নষ্টালজিয়া- কমলা খোৱা দিনৰ এপৃষ্ঠা (মামণি দাস)

এইবাটেই আহে শীত। কুৱঁলীৰ ঘৰ..নিয়ৰৰ সাধু… আগৰ শীতৰ দিনবোৰ বৰ উমাল আছিল। আজিকালি পিছে চৌদিশ উৰুঙা উৰুঙা লাগে। এই যে শাৰদীয় বতৰটো আতঁৰি গ’ল…সেইবাবেই ছাগে! শৰৎৰ বতৰটো এটা নিৰ্জন প্ৰেমিক। পথাৰত মুখ গুঁজি বহি থাকে আপোনভোলাটো হৈ। একো খং নাই, দুখ নাই, ঠেঁহ-পেচ নাই। সম্ভৱতঃ এইহেন প্ৰেমিক বতৰটো আতঁৰি যোৱাৰ দুখতেই সেমেকি উঠে শীতৰ ৰাতিবোৰ। জুহালখন কাহানিবাই এৰিছো। আজিকালি জুইৰ ধোঁৱাবোৰ বতাহৰ স’তে হুমুনিয়াহত উৰে। চৌপাশেচোন জুইয়েই জুই। বজাৰত জুই, আখলত জুই, বুকুত জুই, জীৱনত জুই, যৌৱনত জুই। কেৱল জুই জুই আৰু জুই। অথচ…..! অথচ এই জুইয়ে উমাল কৰিব নোৱাৰে কাকো। জুই পুৱালেও জুইৰ উত্তাপতকৈ চৌপাশৰ চেঁচা বতাহজাকেহে মোক বেছিকৈ চুৱে। দীঘল হাতৰ চোলা, চুৱেটাৰ, জোতা পিন্ধিলেও কোনপিনেৰে জানো নিয়ৰৰ টোপালবোৰে বুকুৰ ভিতৰলৈ চোঁচা মাৰি যায়, তলকিবই নোৱাৰো।
এই শীতৰ দিনবোৰতেই এঙামুৰিৰ গোন্ধটো বৰ মিছ কৰোঁ। শুই উঠিলেই যে সেই নৱজাতকৰ দৰে কোমল ৰ’দজাক আহি মুখত পৰিছিল..! কম্বল, নিহালীৰে অবিন্যস্ত বিচনাখনত সেউজীয়াৰঙী আঠুঁৱাখনেৰে কোঁচ-মোচ খাই শুই থাকো মই। অলপ আগতে দুকাষৰ পৰা উঠি যোৱা মা আৰু দেউতাৰ এঙামুৰিৰ গোন্ধটো গাৰুৰ গিলিপত লাগি থাকে। খিৰিকীমুখত ৰৈ থাকে কুঁৱলী-ৰ’দ মিশ্ৰিত এটা সলাজ ৰাতিপুৱা.. বাঢ়ি অহা ৰ’দৰ উত্তাপত ভাইটিৰ স’তে কমলা খোৱা সেয়া ভৰ দুপৰীয়া…!! দুপৰীয়াৰ কলৰৱে মোক হেঁচুকি দিয়ে.. পলকতে সন্ধিয়া নামে..! সদাব্যস্ত দিনান্তৰৰ সঁহাৰি জনাই ঘৰমুখী মানুহবোৰৰ বুকুত লিপিট খাই ধৰে নিয়ৰে। ঠিক তাহানি দেউতা কামৰ পৰা উভতি অহাৰ লগে লগে পদূলিতে মই সাৱটি ধৰাৰ দৰেই। নিয়ন লাইটবোৰ জ্বলি উঠে এন্ধাৰ আতঁৰোৱাৰ তাগিদাত। ইপাৰে বেলকনিৰ চিৰন্তন এন্ধাৰত নিতাল মাৰি থাকে স্মৃতিৰ পথাৰ। এইবাবেই ভাল লাগিছিল তেতিয়া। দিনবোৰ চুটি। ৰাতিবোৰ দীঘল। সন্ধিয়াবোৰ উমাল। ধূপ-ধূনাৰ সুবাস নৌযাওতেই পাকঘৰত মাৰ ভাতৰ যো-জা। পঢ়া টেবুলত আমাৰ টোপনিৰ সৈতে যুঁজৰ আখৰা। বলে নোৱাৰিলে চোতাললৈ লৰ। জুইত অকণমাণি আঙুলিৰ সেক। ডাঙৰৰ কথাবোৰ অবোধ্য বাবে জুইৰ চৌপাশে আমাৰ উৎপাত..লৰা-ঢপৰা…খৰিবোৰ খেলিমেলি…জোঁটবিহীন ধেমালি-পাগলামি… আকৌ গালি। ভাতৰ পৰ্ব সোনকালে সামৰি বিচনাত কুৱঁলীৰ সাধুকথা। শীতত এন্ধাৰবোৰ প্ৰকট হৈ উঠে। সেই এন্ধাৰবোৰে গবা মাৰি ধৰিব বুলি শুই যাওঁ মাৰ বুকুত.. … খিৰিকীৰ সিপাৰে পুতলা নচাদি নাচি থাকি এন্ধাৰৰ আত্মা, জীৱনৰ সদ্যজাত জোন….
আজিকালি শীতৰ বাবে ৰাতিবোৰ দীঘল হৈ নুঠে। সেই উৎসুকতা নাই। এতিয়াৰ ৰাতিবোৰ সদায়েই দীঘল। এঙামুৰিৰ গোন্ধটোৱেও কেতিয়াবাই অভিমান কৰি গুচি গ’ল। সাধুকথাবোৰ উজাগৰী ৰাতিৰ হেডফোনৰ গান হ’ল। আৰু এই… এই শীতৰ উদং লুঙলুঙীয়া বাটত ৰৈ থকা প্ৰেতাত্মা, ভূতবোৰ ক’লৈ গ’ল! নাজানো। বুকুত এখন বহল মৰিশালি লাং খাই পৰি আছে, বহুদিন ধৰি.. মৰাশবোৰৰ নিশ্বাসবোৰ বিৰক্তিদায়ক হ’ল। পথবোৰ চিনাকী… সোঁৱৰণিৰ ঘোলা চকুৰে মণিব নোৱাৰা অথচ চিনাকী বাট। এই পথতেই হাজাৰ মৰাশৰ বুকুত ভৰিৰে গছকি দপদপাই পাৰ হৈ যায় সদাব্যস্ত দিন, ৰাতি, গধূলি.. ৰৈ যায় কেৱল দাগ! আজিৰ দাগ..কালিৰ দাগ…প্ৰতিদিনৰ দাগ…!!
***

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments