নষ্টালজিয়া-২ (নিতুল বৰা)

 

অ’ আই, আই ঔ……অ’ বোলো সিপৈয়ানি আই……কিবা লাগিবনে..?? সোনকালে আহক, মই বহুতৰ ঘৰত সোমাবলগীয়া আছে। (কলঙৰ সিপাৰৰ উৰিয়াগাঁৱৰ পৰা বিহু মাৰিবলৈ গৈ আইক ককাই পলুৱাই আনিছিল বাবে সিপৈয়ানি আই বা উৰিয়াগাঁৱনি আই বুলিছিল সকলোৱে ) অ’….ৰ’বি গৈছোঁ, কেইপদমান বস্তু লবলগীয়া আছে। এই মাতষাৰ সৰুতে প্ৰায়ে ৰাতিপুৱাতে দুৱাৰমুখত শুনা পাওঁ। এইগৰাকীয়েই হৈছে আজিৰ পৰা প্ৰায় ২০-২৫ বছৰৰ আগেয়ে ঘৰে ঘৰে বস্তু বিক্ৰি কৰিবলৈ মূৰত পাচিলৈ অহা পোহাৰী। নামটো শুনিছেনে কেতিয়াবা…?? তেতিয়াৰ সময়ত ঘৰুৱা সকলো প্ৰয়োজনীয় বস্তু সহজতে উপলব্ধ হোৱাকৈ গাঁৱে গাঁৱে আজিৰ লেখিয়াকৈ সুন্দৰ সুন্দৰ দোকানবোৰ গঢ়ি উঠাই নাছিল। চহৰতো সীমিত সংখ্যকহে কেঁঞা দোকান আছিল। ((এতিয়া কেঁঞা মানে কি আকৌ প্ৰশ্ন আহিল নহয়! আপোনালোকৰ জানিবলৈ মন চাগৈ উগুল-থুগুল লাগিছে। ৰ’ব কৈছোঁ—তাহানিতে মাৰোৱাৰী ব্যৱসায়ী সকলক কেঁঞা বুলিহে কোৱা হৈছিল। সেয়ে আমাৰ নগাঁৱত আৰু নগাঁৱৰ পুৰণিগুদামত কেঁঞাপট্টী বুলি ব্যৱসায়ীক এলেকা আজিও আছে।)) সেয়ে তেতিয়াৰ দিনত গাঁৱলৈ এটা পাচিত কিছুমান নিত্যপ্ৰয়োজনীয় বয়বস্তু ভৰাই মূৰত লৈ আহিছিল। সেইবস্তুবোৰৰ ভিতৰত আছিল—কাপোৰধোৱা ঢালাই চাবোন, আলু-পিয়াঁজ, চাহপাত, বেজি-সূতাৰ গুলী আদি লৈ বিক্ৰিৰ বাবে ঘৰে ঘৰে আহিছিল। বিনিময়ত তেওঁলোকে সমপৰিমানৰ ধান-চাউল লৈছিল। সময়ৰ পৰিবৰ্তনৰ লগে-লগে পোহাৰীগৰাকীও হেৰাই গ’ল সময়ৰ সোঁতত। কিন্তু আজিও মোৰ বাবে সেয়া নষ্টালজিয়া হৈ ৰ’ল।
২) এপলকৰ বাবে যদি উভতি চাওঁ……………..
এতিয়াৰ গাড়ীবোৰৰ ছেল্ফত টিপা মাৰিলেই গাড়ীৰ ইঞ্জিনে গৰজি উঠে। এটা সময় আছিল গাড়ীবোৰৰ কোনো ছেল্ফ বুলি ইঞ্জিনৰ অংশই নাছিল, নাছিল বেটাৰীও। তেনেহলে কেনেকৈ গাড়ী ষ্টাৰ্ট হৈছিল…?? বহুত দিনৰ আগতে এদিন চুবুৰীয়া এঘৰলৈ এখন টেক্সি (এম্বেচাদৰ) গাড়ী লৈ আলহী আহিছিল, তেতিয়া আমি সৰু আছিলোঁ আৰু গাড়ীখন বেৰি ধৰি চাইছিলোঁ, হৰ্নৰ সলনি আছিল ড্ৰাইভাৰৰ দৰ্জাখনৰ কাষতে এটা ৰৱৰৰ বেলুন সদৃশ পেঁপা, সেইটো কিন্তু এনেয়ে টিপা মাৰি দিলেও বাজিছিল বুলি জানিছিলোঁ। কি সুন্দৰ লাগিছিল, মনতে ভাবিছিলোঁ উঠি বাৰু কেনে লাগিব, এবাৰ উঠিবলৈ পোৱা হলে কিমান ভাল লাগিলহেঁতেন বাৰু। তেনেকৈ চাই থাকোঁতেই গাড়ীৰ গৰাকীয়ে দেখি ধমক দি উঠিল,——— ঐ ল’ৰা-ছোৱালীহঁত, গাড়ীৰ ওচৰৰ পৰা আঁতৰ হ’ তহঁত, দাগ লাগিব গাড়ীত। আমি ভয়তে আঁতৰি আহিছিলোঁ। এটা সময়ত আলহীয়ে চাহপানী খাই যাবলৈ ওলাল, আমি দূৰৰ পৰাই হেঁপাহৰে চাই আছিলোঁ। গাৰাকীজনে এইবাৰ গাড়ীৰ ভিতৰৰ পৰা এডাল দীঘল লোৰ মাৰি উলিয়াই অনা দেখা পালোঁ, সেইদাল উলিয়াই অনা দেখি আমাৰ কাষৰে দুটামান ভিৰাই লৰ মাৰিলে, সিহঁতে ভাবিলে চাগৈ ওচৰৰ পৰা লিৰিকি-বিদাৰি থকাৰ বাবেই গৰাকীয়ে আমাকেই খেদিবলৈ সেইডাল উলিয়াই আনিছে, কিন্তু আমাৰ ধাৰণা ভুল প্ৰতিপন্ন কৰি মানুহজনে লোৰ মাৰিডাল গাড়ীৰ সন্মুখত থকা বাম্পাৰডালৰ মাজেৰে এটা ফুটাইদি দীঘে দীঘে সুমুৱাই দিলে আৰু কিবা এটা খটককৈ মাৰি হাতেৰে জোৰেৰে ঘুৰাবলৈ লাগিল, এনেকৈ দুই একোব মৰাৰ পাছত গাড়ীৰ ইঞ্জিনে গৰজি উঠিল, লগে লগে গৰাকীয়ে সেইডাল গাড়ীৰ ভিতৰত ৰাখি গাড়ী চলাই গুচি গ’ল। মোৰ মনত সেই দৃশ্যটি আজিও থাকি গল।
৩) এপলকৰ বাবে যদি উভতি চাওঁ……………..
“ৰভা-খুটা হেলেকা ৰভা-খুটা হেলেকা,
কইনা ঘৰৰ ছোৱালী বোৰৰ চকুকেইটা টেলেকা।।
টেলেকা যদি টেলেকা, টেলেকা যদি টেলেকা,
আমি খোৱা পাতবিলাক তোমালোকে চেলেকা।।“

বিবাহ-ভৱন, বুফে, টেণ্ট হাউচ, জেনেৰেটৰ, কাৰ্পেট, কেটাৰিং, ৰং বিৰঙৰ লাইট, মিউজিক চিষ্টেম, কেচিঅ’ৰ সৈতে অহা মিউজিকেল পাৰ্টিৰ, লোক এইবোৰ শব্দ যেন কল্পনাৰো অগোচৰ আছিল, এই সকলোবোৰ আমাৰ মাজলৈ অহাৰ আগতেও বিয়া-সবাহত কিন্তু তেতিয়াও সুন্দৰকৈ আনন্দ কৰিছিল গাঁৱৰ ডেকা-গাভৰুৱে। যান্ত্ৰিকতাৰ কোনো প্ৰভাৱ নপৰা সেই দিনবোৰত সঁচাকৈ কিমান আন্তৰিকতা, চেনেহ আছিল সেয়া আজিৰ দিনৰ কোনেও কেতিয়াও অনুমানেই কৰিব নোৱাৰিব।

কাৰোবাৰ ঘৰত বিয়াৰ দিন বাৰ ঠিক হোৱাৰ পিছতেই গৃহস্থই গাঁৱৰ সংঘত তামোল-পানৰ বঁটা লৈ বিয়ালৈ সকলোকে নিমন্ত্ৰণ কৰাৰ লগতে সকলোধৰণৰ সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছিলহি। সেইবাবেই সংঘৰ সকলো সদস্যই বিয়ালৈ এমাহ মান বাকী থাকোতেই সমূহীয়াকৈ গৈ লাগি-ভাগি দিয়েগৈ। হাতে-হাতে দা-কুঠাৰ লৈ ডেকাবোৰে খৰি কাটিবৰ বাবে বিয়াঘৰৰ এজনক সুধি বাৰীৰ মাজত এজোপা গছত ঘাপ দিয়েগৈ। মুহূৰ্ততে গছকাটি আনি ছেও দিছিল। টুকুৰাবোৰ গোটাই লৈ ফাল-ফাল কৰিছিল। কেইজনমানে খৰিবোৰ চাৰিকোণীয়াকৈ মেজিৰ আকৃতিত সজাই গৈছিল, যাতে ৰ’দত সেইবোৰ সোনকালে শুকাই যায়। ইফালে গাভৰুসকলে বিয়াঘৰৰ পিঠা-পনা, জা-জলপানৰ পৰা আদি কৰি সকলো কামত সাহয় কৰি দিয়েহি। পিঠা তৈয়াৰ কৰা, চিৰা, সান্দহ খুন্দা, চাউল বাচা, বিয়াৰবাবে বজাৰৰ পৰা অনা বুট, মগু, ফলমূল সকলো ভাগে ভাগে লৈ সকলো ব্যস্ত হৈ পৰে। মুঠতে এক উখল-মাখল পৰিবেশে বিয়াৰ এমাহৰ আগৰ পৰাই ৰজনজনাই থাকে বিয়াঘৰখন। ইয়াৰ মাজে-মাজে হাঁহি-ধেমালিৰে মেলবোৰ আছেই। ডেকাবোৰে খৰি ফালি হয় মানে দুই এজনী গাভৰুৱে হাতত চাহৰ কাপ লৈ আহি সকলোকে দিয়েহিয়েই। এইবোৰৰ মাজতে দুই এহাল ডেকা গাভৰুৰ প্ৰেমে গুণগুনাইছিল, দুই এটাই কামৰ মাজেৰে জোৰা নাম এফাঁকিও গাইছিল, লগে লগে হাঁহিৰ ৰোল উঠিছিল। কি যে সুন্দৰ পৰিবেশৰে চৌপাশ ভৰি পৰিছিল, ভাবিলেই ভাল লাগি যায়।

বিয়াৰদিন ওচৰ চাপি অহাৰ লগে-লগে ৰভা-খোলাৰ কামত হাতে-হাতে লাগি যায় সকলো। ডেকাবোৰৰ কেইটামানে বাৰীৰ বাঁহকটা কামত ধৰে, দুটামানে গাঁত খান্দা কামত লাগে, দুটা মানে ৰভাৰ ওপৰত দিবৰ বাবে ট্ৰিপাল বিচাৰি যায়। তাৰে মাজৰ আকৌ দুটামানে ৰাতিৰ পোহৰৰ বাবে মেন্থেল বিচাৰি যায়। এইবোৰৰ উপৰিও অভ্যৰ্থনাত সকলোৱে বহি খাৱৰ বাবে আৰু মূল ৰভাতলিত বিয়ালৈ অহা লোক বহিবৰ বাবে দুই চাৰিটামানে গাঁৱৰে কাৰোবাৰ ঘৰৰ গৰুগাড়ী লৈ গাঁৱৰে স্কুলঘৰৰ পৰা কেইযোৰমান ডেক্স-বেঞ্চ আনেগৈ আৰু ইঘৰ-সিঘৰৰ ধুনীয়া চকীবোৰ গোটায়। পদুলিত কলপুলি ৰুই কলপুলিৰ গুৰিত বালি-আটাৰ এটা ভেটি তৈয়াৰ কৰে। চূণ, সেন্দুৰ,নীল আদিৰে অংকন কৰা মাটিৰ টেকেলীৰ ওপৰত আমপাত, কেঁচা নাৰিকল আৰু তোৰণৰ মাজত এঠোক তামাল শৰাইৰ সৈতে ৰখা, তোৰণৰ ওপত এখন গামোচাৰে আদৰণি জনোৱা, এই সকলোবোৰ কামৰ বাবে বিয়াঘৰীয়াই কেতিয়াও চিন্তাই কৰিবলগীয়া নহৈছিল। ছোৱালীবোৰে বিয়াঘৰৰ দুৱাৰদলিত, পদুলিৰ তোৰণত বিভিন্ন ধৰণৰ আমপাত, ফুলৰ মালাৰে চিলাই গাঠি দি সজাই তুলিছিল। অভ্যৰ্থনাৰ সময়তো গাঁৱৰেই ডেকা-গাভৰু সকলোৱে মিলি দ্ৰব্য বিতৰণ কৰিছিল।

আজিৰ দৰে তেতিয়া বেণ্ডপাৰ্টি বা আধুনিক কেচিঅ’ৰ কোনো ব্যৱস্থা নাছিল, তেতিয়া গাঁৱৰ ডেকা-গাভৰুৱে ৰভাতলী ঢোলৰ ছেও আৰু বিহুনাচেৰে ৰজনজনাই আছিল। ৰাতি দৰা আহিলে সংঘৰ এচাম ডেকাই ঢোলে-ডগৰে বৰযাত্ৰীক আগচি ধৰি নানান প্ৰশ্নবান কৰিছিল, এইদৰে আনন্দ কৰি দৰাৰ পৰা সংঘৰবাবে এটি বৰঙনি লৈ বাট মুকলি কৰি দিছিল। এতিয়া আৰু সেইদিন নাই, সকলো নষ্টালজিয়া আজি।

৪)এপলকৰ বাবে যদি উভতি চাওঁ……………..

এটা সময়ত আমাৰ ঘৰত বিজুলী সংযোগ নাছিল, কেৱল আমাৰ ঘৰতেই নহয়, গাঁৱৰ বহুতৰে ঘৰত বিজুলী নাছিল। কেৰাচিনৰ চাকিয়েই পোহৰৰ উৎস আছিল। কেৰাচিনৰ চাকি মানেনো কি………..সেই যে নীলা চিয়াঁহীৰ দোৱাতটো, সেইটোৰে চাকিৰ কামত লগাইছিলোঁ, তাক তৈয়াৰ কৰিবলৈ আমি চাইকেলৰ ভলটিউৱটো আনি তাত থকা নটটো চিয়াঁহী দোৱাতটোৰ খপটোত ফুটা কৰি সুমুৱাই দিছিলোঁ আৰু মাজৰ ফুটাটোৰে মৰাপাটৰ বা কাপোৰৰ এডাল শলিতা লগাই দিলেই চাকি হৈ যায়। এতিয়া বটলত কেৰাচিন ভৰাই খপটো মাৰি দি শলিতাত জুই লগালেই চাকি জ্বলি উঠিছিল। কিন্তু ইয়াৰ পৰা ওলোৱা কলা ধোঁৱাই ঘৰৰ চালত এলান্ধুৰ যথেষ্ট সৃষ্টি কৰিছিল। আকৌ বিজুলী নাছিল বাবেই আমাৰ কোনো ইলেকট্ৰিক ইস্ত্ৰিও নাছিল, তেতিয়া অৰ্থাৎ আমি সৰু থাকোতে এটা লোৰ ইস্ত্ৰি আছিল, সেইটোৰে কাপোৰৰ ভাজ চিধা কৰিবলৈ প্ৰথমে আমি জুইৰ পৰা জ্বলি থকা অঙঠা চিধাই আনি ইস্ত্ৰিটোত ভৰাই দিছিলোঁ, আৰু বিচনী এখনেৰে বিচি বিচি গৰম কৰিছিলো। পিছত দুটামান কাপোৰ ইস্ত্ৰি কৰি আকৌ বিচিব লাগে, নহলে অঙঠাবোৰ নুমাই গলেই ইস্ত্ৰি ঠাণ্ডা হৈছিল।
আমাৰ দেউতাহঁতৰ দিনত আকৌ এই লোৰ ইস্ত্ৰিটোও নাছিল, দেউতাহঁতে কাপোৰ ইস্ত্ৰি কৰিবলৈ প্ৰথমে পেণ্ট, চাৰ্ট বা ধূতি,  গামোচা যিয়েই হওঁক, বিচনাত পাৰি লৈ কাঁহৰ ডাঙৰ বাতি এটাত অলপ উতলা গৰমপানী লৈ সেইবাতিটোৰে কাপোৰত হেঁচা দিছিল, আৰু কাপোৰৰ ভাজবোৰ চিধা হৈ গৈছিল। এই বাতিৰে ইস্ত্ৰি কৰা কথাটো দেউতাৰ মুখৰ পৰা শুনিছিলোঁ।

৫) এপলকৰ বাবে যদি উভতি চাওঁ……………..

((ৱাচিং পাউদাৰ নিৰমা/ৱাচিং পাউদাৰ নিৰমা বিজ্ঞাপনটো মনত পৰিছেনে বাৰু…???
বিক্ৰম, বিক্ৰম, বিক্ৰম……বেটাল, বেটাল, বেটাল…….))

দেউতাৰ মুখতেই শুনিছিলো প্ৰথম দুৰদৰ্শন বুলি এটা বস্তু ওলাইছে বুলি। সেইদিনা দেউতাই স্কুলৰ পৰা আহি আমাক কথাটো কৈছিল। তেতিয়া মই সৰু আছিলোঁ, সেইটোত বোলে মানুহৰ ফটোও ওলায়। দেউতাৰ কথাবোৰে মোক আচৰিত কৰিছিল, সেয়ে ভেবা লাগি চাই ৰৈছিলো দেউতাৰ মুখলৈ। দেউতাক এটাৰ পিছত এটাকৈ নানান প্ৰশ্ন কৰিছিলোঁ, দেউতায়ো যি পাৰে উত্তৰ দিছিল আমাক। সুধিছিলোঁ কেনেকুৱানো বস্তুটো?? দেউতাই কৈছিল এটা বাকচৰ দৰে বোলে দেখিবলৈ। মানুহেই কথা কয়, গানো গায়, বাতৰিও দিয়ে সেইটোৰ ভিতৰত। তেতিয়ালৈকে দেখা নাই আমি। এটা অনুমানিক ভাব মনত পুহি ৰাখিছিলোঁ। শেষত এবাৰত দেউতাই কৈছিল—সেই যে বপাই কৱাইদেউহঁতৰ ঘৰত যে আছে ৰেডিঅটো, সেইটোত যেনেকৈ গীত গায়, বাতৰি দিয়ে তেনেকৈ এইটোতো বোলে ফটোৰে সৈতে মানুহ ওলাই আৰু মানুহেই গীত গায়, বাতৰিও দিয়ে। (তেতিয়া আমাৰ ৰেডিঅও নাছিল, কেতিয়াবা কেতিয়াবা বপাই ককাহঁতৰ ৰেডিঅটোৰ ওচৰত কানপাতি শুনিবলৈ যাওঁ অনুষ্ঠানবোৰ, কিন্তু আমাৰ সেইখিনি সময়ত কথা পাতা বন্ধ কৰিছিল ককাই, শুনিবলৈহে দিছিল।)

এদিন গাঁৱলৈ এটা কলা-বগা প্ৰথম টিভি আনিছিল, এঘৰ পুজিপতি লোকে। অনা শুনিয়েই ৰ’বই নোৱাৰিলোঁ আমি, কেৱল আমিয়েই নহয় গাঁৱৰ বহুত লৰা-ছোৱালী জুম বান্ধিছিল মানুহঘৰৰ সন্মুখত। দেখিছিলো এটা প্ৰকাণ্ড কাৰ্টুনৰ ভিতৰত আনিছিল বস্তুটো। সেইদিনা সিমানখিয়েই দেখিছিলোঁ, তাৰ পিছৰেপৰা মাজে মাজে কেইবাটাও লগ হৈ গৈছিলোঁ সিহঁতৰ ঘৰলৈ জানোচা অকনমান টিভিটো চাবলৈ পাঁওৱেই। কিন্তু গৃহস্থই আমাক পঢ়াশুনাৰ কথা সুধি নানান প্ৰশ্ন কৰিছিল, যিয়ে প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব পাৰিছিল তাক চাবলৈ দিছিল অলপ সময়ৰ বাবে। ভিতৰলৈ যোৱাৰ আগেয়ে বাহিৰৰ দমকলত হাত ভৰি ধুইহে প্ৰৱেশ কৰিব লাগিছিল, টিভিটোত দুখন দুৱাৰ আছিল, সেইকেইখন খুলিলেহে আচল মনিটৰটো ওলাইছিল। বাহিৰত ২০-২৫ ফুটমান ওপৰত দীঘল ভলুকা বাঁহ এডালৰ ওপৰত মাছৰ কাঁইটৰ লেখিয়াকৈ এডাল এণ্টেনা আঁৰি ৰাখিছিল, তেতিয়া সেইডালেৰেই ফটোবোৰ আহিছিল বুলি জানিছিলোঁ। ভিতৰৰ মজিয়াত কঁঠ পাৰি দিছিল আমি বহিবলৈ আৰু আমি এতিয়াৰ চিনেমাহলত প্ৰথম শ্ৰেণীত পৰ্দাৰ সন্মুখত বহাদি বঢ়ি চাইছিলোঁ। প্ৰগামবোৰৰ ভিতৰত তেতিয়া বেটাল-বিক্ৰম, ৰামায়ণ-মহাভাৰত আদিবোৰেই আছিল চাবলৈ পোৱা। ৱাচিং পাউদাৰ নিৰমা/ৱাচিং পাউদাৰ নিৰমাৰ পৰা আদি কৰি সকলো বিজ্ঞাপনেই মনত থাকি গৈছিল, উভতি আহোঁতে বিজ্ঞাপনবোৰৰ গীতবোৰ গায় গায় ঘৰলৈ আহিছিলোঁ। তাৰ পিছত এঘৰ এঘৰকৈ সকলোৱে ঘৰত কলা-বগা টিভিৰে ভৰি পৰিছিল, এটা সময়ত কলা-বগা টিভিবোৰ উঠি গৈ ৰঙীন টিভি আহিল। সময়ৰ পৰিবৰ্তনৰ লগত এতিয়া এল.চি.ডি আহিল, সেইটোও লাহে লাহে গৈছে, এল.ই.ডিৰ প্ৰৱেশ ঘটিছে। আগৰ সেই কলা-বগা টিভিটো এতিয়া নষ্টালজিয়া হৈ পৰিল।

৬) এপলকৰ বাবে যদি উভতি চাওঁ……………..
ৰাতিপুৱাতে ঘৰৰ পৰা জলপানৰ টোপোলাটো লৈ সমবায়ৰ ফালে খোজ লওঁ। ৰাজহুৱাকৈ হালবোৱা সেই দৃশ্য চাই মনপৰশি যায়, একেলগে প্ৰায় ২০-২৫ যোৰ হালোৱাই হালজুৰি শাৰীপাতি হালবোৱাৰ দৃশ্যটো এতিয়াও চকুৰ আগত ভাহি উঠে। এখন হালেৰে ৰাতিপুৱাৰে পৰা দুপৰীয়ালৈ সাধাৰণতে এবিঘা মাটি চহাব পাৰিছিল, কিন্তু সমবায় ভিত্তিত বোৱা হালেৰে এবেলাতে কমেও ৫,৬ বিঘা মাটি চহাইছিল। হালবোৰ শাৰী শাৰীকৈ ইহালৰ পাছত সিহাল জুৰিছিল, প্ৰথমৰ হালে যিবাটেৰে যায় পিছৰ হালবোৰেও পিছে-পিছে বাই গৈছিল, কিন্তু এটা আওচ মাৰিবলৈ মাত্ৰ ২০মিনিটমানহে সময় লাগিছিল। হাতত জলপানৰ টোপোলা একোটাকৈ লৈ নিজ-নিজ গৃহস্থৰ বাবে প্ৰতিঘৰৰ একোজনে ৰাতিপুৱাৰ চাহ-জলপান লৈ সমবায়ৰ হালোৱা তলিত উপস্থিত হলেই ভোকে-লঘোণে পিয়াহত আতুৰ হৈ থকা হালৱাবোৰ স্থবিৰ হৈ পৰিছিল আৰু সকলোবোৰ একেঠাইতে গোটখাই ৰাতিপুৱাৰ জা-জলপান খাইছিল। তাৰ মাজৰে যদি কাৰোবাৰ ঘৰৰপৰা পুৱাৰ জলপান গৈ পোৱাও পলম হয়, তেতিয়া সকলোৰে ভাগৰ পৰাই মিলাই লৈ খাইছিল। দুই একে হাচঁটি উলিয়াই লৈ হেঁপাহ পলুৱাই নিজেও একোখন তামোল খাইছিল আৰু আনলৈও আগবঢ়াইছিল। দুই একে আকৌ কাণৰ ফাঁকত সুমুৱাই থোৱা আধাখাই ৰখা চাধাৰ পাতেৰে পকাই তৈয়াৰ কৰা বিড়িটো উলিয়াই দুহোপামান মাৰি গাটো টনকিয়াল কৰি লৈছিল। নিজে এহোপা মাৰি ওচৰতে থকা আন এজন হালোৱলৈ আগবঢ়াই দিছিল বিড়িটো। খাই বৈ উঠি এক ন-উদ্যেমেৰে আকৌ হালত ধৰিছিল।
বাৰিষা সমবায়ৰ মাটি বোকা দিয়াৰ পাছত সকলোৱে একেলগে কঠিয়া তুলিছিল আৰু ৰুইছিল,…..সেইদৰে ধানকটাৰ দিনতো প্ৰতিঘৰৰে একোজনকৈ ধাননিত নামি পকাধান শাৰী শাৰীকৈ আৰু পাৰী পাৰীকৈ এফালৰপৰা ধান দাইছিল, তেনেদৰে কটা ধানৰ আকাশ-লঙ্ঘী মেজি, বৃহৎ মৰণা মাৰিছিল সমজুৱাকৈ, এটা মৰণাৰ পৰা এবাৰত কমেও এশ,ডেৰশ মোন ধান ওলাইছিল। সকলোবোৰ কাম শেষ কৰাৰ পিছত ধান আৰু শুকান খেৰবোৰ ভাগ কৰা হৈছিল। ধান কটামৰা সকলো কামৰ শেষত সকলোৱে একেলগে এদিন ভোজভাতো খাইছিল সমবায় তলিতে। এতিয়া সেই সমবায়ৰ মাটিত চৰকাৰী হস্পিতাল গঢ়ি উঠিল। সেই সমবায়ৰ দিন সকলোৰে বাবে নষ্টালজিয়া হৈয়ে ৰল।
৭) এপলকৰ বাবে যদি উভতি চাওঁ……………..
গৰমৰ দিনত চাকিৰ পোহৰত পহাৰ অসুবিধা,  প্ৰচণ্ড  গৰম আৰু মহৰ কামোৰ সহিব নোৱাৰি আমি সৰুবোৰে আবেলিতে কেতিয়াবা পঢ়ি আজৰি হৈছিলোঁ। ৰাতি চোতালত বহি ককা, আইতাৰ লগত বহি সাধু শুনিছিলোঁ। মনত বহুত উৎকণ্ঠা আছিল। ফটফটীয়া আকাশত তিৰবিৰাই থকা তৰাবোৰ চাই-চাই নানা প্ৰশ্ন কৰিছিলোঁ। দেউতাইও আহি তেতিয়া আমাক দেখুৱাই দিছিল……সেইটো সপ্তৰ্ষি মণ্ডল, সেইটো হাতীপটী, আৰু উত্তৰফালে যে সেইটো ডাঙৰকৈ জ্বলি আছে সেইটো ধ্ৰুৱতৰা। আৰু লগে-লগে ধ্ৰুৱতৰাৰ এক কাহিনী শুনাইছিল। তিৰবিৰাই থকা তৰাবোৰৰ মাজেৰে এটা তৰা তড়িৎ গতিৰে আগবাঢ়ি যোৱাও দেখিছিলোঁ। কেতিয়াবা বগা দীঘল ধোঁৱা নেজৰ সদৃশকৈ এৰি এটা ৰকেট তীব্ৰ গতিৰে আকাশৰ সকলো তৰাৰ কাষেৰে পাৰহৈ যোৱাও দেখিছিলো।
আমাৰ ককা-আইতা, দেউতাৰ মুখৰ সাধু শুনিবলৈ ওচৰ-চুবুৰীয়াৰ সকলোবোৰ ল’ৰা-ছোৱালী গোট খাইছিলহি আমাৰ চোতালত। নিশা জোনাকী পৰুৱা ওলালেই আমিবোৰে এটা দুটাকৈ ধৰি ধৰি আনি অমিতা গছৰ ঠাৰি এডালৰ ভিতৰত ভৰাই দুইমুৰ বন্ধ কৰি টিপ-টপ লাইটৰ দৰে ৰাখিছিলোঁ সযতনে। সেইবোৰ এতিয়া মাথোঁ এটি নষ্টালজিয়া।
৮) এপলকৰ বাবে যদি উভতি চাওঁ……………..
আগৰ দিনৰ চাইকেলত এখন নম্বৰ প্লেট আছিল। আপোনালোকৰ কাৰোবাৰ চাগৈ মনত পৰিব পাৰে। ভিতৰুৱা গাঁৱৰ এনে চাইকেল বোৰৰ কিছুমানত আকৌ হেণ্ডেলৰ আগৰফালে এটা লাইট আছিল আৰু লাইটোৰ পৰা এডাল দীঘৰ ৱায়েৰেৰে মাজৰ ফ্ৰেমত পকাই পকাই আনি পিছৰ চকাৰ ওচৰত এটা ডাইনেমাত সংযোগ কৰা আছিল। ৰাতি যেতিয়া চাইকেলৰ চকা ঘূৰিব তেতিয়া ডায়নেমাটোও ঘূৰিবলৈ ধৰে আৰু তাত বিদ্যুৎ উৎপন্ন হৈ আগফালে হেণ্ডেলত থকা বাল্বটো জ্বলি পথটো পোহৰাই তোলে। এনে এখন চাইকেলেই আছিল মোৰ মাৰ ফালৰ ককাৰ, মামাৰ ঘৰলৈ গলেই আবেলিৰ পৰা ককাক খাটনি ধৰো—
*-অ’ ককা, আজি ৰাতি আপোনাৰ চাইকেলখন অকন মান চলাম দেই..?? ককাই হেকাহি মাৰি উঠে, *-নালাগে চলাব, কৰ’বাত ৰাতি পৰিবি।
*-নপৰোঁ নহয়, কেলেই আপোনাৰ চাইকেলত সেইটো লাইট আছেই দেখোন, সেইটোৰ পোহৰত দেখিম নহয়।
*-নহয় অ! সেইটো এনেয়ে লগাই ৰাতি চলাই থাকিলে টায়াৰটো নষ্ট হয় অ’।
ককাই নেৰে, ময়ো নেৰোঁ….শেষত উপায়ন্তৰহৈ অনুমতি দিয়েগৈ।
ৰাতি চাইকেল পালে আৰু কোনে পাই মোক। গাত যিমান শক্তি আছে প্ৰয়োগ কৰি মাৰি পঠিয়াই আৰু লাইটৰ পোহৰ কিমান ওলাইছে চাই যাওঁ। যেন এখন মটৰ বাইকহে। সেয়াই ফূৰ্তি, লাইট থকা চাইকেল চলোৱা। ৰাতি হলেই লাইট থকা চাইকেলৰ চিন্তা আৰু দিনত হলেই ককাহঁতৰ ম’হৰ পিঠিত উঠি ম’হ গুৱালৰ লগত ম’হ চৰাবলৈ গৈছিলোঁ। পিছে ম’হৰ নোমবোৰে টিকাত বৰ বিন্ধিছিল, সেয়ে ককাই মহটোৰ পিঠিত এখন বস্তা পাৰি দিছিল আৰু মই চাপৰিত মহৰ খোজে খোজে ককাল নচুৱাই নচুৱাই ম’হ চৰাইছিলোঁ। সেই দিনবোৰ কাহানিবাই হেৰুৱালোঁ। …………….এতিয়া সেয়াও এক নষ্টালজিয়া হৈ ৰ’ল।

 

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments