নষ্টালজিয়া কলেজৰ:আন্লাকী থাৰটিন–যোগানন্দ মহন্ত

 

 চিলঙৰ পৰা আহি তেজপুৰৰ কলেজত পঢ়া ‘স্মিতা পাটিল’ (সঁচা নাম নহয় কিন্ত্ত কলেজত সকলোৱে জনা নাম, কোনোবা সুন্দৰৰ উপাসকে দিয়া নাম হয়তো! ) সঁচাই বৰ ধুনীয়া ছোৱালী আছিল। আমাৰ লগত কলেজত একেলগে এডমিচন লৈছিল। পূবৰ স্কটলেণ্ড্ বুলি কোৱা চিলঙৰ চেৰী ফুলৰ ধুনীয়াখিনি যেন চিলঙৰ পাহাৰৰ পৰা নামি আহোঁতে তাইৰ গাত লাগি আহিছিল। তাইৰ ৰোল নম্বৰো আছিল ধুনীয়া। যেন কলেজে চাই চিতি তাইৰ নিচিনা ধুনীয়া ছোৱালী এজনীক দিবলৈ সাঁচি থৈ দিয়া নম্বৰ….একেবাৰে “নাইনটি নাইন!” ধুনীয়া বুলিয়েই বিখ্যাত হোৱা ছোৱালীজনীক এই ৰোল নম্বৰটোৱে আৰু বিখ্যাত কৰি দিছিল। কলেজত কোনোবাই নাইনটি নাইনৰ লগত বয়জ হোষ্টেলৰ কাৰোবাক কথা পতা দেখিলেও ৰাতি হোষ্টেলৰ দীঘল ডাইনিং হলত সেইটো বহল বাতৰিৰ হেডলাইন হৈছিল আৰু তাই ৰ সতে কথা পাতিবলৈ আশা পালি থকা বঞ্চিত চিনিয়ৰে জুনিয়ৰ কাৰোবাক নাইনটি নাইনৰ লগত কথা পতা বুলি গম পালেই ডাইনিং হলৰ “ফাষ্ট ট্ৰেক্” ক’ৰ্টত বয়জ-হোষ্টেলৰ চলিত আইনবোৰৰ ৰোমাণ্টিক ধাৰাৰ অধীনত বিচাৰ চলিছিল। অভিযুক্তক ভৱিষ্যতৰ বাবে সাৱধান কৰি দিয়া হৈছিল। পৰাপক্ষত তাইৰ ছাঁটোৰ কাষলৈও যাবলৈ মানা কৰি দিছিল। ইমান হাই পাৱাৰৰ চিকিওৰিটি ৰিং থকা তাইৰ লগত আমাৰদৰে নিমাখিত নন্-স্মাৰ্ট  জুনিয়ৰবোৰে সেইবাবে কলেজত কথা পাতিবলৈ, মাতিবলৈ সাহেই কৰা নাছিলোঁ, যদিওবা তাই আমাৰেই সহপাঠী আছিল। চিনিয়ৰবোৰে আমাক বুজাইছিল যে বুৰঞ্জীয়ে কয়….ইতিহাসে কয়, ধুনীয়া ছোৱালীৰ ওপৰত অধিকাৰ ৰজাৰহে থাকে প্ৰজাৰ নহয়। হোষ্টেলৰ জুনিয়ৰ প্ৰজাবোৰৰ বাবে চিনিয়ৰবোৰেই আছিল প্ৰজাপতি উৰি ফুৰা গোলাপ শেৱালিয়ে আমোলমোলোৱা ৰঙীন মৰম-ৰাজ্যৰ মুকুটবিহীন ৰজা। সৌভাগ্য নে দুৰ্ভাগ্যবশতঃ তাইৰ সৈতে মোৰ প্ৰেক্টিকেল্ গ্ৰুপ একেই আছিল যদিও নাইনটি নাইনয়ে ইলেক্ট্ৰিছিটিৰ প্ৰেক্টিকেল কৰিলে আমি চিনিয়ৰে দেখাৰ ভয়তে কাষৰ বেলেগ এটা ৰূমত চাউণ্ডৰ প্ৰেক্টিকেল কৰিছিলোঁ আৰু ক্লাছ শেষ হ’লে আমি দক্ষিণে হোষ্টেললৈ গ’লে তাই উত্তৰে ঘৰলৈ গুচি গৈছিল। গতিকে মনৰ ভিতৰত তাইক লগ ধৰি কথা পতাৰ দুঃসাহসী সপোন এটা দিনে ৰাতিয়ে দেখি থাকিলেও, বাস্তৱত অংক মিলাৰ কোনো সুবিধাই নাছিল একেবাৰে। তাতে আকৌ কলেজ মানে অনুভৱ হৈছিল জীৱনৰ বসন্ত ঋতু, নতুনকৈ ফুলনিত ফুলিবলৈ শিকা লাজবোৰ সৰি পৰি নাইকিয়াও নহয় সহজে! ক’ৰবাত নহয় ক’ৰবাত যে ওলমিয়েই থাকে! 

 কলেজৰ পৰা অলপ দূৰতে পকা ৰাস্তাৰ কাষতে আছিল তাইৰ ঘৰ। তাইৰ ঘৰৰ আগেদি ২ বছৰত ৩২ বাৰমান অহা যোৱাও কৰিছিলোঁ। কিন্ত্ত পকা ৰাস্তা আৰু তাইৰ ঘৰৰ মাজৰ খালী ঠাইখিনিয়েদি যোৱা ৰেল-লাইনটোৰ বাবে ঘৰৰ বেছি কাষেদি অহা-যোৱা কৰিব নোৱাৰিছিলোঁ। জংকি পানেইক দুপাৰে ৰখা বাৰিষা সাঁতুৰিও পাৰ হ’ব নোৱাৰা সোৱনশিৰী নৈ যেন লাগিছিল ৰেল লাইনটোৱে কৰি দিয়া বহল ব্যৱধানখিনি। তথাপি সেই ৩২ বাৰ অহা যোৱা কৰোঁতে ১৫

 বাৰ তাইক ঘৰৰ বাৰাণ্ডাত দেখিছিলোঁ। সেই ১৫ বাৰৰ ২-বাৰ সন্ধিয়া হোৱা বাবে ভালকৈ দেখা নাছিলোঁ। ৫-বাৰ কাষত মাক বহি আছিল বাবে লৰা-লৰিকৈ পাৰ হৈ গৈছিলোঁ। ২-বাৰ আকৌ বায়েকজনী বহি আছিল। ১-বাৰ চশমা পিন্ধি দেউতাক বাৰাণ্ডাত বহি আছিল বাবে বুকু কঁপি গৈছিল। ৪-বাৰ বাৰাণ্ডাৰ লাইট সন্ধিয়া অফ আছিল বাবে ছয়াময়া ছাঁ এটাৰ বাদে ভালকৈ একো দেখা নাছিলোঁ। এদিনেই এবাৰ মাত্ৰ দিনৰ ফটফটীয়া পোহৰত ধুনীয়াকৈ দেখোঁতেই সোৱনশিৰীত বানপানীৰ ওখ ঢৌ অহাদি আপদীয়া দীঘল ট্ৰেইন এখন আহি বৰ্বাদ কৰি দিছিল! মুঠতে অংক একেবাৰে মিলাই নাছিল। অংকবোৰ এনেকৈ নিমিলা যেন দেখি হোষ্টেলৰপৰা মনে মনে এজন ভাল জ্যোতিষীৰ ওচৰলৈ গৈছিলোঁ। শুনিছিলোঁ যে জ্যোতিষীজন এনেকুৱা মিলামিচা কৰি দিয়াৰ অংকত আৰু উত্তৰ নিমিলা অংকবোৰত ওস্তাদ আছিল বৰ। মনতে ভাবিছিলোঁ কিবা বাধা বিঘিনিও থাকিব পাৰে। তাবিজ দোল কিবা ল’লে বাধা আঁতৰিবও পাৰে! 

জ্যোতিষীক গৈ ক’লো-’বিপদ এটা হৈছে। ৰোল নম্বৰ  ‘নাইনটি নাইন’ৰ ধুনীয়া ছোৱালী এজনীৰ লগত মোৰ নিমিলা অংক এটা যেনেতেনে মিলাই দিবই লাগে। ‘ 

জ্যোতিষীয়ে কাগজত আঁক বাক, ঘৰ-চৰ আঁকি সুধিলে- ‘ৰোল নম্বৰ কিমান বুলি কৈছিলা? ‘

 মই জ্যোতিষীক কলোঁ,

“নাইনটি নাইন।”

’তোমাৰ? ‘ 

‘এইট্টি চিক্স।” 

জ্যোতিষীয়ে এবাৰ চকু কেইটা মুদিলে, এবাৰ মেলিলে। আকৌ মুদিলে, তাৰ পাচত আকৌ মেলিলে।  বসুমতীত ডাঙৰ, ডাঙৰ টোকৰ দুটামানো আঙুলিৰে মাৰিলে। মনতে ভাবিলোঁ, জ্যোতিষীয়ে টোকৰ মাৰিছে যেতিয়া নিমিলা অংকৰ ধুনীয়া উত্তৰৰ গজালি চাগে দেখিমেই এতিয়াই। তা …ৰ…পা..চ…ত…..বোলে-’অসম্ভৱ….অ..স..ম..ভ..ৱ। নাই নহ’ব। নহ’ব মানে নহ’বই! ‘

মই বোলো ‘তেনেকৈ নক’ব দেউ! মই মৰি যাম! মই নিগমে মৰিম! ‘ 

ক’লে বোলে -’নমৰিবা…বোপা নমৰিবা….মৰা মহাপাপ ….লাগিলে হিমালয়লৈ গুচি যাবা …কিন্ত্ত নমৰিবা….আৰু যদি হিমালয়লৈ যাব নোৱাৰা, ঔগুৰি পাহাৰতে গৈ বহি থাকিবা…গণেশ ঘাটত বহি থাকিবা…. অগ্নিগড়ৰ ওপৰত গৈ বহি থাকিবা….ধ্যান কৰি থাকিবা…দাড়ি চুলি দীঘল কৰি দিবা…. কিন্ত্ত জীৱন চুটি নকৰিবা! ‘ 

মই বোলো -’আপুনি কওক মোক গণ্ডগোল ক’ত? ‘ 

ক’লে বোলে ‘বোপা….চুইট্ চিক্সটিনৰ বয়স সন্ধিত আহি তোমাৰ ভাগ্যচক্ৰত বিৰাজিছে সাংঘাতিক দুৰ্দিন …কস্মিন কালেও নিমিলা অংক, অকল জটিলেই নহয় বোপা, ই ভয়ঙ্কৰ জটিল… তোমাৰ কপাললৈও অকালতে নামিল আনলাকী থাৰ্টিন, বোপা অ’…আনলাকী থাৰটিন! ‘ 

মই বোলো ‘ আপুনি পালেনো ক’ত সেই আপদীয়া থাৰটিন? অঙ্কহে মিলাবলৈ দিছিলোঁ আপোনাক। তাত আকৌ আহিলনো কেনেকৈ থাৰটিন!”

 জ্যোতিষীয়ে বোলে ‘সেইটোৱেইতো ঘটনা …নাইনটি নাইনৰ পদূলিৰ বিস্তাৰিত গণনাত…’এইট্টি চিক্স’ৰ পাওঁ সদায় জয়াল গধূলি …! থাৰটিনৰ এডাল দীঘল শলিতা হৃদয়ত উমি উমি যে থাকিবই জ্বলি! বুজিছা বোপা, নিজৰো বুকুত আছে মোৰ তেনে এটি শিল…ইমান দিনীয়া জ্যোতিষৰ চৰ্চাটো মোৰ অতদিনে যোৱা নাই কুমলি! তুমিটো জানাই বোপা তাইৰ সেই ধুনীয়া নাইনটি নাইন! মাইনাছ্ তোমাৰ দুৰ্কপলীয়া, দুৰ্ভগীয়া এইট্টি চিক্স ইজ ইকুৱেল টু.. আনলাকী থাৰটিন (৯৯-৮৬=১৩) বুলি….! ‘

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments