নষ্ট চৰিত্ৰ – ৰাকেশ হাজৰিকা

দোকমোকালি সময়৷ আঁউসী নিশাৰ ঘোপ মৰা আন্ধাৰৰ অন্ত পেলাই পৃথিৱীৰ বুকুলৈ নামি আহিছে এছাটি পোহৰ৷ লগতে এজাক পাতলীয়া বৰষুণ৷ বৰষুণৰ টোপালত যেন প্ৰাণ পাই উঠিছে সৰু বৰ গছ-গছনিৰে পৰিপূৰ্ণ ডাঠ অৰণ্যখনে৷ সাৰ পাই উঠিছে জীৱ-জন্তু, চৰাই – চিৰিকতিবোৰো৷ পথৰ দাঁতিত থকা দ খাৱৈত পৰি ৰৈছে অংকুৰ৷ হয়তো, সম্পূৰ্ণ অজ্ঞান হৈ পৰি ৰৈছে সি৷ তাৰ পৰা কিছু নিলগত পৰি আছে তাৰ বাইকখন৷ বাইকখনৰ কিছু অংশ প্ৰায় ভাঙি চূৰমাৰ হৈ গৈছে৷ ওচৰে-পাজৰে পৰি আছে ভগ্নাৱশেষবোৰ৷
লাহে লাহে অংকুৰে চকু মেলিছে৷ শুই থকাৰ পৰাই সি এবাৰ আকাশখনলৈ চাইছে৷ পাতলীয়া বৰষুণ জাকৰ স্পৰ্শ অনুভৱ কৰিছে সি৷ অনুভৱ কৰিছে তাৰ যন্ত্ৰণা সিক্ত মনটোক৷ নাই, একো নাই৷ সকলোবোৰ যেন নিকা হৈ পৰিছে৷ লাহে লাহে সি ওপৰলৈ উঠি আহিল৷ এঙামুৰি এটা দি এবাৰ চাৰিওফালে চকু ফুৰালে৷ কিন্তুু, এইয়া কি? তাৰ শৰীৰটো দেখোন এতিয়াও দ খাৱৈতে পৰি ৰৈছে৷ তেনেহ’লে সি কোন? তাৰ আৰু বুজিবলৈ বাকী নাথাকিল যে সি এতিয়া অংকুৰ শইকীয়া হৈ থকা নাই৷ ইতিমধ্যে কেতিয়াবাই তাৰ মৃত্যু হৈছে৷ এৰি অহা শৰীৰটোক এবাৰ শেষ মূহূৰ্তৰ বাবে চাবলৈ মন গ’ল তাৰ৷ তললৈ নামি গৈ শৰীৰটোৰ কাষত ৰ’ল৷ ভৰিৰ পৰা মূৰলৈকে এবাৰ চকু ফুৰালে সি৷ বাওঁ হাতখন নাই৷ শৰীৰৰ পৰা বিচ্ছিন্ন হৈ কিছু নিলগত পৰি ৰৈছে সেইখন৷ সেইদিনা এইখন হাতেৰেই সি দেউতাকলৈ আঙুলিয়াই কথা শুনাইছিল৷ চকু দুটাৰ পৰাও ধাৰাসাৰে তেজৰ সোঁত বৈছে৷ সেইদিনা এইযোৰ চকুকেই ৰঙা কৰি দেখুৱাইছিল, দেউতাকৰ সন্মুখত৷ আৰু, এই সোঁ ভৰিখন৷ সেইদিনা এইখন ভৰিৰেই সি দেউতাকৰ কোঠাৰ দুৱাৰত আঘাত সনা নাছিল জানো? এতিয়া সেইখন সম্পূৰ্ণ বেঁকা হৈ পৰি ৰৈছে৷ চকুৰ সন্মুখতে সকলোবোৰ দেখি তাৰ অসহ্য লাগিল৷ চিঞৰিবৰ মন গ’ল৷ কাণত পৰিল তাৰ, কেঁচা তেজৰ গোন্ধ পাই শিয়ালৰ জাক এটাই ক’ৰবাত ৰাউচি জুৰিছে৷ ওপৰৰ পৰা নামি অহা শগুণৰ জাকটোৱেও শটোৰ চাৰিওফালে বহি খকাখুন্দা কৰিছেহি৷ সি এবাৰ আকাশখনলৈ চালে৷ যমদূত ৰূপি এছাটি ক’লা মেঘে তাক নিবলৈ আগবাঢ়ি আহিছে৷ সি লাহেকৈ চকু দুটা মুদি দিলে৷ খন্তেক সময়ৰ বাবে যেন পৰিবেশটো পুনৰ অন্ধকাৰময় হৈ পৰিল৷

মূল কাহিনী
:-
ভ্ৰুৰৰৰৰম…………ভ্ৰুম……ভ্ৰুম…….ভ্ৰুৰৰৰৰৰৰৰৰৰৰৰম……..

: হে হে হে হে হেৰি শইকীয়া, চাব হে৷ আৰে আৰে, দেখিছেনে বাৰু সিঁহতৰ উৎপাত?

গাৰ কাষেদি তীব্ৰ বেগেৰে পাৰ হৈ যোৱা বাইকখন দেখি ভৱানন্দ গগৈয়ে বন্ধু প্ৰহ্লাদ শইকীয়াক সাৱধান কৰি দিলে৷ লগে লগে দুয়োজন থিতাতে থমকি ৰ’ল৷ বাইকখন ইতিমধ্যে তেওঁলোকৰ পৰা বহু দূৰ আঁতৰি গৈছে৷ মাথোঁ বেক লাইটৰ পোহৰটোহে চকা-মকাকৈ দেখা পোৱা গৈছে৷ কিছুসময় বাইকখন যোৱাৰ ফালে লক্ষ্য কৰি গগৈয়ে ক’বলৈ ধৰিলে,

:বৰ কাণ্ডজ্ঞান নথকা ল’ৰা দেই এইবোৰ৷ মানুহ -দুনুহ গোটেইখন মহতিয়াই নিবলৈ বিচাৰে৷ সন্ধ্যা হ’লেই সিহঁতৰ উদ্ভণ্ডালিবোৰ আৰম্ভ হৈ যায়৷ ৰাস্তাত মানুহ এজন শান্তিৰে খোজ কাঢ়িব নোৱাৰে, এইবোৰৰ উৎপাতত৷ মাক বাপেকবোৰে এইবোৰ নেদেখে নেকি বাৰু? নে ঘৰত শাসন বোলা বস্তুটো নাইয়ে সিহঁতৰ?

কথাকেইটা কৈ শইকীয়াৰ ফালে চালে তেওঁ৷ পিছে শইকীয়াইহে তেওঁৰ কথাৰ কোনো প্ৰত্যুত্তৰ নিদিলে৷ লাহে লাহে দুয়োজন আগবাঢ়িল৷ দুয়োৰে হাতত দুটাকৈ মোনা৷ সন্ধ্যা হ’লে দুয়ো একেলগে বজাৰলৈ ওলাই আহে৷ দুয়োৰে ঘৰ প্ৰায় ওচৰা-ওচৰি৷ ভৱানন্দ গগৈৰ ঘৰৰ সন্মুখতে প্ৰহ্লাদ শইকীয়াৰ ঘৰ৷ প্ৰতিবেশী হোৱাৰ উপৰিও পাৰস্পৰিক ভাৱে দুয়ো ভাল বন্ধু৷ বৃত্তিগতভাৱে ভৱানন্দ গগৈ গড়কাপ্তানি বিভাগৰ এজন সহকাৰী অভিযন্তা আৰু প্ৰহ্লাদ শইকীয়া এজন অধ্যাপক৷ অৱশ্যে, তেওঁলোকৰ এনে ঘনিষ্ঠতাৰ অন্য এক কাৰণো আছে৷ দুয়োৰে চিন্তা-ধাৰাৰ প্ৰায়েই মিল আছে৷
কিছুদূৰ মৌন ভাৱে আগবঢ়াৰ পাছত নিশব্দতা ভংগ কৰি গগৈয়ে পুনৰ ক’বলৈ আৰম্ভ কৰিলে —

: বুজিছে শইকীয়া, ল’ৰা-ছোৱালীক মাক- দেউতাকে সৰুৰে পৰাই ভালদৰে শাসন কৰিব লাগে৷ যিকোনো বস্তু লাগে বুলি ক’লেই দিয়াটো উচিত নহয়৷ দৰকাৰী বস্তটোহে দিব লাগে৷ নে কি কয়?
: বেলেগৰ কথানো কি ক’ম, গগৈ৷ মোৰ নিজৰ ঘৰখনতেই দেখোন খেলিমেলি৷ —
এইবাৰ গগৈৰ কথাত শইকীয়াই মুখ খুলিলে৷

: মানে শইকীয়া, আপুনি কাৰ কথা ক’ব বিচাৰিছে? — শইকীয়াৰ কথা শুনি আচৰিত হৈ গগৈয়ে সুধিলে৷

: কোন হ’ব আৰু, মোৰ নিজৰ ল’ৰাৰ কথাকেই কৈছোঁ৷
: মানে অংকুৰ?
: হয় গগৈ, মই বহুত ভুল কৰি পেলালোঁ বুজিছেনে৷ কিমান আশা আছিল তাৰ ওপৰত মোৰ৷ আগলৈ – পাছলৈ বুলিবলৈ টো একোৱেই নাই৷ এটাই ল’ৰা৷ কি দিয়া নাই মই তাক৷ যিটো লাগে বুলি কয়, সেইটোকে দিওঁ৷ দামী মোবাইল, লেপটপ, বাইক কোনটো বস্তুৰ অভাৱ তাৰ? কিন্তুু, সি মোৰ আশাত চেঁচাপানী ঢালিলে৷ এতিয়া তাক মোৰ নিজৰ ল’ৰা বুলি চিনাকি দিবলৈ লাজ লগা হৈছে৷
: কিন্তুু, মইটো তাক প্ৰায়েই লগ পাওঁ৷ মোৰ লগত দেখোন ভালকৈয়ে কথা-বতৰা পাতে৷ অৱশ্যে, আজি এসপ্তাহ ধৰি তাক ময়ো দেখা নাই৷
: ক’ৰ পৰা দেখা পাব? পঢ়া শুনা বুলিবলৈটো একো নাইয়ে৷ নিশা প্ৰায় দেৰিকৈ ঘৰ সোমাইহি৷ দুপৰনিশালৈকে সি ক’ত থাকে কি কৰে একোৱেই বুজি নাপাওঁ৷ সি ঘৰ আহি নোপোৱালৈকে মই সাৰে থাকোঁ৷ তাকে লৈ ঘৰখনত সদায় হুলস্থুল৷ যোৱা নিশা অলপ বেছিয়েই হৈ গ’ল৷ ধৈৰ্য্যৰ সীমাৰ বাহিৰত গৈ তাৰ ওপৰত মই হাত তুলি দিলোঁ৷ কিমান সহ্য কৰিম আৰু কওঁকচোন৷

গগৈয়ে অনুমান কৰিছিল, কথাবোৰ কওঁতে যেন শইকীয়াৰ মাতটো প্ৰায় থোকা-থুকি হৈ গৈছে৷ মূলপথ এৰি দুয়ো সৰু গ’লিটোৱেদি সোমাই গ’ল৷ আন্ধাৰ জনশূন্য পথটোৱেদি দুয়ো মৌন হৈয়ে আগবাঢ়িল৷ অৱশেষত, নিৰৱতা ভংগ কৰি গগৈয়ে পুনৰ ক’বলৈ ধৰিলে,

:দুখ নকৰিব শইকীয়া৷ বেয়া সঙ্গত পৰিয়েই ল’ৰা-ছোৱালীবোৰ এনেকুৱা হয়৷ তাক আপুনি ভালকৈ বুজাওক৷ আশা কৰোঁ, সি কথাবোৰ ভালদৰে বুজি পাব৷
: কোনো লাভ নাই বুজিছে৷ এইকেইদিন তাক মই ভালকৈ লক্ষ্য কৰি আছোঁ৷ কিবা এটা যেন সলনি হৈছে সি৷ তাৰ চাল-চলন, কথা-বতৰা স্বাভাৱিক যেন লগা নাই মোৰ৷ অনুমান হয়, নিশ্চয় সি কিবা বেয়া বস্তু খোৱা আৰম্ভ কৰিছে৷ আৰু মোৰ অনুমান যদি সঠিক হয় তেতিয়াহ’লে, মই ভাবি ল’ম যে মোৰ ল’ৰাক মই হেৰুৱাই পেলাইছোঁ৷
: কিন্তুু, তাৰ কিবা এটা হ’লে শইকীয়ানিৰ অৱস্থাটো কি হ’ব? তেওঁ জানো সহ্য কৰিব পাৰিব?
: হুহম! পস্তাব বুজিছে, গগৈ৷ এদিন সকলোৱে পস্তাব৷ পুতেকেটো পস্তাবই, লগতে মাকেও পস্তাব৷ কাৰণ, তাক ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ মূলতে হ’ল এই মাকজনী৷ সকলো কথাতে তাক উচটাই দিয়ে৷
: কিবা এটা হ’লে আপোনাৰোটো বেয়া লাগিব দিয়কচোন৷ যিমান যি হ’লেও, আপোনাৰ নিজৰেই টো ল’ৰা সি৷
: মোৰ বেয়া লগা, ভাল লগা বুলিবলৈ আৰু কিবা বাকী থাকিল জানো, গগৈ? যোৱা নিশা সি মোক যিষাৰ কথা ক’লে, মই তেতিয়াই তাক ইতিমধ্যে মনৰ পৰা আঁতৰাই পঠিয়াইছোঁ৷ পিছে মইনো নিজেই আৰু কেইদিন জীয়াই থাকিম? ৰিতায়াৰ হোৱাৰ সময় প্ৰায় আহিলেইচোন৷ আজিকালি, বুকুৰ বিষটোও অলপ বেছিকৈয়ে হ’বলৈ ধৰিছে৷ লগতে হাইপ্ৰেছাৰটো আছেই নহয়৷ আপুনিয়েই বহুত সুখত আছে গগৈ৷ অন্ততঃ এই ল’ৰা- ছোৱালীৰ ভেজালত সোমাব লগা হোৱা নাই৷ মোৰ জীৱনটোত হে সুখ ন’হলগৈ আৰু৷
: পিছে, এতিয়া সি ক’ত আছে? আপুনি জানেনে কিবা?
: নাজানো৷ যোৱা নিশা হোৱা হুলস্থুল খনৰ পাছৰে পৰা তাৰ লগত মোৰ মাত-বোলেই হোৱা নাই৷ আজি পুৱাই ক’ৰবালৈ ওলাই যোৱা দেখিছোঁ৷ এতিয়ালৈকে পিছে ঘৰ আহি সোমোৱাহি নাই৷ নাহিলেই ভাল আৰু সি এইখন ঘৰলৈ৷ যোৱা নিশা হোৱা ঘটনাটোৰ বাবে মই অন্তৰত বহুত দুখ পাইছোঁ৷ জীয়াই থকা দিন কেইটা অকণমান শান্তিৰে থাকিব বিচাৰিছোঁ৷ মাথোঁ সি য’তেই নাথাকক লাগে শান্তিৰে থাকক আৰু আমাকো শান্তিৰে থাকিব দিয়ক৷ তাকেই কামনা কৰিলোঁ৷

কথাবিলাক কওঁতে শইকীয়াৰ দুচকুৰে চকুলো বাগৰি আহিছিল৷ অন্তৰৰ কোনোবা এটা কোণত লুকুৱাই ৰখা দুখখিনি বন্ধুৰ সৈতে ভাগ-বতৰা কৰিবলৈ পায় তেওঁ মনটো যেন অলপ পাতল অনুভৱ কৰিছিল৷ তেওঁ ভাবিছিল, অংকুৰ ঘূৰি আহক৷ আগৰ সেই শৈশৱৰ দিনবোৰৰ দৰে আহি তেওঁক সাৱটি ধৰি কওক, “ দেউতা, মোক ক্ষমা কৰি দিবা৷ অজানিতে তোমাৰ অন্তৰত মই বহুত দুখ দিছোঁ৷ আজিৰ পৰা আৰু তোমাৰ সন্মানত আঘাত সনা কাম মই কেতিয়াও নকৰোঁ৷ আৰু দুখ নকৰিবা দেউতা৷ সকলোবোৰ পাহৰি মই তোমাৰ সন্তান হিচাপে জীয়াই থাকিব বিচাৰোঁ৷ এজন আদৰ্শ পিতৃৰ আদৰ্শ সন্তান হিচাপে৷ অংকুৰ প্ৰহ্লাদ শইকীয়া হিচাপে৷
*****************************

নিশা প্ৰায় দহমান বাজিছে৷ অত্যাধুনিক ৰং-বিৰঙি বিজুলীবাতিৰ পোহৰত বাৰখনৰ ভিতৰচৰা ক্ৰমান্বয়ে মায়াময় হৈ পৰিছে৷ লগতে সুস্থ মগজুৰে বুজি নোপোৱা কিছুমান উচ্চ স্বৰৰ পশ্চিমীয়া সংগীতৰ লহৰ৷ সেই সংগীতৰ তালে তালে নাচি উঠিছে এচাম সুৰামত্ত উদণ্ড যুৱক -যুৱতীয়ে৷ শাৰী শাৰীকৈ সজাই থোৱা টেবুলসমূহ ইতিমধ্যে যুৱক- যুৱতীৰ আড্ডাথলীৰে ভৰি পৰিছে৷ তাতে আকৌ আন্ধাৰৰ সুযোগ লৈ এচামে কিছুমান অসামাজিক কামত লিপ্ত হৈ পৰিছে৷ মুঠৰ ওপৰত সুষ্ঠ সবল মানসিকতাৰে ঢুকি নোপোৱা পাতালৰূপি অন্য এক পৃথিৱী৷

: এক্সকিউজ মি৷
: ইয়েচ চাৰ?
: টু বাকাৰ্ডী এনদ্ চ’দাছ প্লিজ৷
: চিয়’ৰ৷

(সুৰা স্বাস্থ্যৰ পক্ষে হানিকাৰক)

বাৰটেন্দাৰজনক অৰ্দাৰটো দি বিকিয়ে এবাৰ চাৰিওফালে চালে৷ লগত তাৰ বন্ধু এলবাৰ্ট৷ এখন এখনকৈ প্ৰতিখন টেবুলৰ ওপৰত চকু ফুৰাই গ’ল সি৷ হঠাৎ তাৰ চকু পৰিল, চুকৰ টেবুলখনত অকলশৰে বহি থকা যুৱকজনৰ ওপৰত৷ এইজন দেখোন প্ৰহ্লাদ শইকীয়াৰ একমাত্ৰ সন্তান অংকুৰ শইকীয়া৷ কিন্তুু, সি ইয়াত কি কৰি আছে? তাৰমানে, শইকীয়াই প্ৰায় ঠিকেই অনুমান কৰিছিল৷ অংকুৰক দেখি তাৰ মুখেৰে এটি হাঁহি বিৰিঙি আহিল৷ বাৰটেন্দাৰজনৰ পৰা সুৰাৰ গিলাচটো হাতত লৈ পোনে পোনে সি অংকুৰ বহি থকা টেবুলখনৰ ফালে আগুৱাই গ’ল৷

:হেই অংকুৰ! হোৱাত আৰ ইউ ডুয়িং য়াৰ? আজি ৰাতিপুৱাৰ পৰাই তোলৈ ফোন লগাই আছোঁ৷ ফোনটোও চুইটছ অফ কৰি থৈছ৷ দিনটো ক’ত আছিলি তই?
কথাষাৰ কৈয়ে সি অংকুৰৰ ঠিক সন্মুখতে থকা চকীখনত বহি পৰিল৷ কিন্তুু, অংকুৰেহে তাৰ কথাৰ কোনো গুৰুত্ব নিদিলে৷ তললৈ মূৰ কৰি সি সুৰাৰ গিলাচটোৰ সৈতে ব্যস্ত হৈ থাকিল৷ বিকিয়ে এইবাৰ তাৰ চকু দুটালৈ চালে৷ লাইটৰ পোহৰত তাৰ চকু দুটা ৰঙা হৈ জিলিকি আছে৷ লগে লগে তাৰ চকু পৰিল টেবুলখনৰ ওপৰত থকা খালী গিলাচকেইটাৰ ওপৰত৷ তাৰমানে, ইমান সময়ে সি সুৰাৰ লগতে ব্যস্ত হৈ আছিল৷ নিজৰ হাতত থকা গিলাচটো টেবুলখনত থৈ এইবাৰ সি লাহেকৈ অংকুৰক মাতিলে৷

: অংকুৰ! অংকুৰ! আৰ ইউ অ’কে? কিবা প্ৰবলেম হৈছে নেকি, ভাই?
: ন’…..নট অ’কে৷ এম নট অ’কে৷

গিলাচটোত থকা অৱশিষ্টখিনি একে উশাহতে গিলি লৈ গিলাচটো টেবুলখনত থেকেচ মাৰি থ’লে৷ বিকিয়ে আচৰিত হৈ তাৰ ফালে চাই আছে৷ কিছুসময় ইফালে সিফালে চাই সি পুনৰ ক’বলৈ আৰম্ভ কৰিলে৷

: চাল্লা, এই বুঢ়াটো৷ এই বুঢ়াটোৰ কাৰণেই সকলো শেষ হৈ গ’ল মোৰ৷ ঘৰখনলৈ যাবই নোৱাৰি৷ প্ৰতিটো কথাতে মোৰ ভুল উলিয়াই থাকে৷ আৰে ভাই ডেকা ল’ৰা হয় মই৷ পকেটত টকা ন’হলে কি ঘৰৰ পৰা ওলাই যাব পাৰোঁ নেকি? টকা বিচাৰিলে চুবুৰীৰ গোস্বামীৰ পুতেক আৰু ৰহমানৰ পুতেকৰ উদাহৰণ দিয়ে৷ ৰহমানে পুতেকক বিলাতত পঢ়াইছে৷ চাল্লা, নিজৰ পুতেকক কিমান পঢ়াইছে বিলাতত? হাতৰ মুঠিৰ পৰা টকা এটা সৰি নপৰে, বিলাতত পঢ়াব৷ হুহ!
লগে লগে পকেটৰ পৰা চিগাৰেট এটা উলিয়াই জ্বলাই ল’লে সি৷ তাৰপাছত, চকীখনত আউজী ওপৰলৈ মূৰ কৰি চিগাৰেট টনাত ব্যস্ত হৈ পৰিল৷
(চিগাৰেট স্বাস্থ্যৰ পক্ষে হানিকাৰক)
বিকিয়ে একে থিৰে তাৰ মুখলৈ চাই আছে৷ কিছুসময় পাৰ হোৱাৰ পাছত সি পুনৰ ক’বলৈ ধৰিলে৷

: গাড়ী এখন কিনি দিবলৈ ক’লোঁ, নিদিলে৷ বোলে পঢ়া -শুনা শেষ কৰি ল আগতে৷ চা…ল্লা, পৰীক্ষায়ে নিদিওঁ যা৷ প্ৰফেচাৰগিৰি দেখুৱাবলৈ আহিছে৷ আৰে ভাই, পুতেকৰ মনৰ ইচ্ছায়ে যদি পূৰণ কৰিব নোৱাৰে তেতিয়াহ’লে, জন্ম দিছিলে কেলেই? যোৱা কালি এইবোৰ কথা কোৱাৰ কাৰণে লাজ পালে৷ হাত উঠালে মোৰ গাত৷ কি বুলি ভাবিছে হা নিজকে? মৰি যাম…….ম…..ম…ৰি যাম৷ কিন্তুু, তথাপিও নাযাওঁ আৰু সেইখন ঘৰলৈ৷ শান্তিৰে থাকক চব৷
খপজপ কৰি পকেটৰ পৰা কিবা টোপোলা এটা উলিয়ালে সি৷ ৰূপালী বৰণৰ কাগজেৰে বন্ধা এটা সৰু টোপোলা৷ লৰালৰিকৈ টোপোলাটো খুলিলৈ সেইটো সি জোৰেৰে শুঙিবলৈ ধৰিলে৷ ক্ৰমান্বয়ে তাৰ চকু দুটা সৰু হৈ আহিল৷ লগে লগে সি চকীখনত ঢলি পৰিল৷
(নিচাযুক্ত দ্ৰব্য স্বাস্থ্যৰ পক্ষে হানিকাৰক)
কিছুসময় তেনেদৰেই পাৰ হ’ল৷ লাহে লাহে চকু দুটা মেলি সি চাৰিওফালে চালে৷ তাৰপাছত, টোপোলাটো বিকিৰ ফালে আগবঢ়াই দিলে৷

:অ’ই, হোঁ ল৷ ট্ৰাই কৰ৷
: নাই আজি নকৰোঁ দে, থেংকচ৷
: আৰে ভাই, তাজা আছে৷ এবাৰ ট্ৰাই কৰি চা না, বে৷ আৰাম পাই যাবি৷
: নাই নাই, নালাগে দে আজি৷
: হুই, চব পনীয়া কৰি দিলি দেই৷ অ’কে হ’ব দে৷ যাওঁ মই এতিয়া৷ বহুত দেৰি হ’ল৷ কাইলৈ লগ পাম হা৷
: ক’ত যাবি এতিয়া তই?
: নাজানো৷ যাম আৰু ক’ৰবালৈ৷
: এইটো অৱস্থাত অকলে ক’তো যাব নালাগে তই৷ মোৰ ৰূমলৈকে ব’ল৷ কালিলৈ পুৱা ঘৰলৈ যাবিগৈ৷
: হাঃ হাঃ হাঃ, ঘৰলৈ? কোনখন ঘৰলৈ? সেইখন ঘৰলৈ, যিখন ঘৰত মোৰ কোনো অস্তিত্ব নাই৷ কোনো স্বাধীনতা নাই৷
: আৰে ভাই, যিমান যি হ’লেও তোৰ নিজৰেই ঘৰ সেইখন৷ তোৰ নিজৰ মা-দেউতা সেয়া৷ আৰু দেউতাকেটো নিজৰ সন্তানক শাসন কৰিবই দেচোন৷
: শাসন হা, শাসন? শাসন বুলি নকয় ইয়াক৷ কৃপনালি বুলি কয়৷ সম্পত্তিৰ পাহাৰ বনাইছে সেয়া, বুঢ়ায়ে৷ মৰিবৰ সময়ত লগত লৈ যাব৷
: ঠিক আছে তেতিয়াহ’লে৷ মোৰ ৰূমতে থাকিবি ব’ল৷
: নালাগে দে দোস্ত৷ তোক আৰু কষ্ট নিদিওঁ৷ হ’ব দে, যাওঁ মই এতিয়া৷
টেবুলখনত গইনা দি সি বহাৰ পৰা উঠিল৷ তাৰপাছত, থৰক বৰক খোজেৰে সি বাহিৰলৈ ওলাই গ’ল৷
++++++++++++++++++++

বাৰখনৰ পৰা ওলাইয়ে তীব্ৰ বেগেৰে বাইকখন চলাই দিলে, অংকুৰে৷ ক’লৈ যাব, কি কৰিব সি? কোনো উদ্দেশ্য নাই, কোনো ঠিকনা নাই৷ মাথোঁ চহৰৰ খালী পথটোৱেদি প্ৰচণ্ড শক্তিৰে আগুৱাই গৈছে তাৰ বাইকখন৷ ফুটপাথত শুই থকা ভতুৱা কুকুৰ কেইটাই সাৰ পাই মূৰ দাঙি চাইছে৷ পথৰ দুয়োকাষে থকা জ্বলন্ত ষ্ট্ৰিট লাইটবোৰো যেন ক্ৰমান্বয়ে পাছলৈ গতি কৰিছে৷ বাৰখনত বাজি থকা সংগীতৰ লহৰে এতিয়াও তাৰ মগজুত খুন্দিয়াইছেহি৷ নিশা প্ৰায় দুইমান বাজিছে তেতিয়া৷ কিছুদূৰ যোৱাৰ পাছত মূলপথ এৰি সি কাষেৰে যোৱা এটা সৰু পথেৰে আগুৱাই যাবলৈ ধৰিলে৷ একা- বেকা পথ৷ দুয়োকাষে ঘন জংঘল৷ বাইকখনৰ স্পিদো আগতকৈ ক্ৰমান্বয়ে বৃদ্ধি পাইছে৷ সেইখন সম্পূৰ্ণৰূপে এতিয়া তাৰ নিয়ন্ত্ৰণ ৰেখাৰ বাহিৰত৷ লগে লগে যোৱা নিশা দেউতাকৰ সৈতে হোৱা কথাবোৰে তাক আমনি কৰিলেহি৷

: বাবা, সদায় সদায় ইমানবোৰ টকা তই মাৰৰ পৰা নি কি কৰ?
: ডেকা ল’ৰা এটা বাহিৰলৈ ওলাই গ’লে বহুত টকা লাগে৷ সেইবোৰ তুমি বুজি নাপাবা, দেউতা৷
: চাট্ আপ৷ এইবিলাক কি কথা ক’বলৈ আহিছ তই?
: অ, তুমি যি শুনিছা, তাকেই কৈছোঁ মই৷ খালী পকেটটো লৈ ওলাই যাব নোৱাৰোঁ মই৷
: তোক কি মই টকা নিদিয়াকৈ আছোঁ নেকি?
: অ দিছা, কিন্তুু তুমি দিয়া হাজাৰ টকা খনে মই দেশ স্বাধীন কৰিবগৈ নোৱাৰোঁ৷
: তোক যদি ইমান টকা লাগে তেনেহ’লে নিজেই ঘটি নলৱ কিয়?
: অ ঘটিম মই নিজেই৷ তোমাৰ টকা নালাগে মোক৷
: ক’ৰ পৰা ঘটিবি? ঠেলা চলাই নে ৰিস্কা চলাই? পঢ়া-শুনা নাই যেতিয়া চাকৰি -বাকৰিটো নাপাৱয়ে৷
: যি মন যায় তাকেই কৰিম মই৷
: কি কৰিবি তই? যি কৰিব লাগে কৰিলিয়েই৷ মোৰ সন্মানখিনিটো শেষ কৰিলিয়েই দেখোন৷
: হয় নেকি? ইমানেই যদি তোমাৰ মোক লৈ সমস্যা তেতিয়াহ’লে জন্মই দিব নালাগিছিল৷
: কি ক’লি, তই? —
তাপ’চচচচ……..
হঠাৎ, দেউতাকে মাৰা চৰটোৰ কথা মনত পৰিহে যেন সি সম্বিত ঘূৰাই পালে৷ লাইটৰ পোহৰত ঠিক সন্মুখতে থকা চাইনব’ৰ্ডখন তাৰ চকুত পৰিল৷
☞ দুৰ্ঘটনা সংঘটিত এলেকা, গাড়ী লাহে লাহে চলাব৷ ☜
লগে লগে সি বাইকখন ৰাখিবলৈ চেষ্টা কৰিলে৷ কিন্তুু, সি বিফল হ’ল৷ পথৰ দাঁতিত থকা এজোপা গছত খুন্দা খাই বাইকখন ঘন জংঘলৰ মাজত চিটিকি পৰিলগৈ৷

+++++++++++++++++++++

দ খাৱৈত পৰি ৰৈছে অংকুৰ৷ যন্ত্ৰণাত চত-ফটাইছে সি৷ চিঞৰি চিঞৰি সহায় বিচাৰিছে৷ কিন্তুু, এই হাবিৰ মাজত তাক সহায় কৰোঁতা কোনো নাই৷ ক্ৰমান্বয়ে যেন তাৰ চকু দুটা জথৰ হৈ পৰিছে৷ উশাহবোৰো চুটি হৈ আহিছে৷ উপলব্ধি কৰিছে সি৷

“দেউতা, মোক ক্ষমা কৰি দিবা৷ তোমাৰ সন্তান হিচাপে চিনাকি দিব নোৱাৰিলোঁ নিজকে৷ বৰঞ্চ তোমাৰ সন্মানত আঘাত হে সানিলোঁ মাথোঁ নষ্ট চৰিত্ৰৰ গৰাকী হৈ ৰ’লোঁ৷ দুখ নকৰিবা তুমি৷ পুনৰ আহিম মই এইখন পৃথিৱীলৈ৷ জন্ম ল’ম তোমাৰ সন্তান হিচাপে৷ এজন আদৰ্শ পিতৃৰ আদৰ্শ পুত্ৰ হিচাপে৷”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments