নষ্টালজিয়াঃ (নিতুল বৰা)

১)এপলকৰ বাবে যদি উভতি চাওঁ:

প্ৰায় ৭ টা বসন্তৰ আগৰ কথা, ঠিক ২০০৬ চন মান হব। একে ৰাতিৰ ভিতৰতে চিলঙৰ কোম্পানীৰ চাকৰি ত্যাগপত্ৰখনি মহাপ্ৰবন্ধকৰ মুখলৈ মাৰি দি ঘৰলৈ উভতি আহিলোঁ, কিয় তেনে কৰিলোঁ সেয়াও এক অধ্যায়, বাৰু পিছলৈ থ’লো সেই অধ্যায়! চিলঙৰ পৰা অহাৰ পিছত দুমাহ মান ঘৰতে সৰুসুৰা কাম-বনত লাগি আছিলো। এদিন বাল্যবন্ধু ৰঞ্জিতে খৱৰ দিলে তেজপুৰ বিশ্ববিদ্যালয়ত এটি চাকৰি ওলাইছে, ফোনতে ক’লে কেনেকৈ যোগাযোগ কৰিব লাগে। মই লগে লগে ইণ্টানেটত চাৰ্চ কৰিলোঁ—tezu.arnet.in বুলি, ফলাফল মনিটৰত ভাঁহি আহিল, কিছুসময়ৰ অধ্যয়নৰ পিছত জানিব পাৰিলোঁ, উক্ত পদটোৰ বাবে মই দেখোন আবেদন কৰিব পাৰোঁ। পদ আছিল ষ্টেনগ্ৰাফাৰ গ্ৰেড ৩, এটাই পদ, উপাচাৰ্য্যৰ ব্যক্তিগত চেক্ৰেটাৰীৰ পদ। আগপিছ একো নাভাবি আবেদন কৰি দিলোঁ আৰু। বেছ কেইমাহমানৰ পিছত নিমন্ত্ৰনী পত্ৰখনো পালোঁ, যথাসময়ত সাক্ষাৎকাৰৰ দিন আহি পালেহি, ময়ো সাজু কৰিলোঁ নিজকে যিমান পাৰো।

পিছদিনা সাক্ষাৎকাৰৰ দিন আছিল বাবে আগদিনাই গৈ বন্ধুৰ কোৱাৰ্টাৰত হাজিৰ হ’লোঁগৈ, বন্ধুৱেও যিমান পাৰে চেষ্টা কৰিলে, লিখা পৰীক্ষাত কি ধৰণৰ প্ৰশ্ন আহিব পাৰে আগতীয়াকৈ কিছু আভাসো দিলে।
পুৱা ৮ মান বজাতেই উঠি সাজি কাঁচি সাজু হৈ সকলোঁ নঠিপত্ৰ সাজু কৰি ল’লোঁ। বিশ্ববিদ্যালয়ৰ বাছতেই তিনিও বিশ্ববিদ্যালয়লৈ বুলি যাত্ৰা কৰিলোঁ, তেজপুৰ চহৰৰ পৰা বিশ্ববিদ্যালয়লৈ প্ৰায় ১৫ কি.মি.মান দুৰ হয়। বাটে বাটে বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীবোৰ উঠাই উঠাই বছখনে প্ৰায় ৪০ মিনিট মানৰ পিছত বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰবেশ কৰিলে। আমিও নিদিষ্ট বিভাগলৈ বুলি বাট বুলিলোঁ। সময়তকৈ কিছু আগতীয়াকৈ উপস্থিত হোৱা বাবে তেতিয়ালৈ দুই-চাৰিজনৰ বাহিৰে আন বোৰ প্ৰাৰ্থী আহি পোৱাই নাছিল, ৰঞ্জিতে ক’লে তুমি ইয়াতে কিছুসময় বহা, মই অলপ কামত লাগো। নিদিষ্ট কোঠাটোত কিছু সময় বহাৰ পিছত প্ৰাৰ্থীসকল আহি পালে। ৰঞ্জিতৰ পৰা উৱাদিহ লৈ গম পালোঁ যে উক্ত পদটিৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বাঘা বাঘা প্ৰাৰ্থী আহিছে, তেওঁলোঁকৰ কোনোৱে আন কৰবাত আগৰে পৰা খাটি আছে, কোনোবা ব্যক্তিগত খণ্ডত কৰি আছে, কাৰোবাৰ ২ বছৰ অভিজ্ঞতা, কাৰোবাৰ ৩, ৪, ৫ বছৰ অভিজ্ঞতা। তেওঁলোঁকৰ বিষয়ে জানিব পাৰি মোৰ পেটতে হাত-ভৰি লুকুৱাৰ অৱস্থা, নহবনো কিয়, মই গৈছো অনভিজ্ঞ একেবাৰে কেঁচা হৈ। সেই বাঘা বাঘা ৰথী-মহাৰথী সকলৰ মাজত মই কোন কূটা, মনতে ভাবি ভাবি এপাকত বন্ধু ৰঞ্জিতক কৈয়েই পেলালোঁ, বোলোঁ হে’ৰা মিতা—মই ইণ্টাৰভিউ নিদিওৱেই নেকি?

বন্ধুৱে বহলকৈ চকু কেইটা মেলি আচৰিত হৈ সুধিলে—বোলে কিয়? মই বোলোঁ ইমানবোৰ অভিজ্ঞতা সম্পন্ন প্ৰাৰ্থীৰ লগত মইনো কি তক্কৰ দিম, সেয়ে নিদিয়াই ভাল।

বন্ধুৱে কলেঃ- হেৰা, আহিছা যেতিয়া দি যোৱাচোন সাক্ষাৎকাৰটো, পোৱা নোপোৱা, হৰা-জিকা এইবোৰ থাকেই আৰু, সেইবুলি নিদিবানে তুমি? দিনটো এনেয়ে যোৱাতকৈ সাক্ষাৎকাৰটো দিয়া এটা অভিজ্ঞতাও হ’ব, জানিব পাৰিবা এনেধৰণৰ পদৰ বাচনিত কেনেকুৱা প্ৰশ্ন বা পৰীক্ষা লোঁৱা হয়। তাতে ঔদ্যোগিক প্ৰতিষ্ঠানৰ পৰা উৰ্ত্তীণ, সেইফালৰ পৰা তুমি অলপ আগত থাকিবা আনতকৈ, আন বহুতৰে তেনে অৰ্হতা নাথাকিবও পাৰে। মই আছো নহয়, তুমি দিয়াচোন বাৰু! দেখা যাওঁক কৰ পানী কলৈ যায়। তুমি মাথো মনটো ডাঠ কৰা।
বন্ধুৰ কথাত অলপ সাহস পালোঁ, তেতিয়াহে মনটো ভাল লাগিছিল, হয়তো ঠিকেই কৈছে বন্ধুৱে। তেতিয়ালৈ বিভিন্ন ঠাইৰ পৰা অহা সৰ্বমুঠ ৭৮ গৰাকী প্ৰাৰ্থী আহিছে।

যথাসময়ত লিখা পৰীক্ষা আৰম্ভ হৈছে, সকলোৰে হাতে হাতে ৰুলিং পেজ আৰু কাঁঠ পেঞ্চিল দিয়া হৈছে। ষ্টাৰ্ট, ৰেডি বুলি কৈ ইংৰাজী শ্ৰুতলিপি দিয়া আৰম্ভ কৰি দিলে, প্ৰাৰ্থী সকলে সাংকেতিক চিহ্নৰে সেইবোৰ লিখিবলৈ লাগিল, ময়ো যি পাৰো লিখি গৈছো। প্ৰায় ২০ মিনিটমান শ্ৰুতলিপি দিয়াৰ পিছত আমাক একো একোটা কম্পিউটাৰৰ সম্মুখত বহিবলৈ দিলে, সেই সাংকেতিক চিহ্নৰে লিখা আখৰবোৰ, বাক্যবোৰ ইংৰাজী লিপিলৈ লিখিবলৈ।

ময়ো পাৰোমানে কম সময়তে গোটেই পেৰাগ্ৰাফ কেইটা লিখি উলিয়াও আৰু উত্তৰ বহীৰ সহিতে টাইপিং কৰা কাগজখিল গাঁঠি দি জমা দিলোঁ, একেদিনাই অৰ্থাৎ প্ৰায় ২ ঘণ্টামানৰ পিছতে ৰিজাল্ট দিব আৰু লিখিত পৰীক্ষাত যিসকল উৰ্ত্তীণ হ’ব তেওঁলোঁকে লগেলগেই মৌখিক পৰীক্ষাৰ বাবে সাজু থাকিব লাগি বুলি জানিব পাৰিলোঁ। মাজত কিছু সময় পালোঁ বাবে বন্ধুৰ সহিতে আহাৰ গ্ৰহণৰ বাবে ওলাই গলোঁ। ঘুৰি আহি দেখা পালোঁ ফলাফল এখন জাননী ফলকত আঁৰিবলৈ সাজু কৰিছে। সকলোঁৱে হেঁতা-ওপৰা লগাইছে, মই দুৰতে ৰৈ চাই আছো, মনতে ভাবিলোঁ ক’তনো মোৰ নাম থাকিব, এহ নাচাওঁ মই, যি হৈছে হৈছে আৰু!

বন্ধুৱে ক’লে ৰিজাল্ট চালানে..?
মই বোলোঁ নাইচোৱা অ’, চাইনো কিয় মনটো বেয়া কৰোঁ, তাতকৈ নোচোৱাকৈয়ে মই উভতোঁ দিয়া, নাপাওঁ যে খাটাং মই।

বন্ধুৱে বোলে, সেইবুলি নাচাবানে বাৰু! ৰ’বা তুমি ইয়াতে বহা, ময়েই চাই আহোঁ। মোৰ বুকু দুৰু দুৰু, আনবোৰ প্ৰাৰ্থীয়ে তেতিয়ালৈ নিজৰ নিজৰ ফলাফল লৈ কোনো কোনোৱে আনন্দত মতলিয়া হৈছে। বন্ধু যিমানে জাননী ফলকৰ ওচৰলৈ গৈছে মোৰো সিমানে বুকুখনে ধানবনাদি বানিবলৈ লৈছে। সেইফালে নোচোৱাকৈ আমন জিমনকৈ বহি আছো। কিছু সময়ৰ পিছত
বন্ধুৱে আহি মাতিলেহি, হেৰা মিতা, তুমি পাছ কৰিছা অ’, তোমাৰ নাম আছে। তুমি উত্তীৰ্ণ মুঠ ১০ জনৰ ভিতৰত ৮ নম্বৰত আছা। মই বন্ধুৰ কথা বিশ্বাসেই কৰিব পৰা নাই, দুচকু কব নোৱাৰাকৈয়ে সেমেকি উঠিছিল, আনন্দতে বন্ধুক সাবতি ধৰিলোঁ।

এতিয়া মনটো আৰু ডাঠ কৰা মৌখিক পৰীক্ষালৈ। এই বুলি কৈ বন্ধু নিজৰ কামত ব্যস্ত হৈ পৰিল।
বিয়লি ঠিক ৩ মান বজাৰ পৰা মৌখিক পৰীক্ষা আৰম্ভ হৈছিল, এক দুই কৈ ওলাইছে সোমাইছে প্ৰাৰ্থী সকল, সাক্ষাৎকাৰ দি অহা দুই একক সুধি জানিবলৈ বিচাৰিলোঁ কেনেধৰণৰ প্ৰশ্নবাণ কৰিছে। সন্ধিয়া ৭ বজাত মোৰ পাল পৰিল, সোমাবলৈ অনুমতি লৈ সম্ভাষণ জনাই বহিবলৈ দিয়াত বহিলোঁ, এজন এজনকৈ প্ৰায় ৭জন মানে অসমীয়া, ইংৰাজীতে বিভিন্ন প্ৰশ্ন কৰিলে, পাৰোমানে শুদ্ধকৈ উত্তৰ দিবলৈ চেষ্টা কৰিলোঁ। নজনাটো ভুল উত্তৰ নিদি নাজানো বুলিয়েই ক’লোঁ। তাৰে মাজৰ এজন মাধৱ বৰা (বৰ্তমান প্ৰয়াত) মোৰ দেউতাৰ একালৰ সহোদৰ বন্ধু আছিল, মই কিন্তু চিনাকি দিয়াৰ পক্ষপাতী নাছিলোঁ। এককথাত কবলৈ গ’লে কাৰো অনুগ্ৰহত মই চাকৰি লোঁৱাৰ পক্ষপাতী নাছিলোঁ, চিনাকি দিয়া হলে নিশ্চয় অলপ হ’লেওঁ সঁহাৰি পালোঁ হয়। কিন্তু তেনে কৰিবলৈ মনটোৱে নকলে। মই প্ৰায় ২৫ মিনিটমান মোক প্ৰশ্ন কৰাৰ অন্তত মোক যাবলৈ দিলে, তাৰ পিছতহে উশাহটো ঘুৰাই আনিব পাৰিলোঁ।

পোনে পোনে বন্ধুৰ ৰুমলৈ আহি ভাগৰতে বাগৰি পৰিলোঁ বিচনাত। প্ৰায় এসপ্তাহৰ পিছত খৱৰ লৈ গম পালোঁ, তেজপুৰৰে এগৰাকী মহিলাক পদটোৰ বাবে উপযুক্ত বুলি বিবেচনা কৰিলে।

মোৰ এজন একালৰ ব্যক্তিগত শিক্ষাগুৰুৱে মোক উদ্দেশ্যি কৈছিল—যে জীৱনত কেতিয়াও হাৰ নামানিবা, আনে পুতৌ কৰিব পৰা সুবিধা নিদিবা, মই জীৱনত ১০৮ টা ইণ্টাৰভিউ দিছো, ১০৯ নম্বৰত বেংকত চাকৰি পাইছো, তুমিও পাৰিবা। তেখেতৰ সেই উপদেশকে আৰ্হি হিচাপে লৈ পিছলৈ নোচোৱাকৈ মই এনেকৈ প্ৰায় ৭৭ টা বিভিন্ন সাক্ষাৎকাৰ দি শেষত ৭৮ নম্বৰৰ সাক্ষাৎকাৰটোৰ লিখিত পৰীক্ষা, মৌখিক পৰীক্ষা আৰু ব্যৱহাৰিক পৰীক্ষাত আন কোনো ব্যক্তিৰে অনুগ্ৰহ নোহোৱাকৈ সুখ্যাতিৰে উৰ্ত্তীণ হৈ অৱশেষত জনস্বাস্থ্য কাৰিকৰী বিভাগত যোগদান কৰিলোঁ। এনে বহু অভিজ্ঞাই জীৱনটো ভৰি আছে, সময়ে সময়ে পাঠকৈ আগবঢ়াবলৈ চেষ্ট কৰি যাম।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments