কম৷ এইবাৰ তেওঁলোকে আৰম্ভ কৰিলে নদীৰ দিশ সলনি কৰি অন্য দিশলৈ লৈ যোৱাৰ পৰিকল্পনা৷
পৰিকল্পনাতে ক্ষান্ত নাথাকি চীনে হাতে কামে লাগি গ’ল উক্ত কামত৷ দিশ সলনি কৰাৰ আঁৰত চীনৰ আছিল দুটা উদ্দেশ্য৷ প্ৰথম নতুন ঠাইত পাব পৰা খনিজাত সামগ্ৰীৰ উৎস খননৰ বাবে বেলেগকৈ ব্যয় খৰচ কৰি বিচাৰিব নালাগে৷ কাৰণ, নৈয়ে সেই কাম কৰি দিব৷ আৰু দ্বিতীয়তে দক্ষিণফালৰ নৈসমূহক উত্তৰলৈ বোৱাই চীনে সকলো নৈৰ সিংহভাগ দায়িত্ব আৰু ক্ষমতা নিজৰ হাততেই ৰাখিব৷ ইতিমধ্যে চীনৰ শেহতীয়া পৰিকল্পনাত চাংপো নদীৰ দিশ সলনি কৰাৰ কথাও আছে৷
চীনৰ এই তীব্বত অগ্ৰাসনত ৰাষ্ট্ৰসংঘ নিমাত কিয়? কিয়নো এছিয়াৰ কোনো দেশেই চীনৰ বাহিৰৰ ৰং চং চায়েই মাত নপতাকৈ আছিল৷ তাতে তীব্বত অগ্ৰাসনত চীনক সমৰ্থন জনাইছিল কিছুমান ৰুছ শক্তিয়ে৷ চীনে তীব্বতৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ক্ষেত্ৰখনত নিজৰ কৰি লৈ একাত্ম হৈ পৰিছিল আৰু দেখুৱাই আহিছিল যে তীব্বতক চীনে কেৱল আধ্যাত্মিক আৰু সাংস্কৃতিক উপাসনাৰ ক্ষেত্ৰ হিচাপেহে ব্যৱহাৰ কৰি আহিছে৷ কিন্তু চীনৰ সকলো কথা সজোৰে তথ্যসহকাৰে ৰাষ্ট্ৰসংঘত উত্থাপন কৰিছিল ডলাই লামাই৷ ডলাই লামা তেতিয়া তীব্বতৰ পৰা নিৰ্বাসিত হৈ ভাৰতত সোমাইছে৷ লাহে লাহে জনমত গঢ়ি উঠিছে আৰু চীনে তীব্বতৰ লগত আলোচনা কৰিবলৈ মান্তি হৈছে যদিও আটাইবোৰ আলোচনাই এতিয়ালৈ বিফল হৈ আহিছে৷ তীব্বতৰ প্ৰধান দাবী চীনে পৰিৱেশৰ ভাৰসাম্যতাৰ প্ৰতি সন্মান জনাই তীব্বতৰ খনিজাত সামগ্ৰী আৰু পানীক মুকলি কৰি দিব লাগে৷ ভাৰত আৰু এছিয়াৰ প্ৰায়বোৰ দেশেই এই প্ৰস্তাৱত সমৰ্থন দেখুৱাইছে৷ কিছুমান দেশে আনকি চীনৰ লগত সাগৰীয় বাণিজ্যৰ বুজাপৰাকো এই বিষয়ৰ লগত সাঙুৰি চৰ্ত বান্ধি দিছে৷
কৈলাস পাহাৰৰ পৰা গোটেই তীব্বতীয় প্লেটখনকেই যদি প্ৰথন বিশ্বৰ এই ৰাক্ষস দেশসমূহৰ পৰা বচাব পৰা নাযায়, তেন্তে পানীক লৈয়ে যে এখন লংকাণ্ড বা তৃতীয় বিশ্বযুদ্ধৰো আয়োজন নহব তাক কব পৰা নাযায়৷ অৱশ্যে ব্যক্তিগত পৰ্য্যায়ত মই বিশ্বাস কৰোঁ যে তৃতীয় বিশ্বযুদ্ধ কৰিবলৈ দেশসমূহৰ কূটনৈতিক বিভাগে কেতিয়াও ইমান মুৰ্খামি নকৰিব৷
কৰ পৰা যে ক’ত পালোহি! ! এতিয়া যিমানেই নামি আছোঁ, সিমানেই বুৰি আছোঁ৷ হয়তো সাতুৰিব নোৱাৰালৈকে পানীত নামি যোৱাৰ এই কৰিক্ৰমা এৰিবও নোৱাৰিম৷ যদিও আমাৰ এই যাত্ৰা লুইতৰ বুকু খান্দি আগুৱাই যোৱাৰ যাত্ৰা, তথাপি আমি চেষ্টা কৰিম সাগৰত পুনৰ এবাৰ বুৰিবলৈ৷ কিজানিবা তাত পুনৰ কিবা পাওঁৱেই৷ অৱশ্যে খুৰাক লগত লয়েই চলিব আমাৰ এই অন্বেষণ, গুগল খুৰাক লৈ৷

যিমান চেষ্টা নকৰিলেও শেষ কৰিব নোৱাৰা বিষয় – পানী৷ যি পানীৰ বাবে আমাৰ অন্বেষণ আৰম্ভ হৈছিল – ব্ৰহ্মপুত্ৰ, তাৰে পাৰে পাৰে আমি বহু ঠাই ঘূৰিলো, বহু কথা দেখিলোঁ, বহু কথাক সাঁথৰ হিচাপেই সাৱটি ললোঁ আমাৰ বুকুত৷ তাৰ পিছতো অনুসন্ধিৎসা শেষ নোহোৱা বাবে অৱশেষত আকৌ খুৰাক সুধিলোঁ সেই গুৰুত্বপূৰ্ণ কথাষাৰ – ইমান গুৰুত্বপূৰ্ণ স্থান পাব লগা, আন্তৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্ব পাব লগাকৈ পানীতনো কি আছে৷ লগে লগে গুগল খুৰাই ধমকি মাৰি উঠিল – “মূৰ্খ, তাকো নাজান? “

খুৰাই কি ক’লে তাক কম৷ তাৰ আগে আগে পুনৰ এবাৰ উজাই মেলিব খুজিছোঁ বাট, লুইতৰ বুকুৱেদি৷ পানীক একাষৰীয়াকৈ ৰাখি আমি বগাই গ’লোঁ টিলাবোৰলৈ; টিলাৰ পৰা সৰু পাহাৰবোৰলৈ আৰু অৱশেষত হিমালয়লৈ৷ আচলতে সৰু বৰ পৰ্বতৰ বুকুতেই থাকে অলেখ ৰহস্য আৰু সেই ৰহস্য ভেদ কৰিব পাৰিলেই আহৰণ কৰিব পাৰি সম্পদ৷ চীনা চৰকাৰে সেই ৰহস্য ভেদ কৰি আহৰণ কৰাত লাগি গৈছিল সম্পদসমূহ৷ বসুমতীৰ বুকু সুদা কৰি কাঢ়ি লৈ গৈছিল এপদ এপদকৈ সম্পদসমূহ আৰু সেই সম্পদেৰে ভৰাই তুলিছিল ৰাজকোষ৷ কিন্তু ভাৰতবৰ্ষ এনেয়ে আছিলনে?

তথ্যই কয়, নাছিল৷ ভাৰতবৰ্ষও এনেই নাছিল৷ কাশ্মীৰকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পাহাৰবোৰত ইংৰাজসকল থকা দিনৰে পৰাই সম্পদ আহৰণত ব্যস্ত আছিল চৰকাৰ৷ কিন্তু ভূগৰ্ভ খান্দি কেৱল কয়লা-পেট্ৰ’লিয়ামজাতীয় সম্পদসমূহতেই ক্ষান্ত আছিল ভাৰতবৰ্ষ৷ কিন্তু হঠাতে যেন অন্য এক দুৱাৰ মুকলি হ’ল৷ লাহে লাহে উত্তৰ পূৰ্বাঞ্চল আৰু কাশ্মীৰে গুৰুত্ব পালে৷ কাশ্মীৰৰ গুৰুত্ব আৰু মৰ্যাদাৰ কথা কম, অলপ লাহে লাহে৷ তাৰে আগে আগে ৰ্উত্তৰ-পূৱৰ কথাখিনি শেষ কৰি লওঁ৷ উত্তৰ পূৱত সম্ভেদ পোৱা গ’ল বহুতো মূল্যৱান খনিজাত সামগ্ৰীৰ আৰু লাহে লাহে সেই বাবেই হৈ পৰিল “অষ্টলক্ষ্মী“৷ দেশৰ উন্নয়নৰ স্বাৰ্থত প্ৰয়োজন হ’ল “অষ্টলক্ষ্মী“ৰ উন্নয়ন৷ আৰু তাতোকৈ কিবা? আছে৷ আৰু আছে৷ যাম, লাহে লাহে৷

এতিয়া আহোঁ পানীলৈ৷ আচলতে পানীৰ ইমান গুৰুত্ব কিয়? গুগলৰ পাত বাগৰাৰ আগেয়ে নৈৰ সিপাৰলৈ গৈছিলোঁ৷ যাওঁতে সৰু সুৰা দুই এটা কথা মনলৈ আহিছিল৷ যেনে ধৰক, মই থকা ঠাইৰপৰা যদি নৈৰ বুকুলৈ যাওঁ, উষ্ণতা প্ৰায় দুই ডিগ্ৰীমান কমি আহে (এয়া ধাৰণাহে দেই)৷ খুব গৰমতো নৈৰ বুকুত পাওঁ বতাহৰ চানেকি আৰু ঠাণ্ডাৰ প্ৰভাৱ৷ পানীয়ে লৈ যায় নৈপৰীয়া জাৱৰ আৰু দি থৈ যায় পলসুৱা মাটি৷ আমি খোৱা প্ৰতিগিলাছ পানী দেখোন লুইতেই যোগান ধৰে (মোৰ ক্ষেত্ৰতহে)৷ অন্যৰ ক্ষেত্ৰত হয়তো মাটি খান্দি ওলোৱা পানীও হব পাৰে৷ লুইত পৰ্যটন, লুইত সপোন, লুইত গীতিকাৰৰ গানৰ উৎস, ঔপন্যাসিকৰ বিষয় আৰু কত যে কি! ! তাৰমানে এই সকলোবোৰ কেৱল পানীৰ বাবেই নহয়নে? যদি লুইতত কাইলৈ পানী শূন্য হৈ পৰে, আমি একেদৰেই আদৰি লমনে লুইতক? নাই, নলও৷ কেতিয়াও নলও৷ যেনেকৈ ফল্গু নদীক লোৱা নাই, তীষ্টাক অৱহেলা কৰিবলৈ লোৱা হৈছে, ঠিক তেনেকৈ৷ মানে, পানীহে আচল গুৰি৷ এই সৰু ক্লু লৈয়ে আৰম্ভ কৰি দিলোঁ আমাৰ অন্বেষণ৷ পানীৰ গুৰুত্বৰ কাৰণ৷
পানীৰ গুৰুত্ব এই বাবেই অধিক যে পানী খাদ্য, স্বাস্থ্য আৰু পৰিৱেশৰ বাবে আটাইতকৈ প্ৰয়োজনীয় অংগ৷ পানীৰ পৰিমাণৰ হেৰফেৰৰ লগত নিৰ্ভৰ কৰে এই তিনিওবিধৰ ভাৰসাম্যতা৷ তেন্তে সকলোৱে পানীক লৈ ইমান কাজিয়া কৰে কিয়?
তাৰো কাৰণ আছে৷ তথ্যই কয় বিশ্বব্ৰহ্মাণ্ডৰ ৭০ ভাগ পানী৷ আৰু সৰ্বমুঠ পানীৰ প্ৰায় ৫০ ভাগেই বৰফাৱস্থাত বা গ্লেচিয়াৰত আছে৷ অন্য ৩০ ভাগ সাগৰত আৰু বাকী ২০ ভাগ নৈ-জুৰি, খাল-বিল বা অন্য স্থানত আছে৷ অন্য স্থান বুলিলে বায়ুমণ্ডল, ভূ-গৰ্ভ আনকি আমাৰ শৰীৰৰ ভিতৰভাগত থকা পানীকো সামৰা হৈছে৷ কিন্তু লাহে লাহে পানীৰ পৰিমাণ যেন কমি আহিবলৈ ধৰিছে৷ গ্লেচিয়াৰ গলিবলৈ আৰম্ভ কৰিছে৷ নৈ শুকাবলৈ আৰম্ভ কৰিছে, বিষাক্ত হৈ গৈ আছে পানী, অনুপযুক্ত হৈ আহিছে পানী৷ কিন্তু কিয়? ভাৰসাম্যতা৷ একমাত্ৰ ভাৰসাম্যতাৰ বাবে৷ আমি ভাৰসাম্যতা ৰক্ষা কৰি খাদ্য, স্বাস্থ্য আৰু পৰিৱেশৰ বাবে পানীক কামত লগাব পৰা নাই৷ পানীক কেৱল আমাৰ স্বাৰ্থৰ বাবেহে ব্যৱহাৰ কৰিবলৈ শিকি আহিছো৷

পানী আৰু পৰিৱেশৰ গৱেষকসকলে কয়, বিংশ শতিকাৰ সোণ যেনেকৈ আছিল তেল, একবিংশ শতিকাৰ সোণ হব পানী৷ ভাৱি চালে নোহোৱাও নহয়৷ আমি যদি চকু ফুৰাওঁ দেখিম, যিবোৰ দেশ সমৃদ্ধিশালী, সেইবোৰৰ অধিকাংশই পানীৰ ধনী৷ পানীৰ ধনী বুলি কওঁতে সেইসমূহ ৰাষ্ট্ৰৰ ভূ-ভাগ অথবা চাৰিসীমা পানীৰে ভৰপূৰ কথাটোৱেই বুজোৱা হৈছে৷ আৰু কূটনীতিবিদসকলেও কথাখিনিৰ গুৰুত্ব বুজি উঠিছে৷ লগে লগেই চৰকাৰ সাজু হৈছে পানীৰ ধনী হোৱাৰ বাবে৷ আৰু আৰম্ভ হৈছে শীতল যুদ্ধ৷ কিন্তু কেৱল পানীৰ ধনী হোৱাৰ বাবেইনে এই কাৰচাজি?
নহয়৷ নিশ্চয় নহয়৷ পানীহে ৰাষ্ট্ৰযন্ত্ৰক দেখুৱাইছে বহু সম্ভাৱনাৰ বাট৷ পানী উদ্যোগীকৰণৰ বাবে গুৰুত্বপূৰ্ণ পৰিবহণৰ মাধ্যম৷ পানী সুৰক্ষাৰ বাবে উত্তম মাধ্যম৷ পানী উৎপাদনৰ বাবে প্ৰয়োজনীয় মাধ্যম৷ লাহে লাহে সেই বাবেই পানীৰ ওপৰত আধিপত্যৰ বাবে দেশবোৰৰ মাজত আৰম্ভ হৈছে নিগনি দৌৰ৷ সকলোৱে ভাবিবলৈ লাগি গৈছে, পানী য’ত অধিককৈ থাকিব, সেইখন দেশৰেই অস্তিত্ব অধিক কাল টিকি থাকিব৷ চীনে সেই বাবেই আৰৱ সাগৰ ভাৰত মহাসাগৰৰ ওপৰত পোনে পোনে নোৱাৰিলেও পাকিস্তান, ভাৰতৰ যোগেদি প্ৰভাৱ বিস্তাৰ কৰিবলৈ উঠি পৰি লাগিছে৷ আৰু গ্লেচিয়াৰবোৰ?
অনুৰূপ ঘটনা ঘটিছে গ্লেচিয়াৰৰ ওপৰত আৰু তাৰ পৰা উৎপন্ন হোৱা জলধাৰাসমূহৰ ওপৰতো৷ কাশ্মীৰ তাৰেই এক নিদৰ্শন৷ এতিয়া কাশ্মীৰ কাক লাগিব বুলি সিধিলে চাগে এখন হাজাৰদলীয়া প্ৰতিযোগিতাই হৈ যাব৷ কিন্তু গ্লেচিয়াৰ বা পানীয়েই যে কাশ্মীৰৰ গুৰুত্বৰ প্ৰধান কাৰণ, তেনে নহয়৷ যদিও এই অন্বেষণত এয়া প্ৰসংহীন এক বিষয়, তথাপি হিমালয়ান অঞ্চলত হোৱা মূল্যৱান বনজ সম্পদো এই গুৰুত্বৰ অন্য এক কাৰণ বুলি পৰিৱেশ অধ্যয়নকাৰীসকলে দাবী কৰিছে৷

এতিয়া আহোঁ মূল কথালৈ৷ ব্ৰহ্মপুত্ৰৰ পৰা আমি এক বিশাল বিষয় আমাৰ অন্বেষণত আমি পালোঁ৷ যিটো বিষয়ত কেৱল সমস্যাৰ কথাহে কোৱা হ’ল৷ তেন্তে সমাধান ক’ত? খুৰাৰ এয়াই দোষ যে, খুৰাৰ ওচৰত সমাধান নাথাকে৷ কিন্তু থাকে সমাধানৰ বাবে লোৱা বিশেষ কিছুমান পদক্ষেপৰ কথা৷ আন্তঃৰাষ্ট্ৰীয় জল-বিতৰণ, জলচুক্তি আৰু বুজাবুজিৰ মাজেৰে দেশসমূহে এক সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰিব পাৰে৷ শেহতীয়াভাৱে বৈজ্ঞানিকসকলে ভাবি উলিওৱা বিভিন্ন জল-বিতৰণৰ উপায়সমূহ অৱলম্বন কৰি ইয়াৰ সৰ্বোৎকৃষ্ট প্ৰয়োজনীয় খৰচেৰে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা আৰু খাদ্যসামগ্ৰীৰ উৎপাদনেৰে পৃথিৱীৰ আটাইতকৈ ডাঙৰ সম্পদ মানৱসম্পদক বিপদমুক্ত কৰিব পাৰে৷ অন্যথাই পানীৰ এই কন্দলে যে সকলোকে এক কাতৰ মৃত্যুৰ মুখলৈ টানি নিব সেয়া নিশ্চিত৷

পানীৰ এই বিপদৰ সময়ত আমাৰ কৰণীয় আছেনে? আছে৷ হাজাৰগুণ আছে৷ চৰকাৰে এই নৈপাৰত নমামী উৎসৱ পতাৰ পৰিৱৰ্তে সেউজ উৎসৱৰ বাবে ৰাইজক উদগণি যোগাওঁক৷ ৰাইজে মাটিৰ বুকু ফালি পানী উলিওৱাৰ পৰিৱৰ্তে প্ৰাকৃতিকভাৱে বৈ অহা পানী ব্যৱহাৰ কৰিবলৈকে যৎপৰনোষ্টি চেষ্টা কৰক, বৰষুণৰ পানী ধৰি ৰখাৰ বাবে “ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং“ আদিকে ধৰি উল্লেখনীয় পদ্ধতিবোৰ অৱলম্বন কৰি পানীৰ অপব্যয় ৰোধ কৰক আৰু মানৱসম্পদৰ ৰক্ষাৰ হেতুকে স্বাস্থ্য আৰু মনৰ সৱলতাৰ বাবে জৈৱিক খাদ্যৰ উৎপাদনত লাগক৷ দেখিব পানীৰ বাবে আমাৰ মাজত, ইখন-সিখন দেশৰ মাজত আনকি আন্তৰ্জাতিক পৰ্যায়তো খেলিমেলিবোৰ নাইকিয়া হৈ পানী উভৈনদী হৈ থাকি যাব৷

[ এই প্ৰবন্ধলানি প্ৰকৃততে এক অন্বেষণহে৷ ইণ্টাৰেনেটত পোৱা বিভিন্ন প্ৰবন্ধ, বাতৰি, লেখা, মানচিত্ৰ, ছৱি আদিৰ যোগসূত্ৰ ঘটাই এই প্ৰবন্ধলানি লিখিবলৈ যত্ন কৰা হৈছে৷ বহুতো স্থানত ইণ্টাৰনেটত পোৱা তথ্যবোৰৰো অমিল থাকে; তেনে স্থানত অধিক উপযোগী বুলি ভৱা তথ্যসূত্ৰকেই ইয়াৰ সমল হিচাপে লোৱা হৈছে৷ প্ৰবন্ধলানিৰ কোনো অংশৰে ভুল উপস্থাপনৰ তথ্য যদি তথ্যসূত্ৰসহ কোবোবাই জনাই দিয়ে, কৃতাৰ্থ হম]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments