নষ্টালজিয়া-১ (নিতুল বৰা)

এপলকৰ বাবে উভতি চাওঁ

চাওঁতে চাওঁতে সময়বোৰ কেনেকৈ পাখিলগা কাঁড়ৰ দৰে পাৰহৈ গ’ল ধৰিবই নোৱাৰি। কি আছিল কি হ’ল এতিয়া। সকলোতেই অভূতপূৰ্ব পৰিবৰ্ত্তনে চাৰিওফালে ছানি ধৰিছে। পৰিবেশ সলনি হ’ল, বিজ্ঞানেও ন ন চমকপ্ৰদ আৱিস্কাৰে সকলোকে যেন অন্য এখন জগতলৈ লৈহে গ’ল। জলবায়ুৰো পৰিবৰ্ত্তন হ’ল, ভৌগলিক পৰিসীমাও সলনি হ’ল, সলনি হ’ল মানুহৰ চিন্তাধাৰা, সলনি হ’ল যোগাযোগ, যাতায়তো।

এতিয়া আৰু সেই তাহানিৰ দিনৰ কথা কলে কিবা সাধুকথা বুলিহে যে ভাবিব তাত সন্দেহ নাই। ১৯৮০ৰ দশকৰ সময়ত কি আছিল আৰু আজি কি আছে তুলনা কৰি চালেই এনে লাগে যেন বেলেগ এখন পৃথিৱীতহে বাস কৰিছোঁ আমি।

তাহানিৰ দিনত যোগাযোগ বুলিবলৈ আছিল ৰেডিঅ’টো আৰু ডাকোৱালজনহে। সেই সময়ত ৰেডিঅ’ এটা থকা মানেই বহুত ধনী ব্যক্তি বুলি ভবা হৈছিল, চাইকেল কোনোবা এখন গাঁৱত এখন বা দুখন হে আছিল।

তাৰ পাছত প্ৰথমে শুনা পালোঁ টেলিভিচন নামৰ কিবা এটা যন্ত্ৰ ওলাইছে বুলি, এই খৱৰটোও শুনা পাইছিলোঁ ওচৰ-চুবুৰীয়াৰ ৰেডিঅ’ৰ যোগেদি। ৰেডিঅ’ৰ বাতৰি দিয়াৰ সময়ত ওচৰ-চুবুৰীয়া আহি কানপাতি শুনিছিল দেশৰ বা-বাতৰি। প্ৰথম টেলিভিচনটো আহিছিল গাঁৱৰ গণ্যমান্য এঘৰলৈ, তাকো আছিল কলা-বগা টেলিভিচন। তেতিয়া আমিবোৰে সেই টেলিভিচনৰ কোনো এটা অনুষ্ঠান চাবলৈ গৈ বহু সময় অপেক্ষা কৰিবলগীয়া হৈছিল সেই গৃহস্থৰ চোতালত, তাৰ পাছত গৃহস্থই আমাক পঢ়াৰ দুই এটা কথা সুধিছিল, যিয়ে শুদ্ধ উত্তৰ দিব পাৰিছিল তেওঁক হে টেলিভিচনৰ অনুষ্ঠান চাবলৈ অনুমতি দিয়া হৈছিল, ভিতৰলৈ যোৱাৰ আগতে হাতভৰি ভালকৈ ধুইহে যাব পাৰিছিলোঁ, পকী মজিয়াত এটা কঁঠ বা ঢাৰি পাৰি দিছিল আৰু আমিবোৰে তাতেই বহি চিনেমাহলৰ প্ৰথমশ্ৰেণীৰ দৰ্শকৰ দৰে ডিঙি ওপৰলৈ কৰি বেতাল-বিক্ৰমৰ পৰা আৰম্ভ কৰি ৱাচিং পাউদাৰ নিৰ্মালৈকে মুখমেলি ভেবা লাগি চাইছিলোঁ। লাহে লাহে ৰামায়ণ আৰু মহাভাৰত নামৰ দুখনি ধাৰাবাহিকৰ আৰম্ভ হৈছিল, প্ৰতি দেওবাৰে প্ৰচাৰিত হোৱা সেই ধাৰাবাহিক চাবলৈ গাঁৱৰ ডেকা-বুঢ়া সকলোৱে পথাৰৰ হাল সোনকালে সামৰি আহি টেলিভিচন থকা গৃহস্থৰ ঘৰৰ মজিয়াত উপস্থিত হৈছিলহি। এটা সময়ত ধাৰাবাহিক শেষ হলে চিনেমা হলৰ পৰা দৰ্শক ওলোৱাৰ দৰে বাটপথ ভৰি পৰিছিল।

কেইবছৰমানৰ পাছত গাঁৱৰ সংঘলৈ চৰকাৰৰ তৰফৰ পৰা এটা ডাঙৰ টেলিভিচন দিয়াত প্ৰথম গাভাস্কাৰ, শ্ৰীকান্ত, ৰবি শাস্ত্ৰীৰ ক্ৰিকট খেল চোৱাৰ সৌভাগ্য হৈছিল। তাৰ পাছত এঘৰ-দুঘৰকৈ ঘৰে-ঘৰে টেলিভিচনেৰে ভৰি পৰিছিল, মানুহবোৰো সময়ৰ লগত সলনি হৈছিল। লাহে-লাহে ইঘৰৰ মানুহ সিঘৰলৈ টেলিভিচনৰ অনুষ্ঠান চাবলৈ নোযোৱা হ’ল, হয়তো তেনেকৈ চাবলৈ গ’লে তেওঁলোকে বেয়া পোৱা হ’ল। আমিবোৰো বঞ্চিত হৈ পৰিলোঁ টেলিভিচন চোৱাৰ পৰা।

ঠিক তেনেদৰে ডাকোৱালেও এটা সময়ত চিঠিৰ টোপোলা লৈ ঘৰে ঘৰে চাইকেলৰ টিলিঙা বজাই খৱৰবোৰ বিলাই গৈছিল। ডাকোৱাল আহিছে বুলি উমান পালেই সকলো ওচৰ-চুবুৰীয়াই আহি হেঁচা মাৰি ধৰিছিলহি, কাৰ কি চিঠি আহিছে বুলি…………..নাম সুধি সুধি ডাকোৱালে চিঠিবোৰ গৰাকীৰ হাতত চমজাই দিছিল।

মইও তেতিয়াৰে পৰাই চিঠিৰ প্ৰতি আকৃষ্ট হৈছিলোঁ, হাইস্কুলত পঢ়ি থকাৰে পৰা চিঠি লিখাৰ অভ্যাস এটাই গঢ় লৈ উঠিছিল, প্ৰথমে আপোন কাৰোবালৈ লিখিছিলোঁ, তাৰ পাছত বন্ধু-বান্ধৱীলৈ চিঠি লিখিছিলোঁ। ডাকঘৰৰ পৰা ইনলেণ্ড লেটাৰ একেবাৰতে সৰহকৈ ক্ৰয় কৰি হেপাহ পলুৱাই পাৰোঁ মানে চিঠি লিখিছিলোঁ। প্ৰতিখন ইনলেণ্ড কাৰ্ডৰ মূল্য আছিল তেতিয়া ৭৫ পইচা, সেউজীয়া ৰঙৰ সেই ইনলেণ্ড লেটাৰ একোখনত চিঠিখন এটা সীমিত অংশৰ ভিতৰত লিখি জনাবলগীয়া কথাখিনি জনাব লাগিছিল। চাৰিটা ভাঁজ কৰি ইনলেণ্ডলেটাৰ খনৰ এমূৰত আঠা লগাই, এপিঠিত প্ৰেৰকৰ ঠিকনা আৰু আনটো পিঠিত প্ৰেৰিতৰ ঠিকনা লিখিবলগীয়া হৈছিল। এনেকৈ লিখা প্ৰতিখন চিঠিৰ উত্তৰ কমেও ২০,২৫ দিনৰ পাছত ডাকোৱালে হঠাতে আনিছিল, চিঠিখন পোৱাৰ পাছত এক মুহূৰ্তও পলম নকৰাকৈ কেতিয়া পঢ়োঁ কেতিয়া পঢ়োঁ লাগি থকা মনটোৰ খু-ধুৱনি মাৰিবলৈকে একেপাকতে আঠা লগোৱা অংশ ফালি উশাহ নসলোৱাকৈ পঢ়ি পেলাইছিলোঁ খৰধৰকৈ, তাৰ পাছত আকৌ এবাৰ ভালকৈ পঢ়িছিলোঁ। কিমান যে ভাল লাগিছিল যেতিয়া এখন চিঠিৰ উত্তৰ আহে, সেয়া কেৱল চিঠি পোৱাজনেহে বুজিব পাৰিব। এনেকৈ প্ৰতি সপ্তাহতে মোৰ ঠিকনাত দুই-তিনিখন চিঠি আহিছিল আত্মীয়ৰ পৰা, বিভিন্ন ঠাইৰ বন্ধু-বান্ধৱীৰ পৰা। তাহানিৰ স্মৃতিৰ চিন হিচাপে আজিও সযতনে সাঁচি ৰাখিছোঁ মোৰ সেই মৰমৰ চিঠিবোৰ। কেতিয়াবা আজৰি পালে আজিও উলিয়াই পঢ়ি চাওঁ, আকৌ যেন পলকতে উভতি যায় মনতো সেই দিনবোৰলৈ, একমুহূৰ্তৰ বাবে সকলো পাহৰি যাওঁ। এতিয়া আৰু মোৰ সেই চিঠি লিখা অভ্যাসটো নিজে নিজেই নাইকিয়া হৈ গ’ল। কাৰণ চিঠি কাৰোবালৈ দিলেও আজি কাৰো চিঠিৰ উত্তৰ দিবলৈ আহৰি নাই। এতিয়া আৰু সেই অফিচিয়েল চিঠিবোৰ, টেলিফোনৰ, ম’বাইলৰ বিলবোৰৰ বাহিৰে ডাকোৱালে আনিব লগীয়া একোৱেই নাই। এতিয়া সকলোৱে ই-মেইলহে কৰে। সৰুসুৰা কথা-বতৰাতো সকলো মবাইলতেই পাতিব পাৰে।

তাৰ পাছত আহিল টেলিফোন, ওচৰৰে সম্বন্ধীয় খুড়াৰ ঘৰত টেলিফোন সংযোগ হোৱা বুলি শুনি চাবলৈ গলোঁ, তিনি-চাৰিজনমান কৰ্মী আহি দীঘল দীঘল খুটা পুটি এডাল তাঁৰেৰে টেলিফোন এটা খুড়াৰ ঘৰত সংযোগ কৰিলে। ওচৰৰ পৰা সেইদিনাহে টেলিফোন দেখা পাইছিলোঁ, ইয়াৰ আগতে চিনেমাতহে টেলিফোন দেখিছিলোঁ, তাকো ক’লা ৰঙৰ সেই নম্বৰ ঘূৰোৱাটো যিটোৱে কিৰিৰিং কিৰিৰিংকৈ তীব্ৰ শব্দ কৰি বাজি উঠিছিল। ভাইটি ডিব্ৰগড়ত পঢ়িবলৈ যোৱাৰ পিছৰে পৰা সেই খুড়াহঁতৰ ঘৰৰ ফোন নম্বৰত মাজে মাজে মাহৰ মূৰত খৱৰ দিছিল, আৰু খুড়াহঁতৰ কোনোৱা এটাই ১০ মিনিটমান পিছত ভাইটিক ফোন কৰিবলৈ কৈ আমাৰ ঘৰলৈ আহি খৱৰ দিছিলহি, মই গৈ ৰৈ থাকিছিলোঁগৈ, কেইমুহূৰ্তমানৰ পিছত ফোনটো বাজি উঠিছিল বিকট শব্দ কৰি, লগে লগে আগবাঢ়ি গৈ আনে কোৱা দৰে শুনি কৈ উঠিলোঁ হেল্ল’ বুলি—সিফালৰ পৰা ভাইটিৰ স্পষ্ট মাত, তই কেনে আছ দাদা…?? মা-হঁত সকলো ভালেই আছেনে…?? প্ৰথমবাৰৰ বাবে তাৰ মাতটো বহুত দিনৰ মুৰত টেলিফোনত শুনিবলৈ পাই মই বাকৰুদ্ধ হৈ পৰিছিলোঁ। তাৰ পিছত কৈছিলোঁ ও ভালেই আছোঁ, সকলোৰে ভাল। তই কেনে আছ অ…?? খোৱা-বোৱা সময়মতে কৰিবি। ভালকৈ পঢ়িবি ইত্যাদি ইত্যাদি কেইটামান কথা পাতি সামৰিছিলোঁ।

তাৰ পিছত এনেকৈ অসুবিধা হোৱাৰ বাবে দেউতাই ঘৰত এটা লেণ্ড ফোন সংযোগ কৰিছিল। তাৰ পিছৰ পৰাই ভাইটিলৈ ট্ৰাংক কল কৰিছিলোঁ সপ্তাহত কেইবাদিনো। ট্ৰাংক কল কৰিবলৈ তেতিয়া প্ৰথমে অপাৰেটৰক ১৯৮ নম্বৰত ফোন কৰি কবলগীয়া হৈছিল। হে’ল্ল মোক এটা ট্ৰাংক কল দিবছোন..?? সিফালৰ পৰা অপাৰেটৰে সুধিছিল—ফোন নম্বৰটো কওঁক..?? মই লগে লগে ভাইটিৰ হোষ্টেলৰ নম্বৰটো কৈছিলোঁ—০৩৭৪৫-২৬৭৯৪৫। আকৌ সুধিছিলোঁ আপোনাৰ ঘৰৰ নম্বৰটো কওঁক…মই লগে লগে আমাৰ নম্বৰটো দিলোঁ। তেতিয়া পুনৰ কলে—অলপ পিছত দি আছোঁ, ধৰিব আপুনি। এক দীঘলীয়া ব্যৱস্থা আছিল সেয়া। কেতিয়াবা বুকিং পাওঁ, কেতিয়াবা নাপাওঁ। এতিয়া সকলোতে এক মিনিটৰ ভিতৰতে সংযোগ হয়। কিমান যে সলনি হল যোগাযোগ ব্যৱস্থা। আজি সকলো আমাৰ হাতৰ মুঠিত। ই-মেইল, ম’বাইলৰ তীব্ৰ সংযোগে গোটেই পৃথিৱীখনৰ দূৰ-দূৰণিৰ বাটকে চমু কৰি পেলালে। কিন্তু তথাপিও যেন পাহৰিব পৰা নাই মই সেই তাহানিৰ ব্যৱস্থাবোৰৰ কথা, সেইবোৰৰ মাদকতাই সুকীয়া আছিল। সেয়া আজি এক নষ্টালজিয়া।

“আগবাৰী শুৱনি কাকিনি তামোল ঐ
পাছবাৰী শুৱনি পাণ
বৰঘৰ শুৱনি জীয়াৰী ছোৱালী ঐ
উলিয়াই দিবলৈ টান।”

মোৰ বাবে এতিয়া তাহানিৰ সেই দিনবোৰ বৰঘৰৰ জীয়াৰীৰ লেখীয়া হৈ পৰিছে। যাক মই উলিয়াই দিবলৈ টান পাইছোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments